‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
“যি জনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, . . . পৰ্ব্বতৰ ওপৰত সেই জনৰ চৰণ কেনে সুন্দৰ দেখা যায়!”—যচয়া ৫২:৭.
১, ২. (ক) প্ৰতিদিনে কেনে ভয়াবহ ঘটনাবোৰ দেখিবলৈ পোৱা গৈছে? (খ) নিৰন্তৰে বেয়া খবৰবোৰ শুনি বহুতো লোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে?
ব ৰ্তমান সময়ত লোকসকলে ৰেডিঅʼত সদায়ে বৃদ্ধি হোৱা মাৰাত্মক ৰোগৰ বিষয়ে শুনিলৈ বা টেলিভিছনত কণ কণ লʼৰা-ছোৱালীবিলাকে ভুকাতুৰ অৱস্থাত কান্দি থকাৰ দৃশ্য দেখিবলৈ পাই অথাই-সাগৰত ডুব যোৱা যেন অনুভৱ কৰিছে। তদুপৰি নিতৌ বাতৰিকাকতত বোমা বিস্ফোৰণৰ ফলত ধ্বংস হোৱা ডাঙৰ ডাঙৰ অট্টালিকা আৰু নিৰীহ ব্যক্তিসকলৰ নিহত হোৱাৰ বিষয়ে পঢ়িবলৈ পাইছে।
২ দৰাচলতে, এই জগতত অতিশয়ৰূপে বৃদ্ধি হোৱা ভয়াবহ ঘটনাবোৰ প্ৰতিদিনে দেখিবলৈ পোৱাটোৱে নিশ্চয়ে ইয়াৰ আকাৰ-প্ৰকাৰ সলনি হৈ সাংঘাটিক ৰূপ ধাৰণ কৰাৰ সম্বন্ধে ইংগিত দিছে। (১ কৰিন্থীয়া ৭:৩১) পশ্চিম ইউৰোপত প্ৰকাশ পোৱা এখন বাতৰিকাকতত এইদৰে কৈছে যে, এই জগতখনৰ “ধ্বংস একেবাৰে কাষ চাপিছে।” সেইবাবে আজি বেছিভাগ লোকে মনোবেদনাত পীড়িত হোৱা অনুভৱ কৰিছে! সংযুক্ত ৰাষ্ট্ৰৰ টেলিভিছনত বাতৰিৰ দ্বাৰা প্ৰভাৱিত হোৱা সম্বন্ধে কৰা জৰীপৰ পৰা জানিব পৰা গৈছে যে কোটি কোটি সংখ্যক লোকে এই ব্যক্তিজনে কোৱাৰ কথাষাৰৰ সৈতে সন্মত হয়, যʼত তেওঁ এইদৰে কৈছে: ‘মই টিভিত বাতৰিবোৰ চোৱাৰ পিছত সম্পূৰ্ণকৈ মনোবেদনাত পীড়িত হোৱা অনুভৱ কৰোঁ। কিয়নো ভাল খবৰ যে কেতিয়াবা শুনিবলৈ পোৱা যাব, সেইয়া এক সপোনৰ বিষয়।’
সকলোৱে শুনিবলগীয়া এক বাৰ্ত্তা
৩. (ক) বাইবেলে কেনে এক শুভবাৰ্ত্তাৰ বিষয়ে ঘোষণা কৰিছে? (খ) আপুনি ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তাৰ গুৰুত্বতাক কিয় মূল্যাঙ্কন কৰে?
৩ প্ৰতিদিনে বেয়ালৈ পৰিচালিত হোৱা জগতখনত কোনো ভাল খবৰ এটা শুনিবলৈ পোৱাটো সম্ভৱনে? নিশ্চয়ে সম্ভৱ! কিয়নো তেনে এক শান্ত্বনাদায়ক শুভবাৰ্ত্তাৰ বিষয়ে বাইবেলত পঢ়িবলৈ পোৱা যায়। বৰ্তমান সময়ত দেখা দিয়া ৰোগ, অপৰাধ, যুদ্ধ, দুৰ্ভিক্ষ, আনকি বিভিন্ন প্ৰকাৰৰ ক্লেশবোৰক অতি শীঘ্ৰেই ঈশ্বৰৰ ৰাজ্যই আঁতৰ কৰাৰ সময় কাষ চাপি আহিল। (গীত ৪৬:৯; ৭২:১২) এইয়া সকলোৱে শুনিবলগীয়া শুভবাৰ্ত্তা নহয়নে? যিহোৱাৰ সাক্ষীসকলে ইয়াক অৱশ্যেই আনক শুনাবলগীয়া এক শুভবাৰ্ত্তা বুলি ভাবে। সেয়েহে সকলো ঠাইতে হোৱা এই শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ বাবে তেওঁলোক জনাজাত হৈ পৰিছে।—মথি ২৪:১৪.
৪. আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ সম্বন্ধে থকা কেনে কাৰণবোৰৰ বিষয়ে এই লেখটোত আৰু পৰৱৰ্তী লেখত আলোচনা কৰা হʼব?
৪ আনকি উচিত মনোবৃত্তি নেদেখুৱা ঠাইবোৰলৈ গৈ এই শুভবাৰ্ত্তা অৰ্থপূৰ্ণৰূপে একেৰাহে প্ৰচাৰ কৰিবলৈ আমি কি কৰিব পাৰোঁ? (লূক ৮:১৫) এই সম্পৰ্কে থকা তিনিটা গুৰুত্বপূৰ্ণ বিষয়ে চমুকৈ নিৰীক্ষণ কৰি লাভৱান হʼব পাৰোঁ। এইদৰে নিজকে পৰীক্ষা কৰক (১) প্ৰচাৰ কাৰ্য্যৰ বাবে থকা অভিপ্ৰায় বা কিয় আমি এই কাৰ্য্যত ভাগ লওঁ; (২) আমাৰ বাৰ্ত্তা বা আমি কি প্ৰচাৰ কৰোঁ; আৰু (৩) আমাৰ পদ্ধতি বা আমি কেনেকৈ প্ৰচাৰ কৰোঁ। আমি এক সঠিক অভিপ্ৰায় ৰাখি বাৰ্ত্তাক স্পষ্টৰূপে কৈ কাৰ্য্যকাৰী পদ্ধতিৰে বহুতো লোকক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সুযোগ লাভ কৰিব পাৰিম। a
শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত আমি কিয় ভাগ লওঁ
৫. (ক) কিহে আমাক প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰধানকৈ প্ৰেৰিত কৰে? (খ) প্ৰচাৰ কাৰ্য্যৰ বাবে আজ্ঞাকাৰীতা হোৱাটো ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ এক আভাস বুলি কিয় কʼব পাৰি?
৫ আঁহক আমি ইয়াৰ প্ৰথম কাৰণটো অৰ্থাৎ আমাৰ অভিপ্ৰায়ৰ বিষয়ে আলোচনা কৰোঁহঁক। আমি কিয় শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰোঁ? সেই একেই উদ্দেশ্যৰে আমিও কৰা উচিত যি দৰে যীচুৱে প্ৰচাৰ কৰিছিল। তেওঁ এইদৰে কৈছিল: “মই . . . পিতৃক প্ৰেম কৰোঁ।” (যোহন ১৪:৩১; গীত ৪০:৮) দৰাচলতে, আমি ঈশ্বৰক প্ৰেম কৰাৰ বাবে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত হওঁ। (মথি ২২:৩৭, ৩৮) বাইবেলে ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু পৰিচৰ্য্যা কাৰ্য্যৰ মাজত থকা সম্পৰ্কৰ বিষয়ে এইদৰে ব্যাখ্যা কৰিছে: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।” (১ যোহন ৫:৩; যোহন ১৪:২১) ঈশ্বৰৰ আজ্ঞাবোৰৰ সৈতে ‘ঘৰে-ঘৰে গৈ শিষ্য বনোৱা কাৰ্য্যও’ সন্মিলিত আছেনে? (মথি ২৮:১৯) অৱশ্যেই আছে। যদিও এই বাক্যবোৰ যীচুৱে কৈছিল, তথাপিও ইয়াৰ আচল উৎস যিহোৱা ঈশ্বৰহে আছিল। আমি কেনেকৈ কʼব পাৰোঁ? সেই বিষয়ে যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছিল: “অকল নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছোঁ।” (যোহন ৮:২৮; মথি ১৭:৫) গতিকে আমি প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে থকা আজ্ঞাক পালন কৰি যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা উচিত।
৬. ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক কেনেদৰে প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰিছে?
৬ তদুপৰি চয়তানে যিহোৱা ঈশ্বৰৰক দিয়া মিছা অভিযোগক বিফল কৰিবলৈও প্ৰেমে আমাক প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত কৰে। (২ কৰিন্থীয়া ৪:৪) কিয়নো চয়তানে যিহোৱাৰ ন্যায়সঙ্গত শাসন-প্ৰণালীক লৈ এক সন্দেহৰ সৃষ্টি কৰিলে। (আদিপুস্তক ৩:১-৫) আমি যিহোৱাৰ সাক্ষী হোৱা হেতুকে এই কাৰ্য্যত ভাগ লৈ চয়তানৰ সেই অভিযোগক মিছা প্ৰমাণিত কৰি সকলোৰে আগত ঈশ্বৰৰ নাম মহিমান্বিত কৰোঁ। (যিচয়া ৪৩:১০-১২) তদুপৰি আমি ঈশ্বৰৰ গুণ আৰু পথবোৰৰ বিষয়ে জানি তেওঁৰ কাষ চাপি আহি আনক এই বিষয়ে কʼবলৈ আগ্ৰহী হৈছোঁ। আনকি তেওঁৰ মঙ্গলময় আৰু ধাৰ্ম্মিকতাৰ বাবে আনন্দিত হোৱা বিষয়টো সকলোকে জনাইছোঁ। (গীত ১৪৫:৭-১২) আমি আগ্ৰহী হোৱা লোকসকলক ঈশ্বৰৰ “সদগুণৰ” বিষয়ে জনোৱাটোও আমাৰ নিজা কৰ্তব্য বুলি ভাবোঁ।—১ পিতৰ ২:৯; যিচয়া ৪৩:২১.
৭. ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ উপৰিও আন কেনে কাৰণসমূহৰ বাবে আমি প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ?
৭ নিৰন্তৰে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ আন এটা কাৰণ হৈছে: বেয়া সংবাদবোৰ শুনি মনোকষ্ট অনুভৱ আৰু এটা বা আনটো কাৰণৰ বাবে পীড়িত হোৱা নম্ৰ মনৰ লোকসকলক শান্ত্বনা প্ৰদান কৰা। এনে কৰাৰ দ্বাৰা আমি যীচুক অনুকৰণ কৰিবলৈ চেষ্টা কৰিব পাৰিম। উদাহৰণস্বৰূপে, মাৰ্ক ৬ অধ্যায়ত উল্লেখ কৰা বৃতান্তটো বিবেচনা কৰক।
৮. মাৰ্ক ৬ অধ্যায়ত উল্লেখ কৰা বৃতান্তই লোকসমূহৰ প্ৰতি থকা যীচুৰ অনুভূতিৰ বিষয়ে কি কৈছে?
৮ সেই বৃতান্তৰ অনুসাৰে শিষ্যবিলাকে প্ৰচাৰ কাৰ্য্যৰ পৰা উভটি অহাৰ পিছত তেওঁলোকে কি কি কাৰ্য্য সম্পন্ন আৰু কেনে শিক্ষা প্ৰদান কৰিলে, সেই বিষয়ে যীচুক জনাইছিল। যীচুৱে শিষ্যবিলাকে ভাগৰি পৰাৰ বিষয়ে জানিব পাৰি তেওঁলোকক “কিছুকাল বিশ্ৰাম” লʼবলৈ কৈছিল। সেইবাবে তেওঁলোকে নাৱেৰে একান্ত ঠাইলৈ আঁতৰি গʼল। ইয়াকে দেখি লোকসমূহে তেওঁলোকক অনুকৰণ কৰি পুনৰাই সমূদ্ৰৰ পাৰত আহি লʼগ ধৰিলে। তেতিয়া যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? বৃতান্তত কৈছে যে, “এক বৰ লোকসমূহ দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল।” (মাৰ্ক ৬:৩১-৩৪) ক্লান্ত হৈ পৰাৰ স্বত্বেও লোকসমূহৰ প্ৰতি থকা মৰমৰ বাবে তেওঁ পুনৰাই প্ৰচাৰ কৰিবলৈ ধৰিলে। নিঃসন্দেহ, তেওঁ লোকসমূহক দেখি সহানুভূতি অনুভৱ কৰিছিল।
৯. মাৰ্ক ৬ অধ্যায়ত উল্লেখ কৰা বৃতান্তটোৰ পৰা প্ৰচাৰ কাৰ্য্য সম্বন্ধে ৰাখা সঠিক মনোবৃত্তিৰ বিষয়ে আমি কি শিকিব পাৰোঁ?
৯ এই বৃতান্তটোৰ পৰা আমি কি শিকিব পাৰোঁ? আমি প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যক এক দায়িত্ব হিচাপে গ্ৰহণ কৰোঁ। যিহেতু ‘সকলো মানুহে পৰিত্ৰাণ’ পোৱাটো যে ঈশ্বৰৰ ইচ্ছা বুলি জানি আমি এই কাৰ্য্যৰ প্ৰতি অধিক গুৰুত্ব দিওঁ। (১ তীমথিয় ২:৪) তথাপিও এই কাৰ্য্য আমি কেৱল কৰ্তব্য হিচাপে নহয়, কিন্তু লোকসকলৰ প্ৰতি সহানুভূতি থকাৰ বাবে কৰোঁ। যদি যীচুৰ দৰে আমাৰ হৃদয়ত লোকসকলৰ প্ৰতি গভীৰ সহানুভূতি থাকে, তেন্তে নিশ্চয়ে এই শুভবাৰ্ত্তা সকলোকে শুনাবলৈ প্ৰেৰিত হʼম। (মথি ২২:৩৯) তেনে ধৰণৰ উত্তম অভিপ্ৰায়ে আমাক নিৰন্তৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আগ্ৰহী কৰি তুলিব।
আমাৰ বাৰ্ত্তা অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা
১০, ১১. (ক) আমি প্ৰচাৰ কৰা শুভবাৰ্ত্তাৰ বিষয়ে যিচয়া ভৱিষ্যতবক্তাই কেনেকৈ ব্যাখ্যা কৰিছে? (খ) যীচুৱে কেনেকৈ মঙ্গলৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল আৰু বৰ্তমান সময়ত ঈশ্বৰৰ উপাসকবিলাকে কিদৰে যীচুৰ আৰ্হিক অনুকৰণ কৰিছে?
১০ আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ সম্বন্ধে থকা দ্বিতীয় কাৰণটো কি? সেইয়া হৈছে, আমি কিহৰ বিষয়ে প্ৰচাৰ কৰোঁ? এই সম্পৰ্কে ভৱিষ্যতবক্তা যিচয়াই উত্তমভাৱে বৰ্ণনা কৰি এইদৰে কৈছে: “যি জনে শুভবাৰ্ত্তা আনে, যি জনে শান্তি প্ৰচাৰ কৰে, যি জনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যি জনে পৰিত্ৰাণ প্ৰচাৰ কৰে, যি জনে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিছে বুলি চিয়োনক কয়, পৰ্ব্বতৰ ওপৰত সেই জনৰ চৰণ কেনে সুন্দৰ দেখা যায়!”—যিচয়া ৫২:৭.
১১ সেই শাস্ত্ৰ পদত “তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিছে” বুলি কোৱা মুখ্য উক্তিটোৱে আমাক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ গুৰুত্বতাৰ বিষয়ে সোঁৱৰাই দিছে। (মাৰ্ক ১৩:১০) লক্ষ্য কৰক যে এই পদটোৱে আমাৰ বাৰ্ত্তাৰ সম্বন্ধে থকা কিছুমান ইতিবাচক বিষয়ৰ সম্পৰ্কে দাঙি ধৰিছে। ভৱিষ্যতবক্তা যিচয়াই ইয়াত “পৰিত্ৰাণ,” “শুভবাৰ্ত্তা,” “শান্তি” আৰু “মঙ্গল” বুলি উল্লেখ কৰিছে। বহু শতিকাৰ পিছত যীচুৱে এই মঙ্গলৰ বাৰ্ত্তা অৰ্থাৎ আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে উৎসাহেৰে প্ৰচাৰ কৰি সেই ভৱিষ্যতবাণী পূৰ্ণ কৰিলে। (লূক ৪:৪৩) বৰ্তমান সময়ত, বিশেষকৈ ১৯১৯ চনৰ পৰা যিহোৱাৰ সাক্ষীসকলে যীচুৱে ৰাখা আৰ্হিক অনুকৰণ কৰি অতি উৎসাহেৰে স্থাপিত হোৱা ঈশ্বৰৰ ৰাজ্য আৰু ইয়াৰ দ্বাৰা হʼবলগীয়া লাভসমূহৰ বিষয়ে প্ৰচাৰ কৰি আহিছে।
১২. ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তাই নম্ৰ মনৰ ব্যক্তিবিলাকৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
১২ ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তাই উচিত মনোবৃত্তি দেখুৱা ব্যক্তিবিলাকক কেনে প্ৰভাৱিত কৰে? যীচুৰ সময়ৰ দৰে আজিও এই শুভবাৰ্ত্তাই লোকসকলৰ বাবে আশা আৰু শান্ত্বনা প্ৰদান কৰিছে। (ৰোমীয়া ১২:১২; ১৫:৪) উদাহৰণস্বৰূপে, যেতিয়া নম্ৰ মনৰ ব্যক্তিবিলাকে আহিবলগীয়া এক উত্তম সময়ৰ বিষয়ে শিকি বিশ্বাস কৰে, তেতিয়া তেওঁলোকৰ আশা উজ্জ্বল হোৱা দেখা পায়। (মথি ৬:৯, ১০; ২ পিতৰ ৩:১৩) তেনে ধৰণৰ আশাই নম্ৰ মনৰ ব্যক্তিসকলক এক উচিত মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰে। তদুপৰি গীতমালা ৰচোঁতাজনে কৈছে যে তেওঁলোকে ‘বিষম বাৰ্ত্তা শুনি ভয় নকৰিব।’—গীত ১১২:১, ৭.
যি বাৰ্ত্তাই “ভগ্নচিত্তীয়াবিলাকৰ ঘা” বান্ধে
১৩. নম্ৰ মনৰ ব্যক্তিবিলাকে অবিলম্বে পোৱা কিছুমান আশীৰ্ব্বাদৰ বিষয়ে যিচয়া ভৱিষ্যতবক্তাই কেনেকৈ ব্যাখ্যা কৰিছে?
১৩ তদুপৰি এই বাৰ্ত্তাই নম্ৰ মনৰ ব্যক্তিবিলাকলৈ অবিলম্বে উপশম আৰু আশীৰ্ব্বাদ কঢ়িয়াই আনে। সেইটো কেনেকৈ? তাৰে কিছুমান আশীৰ্ব্বাদৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি হৈছে; কিয়নো নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ, বন্দী লোকবিলাকলৈ মুক্তি, আৰু বন্দীয়াৰবিলাকলৈ বন্দীশাল মুকলি কৰা কথা ঘোষণা কৰিবলৈ, যিহোৱাৰ অনুগ্ৰহ-বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন।”—যিচয়া ৬১:১, ২; লূক ৪:১৬-২১.
১৪. (খ) “ভগ্নচিত্তীয়াবিলাকৰ ঘা” বান্ধা উক্তিটোৱে ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কেনে আভাস দিছে? (খ) আমি কেনেকৈ ভগ্নচিত্তীয়াবিলাকৰ প্ৰতি থকা যিহোৱাৰ আগ্ৰহী মনোবৃত্তিক অনুকৰণ কৰিব পাৰোঁ?
১৪ সেই ভৱিষ্যতবাণীৰ অনুসাৰে যীচুৱে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা “ভগ্নচিত্তীয়াবিলাকৰ ঘা” বান্ধিলে। ভৱিষ্যতবক্তা যিচয়াই কিযে এক উল্লেখনীয় বিবৃতি দাঙি ধৰিলে! এখন বাইবেল শব্দকোষৰ অনুসাৰে, ‘বান্ধা’ নামৰ হীব্ৰু শব্দটোৰ অনুবাদ “সঘনাই আঘাত হোৱা ঠাইডোখৰ সুস্থ হʼবলৈ ঔষধ লগাই বেন্দেজ বান্ধাক বুজায়।” যিদৰে এগৰাকী নাৰ্চে ৰোগীয়ে আঘাত পোৱা ঠাইডোখৰ সুস্থ হʼবলৈ বেন্দেজ বান্ধে, সেইদৰে আগ্ৰহী প্ৰচাৰকসকলে শুনোৱা শুভবাৰ্ত্তাই ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধে। তেনে ব্যক্তিবিলাকৰ আৱশ্যকতাৰ প্ৰতি আগ্ৰহী হৈ তেওঁলোকে যিহোৱাৰ আৰ্হিক অনুকৰণ কৰাৰ প্ৰমাণ দিয়ে। (যিহিষ্কেল ৩৪:১৫, ১৬) এই সম্পৰ্কে ঈশ্বৰক সম্বোধিত কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তেওঁ ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে, তেওঁ সিবিলাকৰ ঘা বান্ধে।”—গীত ১৪৭:৩.
ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই কেনে পৰিৱৰ্তন আনে
১৫, ১৬. ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই ভগ্নচিত্তীয়াবিলাকৰ মনোবল কেনেকৈ দৃঢ় কৰে, সেই বিষয়ে কেনে প্ৰকৃত উদাহৰণবোৰে দাঙি ধৰিছে?
১৫ ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাই কেনেকৈ ভগ্নচিত্তীয়াবিলাকৰ মনোবল দৃঢ় কৰিলে, সেই সম্বন্ধে বহুতো লোকৰ প্ৰকৃত উদাহৰণৰ পৰা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, দক্ষিণ আফ্ৰিকাত বাস কৰা অৰিʼনা নামৰ বৃদ্ধা মহিলাগৰাকীৰ বিষয়ে বিবেচনা কৰক। তাই জীৱনৰ পৰা বিৰক্ত হৈ জীয়াই থকাৰ প্ৰতি হাবিয়াহ নোহোৱা হৈছিল। এনেতে এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে সাক্ষাৎ কৰি তাইক বাইবেল আৰু বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন পঢ়ি শুনাবলৈ আৰম্ভ কৰে। b প্ৰথমতে বিছনাত থকা এই বৃদ্ধা মহিলাগৰাকীয়ে চকু মুদি আৰু কেতিয়াবা ওপৰলৈ দৃষ্টি কৰি ভনীগৰাকীয়ে পঢ়া বিষয়বোৰ শুনিছিল। কিছু দিনৰ পিছত তাই বিছনাত কোনোমতে বহি শুনিবলৈ আৰম্ভ কৰে। পিছলৈ তাই লিভিং ৰূমত থকা চকিখনত বহি অধ্যয়ন পৰিচালক গৰাকীৰ বাবে অপেক্ষা কৰিবলৈ ধৰে। ক্ৰমান্বয়ে তাই সভাবোৰত উপস্থিত হোৱা উদ্দেশ্যৰে ৰাজ্যগৃহলৈ যাবলৈ আৰম্ভ কৰে। সভাবোৰত উপস্থিত হোৱাৰ দ্বাৰা তাইৰ মনোবল দৃঢ় হয় আৰু ঘৰৰ ওচৰেদি যোৱা সকলো ব্যক্তিকে তাই বাইবেল আধাৰিত সাহিত্যবোৰ বিতৰণ কৰিবলৈ লয়। অৱশেষত তাই ৯৩ বছৰ বয়সত বাপ্তিষ্মা লৈ এগৰাকী যিহোৱাৰ সাক্ষী সদস্য হৈ পৰে। এই ৰাজ্যৰ বাৰ্ত্তাই অৰিʼনাৰ জীয়াই থকা ইচ্ছাক পুনৰাই সবল কৰি তুলিলে।—হিতোপদেশ ১৫:৩০; ১৬:২৪.
১৬ আনকি কোনো বিশেষ ধৰণৰ ৰোগৰ বাবে যিসকল ব্যক্তিয়ে মৃত্যুৰ দুৱাৰডলিত উপস্থিত হৈছে, তেওঁলোকৰ জীৱনতো ৰাজ্যৰ বাৰ্ত্তাই গভীৰভাৱে প্ৰভাৱিত কৰা দেখা যায়। উদাহৰণস্বৰূপে, পশ্চিম ইউৰোপত থকা মাৰীয়া নামৰ স্ত্ৰীগৰাকীৰ বিষয়ে বিবেচনা কৰক। তাই এক মাৰাত্মক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে জীয়াই থকাৰ আশা ত্যাগ দিছিল। এবাৰ তাই অত্যধিক নিৰুৎসাহজনক অৱস্থাৰ সময়ত যিহোৱাৰ সাক্ষীৰ সদস্যসকলে সাক্ষাৎ কৰে। যিয়েই নহওঁক, জীৱনৰ প্ৰতি যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে জনাৰ পিছত তাইৰ জীৱনটো পুনৰাই অৰ্থপূৰ্ণ হৈ পৰিল। তাই নিজৰ জীৱন যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লʼলে আৰু এগৰাকী সক্ৰিয় প্ৰচাৰক হিচাপে কাৰ্য্য কৰিবলৈ ধৰিলে। জীৱনৰ বাকী থকা দুবছৰ সময়ছোৱাত তাইৰ মুখমণ্ডলত এক প্ৰকাৰৰ সন্তুষ্টি আৰু আশাৰ ৰেঙণি দেখিব পোৱা গৈছিল। অৱশেষত মাৰীয়াই পুনৰুত্থানৰ আশাৰ সৈতে মৃত্যুক সাৱটি লয়।—ৰোমীয়া ৮:৩৮, ৩৯.
১৭. (ক) ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়া ব্যক্তিসকলে কেনেদৰে প্ৰভাৱিত হোৱা দেখা গৈছে? (খ) যিহোৱাই “দুৰৱস্থাত থকাবিলাকক” সু-অৱস্থালৈ আহিবলৈ শক্তি প্ৰদান কৰিছে বুলি আপুনি কেনেকৈ ব্যক্তিগতভাৱে অনুভৱ কৰিছে?
১৭ এনে ৰিপোৰ্টবোৰে দেখুৱাইছে যে সত্যৰ প্ৰতি আগ্ৰহী লোকসকলৰ জীৱনত ৰাজ্যৰ বাৰ্ত্তাই কেনেদৰে প্ৰভাৱ পেলাব পাৰে। আপোনজনাক মৃত্যুত হেৰুৱাৰ বাবে যিসকল ব্যক্তিয়ে শোকাকুল হৈছে, তেওঁলোকে পুনৰুত্থানৰ আশাৰ বিষয়ে শিকিবলৈ পাই মানসিকভাৱে শক্তিশালী হোৱা অনুভৱ কৰিছে। (১ থিচলনীকীয়া ৪:১৩) দৰিদ্ৰতাত বাস কৰা আৰু পৰিয়ালক ভৰণ-পোষণ দিবলৈ অত্যধিক প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা লোকসকলে যিহোৱাই যে আনুগত্য সকলক কেতিয়াও ত্যাগ নিদিয়ে, সেই বিষয়ে জানিবলৈ পাই পুনৰাই আত্মবিশ্বাস ঘূৰাই পোৱা অনুভৱ কৰিছে। (গীত ৩৭:২৮) হতাশ হৈ পৰা ব্যক্তিবিলাকে যিহোৱাৰ সহায়েৰে পুনৰাই সজীৱ হʼবলৈ সক্ষম হৈছে। (গীত ৪০:১, ২) আনকি বৰ্তমান যিহোৱাই নিজৰ বাক্যৰ দ্বাৰা “দুৰৱস্থাত থকাবিলাকক” সু-অৱস্থালৈ আহিবলৈ শক্তি প্ৰদান কৰিছে। ৰাজ্যৰ এই শুভবাৰ্ত্তাই কেনেকৈ আমাৰ প্ৰচাৰ এলেকাত থকা ভগ্নচিত্তীয়া আৰু খ্ৰীষ্টান মণ্ডলীৰ বাবে শান্ত্বনাদায়ক হিচাপে প্ৰমাণিত হৈছে, সেই বিষয়ে নিৰীক্ষণ কৰি জানিব পৰা গৈছে। গতিকে ইয়াত কোনো সন্দেহ নাই যে আমাৰ ওচৰত সকলোতকৈ উত্তম বাৰ্ত্তা আছে!—গীত ৫১:১৭.
“তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগতো প্ৰাৰ্থনা”
১৮. শুভবাৰ্ত্তাৰ প্ৰতি ইহুদীসকলৰ অমনোযোগী মনোবৃত্তি দেখি পাঁচনি পৌলে কেনে অনুভৱ কৰিছিল?
১৮ যদিও আমাৰ বাৰ্ত্তা সকলোতকৈ উত্তম আৰু সতেজ, তথাপিও বহুতে ইয়াৰ প্ৰতি মনোযোগ নিদিয়ে। তেওঁলোকৰ এনে প্ৰতিক্ৰিয়া দেখি আমি কেনে অনুভৱ কৰিব পাৰোঁ? আমিও পাঁচনি পৌলৰ নিচিনাকৈ অনুভৱ কৰিব পাৰোঁ। পৰাপক্ষত পাঁচনি পৌলে ইহুদীসকলৰ ওচৰত গৈ প্ৰচাৰ কৰিছিল আৰু তেওঁলোকে সদায়ে অমনোযোগী হোৱা মনোবৃত্তি দেখুৱাইছিল। তেওঁলোকৰ তেনে মনোবৃত্তি দেখি পাঁচনি পৌলে অত্যধিকভাৱে দুখিত হৈছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।” (ৰোমীয়া ৯:২) তেওঁ সেই ইহুদীসকলৰ বাবে সমবেদনাশীল আছিল যদিও তেওঁলোকৰ অমনোযোগী মনোবৃত্তি দেখি অতিশয় দুখিত হৈছিল।
১৯. (ক) আমি মাজে সময়ে নিৰুৎসাহিত হৈ পৰাটো কিয় এক যুক্তিসঙ্গত বিষয়? (খ) পাঁচনি পৌলক কিহে নিৰন্তৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰিলে?
১৯ আমিও লোকসকলৰ প্ৰতি সমবেদনাশীল হোৱাৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ। এইটো নিশ্চিত যে লোকসকলৰ অমনোযোগী মনোবৃত্তি দেখি আমি হয়তো মাজে সময়ে নিৰুৎসাহিত হʼব পাৰোঁ। আমাৰ এনে ভাৱনাই দেখুৱায় যে আমি লোকসকলৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি কিমান আগ্ৰহী। পাঁচনি পৌলক কিহে নিৰন্তৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত কৰিছিল? তেওঁলোকৰ কিছুমানে যে শুভবাৰ্ত্তাৰ প্ৰতি উচিত মনোবৃত্তি দেখুৱাব, সেই আশাই তেওঁৰ মনোবল দৃঢ় কৰিলে। গতিকে কিছুমান ইহুদী ব্যক্তিৰ প্ৰতি থকা তেওঁৰ আগ্ৰহী ভাৱনাৰ বিষয়ে এইদৰে কৈছিল: “মোৰ হৃদয়ৰ বাঞ্ছা, আৰু তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগতো প্ৰাৰ্থনা এই, যেন তেওঁবিলাকে পৰিত্ৰাণ পায়।”—ৰোমীয়া ১০:১.
২০, ২১. (ক) আমি কেনেকৈ পৰিচৰ্য্যা কাৰ্য্যৰ সম্বন্ধে পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২০ ইয়াত পাঁচনি পৌলে উল্লেখ কৰা দুটা বিষয়ৰ প্ৰতি মনোযোগ দিয়ক। কিছুমান ইহুদী ব্যক্তিয়ে পৰিত্ৰাণৰ বাবে যোগ্য হোৱাটো তেওঁৰ আন্তৰিক ইচ্ছা আছিল আৰু তেওঁলোকৰ কাৰণে ঈশ্বৰৰ আগতো প্ৰাৰ্থনা কৰিছিল। ঠিক সেইদৰে আজি আমিও পাঁচনি পৌলক অনুকৰণ কৰি চলোঁ। আমি নম্ৰ মনৰ ব্যক্তিবিলাকক শুভবাৰ্ত্তা শুনাবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰোঁ। তেনে ব্যক্তিবিলাকে যাতে পৰিত্ৰাণৰ বাবে যোগ্য হʼব পাৰে, সেইবাবে আমি তেওঁলোকক বিচাৰি পাবলৈ যিহোৱাৰ আগত নিৰন্তৰে অনুৰোধ জনাওঁ।—হিতোপদেশ ১১:৩০; যিহিষ্কেল ৩৩:১১; যোহন ৬:৪৪.
২১ তথাপিও আমি বেছিভাগ লোকক শুভবাৰ্ত্তা শুনাবলৈ কেৱল কিয় আৰু কিহৰ বিষয়ে প্ৰচাৰ কৰাৰ সম্বন্ধে নিৰীক্ষণ কৰাই নহয় কিন্তু কেনেকৈ প্ৰচাৰ কৰোঁ, সেই বিষয়েও মনোযোগ দিয়া উচিত। এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w05 7/1)
[ফুটনোটবোৰ]
a এই লেখটোত প্ৰথম দুটা কাৰণ আৰু পৰৱৰ্তী লেখত তৃতীয় কাৰণটো আলোচনা কৰা হʼব।
b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।
আপুনি কি শিকিলে?
• আমি কেনে কাৰণসমূহৰ বাবে প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ?
• আমি প্ৰচাৰ কৰাৰ মুখ্য কাৰণটো কি?
• ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়া সকলে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰে?
• কিহে আমাক নিৰন্তৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰিব?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]