যিহোৱাৰ বাক্য জীয়া প্ৰথম ৰাজাৱলি কিতাপৰ আলোকপাত
যিহোৱাৰ বাক্য জীয়া
যিহোৱাৰ বাক্য জীয়া প্ৰথম ৰাজাৱলি কিতাপৰ আলোকপাত
“ধাৰ্ম্মিকবিলাকে বৃদ্ধি পালে প্ৰজাবিলাকে আনন্দ কৰে; কিন্তু দুষ্ট জনে ৰাজত্ব পালে প্ৰজাবিলাকে হুমুনিয়াহ পেলায়।” (হিতোপদেশ ২৯:২) হিতোপদেশত উল্লেখ কৰা কথাষাৰীৰ সত্যতাৰ বিষয়ে প্ৰথম ৰাজাৱলি কিতাপত স্পষ্টকৈ প্ৰমাণ দেখিবলৈ পোৱা যায়। এই কিতাপখন প্ৰাচীন ইস্ৰায়েলৰ ৰজা চলোমনৰ জীৱনী আৰু তেওঁৰ ৰাজত্ব কালত ইস্ৰায়েলসকলৰ কেনেকৈ উন্নতি আৰু নিৰাপত্তাত আছিল, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। তদুপৰি প্ৰথম ৰাজাৱলি কিতাপত চলোমনৰ মৃত্যুৰ পিছত ইস্ৰায়েল জাতিৰ মাজত বিভাজন আৰু ১৪ জন ৰজা, যিসকলৰ কিছুমান ইস্ৰায়েল আৰু কিছুমান যিহূদা বংশৰ আছিল বুলি বৰ্ণনা কৰা হৈছে। সেই ৰজাবিলাকৰ মাজত কেৱল দুজন ৰজাই একেৰাহে যিহোৱা ঈশ্বৰৰ বিশ্বাসী ব্যক্তি আছিল। ইয়াৰ উপৰিও এই কিতাপখনত এলিয়াৰ সৈতে ছজন ভৱিষ্যতবক্তাই কৰা কাৰ্য্যৰ বিষয়ে উল্লেখ কৰা আছে।
প্ৰথম ৰাজাৱলি কিতাপখন যিৰিমিয়া ভৱিষ্যতবক্তাই যিৰূচালেম আৰু যিহূদাত লিখিছিল আৰু এই কিতাপখন সম্পূৰ্ণ কৰাত সা.যূ.পূ. ১০৪০ চনৰ পৰা সা.যূ.পূ. ৯১১ চনলৈ, অৰ্থাৎ ১২৯ বছৰ সময় লাগিছিল। এই কিতাপখন সঙ্কলন কৰাৰ সময়ত যিৰিমিয়াই স্পষ্টকৈ “চলোমনৰ জীৱন-চৰিত্ৰ” নামৰ কিতাপখনৰ সহায় লৈছিল। পৃথকে লিখা সেই প্ৰাচীন লিপিৰ সৈতে আন আন লিপিবোৰ লুপ্ত হʼল।—১ ৰাজাৱলি ১১:৪১; ১৪:১৯; ১৫:৭.
এজন বুদ্ধিমান ৰজাই শান্তি আৰু উন্নতিলৈ পৰিচালিত কৰা
(১ ৰাজাৱলি ১:১-১১:৪৩)
প্ৰথম ৰাজাৱলি বৃতান্তটো ৰজা দায়ূদৰ পুতেক অদোনিয়াই নিজৰ পিতৃৰ পিছত ৰজা হʼবলৈ চেষ্টা কৰাৰ এক আগ্ৰহজনক বিৱৰণিৰ সৈতে আৰম্ভ কৰা হৈছে। নাথন ভৱিষ্যতবক্তাই অনতিপলমে পদক্ষেপ লৈ অদোনিয়াৰ পৰিকল্পনা বিফল কৰিলে আৰু দায়ূদৰ পুতেক চলোমনক ৰজা পাতিলে। যিহোৱা ঈশ্বৰে নতুনকৈ হোৱা ৰজাজনৰ পক্ষে কৰা নিৱেদন শুনিলে আৰু ৰজাজনক ‘ঐশ্বৰ্য্য আৰু মৰ্য্যদাৰ’ সৈতে “জ্ঞান আৰু বুদ্ধি থকা মন” দিলে। (১ ৰাজাৱলি ৩:১২, ১৩) ৰজাজনৰ জ্ঞান কোনো মানুহৰ সৈতে তুলনা কৰিব পৰা নগʼল আৰু তেওঁ অজস্ৰ সা-সম্পত্তিৰ অধিকাৰী হʼল। সেই শাসনৰ অধীনত ইস্ৰায়েলসকলে শান্তি আৰু সাফল্যতাৰে জীৱন-যাপন কৰিব পাৰিলে।
চলোমনে যিহোৱাৰ উপাসনা মন্দিৰ নিৰ্মাণ কৰাৰ উপৰিও বহুতো ৰাজকীয় অট্টালিকা নিৰ্মাণ কৰিলে। যিহোৱাই চলোমনক আশ্বাস দি এইদৰে কৈছিল: “মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম,” আৰু ইয়াৰ বাবে ৰজাই আজ্ঞাকাৰী হৈ থাকিব লাগিছিল। (১ ৰাজাৱলি ৯:৪, ৫) সত্য ঈশ্বৰে তেওঁক অৱজ্ঞাকাৰী হোৱাৰ পৰিণামৰ বিষয়ে সোঁৱৰাই দিছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে চলোমনে পৰজাতিৰ বহুতো যুৱতীৰ সৈতে বিবাহ কৰিলে। ফলস্বৰূপে, চলোমনে বৃদ্ধ অৱস্থাত মিছা দেৱ-দেৱীবিলাকৰ উপাসনা কৰিব ধৰিলে। যিহোৱাই তেওঁৰ ৰাজ্য বিভক্ত হʼব বুলি পূৰ্বেই ভৱিষ্যতবাণী কৰিছিল। সা.যু.পূ. ৯৯৭ চনত চলোমনৰ মৃত্যু হয় আৰু এইদৰে তেওঁৰ চল্লিশ বছৰীয়া শাসনকালৰ সমাপ্তি হʼল। চলোমনৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰহবিয়াম ৰজা হʼল।
শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:
১:৫—দায়ূদে জীৱিত থকা অৱস্থাত অদোনিয়াই কিয় ৰজা হʼব বিচাৰিছিল? বাইবেলত যদিও এই বিষয়ে কোনো উত্তৰ দিয়া নাই, কিন্তু যুক্তিসঙ্গতভাৱে অদোনিয়াই ভাবিছিল যে যিহেতু তেওঁ হৈছে অম্নোনতকৈ ডাঙৰ আৰু ককায়েক অব্চালোমৰ ইতিমধ্যেই কমিলীয়াৰ দৰে মৃত্যু হʼল। গতিকে অৱশিষ্ট থকাসকলৰ ভিতৰত তেৱেঁই একমাত্ৰ ডাঙৰ লʼৰা, সেয়েহে ৰজা হোৱাৰ অধিকাৰ আছে। (২ চমূৱেল ৩:২-৪; ১৩:২৮, ২৯; ১৮:১৪-১৭) মুখ্য সেনাপতি যোৱাবৰ সমৰ্থন আৰু প্ৰধান পুৰোহিত অবিয়াথৰ দ্বাৰা প্ৰভাৱিত হৈ অদোনিয়াই ৰজা হোৱাটো নিশ্চিত বুলি ভাবিবলৈ ধৰিলে। দায়ূদে তেওঁৰ পিছত চলোমনক ৰজা পাতিবলৈ কৰা পৰিকল্পনাৰ বিষয়ে অদোনিয়াই জানিছিল নে নাজানিছিল, সেই বিষয়ে বাইবেলত একো উল্লেখ কৰা নাই। যিয়েই নহওঁক, অদোনিয়াই চলোমন আৰু দায়ূদৰ আন আনুগত্যসকলক ‘বলিদানলৈ’ নিমন্ত্ৰণ নকৰিলে। (১ ৰাজাৱলি ১:৯, ১০) এই ঘটনাটোৱে প্ৰকাশ কৰিছে যে অদোনিয়াই চলোমনক নিজৰ বিৰোধী বুলি দৃষ্টি কৰিছিল।
১:৪৯-৫৩; ২:১৩-১৫—এবাৰ ক্ষমা কৰাৰ পিছত চলোমনে অদোনিয়াক কিয় মৃত্যুদণ্ড দিলে? বৎ-চেবাই সেই নিৱেদনক যদিও বুজিব নোৱাৰিলে, কিন্তু অদোনিয়াই অবীচগক নিজৰ পত্নী কৰিবলৈ ৰজাক নিৱেদনৰ কৰাৰ পিছত থকা তেওঁৰ উদ্দেশ্যক চলোমনে ভালদৰে বুজিব পাৰিছিল। যদিও দায়ূদৰ সেই সুন্দৰী অবীচগৰ সৈতে কোনো সম্পৰ্ক নাছিল, তথাপিও তাইক দায়ূদৰ উপপত্নী হিচাপে দৃষ্টি কৰা হৈছিল। সেই সময়ৰ ৰীতি-নীতি অনুসাৰে তাই কেৱল আইনগতভাৱে দায়ূদৰ সা-সম্পত্তিৰ অধিকাৰী হʼবলগীয়া আছিল। গতিকে অদোনিয়াই ভাবিছিল যে অবীচগৰ সৈতে বিবাহ কৰি তেওঁ পুনৰ ৰাজসিংহাখন লাভ কৰিবলৈ চেষ্টা কৰিব পাৰিব। এতেকে অদোনিয়াৰ তেনে নিৱেদনে ৰজা হʼবলৈ থকা তেওঁৰ উচ্চাকাংক্ষা প্ৰকাশ কৰিলে আৰু সেয়েহে চলোমনে তেওঁক কৰা ক্ষমা বাতিল কৰিলে।
৬:৩৭-৮:২—কেতিয়া মন্দিৰ উন্মোচন কৰা হয়? মন্দিৰৰ নিৰ্মাণ কাৰ্য্য সা.যু.পূ. ১০২৭ চনৰ অষ্টম মাহ, অৰ্থাৎ চলোমান ৰজাৰ ৰাজত্বৰ ১১ বছৰৰ সময়ত সমাপ্তি হয়। জানিব পৰা মতে মন্দিৰসজ্জা আৰু আন আয়োজনৰ বাবে ১১ মাহ সময় লাগে। গতিকে মন্দিৰৰ উন্মোচন সা.যু.পূ. ১০২৬ চনত কৰা হয়। বৰ্ণনাত মন্দিৰৰ নিৰ্মাণ কাৰ্য্যৰ সমাপ্তিৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও আন বহুতো নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে, যিবোৰ মন্দিৰ উন্মোচন কৰাৰ পূৰ্বেই সমাপ্তি কৰা হয়।—২ বংশাৱলি ৫:১-৩.
৯:১০-১৩—চলোমন ৰজাই গালীল প্ৰদেশৰ ২০ খন চহৰ তূৰৰ ৰজা হীৰমক উপহাৰ হিচাপে দিয়াটো মোচিৰ ব্যৱস্থাৰ সামঞ্জস্যত আছিলনে? লেবীয়া পুস্তক ২৫:২৩, ২৪ পদত কোৱা হৈছে যে সেই ব্যৱস্থা কেৱল ইস্ৰায়েলসকলে দখল কৰি থকা স্থানৰ বাবেহে প্ৰযোজ্য হয়। সম্ভৱতঃ চলোমনে দিয়া চহৰবোৰ যদিও প্ৰতিজ্ঞাত দেশৰ সীমাৰ ভিতৰত আছিল, তথাপিও তাত বাস কৰা সকল ইহুদী ব্যক্তি নাছিল। (যাত্ৰাপুস্তক ২৩:৩১) তদুপৰি চলোমনে কৰা কাৰ্য্যই এইটোও প্ৰকাশ কৰিছে যে তেওঁ নিজলৈ “অনেক ঘোঁৰা” বৃদ্ধি আৰু বহু পত্নী বিবাহ কৰাৰ নিচিনা সম্পূৰ্ণকৈ মোচিৰ ব্যৱস্থা পালন কৰাত বিফল হৈছিল। (দ্বিতীয় বিবৰণ ১৭:১৬, ১৭) যিয়েই নহওঁক, চলোমন ৰজাই দিয়া উপহাৰত হীৰম ৰজাই সুখী হোৱা নাছিল। সম্ভৱতঃ মূৰ্ত্তি পূজা কৰা সকলে সেই চহৰ কেইখন ভালদৰে ৰখা নাছিল বা সেই চহৰবোৰ সুবিধাজনক স্থানত নাছিল।
১১:৪—স্মৃতিত আউল লগাৰ বাবে চলোমনে বৃদ্ধাৱস্থাত সত্য ঈশ্বৰৰ উপাসনা ত্যাগ কৰিছিলনে? তেওঁৰ স্মৃতিত কোনো আউল লগা নাছিল। চলোমনে অতি কম বয়সতে ৰাজত্ব কৰিব ধৰে আৰু যদিও তেওঁ চল্লিশ বছৰকাল শাসন কৰিছিল, তথাপিও চলোমনে একেবাৰে বৃদ্ধ হোৱা নাছিল। তদুপৰি তেওঁ যিহোৱাৰ উপাসনা সম্পূৰ্ণকৈ ত্যাগ কৰিছিল, এনে নহয়। সম্ভৱতঃ তেওঁ কিছু পৰিমাণে মিছা ধৰ্ম্মীয় ৰীতি-নীতি পালন কৰিবলৈ চেষ্টা কৰিছিল।
আমাৰ বাবে শিক্ষামূলক পাঠ:
২:২৬, ২৭, ৩৫. যিহোৱা ঈশ্বৰে কৰা ভৱিষ্যতবাণী সদায়ে সত্য প্ৰমাণিত হয়। ইস্ৰায়েলৰ মহা পুৰোহিত এলীৰ বংশধৰ অবিয়াথক তেওঁৰ পদৰ পৰা আঁতৰ কৰাৰ দ্বাৰা গণনা পুস্তক ২৫:১০-১৩ পদত কোৱা ভৱিষ্যতবাণী পূৰ্ণ হʼল।—যাত্ৰাপুস্তক ৬:২৫; ১ চমূৱেল ২:৩১; ৩:১২; ১ বংশাৱলি ২৪:৩.
“এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়।” অবিয়াথৰ সলনি পীনহচৰ বংশৰ চাদোকক পুৰোহিত নিযুক্ত কৰাৰ দ্বাৰা২:৩৭, ৪১-৪৬. এজন ব্যক্তিয়ে ঈশ্বৰৰ আজ্ঞা ভঙ্গ কৰি শাস্তিৰ পৰা ৰেহাই পোৱাৰ বিষয়ে ভবাটো কিমান যে বিপদজনক! যিসকলে ইচ্ছাকৃতভাৱে ‘জীৱনলৈ নিয়া ঠেক বাটত’ চলিবলৈ ত্যাগ কৰে তেওঁলোকে লোৱা বিবেচনাহীন নিৰ্ণয়ৰ বাবে অৱশ্যেই পৰিণাম ভুগীব।—মথি ৭:১৪.
৩:৯, ১২-১৪. যিহোৱাই সৰল মনেৰে কৰা তেওঁৰ উপাসকসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু তেওঁৰ কাৰ্য্য কৰিবলৈ জ্ঞান, বুজ আৰু নিৰ্দ্দেশনা প্ৰদান কৰে।—যাকোব ১:৫.
৮:২২-৫৩. চলোমনে যিহোৱাক এজন দয়ালু, প্ৰতিজ্ঞা পূৰ্ণ কৰোঁতা আৰু প্ৰাৰ্থনা শুনোতা ঈশ্বৰ বুলি উল্লেখ কৰি তেওঁৰ প্ৰতি কিমান যে আন্তৰিকতাৰে মূল্যাঙ্কন কৰিছিল! চলোমনে মন্দিৰ উন্মোচন কৰাৰ সময়ত প্ৰাৰ্থনাত উল্লেখ কৰা বাক্যবোৰৰ ওপৰত ধ্যান কৰি আমি যিহোৱা ঈশ্বৰৰ ব্যক্তিত্বৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন বৃদ্ধি কৰিব পাৰিম।
১১:৯-১৪, ২৩, ২৬. চলোমনে বৃদ্ধ অৱস্থাত অপথে যোৱাত যিহোৱা ঈশ্বৰে এজন শত্ৰু উৎপন্ন কৰিলে। সেয়েহে পাঁচনি পিতৰে এইদৰে কৈছিল যে, “ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে।”—১ পিতৰ ৫:৫.
১১:৩০-৪০. যাৰবিয়ামৰ বিষয়ে অহিয়াই কৰা ভৱিষ্যতবাণীৰ বাবে চলোমন ৰজাই যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিছিল। কিন্তু প্ৰায় চল্লিশ বছৰৰ পূৰ্বে চলোমন ৰজা কিমান ভিন্ন আছিল, তেওঁ অদোনিয়া আৰু ষড়যন্ত্ৰ ৰচোঁতা আন লোকসকলৰ প্ৰতিশোধ লʼবলৈ অস্বীকাৰ কৰিছিল। (১ ৰাজাৱলি ১:৫০-৫৩) চলোমনে যিহোৱাৰ পৰা আঁতৰি যোৱাৰ বাবে তেওঁৰ মনোবৃত্তি বেয়ালৈ সলনি হʼল।
এক সংযুক্ত ৰাজ্য ভগ্ন হোৱা
(১ ৰাজাৱলি ১২:১-২২:৫৩)
যাৰবিয়াম আৰু লোকসকলে ৰহবিয়াম ৰজাৰ ওচৰলৈ আহি তেওঁৰ পিতৃ চলোমনে ধাৰ্য্য কৰা কৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনালে। ৰহবিয়ামে তেওঁলোকৰ অনুৰোধ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত কৰ বঢ়োৱাৰ ডাবি দিলে। ফলস্বৰূপে, ইস্ৰায়েলৰ দহ জাতিয়ে বিদ্ৰোহ কৰিলে আৰু যাৰবিয়ামক তেওঁলোকৰ ৰজা নিযুক্ত কৰিলে। এইদৰে ইস্ৰায়েলৰ সংযুক্ত ৰাজ্য বিভক্ত হৈ পৰিল। ৰহবিয়ামে দক্ষিণ ভাগত যিহূদা আৰু বিন্যামীন ফৈদ্য আৰু যাৰবিয়ামে উত্তৰ ভাগত ইস্ৰায়েলৰ দহ ফৈদ্যৰ ওপৰত ৰাজত্ব কৰিব ধৰিলে।
যাৰবিয়ামে যিৰূচালেমলৈ গৈ উপাসনা কৰিবলৈ বাদ দি দান আৰু বৈৎএলত দুটা সোণৰ দামুৰী স্থাপন কৰিলে। যাৰবিয়ামৰ পিছত অহা ৰজাসকল হৈছে নাদব, বাচা, এলা, জিম্ৰী, তিব্নী, অম্ৰী, আহাব আৰু অহজিয়া। যিহূদাত ৰহবিয়ামৰ পিছত অহা ৰজাসকল হৈছে অবিয়াম, আচা, যিহোচাফট আৰু যিহোৰাম। এই ৰজাবিলাকৰ কালত ভৱিষ্যতবক্তা হৈ কাৰ্য্য কৰা সকল হৈছে, অহিয়া, চময়িয়া, ঈশ্বৰৰ কোনো বেনামী ব্যক্তি, যেহূ, এলিয়া আৰু মীখায়া।
শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:
১৮:২১—এলিয়াই হয় যিহোৱাৰ নহয় বাল দেৱতাৰ পিছত চলা বুলি কোৱাত লোকসকলে কিয় মৌন হৈ থাকিল? সম্ভৱতঃ লোকসকলে যিহোৱাক একান্ত ভক্তি দিয়াত বিফল হোৱাৰ বিষয়ে জানিব পাৰিছিল আৰু নিজকে দোষী অনুভৱ কৰিছিল। নতুবা তেওঁলোকৰ মন ইমানেই কঠিন হৈ ১ ৰাজাৱলি ১৮:৩৯.
পৰিছিল যে, বাল দেৱতাক উপাসনা কৰাৰ স্বত্বেও নিজকে যিহোৱাৰ উপাসক বুলি দাবী কৰিছিল। কেৱল যিহোৱা ঈশ্বৰে নিজৰ শক্তি প্ৰকাশ কৰাৰ পিছতহে তেওঁলোকে প্ৰমাণ পালে আৰু এইদৰে কʼব ধৰিলে: “যিহোৱায়েই [সত্য, NW] ঈশ্বৰ, যিহোৱায়েই ঈশ্বৰ।”—২০:৩৪—যিহোৱা ঈশ্বৰে আহাবক অৰামীয়াবিলাকৰ ওপৰত জয় লাভ কৰিবলৈ সহায় কৰাৰ পিছত আহাবে কিয় তেওঁবিলাকৰ ৰজা বিন-হদদক ক্ষমা কৰিলে? আহাবে বিন-হদদক বধ কৰাৰ পৰিৱৰ্তে তেওঁৰ সৈতে এক চুক্তি কৰিলে। সেই চুক্তিৰ অনুসাৰে অৰামীয়াৰ ৰাজধানী দম্মেচক চহৰখন বাণিজ্যিক কেন্দ্ৰ বনাবলৈ আহাবক দিয়া হʼল। পূৰ্বে বিন-হদদৰ পিতৃয়ে সেই উদ্দেশ্যৰে চমৰিয়া চহৰখন লৈছিল। গতিকে বিন-হদদে বাণিজ্যিক কেন্দ্ৰ বনাবলৈ সেই চহৰখন আহাবক দিলে।
আমাৰ বাবে শিক্ষামূলক পাঠ:
১২:১৩, ১৪. জীৱনত কোনো গম্ভীৰ নিৰ্ণয় লোৱাৰ সময়ত আমি অৱশ্যেই শাস্ত্ৰৰ জ্ঞান আৰু ঈশ্বৰৰ সিদ্ধান্তসমূহৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা পৰিপক্ক ব্যক্তিসকলৰ পৰামৰ্শ লোৱা উচিত।
১৩:১১-২৪. সঙ্গী খ্ৰীষ্টান ভাই-ভনীৰ পৰা অহা কোনো পৰামৰ্শ বা উপদেশ যদি সন্দেহজনক হয়, তেন্তে ঈশ্বৰৰ বাক্যৰ সৈতে তুলনা কৰা আৱশ্যক।—১ যোহন ৪:১.
১৪:১৩. যিহোৱাই উত্তমতা বিচাৰি পোৱাৰ উদ্দেশ্যৰে আমাক সম্পূৰ্ণকৈ পৰীক্ষা কৰে। আমাৰ যিমানেই কম পৰিমাণে উত্তমতা নাথাকক কিয়, তেওঁ তাক বৃদ্ধি কৰি আমাক তেওঁৰ সেৱাৰ বাবে উপযুক্ত কৰি তুলে।
১৫:১০-১৩. আমি মিছা ধৰ্মত্যাগকৰণ শিক্ষাক দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰি সত্য উপাসনাক বিকশিত কৰা উচিত।
১৭:১০-১৬. চাৰিফৎ নামৰ ঠাইত থকা বিধৱা স্ত্ৰীগৰাকীয়ে ভৱিষ্যতবক্তা এলিয়াক চিনিব পাৰি তেওঁ নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰিলে আৰু যিহোৱা ঈশ্বৰে তাই কৰা বিশ্বাসৰ কাৰ্য্যৰ বাবে আশীৰ্ব্বাদ কৰিলে। একেইদৰে বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে আমি কৰা বিশ্বাসৰ কাৰ্য্যবোৰক লক্ষ্য কৰে আৰু যিসকলে বিভিন্ন প্ৰকাৰে তেওঁৰ ৰাজ্যৰ কাৰ্য্যক সমৰ্থন কৰে, তেওঁলোকক আশীৰ্ব্বাদ কৰে।—মথি ৬:৩৩; ১০:৪১, ৪২; ইব্ৰী ৬:১০.
১৯:১-৮. অত্যন্ত বিৰোধিতাৰ সম্মুখীন হোৱাৰ সময়ত আমি যিহোৱা ঈশ্বৰৰ সমৰ্থন লাভ কৰাৰ আশ্বাস ৰাখিব পাৰোঁ।—২ কৰিন্থীয়া ৪:৭-৯.
১৯:১০, ১৪, ১৮. সত্য উপাসকসকল কেতিয়াও অকলশৰীয়া নহয়। তেওঁলোকৰ বাবে যিহোৱা আৰু বিশ্বব্যাপী ভাতৃত্ব সমাজ আছে।
১৯:১১-১৩. যিহোৱা ঈশ্বৰ কোনো প্ৰাকৃতিক বা প্ৰাকৃতিক শক্তিৰ ব্যক্তিত্ব থকা ঈশ্বৰ নহয়।
২০:১১. বিন-হদদে ইস্ৰায়েলৰ চমৰিয়া চহৰখন ধ্বংস কৰিবলৈ ডাংকোপ মাৰোতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি এইদৰে কৈছিল: “যি মানুহে ৰণৰ সাজ গাত পিন্ধে, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহঙ্কাৰ নকৰক।” একেইদৰে আমিও কোনো নতুন কাৰ্য্য কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়ত অহঙ্কাৰেৰে আত্মবিশ্বাস ৰাখা উচিত নহয়।—হিতোপদেশ ২৭:১; যাকোব ৪:১৩-১৬.
আমাৰ বাবে এক মহান মূল্য ৰাখে
চীনয় পৰ্ব্বতত ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰি মোচিয়ে ইস্ৰায়েলৰ সন্তানবিলাকক এইদৰে কৈছিল: “চোৱা, আজি মই তোমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ। আজি মই তোমালোকক যিবোৰ আজ্ঞা দিছোঁ, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো আজ্ঞালৈ যদি কাণ দিয়া, তেন্তে তোমালোকে সেই আশীৰ্ব্বাদ পাবা; আৰু যদি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদি, মই আজি তোমালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, . . . তেন্তে সেই শাও পাবা।”—দ্বিতীয় বিবৰণ ১১:২৬-২৮.
প্ৰথম ৰাজাৱলি কিতাপখনত কিমান যে স্পষ্টকৈ সত্যতাৰ গুৰুত্বতাৰ বিষয়ে আমাক সোঁৱৰাই দিছে! তদুপৰি আমি লক্ষ্য কৰিলোঁ যে এই কিতাপখনৰ পৰা এক মূল্যৱান পাঠ শিকিব পাৰিলোঁ। দৰাচলতে, ইয়াৰ বাৰ্ত্তা জীয়া আৰু কাৰ্য্যসাধক।—ইব্ৰী ৪:১২. (w05 7/1)
[২৯ পৃষ্ঠাৰ ছবি]
মন্দিৰ আৰু আন অট্টালিকাবোৰ চলোমানে নিৰ্মাণ কৰিছিল
[৩০ পৃষ্ঠাৰ ছবি]
যিহোৱা ঈশ্বৰে নিজৰ শক্তি প্ৰকাশ কৰাত লোকসকলে এইদৰে কʼব ধৰিলে: “যিহোৱায়েই একমাত্ৰ সত্য ঈশ্বৰ!”