Skip to content

Skip to table of contents

আপুনি সকলো বিষয়তে বিশ্বাসীনে?

আপুনি সকলো বিষয়তে বিশ্বাসীনে?

আপুনি সকলো বিষয়তে বিশ্বাসীনে?

“যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী।”—লূক ১৬:১০.

১. কেনে এক প্ৰকাৰে যিহোৱা হৈছে বিশ্বস্ততা ঈশ্বৰ?

 দিন যোৱাৰ লগে লগে গছ জোপাৰ ছাঁৰ আকাৰ সলনি হোৱা আপুনি লক্ষ্য কৰিছেনে? গছ জোপাৰ ছাঁৰ আকাৰ আৰু দিশ সলনি হোৱা দেখা পোৱা নাযায়নে বাৰু! ঠিক সেইদৰে মানৱৰ প্ৰচেষ্টা আৰু প্ৰতিজ্ঞাৰ সৈতেও হোৱা দেখা যায়। কিন্তু যিহোৱা ঈশ্বৰত তেনে ধৰণৰ কোনো পৰিৱৰ্তন দেখিবলৈ পোৱা নাযায়। পাঁচনি যাকোবে যিহোৱাক “জ্যোতিঃবিলাকৰ সেই পিতৃ” বুলি সম্বোধিত কৰি এইদৰে কৈছিল: “যি জনাৰ অৱস্থান্তৰ আৰু পৰিবৰ্ত্তনৰ ছাঁও নাই।” (যাকোব ১:১৭) যিহোৱাই আনকি ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ বিষয়বোৰতো স্থিৰে থাকে। কিয়নো তেওঁ হৈছে এজন “বিশ্বস্ত ঈশ্বৰ।”—দ্বিতীয় বিবৰণ ৩২:৪.

২. (ক) আমি বিশ্বস্ততা হওঁ নে নহওঁ, সেই বিষয়ে কিয় নিৰীক্ষণ কৰা আৱশ্যক? (খ) বিশ্বস্ততাৰ সম্বন্ধে কেনে প্ৰশ্নবোৰৰ আলোচনা কৰা হʼব?

যিহোৱাই তেওঁৰ উপাসকবিলাকে ৰাখা বিশ্বস্ততাৰ প্ৰতি কেনে দৃষ্টি কৰে? তেওঁ দায়ূদে কোৱাৰ দৰে দৃষ্টি কৰে, যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “দেশৰ বিশ্বাসীবিলাক যেন মোৰ লগত থাকিব, এই নিমিত্তে মই সিবিলাকলৈ চকু ৰাখিম; সিদ্ধ পথত চলোঁতা জনেই মোৰ পৰিচাৰক হব।” (গীত ১০১:৬) যিহোৱাই তেওঁৰ উপাসকবিলাকে বজাই ৰাখা বিশ্বস্ততাক দেখি আনন্দিত হয়। সেইবাবে পাঁচনি পৌলে এইদৰে কʼব পাৰিলে: “ভঁৰালী যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।” (১ কৰিন্থীয়া ৪:২) বিশ্বস্ততা হোৱাৰ সৈতে কি সন্মিলিত আছে? জীৱনৰ কেনেবোৰ ক্ষেত্ৰত আমি বিশ্বস্ততা হোৱাৰ প্ৰমাণ দিব পাৰোঁ? “সিদ্ধ পথত” চলি কেনেবোৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰি?

বিশ্বস্ততা হোৱাৰ অৰ্থ কি

৩. কিহে আমি বিশ্বাসী হোৱাৰ প্ৰমাণ দিব পাৰে?

ইব্ৰী ৩:৫ পদৰ অনুসাৰে যিহোৱাৰ ‘সেৱক মোচিয়ে বিশ্বাসী হোৱাৰ’ প্ৰমাণ দিছিল। এই ভৱিষ্যতবক্তাজনক বিশ্বস্ততা বজাই ৰাখিবলৈ কিহে সহায় কৰিলে? তেওঁ আবাস-তম্বু নিৰ্মাণ আৰু স্থাপিত কৰাৰ সম্বন্ধে ‘যিহোৱাই আজ্ঞা দিয়াৰ দৰে সকলোকে কৰিলে।’ (যাত্ৰাপুস্তক ৪০:১৬) আমি যিহোৱাৰ উপাসক হোৱাৰ বাবে আজ্ঞাকাৰীতাৰে তেওঁৰ সেৱা কৰি বিশ্বস্ততা হোৱাৰ প্ৰমাণ দিব পাৰোঁ। ইয়াৰ অৰ্থ হৈছে আমি অত্যন্ত উৎপীড়ন বা পৰীক্ষাৰ সম্মুখীন হোৱাৰ সময়তো তেওঁৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখা। তথাপিও সফলতাৰে পৰীক্ষাৰ সম্মুখীন হোৱা একমাত্ৰ পদ্ধতি বিশ্বস্ততা হোৱা নহয়। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী; আৰু যি জন অলপ কথাত অযথাৰ্থিক, তেওঁ অধিকতো অযথাৰ্থিক হয়।” (লূক ১৬:১০) ইয়াৰ অৰ্থ হৈছে আমি ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ বিষয়বোৰতো বিশ্বস্ততা বজাই ৰাখা উচিত।

৪, ৫. আমি “অলপ কথাত বিশ্বাসী” হৈ থকাই কিহৰ প্ৰমাণ দিয়ে?

সদায়ে “অলপ কথাত বিশ্বাসী” হোৱাৰ দুটা মুখ্য কাৰণ আছে। ইয়াৰ প্ৰথমটো হৈছে, আমি যিহোৱাৰ আধিপত্যৰ বিষয়ে কি ভাবোঁ, সেই বিষয়ে প্ৰকাশ পায়। এই সম্পৰ্কে বিশ্বস্ততাক লৈ পৰীক্ষাৰ সম্মুখীন হোৱা আদম আৰু হৱাৰ বিষয়ে বিবেচনা কৰক। তেওঁলোকৰ ওপৰত অহা পৰীক্ষা অসহনীয় নাছিল। তেওঁলোকক কেৱল বাগিছাৰ “ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল” নাখাবলৈ নিষেধ কৰিছিল। (আদিপুস্তক ২:১৬, ১৭) এই সামান্য আজ্ঞাটোৰ প্ৰতি নিজৰ বিশ্বস্ততা বজাই ৰাখি তেওঁলোকে যিহোৱাৰ আধিপত্যক সমৰ্থন কৰাৰ প্ৰমাণ দিব পাৰিলেহেঁতেন। সেইদৰে আমি দৈনন্দিন জীৱনত থকা সৰু সৰু বিষয়বোৰত যিহোৱাৰ নিৰ্দ্দেশনা পালন কৰি তেওঁৰ আধিপত্যক সমৰ্থন কৰাৰ প্ৰমাণ দিব পাৰোঁ।

দ্বিতীয়টো হৈছে, ‘অলপ কথাতে’ প্ৰকাশ পোৱা আমাৰ আচাৰ-ব্যৱহাৰে জীৱনৰ জটিল সমস্যাৰ সম্মুখীন হৈ “অধিকতো” কেনে আচৰণ প্ৰতিফলিত কৰিম সেই বিষয়ে স্পষ্ট কৰে। এই সম্পৰ্কে দানিয়েল আৰু তেওঁৰ তিনিজন হীব্ৰু বন্ধু হননিয়া, মীচায়েল আৰু অজৰিয়াৰ সৈতে কি ঘটিছিল, সেই বিষয়ে বিবেচনা কৰক। সা.যু.পূ. ৬১৭ চনত তেওঁলোকক বন্দী কৰি বাবিল চহৰলৈ নিয়া হʼল। তেওঁলোকক কম বয়সতে নবুখদ্‌নেচৰ ৰজাৰ দৰবাৰৰ বাবে বাছনি কৰা হৈছিল। ৰজাৰ আদেশ অনুসাৰে “তেওঁৰ উত্তম খাদ্যদ্ৰব্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা দিনে দিনে তেওঁবিলাকক ভাগ” দিয়া হৈছিল।—দানিয়েল ১:৩-৫.

৬. বাবিলৰ ৰাজ দৰবাৰত দানিয়েল আৰু তিনিজন হীব্ৰু বন্ধুৱে কেনে ধৰণৰ সমস্যাৰ সম্মুখীন হৈছিল?

এই খাদ্য সামগ্ৰীয়ে সেই চাৰিজন হীব্ৰু ডেকা ব্যক্তিৰ বাবে এক প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। কিয়নো মোচিৰ ব্যৱস্থাৰ অনুসাৰে হয়তো ৰজাৰ সুখাদ্যত সন্মিলিত থকা বিশেষ কিছুমান খাদ্য খোৱা নিষেধ আছিল। (দ্বিতীয় বিবৰণ ১৪:৩-২০) সম্ভৱতঃ পৰিবেশন কৰা তেনে খাদ্যত মাংসবোৰ ভালদৰে তেজ উলিয়াই ৰন্ধা নাছিল আৰু তেনে মাংস খোৱাৰ অৰ্থ হৈছে যিহোৱাৰ নিয়ম ভঙ্গ কৰা। (দ্বিতীয় বিবৰণ ১২:২৩-২৫) তদুপৰি সেই খাদ্যবোৰ ভোজনৰ মেজত অনাৰ পূৰ্বে হয়তো বাবিলীয় দেৱী-দেৱতাৰ আগত উৎসৰ্গ কৰা হৈছিল।

৭. দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে দেখুৱা আজ্ঞাকাৰীতাই কিহৰ প্ৰমাণ দিলে?

দৰাচলতে, খাদ্য সম্বন্ধে থকা এনে প্ৰতিবন্ধক কোনো গম্ভীৰ সমস্যাৰ বিষয় নাছিল। তথাপিও দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে নিষেধ কৰা খাদ্যবোৰ খাই নিজকে অশুচি কৰাৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। কিয়নো এই বিষয়টোৱে ঈশ্বৰৰ প্ৰতি বজাই ৰাখা তেওঁলোকৰ বিশ্বস্ততাৰ বাবে এক পৰীক্ষা আছিল। সেইবাবে মাংসৰ পৰিৱৰ্তে তেওঁলোকক শাক-পাচলি দিবলৈ অনুৰোধ কৰাত তেওঁলোকৰ সেই অনুৰোধ মানি লোৱা হৈছিল। (দানিয়েল ১:৯-১৪) কিছুমান লোকৰ বাবে তেওঁলোকে লোৱা এনে পদক্ষেপৰ কোনো অৰ্থ নাথাকিব পাৰে। তথাপিও তেওঁলোকে যে যিহোৱাৰ সাৰ্বভৌমত্বক সমৰ্থন কৰিছে, সেই বিষয়ে যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বস্ততাই দাঙি ধৰিলে।

৮. (ক) তিনিজন হীব্ৰু বন্ধুৱে বিশ্বস্ততাৰ সম্বন্ধে কেনে কঠিন পৰীক্ষাৰ সম্মুখীন হৈছিল? (খ) সেই পৰীক্ষাৰ কেনে ফলাফল দেখা গʼল আৰু ই কিহৰ বিষয়ে দাঙি ধৰিছে?

দানিয়েলৰ তিনিজন বন্ধুৱে সামান্য বিষয়ত দেখুৱা বিশ্বস্ততাই গম্ভীৰ পৰীক্ষাৰ বাবে প্ৰস্তুত হʼবলৈ সহায় আগবঢ়ালে। অনুগ্ৰহ কৰি দানিয়েলৰ কিতাপখনৰ ৩ অধ্যায়টো চাওক আৰু ৰজাই স্থাপন কৰা বৃহৎ সোণৰ মূৰ্ত্তিটোক উপাসনা নকৰাৰ বাবে সেই তিনিজন বন্ধুক মৃত্যুদণ্ডৰ আজ্ঞা দিয়া বৃতান্তটো পঢ়ক। মূৰ্ত্তিটোক দণ্ডৱত নকৰাৰ বাবে যেতিয়া তেওঁলোকক ৰজাৰ ওচৰলৈ অনা হʼল, তেতিয়া তেওঁলোকে নিৰ্ভয়ে এইদৰে কৈছিল: “আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ, আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে; যদি নকৰিলেও, তথাপি, হে মহাৰাজ, আপুনি জানিব, যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম, আপুনি স্থাপন কৰা সোণৰ মূৰ্ত্তিক পূজা নকৰিম।” (দানিয়েল ৩:১৭, ১৮) যিহোৱাই তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো পদক্ষেপ ললেনে? বৃতান্তৰ অনুসাৰে সেই তিনিজন হীব্ৰু ডেকাক অগ্নিকুণ্ডত পেলাবলৈ যোৱা সৈন্য কেইজন হত হʼল, কিন্তু সেই তিনিজন বন্ধুৰ শৰীৰৰ এডাল চুলিও নষ্ট নহʼল! সৰু বিষয়ত দেখুৱা বিশ্বস্ততাই তেওঁলোকক কঠিন পৰীক্ষাৰ সময়তো স্থিৰে থাকিবলৈ সহায় কৰিলে। গতিকে এই উদাহৰণে ক্ষুদ্ৰ বিষয়বোৰত বিশ্বাসী হৈ থকাৰ গুৰুত্বতাৰ বিষয়ে দাঙি নধৰেনে?

‘অযথাৰ্থ ধনৰ’ প্ৰতি দেখুৱা বিশ্বস্ততা

৯. লূক ১৬:১০ পদত উল্লেখ কৰা যীচুৰ বাক্যবোৰ কেনে অৰ্থত ব্যৱহাৰ কৰা হৈছে?

ক্ষুদ্ৰ বিষয়ৰ প্ৰতি দেখুৱা বিশ্বস্ততাৰ বিষয়ে বৰ্ণনা কৰাৰ পূৰ্বে যীচুৱে তেওঁৰ শ্ৰোতাসকলক এইদৰে কৈছিল: “তোমালোকে অযথাৰ্থ ধনেৰে নিজলৈ বন্ধু লাভ কৰা; তাতে সেয়ে ওৰ পৰিলে, তেওঁবিলাকে অনন্ত নিবাসত তোমালোকক গ্ৰহণ কৰিব।” তাৰ পিছত তেওঁ সৰু সৰু বিষয়ৰ প্ৰতি দেখুৱা বিশ্বস্ততাৰ বিষয়ে দাঙি ধৰি এইদৰে কৈছিল: “যদি তোমালোক অযথাৰ্থ ধনত বিশ্বাসী নহলা, তেন্তে আচলটো কোনে তোমালোকক বিশ্বাস কৰি দিব?  . . . কোনো চাকৰে দুজনা গৰাকীত খাটিব নোৱাৰে; কিয়নো সি এজনক ঘিণ কৰি, আন এজনক ভাল পাব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন, উভয়তে খাটিব নোৱাৰা।”—লূক ১৬:৯-১৩.

১০. আমি কেনেকৈ ‘অযথাৰ্থ ধন’ ব্যৱহাৰ কৰাৰ সম্বন্ধে বিশ্বস্ততা হোৱা প্ৰমাণ দিব পাৰোঁ?

১০ দৰাচলতে, যীচুৱে লূক ১৬:১০ পদত উল্লেখ কৰা ‘অযথাৰ্থ ধন,’ আমাৰ ভৌতিক সম্পত্তিক বুজাইছে। অধাৰ্ম্মিক মানুহে বিশেষকৈ টকা-পইছাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ইয়াক অযথাৰ্থ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও ধনী হোৱাৰ অভিলাষৰ সৈতে অধাৰ্ম্মিক কাৰ্য্যবোৰ জড়িত থাকিব পাৰে। আমি সুবিবেচকেৰে ভৌতিক সম্পত্তি ব্যৱহাৰ কৰি বিশ্বস্ততা হোৱা প্ৰমাণ দিওঁ। নিজৰ স্বাৰ্থ পূৰণ কৰাৰ পৰিৱৰ্তে আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যত বা আনৰ সহায়ৰ বাবে ইয়াক ব্যৱহাৰ কৰোঁ। এনে কৰাৰ দ্বাৰা আমি “অনন্ত নিবাসৰ” গৰাকী যিহোৱা আৰু যীচুৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰিম। তদুপৰি তেওঁলোকে আমাক স্বৰ্গত বা পৰমদেশীয় পৃথিৱীত জীয়াই থাকিবলৈ অনুমতি দিব।

১১. আমি গৃহস্থক বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান-বৰঙণি দিয়াৰ বিষয়ে সঙ্কুচিত নকৰাকৈ কিয় জনোৱা উচিত?

১১ ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰাৰ সময়ত বাইবেল বা বাইবেল আধাৰিত সাহিত্যবোৰ বিতৰণ কৰি বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান-বৰঙনি গ্ৰহণ কৰাৰ বিষয়ে আমি কেনেকৈ লোকসকলক বৰ্ণনা কৰোঁ, সেই সম্বন্ধে বিবেচনা কৰক। এনে কৰাৰ দ্বাৰা আমি তেওঁলোকক সুবিবেচকেৰে অযথাৰ্থ ধন ব্যৱহাৰ কৰিবলৈ সুযোগ নিদিওঁনে? লূক ১৬:১০ পদৰ প্ৰযোজ্যতা যদিও মূলতে ভৌতিক ক্ষেত্ৰত ব্যৱহাৰ হয়, তথাপিও ইয়াৰ সিদ্ধান্তটো জীৱনৰ আন আন ক্ষেত্ৰবোৰতো ব্যৱহাৰ হয়।

সাধুতা বাস্তৱতে এক গুৰুত্বপূৰ্ণ বিষয়

১২, ১৩. আমি কেনে ক্ষেত্ৰবোৰত সাধুতা বজাই ৰাখাৰ প্ৰমাণ দিব পাৰোঁ?

১২ পাঁচনি পৌলে এইদৰে লিখিছিল: “আমাৰ সদবিবেক, আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে, ইয়াক আমি দৃঢ় প্ৰত্যেয় কৰোঁ।” (ইব্ৰী ১৩:১৮) নিশ্চয়ে ইয়াত “সকলো বিষয়তে” বুলি উল্লেখ কৰাত আৰ্থিক সম্বন্ধীয় বিষয়ো সন্মিলিত আছে। আমি সময়মতে, সাধুতাৰে ঋণ আৰু কৰ আদায় কৰোঁ। কিয় এনেদৰে কৰোঁ? কিয়নো আমাৰ সদবিবেক, যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু তেওঁৰ নিৰ্দ্দেশনা পালন কৰাৰ বাবে আমি তেনেদৰে কৰিবলৈ প্ৰেৰিত হওঁ। (ৰোমীয়া ১৩:৫, ৬) কাৰোবাৰ হেৰুৱা বস্তু এটা পাই আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ? আমি নিশ্চয়ে গৰাকীজনক বিচাৰি উলিয়াই সেই হেৰুৱা বস্তুটো উভটাই দিবলৈ বিচাৰিম। তদুপৰি ব্যক্তিজনক আমি লোৱা তেনে পদক্ষেপৰ বিষয়ে জনোৱাৰ দ্বাৰা কিযে এক উত্তম সাক্ষ্য দিওঁ!

১৩ সকলো বিষয়তে সাধুতা বজাই ৰাখাৰ সৈতে কৰ্ম্মস্থলতো এই গুণটো প্ৰকাশ কৰা অতি আৱশ্যক। কৰ্ম্মস্থলত প্ৰকাশ পোৱা আমাৰ সাধুতাই আমি উপাসনা কৰা ঈশ্বৰৰ পৰিচয় দিয়ে। আমি কৰ্ম্মস্থলত এলেহুৱা হৈ সময় “অতিবাহিত” নকৰোঁ। বৰঞ্চ, যিহোৱাৰ বাবে আমি পৰিশ্ৰমেৰে কাৰ্য্য কৰোঁ। (ইফিচীয়া ৪:২৮; কলচীয়া ৩:২৩) অনুমান কৰা হৈছে যে ইউৰোপৰ এখন দেশত তিনিভাগৰ এক অংশ কৰ্ম্মচাৰীয়ে কৰ্ম্মৰ পৰা বেমাৰৰ অজুহাত দেখুৱাই ছুটি লʼবলৈ চিকিৎসকৰ পৰা মিছা প্ৰমাণপত্ৰ আনি দাখিল কৰে। কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলে কামৰ পৰা অজুহাত দেখুৱালৈ তেনে কোনো উপায় বিচাৰি নুফুৰে। সেয়েহে সময়ে সময়ে তেওঁলোকৰ পৰিশ্ৰম আৰু সাধুতাৰ বাবে পদোন্নতিৰ সুযোগ পায়।—হিতোপদেশ ১০:৪

পৰিচৰ্য্যা কাৰ্য্যত বিশ্বস্ততা দেখুৱা

১৪, ১৫. পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি বিশ্বস্ততা দেখুৱা কিছুমান পদ্ধতি কি?

১৪ আমি পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি কেনেকৈ বিশ্বস্ততা দেখুৱাব পাৰোঁ? এই সন্দৰ্ভত আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “এতেকে আহাঁ, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” (ইব্ৰী ১৩:১৫) এই সম্বন্ধে বিশ্বস্ততা দেখুৱা সকলোতকৈ উত্তম পদ্ধতিটো হৈছে নিয়মিতৰূপে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱা। আমি যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক নজনোৱাকৈ এটা মাহ এনেই পাৰ হৈ যাবলৈ দিয়াটো উচিতনে? নিয়মিতৰূপে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা আমি নিজৰ কাৰ্য্যকাৰিতা গুণ আৰু পাৰ্গতাক উন্নত কৰিব পাৰিম।

১৫ বিশ্বস্ততা প্ৰকাশ কৰাৰ আন এটা পদ্ধতি হৈছে প্ৰহৰীবুৰুজ আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা প্ৰস্তুতিকৰণবোৰ পৰিচৰ্য্যা কাৰ্য্যত ব্যৱহাৰ কৰা। আমি যেতিয়া উল্লেখ কৰা বা আন ব্যৱহাৰিক পৰামৰ্শবোৰ পালন কৰোঁ, তেতিয়া আমাৰ পৰিচৰ্য্যা কাৰ্য্য আগতকৈ অধিক প্ৰভাৱকাৰী হোৱা অনুভৱ নকৰোঁনে? আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী মনোবৃত্তি দেখুৱা সকলৰ ওচৰত অনতিপলমে গৈ তেওঁলোকৰ আগ্ৰহকতা বৃদ্ধি কৰোঁনে? তদুপৰি গৃহ বাইবেল অধ্যয়ন কৰাৰ বিষয়ে কি কʼব পাৰি? আমি নিয়মিতৰূপে তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন পৰিচালিত কৰোঁনে? পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি দেখুৱা বিশ্বস্ততাই আমাক আৰু আমাৰ বাৰ্ত্তা শুনোতাসকলৰ জীৱন ৰক্ষা কৰিব পাৰে।—১ তীমথিয় ৪:১৫, ১৬.

এই জগতৰ পৰা পৃথকে থকা

১৬, ১৭. আমি কি ধৰণে এই জগতৰ পৰা পৃথকে থকা প্ৰমাণ দিব পাৰোঁ?

১৬ যীচুৱে শিষ্যবিলাকৰ সম্বন্ধে প্ৰাৰ্থনা কৰাৰ সময়ত এইদৰে কৈছিল: “মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ; আৰু মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত, জগতে তেওঁবিলাকক ঘিণালে। মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ-আত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৪-১৬) আমি নিৰপেক্ষতা বজাই ৰাখি, ধৰ্মীয় উৎসৱ, পৰম্পৰাগত নীতি আৰু অমৰ আত্মাৰ দৰে শিক্ষাবোৰত জড়িত নহʼবলৈ দৃঢ় সঙ্কল্প লৈ এই জগতৰ পৰা পৃথকে থাকিব পাৰোঁ। আন সৰু সৰু বিষয়বোৰৰ বিষয়ে কি কʼব পাৰি? আমি অজানিতে এনে কোনো কাৰ্য্যত জড়িত হৈ জগতৰ কাষ চাপি অহাৰ সম্ভাৱনা আছেনে? উদাহৰণস্বৰূপে, আমি যদি পৰিধান কৰা সাজ-পোছাকৰ প্ৰতি সতৰ্কতা অৱলম্বন নকৰোঁ, তেন্তে অশালীনতা হোৱাৰ পৰিচয় দিম! বিশ্বস্ততা হোৱাৰ অৰ্থ ৰূপ-সজ্জা বা সাজ-পোছাকৰ ক্ষেত্ৰত “সুলাজ আৰু সুবোধেৰে” কাৰ্য্য কৰা সন্মিলিত আছে। (১ তীমথিয় ২:৯, ১০) দৰাচলতে, “পৰিচৰ্য্যা-পদ যেন কলঙ্কিত নহয়, এই নিমিত্তে আমি কোনো কথাত বিঘিনি নজন্মাওঁ; কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি” পৰিচয় দিওঁ।—২ কৰিন্থীয়া ৬:৩, ৪.

১৭ যিহোৱাক শ্ৰদ্ধা কৰা বিষয়ে মনত ৰাখি আমি শালীন সাজ-পোছাক পৰিধান কৰি সভাত উপস্থিত হʼম। সেই একেই দৰে আমি বৃহৎ সন্মিলন আৰু অধিৱেশনত উপস্থিত হোৱাৰ সময়তো তেনে ধৰণে পৰিধান কৰিম। আমি পৰিধান কৰা সাজ-পোছাক প্ৰশংসনীয় হোৱা উচিত। কিয়নো শালীনতাৰে পৰিধান কৰা সাজ-পোছাকে উত্তমৰূপে সাক্ষী দিয়াত এক প্ৰমুখ ভূমিকা আদায় কৰে। যিদৰে প্ৰথম শতিকাত স্বৰ্গদূতবিলাকে পাঁচনি পৌল আৰু সঙ্গী খ্ৰীষ্টানসকলৰ কাৰ্য্যকলাপৰ বিষয়ে মনোযোগ দিছিল, সেইদৰে আমাৰ বিষয়েও তেওঁলোকে মনোযোগ দিয়ে। (১ কৰিন্থীয়া ৪:৯) গতিকে আমি সকলো সময়তে শালীনতাৰে সাজ-পোছাক পৰিধান কৰা উচিত। কিছুমানৰ বাবে হয়তো এই বিষয়ে বিশ্বস্ততা দেখুৱাটো সাধাৰণ যেন বোধ হʼব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত ই হৈছে এক গম্ভীৰ বিষয়।

বিশ্বস্ততা দেখুৱাৰ লাভসমূহ

১৮, ১৯. বিশ্বস্ততা দেখুৱাৰ দ্বাৰা কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?

১৮ প্ৰকৃত খ্ৰীষ্টানসকলক “ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে” বুলি কোৱা হৈছে। সেইবাবে তেওঁলোকে ‘ঈশ্বৰে দিয়া শক্তিৰ বাবে সেৱা-শুশ্ৰূষা’ কৰিবলৈ সক্ষম হৈছে। (১ পিতৰ ৪:১০, ১১) সেইদৰে আমি ভঁৰালীস্বৰূপ হোৱা হেতুকে আমাকো যিহোৱাৰ অনুগ্ৰহ আৰু পৰিচৰ্য্যা কাৰ্য্য কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে উত্তম ভঁৰালীস্বৰূপ হʼবলৈ আমি “শক্তিৰ বাহুল্যত” প্ৰদান কৰা ঈশ্বৰৰ শক্তিৰ ওপৰত ভাৰসা ৰাখা উচিত। (২ কৰিন্থীয়া ৪:৭) ভৱিষ্যতে আহিবলগীয়া যিকোনো পৰীক্ষাৰ সৈতে সম্মুখীন হʼবলৈ আমাক কিযে এক উত্তম প্ৰশিক্ষণ দিয়া হৈছে!

১৯ গীতমালা ৰচোঁতাজনে গীত গাই এইদৰে কৈছিল: “হে যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীবিলাকক ৰক্ষা কৰে, কিন্তু গৰ্ব্ব-আচৰণ কৰোঁতাবোৰক অধিক প্ৰতিফল দিয়ে।” (গীত ৩১:২৩) তেনেহলে আঁহক আমি “বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্ত্তা” যিহোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বস্ততা আৰু ভাৰসা ৰাখোঁহঁক।—১ তীমথিয় ৪:১০. (w05 7/15)

আপোনাৰ মনত আছেনে?

• আমি কিয় “অলপ কথাত বিশ্বাসী” হোৱা উচিত?

• আমি কেনেকৈ তলত দিয়া ক্ষেত্ৰবোৰত বিশ্বস্ততা বজাই ৰাখিব পাৰোঁ?

সাধুতা,

পৰিচৰ্য্যা কাৰ্য্য,

জগতৰ পৰা পৃথকে থাকা

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী

[২১ পৃষ্ঠাৰ ছবি]

‘সকলো বিষয়তে সাধুতাৰে আচৰণ কৰক’

[২১ পৃষ্ঠাৰ ছবি]

বিশ্বস্ততা দেখুৱা এটা উত্তম পদ্ধতি হৈছে, প্ৰচাৰ কাৰ্য্যৰ বাবে ভালদৰে প্ৰস্তুত হোৱা

[২২ পৃষ্ঠাৰ ছবি]

সাজ-পোছাক পৰিধান কৰাত শালীনতা বজাই ৰাখক