Skip to content

Skip to table of contents

যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে

যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে

যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে

“তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে [ঘৰ-চিৰিকাৰ] এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।”—মথি ১০:২৯, ৩০.

১, ২. (ক) ইয়োবে কিয় ঈশ্বৰে তেওঁক পৰিত্যাগ কৰা বুলি ভাবিছিল? (খ) ইয়োবে দেখুউৱা প্ৰতিক্ৰিয়াই তেওঁক ঈশ্বৰৰ বিৰোধী হৈ পৰাৰ বিষয়ে প্ৰমাণ দিছিলনে? বৰ্ণনা কৰক।

 “মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন। তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,” বুলি কোৱা এই ব্যক্তিজনে অসহনীয় দুখ-কষ্টৰ সম্মুখীন হৈছিল। তেওঁৰ জীৱনলৈ অহা দুৰ্যোগে তেওঁৰ ঘৰ-বাৰী, সা-সম্পত্তি আৰু আনকি লʼৰা-ছোৱালীকো কাঢ়ি নিলে! ইয়াৰ উপৰিও তেওঁ এক বেদনাদায়ক ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল। বাইবেলত উল্লেখ কৰা সেই ব্যক্তিজন আছিল ইয়োব আৰু তেওঁ অতিক্ৰম কৰা অত্যন্ত দুৰ্যোগৰ পৰা আমি বহুতো গুৰুত্বপূৰ্ণ শিক্ষা শিকিবলৈ পাওঁ।—ইয়োব ৩০:২০, ২১.

সেই বাক্যবোৰ পঢ়ি হয়তো এনেদৰে বোধ হʼব পাৰে যে ঈশ্বৰৰ বিৰোধী হৈ ইয়োবে তেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। দৰাচলতে, তেওঁ অসহনীয় বেদনাত পৰি তেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। (ইয়োব ৬:২, ৩) তদুপৰি তেওঁ ইয়াকো নাজানিছিল যে এই সকলোবোৰৰ পিছত ঈশ্বৰ নহয়, কিন্তু চয়তানৰহে হাত আছে। সেয়েহে ইয়োবে ভুলতে ঈশ্বৰে তেওঁক ত্যাগ কৰা বুলি ভাবি এইদৰে কাতৰোক্তি কৰি কৈছিল: “তোমাৰ মুখ কিয় লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন মানিছা?” aইয়োব ১৩:২৪.

৩. আমি দুৰ্যোগৰ সম্মুখীন হৈ কেনেদৰে অনুভৱ কৰিব পাৰোঁ?

বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ বহুতো সদস্যই যুদ্ধ, ৰাজনৈতিক, সামাজিক বিশৃংখলতা, প্ৰাকৃতিক দুৰ্যোগ, বৃদ্ধাৱস্থা, ৰোগ, দৰিদ্ৰতা, প্ৰতিবন্ধ আদিৰ নিৰন্তৰে সম্মুখীন হʼবলগীয়া হৈছে। হয়তো আপুনিও তেনে ধৰণৰ কোনো সমস্যা ভূগীবলগীয়া হৈছে। যাৰ বাবে আপুনিও হয়তো যিহোৱাই আপোনাৰ পৰা নিজৰ মুখ লুকুৱাইছে বুলি ভাবিব পাৰে। যদিও আপুনি যোহন ৩:১৬ পদত উল্লেখ কৰা “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে” বুলি কোৱা বাক্যশাৰীৰ সৈতে পৰিচিত, তথাপিও দুখ-কষ্টৰ পৰা ৰেহাই নোপোৱাৰ বাবে এনেদৰে ভাবিব পাৰে: ‘প্ৰকৃততে ঈশ্বৰে মোক প্ৰেম কৰেনে? মই ভূগী থকা দুখ-কষ্টক তেওঁ লক্ষ্য কৰিছেনে? তেওঁ ব্যক্তিগতভাৱে মোৰ বিষয়ে চিন্তা কৰেনে?’

৪. পাঁচনি পৌলে নিৰন্তৰে কেনে এক সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছিল আৰু তেনে ধৰণৰ সমস্যাই আমাক কি প্ৰকাৰে প্ৰভাৱিত কৰিব পাৰে?

লক্ষ্য কৰক যে পাঁচনি পৌলৰ সৈতে কি ঘটিছিল। যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “এই নিমিত্তে শৰীৰত এটা কাঁইট, অৰ্থাৎ, মই অতিশয় দৰ্প নকৰিবলৈ, মোক ভুকুৱাবলৈ চয়তানৰ এক দূত দিয়া হল। সি মোৰ পৰা যেন দূৰ হয়, এই নিমিত্তে প্ৰভুৰ আগত তাৰ বিষয়ে মই তিনিবাৰ নিবেদন কৰিলোঁ।” যদিও যিহোৱাই পাঁচনি পৌলৰ নিবেদন শুনিছিল, তথাপিও তেওঁৰ সমস্যাক অলৌকিকভাৱে সমাধান কৰা নাছিল। বৰঞ্চ, তেওঁক নিজৰ ‘শৰীৰত থকা কাঁইটটোৰ’ সৈতে সম্মুখীন হʼবলৈ ঈশ্বৰৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। b (২ কৰিন্থীয়া ১২:৭-৯) আপুনিও হয়তো নিৰন্তৰে তেনে কোনো এটা সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে। যাৰ বাবে হয়তো আপুনি এইদৰে সন্দেহ কৰিব পাৰে, ‘ঈশ্বৰে মোৰ সমস্যাৰ বিষয়ে কোনো চিন্তা বা মনোযোগ দিয়েনে?’ নিশ্চয়ে ঈশ্বৰে তেওঁৰ প্ৰত্যেকজন উপাসকৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে! কিয়নো এই সন্দৰ্ভত আমি যীচুৱে পাঁচনিবিলাকৰ বাছনি কৰাৰ পিছত কোৱা কথাশাৰীৰ পৰা জানিব পাৰোঁ। এতেকে আঁহক আমি বিবেচনা কৰি চাওঁহঁক যে বৰ্তমান সময়ত এই বাক্যবোৰে কেনেকৈ আমাৰ উৎসাহ বৃদ্ধি কৰিব পাৰে।

তেওঁলোকে ‘ভয় কৰাৰ’ কিয় কাৰণ নাছিল?

৫, ৬. (ক) যীচুৱে কেনেকৈ শিষ্যবিলাকক ভৱিষ্যতে আহিবলগীয়া কঠিন পৰিস্থিতিবোৰত নিৰ্ভয়ে সম্মুখীন হʼবলৈ সহায় কৰিলে? (খ) পাঁচনি পৌলে যিহোৱাই কৰা চোৱা-চিতাৰ ওপৰত কেনেকৈ নিশ্চয়তা বজাই ৰাখাৰ প্ৰমাণ দিলে?

শিষ্যবিলাকে “অশুচি আত্মাক খেদাবলৈ, আৰু সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিবলৈ” যীচুৰ পৰা শক্তি লাভ কৰিছিল। তথাপিও তেওঁলোকে কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল। তদুপৰি তেওঁলোকৰ ওপৰত আহিবলগীয়া কিছুমান পৰীক্ষাৰ বিষয়ে যীচুৱে স্পষ্টকৈ কৈছিল। যিয়েই নহওঁক, যীচুৱে তেওঁলোকক সাহসী হʼবলৈ এইদৰে কৈছিল: “যিবিলাকে শৰীৰক বধ কৰে, আত্মাক কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা; কিন্তু যি জনাই আত্মা আৰু শৰীৰ, এই দুয়োকো [গেহেন্নাত, NW] নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা।”—মথি ১০:১, ১৬-২২, ২৮.

শিষ্যবিলাকে কিয় ভয় কৰা উচিত নাছিল, সেই বিষয়ে বুজিবলৈ যীচুৱে দুটা দৃষ্টান্ত দাঙি ধৰিছিল। প্ৰথমটোৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “দুটা ঘৰ-চিৰিকা এপইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।” (মথি ১০:২৯-৩১) মন কৰক যে যীচুৱে অত্যন্ত কঠিন পৰিস্থিতিত নিৰ্ভয়ে সম্মুখীন হোৱা কাৰ্য্যক যিহোৱাই যে আমাক ব্যক্তিগতভাৱে চোৱা-চিতা কৰে, সেই নিশ্চয়তাৰ সৈতে সংযোগ কৰিছিল। সম্ভৱতঃ পাঁচনি পৌলেও তেনে নিশ্চয়তা ৰাখিছিল, যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে? যি জনাই নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনাই আমাক অনুগ্ৰহ কৰি তেৱেঁ সৈতে সকলো নিদিব নে?” (ৰোমীয়া ৮:৩১, ৩২) গতিকে যেনেকুৱাই সমস্যাৰ সম্মুখীন নহওঁক কিয়, আপুনিও নিশ্চিত হʼব পাৰে যে যিহোৱাই আপোনাৰো তত্বাৱধান লʼব যদিহে আপুনি তেওঁৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখে। যদি আমি পাঁচনিবিলাকক দিয়া যীচুৰ পৰামৰ্শক নিবিড়ভাৱে নিৰীক্ষণ কৰোঁ, তেন্তে যিহোৱাই কৰা চোৱা-চিতাৰ বিষয়ে অধিক স্পষ্টকৈ বুজিব পাৰিম।

এটা ঘৰ-চিৰিকাৰ মূল্য

৭, ৮. (ক) যীচুৰ সময়ত ঘৰ-চিৰিকাবোৰক কেনে দৃষ্টিৰে চোৱা হৈছিল? (খ) মথি ১০:২৯ পদত গ্ৰীক ভাষাৰ পৰা অনুবাদ কৰা শব্দটোৱে কেনে প্ৰজাতিৰ “ঘৰ-চিৰিকাক” বুজাইছে?

যীচুৱে দিয়া দৃষ্টান্তটোৱে উত্তমৰূপে প্ৰকাশ কৰিছে যে যিহোৱাই তেওঁৰ প্ৰত্যেকজন উপাসকৰ বিষয়ে কিমান গভীৰভাৱে চিন্তা কৰে। এতিয়া সেই দৃষ্টান্তটোত উল্লেখ কৰা ঘৰ-চিৰিকাবোৰৰ বিষয়ে বিবেচনা কৰক। যীচুৰ সময়ত সেইবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু শস্যবোৰ নষ্ট কৰাৰ বাবে ঘৰ-চিৰিকাবোৰক ক্ষতিকৰ হিচাপে দৃষ্টি কৰা হৈছিল। সিহঁতৰ সংখ্যা অধিক আৰু নিচেই কম মূল্যৰ হোৱাৰ বাবে বৰ্তমান সময়ৰ দুটকা মূল্যত বেচা হৈছিল। সেই মূল্যৰ দুগুণ দি কেৱল চাৰিটা নহয় কিন্তু পাঁচটা অৰ্থাৎ এটা অতিৰিক্ত ঘৰ-চিৰিকা বিনামূল্যেই পোৱা গৈছিল!—লূক ১২:৬.

সাধাৰণতে সকলো ঠাইতে দেখিবলৈ পোৱা এই চৰাইবোৰৰ আকাৰৰ বিষয়ে ভাবি চাওক। আন চৰাইবোৰৰ তুলনাত সিহঁতৰ আকাৰ নিচেই সৰু। গ্ৰীক ভাষাত মথি ১০:২৯ পদত যি “ঘৰ-চিৰিকাৰ” বিষয়ে অনুবাদ কৰা হৈছে, তাৰ অৰ্থ আটাইতকৈ সৰু প্ৰজাতিৰ ঘৰ-চিৰিকাবোৰক বুজাইছে। তেনে এটা সৰু আৰু মূল্যহীন চৰাইৰ বিষয়ে কল্পনা কৰিবলৈ যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল। এটা উদ্ধৃতিৰ অনুসাৰে, “যীচুৱে এক অতি ক্ষুদ্ৰ চৰাইটোৰ বিষয়ে উল্লেখ কৰিছিল!”

৯. যীচুৱে দিয়া ঘৰ-চিৰিকাৰ দৃষ্টান্তই কেনে এক প্ৰভাৱশালী শিক্ষা প্ৰদান কৰিলে?

তুলনাত্মকভাৱে দাঙি ধৰা যীচুৰ এই দৃষ্টান্তই এক প্ৰভাৱশালী শিক্ষা প্ৰদান কৰিলে: মানৱৰ দৃষ্টিত মূল্যহীন যেন লগা বস্তু যিহোৱাৰ বাবে এক অমূল্য বিষয়। তদুপৰি এই কথাষাৰৰ ওপৰত জোৰ দিবলৈ যীচুৱে কৈছিল যে যিহোৱাৰ অনুমতি বিনে সেইবোৰৰ এটিও “মাটিত নপৰে।” c তেনেহʼলে ইয়াৰ শিক্ষামূলক পাঠটো হৈছে, যদি যিহোৱাই তেনে ক্ষুদ্ৰ চৰাইবোৰৰ প্ৰতি যত্নশীল, তেন্তে তেওঁৰ উপাসনা কৰা ব্যক্তিজনৰ পৰিস্থিতিৰ বিষয়ে তেওঁ অধিক মনোযোগ নিদিবনে বাৰু!

১০. “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে” বুলি কোৱা বাক্যশাৰীৰ তাৎপৰ্য্যতা কি?

১০ ইয়াৰ উপৰিও যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।” (মথি ১০:৩০) এই চমু আৰু প্ৰভাৱশালী বাক্যশাৰীয়ে যীচুৱে ঘৰ-চিৰিকাৰ বিষয়ে দিয়া দৃষ্টান্তৰ এক গুৰুত্বপূৰ্ণ অৰ্থ বিস্তাৰিতভাৱে বুজিবলৈ সহায় কৰিছে। বিবেচনা কৰক যে মানুহৰ মূৰত প্ৰায় ১,০০,০০০ চুলি আছে। সিহঁতৰ ইটো সিটোৰ মাজত নতুবা কিবা ভিন্নতা আছে বা বিশেষ মনোযোগৰ আৱশ্যক। তথাপিও আমাৰ প্ৰত্যেকটো চুলিৰ বিষয়ে যিহোৱাই ভালদৰে জানে। তেনেহʼলে আমাৰ জীৱনৰ বিষয়ে আৰু কিবা জানিবলৈ যিহোৱাৰ আৱশ্যকনে? নিশ্চয়ে যিহোৱাই নিজৰ সকলো উপাসকৰ শাৰীৰিক গঠনৰ বিষয়বোৰ ভালদৰে জানে। আনকি তেওঁ মানুহৰ “মনলৈ দৃষ্টি ৰাখে।”—১ চমূৱেল ১৬:৭.

১১. যিহোৱাই ব্যক্তিগতভাৱে লোকসকলৰ প্ৰতি আগ্ৰহী বুলি দায়ূদে কেনেকৈ নিশ্চয়তা প্ৰকাশ কৰিলে?

১১ জীৱনত অনেক দুখ-কষ্টৰ সম্মুখীন হোৱা দায়ূদে যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰাখি এইদৰে কৈছিল: “হে যিহোৱা, তুমি মোৰ বুজ-বিচাৰ লৈ মোক জানিলা। তুমি মোৰ বহা আৰু উঠাকো জানিছা, দূৰৈৰ পৰা মোৰ চিত্তো বুজিছা।” (গীত ১৩৯:১, ২) আপুনিও নিশ্চিত হʼব পাৰে যে যিহোৱাই আপোনাৰ বিষয়ে মনোযোগ দিয়ে। (যিৰিমিয়া ১৭:১০) গতিকে সকলোকে জনা যিহোৱাৰ আগত আপুনি নিজকে তুচ্ছ বুলি নাভাবিব।

“তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা”

১২. যিহোৱাই তেওঁৰ লোকসকলে সম্মুখীন হোৱা দুখ-কষ্টৰ বিষয়ে জানে বুলি কেনেকৈ কʼব পাৰি?

১২ যিহোৱাই নিজৰ প্ৰত্যেকজন উপাসকক জনাৰ উপৰিও তেওঁলোকে সম্মুখীন হোৱা দুৰৱস্থাৰ বিষয়েও জানে। উদাহৰণস্বৰূপে, ইস্ৰায়েলসকলে অত্যন্ত বিৰোধিতাৰ সম্মুখীন হোৱাত যিহোৱাই মোচিৰ দ্বাৰা এইদৰে কৈছিল: “মিচৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই নিশ্চয়ে দৃষ্টি কৰিছোঁ, আৰু কাৰ্য্যাধ্যক্ষবিলাকৰ কাৰণে কৰা সিবিলাকৰ কাতৰোক্তি শুনিছো; কিয়নো সিবিলাকৰ যাতনা মই জানিছোঁ।” (যাত্ৰাপুস্তক ৩:৭) গতিকে পৰীক্ষাৰ সময়ত আমাৰ সৈতে যি ঘটে তাক যিহোৱাই লক্ষ্য কৰে আৰু কাতৰোক্তি শুনে বুলি জানিবলৈ পোৱাটো কিমান যে এক শান্ত্বনাদায়ক বিষয়! তেওঁ নিশ্চয়ে আমাৰ দুখ-কষ্টৰ বিষয়ে বুজি পায়।

১৩. যিহোৱাই নিজৰ উপাসকবিলাকৰ দুখত দুখিত হয় বুলি কিহে দেখুৱাইছে?

১৩ এই সম্বন্ধে অধিক স্পষ্টকৈ বুজিবলৈ যিহোৱাৰ সম্পৰ্কলৈ অহা ইস্ৰায়েল জাতিক দেখুউৱা তেওঁৰ অনুভূতিৰ পৰা জানিব পাৰি। তেওঁলোকে নিজৰ কঠিন মনৰ বাবে দুখ-কষ্ট ভূগীবলগীয়া হোৱাৰ স্বত্বেও যিহোৱাই দেখুউৱা অনুভূতিৰ বিষয়ে যিচয়াই এইদৰে লিখিছিল: “তেওঁবিলাকৰ আটাই দুখত তেওঁ দুখিত হৈছিল।” (যিচয়া ৬৩:৯) গতিকে আপুনি আশ্বাস ৰাখিব পাৰে যে আপোনাৰ দৰে বিশ্বাসী লোকৰ দুখত তেৱোঁ দুখিত হয়। এই বিষয়ে জানিবলৈ পাই আপুনি নিৰ্ভয়ে উৎপীড়নৰ সম্মুখীন হʼবলৈ আৰু প্ৰাণপনে তেওঁৰ উপাসনা কৰিবলৈ প্ৰেৰিত নহʼবনে?—১ পিতৰ ৫:৬, ৭.

১৪. দায়ূদে কেনেবোৰ পৰিস্থিতিৰ মাজত থাকি গীত ৫৬ অধ্যায়টো লিখিছিল?

১৪ যিহোৱাই যে দায়ূদৰ চোৱা-চিতা কৰিছিল আৰু তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাইছিল, সেই বিষয়ে দায়ূদে নিজৰ জীৱন ৰক্ষাৰ বাবে ৰজা চৌলৰ পৰা পলাই ফুৰা সময়ত লিখা গীত ৫৬ অধ্যায়টোৰ পৰা জানিব পাৰি। এবাৰ যেতিয়া দায়ূদে পলাই আহি গেথ নামৰ স্থানত আশ্ৰয় লৈছিল, তেতিয়া তাৰ পলেষ্টীয়াবিলাকে তেওঁক চিনি পোৱাত ভয়ভীত হৈছিল। যাৰ বিষয়ে তেওঁ এইদৰে লিখিছিল: “মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহঙ্কাৰ কৰি যুদ্ধ কৰা অনেক। সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।”—গীত ৫৬:২, ৫.

১৫. (ক) দায়ূদে যিহোৱাক তেওঁৰ চকুলো কূপাত বা বহিত ৰাখিবলৈ অনুৰোধ কৰাৰ অৰ্থ কি আছিল? (খ) যেতিয়া আমি অত্যধিক দুখ-কষ্ট ভূগীবলগীয়া হয়, তেতিয়া কিহৰ বিষয়ে নিশ্চিত হʼব পাৰোঁ?

১৫ গীত ৫৬:৮ পদৰ অনুসাৰে দায়ূদে এইদৰে বৰ্ণনা কৰি কৈছিল: “তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?” যিহোৱাই গভীৰভাৱে দেখুউৱা তেওঁৰ অনুভূতিৰ সম্বন্ধে কৰা বৰ্ণনাৰ ই কিযে এক হৃদয়স্পৰ্ষী ব্যাখ্যা! এইটো স্বাভাৱিক যে অত্যধিক ক্লেশ ভূগাৰ সময়ত আমিও হয়তো চকুলো টুকি যিহোৱালৈ কাতৰোক্তি কৰিব পাৰোঁ। আনকি সিদ্ধ মানৱ যীচুৱেও চকুলো টুকিছিল। (ইব্ৰী ৫:৭) দায়ূদে সম্পূৰ্ণভাৱে নিশ্চিত আছিল যে যিহোৱাই তেওঁৰ দুখ-কষ্টক লক্ষ্য কৰে আৰু তেওঁৰ চকুলো কূপাত বন্ধ কৰি বা বহিত ৰাখে। d যদি আপুনিও নিজৰ চকুলো কূপাত থকা বা বহিত ৰখা হৈছে বুলি ভাবিছে, তেন্তে বাইবেলৰ পৰা এইদৰে আশ্বাস পাব পাৰে: “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত ৩৪:১৮.

ঈশ্বৰৰ এজন ঘনিষ্ঠ সঙ্গী হোৱা

১৬, ১৭. (ক) আমি কেনেকৈ জানো যে যিহোৱাই তেওঁৰ লোকসকলে ভূগা দুখ-কষ্টৰ প্ৰতি অমনোযোগী নহয়? (খ) যিহোৱাৰ সৈতে লোকসকলে নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ কেনে পদক্ষেপ লʼলে?

১৬ আমাৰ “মূৰৰ আটাইবোৰ চুলিও গণা হৈছে” বুলি কোৱা অভিব্যক্তিটোৰ পৰা জানিব পাৰি যে আমি উপাসনা কৰা যিহোৱা এজন মনোযোগী ঈশ্বৰ। যদিও আমি দুখ-কষ্টৰ পৰা স্থায়ীভাৱে মুক্তি পাবলৈ পৰমদেশ নহালৈকে অপেক্ষা কৰিব লাগিব, তথাপিও যিহোৱাই বৰ্তমান আমাৰ বাবে এক উৎকৃষ্টজনক পদক্ষেপ লৈছে। এই বিষয়ে দায়ূদে এইদৰে লিখিছিল: “যিহোৱালৈ ভয় ৰাখোঁতাবিলাক তেওঁৰ নিগূঢ় মন্ত্ৰণাৰ অধিকাৰী; তেওঁ সিবিলাকক নিজ নিয়মটি জনাব।”—গীত ২৫:১৪.

১৭ অসিদ্ধ মানৱৰ বাবে ‘যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক’ স্থাপন কৰাতো এক অকল্পনীয় বিষয় নহয়নে বাৰু! তথাপিও যিহোৱাৰ ভয় ৰাখোঁতাসকলক তেওঁৰ তম্বুত বাস কৰিবলৈ আমন্ত্ৰণ জনাইছে। (গীত ১৫:১-৫) যিহোৱাই তেওঁৰ তম্বুত বাস কৰা অতিথিসকলৰ বাবে কি কৰিব? দায়ূদৰ অনুসাৰে, তেওঁ তেওঁলোকক নিজৰ নিয়মটিৰ বিষয়ে জনিবলৈ দিব। তদুপৰি যিহোৱাই তেওঁবিলাকৰ ওপৰত ভাৰসা ৰাখে আৰু ভৱিষ্যতবক্তাসকলৰ দ্বাৰা “নিগূঢ় মন্ত্ৰণা” প্ৰকাশ কৰে যাতে তেওঁৰ উদ্দেশ্যৰ বিষয়ে বুজি পাই সেই অনুসাৰে জীৱন-যাপন কৰিব পাৰে।—আমোচ ৩:৭.

১৮. আমি কেনেকৈ জানো যে যিহোৱাই আমাৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে?

১৮ দৰাচলতে, আমাৰ নিচিনা অসিদ্ধ মানৱে সৰ্ব্বোপৰিজনাৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰে বুলি জনাটো বাস্তৱতে এক আনন্দময় বিষয়। আনকি যিহোৱাই কি আগ্ৰহ কৰিছে, সেই বিষয়ে বাইবেলে কৈছে যে, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) যিহোৱাৰ ইচ্ছা এই যে আমি যেন তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰোঁ। এনে সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ ইতিমধ্যেই পদক্ষেপ লʼলে। সেইয়া হৈছে যীচুৰ মুক্তিপণ বলিদান যি আমাৰ বাবে তেনে সম্বন্ধ স্থাপন কৰিবলৈ দুৱাৰ মুকলি কৰিছে। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।”—১ যোহন ৪:১৯.

১৯. ধৈৰ্য্যই কেনেকৈ যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক শক্তিশালী কৰিব পাৰে?

১৯ আমি যেতিয়া অত্যন্ত বেয়া পৰিস্থিতিৰ সম্মুখীন হওঁ, তেতিয়া যিহোৱাৰ সৈতে থকা আমাৰ নিবিড় সম্পৰ্ক অধিক শক্তিশালী হৈ পৰে। সেইবাবে পাঁচনি যাকোবে এইদৰে কʼব পাৰিলে: “এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক।” (যাকোব ১:৪) ধৈৰ্য্য ধৰাৰ দ্বাৰা কেনে কাৰ্য্য সম্পন্ন হয়? এই বিষয়ে ওপৰত উল্লেখ কৰা পাঁচনি পৌলৰ ‘শৰীৰত থকা কাঁইটৰ’ বিষয়ে পুনৰাই সোঁৱৰণ কৰক। তেওঁৰ ক্ষেত্ৰত ধৈৰ্য্যই কেনে কাৰ্য্য সম্পন্ন কৰিলে? ইয়াৰ বিষয়ে তেওঁ স্বয়ং এইদৰে কৈছিল: “খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম। এই হেতুকে খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়ানা, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰিন্থীয়া ১২:৯, ১০) পাঁচনি পৌলে অনুভৱ কৰিব পাৰিলে যে, আমাৰ “শক্তিৰ বাহুল্যত” নথকা তেনে সমস্যাত ধৈৰ্য্যৰে সম্মুখীন হʼবলৈ যিহোৱাই শক্তি প্ৰদান কৰিব। তদুপৰি এনে মনোবৃত্তিয়ে তেওঁক যীচু আৰু যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিলে।—২ কৰিন্থীয়া ৪:৭; ফিলিপীয়া ৪:১১-১৩.

২০. অত্যন্ত বেয়া পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত যিহোৱাই আমাক শান্ত্বনা আৰু সহায় প্ৰদান কৰিব বুলি কিয় আশ্বাস ৰাখিব পাৰোঁ?

২০ যদি যিহোৱাই আপোনাক নিৰন্তৰে পৰীক্ষাৰ সম্মুখীন হʼবলৈ অনুমতি দিছে, তেন্তে তেওঁৰ ভয় ৰাখোঁতাসকললৈ কৰা এই প্ৰতিজ্ঞাৰ প্ৰতি আশ্বাস ৰাখিব পাৰে: “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫) আপুনিও তেনে ধৰণৰ শান্ত্বনা আৰু সহায় লাভ কৰা অনুভৱ কৰিব পাৰে। যিহেতু তেওঁ আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে। তেওঁ আপুনি ধৰা ধৈৰ্য্য আৰু দুখ-কষ্টৰ বিষয়ে ভালদৰে বুজি পায় আৰু আপোনাৰ দুখত দুখিত হয়। ঈশ্বৰে আপোনাৰ প্ৰতি অতি আগ্ৰহী আৰু ‘তেওঁৰ নামলৈ দেখুউৱা প্ৰেম আৰু পৰিশ্ৰম কেতিয়াও পাহৰিব নাযাব।’—ইব্ৰী ৬:১০. (w05 8/1)

[ফুটনোটবোৰ]

a সেই একেই ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱা নম্ৰ মনৰ দায়ূদ আৰু ঈশ্বৰৰ বিশ্বাসী কোৰহৰ পুত্ৰসকলৰ বৃতান্তটো পঢ়িবলৈ পোৱা যায়।—গীত ১০:১; ৪৪:২৪.

b পৌলৰ ‘শৰীৰত থকা কাঁইটটো’ কি আছিল, সেই বিষয়ে বাইবেলত নিৰ্দ্দিষ্টভাৱে কোনো উল্লেখ কৰা নাই। হয়তো তেওঁৰ দৃষ্টি-শক্তি দুৰ্ব্বল হৈ পৰিছিল বা ভাঁৰি-কোৱা পাঁচনিবিলাকে তেওঁৰ শিষ্যত্বক লৈ দাঙি ধৰা বাদ-বিষয়টো ‘এক কাঁইটস্বৰূপ’ হৈছিল।—২ কৰিন্থীয়া ১১:৬, ১৩-১৫; গালাতীয়া ৪:১৫; ৬:১১.

c কিছুমান বিদ্বানৰ মতে, মাটিত পৰি ঘৰ-চিৰিকাৰ মৃত্যু হোৱাকে কেৱল নুবুজাই। তদুপৰি মূল গ্ৰীক ভাষাত হয়তো আহাৰ বিচাৰি আহি মাটিত পৰাৰ বিষয়ে কৈছে। যদি এই কথাষাৰ সঁচা, তেন্তে ঈশ্বৰে সিহঁতৰ কেৱল মৃত্যুৱেই নহয় কিন্তু দৈনন্দিন কাৰ্য্যকলাপৰ বিষয়েও ধ্যান দিয়ে আৰু চোৱা-চিতা কৰে বুলি কʼব পাৰি।—মথি ৬:২৬.

d প্ৰাচীন সময়ত ব্যৱহাৰ কৰা কূপাবোৰ ভেড়া, ছাগলী বা গৰু-মহৰ ছালেৰে বনোৱা হৈছিল। সাধাৰণতে তেনে কূপাবোৰ গাখীৰ, মাখন, পণিৰ বা পানী ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। আনকি তেনেদৰে বনোৱা কূপাবোৰত তেল বা দ্ৰাক্ষাৰসো সংৰক্ষিত কৰি ৰাখিব পৰা গৈছিল।

আপোনাৰ মনত আছেনে?

• কেনে কাৰণসমূহৰ বাবে এজন ব্যক্তিয়ে ঈশ্বৰে তেওঁক ত্যাগ কৰা বুলি ভাবিব পাৰে?

• ঘৰ-চিৰিকা আৰু আটাইবোৰ চুলি গণনা কৰাৰ সম্বন্ধে দাঙি ধৰা যীচুৰ দৃষ্টান্তৰ পৰা কি শিকিব পাৰি?

• এজন ব্যক্তিৰ চকুলো যিহোৱাই “কূপাত” বা “বহিত” ৰখাৰ অৰ্থ কি?

• আমি কেনেকৈ ‘যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক’ বজাই ৰাখি আনন্দিত হʼব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

যিহোৱাই কিয় পৌলৰ ‘শৰীৰত থকা কাঁইটক’ আঁতৰ নকৰিলে?