Skip to content

Skip to table of contents

আনুগত্য বজাই ৰাখাটো বাস্তৱতে লাভদায়ক

আনুগত্য বজাই ৰাখাটো বাস্তৱতে লাভদায়ক

আনুগত্য বজাই ৰাখাটো বাস্তৱতে লাভদায়ক

 কিছুমান দেশত লʼৰা-ছোৱালীবিলাকে তেওঁলোকৰ সৈতে খেলা-ধুলা কৰা আন লʼৰা-ছোৱালীৰ চুৱেটাৰত আগৰা গুটি লগাই জোকাই ধেমালি কৰে। সেই আগৰা গুটিবোৰ ঊণি কাপোৰবোৰত এনেকৈ জপটিয়াই লাগি থাকে যে খোজ কঢ়া, দৌৰ মৰা বা জপিওৱা অথবা জোকাৰিলেও সেইবোৰ নপৰে। সেইবোৰৰ পৰা মুক্ত পোৱাৰ এটাই উপায় আছে যে, সেইবোৰক এটা এটাকৈ এৰোৱাই পেলোৱা। লʼৰা-ছোৱালীৰ বাবে এনে কৰাটো হৈছে এক আনন্দজনক ধেমালি।

সকলোৱে যে নিজৰ কাপোৰত আগৰা গুটি লগাৰ বাবে ভাল পাব, এনে নহয়। কিন্তু এইটো সঁচা যে সকলোৱে এই আগৰা গুটি লাগি থকাৰ গুণ দেখি নিশ্চিয়ে আচৰিত হʼব। এজন আনুগত্য ব্যক্তিয়েও তেনেদৰে গুণ প্ৰতিফলিত কৰে। এজন বিশ্বস্ত ব্যক্তিয়ে কোনোবা এজনৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি এক চিৰস্থায়ী সম্বন্ধ স্থাপন কৰে। তেনে ব্যক্তিয়ে যেনেকুৱাই কঠিন পৰিস্থিতি নহওক কিয়, সম্বন্ধ বজাই ৰাখিবলৈ দায়িত্ব আৰু কৰ্তব্যবোৰক বিশ্বাসী হৈ পালন কৰে। “আনুগত্য” উক্তিটোৱে আমাক সত্যপৰায়ণতা, নিষ্ঠা, ভক্তি আদিৰ দৰে নৈতিক গুণবোৰৰ বিষয়ে সোঁৱৰাই দিয়ে। যিহেতু আনে আপোনাৰ সৈতে আনুগত্য বজাই ৰাখাটো দেখি আপুনি মূল্যাঙ্কন কৰিব পাৰে, কিন্তু আপুনিও আনৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ নিশ্চিত কৰেনে? যদি নিশ্চিত কৰে, তেন্তে কাৰ সৈতে আনুগত্য বজাই ৰাখা উচিত?

বিবাহত আনুগত্য বজাই ৰাখাটো এক গুৰুত্বপূৰ্ণ আৱশ্যকতা

বিবাহত আনুগত্য বজাই ৰাখাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু দুখৰ বিষয় এই যে প্ৰায়ে ইজনে সিজনৰ প্ৰতি আনুগত্য বজাই ৰাখাটো দেখা নাযায়। এহাল বৈবাহিক দম্পতিয়ে তেওঁলোকৰ বিবাহ শপতৰ প্ৰতি অৰ্থাৎ একেলগে থাকি এজনে আনজনৰ বাবে মঙ্গল কামনা কৰাৰ বিশ্বস্ততা বজাই ৰাখাটোৱে হৈছে এক আনন্দিত আৰু সুৰক্ষিত বিবাহৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। কিয় তেনে? কিয়নো মানৱক আনুগত্য বজাই ৰাখিবলৈ আনৰ পৰা সেই আনুগত্য গ্ৰহণ কৰাৰ আৱশ্যকতাৰ সৈতে স্ৰজন কৰা হৈছে। এদন বাগিছাত ঈশ্বৰে আদম আৰু হৱাৰ বিবাহ সম্পন্ন কৰি এইদৰে কৈছিল: “এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” এই সিদ্ধান্ত একেইদৰে এগৰাকী পত্নীৰ ওপৰত প্ৰযোজ্য হয়; তায়ো নিজৰ স্বামীৰ সৈতে একেদেহ হোৱা আৱশ্যক। স্বামী আৰু স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি বিশ্বস্ত আৰু সহযোগী হোৱা উচিত।—আদিপুস্তক ২:২৪; মথি ১৯:৩-৯.

এইটো সঁচা যে এই পৰামৰ্শ বহু হাজাৰ বছৰৰ পূৰ্বে দিয়া হৈছিল। ইয়াৰ অৰ্থ এইটোনে যে আনুগত্য বজাই ৰাখা পৰামৰ্শটো বৰ্তমান সময়ৰ বৈবাহিক লোকৰ বাবে অতি প্ৰাচীন হৈ পৰিল? বহুতে সেই পৰামৰ্শ আজিৰ সময়ৰ বাবেও ব্যৱহাৰিক বুলি কয়। জাৰ্মানীত কৰা এক অনুসন্ধানৰ অনুসাৰে ৮০ শতাংশ লোকে বৈবাহিক সঙ্গীৰ ইজনে সিজনৰ প্ৰতি আনুগত্য বজাই ৰাখাটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য দিয়ে। পুৰুষ আৰু স্ত্ৰীত থকা অধিক বাঞ্চনীয় গুণটো বিচাৰিবলৈ কৰা দ্বিতীয় জৰীপৰ অনুসাৰে পুৰুষৰ এক সমূহক তেওঁলোকে স্ত্ৰীত বিচৰা পাঁচটা অধিক প্ৰশংসনীয় গুণ আৰু একেইদৰে স্ত্ৰীসকলক পুৰুষত বিচৰা পাঁচটা গুণৰ তালিকা বনাবলৈ কোৱা হয়। পুৰুষ আৰু স্ত্ৰী এই উভয়ে অধিককৈ মূল্যাঙ্কন কৰা গুণটো হৈছে বিশ্বস্ততা।

দৰাচলতে, আনুগত্য হৈছে এক সফল বিবাহ গঢ়ি তুলাৰ এক শক্তিশালী আধাৰ শিলা। আমি আগৰ লেখটোত দেখিবলৈ পালোঁ যে, বহুতে যদিও বিশ্বস্ততা গুণটোক মূল্যাঙ্কন কৰে, তথাপিও ইয়াক অভ্যাস নকৰে। সেয়েহে আজি বহুতো দেশত অবিশ্বাসী হোৱাৰ বাবে বিবাহ বিচ্ছেদৰ সংখ্যা বৃদ্ধি পাই আহিছে। বৈবাহিক সঙ্গীয়ে কেনেকৈ এনে মনোবৃত্তিক প্ৰতিৰোধ কৰি এজনে আনজনৰ প্ৰতি আনুগত্য বজাই ৰাখিব পাৰে?

আনুগত্যই বিবাহ স্থায়ী কৰে

বৈবাহিক সঙ্গীয়ে যেতিয়া এজনে আনজনৰ প্ৰতি থকা নিষ্ঠা বজাই ৰাখিবলৈ সুযোগ বিচাৰে, তেতিয়া আনুগত্য প্ৰকাশ পায়। উদাহৰণস্বৰূপে, সাধাৰণতে “মোৰ” বুলি কোৱাৰ পৰিৱৰ্তে “আমাৰ” যেনে, “আমাৰ বন্ধু,” “আমাৰ সন্তান,” “আমাৰ ঘৰ,” “আমাৰ অনুভৱবোৰ” ইত্যাদি। যেতিয়া ঘৰ, চাকৰি, সন্তানক চোৱা-চিতা কৰা, খেল-ধেমালি, বন্ধত ফুৰিবলৈ যোৱা বা ধৰ্ম্মীয় কাৰ্য্যৰ বাবে কোনো সিদ্ধান্ত লʼবলগীয়া হয়, তেতিয়া স্বামী আৰু স্ত্ৰীয়ে এজনে আনজনৰ অনুভূতিৰ প্ৰতি বিবেচনা কৰা উচিত।—হিতোপদেশ ১১:১৪; ১৫:২২.

বৈবাহিক সঙ্গীয়ে এজনে আনজনৰ আৱশ্যক বুলি অনুভৱ কৰাটোত আনুগত্য প্ৰকাশ পায়। এক বৈবাহিক সঙ্গীয়ে যেতিয়া বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে অধিক নিবিড়ভাৱে কাৰ্য্য কৰে, তেতিয়া আনজনৰ সঙ্গীয়ে নিৰাপত্তাহীন অনুভৱ কৰে। সেয়েহে বাইবেলে স্বামীবিলাকক এইদৰে পৰামৰ্শ দিছে, ‘[তেওঁলোক নিজৰ] যৌৱন-কালৰ ভাৰ্য্যাৰ’ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখা আৱশ্যক। গতিকে এজন স্বামীয়ে নিজৰ পত্নীৰ বাহিৰে আন স্ত্ৰীক প্ৰশংসা কৰা ভাৱনাক নিজৰ হৃদয়ত আহিবলৈ দিয়া উচিত নহয়। তদুপৰি তেওঁ আন স্ত্ৰীৰ সৈতে শাৰীৰিকভাৱে অৱশ্যেই জড়িত হোৱা উচিত নহয়। এই সম্পৰ্কে বাইবেলে এইদৰে সতৰ্ক কৰিছে: “পৰস্ত্ৰীগামী জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য্য কৰে, সি নিজৰ প্ৰাণ নিজে নষ্ট কৰে।” আনুগত্য বজাই ৰাখাৰ সেই একেই সিদ্ধান্ত এগৰাকী স্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়।—হিতোপদেশ ৫:১৮; ৬:৩২.

বিবাহত আনুগত্য বজাই ৰাখিবলৈ কৰা প্ৰচেষ্টা লাভদায়কনে? অৱশ্যেই লাভদায়ক। কিয়নো ইয়ে এখন বিবাহক অধিক স্থিৰ আৰু স্থায়ী কৰে। তদুপৰি দুয়োজন বিবাহৰ সঙ্গীয়ে ব্যক্তিগতভাৱে লাভৱান হয়। উদাহৰণস্বৰূপে, যেতিয়া এজন স্বামীয়ে বিশ্বস্ততাৰে নিজৰ পত্নীৰ সৈতে উত্তমভাৱে আচৰণ কৰে, তেতিয়া পত্নীগৰাকীয়ে নিৰাপত্তা অনুভৱ কৰে আৰু উত্তম গুণবোৰ প্ৰদৰ্শন কৰিবলৈ প্ৰেৰিত হয়। এই বাক্যশাৰী এজন স্বামীৰ সৈতেও সমানে প্ৰযোজ্য হয়। পত্নীৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখিবলৈ লোৱা নিৰ্ণয়ে স্বামীজনক তেওঁৰ জীৱনৰ সকলো ক্ষেত্ৰতে ধাৰ্ম্মিক সিদ্ধান্তসমূহ বিকশিত কৰিবলৈ সহায় কৰে।

এজন স্বামী আৰু স্ত্ৰীয়ে যদিও কঠিন পৰিস্থিতিৰ সম্মুখীন হয়, কিন্তু বিশ্বস্ততাই তেওঁলোকক নিৰাপত্তা প্ৰদান কৰে। ইয়াৰ বিপৰীতে বিবাহিত সঙ্গীৰ মাজত আনুগত্য বা বিশ্বস্ততা নোহোৱাৰ বাবে তেওঁলোকৰ মাজত সঘনাই হোৱা সমস্যাই সম্পৰ্ক ছেদ বা বিবাহ বিচ্ছেদলৈ পৰিচালিত কৰে। এনে ধৰণৰ পদক্ষেপে সমস্যাক সমাধান কৰাৰ পৰিৱৰ্তে জীৱনলৈ আন আন সমস্যা কঢ়িয়াই আনে। এজন প্ৰসিদ্ধ ফেশ্চন পৰামৰ্শদাতাই ১৯৮০ দশকত নিজৰ পত্নী আৰু পৰিয়ালৰ পৰা পৃথক হʼল। তেওঁ অকলশৰীয়াকৈ থাকি আনন্দিত হʼব পাৰিলেনে? বিশ বছৰৰ পিছত তেওঁ এইদৰে স্বীকাৰ কৰি কয় যে, তেনেদৰে পৃথক হৈ “অকলশৰীয়া আৰু অশান্তি অনুভৱ কৰিছে। তদুপৰি নিজৰ জীয়েকক শুভৰাত্ৰি বুলি কʼবলৈ বিচাৰি নিশা উজাগৰে কটাবলগীয়া হয়।”

পিতৃ-মাতৃ আৰু সন্তানৰ মাজত আনুগত্য বজাই ৰাখা

যেতিয়া পিতৃ-মাতৃয়ে ইজনে সিজনৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখে, তেতিয়া তেওঁলোকৰ সন্তানৰ ওপৰতো সেই গুণটোৱে উত্তমৰূপে প্ৰভাৱিত কৰাৰ সম্ভাৱনা থাকে। এই আনগত্য আৰু প্ৰেমময় পৰিয়ালত পিছলৈ লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ তেওঁলোকে সংসাৰ পাতি নিজ নিজ সঙ্গী আৰু শাৰীৰিকভাৱে অক্ষম হোৱা বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতিও সহজে আনুগত্য বজাই ৰাখিব পাৰে।—১ তীমথিয় ৫:৪, ৮.

দৰাচলতে, পিতৃ-মাতৃয়ে প্ৰথম অৱস্থাতে যদি দুৰ্ব্বল হৈ পৰে, তেতিয়া তেনে কৰাটো সদায়ে সহজ নহয়। কেতিয়াবা নিজৰ সন্তানক বিশ্বাসী হৈ চোৱা-চিতা কৰা আৱশ্যক। তেনেদৰে অৱস্থা ৪০ বছৰে যিহোৱাৰ সাক্ষী হোৱা হাৰব্ৰেট্‌ আৰু গেৰট্ৰোবৰ সৈতে হৈছিল। তেওঁলোকৰ পুতেক ডাইটমাৰে পেশীজনিত ৰোগত আক্ৰান্ত হোৱাত নবেম্বৰ ২০০২ চনত তেওঁৰ মৃত্যু হোৱা পৰ্য্যন্ত অৰ্থাৎ সাত বছৰে দিনে-ৰাতিয়ে তেওঁৰ প্ৰেমময় পিতৃ-মাতৃয়ে চোৱা-চিতা কৰিবলগীয়া হৈছিল। পিতৃ-মাতৃয়ে তেওঁৰ বাবে ঘৰতে চিকিৎসাৰ সা-সৰঞ্জামবোৰ স্থাপন কৰে আৰু চিকিৎসাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আনুগত্য বজাই ৰাখাৰ কিযে এক উত্তম উদাহৰণ!

বন্ধুত্বত আনুগত্য বজাই ৰাখাটো গুৰুত্বপূৰ্ণ

“এজন ব্যক্তিয়ে বৈবাহিক সঙ্গীৰ অৱিহনে সুখী হʼব পাৰে, কিন্তু এজন বন্ধুৰ অৱিহনে সুখী হোৱাটো এক কঠিন কাৰ্য্য।” এই বুলি ব্ৰীজীটে কয়। আপুনিও হয়তো তেওঁৰ কথাত মান্তি হʼব। আপুনি বিবাহিত বা অবিবাহিত নহওক কিয়, এজন ভাল বন্ধুয়ে বজাই ৰাখা আনুগত্যৰ বাবে আপোনাৰ হৃদয় আনন্দিত আৰু জীৱনটো ভালেৰে যাব। যদি আপুনি বিবাহিত ব্যক্তি, তেন্তে আপোনাৰ একেবাৰে ঘনিষ্ঠ বন্ধুজন নিজৰ বৈবাহিক সঙ্গী হোৱা উচিত।

বন্ধুত্ব কেৱল পৰিচয় হোৱাটোৱে নহয়। আমি হয়তো আমাৰ চুবুৰীয়া, সহকৰ্ম্মী আৰু আজি বা মাজে সময়ে লগ পোৱা লোকসকলৰ সৈতে পৰিচিত হʼব পাৰোঁ। কিন্তু প্ৰকৃত বন্ধুত্বৰ বাবে যথেষ্ট পৰিমাণে সময়, শক্তি আৰু মানসিক প্ৰতিশ্ৰুতিৰ আৱশ্যক। কোনোবা এজনৰ বন্ধু হোৱাটো এক সন্মানৰ বিষয়। বন্ধুত্ব বজাই ৰাখাটো এক বিশেষাধিকাৰ, কিন্তু ইয়াত দায়িত্ব পালন কৰাও সন্মিলিত আছে।

আমাৰ বন্ধুবিলাকৰ সৈতে উত্তমৰূপে কথোপকথন কৰা আৱশ্যক। কিয়নো তেনে কথোপকথনে আৱশ্যকতাৰ সময়ত কাৰ্য্যকাৰী প্ৰমাণিত হʼব পাৰে। এই সম্পৰ্কে ব্ৰীজীটে এইদৰে কয়: “যদি আমাৰ মাজত কোনো সমস্যা উৎপন্ন হয়, তেন্তে মই আৰু মোৰ বান্ধবীয়ে সপ্তাহত দুবাৰকৈ টেলিফোনৰ দ্বাৰা কথোপকথন হওঁ। তাই আগ্ৰহেৰে মোৰ কথা শুনে বুলি জানি মনত অধিক শান্ত্বনা লাভ কৰোঁ। বন্ধুত্ব বজাই ৰাখিবলৈ দূৰত্বই প্ৰতিৰোধক হোৱা উচিত নহয়। উদাহৰণস্বৰূপে, গেৰডা আৰু হেলগাৰৰ বিষয়ে বিবেচনা কৰক। তেওঁলোকে যদিও বহু হাজাৰ কিলোমিটাৰ দূৰত্বত বাস কৰিছিল, যোৱা ৩৫ বছৰে তেওঁলোকে উভয়ে এক উত্তম বন্ধুত্বৰ আনন্দ উপভোগ কৰি আহিছে। এই বিষয়ে গেৰডাই এইদৰে কয়: “আমি উভয়ে ইজনে সিজনক পত্ৰ লিখি, অভিজ্ঞতা, আমাৰ আন্তৰিক অনুভূতি আৰু আনন্দ বা দুখৰ বিষয়বোৰ জনাওঁ। হেলগাৰৰ পৰা পোৱা পত্ৰই মোক বাস্তৱতে আনন্দিত কৰে। আমি উভয়ে একেইদৰে ইজনে সিজনৰ প্ৰতি চিন্তা কৰোঁ।”

বন্ধুত্বত আনুগত্য বজাই ৰাখাটো অতি গুৰুত্বপূৰ্ণ। বিশ্বাসঘাটকৰ মাত্ৰ এটা কাৰ্য্যই দীৰ্ঘ সময়ৰ সম্বন্ধক চুৰ্ণ-বিচুৰ্ণ কৰিব পাৰে। বন্ধুত্বৰ মাজত এজনে আনজনৰ পৰা পৰামৰ্শ লোৱা আৰু আনকি গুপ্ত বিষয়বোৰক আলোচনা কৰাটো এটা সাধাৰণ বিষয়। কিয়নো এজন বন্ধুৱে আনজনক কোনো সন্দেহ বা আশংকা নকৰাকৈ ভয়ভিতহীন হৈ নিজৰ হৃদয়ৰ সকলো কথা কয়। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।”—হিতোপদেশ ১৭:১৭.

আমি কিদৰে ভাবোঁ, অনুভৱ আৰু কাৰ্য্য কৰোঁ এই সকলোৰে ওপৰত বন্ধুত্বই প্ৰভাৱিত কৰিব পাৰে। সেয়েহে আমি এনেলোকৰ সৈতে বন্ধুত্ব স্থাপন কৰা আৱশ্যক, যিসকলৰ জীৱন-যাপন আমাৰ বাবে লাভদায়ক প্ৰমাণিত হয়। উদাহৰণস্বৰূপে, আমি একেই বিশ্বাস, নৈতিক দৃষ্টিভঙ্গী আৰু ভাল-বেয়া নিৰ্ণয় কৰাৰ একেই স্তৰ হোৱা লোকসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰা আৱশ্যক। কিয়নো তেনে বন্ধুত্বই আপোনাক লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব। গতিকে আপুনি এনে এজনৰ সৈতে বন্ধত্ব গঢ়ি তুলিবলৈ বিচাৰিবনে, যিজনৰ স্তৰ আৰু নৈতিকতা আপোনাৰ সৈতে একেই নহয়? বন্ধুত্ব গঢ়ি তুলাৰ সম্পৰ্কে বাছনি কৰাৰ গুৰুত্বতাৰ সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।”—হিতোপদেশ ১৩:২০.

আনুগত্য বজাই ৰাখিবলৈ শিকা

লʼৰা-ছোৱালীয়ে আনৰ কাপোৰত আগৰা গুটি লগাবলৈ শিকি, পিছলৈ নিজেই তেওঁলোকে বাৰে বাৰে তেনে খেল খেলিবলৈ বিচাৰিব। আনুগত্য বজাই ৰাখা ব্যক্তিসকলৰ সম্পৰ্কেও সেই একেইদৰে সত্য বুলি কʼব পাৰি। কিয় কʼব পাৰি? কিয়নো আমি যিমানেই আনুগত্য বজাই ৰাখিবলৈ শিকিম, পিছলৈ আমাৰ বাবে এই গুণটো বজাই ৰাখিবলৈ সিমানেই সহজ হʼব। যদি এজন ব্যক্তিয়ে সৰুকালৰে পৰা পৰিয়ালত আনুগত্য বজাই ৰাখিবলৈ শিকে, আগলৈ ডাঙৰ হৈ সহজে আনুগত্য গুণটোৰ ওপৰত আধাৰিত বন্ধুত্ব গঢ়ি তুলিবলৈ পাৰিব। সময় যোৱাৰ লগে লগে তেনে ধৰণৰ স্থায়ী বন্ধুত্বৰ বাবে বিবাহতো আনুগত্য বজাই ৰাখিব পাৰিব। তদুপৰি এনে কৰাৰ দ্বাৰা সকলোতকৈ গুৰুত্বপূৰ্ণ বন্ধুজনৰ সৈতে আনুগত্য বজাই ৰাখাত সহায় লাভ কৰিব।

যীচুৱে আমাক আমাৰ সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰ সৈতে যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ এক মহান আজ্ঞা দিছিল। (মাৰ্ক ১২:৩০) ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে আমি তেওঁৰ প্ৰতি সম্পূৰ্ণ আনুগত্য বজাই ৰাখাটো বিচাৰে। যিহোৱা ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰাখাৰ দ্বাৰা আমি অধিক আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। কিয়নো যিহোৱা ঈশ্বৰে আমাক কেতিয়াও নিৰাশ হʼবলৈ নিদিব, সেয়েহে তেওঁ স্বয়ং এইদৰে কৈছে: ‘মই বিশ্বস্ত ঈশ্বৰ।’ (যিৰিমিয়া ৩:১২) গতিকে ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰৰ প্ৰতি আনুগত্য বা বিশ্বস্ততা বজাই ৰাখাৰ দ্বাৰা আমি চিৰকলীয়া পুৰস্কাৰ লাভ কৰিব পাৰিম।—১ যোহন ২:১৭. (w05 9/1)

[৬ পৃষ্ঠাৰ ব্লাৰ্ব]

এজন প্ৰকৃত বন্ধুৰ আনুগত্যই আপোনাৰ মন আনন্দিত কৰে

[৫ পৃষ্ঠাৰ ছবি]

পৰিয়ালত আনুগত্য বজাই ৰাখা সদস্যসকলে ইজনে সিজনৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দিয়ে