Skip to content

Skip to table of contents

পৰিশ্ৰম এক আশীৰ্ব্বাদ নে অভিশাপ?

পৰিশ্ৰম এক আশীৰ্ব্বাদ নে অভিশাপ?

পৰিশ্ৰম এক আশীৰ্ব্বাদ নে অভিশাপ?

“নিজ পৰিশ্ৰমত নিজৰ মনক সুখ ভোগ কৰোৱাতকৈ মানুহৰ পক্ষে কোনো উত্তম নাই।”—উপদেশক ২:২৪.

 অলপতে কৰা এটা জৰীপে কৈছে যে, তিনিজনৰ ভিতৰত এজন কৰ্ম্মচাৰীয়ে “দিনটোৰ কৰ্ম্ম শেষ হোৱাৰ পিছত সম্পূৰ্ণকৈ পৰিশ্ৰান্ত হোৱা” বুলি অনুভৱ কৰে। যি ঠাইবোৰত লোকসকলে অত্যন্ত কৰ্ম্মহেঁচাৰ সম্মুখীন; গোটেই দিনটো কাম কৰাৰ উপৰিও ঘৰত অফিচৰ কামবোৰ লগত লৈ যাবলগীয়া সকলৰ বাবে এনে ধৰণৰ পৰিৱেশত তেনেদৰে ভবাটো কোনো আচৰিত বিষয় নহয়। তেওঁলোকে তেনেদৰে কাৰ্য্য কৰাৰ বাবে কেতিয়াবাহে তেওঁলোকৰ কৰ্ম্মৰ অধ্যক্ষই কৃতজ্ঞতা প্ৰকাশ কৰে।

অধিক উৎপাদন অভ্যাগমন হোৱাৰ লগে লগে বহুতো কৰ্ম্মীয়ে এই বিশালকায় সংগঠন বা বাণিজ্যবোৰত নিজে অতি ক্ষুদ্ৰ অৱদান আগবঢ়াইছে বুলি অনুভৱ কৰে। অনুপ্ৰেৰণা আৰু সৃজন ক্ষমতাই প্ৰায়ে হেঁচা মাৰি ধৰে। স্বাভাৱিকতে, ইয়াৰ বাবে অৱশ্যেই কামৰ প্ৰতি থকা লোকসকলৰ মনোবৃত্তিক প্ৰভাৱিত কৰে। কামৰ প্ৰতি লোকসকলে ব্যক্তিগতভাৱে আগ্ৰহী হোৱাৰ প্ৰেৰণা সহজে ম্লান হৈ পৰে। এনে অৱস্থাত নৈপুণ্য হিচাপে শ্ৰেষ্ঠতা পোৱাৰ ইচ্ছাও নোহোৱা হʼব পাৰে। এনে ধৰণৰ পৰিণামে এজন ব্যক্তিৰ মনত কৰ্ম্মৰ প্ৰতি বিৰক্তি বা চাকৰিৰ প্ৰতি ঘৃণাভাৱ উৎপন্ন কৰিব পাৰে।

আমাৰ মনোবৃত্তিক পৰীক্ষা কৰা

এইটো সঁচা যে আমি সদায়ে নিজৰ পৰিস্থিতি সলনি কৰিব নোৱাৰোঁ, কিন্তু অৱশ্যেই আমি নিজৰ মনোবৃত্তি সলনি কৰিব পাৰোঁ বুলি আপুনি মান্তি নহʼবনে? যদি কিছু ক্ষেত্ৰত আপুনি পৰিশ্ৰম বা চাকৰিৰ দিশত নিজতে অনিষ্টকাৰী মনোবৃত্তি বিকশিত হোৱা যেন বোধ কৰিছে, তেন্তে এই বিষয়ে দিয়া ঈশ্বৰৰ দৃষ্টিভঙ্গী আৰু সিদ্ধান্তসমূহক বিবেচনা কৰিলে লাভজনক হʼব। (উপদেশক ৫:১৮) এই সিদ্ধান্তবোৰক বিবেচনা কৰি বহুতে তেওঁলোকৰ কাৰ্য্যত অলপ পৰিমাণে সন্তুষ্টি আৰু আনন্দ লাভ কৰিব পাৰিছে।

ঈশ্বৰ হৈছে মহান কৰ্ম্মকাৰী। দৰাচলতে তেওঁ হৈছে এজন কৰ্ম্মকাৰী ঈশ্বৰ। সম্ভৱতঃ আমি তেওঁক তেনেদৰে নাভাবোঁ, কিন্তু বাইবেলত তেওঁ নিজকে সেইদৰে পৰিচয় দিছে। আদিপুস্তকৰ আৰম্ভণিৰ বিৱৰণীত এইদৰে কোৱা হৈছে যে, আদিতে যিহোৱা ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। (আদিপুস্তক ১:১) ক্ষন্তেক বিবেচনা কৰক যে তেওঁ সৃষ্টি কৰিবলৈ আৰম্ভ কৰাৰ সময়ত কেনে ভূমিকা আদায় কৰিবলগীয়া হৈছিল। সেয়েহে তেওঁক এজন সৃষ্টিকৰ্ত্তা, ব্যৱস্থাপক, অভিযন্তা, চিত্ৰকৰ, পদাৰ্থ বিশেষজ্ঞতা, আঁচনিকৰ্ত্তা, ৰসায়নবিদ, জীৱবিজ্ঞানী, প্ৰাণীতত্ত্ববিদ, কাৰ্য্যনিৰ্ঘন্টক আৰু ভাষাবিদ বুলি কোৱা হয়। ইয়াত কেৱল কেইটামানহে উল্লেখ কৰা হʼল।—হিতোপদেশ ৮:১২, ২২-৩১.

ঈশ্বৰৰ কাৰ্য্যৰ গুণগত বৈশিষ্ট্যৰ বিষয়ে কি কʼব পাৰি? বাইবেলত কোৱা হৈছে যে, “উত্তম” আৰু “অতি উত্তম।” (আদিপুস্তক ১:৪, ৩১) নিঃসন্দেহ, সৃষ্টিয়ে “ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে” আৰু আমিও তেওঁক প্ৰশংসা কৰা আৱশ্যক!—গীত ১৯:১; ১৪৮:১.

আকাশ-মণ্ডল, পৃথিৱী আৰু প্ৰথম মানৱ দম্পতীক সৃষ্টি কৰাতে যে ঈশ্বৰৰ কাৰ্য্য শেষ হʼল, এনে নহয়। এই বিষয়ে যিহোৱা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টই এইদৰে কৈছিল: “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম্ম কৰি আছে।” (যোহন ৫:১৭) দৰাচলতে, যিহোৱা ঈশ্বৰে তেওঁৰ সৃষ্টি বস্তুক একেৰাহে চোৱা-চিতা কৰা, জীৱিত ৰাখা আৰু তেওঁ বিশ্বাসী উপাসকসকলক ৰক্ষা কৰি আছে। (নহিমিয়া ৯:৬; গীত ৩৬:৬; ১৪৫:১৫, ১৬) তদুপৰি তেওঁ বিশেষ কোনো কাৰ্য্য সম্পন্ন কৰিবলৈ মানুহকো “ঈশ্বৰৰ সহকৰ্ম্মী” হিচাপে ব্যৱহাৰ কৰিছে।—১ কৰিন্থীয়া ৩:৯.

কাৰ্য্য আশীৰ্ব্বাদজনক হʼব পাৰে। বাইবেলে কাৰ্য্যক অভিশাপ বুলি বৰ্ণনা কৰা নাইনে? আদিপুস্তক ৩:১৭-১৯ পদত কোৱা অনুসাৰে এনে বোধ হয় যে আদম আৰু হৱাই বিদ্ৰোহ কৰাৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি বিহিবলৈ কাৰ্য্যৰ বোজা জাপি দিলে। ঈশ্বৰে প্ৰথম মানুহ অৰ্থাৎ আদমক এইদৰে আজ্ঞা দিছিল: “তুমি মাটিলৈ উলটি নোযোৱামানে, তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা।” গতিকে পৰিশ্ৰম কৰাটো সম্পূৰ্ণকৈ এটা অভিশাপ বুলি কʼব পাৰিনে?

অৱশ্যেই নহয়। ইয়াৰ বিপৰীতে, আদম আৰু হৱাই অৱজ্ঞাকাৰী হোৱাৰ বাবে এদন বাগিছাখনক বিস্তাৰ কৰিব নোৱাৰিলে। ভূমি ঈশ্বৰৰ দ্বাৰা অভিশপ্ত হʼল। সেয়েহে জীয়াই থাকিবলৈ ভূমিৰ পৰা খাদ্য উৎপন্ন কৰিবলৈ ঘাম আৰু শ্ৰমৰ আৱশ্যক আছিল।—ৰোমীয়া ৮:২০, ২১.

পৰিশ্ৰম কৰাক অভিশাপ বুলি কোৱাৰ বিপৰীতে বাইবেলে ইয়াক আশীৰ্ব্বাদ বুলি কৈছে। ওপৰত কোৱা অনুসৰি স্বয়ং ঈশ্বৰ হৈছে এজন পৰিশ্ৰমী কৰ্ম্মী। মানুহক নিজৰ প্ৰতিমূৰ্ত্তিৰে যিহোৱাই সৃষ্টি কৰি পৃথিৱীত থকা সকলো বস্তুকে চোৱা-চিতা কৰিবলৈ তেওঁলোকক সেই ক্ষমতা আৰু অধিকাৰ প্ৰদান কৰিলে। (আদিপুস্তক ১:২৬, ২৮; ২:১৫) আদিপুস্তক ৩:১৯ পদত উল্লেখ কৰা বাক্যশাৰী কোৱাৰ পূৰ্বেই ঈশ্বৰে মানুহক এই কাৰ্য্যনিযুক্তি প্ৰদান কৰিলে। যদি পৰিশ্ৰম এক অভিশাপ বা বেয়া হোৱাহʼলে, যিহোৱাই লোকসকলক ইয়াত সন্মিলিত হʼবলৈ কেতিয়াও নকলেহেঁতেন। নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গক জল-প্লাৱনৰ পূৰ্বে আৰু পাছত অধিক পৰিশ্ৰম কৰিবলগীয়া হৈছিল। যীচুৱে পৃথিৱীলৈ অহাৰ পিছত শিষ্যসকলক পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিছিল।—১ থিচলনীকীয়া ৪:১১, ১২.

কিন্তু আমি জানো যে বৰ্তমান সময়ত পৰিশ্ৰম কৰাটো এটা বোজা হৈ পৰিব পাৰে। ইয়াৰ সৈতে বৰ্তমান সময়ত মানসিক হেঁচা, দুৰ্ঘটনা, বিৰক্তি, আশাভঙ্গ, প্ৰতিযোগিতা, প্ৰতাৰণা আৰু অন্যায় হʼব পাৰে। এইবোৰ হৈছে কেৱল কেইটামানহে “কাঁইট আৰু কাঁইটীয়া বন” যি পৰিশ্ৰমৰ সৈতে সন্মিলিত হৈ আছে। দৰাচলতে কাৰ্য্য বা পৰিশ্ৰম স্বয়ং অভিশাপ নহয়। বাইবেলৰ উপদেশক ৩:১৩ পদত পৰিশ্ৰম কৰাক ঈশ্বৰৰ দানৰ প্ৰতিফল বুলি উল্লেখ কৰিছে।—“পৰিশ্ৰম সম্বন্ধীয় মানসিক হেঁচাবোৰত সফলতাৰে সম্মুখীন হোৱা” নামৰ বক্সটো চাওক।

পৰিশ্ৰমৰ দ্বাৰা ঈশ্বৰক মহিমা কৰিব পাৰে। চাকৰিত প্ৰায়ে পৰিশ্ৰম কৰাৰ গুণগত বৈশিষ্ট্য আৰু শ্ৰেষ্ঠতাক লৈ প্ৰশংসা কৰা হয়। বাইবেলীয় দৃষ্টিৰে পৰিশ্ৰমৰ গুণগত বৈশিষ্ট্য হৈছে এটা মূল বিষয়। কিয়নো ঈশ্বৰে নিজেই শ্ৰেষ্ঠতাৰে কাৰ্য্য কৰে। গতিকে ঈশ্বৰে বিচাৰে যে তেওঁ আমাক প্ৰদান কৰা প্ৰতিভা আৰু দক্ষতাক যেন কাৰ্য্যত ব্যৱহাৰ কৰি ভাল ফলাফল লাভ কৰোঁ। উদাহৰণস্বৰূপে, প্ৰাচীন ইস্ৰায়েলৰ সময়ত মন্দিৰ নিৰ্মাণ কৰিবলৈ যিহোৱা ঈশ্বৰে বচলেল আৰু অহলীয়াবৰ দৰে লোকক বুদ্ধি, বুজশক্তি আৰু জ্ঞান প্ৰদান কৰিছিল, যাৰ বাবে তেওঁলোকে বিশেষ শিল্প আৰু কাৰ্য্যকাৰীৰে কৰ্ম্ম কৰিব পাৰিলে। (যাত্ৰাপুস্তক ৩১:১-১১) ইয়ে প্ৰকাশ কৰিছে যে ঈশ্বৰে তেওঁলোকৰ শিল্প নৈপুণ্য, অলংকৰণ কৰা আৰু কাৰ্য্যৰ আন আন ক্ষেত্ৰবোৰত বিশেষভাৱে আগ্ৰহী হৈছিল।

ইয়ে আমাৰ ব্যক্তিগত প্ৰতিভা আৰু পৰিশ্ৰমৰ অভ্যাসক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰে। তদুপৰি ইয়ে আমাক পৰিশ্ৰমক ঈশ্বৰে প্ৰদান কৰা উপহাৰ বুলি দৃষ্টি আৰু এই উপহাৰক মূল্যাঙ্কন কৰিবলৈ সহায় কৰে। সেয়েহে প্ৰকৃত খ্ৰীষ্টানসকলে কৰা কাৰ্য্যক ঈশ্বৰে নিজে নিৰীক্ষণ কৰে বুলি উপদেশ দি এইদৰে কৈছে: “যি কৰা, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু [যিহোৱাৰ, NW] উদ্দেশে মনে চিত্তে সৈতে কৰা।” (কলচীয়া ৩:২৪) এতেকে ঈশ্বৰৰ উপাসকসকলক এইদৰে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক সহকৰ্ম্মী আৰু আনসকলৰ বাবে অধিক আগ্ৰহজনক কৰি তুলিবলৈ আজ্ঞা দিয়া হৈছে।—“কৰ্ম্মস্থলত বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসাৰে কাৰ্য্য কৰক” নামৰ বক্সটো চাওক।

আমাৰ পৰিশ্ৰমে ঈশ্বৰৰ নাম মহিমা কৰিব পাৰে বুলি মনত ৰাখি, আমি নিজকে সোধা আৱশ্যক যে আমি কৰা কাৰ্য্যই বাস্তৱতে গুণগত বৈশিষ্ট্য আৰু কৰ্মতৎপৰতা প্ৰকাশ কৰিছেনে। আমি কৰা কাৰ্য্যত ঈশ্বৰৰ মন আনন্দিত হয়নে? আমি যিদৰে আমাৰ কাৰ্য্য কৰিছোঁ, ইয়াত আমি বাস্তৱতে সন্তুষ্ট হৈছোঁনে? যদি হোৱা নাই, তেন্তে আমি নিজৰ পৰিশ্ৰমত উন্নতি কৰা আৱশ্যক।—হিতোপদেশ ১০:৪; ২২:২৯.

আধ্যাত্মিকতাৰ সৈতে পৰিশ্ৰম কৰাত ভাৰসাম্যতা বজাই ৰাখা: কঠিন পৰিশ্ৰম কৰাটো যদিও প্ৰশংসনীয়, তথাপিও কৰ্ম্মত সন্তুষ্টি লাভ কৰাৰ আন এক মুখ্য বিষয় আছে। সেইটো হৈছে আধ্যাত্মিকতা। কঠিন পৰিশ্ৰম, সকলো ধন-সম্পত্তি আৰু লাহ-বিলাহৰ জীৱন উপভোগ কৰা চলোমন ৰজাই শেষত এইদৰে লিখিছিল: “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।”—উপদেশক ১২:১৩.

সেয়েহে আমি যিয়েই নকৰোঁ কিয়, সেই বিষয়ে থকা ঈশ্বৰৰ ইচ্ছাক সদায়ে বিবেচনা কৰা উচিত। আমি নিজকে এইদৰে সোধিব পাৰোঁ যে, আমাৰ কাৰ্য্য বা পৰিশ্ৰম ঈশ্বৰৰ ইচ্ছাৰ সামঞ্জস্যতনে নতুবা তেওঁৰ ইচ্ছাৰ বিপৰীত? আমি নিজকে সন্তুষ্টি কৰিবলৈ নে তেওঁৰ মন আনন্দিত কৰিবলৈ যত্ন কৰিছোঁ? যদি আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে নকৰোঁ, তেন্তে শেষত আমি মনোকষ্ট, নিৰাশতা, নিঃসঙ্গতা আৰু অসাৰতা অনুভৱ কৰিম।

ষ্টিৱেন বাৰগ্লাচে এইদৰে পৰামৰ্শ দিছিল যে, ক্লান্ত হৈ পৰা কাৰ্য্যবাহী বিষয়াসকলে ‘তেওঁলোকে কাৰ্য্যৰ প্ৰতি থকা ইচ্ছা আৰু গোটেই জীৱন কাম কৰিবলৈ আকৰ্ষিত হোৱাৰ এক কাৰণ বিচাৰি পাইছে।’ যিজনে আমাক অৰ্থপূৰ্ণৰূপে কাৰ্য্য কৰিবলৈ এনে পাৰগতা আৰু দক্ষতা প্ৰদান কৰিলে, তেওঁক সেৱা কৰাতকৈ আন কোনো মূল্যৱান কাৰণ হʼব নোৱাৰে। সৃষ্টিকৰ্ত্তাৰ মন আনন্দিত কৰিবলৈ কৰা কাৰ্য্যত আমি কেতিয়াও অসন্তুষ্টি নাপাম। যিহোৱাই দিয়া কাৰ্য্য কৰি যীচুৱে পৰিপোষক, সন্তুষ্টি আৰু খাদ্য গ্ৰহণ কৰি পোৱা সতেজতাৰ দৰে অনুভৱ কৰিছিল। (যোহন ৪:৩৪; ৫:৩৬) তদুপৰি আমাৰ মহান কৰ্ম্মী যিহোৱা ঈশ্বৰে আমাক তেওঁৰ “সহকৰ্ম্মী” হʼবলৈ আমন্ত্ৰণ কৰিছে।—১ কৰিন্থীয়া ৩:৯.

ঈশ্বৰক উপাসনা কৰি আধ্যাত্মিকতাত বৃদ্ধি হোৱাৰ দ্বাৰা আমি নিজকে অধিক পুৰস্কাৰদায়ক আৰু দায়িত্বপূৰ্ণ কাৰ্য্যৰ বাবে সাজু কৰিব পাৰিম। যিহেতু কৰ্ম্মস্থলত প্ৰায়ে মানসিক হেঁচা, মতবিৰোধ আৰু তাগিদাৰে পূৰ্ণ হৈ আছে। সেয়েহে আমি ভাল শ্ৰমিক বা চাকৰিয়াল ব্যক্তি হʼবলৈ আমাৰ দৃঢ় বিশ্বাস আৰু আধ্যাত্মিকতাক আগতকৈও অধিক শক্তিশালী কৰা প্ৰয়োজন। আনহাতে জীৱনৰ বাস্তৱিকতাই এই অঈশ্বৰীয় জগতখনত আমাক সতৰ্ক কৰি দিব পাৰে যে আমি আমাৰ বিশ্বাসৰ কোনটো দিশত উন্নতি কৰা আৱশ্যক।—১ কৰিন্থীয়া ১৬:১৩, ১৪.

সেই সময়ত পৰিশ্ৰম কৰাটো বাস্তৱতে এক আশীৰ্ব্বাদজনক হʼব

যিসকলে এতিয়া ঈশ্বৰৰ উপাসনাত কঠিন পৰিশ্ৰম কৰিছে, তেওঁলোকে সেই সময়লৈ অপেক্ষা কৰি আছে, যেতিয়া ঈশ্বৰে গোটেই পৃথিৱীখনক পৰমদেশলৈ পৰিণত আৰু অৰ্থপূৰ্ণ কাৰ্য্যৰে পৰিপূৰ্ণ কৰিব। ভৱিষ্যতৰ সেই সময়ৰ জীৱনকালৰ বিষয়ে যিহোৱাৰ ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; . . . মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”—যিচয়া ৬৫:২১-২৩.

সেইটো কিমান যে এক মহান আশীৰ্ব্বাদ হʼব! এতেকে আপুনিও নিজৰ ‘হাতৰ কাৰ্য্যক উত্তম’ বুলি কʼবলৈ আপোনাৰ বাবে ঈশ্বৰৰ ইচ্ছা কি, সেই বিষয়ে শিকক আৰু যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰা লোকসকলৰ সৈতে সঙ্গতি কৰক।—উপদেশক ৩:১৩. (w05 6/15)

[Blurb on page 8]

ঈশ্বৰ হৈছে মহান কৰ্ম্মী: আদিপুস্তক ১:১, ৪, ৩১; যোহন ৫:১৭.

[Blurb on page 8]

পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে: আদিপুস্তক ১:২৮; ২:১৫; ১ থিচলনীকীয়া ৪:১১.

[Blurb on page 8]

আপুনি নিজৰ পৰিশ্ৰমৰ দ্বাৰা ঈশ্বৰৰ নাম মহিমান্বিত কৰিব পাৰে: যাত্ৰাপুস্তক ৩১:১-১১; কলচীয়া ৩:২৩.

[Blurb on page 8]

আধ্যাত্মিকতাৰ সৈতে পৰিশ্ৰমত ভাৰসাম্যতা বজাই ৰাখক: উপদেশক ১২:১৩; ১ কৰিন্থীয়া ৩:৯.

[Box/Picture on page 6]

পৰিশ্ৰম সম্বন্ধীয় মানসিক হেঁচাবোৰত সফলতাৰে সম্মুখীন হোৱা

চিকিৎসকসকলে চাকৰিত পোৱা মানসিক হেঁচাক এক বৃত্তিজনিত বিপদ বুলি বিভাজিত কৰিছে। ইয়াৰ দ্বাৰা শৰীৰৰ অভ্যন্তৰত কোনো ক্ষত আৰু মানসিক বিষণ্ণতা সৃষ্টি হʼব পাৰে যিয়ে এজন ব্যক্তিক আত্মহত্যা কৰিবলৈ পৰিচালিত কৰিব পাৰে। ইয়াক জাপানী ভাষাত কৰচী অৰ্থাৎ “অত্যধিক কাৰ্য্যৰ বাবে হোৱা মৃত্যু” বুলি কয়।

কৰ্ম্ম সম্বন্ধীয় বহুতো কাৰণে মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ইয়াত সন্মিলিত আছে, চাকৰিৰ সময় বা পৰিৱেশৰ সলনি হোৱা, কৰ্ম্ম অধ্যক্ষৰ সৈতে হোৱা কোনো সমস্যা, কাৰ্য্যত দায়িত্ব বা তেনে প্ৰকাৰৰ কোনো পৰিৱৰ্তন, অৱসৰপ্ৰাপ্ত আৰু বৰ্খাস্ত হোৱা। এনেবোৰ হেঁচাৰ সৈতে সম্মুখীন হʼবলৈ বহুতে চাকৰি বা পৰিস্থিতিৰ সলনি কৰি তাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে। কিছুমানে তেনে ধৰণৰ হেঁচাক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি পাই যে সেই হেঁচা তেওঁলোকৰ জীৱনৰ আন ক্ষেত্ৰবোৰ, বিশেষকৈ পৰিয়ালত প্ৰভাৱিত কৰিছে। আন কিছুমানে আৱেগীকভাৱে ভুগী জীৱনত অধিক নিৰাশ আৰু নিৰুৎসাহিত হৈ পৰে।

এই ক্ষেত্ৰত প্ৰকৃত খ্ৰীষ্টানসকলে কৰ্ম্ম সম্বন্ধীয় হেঁচাবোৰৰ সম্মুখীন হʼবলৈ উত্তমভাৱে সুসজ্জিত। বাইবেলত বহুতো আৱশ্যকীয় সিদ্ধান্ত দিয়া হৈছে, যিয়ে আমাক কঠিন সময়ত ৰক্ষা কৰিবলৈ সহায় কৰি আমাৰ আধ্যাত্মিক আৰু আৱেগীকতাত এক যথাৰ্থ হিতজনক প্ৰভাৱ বজাই ৰাখে। উদাহৰণস্বৰূপে, যীচুৱে এইদৰে কৈছিল: “কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।” ইয়াত এইটো কোৱা হৈছে যে আমি অহা কালিৰ সমস্যাৰ ওপৰত নহয়, কিন্তু বৰ্তমানৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। এইদৰে আমি সমস্যাৰ বিষয়ে চিন্তা কৰি থকা-সৰকা হোৱাৰ পৰা আঁতৰি থাকিব পাৰিম, কিয়নো এনে কৰাৰ দ্বাৰা আমি নিজৰ ওপৰত অধিক হেঁচা বৃদ্ধি কৰোঁ।—মথি ৬:২৫-৩৪.

দৰাচলতে, প্ৰকৃত খ্ৰীষ্টানসকলে নিজৰ সামৰ্থ্যৰ ওপৰত নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰা অতি প্ৰয়োজন। যেতিয়া আমি ভাঙি পৰা যেন অনুভৱ কৰিম, ঈশ্বৰে আমাক শান্তি প্ৰদান কৰি আমাৰ হৃদয় প্ৰফুল্লিত কৰিব আৰু যিকোনো কঠিন পৰিস্থিতিৰ সৈতে সম্মুখীন হʼবলৈ বুদ্ধি প্ৰদান কৰিব। সেয়েহে এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল যে, “প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।”

অৱশেষত, এক অত্যধিক হেঁচাতো আমি যথাৰ্থ ফলাফল পোৱা আশা কৰিব পাৰোঁ। পৰীক্ষাবোৰে আমাক যিহোৱা ঈশ্বৰৰ কাষ চাপি, সহায় বিচাৰি তেওঁৰ ওপৰত ভাৰসা কৰিবলৈ সহায় কৰিব পাৰে। তদুপৰি সেই হেঁচাবোৰে আমাত খ্ৰীষ্টান ব্যক্তিত্ব আৰু সেইবোৰক প্ৰতিৰোধ কৰি ৰক্ষা পাবলৈ সামৰ্থ্য প্ৰদান কৰিব পাৰে। এই সম্পৰ্কে পৌলে আমাক এইদৰে উপদেশ দিছে: “অকল সেয়ে নহয়, কিন্তু নানা ক্লেশতো উল্লাস কৰোঁহঁক; কিয়নো আমি জানো যে, ক্লেশে ধৈৰ্য্য, ধৈৰ্য্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে।”—ৰোমীয়া ৫:৩, ৪.

এনে কৰাৰ দ্বাৰা হেঁচাবোৰ নিৰাশতা আৰু সন্তাপৰ কাৰণ হোৱাৰ পৰিৱৰ্তে আধ্যাত্মিক উন্নতিৰ বাবে এক উৎসাহজনক কাৰণ হৈ পৰিব।

[Box/Picture on page 7]

কৰ্ম্মস্থলত বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসাৰে কাৰ্য্য কৰক

এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে কৰ্ম্মস্থলত দেখুৱা মনোবৃত্তি আৰু আচাৰ-ব্যৱহাৰে সহকৰ্ম্মী আৰু আনক বাইবেলৰ সত্যতাৰ প্ৰতি আকৰ্ষিত কৰে। তীতলৈ লিখা পত্ৰখনত পাঁচনি পৌলে উপদেশ দি এইদৰে লিখিছিল: “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভুষিত কৰে, তাৰ কাৰণে নিজ নিজ [কৰ্ম্মপৰিদৰ্শকৰ] বশীভূত, আৰু সকলো বিষয়তে সন্তোষ-দায়ক হবলৈ, উত্তৰা-উত্তৰি আৰু হাত-লৰ নকৰি, সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবলৈ তেওঁবিলাকক উদগোৱা।”—তীত ২:৯, ১০.

উদাহৰণস্বৰূপে, এজন ব্যৱসায়ী ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়লৈ এইদৰে লিখিছিল: “মই যিহোৱাৰ সাক্ষীসকলক কামত নিয়োগ কৰিবলৈ অনুমতি বিচাৰি এই চিঠিখন লিখিছোঁ। মই এইবাবে তেওঁলোকক চাকৰি দিব বিচাৰিছোঁ, কিয়নো মই জানো যে তেওঁলোক নম্ৰ, সৰল আৰু নিৰ্ভৰযোগ্য ব্যক্তি আৰু তেওঁলোকে কেতিয়াও মোক প্ৰবঞ্চনা নকৰে। মই কেৱল যিহোৱাৰ সাক্ষীসকলকহে ভাৰসা কৰিব পাৰোঁ। অনুগ্ৰহ কৰি মোক সহায় কৰক।”

কেইলী নামৰ এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে এখন বেচৰকাৰী স্কুলত অভ্যৰ্থক হিচাপে কাম কৰে। কোনো ভুল বুজাবুজি হোৱাৰ বাবে তাইৰ সৈতে কাম কৰা আন এগৰাকী মহিলা কৰ্ম্মীয়ে কিছুমান বিদ্যাৰ্থীৰ সম্মুখত তাইক গালি-গালজ কৰে। কেইলীয়ে এই বিষয়ে সুঁৱৰি এইদৰে কয় যে, “মই যিহোৱাৰ নাম বদনাম নকৰিবলৈ অধিক সতৰ্ক হʼব লাগিব।” পিছৰ দিনা কেইলীয়ে ভাবিব ধৰে যে ৰোমীয়া ১২:১৮ পদত উল্লেখ কৰা বাইবেলৰ সিদ্ধান্ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰে। যʼত এইদৰে কোৱা হৈছে: “যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।” তাই সেই সহকৰ্ম্মী গৰাকীলৈ ইমেইল পঠিয়াই তেওঁলোকৰ মাজত হোৱা মনোমালিন্যতাৰ বাবে ক্ষমা বিচাৰে। কেইলীয়ে তাইৰ সহকৰ্ম্মী গৰাকীক কাম শেষ কৰাৰ পিছত তেওঁলোকৰ মাজত থকা ভুল বুজাবুজিক আঁতৰ কৰিবলৈ অলপ সময় অতিবাহিত কৰিবলৈ অনুৰোধ কৰে। তেওঁলোকৰ মাজত সৃষ্টি হোৱা সমস্যা আঁতৰ হোৱাৰ পিছত কেইলীৰ সহকৰ্ম্মীয়ে নম্ৰ হৈ কেইলীয়ে বুদ্ধিমানেৰে কৰা কাৰ্য্যক চিনিব পাৰে। তাই কেইলীক এইদৰে কয় যে, “এইটো নিশ্চয়ে তোমাৰ ধৰ্ম্মৰ বাবে সম্ভৱ হʼল।” তাৰ পিছত তাই কেইলীক আন্তৰিকতাৰে আঁকোৱালি ধৰে আৰু বিদায় লোৱাৰ সময়ত ইজনে সিজনক শুভৰাত্ৰি জনায়। এই বিষয়ে শেষত কেইলীয়ে কয় যে, “আমি যেতিয়া বাইবেল সিদ্ধান্তবোৰৰ অনুসাৰে কাৰ্য্য কৰোঁ, তেতিয়া সদায়ে যি সঠিক তেনে কাৰ্য্য কৰিম।”

[৪, ৫ পৃষ্ঠাৰ ছবি]

বহুতো কৰ্ম্মীয়ে নগণ্য অৱদান আগবঢ়াইছে বুলি অনুভব কৰে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Japan Information Center, Consulate General of Japan in NY

[৮ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

পৃথিৱী: NASA photo