Skip to content

Skip to table of contents

এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক

এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক

এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ সৈতে চলক

“ঈশ্বৰৰ লগত [হনোকৰ] চলাচল আছিল; পাছে তেওঁ নাইকিয়া হল; কিয়নো ঈশ্বৰে তেওঁক লৈ গল।”—আদিপুস্তক ৫:২৪.

১. আমাৰ সময়ত দেখিবলৈ পোৱা কেনেবোৰ পৰিস্থিতিয়ে অধিক দুৰ্দশাগ্ৰস্ত কৰি তুলিছে?

 এইয়া বাস্তৱতে এক দুৰ্যোগপূৰ্ণ সময়! ১৯১৪ চনত মচীহৰ ৰাজ্য স্থাপন হোৱাৰ সময়ৰে পৰা মানৱজাতিয়ে বছৰৰ পিছত বছৰ ধৰি সম্মুখীন হৈ অহা অত্যাচাৰ আৰু বিপ্লৱে এই বাক্যশাৰীৰ সত্যতাৰ প্ৰমাণ দিছে। সেই সময়ৰে পৰা মানৱজাতিয়ে “শেষ-কালত” বাস কৰি আহিছে। কিয়নো আকাল, ৰোগ, ভূমিকম্প আৰু যুদ্ধ বৃহৎ পৰিমাণে দেখিবলৈ পোৱা গৈছে। (২ তীমথিয় ৩:১; প্ৰকাশিত বাক্য ৬:১-৮) যিহোৱাৰ উপাসকসকলেও এনেবোৰ পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে। বৰ্তমান সময়ত জগতত হোৱা এনে কঠিন আৰু অনিশ্চিত পৰিস্থিতিত আমাৰ সকলোৱে কম বেছি পৰিমাণে ভুগীবলগীয়া হৈছে। আৰ্থিক সমস্যা, ৰাজনৈতিক আলোড়ন, অপৰাধ, বেমাৰ-আজাৰ আৰু আন কঠিন সমস্যাবোৰে জীৱনটোক জৰা-জীৰ্ণ কৰি তুলিছে।

২. যিহোৱাৰ উপাসকসকলে কেনে প্ৰত্যাহ্বানবোৰৰ সৈতে সম্মুখীন হʼবলগীয়া হৈছে?

তদুপৰি চয়তানে “ঈশ্বৰৰ আজ্ঞা পালন কৰা, আৰু যীচুৰ সাক্ষ্য ধাৰণ” কৰাবিলাকৰ সৈতে যুদ্ধ কৰাৰ বাবে যিহোৱাৰ উপাসকসকলে এটাৰ পিছত আনটো নিৰ্য্যাতনৰ বলি হʼবলগীয়া হৈছে। (প্ৰকাশিত বাক্য ১২:১৭) আমাৰ সকলোৱে যদিও পোনপটীয়াকৈ নিৰ্য্যাতনৰ সম্মুখীন হোৱা নাই, তথাপিও সকলো প্ৰকৃত খ্ৰীষ্টানে চয়তান আৰু তাৰ দুষ্ট দূতবিলাকৰ অহিতে সংগ্ৰাম কৰিবলগীয়া হৈছে। (ইফিচীয়া ২:২; ৬:১২) সেয়েহে আমি কৰ্ম্মস্থল, স্কুল আৰু আন ক্ষেত্ৰবোৰত লগ পোৱা চয়তানৰ দ্বাৰা প্ৰভাৱিত হৈ সত্য উপাসনাৰ প্ৰতি আগ্ৰহী নোহোৱা লোকসকলৰ সৈতে সংগতি নকৰিবলৈ একেৰাহে সতৰ্ক হৈ থাকিবলগীয়া হৈছে।

জগতৰ দৰে নহয়, কিন্তু ঈশ্বৰৰ অনুসাৰে চলক

৩, ৪. কি অৰ্থত প্ৰকৃত খ্ৰীষ্টানসকল জগতৰ পৰা পৃথক?

প্ৰথম শক্তিকাৰ খ্ৰীষ্টানসকলেও একেইদৰে সেই সময়ৰ জগতৰ মনোবৃত্তিৰ সৈতে দৃঢ়ভাৱে যুদ্ধ কৰিবলগীয়া হৈছিল আৰু এনে কৰাৰ দ্বাৰা তেওঁলোকে খ্ৰীষ্টান মণ্ডলীৰ বাহিৰত থকা লোকসকলৰ পৰা একেবাৰে নিজকে পৃথকে ৰাখিব পাৰিছিল। সেই বিষয়ে পৌলে লিখাৰ সময়ত এইদৰে কৈছিল: “এতেকে মই ইয়াকে কৈছোঁ, আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে, পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা; কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাক, নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল; আৰু তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে সাৰ নাইকিয়া হৈ, অতি লোভেৰে সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে।”—ইফিচীয়া ৪:১৭-১৯.

এই শাস্ত্ৰীয় পদৰ বাক্যবোৰে পৌলৰ আৰু আজিৰ সময়ৰ জগতৰ আধ্যাত্মিক আৰু নৈতিক অন্ধকাৰময় অৱস্থাৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰা নাইনে বাৰু! প্ৰথম শতিকাৰ দৰে বৰ্তমান সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলেও ‘পৰজাতি লোকবিলাকৰ দৰে আচৰণ’ নকৰে। ইয়াৰ বিপৰীতে তেওঁলোকে ঈশ্বৰৰ সৈতে চলা অৰ্থাৎ তেওঁৰ অনুসাৰে জীৱন-যাপন কৰাৰ এক বিশেষাধিকাৰৰ আনন্দ লাভ কৰিছে। এইটো সঁচা যে কিছুমানে প্ৰশ্ন কৰিব পাৰে যে, অসিদ্ধ মানৱে যিহোৱাৰ সৈতে চলাতো জানো সম্ভৱ। কিন্তু বাইবেলে দেখুৱাইছে যে তেনেদৰে চলাতো অৱশ্যেই সম্ভৱ। তদুপৰি যিহোৱা ঈশ্বৰেও আমি তেনেদৰে কৰাটো বিচাৰে। সাধাৰণ যুগ পূৰ্ব অষ্ঠম শতিকাত মীখা ভৱিষ্যতবক্তাই প্ৰেৰিত বাক্যত এইদৰে লিখিছিল: “ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”—মীখা ৬:৮.

কেনেকৈ আৰু কিয় ঈশ্বৰৰ সৈতে চলা আৱশ্যক?

৫. অসিদ্ধ মানৱে কিদৰে ঈশ্বৰৰ সৈতে চলিব পাৰে?

আমি কেনেকৈ সৰ্ব্বশক্তিমান, অদৃশ্য ঈশ্বৰৰ সৈতে চলিব পাৰোঁ? এইটো সঁচা যে আমি সঙ্গী মানৱৰ সৈতে একেলগে খোজ কাঢ়ি যোৱাৰ দৰে কৰিব নোৱাৰোঁ। বাইবেলত উল্লেখ কৰা “চলা” শব্দটোৰ অৰ্থ হৈছে “কোনো এক কাৰ্য্যৰ পদ্ধতিক অনুকৰণ কৰা।” a গতিকে এই অৰ্থটো মনত ৰাখি আমি ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ হৈছে এনে এক ঈশ্বৰীয় জীৱন-যাপন কৰা যিয়ে তেওঁৰ মন আনন্দিত কৰে। এনেদৰে জীৱন-যাপন কৰি আমি আমাৰ চাৰিওফালে থকা বহুতো লোকৰ পৰা নিজকে পৃথকে ৰাখিব পাৰিম। প্ৰকৃত খ্ৰীষ্টানসকলে কৰা এইটোৱে একমাত্ৰ উপযুক্ত বাছনি। কিয় তেনেদৰে কʼব পাৰি? ইয়াৰ বহুতো কাৰণ আছে।

৬, ৭. ঈশ্বৰৰ সৈতে চলাটো কিয় এক বুদ্ধিমানপূৰ্বক কাৰ্য্য?

প্ৰথম কাৰণটো হৈছে যিহোৱা ঈশ্বৰ আমাৰ স্ৰজনকৰ্ত্তা, জীৱনৰ উৎস আৰু আমি জীয়াই থাকিবলৈ তেওঁ সকলোবোৰ আৱশ্যকতা পূৰ্ণ কৰিছে। (প্ৰকাশিত বাক্য ৪:১১) সেয়েহে আমি কিদৰে চলা উচিত, এই বিষয়ে কʼবলৈ একমাত্ৰ তেওঁৰে অধিকাৰ আছে। তদুপৰি ঈশ্বৰৰ সৈতে চলা বা তেওঁৰ অনুসাৰে জীৱন-যাপন কৰাটো হৈছে লাভদায়ক। কিয়নো যিসকলে তেওঁৰ সৈতে চলে, যিহোৱা ঈশ্বৰে তেওঁলোকৰ পাপ ক্ষমা কৰিবলৈ প্ৰবন্ধ কৰিলে আৰু তেওঁলোকক অনন্তজীৱন জীয়াই থকাৰ আশা প্ৰদান কৰিছে। ইয়াৰ উপৰিও আমি অসিদ্ধ আৰু চয়তানৰ অধিনত থকা জগতখনত বাস কৰা স্বত্বেও আমাৰ প্ৰেমময় পিতৃয়ে তেওঁৰ সৈতে চলি জীৱনত বৰ্তমানে সফলতা পাবলৈ জ্ঞানসম্পন্ন পৰামৰ্শ প্ৰদান কৰে। (যোহন ৩:১৬; ২ তীমথিয় ৩:১৫, ১৬; ১ যোহন ১:৮; ২:২৫; ৫:১৯) তদুপৰি ঈশ্বৰৰ সৈতে চলিবলৈ আগ্ৰহী হোৱাৰ দ্বাৰা মণ্ডলীত ঐক্যতা আৰু শান্তি বজাই ৰাখিব পাৰি।—কলচীয়া ৩:১৫, ১৬.

ঈশ্বৰৰ সৈতে আমি চলাৰ সৰ্ব্বশেষ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে, এদন বাগিছাত সাৰ্বভৌমত্বৰ বিষয়টোৰ ওপৰত উত্থাপিত হোৱা সেই বাদ-বিষয়টোৰ কোনটো পক্ষত আছোঁ তাৰ প্ৰমাণ দিয়া। (আদিপুস্তক ৩:১-৬) আমাৰ জীৱনধাৰাৰে প্ৰমাণ কৰোঁ যে আমি যিহোৱাৰ পক্ষত আছোঁ আৰু নিৰ্ভয়ে কেৱল যিহোৱাই যে একমাত্ৰ সাৰ্বভৌমত্ব ঈশ্বৰ, সেই বিষয়ে ঘোষণা কৰোঁ। (গীত ৮৩:১৮) এইদৰে আমি ঈশ্বৰৰ নাম পুজনীয় আৰু তেওঁৰ ইচ্ছা পূৰ্ণ হʼবলৈ কৰা আমাৰ প্ৰাৰ্থনাৰ সামঞ্জস্যত কাৰ্য্য কৰোঁ। (মথি ৬:৯, ১০) ঈশ্বৰৰ সৈতে চলিবলৈ নিৰ্ণয় লোৱাসকলে কিমান যে বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰে! কিয়নো যিহোৱা ঈশ্বৰ একমাত্ৰ “প্ৰজ্ঞাৱান” হোৱাৰ বাবে তেওঁলোকে সঠিক দিশত চলিছে বুলি নিশ্চিত হʼব পাৰে। যিহোৱা ঈশ্বৰে কেতিয়াও ভুল নকৰে।—ৰোমীয়া ১৬:২৭.

৮. হনোক আৰু নোহে কেনেকৈ আমাৰ সময়ৰ দৰে পৰিস্থিতিত বাস কৰিছিল?

আমি এনে এক দুৰ্যোগপূৰ্ণ আৰু লোকসকলে যিহোৱাক উপাসনা কৰিবলৈ আগ্ৰহী নোহোৱা সময়ত বাস কৰা স্বত্বেও কেনেকৈ প্ৰকৃত খ্ৰীষ্টান জীৱন-যাপন কৰাটো সম্ভৱ? অতীতৰ কঠিন সময়ত অখণ্ডতা বজাই ৰাখা বিশ্বাসী ব্যক্তিসকলৰ বিষয়ে বিবেচনা কৰি আমি এই প্ৰশ্নটোৰ উত্তৰ লাভ কৰিব পাৰোঁ। সেই বিশ্বাসী ব্যক্তিসকলৰ এজন হৈছে হনোক আৰু আনজন হৈছে নোহ। তেওঁলোক উভয়ে বাস কৰা সময়ছোৱা আমাৰ সময়ৰ সৈতে একেই আছিল। সেই সময়ত দুষ্টতা অধিককৈ বৃদ্ধি পাইছিল। নোহৰ সময়ত জগতখনত অত্যাচাৰ আৰু অনৈতিকতাৰে পূৰ্ণ হৈছিল। তথাপিও হনোক আৰু নোহে সেই সময়ৰ জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰি যিহোৱাৰ সৈতে চলি থাকিল। তেওঁলোকে কেনেকৈ তেনে কৰিবলৈ সক্ষম হʼল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আমি এই লেখটোত হনোকৰ উদাহৰণৰ বিষয়ে বিবেচনা কৰিম। পিছৰ লেখটোত নোহৰ বিষয়ে কৰা হʼব।

দুৰ্যোগপূৰ্ণ সময়তো হনোকে ঈশ্বৰৰ সৈতে চলি থাকিল

৯. হনোকৰ সম্পৰ্কে আমি কেনে সংবাদ লাভ কৰিছোঁ?

ঈশ্বৰৰ সৈতে চলা ব্যক্তিসকলৰ ভিতৰত হনোক প্ৰথম ব্যক্তি বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। বাইবেলৰ বৃতান্তই এইদৰে কৈছে: “মথুচেলহৰ জন্মৰ পাছত, তিনি শ বছৰলৈকে ঈশ্বৰৰ লগত হনোকৰ চলাচল” হʼল। (আদিপুস্তক ৫:২২) হনোকৰ জীৱন কাল আমাৰ সময়ৰ তুলনাত যদিও বেছি আছিল, তথাপিও সেই সময়ৰ অনুসাৰে তেওঁ কম সময় জীয়াই থাকিল বুলি বাইবেলে বৰ্ণনা কৰাৰ পিছত এইদৰে উল্লেখ কৰিছে: “ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল; পাছে তেওঁ নাইকিয়া হল; কিয়নো ঈশ্বৰে তেওঁক লৈ গল।” (আদিপুস্তক ৫:২৪) দৰাচলতে, হনোকে তেওঁৰ বিৰোধীসকলৰ হাতত পৰাৰ পূৰ্বে যিহোৱা ঈশ্বৰে তেওঁক জীৱিত অৱস্থাৰ পৰা মৃত অৱস্থালৈ লোকান্তৰ কৰিলে। (ইব্ৰী ১১:৫, ১৩) সেই শাস্ত্ৰীয় পদবোৰত চমুকৈ হনোকৰ বিষয়ে বৰ্ণনা কৰাৰ উপৰিও বাইবেলৰ আন পদবোৰতো হনোকৰ বিষয়ে উল্লেখ কৰিছে। যিয়েই নহওঁক, হনোকে যে দুৰ্যোগপূৰ্ণ পৰিস্থিতিত বাস কৰিছিল, সেই বিষয়ে এই শাস্ত্ৰ পদবোৰৰ পৰা আমি যথেষ্ট প্ৰমাণ পাওঁ।

১০, ১১. (ক) আদম আৰু হৱাই বিৰোধ কৰাৰ পিছত ভ্ৰষ্টাচাৰ কেনেকৈ বিয়পি পৰিল? (খ) হনোকে কেনে ভৱিষ্যতবাণীমূলক বাৰ্ত্তাৰ বিষয়ে ঘোষণা কৰিছিল আৰু তাৰ বাবে তেওঁ কেনে প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া আছিল?

১০ ক্ষন্তেক বিবেচনা কৰক যে আদমে পাপ কৰাৰ পিছত মানৱজাতিৰ মাজত শ্ৰীঘ্ৰেই ভ্ৰষ্টাচাৰ বিয়পি পৰিল। বাইবেলে আমাক কৈছে যে আদমৰ প্ৰথম পুতেক কয়িনে নিজৰ ভায়েক হেবলক বধ কৰি মানৱ ইতিহাসত প্ৰথম হত্যাকাৰী হৈ পৰিল। (আদিপুস্তক ৪:৮-১০) হেবলৰ মৃত্যুৰ পিছত আদম আৰু হৱাৰ আন এক পুত্ৰ জন্ম হʼল। তেওঁলোকে সেই পুতেকৰ নাম চেথ ৰাখিলে। তেওঁৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “পাছে চেথৰো এটি পুত্ৰ জন্মিল, আৰু তেওঁ তাৰ নাম ইনোচ থলে। সেই কালত লোকবিলাকে যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ ধৰিলে।” (আদিপুস্তক ৪:২৫, ২৬) দুখৰ বিষয় এই যে, তেওঁলোকে “যিহোৱাৰ নাম” ধৰ্মত্যাগী পদ্ধতিৰে লʼব ধৰিলে। b হনোকৰ জন্মৰ বহু বছৰ পিছত কয়িনৰ বংশত জন্ম হোৱা লেমকে তেওঁক আঘাত কৰা এজন পুৰুষক বধ কৰাৰ বিষয়ে তেওঁৰ দুজনী পত্নীয়ে কৰা ঘোষণাৰ সম্পৰ্কে এটা গীত ৰচিলে। তদুপৰি তেওঁ এইদৰে সতৰ্ক কৰিছিল: “যদি কয়িনৰ বধৰ প্ৰতিফল সাত গুণ হয়, তেন্তে অৱশ্যে লেমকৰ সাত্‌সত্তৰ গুণ হব।”—আদিপুস্তক ৪:১০, ১৯, ২৩, ২৪.

১১ এই চমু বিৱৰণীয়ে দেখুৱাইছে যে চয়তানে এদন বাগিছাত কৰা ভ্ৰষ্টাচাৰ কম সময়ৰ ভিতৰতে আদমৰ সন্তান-সন্ততিৰ মাজত বিয়পি পৰিল। তেনে এক দুৰ্যোগপূৰ্ণ জগতত হনোক ভৱিষ্যতবক্তাই ঘোষণা কৰা যিহোৱাৰ প্ৰেৰিত শক্তিশালী বাক্য আজিও প্ৰযোজ্য হোৱা দেখা যায়। হনোকে কৰা ভৱিষ্যতবাণীৰ বিষয়ে যিহূদা কিতাপখনত এইদৰে কোৱা হৈছে: “চোৱা, সকলোবিলাকৰ সোধ-বিচাৰ কৰিবলৈ, আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্য্যৰ দ্বাৰাই যি ভক্তি-লঙ্ঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা কলে, সেই সকলোৰ বিষয়ে দোষৰ প্ৰমাণ দিবলৈ, [যিহোৱা ঈশ্বৰে, NW] নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।” (যিহূদা ১৪, ১৫) এই বাক্যশাৰীৰ চূড়ান্ত পূৰ্ণতা হৰমাগিদোনত হʼব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) তথাপিও আমি নিশ্চিত হʼব পাৰোঁ যে সেই সময়ত থকা “ভক্তিহীন পাপীবিলাকে” হনোকে কৰা ভৱিষ্যতবাণীৰ বাক্য শুনি বিতুষ্টি হৈছিল। সেই পাপীবিলাকে হনোকক কোনো হানি কৰাৰ পূৰ্বেই যিহোৱা ঈশ্বৰে তেওঁক মৃত্যুলৈ লোকান্তৰ কৰাটো এক প্ৰেমপূৰ্বক কাৰ্য্য নহয়নে বাৰু!

ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ হনোকক কিহে দৃঢ় কৰিলে?

১২. হনোকক তেওঁৰ সময়ৰ লোকসকলতকৈ পৃথকে থাকিবলৈ কিহে সহায় কৰিলে?

১২ এদন বাগিছাত আদম আৰু হৱাই চয়তানৰ কথা শুনি যিহোৱা ঈশ্বৰৰ বিৰোধ কৰিলে। (আদিপুস্তক ৩:১-৬) তেওঁলোকৰ পুতেক হেবলে এক ভিন্ন পথত চলি যিহোৱাৰ অনুগ্ৰহ লাভ কৰিবলৈ আশাৰে বাট চাইছিল। (আদিপুস্তক ৪:৩, ৪) দুখৰ বিষয়ে এই যে, আদমৰ বেছিভাগ সন্তান-সন্ততিয়ে হেবলৰ দৰে নাছিল। কিন্তু এশ বছৰৰ পিছত জন্ম হোৱা হনোক হেবলৰ দৰে আছিল। হনোক আৰু আদমৰ আন সন্তান-সন্ততিৰ মাজত কেনে ভিন্নতা আছিল? পাঁচনি পৌলে দিয়া এই প্ৰশ্নটোৰ উত্তৰত এইদৰে লিখিছিল: “বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল; তাতে তেওঁক পোৱা নগল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকাৰন্তলৈ নিয়াৰ পূৰ্ব্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।” (ইব্ৰী ১১:৫) হনোকে বিশ্বাসৰ এক উত্তম আৰ্হি ৰাখাৰ দ্বাৰা প্ৰাচীন খ্ৰীষ্টানৰ বৃহৎ ‘মেঘৰূপ সাক্ষীৰ’ এক ভাগ হʼল। (ইব্ৰী ১২:১) আমাতকৈ তিনি গুণ অধিক অৰ্থাৎ জীৱনৰ ৩০০ বছৰতকৈ অধিক সময়ছোৱাত উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখিবলৈ হনোকক একমাত্ৰ তেওঁৰ বিশ্বাসে সহায় কৰিলে!

১৩. হনোকৰ কেনে ধৰণৰ বিশ্বাস আছিল?

১৩ পৌলে হনোক আৰু আন বিশ্বাসী সাক্ষীসকলে ৰাখা বিশ্বাসৰ বিষয়ে এইদৰে লিখিছিল: “বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি।” (ইব্ৰী ১১:১) বাস্তৱতে বিশ্বাস হৈছে নিশ্চিত আশা যি অৱশ্যেই পূৰ্ণ হʼব বুলি আমি কৰা আশ্বাসৰ ওপৰত আধাৰিত। ইয়াত এনে এক দৃঢ় প্ৰতীক্ষা জড়িত আছে যি আমাৰ জীৱনধাৰাত প্ৰভাৱিত কৰে। তেনে ধৰণৰ বিশ্বাসে হনোকক দুৰ্যোগপূৰ্ণ জগতত থকাৰ স্বত্বেও ঈশ্বৰৰ অনুসাৰে চলিবলৈ বা জীৱন-যাপন কৰিবলৈ সহায় কৰিলে।

১৪. হনোকে ৰাখা বিশ্বাস কেনে যথাৰ্থ জ্ঞানৰ ওপৰত আধাৰিত আছিল?

১৪ প্ৰকৃত বিশ্বাস যথাৰ্থ জ্ঞানৰ ওপৰত আধাৰিত। হনোকৰ কেনে ধৰণৰ জ্ঞান আছিল? (ৰোমীয়া ১০:১৪, ১৭; ১ তীমথিয় ২:৪) ইয়াত কোনো সন্দেহ নাই যে তেওঁ এদন বাগিছাত যি ঘটিল সেই বিষয়ে ভালকৈ জানিছিল। তেওঁ হয়তো এদন বাগিছাখন কেনে ধৰণৰ আছিল সেই বিষয়ে জানিছিল, যিখন সম্ভৱ মানৱজাতিক বহিষ্কাৰ কৰাৰ স্বত্বেও তেতিয়ালৈকে অস্তিত্বত আছিল। (আদিপুস্তক ৩:২৩, ২৪) ইয়াৰ উপৰিও হনোকে জানিছিল যে আদমৰ সতি-সন্ততিৰে পূৰ্ণ হৈ আদিতে থকা পৰমদেশৰ দৰে পৃথিৱীখন ৰূপান্তৰিত কৰাটোৱেই ঈশ্বৰৰ উদ্দেশ্য আছিল। (আদিপুস্তক ১:২৮) তদুপৰি হনোকে নিশ্চয়ে যিহোৱা ঈশ্বৰে চয়তানৰ মূৰ গুৰি কৰি সি কৰা প্ৰতাৰণাৰ প্ৰভাৱক ঠিক কৰিবলৈ কৰা প্ৰতিজ্ঞাৰ বিষয়ে জানিছিল। (আদিপুস্তক ৩:১৫) ইয়াত কোনো সন্দেহ নাই যে যিহোৱা ঈশ্বৰে চয়তানৰ বংশক ধ্বংস কৰিব, সেই বিষয়ে থকা ঈশ্বৰ প্ৰেৰিত হনোকৰ ভৱিষ্যতবাণী বাইবেলৰ যিহূদা কিতাপত লিপিবদ্ধ কৰাই থোৱা হʼল। হনোকে ৰাখা বিশ্বাসৰ বাবে আমি জানো যে তেওঁ যিহোৱা ঈশ্বৰক “বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা” বুলি উপাসনা কৰিছিল। (ইব্ৰী ১১:৬) আমাৰ দৰে যদিও হনোকৰ সম্পূৰ্ণ যথাৰ্থ জ্ঞান নাছিল, তথাপিও তেওঁৰ বিশ্বাস দৃঢ় কৰিবলৈ যথেষ্ট জ্ঞান আছিল। এনে ধৰণৰ বিশ্বাৰ বাবে হনোকে দুৰ্যোগপূৰ্ণ অৱস্থাটো নিজৰ অখণ্ডতা বজাই ৰাখিব পাৰিলে।

হনোকৰ আৰ্হিক অনুকৰণ কৰা

১৫, ১৬. আমি কেনেকৈ হনোকৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

১৫ হনোকৰ দৰে আমিও বৰ্তমানে জগতত থকা এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত যিহোৱাৰ মন আনন্দিত কৰিব বিচাৰোঁ। ইয়াৰ বাবে আমি হনোকৰ আৰ্হিক অনুকৰণ কৰা উচিত। আমি যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে যথাৰ্থ জ্ঞান লোৱা আৱশ্যক। তদুপৰি যথাৰ্থ জ্ঞান লোৱাটোৱেই যথেষ্ট, এনে নহয়। আমি লোৱা যথাৰ্থ জ্ঞানৰ অনুসাৰে জীৱন-যাপন কৰা উচিত। (গীত ১১৯:১০১; ২ পিতৰ ১:১৯) তদুপৰি আমি ঈশ্বৰৰ বিচাৰধাৰাৰ দ্বাৰা নিৰ্দ্দেশিত আৰু আমাৰ সকলো কাৰ্য্য আৰু ভাৱধাৰাত তেওঁৰ মন আনন্দিত কৰিবলৈ চেষ্টা কৰা আৱশ্যক।

১৬ আমি নাজানোঁ যে হনোকৰ সময়ত আন কোনসকলে যিহোৱা ঈশ্বৰক উপাসনা কৰিছিল। কিন্তু এটা কথা নিশ্চিত যে সেই সময়ত হনোক অথবা এক কম সংখ্যক লোকে অৱশ্যেই ঈশ্বৰক উপাসনা কৰিছিল। জগতৰ তুলনাত আমাৰো সংখ্যা অতি কম, কিন্তু ইয়াৰ বাবে আমি নিৰুৎসাহিত হোৱাৰ কোনো আৱশ্যক নাই। আমাক যিয়েই বিৰোধ নকৰক কিয় যিহোৱা ঈশ্বৰে সদায়ে আমাক সহযোগ কৰিব। (ৰোমীয়া ৮:৩১) হনোকে ভক্তিহীন লোকৰ ওপৰত আহিবলগীয়া ধ্বংসৰ বিষয়ে সাহসেৰে ঘোষণা কৰিছিল। একেইদৰে আমিও ঠাট্টা, বিৰোধিতা আৰু উৎপীড়নৰ সম্মুখীন হোৱাৰ স্বত্বেও উৎসাহি হৈ ঈশ্বৰৰ “ৰাজ্যৰ এই শুভবাৰ্ত্তা” ঘোষণা কৰা উচিত। (মথি ২৪:১৪) হনোকে তেওঁৰ সময়ৰ লোকসকলৰ দৰে অধিক সময় জীয়াই নাথাকিল। তথাপিও তেওঁ সেই সময়ৰ জগতখনৰ বিষয়ে আশা কৰা নাছিল। তেওঁ তাতকৈ বৃহৎ আৰু এক উজ্জ্বল আশাৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰিছিল। (ইব্ৰী ১১:১০, ৩৫) একেইদৰে আমিও যিহোৱাৰ উদ্দেশ্য পূৰ্ণ হোৱাৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। আমি জগতত থাকিও ইয়াৰ সকলোবোৰ ব্যৱহাৰ নকৰোঁ। (১ কৰিন্থীয়া ৭:৩১) কিন্তু যিহোৱাৰ সেৱাত আমি আমাৰ সম্পূৰ্ণ শক্তি আৰু ভৌতিক সম্পত্তি ব্যৱহাৰ কৰোঁ।

১৭. হনোকৰ তুলনাত আমাৰ ওচৰত কেনে যথাৰ্থ জ্ঞান আছে আৰু আমি কি কৰা উচিত?

১৭ হনোকে দৃঢ় বিশ্বাস কৰিছিল যে যিহোৱা ঈশ্বৰৰ নিজ নিযুক্ত সময়ত সেই প্ৰতিজ্ঞাত বংশ প্ৰতীয়মান হʼব। সেই প্ৰতিজ্ঞাত বংশৰ অৰ্থ যীচু খ্ৰীষ্ট বিদ্যমান হোৱা আজি প্ৰায় ২০০০ বছৰ অতিক্ৰম কৰিলে। তেওঁ নিজৰ মানৱ জীৱন মুক্তিপণ বলিদানৰূপে দি আমাৰ আৰু হনোকৰ দৰে প্ৰাচীন সময়ৰ সাক্ষীৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। সেই বংশই বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্যত ৰজা নিযুক্ত হৈ শাসন আৰম্ভ কৰি চয়তানক স্বৰ্গৰ পৰা পৃথিৱীলৈ খেদি পঠালে আৰু ইয়াৰ পৰিণামস্বৰূপে আজি আমাৰ চাৰিওফালে দুৰ্যোগপূৰ্ণ অৱস্থা দেখিবলৈ পাইছোঁ। (প্ৰকাশিত বাক্য ১২:১২) প্ৰকৃততে হনোকৰ সময়ত উপলব্ধ থকা যথাৰ্থ জ্ঞানৰ তুলনাত আমাৰ ওচৰত অধিক যথাৰ্থ জ্ঞান আছে। গতিকে আঁহক আমি হনোকৰ দৰে ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহৰ ওপৰত দৃঢ় বিশ্বাস ৰাখি, সেই অনুসাৰে জীৱন-যাপন কৰোঁহঁক। তদুপৰি এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত আমিও হনোকৰ দৰে যিহোৱা ঈশ্বৰৰ সৈতে চলিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক। (w05 9/1)

[ফুটনোটবোৰ]

a যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ইনচাইট্‌ অন দ্য স্ক্ৰিপশ্বাৰ প্ৰথম খণ্ড ২২০ পৃষ্ঠাত চাওক।

b হনোকৰ সময়ৰ পূৰ্বে যিহোৱা ঈশ্বৰে আদমৰ সৈতে কথোপকথন হৈছিল। হেবলে যিহোৱা ঈশ্বৰলৈ গ্ৰহণযুক্ত বলিদান উৎসৰ্গ কৰিলে। তদুপৰি কয়িনে ইৰ্ষাপৰায়ণ অৱস্থাত ক্ৰোধিত হৈ হেবলক হত্যা কৰাৰ পূৰ্বে যিহোৱা ঈশ্বৰে তেওঁৰ সৈতে কথোপকথন হৈছিল। গতিকে লোকসকলে “যিহোৱাৰ নাম” লোৱা পদ্ধতি সত্য উপাসনাৰ অনুসাৰে নহয়, কিন্তু এক ভিন্ন প্ৰকাৰে আছিল।

আপুনি কেনেকৈ উত্তৰ দিব?

• ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি?

• ঈশ্বৰৰ সৈতে চলাটো কিয় এক উত্তম পথ?

• দুৰ্যোগপূৰ্ণ অৱস্থাত থকাৰ স্বত্বেও হনোকক ঈশ্বৰৰ সৈতে চলিবলৈ কিহে সহায় কৰিলে?

• আমি কেনেকৈ হনোকৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ ছবি]

বিশ্বাসৰ গুণে “ঈশ্বৰৰ লগত হনোকৰ চলাচল” হʼল

[২৫ পৃষ্ঠাৰ ছবি]

আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যিহোৱা ঈশ্বৰে কৰা প্ৰতিজ্ঞা অৱশ্যেই পূৰ্ণ হʼব