Skip to content

Skip to table of contents

আমি আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম

আমি আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম

আমি আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম

“আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”—মীখা ৪:৫.

১. নোহৰ সময়ত কেনে নৈতিক অধঃপতন অৱস্থাৰ বিদ্যমান হৈছিল আৰু নোহ কেনেকৈ ভিন্ন প্ৰমাণিত হʼল?

 ঈশ্বৰৰ সৈতে চলা প্ৰথম ব্যক্তিজনৰ নাম বাইবেলত হনোক বুলি উল্লেখ কৰিছে। দ্বিতীয়জন ব্যক্তি আছিল নোহ। বৃতান্তই আমাক এইদৰে কৈছে: “সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ আছিল; আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল।” (আদিপুস্তক ৬:৯) নোহৰ সময়ত সাধাৰণতে মানৱজাতিয়ে সত্য উপাসনাৰ পৰা একেবাৰে আঁতৰি গৈছিল। সেই সময়ত বিশ্বাসঘাট কৰা ঈশ্বৰৰ স্বৰ্গদূতবিলাকে মানৱ যুৱতীবোৰৰ সৈতে অস্বাভাৱিক যৌন সম্বন্ধ ৰাখাৰ ফলত জন্ম হোৱা সন্তানবিলাকক নাফিল বুলি কোৱা হʼল। নাফিলবিলাক সেই সময়ত “বীৰপুৰুষ” বা “শক্তিশালী পুৰুষ” আছিল। সেয়েহে ইয়াত কোনো সন্দেহ নাই যে, কিয় সেই সময়ত গোটেই জগতত অত্যাচাৰেৰে পূৰ্ণ হৈছিল! (আদিপুস্তক ৬:২, ৪, ১১) তথাপিও নোহে নিজকে দোষমুক্ত হোৱাৰ প্ৰমাণ দি এজন “ধৰ্ম্মপ্ৰচাৰক” হʼল। (২ পিতৰ ২:৫) ঈশ্বৰে যেতিয়া জীৱন ৰক্ষাৰ বাবে এখন বৃহৎ জাহাজ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলে, তেতিয়া নোহে “ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।” (আদিপুস্তক ৬:২২) নোহ বাস্তৱতে ঈশ্বৰৰ সৈতে চলিল।

২, ৩. আমাৰ দিনৰ বাবে নোহে কেনে উত্তম আৰ্হি ৰাখিলে?

পাঁচনি পৌলে বিশ্বাসী সাক্ষীসকলৰ তালিকাত নোহৰ নাম উল্লেখ কৰি এইদৰে লিখিছিল: “বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্ম্মিকতাৰ অধিকাৰী হল।” (ইব্ৰী ১১:৭) নোহে কিযে এক অতুলনীয় আৰ্হি ৰাখিলে! যিহোৱাৰ বাক্য বাস্তৱতে সঁচা প্ৰমাণিত হʼব বুলি নিশ্চিত হৈ নোহে নিজৰ সকলো শক্তি আৰু সামৰ্থৰে ঈশ্বৰৰ আজ্ঞা পূৰ্ণ কৰাত লাগিল। একেইদৰে বৰ্তমান সময়ত বহুতে জগতৰ আৰামদায়ক জীৱনধাৰা ত্যাগ কৰি নিজৰ সময়, শক্তি আৰু সামৰ্থ যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাত অতিবাহিত কৰিছে। তেওঁলোকৰ বিশ্বাস বাস্তৱতে লেখত লʼবলগীয়া আৰু তেনে কৰাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ উপৰিও আনৰ বাবে পৰিত্ৰাণ কঢ়িয়াই আনিছে।—লূক ১৬:৯; ১ তীমথিয় ৪:১৬.

নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বাবে সেই আজ্ঞা পালন কৰা সিমানেই কঠিন আছিল যেনেকৈ পূৰ্বৱৰ্তী লেখত আলোচনা কৰা তেওঁৰ আদি পিতৃ হনোকৰ সময়ত হৈছিল। হনোকৰ দিনৰ দৰে নোহৰ দিনত সত্য উপাসকসকলৰ সংখ্যা নিচেই তাকৰ অৰ্থাৎ কেৱল আঠজন ব্যক্তি আছিল, যিসকলে মহা জল-প্ৰলয়ত ৰক্ষা পালে। নোহ অত্যাচাৰ আৰু অনৈতিকতাপূৰ্ণ জগতত থকা স্বত্বেও এজন ধাৰ্ম্মিকতাৰ প্ৰচাৰক আছিল। তদুপৰি নোহ আৰু তেওঁৰ পৰিয়ালে কাহানিও নোহোৱা বিশ্বব্যাপী জল-প্ৰলয়ৰ পূৰ্বে কাঠেৰে এক বৃহৎ জাহাজ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ তেনে কাৰ্য্যক আনে নিশ্চয়ে এক আচহুৱা যেন দৃষ্টি কৰিছিল।

৪. যীচুৱে আলোকপাত কৰাৰ অনুসাৰে নোহৰ সময়ৰ লোকসকলে কি কৰিবলৈ বিফল হৈছিল?

মন কৰিবলগীয়া এই যে যীচুৱে যেতিয়া নোহৰ দিনৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁ কেৱল অত্যাচাৰ, মিছা ধৰ্ম্ম বা অনৈতিকতাপূৰ্ণৰ দৰে জঘন্য বিষয়ৰ সম্পৰ্কে কৈছিল, এনে নহয়। যীচুৱে আলোকপাত কৰা সেই সময়ৰ লোকসকলৰ ভুলটো আছিল, সেই সময়ত নোহে দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিবলৈ অস্বীকাৰ কৰা। তেওঁ এইদৰে কৈছিল যে, “নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুহবিলাকে ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি আছিল।” ভোজন-পান, বিয়া কৰা বা বিয়া দিয়াটো ভুল আছিলনে? তেওঁলোকে কেৱল “সাধাৰণভাৱে” জীৱন-যাপন কৰিছিল! কিন্তু এক বৃহৎ জল-প্ৰলয় আহিবলগীয়া আছিল আৰু নোহ ধাৰ্ম্মিকতাৰ প্ৰচাৰ কৰিছিল। তেওঁৰ বাক্য আৰু আচাৰ-ব্যৱহাৰ নিশ্চয়ে সেই সময়ৰ লোকসকলৰ বাবে এক সতৰ্কবাণী আছিল। তথাপিও লোকসকলে “জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে।”—মথি ২৪:৩৮, ৩৯.

৫. নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গই কেনে গুণ বিকশিত কৰা আৱশ্যক আছিল?

অতীতলৈ উভটি চালে লক্ষ্য কৰিব পাৰি যে নোহে এক বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰিলে। কাহানিও নোহোৱা জল-প্ৰলয়ৰ পূৰ্বে নিজকে নিষ্কলঙ্ক ৰাখিবলৈ নোহক সাহসী হোৱাৰ আৱশ্যক আছিল। তদুপৰি এক বৃহৎ জাহাজ আৰু সেই জাহাজত এযোৰকৈ সকলো প্ৰকাৰৰ জীৱ-জন্তু ভৰ্ত্তি কৰিবলৈ নোহ আৰু তেওঁৰ পৰিয়ালক অৱশ্যেই দৃঢ় বিশ্বাসৰ আৱশ্যক আছিল। সেই সময়ৰ নোহৰ পৰিয়ালৰ কিছুমান সদস্যৰ মনত কেতিয়াবা নিচিন্ত মনেৰে আৰু “গতানুগতিৰে” জীৱন-যাপন কৰাৰ ইচ্ছা অহা নাছিলনে? যদিও তেনে বিচাৰধাৰা মনলৈ আহিছিল, তথাপিও ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ অখণ্ডতা দুৰ্ব্বল হৈ পৰা নাছিল। নোহ আৰু তেওঁৰ পৰিয়ালে বহু বছৰ অৰ্থাৎ বৰ্তমানে আমি এই ৰীতি-ব্যৱস্থাত সহন কৰিবলগীয়া হোৱা সময়তকৈ অধিক সময়ৰ পিছত নোহৰ বিশ্বাসৰ বাবে সেই মহা জল-প্ৰলয়ত ৰক্ষা পালে। প্ৰকৃততে, যিহোৱা ঈশ্বৰৰ ন্যায়-বিচাৰ সেই সকলৰ ওপৰত আহিব যিসকলে “গতানুগতিৰে” জীৱন-যাপন কৰি তেওঁলোকে বাস কৰা সময়ৰ গুৰুত্বতাৰ প্ৰতি কোনো মনোযোগ দিয়া নাই।

মানৱজাতিয়ে পুনৰাই অত্যাচাৰৰ দ্বাৰা পীড়িত হোৱা

৬. জল-প্ৰলয়ৰ পিছত কেনে ধৰণৰ অৱস্থা তেতিয়াও অস্তিত্বত থাকিল?

জল-প্ৰলয় সমাপ্ত হোৱাৰ পিছত মানৱজাতিয়ে নতুন শৈলীৰে জীৱন-যাপন আৰম্ভ কৰিলে। তেতিয়াও মানৱজাতি অসিদ্ধ আৰু তেওঁলোকৰ “মনৰ কল্পনা সৰু কালৰে পৰা মন্দ” আছিল। (আদিপুস্তক ৮:২১) ইয়াৰ উপৰিও পিশাচবোৰে যদিও মানৱ শৰীৰ ধাৰণ কৰিব নোৱাৰিছিল, তথাপিও তেওঁলোক সক্ৰিয় হৈ আছিল। আজিৰ সময়ৰ দৰে তাহানিৰ সময়ৰ জগতত থকা ভক্তিহীন লোকত অতি শীঘ্ৰেই দেখিবলৈ পোৱা গʼল যে, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে” আৰু প্ৰকৃত উপাসকসকলে “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ” একেৰাহে যুদ্ধ কৰা উচিত।—১ যোহন ৫:১৯; ইফিচীয়া ৬:১১, ১২.

৭. জল-প্ৰলয়ৰ পিছত জগতত কেনেকৈ অত্যাচাৰ তীব্ৰতাৰে বৃদ্ধি পালে?

জল-প্ৰলয়ৰ পিছত নিম্ৰোদৰ সময়ৰ পৰা মানৱজাতিৰ মাজত পুনৰাই অত্যাচাৰ দেখিবলৈ পোৱা গʼল। জনসংখ্যা বৃদ্ধি আৰু শিল্পকলা উন্নত হোৱাৰ বাবে সময় যোৱা লগে লগে অত্যাচাৰ অতিশয়ৰূপে বাঢ়িব ধৰিলে। আগৰ সময়ত লোকসকলে তৰোৱাল, যাঠি, ধনু-কাঁড় আৰু ৰথেৰে যুদ্ধ কৰিছিল। কিন্তু বিংশ শতাব্দীৰ আগৰলৈকে হিলৈ আৰু বৰতোপ, ৰাইফল আৰু আন উন্নত ধৰণৰ অস্ত্ৰ যুদ্ধত ব্যৱহাৰ কৰা হৈছিল। কিন্তু প্ৰথম বিশ্বযুদ্ধত অধিক যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ যেনে, যুদ্ধ বিমান, টেঙ্ক, ছাবমেৰিন আৰু বিষাক্ত গেছৰ ব্যৱহাৰ কৰা হʼল। সেই যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰই কোটি সংখ্যক লোকৰ প্ৰাণ লʼলে। সেইটো অপ্ৰত্যাশিতভাৱে হʼলনে? অৱশ্যেই নহয়।

৮. প্ৰকাশিত বাক্য ৬:১-৪ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?

যীচুক ১৯১৪ চনত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যত ৰজা নিযুক্ত কৰা হʼল আৰু তেতিয়াৰ পৰা ‘প্ৰভুৰ দিন’ আৰম্ভ হʼল। (প্ৰকাশিত বাক্য ১:১০) প্ৰকাশিত বাক্যৰ কিতাপত বৰ্ণনা কৰা দৰ্শনত যীচুক এটা বগা ঘোঁৰাত জয় কৰি কৰি ওলাই যোৱা ৰজা হিচাপে দেখা গʼল। আন অশ্বাৰোহীবোৰে তেওঁৰ পিছে পিছে আহিছে আৰু সেই প্ৰত্যেকে মানৱজাতিৰ ওপৰত অহা বিভিন্ন ক্লেশক চিহ্নিত কৰিছে। তাৰে এজন অশ্বাৰোহী ৰঙা ঘোঁৰত আছিল, যিজনক এই পৃথিৱীৰ পৰা “শান্তি দূৰ কৰিবলৈ দিয়া হল” যাতে মানুহবিলাকে পৰস্পৰে এজনে আনজনক বধ কৰে; আৰু সেই অশ্বাৰোহীজনক “এখন বৰ তৰোৱাল দিয়া হল।” (প্ৰকাশিত বাক্য ৬:১-৪) সেই ঘোঁৰা বৰ্তমান সময়ত হোৱা বৃহৎ যুদ্ধ আৰু বৰ তৰোৱাল শক্তিশালী অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা হোৱা পূৰ্বে কেতিয়াও নোহোৱা ধ্বংসক চিহ্নিত কৰে। বৰ্তমান সময়ৰ সেই অস্ত্ৰ-শস্ত্ৰবোৰত হাজাৰ হাজৰ লোকক ধ্বংস কৰিব পৰা পৰমাণবিক বোমা; হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত অৱস্থিত থকা লক্ষ্যক ধ্বংস কৰিবলৈ ক্ষেপণাস্ত্ৰ; বৃহতমাত্ৰত ধ্বংস কৰা ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ সন্মিলিত আছে।

আমি যিহোৱা ঈশ্বৰৰ সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিওঁ

৯. জল-প্ৰলয়ৰ পূৰ্বে নোহৰ সময়ৰ জগতখনৰ সৈতে বৰ্তমান সময়ৰ জগতখনৰ অৱস্থাক কেনেকৈ তুলনা কৰিব পাৰি?

নোহৰ সময়ৰ জগতখন দুষ্টলোকবিলাকে নাফিলবিলাকৰ সহযোগত অত্যধিক অত্যাচাৰেৰে পূৰ্ণ কৰাৰ বাবে যিহোৱা ঈশ্বৰে মানৱজাতিক জল-প্ৰলয়ৰ দ্বাৰা ধ্বংস কৰিলে। আজিৰ সময়ৰ বিষয়ে কি কʼব পাৰি? সেই সময়ৰ তুলনাত আজিৰ জগতখনত কম পৰিমাণে অত্যাচাৰ দেখিবলৈ পোৱা গৈছেনে? অৱশ্যেই নহয়! তদুপৰি নোহৰ দিনৰ দৰে লোকসকলে তেওঁলোকৰ দৈনন্দিন কাৰ্য্যত ব্যস্ত হৈ “সাধাৰণ” জীৱন-যাপন কৰি ঘোষণা কৰা সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰিছে। (লূক ১৭:২৬, ২৭) যিহোৱাই পুনৰাই যে মানৱজাতিক ধ্বংস নকৰিব, তাৰ কোনো কাৰণ বা কোনো সন্দেহ আছেনে? অৱশ্যেই নাই।

১০. (ক) বাইবেলৰ ভৱিষ্যতবাণীয়ে বাৰে বাৰে কেনে সতৰ্কবাণী দিছে? (খ) আজিৰ সময়ত লোৱা বুদ্ধিমান পদক্ষেপটো কি?

১০ জল-প্ৰলয়ৰ কেইবা শ বছৰৰ পূৰ্বে ধ্বংসৰ সম্পৰ্কে হনোকে কৰা ভৱিষ্যতবাণী আমাৰ সময়ত অৱশ্যেই পূৰ্ণ হʼব। (যিহূদা ১৪, ১৫) তদুপৰি যীচুৱেও আহিবলগীয়া ‘মহাক্লেশৰ’ বিষয়ে উল্লেখ কৰিছিল। (মথি ২৪:২১) আন আন ভৱিষ্যতবক্তাবিলাকেও সেই সময়ৰ বিষয়ে সতৰ্ক কৰিছিল। (যিহিষ্কেল ৩৮:১৮-২৩; দানিয়েল ১২:১; যোৱেল ২:৩১, ৩২) প্ৰকাশিত বাক্যৰ কিতাপখনত আমি সেই চূড়ান্ত ধ্বংসৰ সম্পৰ্কে দিয়া চিত্ৰিত বৰ্ণনাৰ বিষয়ে পঢ়িবলৈ পাওঁ। (প্ৰকাশিত বাক্য ১৯:১১-২১) ব্যক্তিগতভাৱে আমি নোহৰ আৰ্হিক অনুকৰণ কৰি ধাৰ্ম্মিকতাৰ প্ৰচাৰক হিচাপে সতৰ্ক হৈছোঁ। আমি যিহোৱাৰ সতৰ্কবাণীক গম্ভীৰতাৰে লৈ আমাৰ চুবুৰীয়াকো তেনে কৰিবলৈ প্ৰেমপূৰ্বক সহায় কৰিছোঁ। নোহৰ দৰে আমিও ঈশ্বৰৰ সৈতে চলিছোঁ। প্ৰকৃততে, যিসকলে জীয়াই থাকিব বিচাৰে তেওঁলোকে অৱশ্যেই যিহোৱা ঈশ্বৰৰ সৈতে চলা উচিত। প্ৰত্যেক দিনা আমাৰ ওপৰত অহা হেঁচাবোৰক বিবেচনা কৰি আমি কেনেকৈ তেনে কৰিব পাৰোঁ? আমি ঈশ্বৰৰ ইচ্ছাক কাৰ্য্যৰ দ্বাৰা পালন কৰি এক দৃঢ় বিশ্বাস বিকশিত কৰা আৱশ্যক।—ইব্ৰী ১১:৬.

দুৰ্যোগপূৰ্ণ সময়ছোৱাত ঈশ্বৰৰ সৈতে চলা

১১. আমি কি প্ৰকাৰে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক অনুকৰণ কৰোঁ?

১১ প্ৰথম শতিকাৰ অভিষিক্ত খ্ৰীষ্টানসকলক “সেই পথৰ” বুলি কোৱা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৯:১) কিয়নো তেওঁলোকৰ সম্পূৰ্ণ জীৱনধাৰা যিহোৱা আৰু যীচুখ্ৰীষ্টক বিশ্বাস কৰাৰ ওপৰত কেন্দ্ৰীত আছিল। তেওঁলোকে যীচুৱে শিকোৱাৰ অনুসাৰে চলিছিল। বৰ্তমান সময়ত প্ৰকৃত বিশ্বাসী খ্ৰীষ্টানসকলেও একেইদৰে কৰে।

১২. যীচুৱে অলৌকিকভাৱে লোকসকলক আহাৰ প্ৰদান কৰাৰ পিছত কি ঘটিল?

১২ যীচুৰ পৰিচৰ্য্যাৰ সময়ছোৱাত ঘটা এটা ঘটনাত সেই বিশ্বাসৰ গুৰুত্বতাৰ বিষয়ে স্পষ্টকৈ দেখা গʼল। সেই সময়ছোৱাত যীচুৱে ৫০০০ জন লোকক অলৌকিকভাৱে আহাৰ প্ৰদান কৰিছিল। সেই লোকসকলে তবধ মানিছিল আৰু আনন্দিত হৈছিল। লক্ষ্য কৰক যে তাৰ পিছত কি ঘটিছিল। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁ দেখুৱা এই আচৰিত চিন দেখি, সেই মানুহবিলাকে কোৱাকুই কৰিলে, নিশ্চয়ে এৱেঁই জগতলৈ আহিব লগা সেই ভাববাদী। এতেকে তেওঁক ৰজা পাতিবলৈ, মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে, যীচুৱে ইয়াকে জানি, অকলশৰে আকৌ পৰ্ব্বতলৈ গল।” (যোহন ৬:১০-১৫) সেই নিশা তেওঁ আন এক ঠাইলৈ যাত্ৰা কৰিলে। যীচুৱে ৰাজত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা দেখি বহুতে হয়তো হতাশ হৈছিল। যিয়েই নহওঁক, সকলোৱে লক্ষ্য কৰিব পাৰিছিল যে ৰজা হʼবলৈ তেওঁ জ্ঞানী আৰু লোকসকলৰ শাৰীৰিক আৱশ্যকতা পূৰ্ণ কৰিবলৈও তেওঁৰ শক্তি আছে। কিন্তু তেতিয়া যীচুৱে ৰজা হৈ শাসন আৰম্ভ কৰিবলৈ যিহোৱা ঈশ্বৰৰ নিযুক্ত সময় অহা নাছিল। তদুপৰি যীচুৰ ৰাজ্য এই পৃথিৱীত নহয় কিন্তু স্বৰ্গত স্থাপন হʼবলগীয়া আছিল।

১৩, ১৪. বহুতো লোকে কেনে মনোভাৱ ৰাখিছিল আৰু তেওঁলোকৰ বিশ্বাস কেনেদৰে পৰীক্ষিত হʼল?

১৩ সেই লোকসমূহে যীচুক অনুকৰণ কৰিব ধৰিলে আৰু যোহনে কোৱাৰ অনুসাৰে “তেওঁবিলাকে সাগৰৰ ইপাৰে তেওঁক দেখা” পালে। যীচুক ৰজা বনাবলৈ কৰা চেষ্টাক প্ৰত্যাখ্যান কৰাৰ পিছতো লোকসমূহে কিয় যীচুক অনুকৰণ কৰিছিল? বহুতৰে কাৰ্য্যই প্ৰকাশ কৰিছিল যে তেওঁলোকে কেৱল শাৰীৰিকভাৱে লাভৱান হোৱাৰ মনোবৃত্তিৰে যিহোৱা ঈশ্বৰে মোচিৰ সময়ত অৰণ্যত প্ৰবন্ধ কৰা ভৌতিক বস্তুৰ বিষয়ে জোৰ দি উল্লেখ কৰিছিল। সেয়েহে যীচুৱে তেওঁলোকক একেৰাহে ভৌতিকভাৱে সহায় কৰিব বুলি আশা ৰাখি তেওঁক অনুকৰণ কৰিছিল। যীচুৱে তেওঁলোকৰ ভুল মনোভাৱক বুজিব পাৰি আধ্যাত্মিক সত্যতাৰ বিষয়ে শিক্ষাদান কৰি তেওঁলোকৰ মনোভাৱ সলনি কৰিবলৈ সহায় কৰিলে। (যোহন ৬:১৭, ২৪, ২৫, ৩০, ৩১, ৩৫-৪০) যীচুৱে দিয়া দৃষ্টান্ত শুনি কিছুমানে ঈষৎ আপত্তি কৰিব ধৰিলে। যʼত তেওঁ এইদৰে দৃষ্টান্ত দাঙি ধৰিছিল: “মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে, আৰু তেওঁৰ তেজ পান নকৰিলে, তোমালোকৰ নিজত জীৱন নাই। যি জনে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, সেই জনৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”—যোহন ৬:৫৩, ৫৪.

১৪ যীচুৰ দৃষ্টান্তই প্ৰায়ে লোকসকলক বাস্তৱতে তেওঁলোকে ঈশ্বৰে সৈতে চলিবলৈ ইচ্ছা কৰিছেনে নাই সেই বিষয়ে প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে। ইয়াৰ বাবে কোনো ব্যতিক্ৰম নাই। ইয়ে দৃঢ় প্ৰতিক্ৰিয়া দেখুৱাবলৈ উত্তেজিত কৰে। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি কলে, ই বৰ টান কথা; ইয়াক কোনে শুনিব পাৰে?” তাতে যীচুৱে বুজাই কʼলে যে তেওঁলোকে তেওঁ কোৱা শব্দক আধ্যাত্মিক অৰ্থত লোৱা উচিত। তেওঁ এইদৰে কʼলে: “আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।” তথাপিও বহুতে তেওঁৰ কথা নুশুনিলে আৰু বৃতান্তই আগলৈ এইদৰে কৈছে: “তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ, তেওঁৰ লগত আৰু অহা-যোৱা নকৰিলে।”—যোহন ৬:৬০, ৬৩, ৬৬.

১৫. যীচুৰ কিছুমান শিষ্যই কেনে সঠিক মনোবৃত্তি ৰাখিছিল?

১৫ যিয়েই নহওঁক, যীচুৰ সকলো শিষ্যই যে তেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল, এনে নহয়। দৰাচলতে, যীচুৰ প্ৰকৃত আৰু আনুগত্য শিষ্যসকলে যীচুৱে কোৱা কথাশাৰীক যদিও সম্পূৰ্ণকৈ বুজি পোৱা নাছিল, তথাপিও তেওঁলোকে তেওঁৰ ওপৰত নিশ্চয়তা বজাই ৰাখিলে। সেই আনুগত্য শিষ্যসকলৰ মাজত পিতৰে নিজৰ অনুভূতি প্ৰকাশ কৰি এইদৰে কৈছিল: “হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে।” (যোহন ৬:৬৮) এইটো কিযে এক উত্তম মনোবৃত্তি আৰু আৰ্হি!

১৬. আমি কিদৰে পৰীক্ষিত হʼব পাৰোঁ আৰু আমি কেনে সঠিক মনোবৃত্তি বিকশিত কৰা উচিত?

১৬ প্ৰাচীন শিষ্যসকলৰ দৰে আমিও পৰীক্ষিত হʼব পাৰোঁ। আমাৰ ক্ষেত্ৰত, আমি হয়তো ব্যক্তিগতভাৱে বিচৰাৰ অনুসাৰে যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ শীঘ্ৰেই পূৰ্ণ নকৰাৰ বাবে নিৰাশ হʼব পাৰোঁ। আমি হয়তো আমাৰ বাইবেল আধাৰিত প্ৰকাশনবোৰত বৰ্ণনা কৰা শাস্ত্ৰীয় বিৱৰণীবোৰ বুজাত কঠিন বুলি ভাবিব পাৰোঁ। আমাৰ সঙ্গী খ্ৰীষ্টান ভাই বা ভনীৰ আচাৰ-ব্যৱহাৰৰ বাবে হতাশ হʼব পাৰোঁ। গতিকে আমি সেই কাৰণ বা আন কাৰণৰ বাবে ঈশ্বৰৰ সৈতে চলিবলৈ বন্ধ কৰি দিয়াটো উপযুক্ত হʼবনে? অৱশ্যেই নহব! যীচুক পৰিত্যাগ কৰা শিষ্যবিলাকে শাৰীৰিক দৃষ্টিভঙ্গীৰে বিবেচনা কৰিছিল। আমি তেওঁলোকৰ দৰে বিবেচনা নকৰিবলৈ আঁতৰি থকা উচিত।

‘আমি সৰ্ব্বনাশলৈ হোঁহকা লোকসকলৰ মাজৰ নহওঁ’

১৭. ঈশ্বৰৰ সৈতে চলিবলৈ আমি কʼৰ পৰা সহায় লাভ কৰিব পাৰোঁ?

১৭ পাঁচনী পৌলে এইদৰে লিখিছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) বাইবেলৰ দ্বাৰা যিহোৱা ঈশ্বৰে আমাক স্পষ্টকৈ এইদৰে কৈছে: “এয়ে পথ, এয়েদি চলা।” (যিচয়া ৩০:২১) ঈশ্বৰৰ বাক্য পালন কৰি আমি ‘যি দৰে চলো, তালৈ সাৱধান’ হʼবলৈ সহায় লাভ কৰিম। (ইফিচীয়া ৫:১৫) আমি বাইবেল অধ্যয়ন আৰু শিকা বিষয়বোৰক ধ্যান কৰি ‘সত্যত চলিব’ পাৰিম। (৩ যোহন ৩) সেয়েহে যীচুৱে কোৱা কথাশাৰী একেবাৰে সঁচা আছিল, যʼত তেওঁ এইদৰে কৈছিল, “আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়।” আধ্যাত্মিক নিৰ্দ্দেশনাই হৈছে একমাত্ৰ ভাৰসনীয় পথ-প্ৰদৰ্শন, যি ঈশ্বৰৰ বাক্য, তেওঁৰ পবিত্ৰ আত্মা আৰু সংগঠনৰ পৰা লাভ কৰোঁ।

১৮. (ক) কিছুমানে কেনে বুদ্ধিহীন কাৰ্য্য কৰে? (খ) আমি কেনে ধৰণৰ বিশ্বাস বিকশিত কৰা উচিত?

১৮ বৰ্তমান সময়ত শাৰীৰিক বিচাৰধাৰা বা অপেক্ষা কৰা আশা পূৰ্ণ নোহোৱাৰ বাবে বহুতে নিজৰ লাভ বিচাৰি জগতে আগবঢ়োৱা সকলোবোৰ ব্যৱস্থাক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে সময়ৰ গুৰুত্বতাক হেৰুৱাই ‘পৰ দি থকাটো’ আৱশ্যক নাই বুলি ভাবিছে আৰু ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ লক্ষ্য বাছনি কৰিছে। (মথি ২৪:৪২) তেনেদৰে জীৱন-যাপন কৰাটো প্ৰায়ে বুদ্ধিমানৰ কাৰ্য্য নহয়। লক্ষ্য কৰক যে পাঁচনী পৌলে এই বিষয়ে কি কৈছিল: “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ, জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।” (ইব্ৰী ১০:৩৯) হনোক আৰু নোহৰ দৰে আমিও দুৰ্যোগপূৰ্ণ পৰিস্থিতিত বাস কৰিছোঁ আৰু তেওঁলোকৰ দৰে ঈশ্বৰৰ সৈতে চলিবলৈ আমাৰো বিশেষাধিকাৰ আছে। এনেদৰে কৰি আমি যিহোৱা ঈশ্বৰে দুষ্টতাক ধ্বংস আৰু ধাৰ্ম্মিকতাৰ নতুন জগত স্থাপন কৰিবলৈ কৰা প্ৰতিজ্ঞাৰ প্ৰতি নিশ্চিত আশা ৰাখিব পাৰিম। এইটো এক আনন্দৰ বিষয় নহয়নে বাৰু!

১৯. মীখাই সত্য উপাসকসকলে চলা পথৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে?

১৯ ঈশ্বৰ-প্ৰেৰিত ভৱিষ্যতবক্তা মীখাই কৈছিল যে জগতৰ জাতিবিলাকে “নিজ নিজ দেৱতাৰ নামেৰে চলে।” তাৰ পিছত তেওঁ নিজৰ আৰু আন বিশ্বাসী উপাসকসকলৰ বিষয়ে এইদৰে কৈছিল: “তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।” (মীখা ৪:৫) যদি আপুনি মীখাৰ দৰে দৃঢ়সংকল্প লয়, তেন্তে সময় যিমানেই কঠিন নহওঁক কিয় যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিব পাৰিব। (যাকোব ৪:৮) গতিকে এতিয়া আৰু চিৰকালৰ বাবে যিহোৱা ঈশ্বৰৰ সৈতে চলিবলৈ আমাৰ প্ৰত্যেকে আন্তৰিকতাৰে আগ্ৰহী হওঁ যেন! (w05 9/1)

আপুনি কিদৰে উত্তৰ দিব?

• আমাৰ দিন আৰু নোহৰ দিনৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা গৈছে?

• নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গই কেনে পথত চলিল আৰু আমি কেনেকৈ তেওঁলোকৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

• যীচুৰ কিছুমান শিষ্যই কেনে ভুল বিচাৰধাৰা প্ৰকাশ কৰিলে?

• প্ৰকৃত খ্ৰীষ্টানসকলে কি কৰিবলৈ দৃঢ়সংকল্প লয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩০ পৃষ্ঠাৰ ছবিসমূহ]

নোহৰ সময়ৰ দৰে বৰ্তমান সময়ৰ লোকসকলেও দৈনন্দিন কাৰ্য্যত নিজকে সম্পূৰ্ণকৈ ব্যস্ত ৰাখিছে

[৩১ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হৈ, ‘আমি সৰ্ব্বনাশলৈ হোঁহকাসকলৰ মাজৰ নহওঁ’