Skip to content

Skip to table of contents

যিহোৱাই “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা”

যিহোৱাই “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা”

যিহোৱাই “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা”

“ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।”—ইব্ৰী ১১:৬.

১, ২. কিছুমান যিহোৱাৰ সেৱকে কিয় নিৰুৎসাহী হোৱা অনুভৱ কৰে?

 “মই যোৱা ৩০ বছৰৰ পৰা এজন যিহোৱাৰ সাক্ষী হোৱাৰ স্বত্ত্বেও নিজকে অযোগ্য বুলি ভাবিছিলোঁ। যদিও অগ্ৰগামী সেৱা আৰু মণ্ডলীত আন বিশেষাধিকাৰৰ দায়িত্ব লাভ কৰিছিলোঁ, তথাপিও মই হৃদয়েৰে নিজকে যিহোৱাৰ সাক্ষী বুলি কʼবলৈ যোগ্য বুলি ভবা নাছিলোঁ।” এইদৰে বাৰব্ৰা a নামৰ এজন ভায়ে কয়। ঠিক সেইদৰে কেইথ নামৰ ভায়জনে কয় যে, “যিহোৱাৰ উপাসকসকলে আনন্দিত হোৱাৰ বহুতো কাৰণ থকাৰ স্বতেও মই আনন্দিত নোহোৱাৰ বাবে নিজকে যিহোৱাৰ উপাসক হোৱাৰ অযোগ্য বুলি অনুভৱ কৰিছিলোঁ। এনে দুখী মনোভাৱে মোক কেৱল নিৰুৎসাহিত হোৱালৈ পৰিচালিত কৰিছিল।”

অতীতত আৰু বৰ্তমান সময়ত বহুতো যিহোৱাৰ সেৱকে সেই একেই ভাৱনাৰ অভিজ্ঞতা হৈছে। আপুনিও মাজে সময়ে তেনে ধৰণে অনুভৱ কৰেনে? হয়তো আপুনি নিৰন্তৰে এটাৰ পিছত আনটো সমস্যাৰ সম্মুখীন হৈ নিৰুৎসাহী হʼব পাৰে। আনহাতে, হয়তো আপুনি সঙ্গী ভাই-ভনীসকলে আনন্দেৰে জীৱন-নিৰ্বাহ কৰা দেখিবলৈ পাই যিহোৱাৰ পৰা নিজকে পৰিত্যক্ত হোৱা অনুভৱ কৰিব পাৰে। গতিকে খৰ-খেদাকৈ তেনে কোনো ভুল সিদ্ধান্তত উপনীত নহʼব। কিয়নো বাইবেলে আমাক আশ্বাস দি এইদৰে কৈছে: “তেওঁ দুখীয়াৰ দুখক হেয়জ্ঞান কৰা নাই, ঘিণো কৰা নাই; তাৰ পৰা নিজ মুখ ঢকা নাই; কিন্তু কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।” (গীত ২২:২৪) মচীহৰ সম্বন্ধে থকা সেই ভৱিষ্যদ্বাণীমূলক বাক্যবোৰে দেখুৱাইছে যে যিহোৱা ঈশ্বৰে বিশ্বাসী লোকসকলৰ কেৱল কাতৰোক্তিয়ে শুনে এনে নহয়, কিন্তু পুৰস্কাৰো দিয়ে।

৩. আমি কিয় এই জগতৰ হেঁচাবোৰ সম্মুখীন হʼবলগীয়া হয়?

বৰ্তমান সময়ত এই জগতৰ হেঁচাৰ দ্বাৰা লোকসকলৰ উপৰি যিহোৱাৰ সাক্ষীসকলেও পীড়িত হৈছে। আমি এনে এখন জগতৰ অধীনত জীয়াই আছোঁ যাৰ শাসক হৈছে ঈশ্বৰৰ প্ৰমুখ শত্ৰু চয়তান। (২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯) গতিকে প্ৰকৃত খ্ৰীষ্টানসকলে অলৌকিকভাৱে যিহোৱাৰ পৰা নিৰাপত্তা লাভ কৰাৰ পৰিৱৰ্তে চয়তানৰ মুখ্য লক্ষ্যবিন্দু হৈ পৰিছে। (ইয়োব ১:৭-১২; প্ৰকাশিত বাক্য ২:১০) সেয়েহে ঈশ্বৰৰ মনোনীত সময় নহালৈকে “আশাত আনন্দ,” “ক্লেশত সহনীয়” আৰু “প্ৰাৰ্থনাত লাগি” থকা আৱশ্যক। তদুপৰি যিহোৱাই যে আমাৰ চোৱা-চিতা কৰে, সেই বিষয়েও আশ্বাস ৰাখা উচিত। (ৰোমীয়া ১২:১২) আমি কেতিয়াও যিহোৱাৰ প্ৰেমৰ পৰা বঞ্চিত হৈছোঁ বুলি ভবা উচিত নহয়!

অতীতত সহনশীল হোৱা উদাহৰণসমূহ

৪. নিৰুৎসাহী পৰিস্থিতিৰ সম্মুখীন হোৱা কিছুমান যিহোৱাৰ বিশ্বাসী সেৱকৰ বিষয়ে উদাহৰণ দাঙি ধৰক।

অতীতত বহুতো যিহোৱাৰ সেৱকে নিৰুৎসাহী পৰিস্থিতিসমূহৰ সম্মুখীন হʼবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, নিঃসন্তান হান্নাই যিহোৱাই তাইক ত্যাগ কৰা বুলি ভাবি “মনৰ বেজাৰৰে” যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল। (১ চমূৱেল ১:৯-১১) হত্যাকাৰী ঈজেবল ৰাণীৰ পৰা পলাই ফুৰা এলিয়াই অতি নিৰুৎসাহী হৈ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে যিহোৱা, এতিয়া মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পুৰ্ব্ব-পুৰুষবিলাকতকৈ উত্তম নহওঁ।” (১ ৰাজাৱলি ১৯:৪) আনকি পাঁচনি পৌলেও নিজৰ অসিদ্ধতাৰ ভাৰ বৈ এইদৰে অনুভৱ কৰিছিল: “যেতিয়া উত্তম কৰ্ম্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে।” আগলৈ তেওঁ নিজৰ বিষয়ে এইদৰে কৈছিল: “হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ!”—ৰোমীয়া ৭:২১-২৪.

৫. (ক) হান্না, এলিয়া আৰু পৌলে কেনেদৰে পুৰষ্কৃত হʼল? (খ) যদি আমি নিৰুৎসাহী মনোভাৱৰ সম্মুখীন হৈছোঁ, তেন্তে কিহৰ বিষয়ে আশ্বাস ৰাখিব পাৰোঁ?

আমি জানো যে হান্না, এলিয়া আৰু পাঁচনি পৌলে ধৈৰ্য্যৰে নিৰুৎসাহী পৰিস্থিতিৰ সম্মুখীন হৈছিল আৰু ইয়াৰ বাবে যিহোৱাই তেওঁলোকক পুৰস্কাৰো দিছিল। (১ চমূৱেল ১:২০; ২:২১; ১ ৰাজাৱলি ১৯:৫-১৮; ২ তীমথিয় ৪:৮) কিন্তু আনৰ নিচিনাকৈ তেওঁলোকেও মনৰ বেদনা, নিৰুৎসাহী আৰু আতঙ্কৰ সম্মুখীন হʼবলগীয়া হৈছিল। গতিকে তেনে ধৰণৰ নিৰুৎসাহী ভাৱনাৰ সম্মুখীন হোৱাত আমি বিচুৰ্ত্তি খোৱা উচিত নহয়। যদি আমি জীৱনৰ চিন্তাধাৰাৰ বাবে যিহোৱাৰ পৰা বঞ্চিত হোৱা অনুভৱ কৰিছোঁ, তেন্তে কি কৰিব পাৰোঁ? আমি ঈশ্বৰৰ বাক্যৰ পৰা শান্ত্বনা লাভ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমি আগৰ লেখটোত যিহোৱাই আমাৰ “আটাইবোৰ চুলিও” গণনা কৰে বুলি কোৱা যীচুৰ বাক্যশাৰীৰ বিষয়ে আলোচনা কৰিলোঁ। (মথি ১০:৩০) সেই বাক্যবোৰে দেখুৱাইছে যে যিহোৱাই তেওঁৰ সকলো সেৱকৰ প্ৰতি অতি মনোযোগী। তদুপৰি ঘৰ-চিৰিকাৰ সম্বন্ধে দিয়া যীচুৰ দৃষ্টান্তটোৰ বিষয়ে সোঁৱৰিব পাৰোঁ। সেই ঘৰ-চিৰিকাৰ এটাও যদি যিহোৱাৰ অজ্ঞাতে মাটিত নপৰে, তেন্তে মানুহে ভূগা দুখ-কষ্টৰ প্ৰতি তেওঁ আওকাণ কৰিবনে?

৬. কিছুমান লোকৰ বাবে নিৰুৎসাহী ভাৱনাৰ সৈতে সম্মুখীন হʼবলৈ ঈশ্বৰৰ বাক্যই কেনেকৈ শান্ত্বনাদায়ক হিচাপে প্ৰমাণিত হʼব পাৰে?

দৰাচলতে, আমাৰ নিচিনা অসিদ্ধ মানৱে সৰ্ব্বশক্তিমান ঈশ্বৰৰ দৃষ্টিত অমূল্য হʼব পাৰেনে? নিশ্চয়ে পাৰে! এই বিষয়ে বাইবেলত থকা বহুতো বৃতান্তৰ পৰা আশ্বাস পাব পাৰোঁ। সেই বৃতান্তবোৰ মনোযোগেৰে বিবেচনা কৰি আমি গীতমালা ৰচোঁতাজনৰ সৈতে সুৰ মিলাই এইদৰে কʼব পাৰোঁ: “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।” (গীত ৯৪:১৯) তেনেহʼলে আঁহক এতিয়া আমি ঈশ্বৰৰ বাক্যত থকা কিছুমান আশ্বাসযুক্ত বিবৃতিৰ বিষয়ে বিবেচনা কৰোঁহঁক, যিয়ে আমাক ঈশ্বৰৰ দৃষ্টিত অমূল্য আৰু তেওঁ যে আমাক পুৰস্কাৰ দিওঁতা, তাৰ প্ৰতি কৃতজ্ঞ হʼবলৈ সহায় কৰিব।

যিহোৱাৰ “এক বিশেষ লোক”

৭. যিহোৱাই ভৱিষ্যতবক্তা মলাখীৰ দ্বাৰা দুশ্চৰিত্ৰ জাতিৰ বাবে কেনে এক উল্লেখনীয় ভৱিষ্যতবাণী কৰা হৈছিল?

সা.যু.পূ. পঞ্চম শতিকাৰ সময়ত ইহুদীসকলৰ মাজত এক শোচনীয় অৱস্থা দেখা গৈছিল। সেই সময়ত তাৰ পুৰোহিতসকলে অশুচি পশুবোৰ যিহোৱাৰ উদ্দেশ্যে বলিদানস্বৰূপে উৎসৰ্গ কৰিছিল। বিচাৰকৰ্ত্তাবিলাকে পক্ষপাতী হৈ সোধ-বিচাৰ কৰিছিল। মায়াবী, পৰস্ত্ৰীগামী আৰু মিছা শপত খোৱা ব্যক্তিসকল সকলো ঠাইতে দেখিবলৈ পোৱা গৈছিল। (মলাখী ১:৮; ২:৯; ৩:৫) তেনে দুশ্চৰিত্ৰ জাতিৰ সম্বন্ধে ভৱিষ্যতবক্তা মলাখীয়ে এক উল্লেখনীয় ভৱিষ্যতবাণী কৰিছিল। সেই উল্লেখনীয় ভৱিষ্যতবাণী আছিল, সময় অতিবাহিত হোৱাৰ লগে লগে যিহোৱাই নিজৰ লোকবিলাকক পুনৰাই মনোনিত অৱস্থালৈ আনিব। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “বাহিনীবিলাকৰ যিহোৱাই কৈছে, তেওঁবিলাক মোৰ হব; মই কাৰ্য্য কৰিবৰ দিনা, তেওঁবিলাক মোৰ বিশেষ সম্পত্তি হব; কোনো মানুহে নিজৰ পৰিচৰ্য্যা কৰা নিজ পুতেকক মৰম কৰাদি, মই তেওঁবিলাকক মৰম কৰিম।”—মলাখী ৩:১৭.

৮. মলাখী ৩:১৭ পদটো এক বৰ লোকসমূহৰ বাবে কিয় প্ৰযোজ্য বুলি কʼব পাৰি?

বৰ্তমান সময়ত মলাখীয়ে কৰা এই ভৱিষ্যতবাণী ১৪৪,০০০ জনৰে গঠিত অভিষিক্ত বৰ্গত পূৰ্ণতা হোৱা দেখা গৈছে। নিঃসন্দেহ, এই জাতি যিহোৱাৰ বাবে “এক বিশেষ লোক” হিচাপে প্ৰমাণিত হৈছে। মলাখীৰ এই ভৱিষ্যতবাণীয়ে ‘সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত বগা বস্ত্ৰ পিন্ধি থিয় হৈ’ থকা এক বৰ লোকসমূহৰ বাবেও উৎসাহ প্ৰদান কৰে। (প্ৰকাশিত বাক্য ৭:৪, ৯) এই লোকবিলাকে এটা জাক আৰু একেজন ৰখীয়াৰ অধীন হৈছে।—যোহন ১০:১৬.

৯. যিহোৱাৰ লোকসকল কিয় তেওঁৰ বাবে “এক বিশেষ লোক?”

যিহোৱাই তেওঁক উপাসনা কৰাসকলক কেনে দৃষ্টিৰে চায়? তেওঁ মলাখী ৩:১৭ পদৰ অনুসাৰে এজন মৰমীয়াল পিতৃয়ে নিজৰ পুত্ৰক দৃষ্টি কৰাৰ দৰে চায়। মন কৰক যে তেওঁ নিজৰ লোকসকলক “এক বিশেষ লোক” হিচাপে বৰ্ণনা কৰিছে। অন্য অনুবাদবোৰত “মোৰ নিজৰ লোক,” “মোৰ পুৰষ্কৃত ধনস্বৰূপ” আৰু “মোৰ মূল্যবান ৰত্ন” বুলি উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন হৈছে যে, যিহোৱাই কিয় তেওঁৰ উপাসনা কৰোঁতাসকলক তেনে এক বিশেষ ধৰণে দৃষ্টি কৰে? ইয়াৰ এটা কাৰণ হৈছে, তেওঁ এজন কৃতজ্ঞশীল ঈশ্বৰ। (ইব্ৰী ৬:১০) যিহোৱাই তেওঁক সম্পূৰ্ণ মনেৰে সেৱা কৰোঁতাসকলৰ কাষ চাপে আৰু তেওঁলোকক এক বিশেষ লোক হিচাপে দৃষ্টি কৰে।

১০. যিহোৱাই তেওঁৰ লোকসকলক কেনে সুৰক্ষা প্ৰদান কৰে?

১০ যদি আপোনাৰ ওচৰত কিবা বহুমূলীয়া সম্পত্তি আছে, তেন্তে সেই সম্পত্তিৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা নকৰিবনে? নিশ্চয়ে কৰিব! ঠিক সেইদৰে যিহোৱায়েও তেওঁৰ “বিশেষ লোকৰ” বাবে ব্যৱস্থা কৰে। এইটো সঁচা যে তেওঁ নিজৰ লোকসকলক তেওঁলোকৰ জীৱনলৈ অহা সমস্যা আৰু দুৰ্যোগৰ পৰা অলৌকিকভাৱে ৰক্ষা নকৰে। (উপদেশক ৯:১১) কিন্তু তেওঁ নিশ্চয়ে বিশ্বাসীসকলক আধ্যাত্মিকভাৱে সুৰক্ষা প্ৰদান কৰে। তদুপৰি তেওঁলোকক ক্লেশত সহনশীল হʼবলৈ শক্তি প্ৰদান কৰে। (১ কৰিন্থীয়া ১০:১৩) সেইবাবে মোচিয়ে তেওঁৰ সময়ত থকা ইস্ৰায়েলসকলক এইদৰে কʼব পাৰিলে: “তোমালোকে বলৱান হোৱা, অতিশয় সাহিয়াল হোৱা,  . . কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা নিজেই তোমাৰ লগত যাওঁতা, তেওঁ তোমাক নেৰিব, তোমাক ত্যাগ নকৰিব।” (দ্বিতীয় বিবৰণ ৩১:৬) যিহেতু যিহোৱাৰ লোকসকল “এক বিশেষ লোক” হোৱাৰ বাবে তেওঁ তেওঁলোকৰ সৈতে উত্তমতাৰে আচৰণ কৰে।

যিহোৱা হৈছে “পুৰষ্কাৰ দিওঁতা” ঈশ্বৰ

১১, ১২. পুৰস্কাৰ দিওঁতা যিহোৱাৰ প্ৰতি দেখুৱা কৃতজ্ঞতাই আমাক কেনেকৈ সন্দেহজনক বিষয়ৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব?

১১ যিহোৱাৰ সেৱকবিলাক যে তেওঁৰ দৃষ্টিত অমূল্য, তাৰ আন এটা কাৰণ হৈছে, তেওঁ এজন পুৰস্কাৰ দিওঁতা ঈশ্বৰ। এই সন্দৰ্ভত তেওঁ ইস্ৰায়েলসকলক এইদৰে কৈছিল: “মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” (মলাখী ৩:১০) অৱশ্যেই যিহোৱাই নিজৰ সেৱকবিলাকক অনন্ত জীৱন প্ৰদান কৰি পুৰস্কৃত কৰিব। (যোহন ৫:২৪; প্ৰকাশিত বাক্য ২১:৪) এই অমূল্য পুৰস্কাৰে যিহোৱাৰ প্ৰেম আৰু উদাৰতাৰ প্ৰমাণ দিছে। তদুপৰি তেওঁৰ বাবে বিশ্বাসীসকল কিমান মূল্যৱান, সেই বিষয়ে জানিব পাৰি। আমি তেওঁক উদাৰতাৰে পুৰস্কাৰ দিওঁতা বুলি দৃষ্টি কৰাৰ দ্বাৰা সকলো প্ৰকাৰৰ সন্দেহযুক্ত বিষয়ৰ পৰা আঁতৰি থাকিব পাৰিম। তদুপৰি আমি তেওঁক পুৰস্কাৰ দিওঁতা হিচাপে দৃষ্টি কৰিবলৈ আমাক আগ্ৰহ কৰিছে, যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।”—ইব্ৰী ১১:৬.

১২ আমি পুৰস্কাৰ পাবলৈ নহয়, কিন্তু প্ৰেমৰ বাবেহে যিহোৱাৰ উপাসনা কৰিছোঁ। তথাপিও আমি পুৰস্কাৰ পোৱা আশা ৰাখাটো কোনো অনুচিত বিষয় নহয়। (কলচীয়া ৩:২৩, ২৪) যিহেতু যিহোৱাই নিজৰ লোকবিলাকক প্ৰেম আৰু অমূল্য হিচাপে দৃষ্টি কৰাৰ বাবে তেওঁক সম্পূৰ্ণ হৃদয়েৰে বিচৰাসকলক পুৰস্কাৰ দিবলৈ আগভাগ লয়।

১৩. মুক্তিপণ বলিদানক আমাৰ প্ৰতি থকা যিহোৱাৰ প্ৰেমৰ এক শক্তিশালী প্ৰমাণ বুলি কিয় কʼব পাৰি?

১৩ আটাইতকৈ শক্তিশালী প্ৰমাণ যি মুক্তিপণ বলিদানৰ প্ৰবন্ধৰ পৰা আমি জানিব পাৰিম যে ঈশ্বৰৰ দৃষ্টিত মানুহৰ মূল্য কি। সেই বিষয়ে পাঁচনি যোহনে এইদৰে কৈছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) যীচুৰ মুক্তিপণ বলিদানে দেখুৱাইছে যে আমি যিহোৱাৰ দৃষ্টিত অযোগ্য বা তুচ্ছ নহওঁ। যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক বলিদান কৰি দেখুৱালে যে তেওঁ আমাক কিমান গভীৰভাৱে প্ৰেম কৰে।

১৪. মুক্তিপণ বলিদানৰ প্ৰতি পাঁচনি পৌলে কেনে মনোবৃত্তি ৰাখিছিল, সেই বিষয়ে কিহে দেখুৱাইছে?

১৪ যদি আপুনি নিৰুৎসাহী অনুভূতিৰ দ্বাৰা পীড়িত হৈছে, তেন্তে মুক্তিপণ বলিদানৰ বিষয়ৰ ওপৰত ধ্যান কৰক। এই প্ৰবন্ধটোৰ পৰা আপুনি ব্যক্তিগতভাৱে লাভৱান হৈছে বুলি বিশ্বাস কৰক। লক্ষ্য কৰক যে পাঁচনি পৌলে মুক্তিপণ বলিদানৰ দ্বাৰা কেনেকৈ লাভৱান হৈছিল। তেওঁ কি কৈছিল সেই বিষয়ে মন কৰক: “হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ!” আগলৈ তেওঁ এইদৰে কৈছিল: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ” যিজনে ‘মোক প্ৰেম আৰু মোৰ বাবে নিজকে সমৰ্পণ কৰিলে।’ (ৰোমীয়া ৭:২৪, ২৫; গালাতীয়া ২:২০) এনেদৰে কোৱাৰ দ্বাৰা পাঁচনি পৌলে আত্মাভিমানপূৰ্ণ হোৱাৰ পৰিচয় দিয়া নাছিল। বৰঞ্চ, যিহোৱাই তেওঁক ব্যক্তিগত হিচাপে মনোযোগ দিছে বুলিহে কৈছিল। সেইদৰে আমিও মুক্তিপণ বলিদানক ব্যক্তিগতভাৱে ঈশ্বৰৰ পৰা পোৱা উপহাৰ বুলি ভবা উচিত। কিয়নো যিহোৱা কেৱল এজন শক্তিশালী উদ্ধাৰকৰ্তাই নহয়, কিন্তু প্ৰেমময় পুৰস্কাৰ দিওঁতা ঈশ্বৰ।

চয়তানৰ ‘কুকল্পনাৰ’ পৰা সাৱধানে থাকক

১৫-১৭. (ক) চয়তানে কেনেকৈ নিৰুৎসাহী ভাৱনা উৎপন্ন কৰে? (খ) আমি ইয়োবৰ অনুভৱৰ পৰা কি শিকিব পাৰোঁ?

১৫ কেতিয়াবা শাস্ত্ৰ পদবোৰত পঢ়িবলৈ পোৱা শান্ত্বনাদায়ক বাক্যবোৰ আপোনাৰ বাবে ব্যৱহাৰিক যেন নালাগিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে আপোনাৰ নিচিনা এজন অযোগ্য ব্যক্তিৰ বাহিৰে আন সকলোৱে পৰমদেশত প্ৰৱেশ কৰিব পাৰিব। তেনে ধৰণৰ নিৰুৎসাহী ভাৱনাক নিজ মনৰ পৰা আঁতৰ কৰিবলৈ আপুনি কি কৰিব পাৰে?

১৬ নিঃসন্দেহ, পাঁচনি পৌলে ইফিচীয়াসকললৈ লিখা এই পৰামৰ্শৰ সৈতে আপুনি ভালদৰে পৰিচিত, যাৰ বিষয়ে এইদৰে কৈছে: “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই সাজ পিন্ধা।” (ইফিচীয়া ৬:১১) আমি ভৌতিকবাদ আৰু অনৈতিকতাৰ বিষয়বোৰক সহজে চয়তানৰ কুকল্পনাৰ এক ভাগ বুলি কʼব পাৰোঁ। তথাপিও এই প্ৰলোভনে অতীতত আৰু বৰ্তমান সময়ৰ বহুতো ঈশ্বৰৰ লোকক প্ৰভাৱিত কৰিছে। তদুপৰি আমি তাৰ আন এটা কুকল্পনাৰ বিষয়ে পাহৰি যোৱা উচিত নহয় আৰু সেইয়া হৈছে, যিহোৱাই তেওঁৰ লোকসকলক প্ৰেম নকৰে বুলি বিশ্বাস জন্মাবলৈ কৰা তাৰ প্ৰচেষ্টা।

১৭ সি লোকসকলত তেনে ধৰণৰ নিৰুৎসাহী ভাৱনা উৎপন্ন কৰি তেওঁলোকক ঈশ্বৰৰ পৰা আঁতৰাই নিয়াত পাকৈত। এই সন্দৰ্ভত বিলদদে ইয়োবক কোৱা কথাশাৰীক লক্ষ্য কৰক। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্ম্মিক হব পাৰে? আৰু তিৰোতাৰ পৰা জন্মা জন কেনেকৈ শুচি হব পাৰে? চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়। তেন্তে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীটস্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়।” (ইয়োব ২৫:৪-৬; যোহন ৮:৪৪) তেনে বাক্যবোৰ শুনি ইয়োবে মনত অধিক বেজাৰ পাইছিল বুলি আপুনি নাভাবেনে? সেইবাবে আপুনি নিজকে চয়তানৰ দ্বাৰা নিৰুৎসাহী হʼবলৈ অনুমতি নিদিব। বৰঞ্চ, সত্যতাত থিৰে থাকিবলৈ চয়তানৰ সকলো ধৰণৰ কুকল্পনাৰ বিষয়ে সাৱধানে থাকক। (২ কৰিন্থীয়া ২:১১) ইয়োবে নিজৰ মনোবৃত্তিক সংশোধন কৰি শেষলৈকে আনুগত্য বজাই ৰখাৰ বাবে যিহোৱাই তেওঁক আগতকৈ দহ গুণ অধিক আশীৰ্ব্বাদ দিলে।—ইয়োব ৪২:১০.

যিহোৱা “আমাৰ হৃদয়তকৈয়ো মহান”

১৮, ১৯. যিহোৱা ঈশ্বৰ কেনেকৈ “আমাৰ হৃদয়তকৈয়ো মহান” আৰু কি অৰ্থত তেওঁ ‘সকলোকে জানে?’

১৮ যদি নিৰুৎসাহী ভাৱনাই দকৈ আমাৰ হৃদয়ত বাঁহ লৈছে, তেন্তে ইয়াক আঁতৰ কৰাটো ইমান সহজ নহʼব। তথাপিও যিহোৱাৰ পবিত্ৰ আত্মাই আমাক ক্ৰমান্বয়ে “দুৰ্গ . . . আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে” ভাঙিবলৈ সহায় কৰিব। (২ কৰিন্থীয়া ১০:৪, ৫) যেতিয়া নিৰুৎসাহী ভাৱনাই আমাক প্ৰবলভাৱে হেঁচা মাৰি ধৰে, তেতিয়া আমি পাঁচনি যোহনে কোৱা এই বাক্যবোৰ সোঁৱৰিব পাৰোঁ, যʼত কৈছে: “ইয়াৰ দ্বাৰাই আমি জানিম যে, আমি সত্যৰ পৰা হওঁ; আৰু যি কোনো কথাত আমাৰ হৃদয়ে আমাক দোষী কৰে, সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰিম; কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান, আৰু তেওঁ সকলোকে জানে।”—১ যোহন ৩:১৯, ২০.

১৯ “ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান” বুলি কোৱা উক্তিটোৰ অৰ্থ কি? কেতিয়াবা হয়তো অসিদ্ধতা বা ভুল-ভ্ৰান্তিবোৰৰ বাবে আমাৰ হৃদয় ভাঙি পৰিব পাৰে। অথবা আমাৰ পটভূমিৰ বাবে নিজকে তুচ্ছ বুলি গণ্য কৰিব পাৰোঁ। তেনে অৱস্থাত যিহোৱা আমাৰ হৃদয়তকৈয়ো মহান বুলি কোৱা যোহনৰ বাক্যই আশ্বাস প্ৰদান কৰে। তেওঁ আমাৰ অতীতৰ ভুলবোৰৰ পৰিৱৰ্তে উত্তম গুণবোৰ লক্ষ্য কৰে। তদুপৰি তেওঁ আমাৰ অভিপ্ৰায়বোৰৰ বিষয়ে ভালদৰে জানে। সেইবাবে দায়ূদে এইদৰে কʼব পাৰিলে: “তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।” (গীত ১০৩:১৪) দৰাচলতে, আমাৰ বিষয়ে যিহোৱাৰ বাহিৰে আন কোনেও ভালদৰে জানিব নোৱাৰে!

“এটি সুন্দৰ কিৰীটি, আৰু ৰাজমুকুটস্বৰূপ”

২০. যিহোৱাই তেওঁৰ সেৱকসকলৰ প্ৰতি ৰাখা দৃষ্টিৰ বিষয়ে পুনৰ সংস্থাপনৰ সম্বন্ধে কৰা যিচয়াৰ ভৱিষ্যতবাণীয়ে কিদৰে প্ৰকাশ কৰিলে?

২০ অতীতত ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা যিহোৱাই নিজৰ লোকসকলক পুনৰ সংস্থাপন কৰাৰ আশা প্ৰদান কৰিছিল। সেই কথাষাৰ শুনি বাবিলত বন্দী হৈ থকা লোকসকলে কিমান যে আশ্বাস আৰু শান্ত্বনা লাভ কৰিছিল! তেওঁলোকে নিজৰ দেশলৈ পুনৰাই উলটি যোৱাৰ সময়ৰ বিষয়ে ভাবি যিহোৱাই এইদৰে কৈছিল: “তুমি যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, তোমাৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হবা।” (যিচয়া ৬২:৩) এই বাক্যশাৰীৰ দ্বাৰা যিহোৱাই নিজৰ লোকসকলক গৌৰৱান্বিত আৰু শ্ৰেষ্ঠতা প্ৰদান কৰিছিল। ঠিক সেইদৰে যিহোৱাই বৰ্তমান সময়ত আধ্যাত্মিক ইস্ৰায়েলসকলক সকলোৱে দেখা পোৱাকৈ গৌৰৱান্বিত কৰিছে।

২১. যিহোৱাই আপুনি দেখুৱা সহনশীলতাৰ বাবে পুৰস্কাৰ দিব বুলি কেনেকৈ নিশ্চিত হʼব পাৰে?

২১ যদিও এই ভৱিষ্যতবাণীৰ পূৰ্ণতা প্ৰধানকৈ অভিষিক্তসকলৰ ওপৰত হোৱা দেখা গৈছে, তথাপিও যিহোৱাই তেওঁৰ সকলো সেৱককে আশীৰ্ব্বাদ দিয়ে বুলি বৰ্ণনা কৰিছে। যদি আপোনাৰ মনত কোনো সন্দেহ উৎপন্ন হৈছে, তেন্তে মনত ৰাখক যে যিহোৱাই আমাক এটি “সুন্দৰ কিৰীটি” আৰু “ৰাজমুকুতস্বৰূপ” বুলি দৃষ্টি কৰে। এতেকে আঁহক আমি ঈশ্বৰৰ ইচ্ছা পূৰণ কৰাৰ দ্বাৰা তেওঁৰ মন সদায়ে আনন্দিত কৰোঁহঁক। (হিতোপদেশ ২৭:১১) এনে কৰাৰ দ্বাৰা যিহোৱাই যে আপুনি দেখুৱা সহনশীলতাৰ বাবে পুৰস্কাৰ দিব, তাৰ প্ৰতি নিশ্চিত হʼব পাৰে! (w05 8/1)

[ফুটনোট]

a কিছুমানৰ আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

আপোনাৰ মনত আছেনে?

• আমি কেনেকৈ যিহোৱাৰ “এক বিশেষ লোক” হৈছোঁ?

• যিহোৱাক কিয় পুৰস্কাৰ দিওঁতা হিচাপে দৃষ্টি কৰা উচিত?

• আমি চয়তানৰ কেনে ‘কুকল্পনা কাৰ্য্যৰ’ পৰা আঁতৰি থকা উচিত?

• কি অৰ্থত ঈশ্বৰ “আমাৰ হৃদয়তকৈয়ো মহান?”

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৮ পৃষ্ঠাৰ ছবি]

পৌল

[২৮ পৃষ্ঠাৰ ছবি]

এলিয়া

[২৮ পৃষ্ঠাৰ ছবি]

হান্না