Skip to content

Skip to table of contents

সকলো জাতিৰ বাবে শুভবাৰ্ত্তা

সকলো জাতিৰ বাবে শুভবাৰ্ত্তা

সকলো জাতিৰ বাবে শুভবাৰ্ত্তা

‘পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।’—পাঁচনিৰ কৰ্ম্ম ১:৮.

১. আমি ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱাৰ বাবে কিহৰ বিষয়ে মনোযোগ দিয়া উচিত আৰু কিয়?

 এজন দক্ষতাপূৰ্ণ শিক্ষকে বিদ্যাৰ্থীসকলক কি কয় কেৱল সেই বিষয়ে নহয়, কিন্তু কেনেকৈ কৈছে সেই বিষয়েও মনোযোগ দিয়ে। আমিও বাইবেল সত্যতাৰ শিক্ষক হোৱাৰ বাবে সেই একেইদৰে কৰা উচিত। আমি কেনেকৈ আৰু কি পদ্ধতিৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ, সেই বিষয়ে মনোযোগ দিয়া আৱশ্যক। ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা আমাৰ বাৰ্ত্তা কেতিয়াও সলনি নহয়, কিন্তু পৰিস্থিতিৰ অনুসাৰে কেতিয়াবা প্ৰচাৰ কৰা আমাৰ পদ্ধতিক সলনি কৰিব পাৰোঁ। কিয় তেনেদৰে কৰা প্ৰয়োজন? কিয়নো এই শুভবাৰ্ত্তা সকলোকে জনোৱাটোৱেই হৈছে আমাৰ আন্তৰিক ইচ্ছা।

২. প্ৰচাৰ কাৰ্য্যৰ পদ্ধতিত সাল-সলনি কৰাৰ সম্পৰ্কে আমি কোনসকলৰ আৰ্হিক অনুকৰণ কৰোঁ?

দৰাচলতে, আমি প্ৰচাৰ কৰা আমাৰ পদ্ধতিত তেনে সাল-সলনি কৰি অতীতৰ ঈশ্বৰৰ লোকসকলক অনুকৰণ কৰাৰ প্ৰমাণ দিওঁ। এই সম্পৰ্কে পাঁচনি পৌলে ৰাখা আৰ্হিক বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “যিহূদীবিলাকলৈ যিহূদীৰ নিচিনা হলোঁ . . . বিধানহীনবিলাকলৈ বিধানহীন জনৰ নিচিনাই হলোঁ। দুৰ্ব্বলবিলাকক পাবলৈ, দুৰ্ব্বলবিলাকলৈ দুৰ্ব্বল হলোঁ; . . . সেই সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে, অৰ্থাৎ তাৰ সহভাগী হবলৈহে কৰোঁ।” (১ কৰিন্থীয়া ৯:১৯-২৩) তেনেদৰে সাল-সলনি কৰাৰ দ্বাৰা পৌলে কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিব পাৰিলে। যদি আমিও প্ৰচাৰ এলেকাত থকা ব্যক্তিসকলৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যৰ পদ্ধতিক সাল-সলনি কৰোঁ, তেন্তে নিশ্চয়ে কাৰ্য্যকাৰী হʼব পাৰিম।

‘পৃথিৱীৰ শেষ সীমালৈকে’

৩. (ক) প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে আমি কেনে এক প্ৰত্যাহ্বানৰ সম্মুখীন হৈছোঁ? (খ) বৰ্তমান সময়ত যিচয়া ৪৫:২২ পদটো কেনেদৰে পূৰ্ণতা হোৱা দেখা গৈছে?

শুভবাৰ্ত্তা প্ৰচাৰ “গোটেই জগততে” অৰ্থাৎ অতি বৃহৎ এলেকাত কৰিবলগীয়া হোৱাৰ বাবে এক প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে। (মথি ২৪:১৪) বিগত শতিকাত বহুতো যিহোৱাৰ সাক্ষীয়ে নতুন ঠাইবোৰলৈ গৈ প্ৰচাৰ কৰিবলৈ অনেক পৰিশ্ৰম কৰিলে। কিন্তু ইয়াৰ কেনে ফলাফল পোৱা গʼল? আমি সেই ফলাফল বিশ্বব্যাপি বৃদ্ধি হোৱা ৰিপোৰ্টত দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে, বিংশ শতিকাৰ আৰম্ভণিত মাত্ৰ কিছুমান দেশতেহে প্ৰচাৰ কাৰ্য্য কৰা হৈছিল। কিন্তু আজি যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত কাৰ্য্যকাৰীভাৱে প্ৰচাৰ কৰিছে। বাস্তৱতে, ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তা প্ৰায়ে ‘পৃথিৱীৰ শেষ সীমালৈকে’ কৰা হৈছে বুলি কʼব পাৰি।—যিচয়া ৪৫:২২.

৪, ৫. (ক) সকলো ঠাইতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কোনসকলে এক বিশেষ ভূমিকা আদায় কৰিছে? (খ) অন্য দেশবোৰত সেৱা কৰি থকা সাক্ষী ভাই-ভনীসকলৰ বিষয়ে কিছুমান শাখা কাৰ্য্যালয়ে কি কৈছে?

কেনে কাৰণসমূহৰ বাবে তেনে ধৰণৰ উন্নতি দেখিবলৈ পোৱা গৈছে? ইয়াৰ বহুতো কাৰণ হʼব পাৰে। উদাৰণস্বৰূপে, অলপতে বহুতো মিচনেৰীয়ে ৱাচ্ছটাৱাৰ বাইবেল স্কুল অৱ গিলিয়েড্‌ আৰু ২০,০০০ তকৈ অধিক ভাইসকলে মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুলত প্ৰশিক্ষণ লাভ কৰিলে। আন বহুতে নিজৰ খৰছ বহন কৰি আৱশ্যক থকা দেশবোৰলৈ গৈ প্ৰচাৰ কৰিছে। তেনে আত্মত্যাগ মনোবৃত্তি দেখুৱা পুৰুষ-স্ত্ৰী, ডেকা, বৃদ্ধ, বিবাহিত আৰু অবিবাহিত ব্যক্তিসকলে গোটেই পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কৰাত এক বিশেষ ভূমিকা আদায় কৰিছে। (গীত ১১০:৩; ৰোমীয়া ১০:১৮) ইয়াৰ বাবে তেওঁলোক সঁচাকৈ প্ৰশংসাৰ যোগ্য। অন্য দেশবোৰৰ পৰা ভাই-ভনীসকলে আহি আৱশ্যকতা থকা দেশবোৰলৈ গৈ প্ৰচাৰ কৰাৰ বিষয়ে সেই দেশবোৰত থকা শাখা কাৰ্য্যালয়ে কেনে মন্তব্য দিছে, সেই বিষয়ে মন কৰক।

“এই প্ৰিয় সাক্ষীসকলে নগৰৰ পৰা নিলগত থকা বিচ্ছিন্ন এলেকাবোৰলৈ গৈ প্ৰচাৰ কৰিবলৈ আগভাগ লৈছে, ঠায়ে ঠায়ে নতুন মণ্ডলীবোৰ স্থাপন কৰিছে আৰু স্থানীয় ভাই-ভনীসকলৰ আধ্যাত্মিক উন্নতিৰ বাবে সহায় আগবঢ়াইছে।” (ইকুয়েডৰ) “যদি ইয়াত সেৱা কৰা শ শ বিদেশী ভাই-ভনীসকলে কোনো কাৰণে দেশ এৰি যাবলগীয়া হয়, তেন্তে মণ্ডলীসমূহৰ স্থিৰতাত গভীৰভাৱে প্ৰভাৱ পৰিব। তেওঁলোকৰ সৈতে সঙ্গতি কৰিবলৈ পোৱাটো এক মহান আশীৰ্ব্বাদ।” (ডোমিনিকান ৰিপাব্লিক) “আমাৰ বেছিভাগ মণ্ডলীত ভনীসকলৰ সংখ্যা অধিক আৰু কেতিয়াবা ই ৭০ শতাংশ লৈকে বৃদ্ধি হয়। (গীত ৬৮:১১) তেওঁলোকৰ অধিক সংখ্যকেই অলপতে সত্য শিকিবলৈ আৰম্ভ কৰিছে। কিন্তু বিভিন্ন দেশৰ পৰা অহা অবিবাহিত ভনীসকলে এই নতুনকৈ অহাসকলক সত্যত আগবাঢ়িবলৈ বহু প্ৰকাৰে সহায় আগবঢ়াইছে। বিদেশৰ পৰা অহা এই ভনীসকল আমাৰ বাবে বাস্তৱতে এক আশীৰ্ব্বাদস্বৰূপ।” (পূব ইউৰোপত থকা এখন দেশ) আপুনি অন্য দেশলৈ গৈ ঈশ্বৰৰ সেৱা কৰাৰ বিষয়ে কেতিয়াবা ভাবিছেনে? aপাঁচনিৰ কৰ্ম্ম ১৬:৯, ১০.

“আটাই ভাষা কব পৰা দহ জন লোক”

৬. ভাষাৰ সম্বন্ধে প্ৰচাৰ কাৰ্য্যত দেখা দিয়া প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ বিষয়ে জখৰিয়া ৮:২৩ পদত কেনেকৈ বৰ্ণনা কৰিছে?

এই কাৰ্য্যৰ সম্বন্ধে থকা আন এক প্ৰধান প্ৰত্যাহ্বানজনক বিষয়টো হৈছে, ভিন্ন ভাষা কোৱা লোকসকলক কেনেকৈ শুভবাৰ্ত্তা শুনাব পাৰি। এই বিষয়ে ঈশ্বৰৰ বাক্যত এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” (জখৰিয়া ৮:২৩) এই ভৱিষ্যতবাণীত উল্লেখ কৰা দহ জন লোক বৰ্তমান সময়ত এক বৰ লোকসমূহক বুজাইছে, যাৰ বিষয়ে প্ৰকাশিত বাক্য ৭:৯ পদত পঢ়িবলৈ পোৱা যায়। লক্ষ্য কৰক যে জখৰিয়াৰ ভৱিষ্যতবাণীৰ অনুসাৰে সেই ‘দহ জন লোক” কেৱল সকলো জাতিৰেই নহয়, কিন্তু আটাই ভাষা কব পৰাসকলৰ’ পৰাও ওলাই আহিব লগিছিল। ভৱিষ্যতবাণীৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ পূৰ্ণতা হোৱা আমি দেখিবলৈ পাইছোঁনে? নিশ্চয়ে দেখিবলৈ পাইছোঁ।

৭. কেনে পৰিসংখ্যাই দেখুৱাইছে যে “আটাই ভাষা” কোৱা লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে?

এতিয়া কিছুমান পৰিসংখ্যাৰ বিষয়ে বিবেচনা কৰক। আজিৰ পৰা পঞ্চাছ বছৰ পূৰ্বে আমাৰ সাহিত্যবোৰ কেৱল ৯০ টা ভাষাত প্ৰকাশ কৰা হৈছিল। কিন্তু বৰ্তমান ৪০০ তকৈও অধিক ভাষাত প্ৰকাশ কৰা হৈছে। আনকি কম সংখ্যক লোকে কোৱা তেওঁলোকৰ ভাষাৰ বাবেও ‘বিশ্বাসী আৰু বুদ্ধিমান দাসে’ সাহিত্য প্ৰকাশ কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিছে। (মথি ২৪:৪৫) উদাহৰণস্বৰূপে, বৰ্তমান গ্ৰীনলেন্ডীয় (৪৭,০০০ জন), পালাৱান (১৫,০০০ জন) আৰু য়েপচী (প্ৰায় ৭,০০০ জনতকৈও কম) লোকে কোৱা ভাষাৰ বাবে বাইবেল আধাৰিত সাহিত্যবোৰ প্ৰকাশ কৰা হৈছে।

“এখন বৰ দুৱাৰে” অনেক সুযোগ মুকলি কৰিছে

৮, ৯. কেনে ধৰণে হোৱা বৃদ্ধিৰ বাবে “এখন বৰ দুৱাৰ” মুকলি হৈছে আৰু এই সম্বন্ধে হাজাৰ হাজাৰ ভাই-ভনীয়ে কেনে প্ৰচেষ্টা কৰিছে?

বৰ্তমান সময়ত আমি হয়তো ভিন্ন ভাষা কোৱা লোকসকলৰ দেশবোৰত গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো আৱশ্যক নহʼব পাৰে। কিছু বছৰৰ পৰা উন্নয়নশীল দেশবোৰত নিগাজীকৈ থাকিবলৈ অহা কোটি কোটি অপ্ৰবাসী আৰু শৰণাৰ্থী সকল হৈছে ভিন্ন ভাষা কোৱা লোক। উদাহৰণস্বৰূপে, ফ্ৰান্সৰ পেৰিছ চহৰত প্ৰায় ১০০ টা, কানাডাৰ টৰন্ট’ চহৰত ১২৫ টা আৰু ইংলেণ্ডত ৩০০ তকৈ অধিক ভিন্ন ভাষা কোৱা ব্যক্তিসকল আছে। ই বহুতো মণ্ডলীৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ “এখন বৰ দুৱাৰ” মুকলি কৰিছে।—১ কৰিন্থীয়া ১৬:৯.

এই সকলো ভাষাৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ হাজাৰ হাজাৰ সাক্ষী ভাই-ভনীয়ে অন্য ভাষা শিকিছে। যদিও তেওঁলোকৰ অধিক সংখ্যকে নতুন ভাষা শিকিবলৈ অনেক প্ৰচেষ্টা কৰিবলগীয়া হৈছে, তথাপিও তেওঁলোকে অপ্ৰবাসী আৰু শৰণাৰ্থী সকলক বাইবেল সত্যতাৰ বিষয়ে জনাবলৈ পাই অতি আনন্দিত হৈছে। এই কেই বছৰত পশ্চিম ইউৰোপৰ এখন দেশত আয়োজিত কৰা জিলা অধিৱেশনবোৰত বাপিষ্মা লোৱা ৪০ শতাংশ ভাই-ভনী আন দেশবোৰৰ পৰা আছিল।

১০. সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা নামৰ নতুন কিতাপখন আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে? (২৭ পৃষ্ঠাত দিয়া “সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা, কিতাপখনৰ বৈশিষ্ট্যসমূহ” নামৰ বক্সটো চাওক।)

১০ এইটো সঁচা যে আমাৰ বহুতৰ বাবে অন্য ভাষা শিকাটো সুবিধাজনক নহʼব পাৰে। তথাপিও আমি অলপতে প্ৰকাশিত হোৱা সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা নামৰ নতুন কিতাপখন ব্যৱহাৰ কৰি তেনে অপ্ৰবাসী লোকসকলক শুভবাৰ্ত্তা শুনাব পাৰোঁ। b তদুপৰি এই কিতাপখনত উল্লেখ কৰা বাইবেলৰ শুভবাৰ্ত্তাটো বহুতো ভাষাত অনুবাদ কৰা হৈছে। (যোহন ৪:৩৭) আপুনি এই কিতাপখন প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলেনে?

শুভবাৰ্ত্তাৰ প্ৰতি লোকসকলে মনোযোগ নিদিয়াৰ সময়ত

১১. কিছুমান এলেকাত কেনে অতিৰিক্ত প্ৰত্যাহ্বানজনক পৰিস্থিতি দেখিবলৈ পোৱা যায়?

১১ এই জগতখনত চয়তানৰ প্ৰভাৱ অধিককৈ হোৱাৰ বাবে আজি লোকসকলত অনাগ্ৰহতা মনোবৃত্তি বিকশিত হৈছে আৰু সেইবাবে ই এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। তথাপিও ই আমাৰ বাবে কোনো আচৰিত বিষয় নহয়। কিয়নো যীচুৱে আগতীয়াকৈ তেনে পৰিস্থিতি দেখা দিব বুলি কৈছিল। তেওঁ আমাৰ সময়ৰ বিষয়ে উদ্দেশ্য কৰি এইদৰে কৈছিল: “অধৰ্ম্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।” (মথি ২৪:১২) আনকি ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি থকা লোকসকলৰ বিশ্বাসো ম্লান হৈ পৰিছে। (২ পিতৰ ৩:৩, ৪) কিছুমান ঠাইত কেৱল কম সংখ্যক লোকেহে সত্যতাক গ্ৰহণ কৰা দেখা গৈছে। যিয়েই নহওঁক, আমাৰ বিশ্বাসী ভাই-ভনীসকলে কৰা প্ৰচেষ্টা ব্যৰ্থ হোৱা নাই। (ইব্ৰী ৬:১০) কিয় ব্যৰ্থ হোৱা নাই বুলি কʼব পাৰি? এই বিষয়ে তলত দিয়া কাৰণসমূহ বিবেচনা কৰক।

১২. আমাৰ প্ৰচাৰ কাৰ্য্যৰ সৈতে সম্পৰ্ক থকা দুটা মূখ্য কাৰণ কি?

১২ আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ সম্বন্ধে থকা দুটা মুখ্য কাৰণৰ বিষয়ে মথি নামৰ কিতাপখনত দাঙি ধৰা হৈছে। ইয়াৰ প্ৰথমটো হৈছে, “সকলো জাতিকে শিষ্য” বনোৱা। (মথি ২৮:১৯) দ্বিতীয়টো, সকলো জাতিলৈ “সাক্ষ্য” হোৱাকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা। (মথি ২৪:১৪) মুখ্যতভাৱে, ইয়াৰ দ্বিতীয় বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে?

১৩, ১৪. (ক) যীচুৰ আগমন হোৱাৰ সম্বন্ধে থকা উল্লেখনীয় বৈশিষ্ট্যতাটো কি? (খ) যদি আমি লোকসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহকতা নেদেখুৱা এলেকাবোৰত কাৰ্য্য কৰিছোঁ, তেন্তে কিহৰ বিষয়ে মনত ৰাখা উচিত?

১৩ পাঁচনিসকলে যীচুক সোধা বিষয়ে মথি কিতাপত এইদৰে পঢ়িবলৈ পোৱা যায়: “এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” (মথি ২৪:৩) তেতিয়া যীচুৱে তেওঁলোকক গোটেই জগতত প্ৰচাৰ কাৰ্য্য সম্পন্ন হোৱা বিষয়টোৰ সম্পৰ্কে নিৰ্দ্দেশিত কৰিছিল। ইয়াত তেওঁ শিষ্য বনোৱা কাৰ্য্যৰ বিষয়েও কৈছিলনে? নিশ্চয়ে কোৱা নাছিল। বৰঞ্চ, তেওঁ এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) তেনেদৰে কোৱাৰ দ্বাৰা যীচুৱে প্ৰচাৰ কাৰ্য্য যে সেই গুৰুত্বপূৰ্ণ চিহ্নৰ এক অংশ, সেই বিষয়ে দাঙি ধৰিছিল।

১৪ এইটো মনত ৰাখা উচিত যে আমি যদিও শিষ্য বনোৱা কাৰ্য্যত সফলতা নাপাব পাৰোঁ, তথাপিও “সাক্ষ্য” দিয়াত সফলতা লাভ কৰোঁ। আমি কৰা প্ৰচাৰ কাৰ্য্যৰ বিষয়ে নেতিবাচক মনোবৃত্তি ৰখা লোকসকলেও অজ্ঞাত নহয়। এইদৰে আমি যীচুৰ ভৱিষ্যতবাণী পূৰ্ণতা হোৱাত অংশ গ্ৰহণ কৰিছোঁ। (যিচয়া ৫২:৭; প্ৰকাশিত বাক্য ১৪:৬, ৭) এই সম্পৰ্কে দক্ষিণ ইউৰোপত থকা ৰ্জডে নামৰ এগৰাকী যুৱতী সাক্ষীয়ে এইদৰে কৈছে: “যিহোৱাই মোক মথি ২৪:১৪ পদটো পূৰ্ণতা কৰিবলৈ ব্যৱহাৰ কৰিছে বুলি জানি মই অতি আনন্দিত হৈছোঁ।” (২ কৰিন্থীয়া ২:১৫-১৭) নিঃসন্দেহ, আপুনিও হয়তো সেই একেইদৰে অনুভৱ কৰিছে।

শুভবাৰ্ত্তাৰ বাবে বিৰোধিতাৰ সম্মুখীন হোৱা

১৫. (ক) যীচুৱে তেওঁৰ শিষ্যবিলাকক কিহৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰিছিল? (খ) বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্বেও নিৰন্তৰে প্ৰচাৰ কৰিবলৈ কিহে সহায় কৰিছে?

১৫ লোকসকলে আমাৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি কৰা বিৰোধিতাই এক প্ৰত্যাহ্বানজনক পৰিস্থিতি সৃষ্টি কৰিছে। এই সম্পৰ্কে যীচুৱে তেওঁ শিষ্যবিলাকক আগতীয়াকৈ সতৰ্ক কৰি এইদৰে কৈছিল: “মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ নিচিনা বৰ্তমান সময়ৰ যীচুৰ অনুগামীসকলেও বিৰোধিতা, তাড়নাৰ সম্মুখীন আৰু ঘৃণাৰ পাত্ৰ হৈছে। (পাঁচনিৰ কৰ্ম্ম ৫:১৭, ১৮, ৪০; ২ তীমথিয় ৩:১২; প্ৰকাশিত বাক্য ১২:১২, ১৭) কিছুমান দেশত তেওঁলোকৰ কাৰ্য্যৰ ওপৰত চৰকাৰে প্ৰতিবন্ধ লগাইছে। তথাপিও যিহোৱাৰ আজ্ঞাৰ অনুসাৰে চলি তেওঁলোকে একেৰাহে প্ৰচাৰ কাৰ্য্য কৰি আছে। (আমোচ ৩:৮; পাঁচনিৰ কৰ্ম্ম ৫:২৯; ১ পিতৰ ২:২১) তেওঁলোকক আৰু বিশ্বব্যাপী থকা যিহোৱাৰ সাক্ষীৰ আন আন ভাই-ভনীসকলক নিৰন্তৰে এই কাৰ্য্য কৰিবলৈ কিহে শক্তি প্ৰদান কৰিছে? দৰাচলতে, তেওঁবিলাকক যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ দ্বাৰা শক্তি প্ৰদান কৰিছে।—জখৰিয়া ৪:৬; ইফিচীয়া ৩:১৬; ২ তীমথিয় ৪:১৭.

১৬. যীচুৱে কেনেকৈ প্ৰচাৰ কাৰ্য্য আৰু পবিত্ৰ আত্মাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে দাঙি ধৰিছিল?

১৬ যীচুৱে প্ৰচাৰ কাৰ্য্য আৰু ঈশ্বৰৰ আত্মাৰ মাজত থকা ঘনিষ্ঠতাৰ বিষয়ে এইদৰে কৈছিল: “তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। . . . আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (পাঁচনিৰ কৰ্ম্ম ১:৮; প্ৰকাশিত বাক্য ২২:১৭) এই শাস্ত্ৰ পদত ক্ৰমাগতভাৱে ঘটা ঘটনাবোৰ বিশেষকৈ মনকৰিবলগীয়া। প্ৰথমতে, শিষ্যবিলাকে পবিত্ৰ আত্মাৰ শক্তি পাব আৰু গোটেই বিশ্বত শুভবাৰ্ত্তা প্ৰচাৰ কৰিব বুলি কৈছিল। তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ আত্মাৰে বিশ্বাসত দৃঢ় হোৱাৰ দ্বাৰাহে “সকলো জাতিলৈ সাক্ষ্য” হʼবলৈ এই শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলগীয়া আছিল। (মথি ২৪:১৩, ১৪; যিচয়া ৬১:১, ২) গতিকে যীচুৱে পবিত্ৰ আত্মাক “সহায়কৰ্ত্তা” হিচাপে উল্লেখ কৰাটো যুক্তিসঙ্গত আছিল। (যোহন ১৫:২৬) তদুপৰি তেওঁ ইয়াকো কৈছিল যে পবিত্ৰ আত্মাই শিষ্যবিলাকক কি কʼব লাগে, সেই বিষয়ে শিক্ষা আৰু নিৰ্দ্দেশনা প্ৰদান কৰিব।—যোহন ১৪:১৬, ২৬; ১৬:১৩.

১৭. অত্যন্ত বিৰোধিতাৰ সম্মুখীন হোৱাৰ সময়ত পবিত্ৰ আত্মাই আমাক কেনেকৈ সহায় কৰে?

১৭ বৰ্তমান সময়ত প্ৰচাৰ কাৰ্য্যত অত্যন্ত বিৰোধিতাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই কেনেকৈ আমাক সহায় কৰে? ঈশ্বৰৰ পবিত্ৰ আত্মাই বিৰোধিতাৰ সময়ত নিৰ্ভয়ে বিশ্বাসত দৃঢ় হৈ থাকিবলৈ আমাক শক্তি প্ৰদান কৰে। এই বিষয়ে বিতংকৈ বুজিবলৈ ৰজা চৌলৰ বৃতান্তটোক বিবেচনা কৰক।

ঈশ্বৰৰ পবিত্ৰ আত্মাই বিপক্ষে থিয় দিয়া

১৮. (ক) ৰজা চৌলত কেনে দুশ্চৰিত্ৰ দেখা গʼল? (খ) তেওঁ দায়ূদক বধ কৰিবলৈ কেনে পদ্ধতি অৱলম্বন কৰিছিল?

১৮ আৰম্ভণিতে চৌলে ৰজা হৈ যিহোৱাৰ আজ্ঞাৰ অনুসাৰে চলিছিল। কিন্তু পিছলৈ তেওঁ যিহোৱাৰ আজ্ঞাৰ উলঙ্ঘনকাৰী হৈ পৰিল। (১ চমূৱেল ১০:১, ২৪; ১১:১৪, ১৫; ১৫:১৭-২৩) পৰিণামস্বৰূপে, তেওঁৰ পৰা ঈশ্বৰৰ পবিত্ৰ আত্মা আঁতৰি গʼল আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত হোৱা ভাবী ৰজা দায়ূদক চৌলে ঈৰ্ষা দৃষ্টিৰে চাবলৈ ধৰিলে। (১ চমূৱেল ১৬:১, ১৩, ১৪) তদুপৰি তেওঁ দায়ূদক বধ কৰাৰ বিষয়ে ভাবিব ধৰিলে। এদিন দায়ূদে হাৰ্প বাদ্যযন্ত্ৰ বজাই থাকোঁতে “চৌলে সেই বৰছা মাৰিবলৈ টোৱাই কলে, মই দায়ূদক গড়ে সৈতে শালিম; কিন্তু দায়ূদ দুবাৰ তেওঁৰ ওচৰৰ পৰা ওলাই গল।” (১ চমূৱেল ১৮:১০, ১১) পিছলৈ চৌলে নিজৰ পুতেক যোনাথন অৰ্থাৎ দায়ূদৰ ঘনিষ্ঠ বন্ধুৰ কথা শুনি শপত খাই এইদৰে কৈছিল: “যিহোৱাৰ জীৱনৰ শপত, তাক [দায়ূদক] বধ কৰা নহব।” তথাপিও তেওঁ পুনৰাই “বৰছাৰে দায়ূদক গড়েৰে সৈতে শালিবলৈ চেষ্টা কৰিলে; কিন্তু তেওঁ চৌলৰ সম্মুখৰ পৰা হুঁহকি যোৱাত, তেওঁৰ বৰছা গড়ত সোমাল।” দায়ূদে নিজৰ জীৱন ৰক্ষাৰ অৰ্থে তাৰ পৰা পলাই গʼল। তথাপিও চৌলে তেওঁৰ পাছে পাছে খেদি গৈছিল। তেনে এক কঠিন সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই চৌলৰ বিপক্ষে থিয় দিলে। কিদৰে ঈশ্বৰৰ পবিত্ৰ আত্মাই বিপক্ষে থিয় দিছিল?—১ চমূৱেল ১৯:৬, ১০.

১৯. ঈশ্বৰৰ পবিত্ৰ আত্মাই কেনেকৈ দায়ূদক নিৰাপত্তা প্ৰদান কৰিলে?

১৯ পাছে দায়ূদে ভৱিষ্যতবক্তা চমূৱেলৰ ওচৰলৈ পলাই গৈছিল। কিন্তু চৌলে দায়ূদক ধৰি আনিবলৈ তালৈকেও নিজৰ সৈন্যবাহিনী পঠিয়াইছিল। তেওঁলোকে যেতিয়া দায়ূদে লুকাই থকা স্থানত আহি উপস্থিত হয়, তেতিয়া “ঈশ্বৰৰ আত্মা চৌলৰ দূতবিলাকত স্থিতি হলত, তেওঁবিলাকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।” পবিত্ৰ আত্মাৰ দ্বাৰা অভিভূত হৈ তেওঁলোকৰ অভিযানৰ বিষয়ে সকলোবোৰ পাহৰি গʼল। তেনেদৰে চৌলে প্ৰত্যেকবাৰে পঠোৱা লোকসকলৰ সৈতে ঘটিল। অৱশেষত তেওঁ স্বয়ং দায়ূদক ধৰিব ওলাই গʼল, কিন্তু ঈশ্বৰৰ পবিত্ৰ আত্মাৰ আগত তিষ্ঠিব নোৱাৰিলে। কিয়নো বৃতান্তৰ অনুসাৰে, তেওঁ “গোটেই ৰাতি গোটেই দিন” শক্তিহীন হৈ পৰি থাকিল। দায়ূদে পুনৰাই পলাই যোৱাৰ সুযোগ পালে।—১ চমূৱেল ১৯:২০-২৪.

২০. চৌলৰ বৃতান্তৰ পৰা আমি কি শিকিব পাৰোঁ?

২০ চৌল আৰু দায়ূদৰ সম্বন্ধে থকা বৃতান্তটোৰ পৰা বিশ্বাস দৃঢ় কৰি তুলাৰ বিষয়ে এক শিক্ষা শিকিবলৈ পোৱা যায় আৰু সেয়া হৈছে: ঈশ্বৰৰ পবিত্ৰ আত্মাৰ আগত তেওঁৰ উপাসকসকলৰ বিৰোধকাৰীসকলে কেতিয়াও তিষ্ঠিব নোৱাৰে। (গীত ৪৬:১১; ১২৫:২) দায়ূদে ইস্ৰায়েলৰ ওপৰত ৰজা হোৱাৰ সম্বন্ধে থকা যিহোৱাৰ উদ্দেশ্যক কোনেও সলনি কৰিব নোৱাৰিলে। সেইদৰে যিহোৱাৰ ইচ্ছা এই যে গোটেই জগতত তেওঁৰ “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰা আৰু এই কাৰ্য্যক কোনেও বন্ধ কৰিব নোৱাৰে।—পাঁচনিৰ কৰ্ম্ম ৫:৪০, ৪২.

২১. (ক) বৰ্তমান সময়ত কিছুমান বিৰোধীয়ে কেনে মনোবৃত্তি দেখুৱায়? (খ) আমি কিহৰ বিষয়ে ভাৰসা ৰাখিব পাৰোঁ?

২১ আমাৰ প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিবলৈ কিছুমান ধৰ্ম্মগুৰু আৰু ৰাজনৈতিক নেতাই মিছা অভিযোগ আৰু হিংসাৰ আশ্ৰয় লʼব পাৰে। কিন্তু যিদৰে যিহোৱাই দায়ূদক আধ্যাত্মিকভাৱে সুৰক্ষা প্ৰদান কৰিলে, সেইদৰে আজিৰ সময়ত আমাকো কৰিব। (মলাখী ৩:৬) গতিকে আমি দায়ূদৰ দৰে এইদৰে কোৱা উচিত হʼব: “মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?” (গীত ৫৬:১১; ১২১:১-৮; ৰোমীয়া ৮:৩১) এতেকে আঁহক আমি যিহোৱাৰ সহায়েৰে তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তা সকলো জাতিৰ আগত নিৰন্তৰে প্ৰচাৰ কৰিবলৈ এক দৃঢ় সঙ্কল্প লওঁহঁক। (w05 7/1)

[ফুটনোটবোৰ]

a ২৬ পৃষ্ঠাত দিয়া “এক আন্তৰিক সন্তুষ্টি অনুভৱ কৰা” নামৰ বক্সটো চাওক।

b যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• আমাৰ প্ৰচাৰৰ পদ্ধতিত কিয় সাল-সলনি কৰা উচিত?

• “এখন বৰ দুৱাৰে” কেনে সুযোগবোৰ মুকলি কৰিছে?

• আমাৰ প্ৰচাৰ কাৰ্য্যই অনাগ্ৰহী এলেকাবোৰত কি সম্পন্ন কৰিবলৈ সফল হৈছে?

• বিৰোধীসকলে কিয় ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তা কাৰ্য্যক বন্ধ কৰিব নোৱাৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ বক্স]

“এক আন্তৰিক সন্তুষ্টি অনুভৱ কৰা”

স্পেইনৰ পৰা বলিভিয়ালৈ বসতি কৰিবলৈ অহা এটা পৰিয়ালে এইদৰে মন্তব্য দি কয় যে, “একত্ৰিত হৈ যিহোৱাৰ সেৱা কৰিবলৈ পাই তেওঁলোক আনন্দিত আৰু সুখী হৈছে। পৰিয়ালটোৰ এজন পুতেকে বিচ্ছিন্ন হৈ থকা সমূহক সহায় কৰিবলৈ আগভাগ লʼলে। তেওঁ পোৱা আনন্দই পিতৃ-মাতৃ আৰু পৰিয়ালৰ সকলো সদস্যকে প্ৰভাৱিত কৰিলে। সেই পৰিয়ালৰ ১৪ বছৰৰ পৰা ২৫ বছৰ বয়সৰ চাৰিজন লʼৰাই তাত সেৱা কৰিছিল। তেওঁলোকৰ তিনিজনে এতিয়া অগ্ৰগামী সেৱা আৰু বিচ্ছিন্ন সমূহক সহায় কৰিবলৈ আগভাগ লোৱাজনে অলপতে মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুলৰ দ্বাৰা প্ৰশিক্ষিত হয়।

কানাডাৰ পৰা আহি পূব ইউৰোপীয় দেশত সেৱা কৰা ৩০ বছৰীয়া এনজেলিকাই কয় যে, “ইয়াত যদিও অনেক প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হৈছে, তথাপিও মই লোকসকলক আধ্যাত্মিকভাৱে সহায় কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই তেওঁলোকক সহায় কৰিবলৈ অহাৰ বাবে স্থানীয় ভাই-ভনীসকলে মোক ধন্যবাদ দিয়ে।”

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আহি ডোমিনিকান ৰিপাব্লিকত সেৱা কৰা এনা আৰু লৌৰা নামৰ ২০ বছৰীয়া দুজনী বায়েক-ভনীয়েকে কয় যে, “এই ঠাইৰ লোকসকলৰ বিভিন্ন ৰীতি-নীতিৰ সৈতে নিজকে খাপ খোৱাই লʼবলগীয়া হৈছিল। তথাপিও আমি মিছনেৰী সেৱা কৰিবলৈ ত্যাগ নকৰিলোঁ আৰু যাৰ বাবে আজি আমাৰ সাতজন বাইবেল বিদ্যাৰ্থীয়ে সভাত উপস্থিত হৈছে।” এই দুগৰাকী ভনীয়ে মণ্ডলী নথকা চহৰখনত ঈশ্বৰৰ ৰাজ্য প্ৰচাৰকৰ এক সমূহ সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছে।

যোৱা চাৰি বছৰৰ পৰা ২০ বছৰীয়া লৌৰাই বিদেশত মিছনেৰী সেৱা কৰি আছে। তাই এইদৰে কৈছে: “যিহেতু মই সৰলভাৱে জীৱন-নিৰ্বাহ কৰাৰ বাবে তাৰ প্ৰচাৰকসকলে বুজিব পাৰিছে যে তেনে জীৱন-নিৰ্বাহ কৰাটো দৰিদ্ৰতাৰ লক্ষণ নহয়, কিন্তু সুবিবেচকৰ পৰিচয়। বিশেষকৈ যুৱা ভাই-ভনীসকলক সহায় কৰিবলৈ পোৱাটো মোৰ বাবে এক প্ৰকৃত আনন্দৰ কাৰণ আৰু ইয়ে মোক কঠিনতাৰ সম্মুখীন হোৱাৰ স্বত্বেও বিদেশত মিছনেৰী হিচাপে কাৰ্য্য কৰি থাকিবলৈ সহায় কৰিছে। মোৰ সঙ্কল্প এই যে, যিহোৱাৰ অনুমতি থকালৈকে মই যেন এই কাৰ্য্য একেৰাহে কৰি থাকোঁ।”

[২৬ পৃষ্ঠাৰ বক্স/ছবি]

সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা, কিতাপখনৰ বৈশিষ্ট্যসমূহ

সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা নামৰ কিতাপখনৰ সম্পূৰ্ণ এটা পৃষ্ঠাত ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা অন্তৰ্ভূক্ত কৰা হৈছে, যি ২৯ টা ভাষাত উপলব্ধ আছে। ইয়াত থকা বাৰ্ত্তাটো এনে ধৰণে লিখা হৈছে, যিটোক পঢ়ি গৃহস্থজনে কোনো কিতাপ পঢ়া নহয়, কিন্তু আপোনাৰ সৈতে কথোপকথন হোৱা বুলিহে ভাবিব। ইয়াত অন্য কিছুমান কাৰ্য্যকাৰী বৈশিষ্ট্যৰ বিষয়ে এইদৰে কৈছে:

আন ভাষা কোৱা সকলক কাৰ্য্যকাৰীভাৱে সহায় কৰিবলৈ কেনে পদক্ষেপবোৰ লোৱা উচিত, সেই বিষয়ে কিতাপখনৰ পাতনিত উল্লেখ কৰা হৈছে। অনুগ্ৰহ কৰি সেই পদক্ষেপবোৰৰ বিষয়ে মনোযোগেৰে পঢ়ক, যাতে ইয়াৰ দ্বাৰা আপুনি লোকসকলক উদ্ধাৰৰ পথত চলিবলৈ সহায় কৰিব পাৰে।

সূচিপত্ৰত কেৱল ভাষাৰ বিষয়ে নহয়, কিন্তু তাৰ সৈতে ভাষাৰ চিহ্নবোৰ উল্লেখ কৰা হৈছে। এই বৈশিষ্ট্যতোৱে বিভিন্ন ভাষাত প্ৰকাশিত কৰা আমাৰ ট্ৰেক্ট আৰু আন প্ৰকাশনসমূহৰ ভাষাৰ সঙ্কেটিক চিহ্নবোৰৰ সৈতে পৰিচিত হʼবলৈ সহায় কৰে। এইদৰে আপুনি সহজে আন ভাষাৰ প্ৰকাশনসমূহক চিনি পোৱাত সক্ষম হʼব।

[ছবি]

আপুনি এই কিতাপখন প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিছেনে?