Skip to content

Skip to table of contents

দ্বিতীয় ৰাজাৱলি কিতাপৰ আলোকপাত

দ্বিতীয় ৰাজাৱলি কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

দ্বিতীয় ৰাজাৱলি কিতাপৰ আলোকপাত

বাইবেলৰ এই দ্বিতীয় ৰাজাৱলি কিতাপখন হৈছে যিহূদা আৰু ইস্ৰায়েলৰ প্ৰথম ৰাজাৱলিৰ পৰা আৰম্ভ হোৱা ইতিহাসৰ অনুক্ৰমিক। এই বৃতান্তত ২৯ জন ৰজা অৰ্থাৎ ১২ জন ইস্ৰায়েলৰ উত্তৰ ৰাজ্যৰ আৰু ১৭ জন যিহূদা ৰাজ্যৰ ৰজাৰ বিষয়ে উল্লেখ কৰা হৈছে। তদুপৰি দ্বিতীয় ৰাজাৱলি কিতাপখনত এলিয়া, ইলীচা আৰু যিচয়া ভৱিষ্যতবক্তাৰ কাৰ্য্যৰ বিষয়ে উল্লেখ কৰা আছে। যদিও এই কিতাপখনত অনুক্ৰমিকভাৱে সকলোবোৰ বৰ্ণনা কৰা নাই, তথাপিও ইয়াৰ বৃতান্তই আমাক চমৰিয়া আৰু যিৰূচালেমৰ বিনাসৰ সময়লৈ পৰিচালিত কৰে। দ্বিতীয় ৰাজাৱলি কিতাপখন যিৰিমিয়া ভৱিষ্যতবক্তাই ৩৪০ বছৰ অৰ্থাৎ সা.যু.পূ. ৯২০ চনৰ পৰা সা.যু.পূ. ৫৮০ চনৰ ভিতৰত লিখি সম্পূৰ্ণ কৰে।

এই কিতাপখনে আমাৰ বাবে কেনে অৰ্থ ৰাখে? যিহোৱা আৰু তেওঁৰ লোকসকলৰ সৈতে কৰা আচৰণৰ সম্পৰ্কে কিতাপখনে কি কৈছে? ইয়াত উল্লেখ কৰা ৰজা, ভৱিষ্যতবক্তা আৰু আন লোকসকলৰ কাৰ্য্যৰ পৰা আমি কি শিকিব পাৰোঁ? এই বিষয়ে জানিবলৈ আঁহক আমি দ্বিতীয় ৰাজাৱলি কিতাপখন নিৰীক্ষণ কৰোঁহঁক।

এলিয়াৰ পিছত ইলীচাই কাৰ্য্যভাৰ গ্ৰহণ কৰা

(২ ৰাজা. ১:১-৮:২৯)

অহজিয়া ৰজাই নিজৰ ঘৰৰ ওপৰ-কোঁঠালিত থকা খিড়িকীৰ পৰা পৰি বেয়াকৈ আহত হয়। তেওঁ এলিয়া ভৱিষ্যতবক্তাক সোধাত তেওঁৰ মৃত্যু হʼব বুলি জনায়। অহজিয়াৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক যিহোৰাম ৰজা হয়। একেই সময়ত যিহোচাফট যিহূদাৰ ৰজা হয়। এলিয়া ধুমুহা বতাহত উঠি যায় আৰু তেওঁৰ সহকাৰী ইলীচাক ভৱিষ্যতবক্তা নিযুক্ত কৰা হয়। ইলীচাই তেওঁৰ ৬০ বছৰ সময় ধৰি কৰা পৰিচৰ্য্যা কাৰ্য্যত বহুতো ঐশ্বৰিক কাৰ্য্য সম্পন্ন কৰে।—“ইলীচাই কৰা অলৌকিক কাৰ্য্যবোৰ” নামৰ বক্সটো চাওক।

মোৱাবৰ ৰজাই ইস্ৰায়েলৰ অহিতে বিদ্ৰোহ কৰাত যিহোৰাম, যিহোচাফট আৰু ইদোমৰ ৰজাই তেওঁৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই গʼল। যিহোচাফটৰ বিশ্বস্ততাৰ বাবে তেওঁলোকে যুদ্ধত জয় লাভ কৰে। পিছলৈ অৰামীয়াৰ ৰজাই অকস্মাতে ইস্ৰায়েলৰ ওপৰত আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰে। ইলীচাই সেই পৰিকল্পনা বিফল কৰে। ইয়াৰ পুতক তুলিবলৈ অৰামীয়াৰ ৰজাই ইলীচাক বন্দী কৰিবলৈ “ঘোঁৰাবোৰ, ৰথ, আৰু বহু সৈন্যৰ দল তালৈ পঠাই দিলে।” (২ ৰাজাৱলি ৬:১৪) ইলীচাই দুটা অলৌকিক কাৰ্য্য কৰে আৰু অৰামীয়াবিলাকক বিনা যুদ্ধই উভটাই পঠিয়ালে। সময়ত অৰামীয়াৰ ৰজা বিন-হদদে চমৰিয়া আক্ৰমণ কৰে। ফলস্বৰূপে দেশত অত্যন্ত আকাল হয়, কিন্তু ইলীচাই ভৱিষ্যতবাণী কৰে যে সেই আকালৰ অন্ত পৰিব।

কিছু সময়ৰ পিছত ইলীচা দম্মেচকলৈ যায়। তাত ৰজা বিন-হদদে নৰিয়া অৱস্থাত আছে আৰু হাজায়েলক ইলীচাৰ ওচৰলৈ পঠিয়াই জানিব বিচাৰে যে তেওঁ সেই নৰিয়াৰ পৰা বাচিব পাৰিবনে নোৱাৰে। ইলীচাই তেওঁক কয় যে ৰজাৰ মৃত্যু হʼব আৰু তেওঁৰ ঠাইত হাজায়েল ৰজা হʼব। ঠিক তাৰ পিছ দিনা হাজায়েলে “কম্বলখন পানীত জুবুৰিয়াই” বিন-হদদ ৰজাৰ মুখৰ ওপৰত মেলি দিয়াত শ্বাসৰোধ হৈ মৃত্যু হয় আৰু হাজায়েলে ৰজাৰ দায়িত্ব গ্ৰহণ কৰে। (২ ৰাজাৱলি ৮:১৫) যিহূদাত সেই সময়ত যিহোচাফটৰ পুতেক অহজিয়া ৰজা হয়।—“যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকল” নামৰ বক্সটো চাওক।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:৯—ইলীচাই কিয় ‘এলিয়াৰ আত্মাৰ দুভাগ’ বিচাৰিছিল? ইস্ৰায়েলত ভৱিষ্যতবক্তা হিচাপে ইলীচাই এলিয়াৰ দৰে সাহসী হৈ কাৰ্য্য কৰিবলৈ সেই একেই আত্মাৰ আৱশ্যক আছিল। এই বাস্তৱিকতাৰ বিষয়ে বুজিব পাৰি ইলীচাই এলিয়াৰ আত্মাৰ দুভাগ বিচাৰিছিল। এলিয়াই তেওঁৰ পিছত ইলীচাক ভৱিষ্যতবক্তা হʼবলৈ নিযুক্ত কৰিলে। ইলীচাই ছবছৰ এলিয়াৰ পৰিচাৰক হিচাপে কাৰ্য্য কৰিছিল আৰু তেওঁক নিজৰ আধ্যাত্মিক পিতৃ হিচাপে মানিছিল; এলিয়াও ইলীচাক প্ৰথমজাত আধ্যাত্মিক পুত্ৰ হিচাপে দৃষ্টি কৰিছিল। (১ ৰাজাৱলি ১৯:১৯-২১; ২ ৰাজাৱলি ২:১২) যিদৰে এজন প্ৰথমজাত পুত্ৰই বাপেকৰ দুভাগ উত্তৰাধিকাৰী লাভ কৰে, তেনেদৰে ইলীচাও এলিয়াৰ আত্মাৰ দুভাগ বিচাৰিছিল।

২:১১—“ধুমুহা বতাহত” এলিয়াই “স্বৰ্গলৈ” উঠি যোৱা সেই স্বৰ্গ কি? এই স্থান আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ পৰা নিলগত থকা কোনো ঠাই বা ঈশ্বৰ অথবা স্বৰ্গদূতবিলাকে বাস কৰা আধ্যাত্মিক স্থান নহয়। (দ্বিতীয় বিবৰণ ৪:১৯; গীত ১১:৪; মথি ৬:৯; ১৮:১০) এলিয়াই উঠি যোৱা ‘স্বৰ্গ’ বায়ুমণ্ডল থকা আকাশখনক বুজাইছে। (গীত ৭৮:২৬; মথি ৬:২৬) অগ্নিময় ৰথত পৃথিৱীৰ বায়ুমণ্ডলৰে সম্ভৱতঃ অলপ সময়ৰ বাবে পৃথিৱীৰ আন ঠাইলৈ গৈ জীয়াই থাকিবলৈ স্থানান্তৰ কৰাক বুজাইছে। এই সত্যতাৰ বিষয়ে কিছু বছৰৰ পিছত এলিয়াই যিহূদাৰ যিহোৰাম ৰজালৈ লিখা এখন পত্ৰৰ পৰা জানিব পাৰি।—২ বংশাৱলি ২১:১, ১২-১৫.

৫:১৫, ১৬—ইলীচাই কিয় নামানৰ পৰা কোনো উপহাৰ গ্ৰহণ নকৰিলে? ইলীচাই এইবাবে নামানৰ উপহাৰ গ্ৰহণ নকৰিলে, কিয়নো তেওঁ জানিব পাৰিছিল যে সেই অলৌকিকভাৱে কৰা সুস্থ তেওঁৰ নিজা নহয় কিন্তু যিহোৱাৰ শক্তিৰ দ্বাৰাহে সম্ভৱ হʼল। গতিকে ঈশ্বৰৰ নিযুক্ত পদত থাকি নিজে লাভৱান হোৱাৰ বিষয়ে চিন্তা কৰাটো তেওঁৰ বাবে এক ভাবিব নোৱাৰা বিষয় আছিল। একেইদৰে প্ৰকৃত উপাসকসকলে যিহোৱাৰ সেৱাত ব্যক্তিগতভাৱে লাভৱান হʼবলৈ নিবিচাৰে। এই ক্ষেত্ৰত তেওঁলোকে যীচুৰ এই পৰামৰ্শ পালন কৰে, যʼত এইদৰে কৈছে: “বিনামূল্যে তোমালোকে পালা, বিনামূল্যেই দান কৰিবা।”—মথি ১০:৮.

৫:১৮, ১৯—ধৰ্ম্মীয় কাৰ্য্যত ভাগ লোৱাৰ বাবে নামানে ক্ষমা বিচাৰিছিলনে? অৰামীয়াৰ ৰজা অধিক বৃদ্ধ আৰু দুৰ্ব্বল হোৱাৰ বাবে সহায়ৰ কাৰণে নামানৰ হাতত ভাৰ দিছিল। গতিকে ৰজাই ৰিম্মোন দেৱতাক প্ৰণিপাত কৰোঁতে নামানেও তেনে কৰিবলগীয়া হৈছিল। যিহেতু নামানে যান্ত্ৰিকৰূপে তেনে কৰাৰ উদ্দেশ্য আছিল প্ৰণিপাত কৰোঁতে ৰজাই মূৰ দোঁৱাৰ সময়ত তেওঁক সহায় কৰা। তেনে নাগৰিকত্ব কৰ্তব্য পালন কৰিবলগীয়া হোৱাৰ বাবে নামানে যিহোৱাৰ পৰা ক্ষমা বিচাৰিছিল। নামানক বিশ্বাস কৰি ইলীচাই এইদৰে কʼলে: “শান্তিৰে যোৱা।”

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:১৩, ১৪. ঘটনাবোৰক নিৰীক্ষণ আৰু নম্ৰতাৰে কাৰ্য্য কৰি আমি আমাৰ জীৱন ৰক্ষা কৰিব পাৰোঁ।

২:২,৪,৬. ইলীচাই সম্ভৱতঃ ছবছৰ ধৰি এলিয়াৰ পৰিচাৰক হিচাপে যদিও কাৰ্য্য কৰিছিল, তথাপিও তেওঁক এৰি নাযাবলৈ এলিয়াক নেৰানেপেৰাকৈ অনুগ্ৰহ কৰিছিল। ইয়াত বিশ্বস্ততা আৰু বন্ধুত্ব বজাই ৰাখাৰ সম্পৰ্কে আমি কি যে এক উত্তম আৰ্হি দেখিবলৈ পাওঁ!—হিতোপদেশ ১৮:২৪.

২:২৩,২৪. এজন তপা ব্যক্তিয়ে এলিয়াৰ অধিকাৰপ্ৰাপ্ত বস্ত্ৰ পৰিধান কৰা যেন জ্ঞান কৰি ইলীচাক বিদ্ৰূপ কৰিছিল। লʼৰা-ছোৱালীবিলাকে ইলীচাক যিহোৱাৰ প্ৰতিনিধি বুলি চিনিব পাৰি, সেই ঠাইত তেওঁৰ উপস্থিতি নিবিচাৰিছিল। সেয়েহে লʼৰা-ছোৱালীবিলাকে তেওঁক বৈৎএললৈ যোৱাৰ বাটত বা এলিয়াক লৈ যোৱা ঠাইত “উঠি যা” বুলি কৈছিল। দৰাচলতে, লʼৰা-ছোৱালীবিলাকে তেওঁলোকৰ পিতৃ-মাতৃৰ বিৰুধী মনোবৃত্তি প্ৰতিফলিত কৰিছিল। লʼৰা-ছোৱালীক ঈশ্বৰৰ প্ৰতিনিধিত্ব কৰাজনক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে কিমান যে গুৰুত্বপূৰ্ণ কাৰ্য্য আছিল!

৩:১৪, ১৮, ২৪. যিহোৱাৰ বাক্য কেতিয়াও বিফল নহয়।

৩:২২. ৰাতিপূৱাৰ ৰঙা বেলিটোৰ পোহৰ পানীত পৰা বা সম্ভৱতঃ নতুনকৈ খন্দা নলাৰ বাবে তাত থকা ৰঙা মাটি কাৰণে পানী তেজ যেন দেখা গৈছিল। যিহোৱাই তেওঁৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ প্ৰকৃতিৰ ব্যৱহাৰ কৰিব পাৰে।

৪:৮-১১. ইলীচাক “ঈশ্বৰৰ এজন পৱিত্ৰ লোক” বুলি জানিব পাৰি চূনেমত থকা এগৰাকী চহকী তিৰোতাই তেওঁক অতিথি সৎকাৰ কৰিছিল। আমিও সেই একেইদৰে যিহোৱাৰ বিশ্বাসী উপাসকসকলৰ সৈতে কৰা উচিত নহয়নে?

৫:৩. ঈশ্বৰে অলৌকিক কাৰ্য্য কৰিব পাৰে বুলি সেই কণমানি ইস্ৰায়েল ছোৱালীজনীৰ বিশ্বাস আছিল। আনকি তাই নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈও সাহসী আছিল। গতিকে কিশোৰ-কিশোৰীসকল, আপোনালোকে ঈশ্বৰৰ প্ৰতি থকা নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ চেষ্টা আৰু আপোনালোকৰ স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰী, সহপাঠীসকলক সত্যতাৰ বিষয়ে কʼবলৈ সাহসী হৈছেনে?

৫:৯-১৯. নামানৰ আৰ্হিয়ে দেখুৱাইনে যে এজন অহঙ্কাৰী ব্যক্তিয়েও নম্ৰ হʼবলৈ শিকিব পাৰে?—১ পিতৰ ৫:৫.

৫:২০-২৭. এটা মিছা কথাক সঁচা প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিলে কেনে মূল্য পৰিশোধ কৰিবলগীয়া হয়! ব্যক্তিগত হৃদয়বিদাৰক বিষয় আৰু দুতৰপীয়া জীৱনধাৰাৰ বিষয়ে মনযোগেৰে বিবেচনা কৰাৰ দ্বাৰা এনে পথ অৱলম্বন কৰাৰ পৰা বিৰত থাকিব পাৰি।

ইস্ৰায়েল আৰু যিহূদা বন্দী অৱস্থাত যাবলগীয়া হʼল

(২ ৰাজাৱলি ৯:১-২৫:৩০)

যেহূক ইস্ৰায়েলৰ ৰজা নিযুক্ত কৰা হʼল। তেওঁ সময় অপব্যয় নকৰাকৈ আহাবৰ ঘৰৰ সকলোকে ধ্বংস কৰিবলৈ অভিযান আৰম্ভ কৰিলে। যিহূৱে চতুৰতাৰে ‘ইস্ৰায়েলৰ মাজৰ পৰা বালৰ উপাসনা উচ্ছন্ন কৰিলে।’ (২ ৰাজাৱলি ১০:২৮) অহজিয়াৰ মাক অথলিয়াই তাইৰ পুতেকক বধ কৰা শুনি ‘যিহূদাৰ গোটেই ৰাজবংশকে সংহাৰ কৰি’ সিংহাসন হস্তগত কৰিলে। (২ ৰাজাৱলি ১১:১) কেৱল অহজিয়াৰ কণমানি পুতেক যোৱাচে ৰক্ষা পালে আৰু ছবছৰ কাল লুকুৱায় ৰখাৰ পিছত তেওঁক যিহূদাৰ ৰজা নিযুক্ত কৰা হয়। যিহোয়াদা পুৰোহিতৰ দ্বাৰা শিক্ষিত হৈ যোৱাচে একেৰাহে তেনে কাৰ্য্য কৰিলে, যি যিহোৱাৰ দৃষ্টিত সঠিক আৰু উত্তম আছিল।

যেহূৰ পিছত ইস্ৰায়েলত হোৱা ৰজাসকলে যিহোৱাৰ দৃষ্টিত যি বেয়া আছিল, তেনে কাৰ্য্য কৰিলে। যেহূৰ নাতিয়েকৰ সময়ত ইলীচাৰ স্বাভাৱিকৰূপে মৃত্যু হয়। যোৱাচৰ পিছত যিহূদাৰ চতুৰ্থজন ৰজা আহজে “যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাক নকৰিলে।” (২ ৰাজাৱলি ১৬:১, ২) কিন্তু তেওঁৰ পুতেক হিষ্কিয়া ৰজাই “যিহোৱাত আসক্ত আছিল, তেওঁৰ পাছত চলাৰ পৰা তেওঁ আঁতৰ নহল।” (২ ৰাজাৱলি ১৭:২০; ১৮:৬) সা.যু.পূ. ৭৪০ চনত হিষ্কিয়াই যিহূদা আৰু ইস্ৰায়েলৰ ওপৰত শাসন কৰিব ধৰিলে। অচূৰৰ চল্‌মনেচৰ ‘ৰজাই চমৰিয়া আক্ৰমণ কৰি ইস্ৰায়েলক বন্দী কৰি অচূৰ দেশলৈ লৈ গʼল।’ (২ ৰাজাৱলি ১৭:৬) পিছলৈ বিদেশী জাতিবিলাকে ইস্ৰায়েলৰ অঞ্চলত বাস কৰিব ধৰিলে আৰু এইদৰে চমৰিয়াসকলৰ ধৰ্ম্ম অস্তিত্বলৈ আহে।

হিষ্কিয়াৰ পিছত যিহূদাত সাতজন ৰজা আহে। তেওঁবিলাকৰ ভিতৰত কেৱল যোচিয়াই মিছা উপাসনাক দেশৰ পৰা আঁতৰ কৰিবলৈ পদক্ষেপ লয়। অৱশেষত বাবিলীয়াসকলে সা.যু.পূ. ৬০৭ চনত যিৰূচালেম আৰু ‘যিহূদাক নিজ দেশৰ পৰা দেশান্তৰ’ কৰে।—২ ৰাজাৱলি ২৫:২১.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৩:২০, ২১—এই অলৌকিক ঘটনাই মিছা ধৰ্ম্মীয় ৰীতি-নীতিক সমৰ্থন কৰেনে? অৱশ্যেই নকৰে। ইলীচাৰ অস্থিক কেতিয়াবা ভক্তি কৰা হৈছিল বুলি বাইবেলত কেতিয়াও কোৱা নাই। ঈশ্বৰৰ শক্তিৰ দ্বাৰা তেনে অলৌকিক কাৰ্য্য সম্পন্ন হʼল, যিদৰে ইলীচাই জীৱিত থকাৰ সময়ছোৱাত সকলো অলৌকিক কাৰ্য্য কৰিছিল।

১৫:১-৬—যিহোৱা ঈশ্বৰে অজৰিয়া [উজ্জিয়া] ৰজাক কিয় কুষ্ঠৰোগেৰে প্ৰহাৰ কৰিলে? “কিন্তু শক্তিমান হোৱাৰ পাছত [উজ্জিয়াৰ] মন এনেকৈ বাঢ়িল, যে, . . . তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে; কিয়নো তেওঁ ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।” পাছে যেতিয়া পুৰোহিতে “উজ্জিয়া ৰজাৰ সম্মুখত থিয়” হৈ তেওঁক “পবিত্ৰস্থানৰ পৰা বাহিৰ হওক” বুলি কʼলে, তেতিয়া পুৰোহিতবিলাকলৈ তেওঁৰ খং উঠিল আৰু তেওঁ কুষ্ঠৰোগৰ দ্বাৰা প্ৰহাৰিত হʼল।—২ বংশাৱলি ২৬:১৬-২০.

১৮:১৯-২১, ২৫—হিষ্কিয়া ৰজাই মিচৰৰ সৈতে কোনো সন্ধি পাতিছিলনে? অৱশ্যেই পতা নাছিল। ৰব্‌চাকিয়ে মিছা অপবাদ দিছিল, একেইদৰে “যিহোৱাই মোক কলে, তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা” বুলি কৈ মিছা কৈছিল। কিন্তু বিশ্বাসী হিষ্কিয়া ৰজাই সম্পূৰ্ণকৈ যিহোৱাত ভাৰসা কৰিলে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৯:৭, ২৬. আহাবৰ পৰিয়ালৰ অহিতে হোৱা ন্যায়-বিচাৰে দেখুৱাইছে যে, যিহোৱা ঈশ্বৰে মিছা উপাসনা আৰু নিৰ্দ্দোষীলোকক কৰা হত্যা কাৰ্য্যক ঘিণ কৰে।

৯:২০. যেহূৱে তীব্ৰ বেগেৰে ৰথ চলোৱা কাৰ্য্যই তেওঁৰ আজ্ঞাক পালন কৰিবলৈ দেখুৱা তৎপৰতাৰ প্ৰমাণ দিয়ে। আপোনাকো লোকসকলে ব্যক্তিগতভাৱে ঈশ্বৰৰ ৰাজ্যৰ উৎসাহী প্ৰচাৰক বুলি জানেনে?—২ তীমথিয় ৪:২.

৯:৩৬, ৩৭; ১০:১৭; ১৩:১৮, ১৯, ২৫; ১৪:২৫; ১৯:২০, ৩২-৩৬; ২০:১৬, ১৭; ২৪:১৩. আমি নিশ্চিত হʼব পাৰোঁ যে ‘যিহোৱাৰ মুখৰ পৰা ওলোৱা বাক্য সদায়ে সফল হʼব।’—যিচয়া ৫৫:১০, ১১.

১০:১৫. যিদৰে যিহোনাদবে সম্পূৰ্ণ হৃদয়েৰে যেহূৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁৰ ৰথত উঠিল, তেনেদৰে ‘বৰ লোকসমূহেও’ স্বইচ্ছাৰে বৰ্তমান সময়ৰ যেহূ অৰ্থাৎ যীচু খ্ৰীষ্ট আৰু তেওঁৰ অভিষিক্ত অনুগামীসকলক সহযোগ কৰে।—প্ৰকাশিত বাক্য ৭:৯.

১০:৩০, ৩১. যেহূৰ বৃতান্ত যদিও দোষমুক্ত নাছিল, তথাপিও যিহোৱাই তেওঁ কৰা সকলো কাৰ্য্যৰ বাবে মূল্যাঙ্কন প্ৰকাশ কৰিলে। —ইব্ৰী ৬:১০.

১৩:১৪-১৯. যিহেতু যেহূৰ নাতিয়েক যোৱাচে প্ৰচেষ্টা নকৰাকৈ মাটিত কেৱল তিনিবাৰ শৰ মাৰাৰ বাবে অৰামীয়াবিলাকৰ ওপৰত সীমিত জয় লাভ কৰিব পাৰিলে। যিহোৱাই আশা কৰে যে আমাক দিয়া কাৰ্য্যক যেন আমি সম্পূৰ্ণ হৃদয় আৰু উদ্যমতাৰে পূৰ্ণ কৰোঁ।

২০:২-৬. যিহোৱা হৈছে, “প্ৰাৰ্থনা শুনোতা।”—গীত ৬৫:২.

২৪:৩, ৪. মনচিয়ে তেজৰ দোষী হোৱাৰ বাবে যিহূদাক “যিহোৱাই ক্ষমা কৰিবলৈ অসন্মত হল।” ঈশ্বৰে নিৰ্দ্দোষী লোকবিলাকৰ ৰক্তপাতৰ প্ৰতি মূল্যাঙ্কন কৰিছিল। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই অৱশ্যেই নিৰ্দ্দোষী লোকক বধ কৰোঁতাসকলক ধ্বংস কৰি তাৰ প্ৰতিশোধ লʼব।—গীত ৩৭:৯-১১; ১৪৫:২০.

আমাৰ বাবে এক মূল্যৱান শিক্ষা

দ্বিতীয় ৰাজাৱলি কিতাপখনে যিহোৱাক নিজৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ কৰোঁতা এজন ঈশ্বৰ বুলি গুৰুত্বতাৰে দাঙি ধৰিছে। ইস্ৰায়েল আৰু যিহূদাৰ নিৱাসীসকলক বন্দী কৰি নিয়া ঘটনাই আমাক দৃঢ়ভাৱে বুজাই দিয়ে যে দ্বিতীয় বিবৰণ ২৮:১৫-২৯:২৮ পদত কোৱা ন্যায়-বিচাৰৰ ভৱিষ্যতবাণী কেনেকৈ আখৰে আখৰে সত্য প্ৰমাণিত হʼল। দ্বিতীয় ৰাজাৱলি কিতাপখনত বৰ্ণনা কৰা হৈছে যে কেনেকৈ এজন ভৱিষ্যতবক্তা হিচাপে থকা ইলীচাই যিহোৱাৰ নাম আৰু সত্য উপাসনাৰ প্ৰতি অধিক আগ্ৰহকতা আৰু উদ্দীপনা প্ৰকাশ কৰিলে। হিষ্কিয়া আৰু যোচিয়াক যিহোৱাৰ ব্যৱস্থা পালন কৰা নম্ৰ মনৰ ৰজা বুলি উল্লেখ কৰিছে।

দ্বিতীয় ৰাজাৱলি কিতাপত উল্লেখ কৰা ৰজা, ভৱিষ্যতবক্তা আৰু আনসকলৰ মনোবৃত্তি, কাৰ্য্যক অনুকৰণ কৰি কি কৰা আৰু কি নকৰা উচিত, সেই বিষয়ে আমি মূল্যৱান পাঠ শিকিব নোৱাৰোঁনে? (ৰোমীয়া ১৫:৪; ১ কৰিন্থীয়া ১০:১১) ইয়াত কোনো সন্দেহ নাই যে, বাস্তৱতে “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক।”—ইব্ৰী ৪:১২. (w05 8/1)

[১০ পৃষ্ঠাৰ বক্স/ছবি]

ইলীচাই কৰা অলৌকিক কাৰ্য্যবোৰ

১. যৰ্দ্দন নদীৰ পানী দুভাগ কৰা হʼল।—২ ৰাজাৱলি ২:১৪.

২. যিৰীহোৰ দুষিত পানীৰ ব্যৱস্থাক পৰিষ্কাৰ কৰা।—২ ৰাজাৱলি ২:১৯-২২.

৩. বিদ্ৰূপ কৰা কিশোৰ বিলাকক দুজনী ভালুকে আক্ৰমণ কৰা।—২ ৰাজাৱলি ২:২৩, ২৪.

৪. সৈন্য বাহিনীৰ বাবে পানীৰ ব্যৱস্থা কৰা।—২ ৰাজাৱলি ৩:১৬-২৬.

৫. এগৰাকী বিধৱাই খাদ্যৰ বাবে তেল লাভ কৰা।—২ ৰাজাৱলি ৪:১-৭.

৬. চূনেমৰ এগৰাকী বাঁজী তিৰোতাই গৰ্ভধাৰণ কৰা।—২ ৰাজাৱলি ৪:৮-১৭.

৭. এটি শিশুক মৃত্যুৰ পৰা জীৱিত কৰা।—২ ৰাজাৱলি ৪:১৮-৩৭.

৮. এক বিষাক্ত আঞ্জা খোৱাৰ বাবে উপযোগী কৰা।—২ ৰাজাৱলি ৪:৩৮-৪১.

৯. বিশটা পিঠাৰে এশজন ব্যক্তিক আহাৰ কৰা।—২ ৰাজাৱলি ৪:৪২-৪৪.

১০. নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা।—২ ৰাজাৱলি ৫:১-১৪.

১১. নামানৰ কুষ্ঠৰোগ গেহজীলৈ যোৱা।—২ ৰাজাৱলি ৫:২৪-২৭.

১২. এখন কুঠাৰ পানীত ওপঙুৱা।—২ ৰাজাৱলি ৬:৫-৭.

১৩. এজন সেৱকে স্বৰ্গদূতবোৰৰ ৰথ দেখিবলৈ পোৱা।—২ ৰাজাৱলি ৬:১৫-১৭.

১৪. অৰামীয়াৰ সৈন্য বাহিনীয়ে দৃষ্টি হেৰুৱা।—২ ৰাজাৱলি ৬:১৮.

১৫. অৰামীয়াৰ সৈন্য বাহিনীয়ে দৃষ্টি ঘূৰাই পোৱা।—২ ৰাজাৱলি ৬:১৯-২৩.

১৬. এজন মৃত ব্যক্তি জীৱিত হোৱা।—২ ৰাজাৱলি ১৩:২০, ২১.

[১২ পৃষ্ঠাৰ তালিকা/ছবি]

যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকল

চৌল/দায়ূদ/চলোমন: ১১১৭/১০৭৭/১০৩৭ সা.যু.পূ. a

যিহূদা ৰাজ্য তাৰিখ (সা.যু.পূ.) ইস্ৰায়েল ৰাজ্য

ৰহবিয়াম ․․․․․․ ৯৯৭․․․․․․ যাৰবিয়াম

অবিয়া/আচা ․․․․․৯৮০/৯৭৮ ․․․․

․․ ৯৭৬/৯৭৫/৯৫২․․ নাদব/বাচা/এলা

․․ ৯৫১/৯৫১/৯৫১ ․․ জিম্ৰী/অম্ৰী/তিব্‌নী

․․৯৪০ ․․․․․․ আহাব

যিহোচাফট ․․․ ৯৩৭ ․․․․․․

․․․․ ৯২০/৯১৭ ․․․․ অহজিয়া/যিহোৰাম

যিহোৰাম ․․․․․ ৯৩১ ․․․․․․

অহজিয়া ․․․․․․ ৯০৬ ․․․․․․

(অথলিয়া) ․․․․․․ ৯০৫ ․․․․․․ যেহূ

যোৱাচ ․․․․․․ ৮৯৮ ․․․․․․

․․․․․․ ৮৭৬/৮৫৯ ․․․․․․ যিহোৱাহজ/যোৱাচ

অমচিয়া ․․․․․․ ৮৫৮ ․․․․․․

․․․․․․ ৮৪৪ ․․․․․․ যাৰবিয়াম দ্বিতীয়

অজৰিয়া (উজ্জিয়া) ․․․․․․ ৮২৯ ․․․․․․

․․ ৮০৩/৭৯১/৭৯১ ․․․․ জখৰিয়া/চল্লুম/মন্‌হেম

․․․․․ ৭৮০/৭৭৮ ․․․․ পকহিয়া/পেকহ

যোথম/আহজ ․․․․ ৭৭৭/৭৬২ ․․․․

․․․․․․৭৫৮ ․․․․․․ হোচেয়া

হিষ্কিয়া ․․․․․․৭৪৬ ․․․․․

․․․․․․ ৭৪০ ․․․․․․ চমৰিয়া বন্দী হোৱা

মনচি/আমোন/যোচিয়া ․․ ৭১৬/৬৬১/৬৫৯ ․․

যিহোৱাহজ/যিহোয়াকীম ․․․৬২৮/৬২৮ ․․․․

যিহোয়াখীন/চিদিকিয়া ․․․․ ৬১৮/৬১৭ ․․․․

যিৰূচালেম ধ্বংস ․․․․৬০৭ ․․․․․․

[ফুটনোট]

a ইয়াত উল্লেখ কৰা কিছুমান তাৰিখ উক্ত বছৰটোৰ প্ৰায় আৰম্ভণিৰ সময়ছোৱাক বুজাইছে।

[৮ পৃষ্ঠাৰ ছবি]

নামান নম্ৰ হোৱাৰ বাবে যিহোৱাৰ শক্তিৰ দ্বাৰা সুস্থ হʼল

[৯ পৃষ্ঠাৰ ছবি]

এলিয়া “ধুমুহা বতাহত স্বৰ্গলৈ” উঠি যোৱাত কি ঘটিল?