Skip to content

Skip to table of contents

এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে

এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে

এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে

 পৃথিৱীবাসীয়ে ঈশ্বৰক সন্তুষ্টি কৰা সত্য শিক্ষাৰ বিষয়ে জানিবলৈ, ঈশ্বৰে নিশ্চয়ে মানৱৰ দ্বাৰা নিজৰ বিচাৰধাৰা প্ৰকাশ কৰা উচিত। সেই প্ৰকাশ্য কথা সকলোৱে লাভ কৰা উচিত। তদুপৰি মানৱে ঈশ্বৰ অনুমোদিত মূলনীতি, উপাসনা আৰু আচাৰ-ব্যৱহাৰৰ বিষয়ে জানিবলৈ কেনে উপায় আছে? ঈশ্বৰে এনেবোৰ সংবাদ প্ৰদান কৰিছেনে? যদি কৰিছে, কেনে প্ৰকাৰে?

মাত্ৰ কেই দশক মান জীয়াই থকা কোনো মানুহে ব্যক্তিগতভাৱে সকলো মানুহৰ বাবে ঈশ্বৰৰ সৈতে যোগাযোগ কৰাৰ মাধ্যম হʼব পাৰেনে? অৱশ্যেই নোৱাৰে। কিন্তু ইয়াৰ বিপৰীতে চিৰস্থায়ী লিখিত বাক্যই অৱশ্যেই যোগাযোগৰ মাধ্যম হʼব পাৰে। গতিকে ঈশ্বৰে নিজৰ বিষয়ে এনে এখন পুস্তকৰ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰাৰ বাবে আপুনি কৃতজ্ঞ নহবনে? ঈশ্বৰ-প্ৰেৰিত বাক্য বুলি কোৱা সেই প্ৰাচীন পুস্তকখন হৈছে বাইবেল। এই বিষয়ে এজন বাইবেল লিখকে এইদৰে লিখিছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, . . . সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীম. ৩:১৬, ১৭) বাইবেলখন সত্য শিক্ষাৰ উৎস হয় নে নহয় এই বিষয় আঁহক আমি নিবিড়ভাৱে পৰীক্ষা কৰোঁহঁক।

বাইবেলখন কিমান পুৰণি?

মুখ্য ধৰ্ম্মীয় গ্ৰন্থবোৰৰ ভিতৰত বাইবেলখন হৈছে অতি প্ৰাচীন গ্ৰন্থ, ইয়াৰ প্ৰথম ভাগৰ লিখনি প্ৰায় ৩,৫০০ বছৰৰ পূৰ্বে আৰম্ভ আৰু সা.যু. ৯৮ চনত সমাপ্তি হয়। a বাইবেলখন প্ৰায় ৪০ জন লিখকে ১,৬০০ বছৰত লিখি সম্পূৰ্ণ কৰে। বাইবেলখনৰ লিখনিসমূহ পৰস্পৰৰ মিল আছে। কিয়নো ইয়াৰ আচল গ্ৰন্থকাৰজন কোনো মানুহ নহয় কিন্তু ঈশ্বৰ।

বাইবেলখন হৈছে বিশ্বৰ সকলোতকৈ অধিক অনুবাদিত আৰু প্ৰচলিত গ্ৰন্থ। প্ৰত্যেক বছৰে প্ৰায় ছয় কোটি সম্পূৰ্ণ বা অংশিকৰূপে বাইবেলৰ কপিবোৰ বিতৰণ কৰা হয়। সম্পূৰ্ণ বা অংশিৰূপে বাইবেলখন ২,৩০০ টাতকৈ অধিক ভাষা আৰু পৰিভাষাত অনুবাদ কৰা হৈছে। বাইবেলখন ৯০ শতাংশ মানৱ পৰিয়ালৰ মাজত সম্পূৰ্ণ নহলেও অংশিকভাৱে তেওঁলোকৰ ভাষাত উপলব্ধ আছে। এই পুস্তকখনে সকলো ৰাষ্ট্ৰৰ সীমা, জাতিগত ভিন্নতা বা প্ৰাচীৰ ভেদ কৰাত সফল হৈছে।

বাইবেলখন কেনেকৈ সংগঠিত কৰা হʼল?

যদি আপোনাৰ ওচৰত বাইবেল আছে, তেন্তে নিজেই সেই বিষয়ে পৰীক্ষা নকৰে কিয়? b প্ৰথমে ইয়াৰ সূচিপত্ৰখন চাওক। প্ৰায়ভাগ বাইবেলৰ আৰম্ভণিতে বাইবেল কিতাপবোৰৰ নাম আৰু ইয়াৰ পৃষ্ঠাৰ নম্বৰ দিয়া থাকে। আপুনি লক্ষ্য কৰিব পাৰিব যে আচলতে বাইবেলখন ব্যক্তিগত কিতাপবোৰৰ সংগ্ৰাহলয় হয় আৰু প্ৰত্যেকখন কিতাপৰ এক বৈশিষ্ট্যপূৰ্ণ নাম আছে। বাইবেলৰ আৰম্ভণীৰ কিতাপখনৰ নাম হৈছে আদিপুস্তক আৰু শেষৰখনৰ নাম হৈছে প্ৰকাশিত বাক্য বা ৰহস্যোদ্‌ঘাটন। এই পুস্তকখনৰ দুটা খণ্ড আছে। প্ৰথম খণ্ডৰ ৩৯ খন কিতাপৰ বেছিভাগ হীব্ৰু ভাষাত লিখাৰ বাবে ইয়াক হীব্ৰু শাস্ত্ৰ বুলি কোৱা হয়। শেষৰ খণ্ডত ২৭ খন কিতাপ আছে আৰু ইয়াক গ্ৰীক ভাষাত লিখাৰ বাবে গ্ৰীক শাস্ত্ৰ বুলি কোৱা হয়। কিছুমানে এই দুটা খণ্ডক পুৰণি নিয়ম আৰু নতুন নিয়ম বুলি কয়।

পৰামৰ্শবোৰ সহজে বিচাৰি পাবলৈ বাইবেলখনত অধ্যায় আৰু পদ দিয়া আছে। যেতিয়া আলোচনীত দিয়া কোনো শাস্ত্ৰীয় পদ পোৱা যায়, তেতিয়া হʼলে প্ৰথম নম্বৰটো অধ্যায় আৰু দ্বিতীয় নম্বৰটোৱে পদটোক বুজায়। উদাহৰণস্বৰূপে, “২ তীমথিয় ৩:১৬” অৰ্থ হৈছে দ্বিতীয় তীমথিয় ৩ অধ্যায় ১৬ পদ। নিজেই পৰীক্ষা কৰি চাওক যে আপুনি সেই পদটো বাইবেলৰ পৰা বিচাৰি পাইনে নাপায়।

বাইবেলৰ সৈতে ভালদৰে পৰিচিত হʼবলৈ নিতৌ বাইবেল পঢ়া আৱশ্যক বুলি আপুনি মান্তি নহʼবনে? কিছুমানে গ্ৰীক শাস্ত্ৰৰ মথি কিতাপখনৰ পৰা পঢ়িবলৈ আৰম্ভ কৰি লাভৱান হৈছে। দিনটোত তিনিৰ পৰা পাঁচ অধ্যায় অধ্যয়ন কৰি এবছৰত সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিব পাৰে। কিন্তু বাইবেলখন যে বাস্তৱতে ঈশ্বৰ-প্ৰেৰিত বাক্য হয়, সেই বিষয়ে আপুনি কেনেকৈ নিশ্চিত হʼব?

আপুনি বাইবেলখনক ভাৰসা কৰিব পাৰেনে?

এখন ঈশ্বৰ-প্ৰেৰিত পুস্তকত সকলো লোকৰ জীৱন-যাপনৰ বাবে চিৰকলীয়া পৰামৰ্শ থকা আৱশ্যক নহয়নে? সকলো পিৰিৰ মানৱৰ স্বভাৱৰ বিষয়ে ভালদৰে বুজি পাবলৈ বাইবেলখনেই এক মাত্ৰ পুস্তক হিচাপে প্ৰমাণিত হৈছে আৰু ইয়াৰ পৰামৰ্শবোৰ যিদৰে লিখাৰ সময়ত ব্যৱহাৰিক আছিল, সেই একেইদৰে আজিও ইয়াৰ কোনো সাল-সলনি হোৱা নাই। বিশেষকৈ এই প্ৰমাণ প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰৱৰ্তক যীচু খ্ৰীষ্টই দিয়া ভাষণত দেখিবলৈ পোৱা যায়। এই ভাষণটো মথি ৫-৭ অধ্যায়ত উল্লেখ কৰা আছে। এই ভাষণক পৰ্ব্বতীয় উপদেশ বুলি জনা যায়। যʼত কেৱল প্ৰকৃত সুখ বিচাৰি পোৱাৰ বিষয়ে নহয়, কিন্তু কিদৰে কোনো বিবাদ সমাধান, কেনেকৈ প্ৰাৰ্থনা, কম বা অধিক পৰিমাণে থকা ভৌতিক আৱশ্যকতাৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰখা উচিত আৰু আন আন বিষয়ৰ ওপৰতো পৰামৰ্শ দিয়া হৈছে। এই ভাষণ আৰু ইয়াৰ বাকী থকা পৃষ্ঠাসমূহত বাইবেলে আমাক স্পষ্টকৈ কৈছে যে ঈশ্বৰৰ মন আনন্দিত আৰু আমাৰ জীৱনধাৰাক উন্নত কৰিবলৈ কি আৱশ্যক বা কি কৰা আৱশ্যক নাই, সেই বিষয়ে কোৱা হৈছে।

বাইবেলখনক ভাৰসা কৰাৰ আন এক কাৰণ হৈছে যে, এই পুৰণিকলীয়া গ্ৰন্থখনে কোৱা বিষয়বোৰ বৈজ্ঞানীকভাৱে সঁচা। উদাহৰণস্বৰূপে, এটা সময়ত লোকসকলে বিশ্বাস কৰিছিল যে পৃথিৱীখন চেপেটা, কিন্তু বাইবেলত কোৱা হৈছিল যে, “ভু-মণ্ডলৰ (বা বৃত্ত) ওপৰত বহি আছে।” c (যিচয়া ৪০:২২) প্ৰায় ৩০০০ বছৰৰ পূৰ্বে প্ৰসিদ্ধ বৈজ্ঞানীক চাৰ আইজাক নিউটনে বৰ্ণনা কৰিছিল যে পৃথিৱীখন মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা শূণ্যত ওলমি আছে। বাইবেলে কবিতা ভাষাত বৰ্ণনা কৰিছে যে, ‘পৃথিৱীখন শূন্যত ওলোমাই থোৱা হৈছে।’ (ইয়োব ২৬:৭) তদুপৰি কবিতা ভাষাত পৃথিৱীৰ জলচক্ৰৰ বিষয়ে প্ৰায় ৩,০০০ বছৰৰ পূৰ্বে এইদৰে কোৱা হৈছিল: “সকলো নদী সমুদ্ৰত পৰেগৈ; তথাপি সমুদ্ৰ পূৰ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় গৈ থাকে।” (উপদেশক ১:৭) ইয়াত কোনো সন্দেহ নাই যে সৃষ্টিকৰ্ত্তাজনেই হৈছে বাইবেলৰ লিখক।

ইতিহাসৰ ঘটনাবোৰেও প্ৰমাণ কৰিছে যে বাইবেলখন হৈছে বাস্তৱতে ঈশ্বৰ-প্ৰেৰিত বাক্য। বাইবেলত উল্লেখ কৰা ঘটনাবোৰ কোনো কাল্পনিক নহয়। কিয়নো সেই ঘটনাবোৰ বিশেষ তাৰিখ, লোকসমূহ আৰু স্থানৰ সৈতে সম্বন্ধ আছে। উদাহৰণস্বৰূপে, লূক ৩:১ পদত বাস্তৱিকতে ঘটা ঘটনাৰ বিষয়ে এইদৰে উল্লেখ কৰা হৈছে, “তিবিৰিয়া কৈচৰ মহাৰজা হোৱাৰ পঞ্চদশ বছৰত, পন্তীয় পীলাত যিহূদিয়াৰ অধিপতি; হেৰোদ, গালীল প্ৰদেশৰ ৰজা।”

যিহেতু ইতিহাসবিদসকলে প্ৰায়ে ৰজাবিলাকে যুদ্ধত জয় লাভ কৰাৰ বিষয়ে উল্লেখ কৰিছে। কিন্তু বাইবেলে অকপটভাৱে স্পষ্টকৈ তেওঁবিলাকৰ ভূল-ভ্ৰান্তিবোৰ উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, ইস্ৰায়েলৰ ৰজা দায়ূদে নিজৰ দোষ স্বীকাৰ কৰি এইদৰে কৈছিল: “মই মহা পাপ কৰিলোঁ; . . . মই অতিশয় অজ্ঞানৰ কৰ্ম্ম কৰিলোঁ।” এই উক্তিটোক বাইবেলত স্পষ্টকৈ লিপিবদ্ধ কৰা হʼল। (২ চমূৱেল ২৪:১০) আনকি বাইবেলৰ লিখক মোচিয়ে নিজেই লিখিছিল যে এবাৰ তেওঁ সত্য ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা নৰাখাৰ প্ৰমাণ দিছিল।—গণনা পুস্তক ২০:১২.

বাইবেলখন যে ঈশ্বৰ-প্ৰেৰিত তাৰ আন এটা প্ৰমাণ আছে। সেই প্ৰমাণ হৈছে পূৰ্ণ হোৱা ভৱিষ্যতবাণীবোৰ, যি বহু বছৰৰ পূৰ্বেই লিখা হৈছিল। ইয়াৰে কিছুমান ভৱিষ্যতবাণী যীচুৰ সম্বন্ধে আছিল। উদাহৰণস্বৰূপে, হীব্ৰু শাস্ত্ৰত ৭০০ বছৰতকৈ অধিক সময়ৰ পূৰ্বে যীচু অৰ্থাৎ প্ৰতিজ্ঞাত মচীহ যে, ‘যিহূদাৰ বৈৎলেহেম-ইফ্ৰাথাত’ জন্মিব, সেই বিষয়ে সঠিককৈ ভৱিষ্যতবাণী কৰা হৈছিল।—মথি ২:১-৬; মীখা ৫:২.

আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। বাইবেলৰ ২ তীমথিয় ৩:১-৫ পদত এইদৰে বৰ্ণনা কৰিছে: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব।” ইয়াত বৰ্ণনা কৰা মানুহৰ এনে মনোবৃত্তি বৰ্তমান সময়ত সাধাৰণভাৱে দেখিবলৈ পোৱা নাযায়নে? এইবোৰ মনোবৃত্তিৰ বিষয়ে ১,৯০০ বছৰৰ পূৰ্বে অৰ্থাৎ সা.যু.পূ. ৬৫ চনত লিখা হৈছিল!

বাইবেলে আমাক কি শিকাই?

ভৱিষ্যতবাণীবোৰ পূৰ্ণতা হোৱা দেখিবলৈ পাই আপুনি নিশ্চয়ে লক্ষ্য কৰিব পাৰিছে যে বাইবেলখনৰ আচল উৎস কোনো মানৱ নহয় কিন্তু ইয়াৰ প্ৰকৃত লিখকজন হৈছে এজন উচ্চ বুদ্ধিসম্পন্ন ব্যক্তি। বাইবেলত এনেবোৰ প্ৰশ্নৰ সঠিক আৰু সন্তুষ্টিজনক উত্তৰ দিয়া হৈছে, যেনে—ঈশ্বৰ কোন? চয়তান বাস্তৱতে আছেনে? যীচু কোন? বৰ্তমান কিয় ইমান দুখ-কষ্ট ভূগীবলগীয়া হৈছে? মৃত্যুৰ পিছত আমি কেনে অৱস্থালৈ গতি কৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ শুনি আপুনি হয়তো নিজেই উপলব্ধি কৰিব পাৰিব যে এইবোৰ আন লোকসকলে বিশ্বাস কৰা ধৰ্ম্ম আৰু ৰীতি-নীতিৰ পৰা একেবাৰে ভিন্ন। দৰাচলতে, একমাত্ৰ বাইবেলে এই প্ৰশ্ন আৰু আন আন বিষয়ৰ সম্পৰ্কে সত্যতা প্ৰকাশ কৰিছে। তদুপৰি আন মানৱ আৰু উচ্চ অধিকাৰীৰ প্ৰতি ৰখা মনোবৃত্তি আৰু আচৰণৰ বিষয়ে একমাত্ৰ বাইবেলৰ নিৰ্দ্দেশনা উত্তম। d

পৃথিৱী আৰু মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে বাইবেলে কি কৈছে? ইয়াত এইদৰে প্ৰতিজ্ঞা কৰা হৈছে: “অলপতে দুষ্ট লোক নাইকিয়া হব; . . . কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।” (গীত ৩৭:১০, ১১) “ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:৩, ৪) “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীত ৩৭:২৯.

বাইবেলত যুদ্ধ, অপৰাধ, অত্যাচাৰ আৰু দুষ্টতা অতি শীঘ্ৰেই লুপ্ত কৰা হʼব বুলিও ভৱিষ্যতবাণী কৰা হৈছে। তদুপৰি বেমাৰ, বৃদ্ধাৱস্থা আৰু মৃত্যুক চিৰকালৰ বাবে আঁতৰ কৰা হʼব। পৰমদেশত অনন্তজীৱন কোনো সপোন নহয়, কিন্তু এক বাস্তৱিকতালৈ পৰিণত হʼব। সেইটো এক উজ্জ্বল আশা নহয়নে! এনেবোৰ প্ৰবন্ধই মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেম প্ৰকাশ নকৰেনে বাৰু!

আপুনি কি কৰিব?

বাইবেলখন হৈছে আমাৰ সৃষ্টিকৰ্ত্তাৰ পৰা পোৱা এক অত্যুত্তম উপহাৰ। গতিকে এই পুস্তকখনক আপুনি কেনে দৃষ্টিৰে চোৱা উচিত? হিন্দু ধৰ্ম্মৰ এজন ব্যক্তিয়ে বিশ্বাস কৰিছিল যে, ঈশ্বৰৰ পৰা পোৱা দৈৱবাণীৰ দ্বাৰা সকলোৱে লাভৱান হʼব লাগে আৰু সভ্যতাৰ আৰম্ভণীলৈ উভতাই নিয়া প্ৰয়োজন। কিন্তু বাইবেলখন হিন্দুসকলৰ বেদ শাস্ত্ৰতকৈ অধিক প্ৰাচীন বুলি জানি তেওঁ বাইবেলখন পঢ়ি ইয়াত উল্লেখ কৰা বিষয়বোৰ পৰীক্ষা কৰিবলৈ নিৰ্ণয় লয়। e তদুপৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে উপলব্ধি কৰিব পাৰি এইদৰে কয় যে, বিশ্বৰ সকলোতকৈ বিতৰণ হোৱা এই গ্ৰন্থখনৰ ওপৰত কোনো মতামত দিয়াৰ পূৰ্বে ইয়াক পঢ়া আৱশ্যক।

বাইবেলত দিয়া শিক্ষাবোৰৰ অনুসাৰে চলি আপুনি আশীৰ্ব্বাদ লাভ কৰিব পাৰে। এই বিষয়ে বাইবেলত এইদৰে কোৱা হৈছে: “যি মানুহে . . . যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” f (গীত ১:১-৩) বাইবেল পাঠ, অধ্যয়ন আৰু সেইবোৰৰ অনুসাৰে চলাৰ দ্বাৰা আপোনাৰ আধ্যাত্মিকতা পূৰণ হোৱাৰ বাবে আপুনি সুখী হʼব। (মথি ৫:৩) কেৱল বাইবেলে আপোনাক দেখুৱাব যে, কেনেকৈ এক অৰ্থপূৰ্ণ জীৱন-যাপন আৰু সমস্যাবোৰত সফলতাৰে সম্মুখীন হʼব পাৰে। দৰাচলতে, “সেইবোৰ [বাইবেলত উল্লেখ কৰা ঈশ্বৰৰ ব্যৱস্থাবোৰ] পালন কৰিলে পৰম লাভ হয়।” (গীত ১৯:১১) তদুপৰি আপুনি ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত ভাৰসা কৰিলে বৰ্তমানে আশীৰ্ব্বাদ আৰু এক উজ্জ্বল ভৱিষ্যতৰ আশা লাভ কৰিব।

বাইবেলে আমাক এইদৰে আগ্ৰহ কৰিছে: “নতুনকৈ জন্মা শিশুবিলাকৰ দৰে, মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা।” (১ পিতৰ ২:২) জন্ম হোৱা এটি শিশুৰ পোষকতা আৰু দৃঢ়তা গাখীৰ পান কৰাৰ দ্বাৰা পূৰ্ণ হয়। একেইদৰে আমাৰ আধ্যাত্মিক আৱশ্যকতাবোৰ পূৰ্ণ কৰাৰ বাবে ঈশ্বৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা উচিত। ইয়াৰ বাবে আমাক ঈশ্বৰৰ বাক্যৰ প্ৰতি “হাবিয়াহ” বা অধিক হেঁপাহ হোৱা আৱশ্যক। বাইবেলখন হৈছে ঈশ্বৰৰ পৰা অহা সত্য শিক্ষা। গতিকে নিয়মীয়াকৈ ইয়াক অধ্যয়ন কৰিবলৈ লক্ষ্য বনোৱা উচিত। এই ক্ষেত্ৰত আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই অতি আনন্দিত হʼব। তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ আপোনাক আগ্ৰহ কৰা হৈছে। অথবা আপুনি এই আলোচনীখনৰ প্ৰকাশকক লিখিব পাৰে। (w05 7/15)

[ফুটনোটবোৰ]

a সা.যু. উক্তিটোৰ অৰ্থ হৈছে “সাধাৰণ যুগ,” যাক প্ৰায়ে খ্ৰীষ্টাব্দ বুলি কোৱা হয় আৰু সা.যু.পূ. উক্তিটোৰ অৰ্থ হৈছে “সাধাৰণ যুগ পূৰ্ব,” প্ৰায়ে ইয়াক খ্ৰী.পূ. বা খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়।

b যদি আপোনাৰ ওচৰত বাইবেল নাই, তেন্তে যিহোৱাৰ সাক্ষীসকলে আপোনাক এখন বাইবেল দিবলৈ পাই আনন্দিত হʼব।

c মূল ভাষাৰ পৰা কৰা যিচয়া ৪০:২২ পদটোৰ অনুবাদত উল্লেখ কৰা “মণ্ডল” উক্তিটোক “বৃত্ত” বুলি কʼব পাৰি। কোনো অনুবাদিত বাইবেলত “পৃথিৱীৰ গোলকত” (ডুয়ে ভাৰছন) আৰু “পৃথিৱীৰ পৰিসীমা” বুলিও উল্লেখ কৰা হৈছে।”—মৌফাট্‌

d এই বিষয়টোৰ সম্পৰ্কে যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনত আলোচনা কৰা হৈছে।

e বেদৰ প্ৰাচীন স্তুতি গীতটো প্ৰায় ৩০০০ বছৰৰ পূৰ্বে মৌখিকভাৱে হস্তান্তৰ কৰা হৈছিল বুলি বিশ্বাস কৰে। কিন্তু “কেৱল ১৪ শতাব্দীতহে বেদখনক লিখা হয় বুলি পি. কে. চৰত কুমাৰে লিখা এ হিচ্‌ট্ৰী অৱ ইন্ডিয়া নামৰ কিতাপখনত কোৱা হৈছে।

f বাইবেলত ঈশ্বৰৰ নাম যিহোৱা বুলি উল্লেখ কৰিছে। বহুতো বাইবেলত এই নাম আপুনি গীত ৮৩:১৮ পদত বিচাৰি পাব পাৰে।

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্যৰ প্ৰতি “হাবিয়াহ” কৰক। নিয়মীয়াকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰক

[৫ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

NASA photo