আশীৰ্ব্বাদজনক এক দীঘলীয়া যাত্ৰা
আশীৰ্ব্বাদজনক এক দীঘলীয়া যাত্ৰা
কঙ্গো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ পৰা পোৱা এটা ৰিপোৰ্টৰ অনুসাৰে লিছালা নামৰ যুদ্ধগ্ৰস্ত এলেকাত “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশনত উপস্থিত হʼবলৈ দুজনী বায়েক ভনীয়েকে নিৰ্ণয় লয়। অধিৱেশনত তেওঁলোকে আধ্যাত্মিক নিৰ্দ্দেশনা, খ্ৰীষ্টান সঙ্গতিৰ আনন্দ লোৱাৰ উপৰিও কিনশ্বাচাত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ৰ পৰা অহা প্ৰতিনিধিসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে আশা কৰিছিল। যিহেতু দেশত গৃহযুদ্ধ হৈ থকাৰ বাবে তেওঁলোকে বহু বছৰৰ পৰা কোনো এজনকো সাক্ষাৎ কৰিব পৰা নাছিল আৰু এতিয়া সুবিধা পোৱাত সেই সুযোগ এৰিব বিচৰা নায়।
এই দুগৰাকী বায়েক ভনীয়েকে বাস কৰা বাচানকোচো নামৰ ঠাইখনৰ পৰা লিছালা চহৰলৈ এখন সৰু নাৱেৰে অৰণ্যৰ মাজেদি দুখন নদী পাৰ হৈ প্ৰায় ৩০০ কিলোমিটাৰ পথ যাত্ৰা কৰিব লাগিছিল। এনেদৰে তেওঁলোকৰ গন্তব্যস্থান পাবলৈ তিনি সপ্তাহ সময় লাগিল। যিহেতু তেওঁলোক উভয়ে ৩ আৰু ১৯ বছৰ সময় পূৰ্ণসময়ৰ সেৱক হোৱাৰ বাবে বাটত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি গʼল। তেওঁলোকে প্ৰায় ১১০ ঘন্টা সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে আৰু ২০০ খন ট্ৰেক্ট, ৩০ খন আলোচনী বিতৰণ কৰিলে।
যাত্ৰাৰ সময়ছোৱাত তেওঁলোকে সাধাৰণতে নদীত পোৱা জলহস্তী আৰু কুম্ভীৰ দেখিবলৈ পালে। এন্ধাৰত তেনে বিপদজনক নদীত যাত্ৰা কৰাটো অসম্ভৱ আছিল আৰু সেয়েহে নিশাৰ সময়ত তেওঁলোকে যাত্ৰা কৰা নাছিল। তদুপৰি তেওঁলোকে বহুতো সৈন্যবাহিনীৰ চকীৰ মাজেৰে যাবলগীয়া হৈছিল।
তেওঁলোকৰ সেই যাত্ৰা যদিও দীঘলীয়া আৰু আমনিদায়ক আছিল, তথাপিও তেওঁলোকে আনন্দিত হʼবলৈ চেষ্টা কৰিলে। তেওঁলোকৰ বাবে লিছালা চহৰত অনুস্থিত হোৱা জিলা সন্মিলনত উপস্থিত হʼবলৈ পোৱাৰ বিষয়ে চিন্তা কৰি অতি আনন্দিত আৰু কৃতজ্ঞতা অনুভৱ কৰিছিল। সত্যতাৰ প্ৰতি তেওঁলোকৰ হৃদয়ত সম্পূৰ্ণ উৎসাহ আৰু ৭,০০০ জন সঙ্গী বিশ্বাসী ভাই-ভনীৰ সৈতে সঙ্গতি কৰি অধিক উৎসাহিত হʼল। জিলা অধিৱেশনৰ পিছত ঘৰলৈ উভতি অহাৰ পথত তেওঁলোকে সেই একেই প্ৰত্যাহ্বানৰ সম্মূখীন হয় আৰু ঘৰত উপস্থিত হৈ তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্যসকলক সুস্থ শৰীৰ আৰু নিৰাপত্তা অৱস্থাত লগ পায়। (w05 8/1)