Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰে

প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰে

প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰে

“তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।”—মথি ১৩:১৬.

১. চীনয় পৰ্ব্বতৰ পৰা নামি অহা মোচিক দেখি ইস্ৰায়েলসকলে যি প্ৰতিক্ৰিয়া দেখুৱালে, সেই বিষয়ে আমাৰ মনত কেনে প্ৰশ্ন উদয় হয়?

 চীনয় পৰ্ব্বতৰ নামনিত একত্ৰিত হোৱা ইস্ৰায়েলসকলে ঈশ্বৰৰ কাষ চাপি অহাৰ বহুতো কাৰণ আছিল। কিয়নো যিহোৱাই তেওঁলোকক মিচৰৰ দাসত্বৰ পৰা মুক্তি কৰিছিল, অৰণ্যাঞ্চলত খাদ্য, খোৱা পানী আৰু আন আন আৱশ্যকতাসমূহৰ যোগান ধৰিছিল। তদুপৰি ইস্ৰায়েলসকলক তেওঁলোকৰ শত্ৰু অমালেকীয়া সৈন্য-বাহিনীক পৰাস্ত কৰিবলৈ সহায় কৰিছিল। (যাত্ৰাপুস্তক ১৪:২৬-৩১; ১৬:২-১৭:১৩) তেওঁলোকে অৰণ্যাঞ্চলত চীনয় পৰ্ব্বতৰ চাৰিওফালে ছাউনী পাতি থকাৰ সময়ত মেঘ-গৰ্জ্জন, বিজুলী আৰু পৰ্ব্বতৰ ওপৰত ঘোৰ মেঘ দেখি ভয়ভিত হৈছিল। আনকি পৰ্ব্বতৰ পৰা নামি অহা মোচিৰ মুখমণ্ডলত যিহোৱাৰ প্ৰতাপৰ আভাস তেওঁলোকে দেখা পাইছিল। তেওঁলোকে তেনে প্ৰতাপ দেখা পাই কৃতজ্ঞ আৰু মূল্যাঙ্কন দেখুৱাৰ পৰিৱৰ্তে মোচিৰ পৰা আঁতৰি থাকিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁবিলাকে [মোচিৰ] ওচৰলৈ যাবলৈ ভয় কৰিলে।” (যাত্ৰাপুস্তক ১৯:১০-১৯; ৩৪:৩০) সকলো সময়ত সহায়ক হিচাপে প্ৰমাণিত হোৱা যিহোৱা আৰু তেওঁৰ প্ৰতাপ দেখি তেওঁলোকে ভয়ভিত হʼব লাগিছিলনে?

২. যিহোৱাৰ প্ৰতাপেৰে মোচিৰ মুখমণ্ডল উজ্জ্বল হোৱা দেখি ইস্ৰায়েলসকলে কিয় ভয়ভিত হৈছিল?

সম্ভৱতঃ, তেওঁলোকে অতীতত যি ঘটিছিল, সেই বিষয়ে লৈ তেনেদৰে ভয়ভিত হৈছিল। উদাহৰণস্বৰূপে, এবাৰ ইচ্ছাকৃতভাৱে ইস্ৰায়েলসকলে এটা সোণৰ দামুৰি সাজি তাক উপাসনা কৰাৰ বাবে যিহোৱাই ক্ৰোধিত হৈ তেওঁলোকক শাস্তি বিহিছিল। (যাত্ৰাপুস্তক ৩২:৪, ৩৫) যিহোৱাৰ পৰা তেনে অনুশাসন পাই তেওঁলোকে কোনো শিক্ষা লাভ কৰিছিলনে? তেওঁলোকৰ বহুতে নকৰিলে। যাৰ বাবে মোচিয়ে তেওঁৰ জীৱনৰ শেষ সময়ছোৱাত অতীতৰ সেই ঘটনাটো আৰু আন উপলক্ষ্যত ইস্ৰায়েলসকলে দেখুৱা অৱজ্ঞাকাৰীতাৰ বিষয়ে সোঁৱৰি লোকসকলক এইদৰে কৈছিল: “তোমালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰি, তেওঁৰ কথা নপতিয়ালা, আৰু তেওঁৰ বাক্যত কাণ নকৰিলা। তোমালোকেৰে সৈতে মই চিনাকি হোৱা দিনৰে পৰা তোমালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছা।”—দ্বিতীয় বিবৰণ ৯:১৫-২৪.

৩. মোচিয়ে তেওঁৰ মুখমণ্ডল ওৰণিৰে কিয় ঢাকিবলগীয়া হৈছিল?

বিবেচনা কৰক যে মোচিয়ে তেওঁলোকৰ তেনে আচৰণ দেখি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। যাৰ বিষয়ে আমি বৃতান্তত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁবিলাকে সৈতে কথাবতৰা হৈ অঁতাই, মোচিয়ে নিজৰ মুখত ওৰণি ললে। কিন্তু মোচিয়ে যেতিয়া যিহোৱাৰ লগত কথা হবলৈ ভিতৰলৈ তেওঁৰ সম্মুখলৈ যায়, তেতিয়া বাহিৰ ওলাই নাহেমানে, সেই ওৰণি গুচাই থয়; পাছে, যি সকলো আজ্ঞা পায়, বাহিৰ ওলাই ইস্ৰায়েলৰ সন্তানবিলাকক সেই সকলো কয়; তেতিয়া ইস্ৰায়েলৰ সন্তানবিলাকে তেওঁৰ মুখলৈ চাই, তেওঁৰ মুখ উজ্জ্বল দেখে; পাছে মোচিয়ে যিহোৱাৰ লগত কথা হবলৈ ভিতৰলৈ নেযায়মানে, নিজৰ মুখত পুনৰায় ওৰণি লয়।” (যাত্ৰাপুস্তক ৩৪:৩৩-৩৫) মোচিয়ে ওৰণি লৈ নিজৰ মুখমণ্ডল কিয় ঢাকিবলগীয়া হৈছিল? ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ পোৱাৰ দ্বাৰা আমি যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধৰ বিষয়ে নিৰীক্ষণ কৰিব পাৰিম।

সুযোগবোৰ হেৰুৱা

৪. পাঁচনি পৌলে মোচিয়ে ওৰণি লৈ নিজৰ মুখমণ্ডল ঢকাৰ বিষয়ে কি প্ৰকাশ কৰিলে?

পাঁচনি পৌলে বৰ্ণনা কৰিছে যে মোচিয়ে নিজৰ মুখ ঢকাৰ অৰ্থ ইস্ৰায়েলসকলৰ মন আৰু হৃদয়ত কি আছিল, সেই বিষয়ে প্ৰকাশ কৰিছিল। যাৰ সম্বন্ধে তেওঁ এইদৰে লিখিছিল: “ইস্ৰায়েলৰ সন্তানবিলাকে মোচিৰ মুখলৈ একে-থৰে চাব নোৱাৰিলে, . . . কিন্তু তেওঁবিলাকৰ মন কঠিন কৰা হল।” (২ কৰিন্থীয়া ৩:৭, ১৪) ই কিযে দুখৰ বিষয় আছিল! ইস্ৰায়েলসকল যিহোৱাৰ মনোনীত লোক হোৱাৰ বাবে তেওঁৰ কাষ চাপা উচিত আছিল। (যাত্ৰাপুস্তক ১৯:৪-৬) তাৰ বিপৰীতে, তেওঁলোকে যিহোৱাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰতি অমনোযোগী হৈ পৰিল। তদুপৰি তেওঁলোকে মন আৰু হৃদয়েৰে যিহোৱাক আৰাধনা কৰিবলৈ ত্যাগ কৰিলে।

৫, ৬. (ক) মোচিৰ সময়ৰ ইস্ৰায়েল আৰু প্ৰথম শতিকাৰ ইহুদীসকলৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা গৈছিল? (খ) যীচুৰ বাক্য শুনা আৰু নুশুনা সকলৰ মাজত কেনে ভিন্নতা দেখা যায়?

এনে সমান্তৰালতা প্ৰথম শতিকাতো দেখিবলৈ পোৱা গৈছিল। পৌলে সত্যতা শিকিবলৈ আৰম্ভ কৰাৰ পূৰ্বে মোচিৰ ব্যৱস্থা সলনি হৈ যীচুৰ আধাৰিত থকা নতুন ব্যৱস্থা কাৰ্য্যকাৰী হৈছিল। যীচুৱে নিজৰ বাক্য আৰু কৰ্ম্মৰ দ্বাৰা যিহোৱাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰমাণ দিছিল। পিছলৈ পুনৰুত্থিত হোৱা যীচুক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে লিখিলে: “সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্ত্বৰ ছাব” হʼল। (ইব্ৰী ১:৩) স্বয়ং ঈশ্বৰৰ পুত্ৰৰ মুখৰ পৰা অনন্ত জীৱনৰ বিষয়ে শুনিবলৈ পোৱাটো ইহুদীসকলৰ বাবে কিযে এক অত্যুত্তম সুযোগ আছিল! কিন্তু তেওঁলোকৰ বহুতে যীচুৱে প্ৰচাৰ কৰা বাৰ্ত্তাৰ প্ৰতি আগ্ৰহকতা প্ৰকাশ নকৰিলে। যাৰ বাবে যীচুৱে যিচয়াৰ এই ভৱিষ্যতবাণীক উদ্ধৃত কৰি কৈছিল: “এই মানুহবিলাকে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তেৰেও নুবুজে, আৰু ঘূৰি নাহে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ, এই নিমিত্তে তেওঁবিলাকৰ চিত্ত ভোতোহা, আৰু শুনিবলৈ কাণো গধূৰ, আৰু তেওঁবিলাকে নিজৰ নিজৰ চকু মুদি আছে।”—মথি ১৩:১৫; যিচয়া ৬:৯, ১০.

ইহুদীসকলৰ তুলনাত যীচুৰ শিষ্যবিলাক সম্পূৰ্ণকৈ ভিন্ন আছিল, যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে; তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে।” (মথি ১৩:১৬) প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ বিষয়ে জ্ঞান পাবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ অতি আগ্ৰহী। তেওঁলোকে বাইবেলত উল্লেখ থকা যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে আনক কʼবলৈ পাই আনন্দিত হয়। নতুন ব্যৱস্থাৰ অন্তৰ্গত অভিষিক্ত খ্ৰীষ্টান আৰু একেইদৰে অন্য মেৰৰ সদস্যসকলে পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা যিহোৱাৰ মহিমা প্ৰকাশ কৰিছে।—২ কৰিন্থীয়া ৩:৬, ১৮.

শুভবাৰ্ত্তা কিয় ঢকা হʼল

৭. বহুতো লোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনিবলৈ আগ্ৰহ্য কৰাটো কিয় এক আচৰিত বিষয় নহয়?

যীচু আৰু মোচিৰ সময়ত থকা ইস্ৰায়েলসকলে কেনেকৈ উত্তম সুযোগবোৰ হেৰুৱালে, সেই বিষয়ে আমি জানিব পাৰিলোঁ। সেই কথাষাৰ আমাৰ সময়ৰ বাবেও একেইদৰে সত্য। আমি প্ৰচাৰ কৰা শুভবাৰ্ত্তাৰ প্ৰতি বহুতেই মনোযোগ নিদিয়ে আৰু ই আমাৰ কাৰণে কোনো আচৰিত বিষয় নহয়। কিয়নো পাঁচনি পৌলে কোৱা অনুসাৰে, “আমাৰ শুভবাৰ্ত্তা যদি ঢকা হয়, তেন্তে বিনাশৰ পাত্ৰবিলাকলৈহে ঢকা হয়; ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তা যদি দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে, এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান-চকু অন্ধ কৰিলে।” (২ কৰিন্থীয়া ৪:৩, ৪) চয়তানে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা লুকুৱাই ৰাখিবলৈ কৰা চেষ্টাৰ উপৰিও আন বহুতে যেন নিজে দেখি নাপায়, তাৰ বাবে তেওঁলোকে নিজ নিজ মুখ ঢাকিলে।

৮. কি অৰ্থত বহুতৰ জ্ঞান-চকু অন্ধ হৈছে আৰু আমি তেনে পৰিস্থিতিত নপৰিবলৈ কি কৰিব পাৰোঁ?

শুভবাৰ্ত্তাৰ প্ৰতি মনোযোগ নিদিয়াৰ বাবে বহুতৰ জ্ঞান-চকু অন্ধ হৈ পৰিছে। সেয়েহে বাইবেলে কৈছে যে জাতিবিলাকৰ “চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাক, নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল।” (ইফিচীয়া ৪:১৮) উদাহৰণস্বৰূপে, সত্যতাত অহাৰ পূৰ্বে বিধানৰ সৈতে সুঅৱগত হোৱা পৌলৰ জ্ঞান-চকু অন্ধ হোৱাৰ বাবে ঈশ্বৰৰ লোকসকলক তাড়না দি ফুৰিছিল। (১ কৰিন্থীয়া ১৫:৯) কিন্তু পিছলৈ যিহোৱাই সত্যতাৰ বিষয়ে জ্ঞান প্ৰদান কৰি তেওঁৰ জ্ঞান-চকু মুকলি কৰিলে। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “যিবিলাকে অনন্ত জীৱনৰ নিমিত্তে তেওঁত বিশ্বাস কৰিব, তেওঁবিলাকৰ আৰ্হিৰ অৰ্থে, যীচু খ্ৰীষ্টে তেওঁৰ সকলো চিৰসহিষ্ণুতা, প্ৰধান যি মই, মোত যেন প্ৰকাশ কৰে, এই কাৰণে মই দয়া পালোঁ।” (১ তীমথিয় ১:১৬) এসময়ত পাঁচনি পৌলৰ দৰে বিৰোধ কৰা বহুতো লোকে আজি ঈশ্বৰৰ উপাসনা কৰিছে। সেইবাবে প্ৰচাৰ কাৰ্য্যত লাগি থকা আৰু বিৰোধ কৰোঁতা সকলৰ আগত সাক্ষ্য দিয়াটো এক উত্তম কাৰণ হʼব। এতেকে আঁহক আমি নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আৰু তাৰ অৰ্থ বুজি যিহোৱাৰ মন অসন্তুষ্টি কৰাৰ পৰা দূৰত থাকোঁহঁক।

৯, ১০. (ক) প্ৰথম শতিকাৰ ইহুদীসকলে কেনেকৈ আঁকোৰগোঁজা আৰু শিকিব নিবিচাৰা মনোবৃত্তি দেখুৱাইছিল? (খ) আজিও খ্ৰীষ্টীয়জগতত তেনে সমান্তৰাল পৰিস্থিতি দেখিবলৈ পোৱা যায়নে? বৰ্ণনা কৰক।

আঁকোৰগোঁজা মনোবৃত্তি আৰু শিকিব নিবিচাৰাৰ বাবে বহুতৰ আধ্যাত্মিক দৃষ্টিভঙ্গী অস্পষ্ট হৈছে। বহুতো ইহুদীয়ে মোচিৰ ব্যৱস্থাক ধৰি ৰখাৰ বাবে যীচু আৰু তেওঁৰ শিক্ষাক হেয়জ্ঞান কৰিলে। তথাপিও যীচুৰ পুনৰুত্থানৰ পিছত “পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্ত্তী হল।” (পাঁচনিৰ কৰ্ম্ম ৬:৭) কিন্তু অধিকাংশ ইহুদীৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁবিলাকৰ হৃদয়ত সদায় ওৰণি আছে।” (২ কৰিন্থীয়া ৩:১৫) ধৰ্ম্মগুৰুসকলৰ সম্বন্ধে যীচুৱে কোৱা এই কথাষাৰ পৌলে ভালদৰে জানিছিল: “তোমালোকে ধৰ্ম্মশাস্ত্ৰৰ কথা বিচাৰা; কিয়নো সেই শাস্ত্ৰত মোৰ বিষয়ে সাক্ষ্য দিছে।” (যোহন ৫:৩৯) তেওঁলোকে যি ধৰণে ধৰ্ম্মশাস্ত্ৰৰ নিৰীক্ষণ কৰিছিল, তাৰ দ্বাৰা জানিব লাগিছিল যে যীচুৱে সেই আহিবলগীয়া মচীহ।। কিন্তু নিজৰ বিচাৰধাৰাত আঁকোৰগোঁজা হৈ লাগি থকাৰ বাবে তেওঁলোকে যীচুক চিনি পাবলৈ বিফল হʼল আৰু তেওঁৰ সত্যতাৰ শিক্ষা, অলৌকিক কাৰ্য্যসমূহৰ দ্বাৰাও প্ৰভাৱিত নহʼল।

১০ বৰ্তমান সময়তো খ্ৰীষ্টীয়জগতৰ অধিকাংশ লোকৰ মাজতো সেই একেই পৰিস্থিতি দেখা গৈছে। তেওঁলোকে প্ৰথম শতিকাৰ ইহুদীসকলৰ নিচিনা ‘ঈশ্বৰলৈ উৎসাহ থকা দেখুৱাই যদিও সেই উৎসাহ জ্ঞান অনুসাৰে নহয়।’ (ৰোমীয়া ১০:২) কিছুমানে বাইবেল অধ্যয়ন কৰে যদিও তাত লিখা বাক্যবোৰৰ ওপৰত বিশ্বাস কৰিবলৈ টান পায়। তেওঁলোকে বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা যিহোৱাই লোকসকলক শিক্ষা প্ৰদান কৰিছে বুলি মানি লʼবলৈ নিবিচাৰে। (মথি ২৪:৪৫) যিয়েই নহওঁক, আমি বিশ্বাস কৰোঁ যে যিহোৱাই নিজৰ লোকসকলক তেনে মাধ্যমেৰে শিক্ষাদান আৰু ঈশ্বৰীয় সত্যতাৰ বিষয়ে ক্ৰমান্বয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। (হিতোপদেশ ৪:১৮) আমি যিহোৱাৰ শিক্ষাৰ দ্বাৰা পৰিচালিত হৈ তেওঁৰ ইচ্ছা আৰু উদ্দেশ্য কি, সেই বিষয়ে জানিবলৈ আশীৰ্ব্বাদ লাভ কৰিছোঁ।

১১. সত্যতাৰ পৰা লুকাই থাকিবলৈ অনিচ্ছুক ব্যক্তিবিলাকে কি কৰে?

১১ আনসকলে আন একোকে বিশ্বাস কৰিবলৈ নিবিচাৰাৰ বাবে তেওঁলোকৰ জ্ঞান-চকু মুকলি হোৱা নাই। ঈশ্বৰৰ লোক আৰু তেওঁলোকে কোৱা বাৰ্ত্তাৰ প্ৰতি কেনেকৈ কিছুমানে নিন্দা কৰিব, সেই সম্বন্ধে বহু আগেয়ে ভৱিষ্যতবাণী কৰা হৈছিল। এনে ব্যক্তিবিলাকৰ বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: ‘তেওঁলোকে পাহৰি যায় যে ঈশ্বৰে কেনেকৈ নোহৰ সময়ত থকা জগতখনক জলপ্লাবনেৰে বিনিষ্ট কৰিলে।’ (২ পিতৰ ৩:৩-৬) সেইদৰে আজি তথাকথিত খ্ৰীষ্টানসকলৰ বহুতে যদিও যিহোৱা যে এজন দয়ালু আৰু ক্ষমাশীল ঈশ্বৰ বুলি বিশ্বাস কৰে; তথাপিও তেওঁ যে অপৰাধৰ প্ৰতিফল দিওঁতা, সেই বিষয়ে মানি লʼবলৈ মান্তি নহয়। (যাত্ৰাপুস্তক ৩৪:৬, ৭) বাস্তৱতে এই সম্পৰ্কে বাইবেলে কি কৈছে, তাৰ বিষয়ে জানিবলৈ প্ৰকৃত খ্ৰীষ্টানসকলে অধিক যত্ন কৰে।

১২. পৰম্পৰাই কেনেকৈ লোকসকলৰ জ্ঞান-চকু অন্ধ কৰিছে?

১২ গীৰ্জাৰ সদস্যসকলে সামাজিক পৰম্পৰাত জড়িত থকাৰ বাবে তেওঁলোকৰ জ্ঞান-চকু অন্ধ হৈ আছে। যীচুৱে তেওঁৰ সময়ত থকা ধৰ্ম্মগুৰুসকলক সম্বোধিত কৰি এইদৰে কৈছিল: “তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে, ঈশ্বৰৰ বাক্য লোপ কৰিলাহঁক।” (মথি ১৫:৬) ইহুদীসকলে বাবিলৰ দাসত্বৰ পৰা ঘূৰি আহি সত্য উপাসনাৰ পুনৰ প্ৰতিষ্ঠিত কৰিছিল যদিও তেওঁলোকে অহঙ্কাৰী আৰু ধৰ্ম্মাভিমানী হোৱা পৰিচয় দিছিল। তেওঁলোকে পালন কৰা ধৰ্ম্মীয় উৎসৱবোৰ পৰম্পৰাগত শৈলী হৈ পৰিছিল আৰু ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ সম্ভ্ৰম ভয় লোপ পাইছিল। (মলাখী ১:৬-৮) তেওঁলোকে মোচিৰ ব্যৱস্থাৰ সৈতে আন বহুতো সামাজিক পৰম্পৰা সন্মিলিত কৰিছিল। সেয়েহে যীচুৱে সেই ব্যক্তিসকলৰ কপটতা সকলোৰে আগত প্ৰকাশ কৰিছিল, কিয়নো তেওঁলোকে ধাৰ্ম্মিক সিদ্ধান্তৰ ওপৰত আধাৰিত থকা মোচিৰ ব্যৱস্থাৰ অৰ্থ বুজি পোৱাত বিফল হʼল। (মথি ২৩:২৩, ২৪) প্ৰকৃত খ্ৰীষ্টানসকলে সত্য উপাসনাৰ সৈতে তেনে সামাজিক পৰম্পৰাবোৰ সন্মিলিত কৰাৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থকা উচিত।

‘অদৃশ্য জনাক দেখা পোৱা’

১৩. মোচিয়ে কেনে দুই প্ৰকাৰে ঈশ্বৰৰ প্ৰতাপ দেখা পাইছিল?

১৩ মোচিয়ে যিহোৱাৰ প্ৰতাপ চাব বিচাৰিছিল আৰু তেওঁ যিহোৱাই ছাঁ দি ধৰা প্ৰতাপ দেখা পাইছিল। তেওঁ মুখমণ্ডলত কোনো ওৰণি নোলোৱাকৈ যিহোৱাৰ আবাস-তম্বুত প্ৰৱেশ কৰিছিল। ঈশ্বৰৰ প্ৰতি মোচিৰ গভীৰ বিশ্বাস আৰু ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ সদায়ে আগ্ৰহী আছিল। যদিও তেওঁ দৰ্শনত যিহোৱাৰ প্ৰতাপ অৰ্থাৎ বিশ্বাসৰ চকুৰে ঈশ্বৰক দেখা পাইছিল, তথাপিও “অদৃশ্য জনাক দেখা পোৱাৰ দৰে [মোচিয়ে] থিৰে থাকিল” বুলি বাইবেলে কৈছে। (ইব্ৰী ১১:২৭; যাত্ৰাপুস্তক ৩৪:৫-৭) তেওঁৰ মুখমণ্ডল উজ্জ্বল হৈ উঠা আলোকৰশ্মিৰ দ্বাৰা নহয়, কিন্তু ঈশ্বৰৰ বিষয়ে জানিবলৈ ইস্ৰায়েলসকলক সহায় কৰাৰ দ্বাৰাহে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছিল।

১৪. যীচুৱে কেনেকৈ যিহোৱাৰ মহিমা দেখা পাইছিল আৰু তেওঁ কি কৰিবলৈ পাই আনন্দিত হৈছিল?

১৪ এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱা বহু সময়ৰ পূৰ্বে স্বৰ্গত থকাৰ সময়ত যীচুৱে পোনপটীয়াকৈ ঈশ্বৰৰ প্ৰতাপ দেখিবলৈ পাইছিল। (হিতোপদেশ ৮:২২, ৩০) সেই সময়ছোৱাত তেওঁলোকৰ পৰস্পৰৰ মাজত এক আন্তৰিক প্ৰেমপূৰ্ণ সম্বন্ধ গঢ়ি উঠিছিল। তদুপৰি যিহোৱা ঈশ্বৰেও তেওঁক অধিককৈ প্ৰেম কৰিছিল। গতিকে যীচুৰ বাবে পিতৃৰ প্ৰতি তেনে গভীৰ প্ৰেম দেখুৱাটো এক আনন্দময় বিষয় আছিল। (যোহন ১৪:৩১; ১৭:২৪) কল্পনা কৰক যে পিতৃ আৰু পুত্ৰৰ মাজত কেনে এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল। মোচিৰ নিচিনাকৈ যীচুৱে ঈশ্বৰৰ প্ৰতাপ প্ৰকাশ কৰিবলৈ পাই অতি আনন্দিত হৈছিল।

১৫. প্ৰকৃত খ্ৰীষ্টানসকলে কি ধৰণে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰিছে?

১৫ আজিৰ সময়ত যিহোৱাৰ সাক্ষীসকলে মোচি আৰু যীচুৰ নিচিনাকৈ অতি উৎসাহেৰে এই পৃথিৱীত যিহোৱাৰ মহিমা বা প্ৰতাপ প্ৰকাশ কৰিছে। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি অনাগ্ৰহী মনোবৃত্তি দেখুৱা নাই। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: ‘যেতিয়া যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ মন পালটে, তেতিয়া সেই ওৰণি গুচুউৱা হয়।’ (২ কৰিন্থীয়া ৩:১৬) যিহেতু যিহোৱাৰ ইচ্ছা পালন কৰিবলৈ আগ্ৰহী হোৱাৰ বাবে আমি শাস্ত্ৰপদবোৰৰ অধ্যয়ন কৰোঁ। আমি ঈশ্বৰৰ পুত্ৰ যীচুত যিহোৱাৰ মহিমা প্ৰকাশিত হোৱা দেখিবলৈ পাই আনন্দিত হৈছোঁ আৰু তেওঁক অনুকৰণ কৰিছোঁ। মোচি আৰু যীচুৰ দৰে আমিও আনক আমি উপাসনা কৰা গৌৰৱময় যিহোৱা ঈশ্বৰৰ বিষয়ে জনাবলৈ পৰিচৰ্য্যা আৰু শিক্ষাদান কৰাৰ আশীৰ্ব্বাদ লাভ কৰিছোঁ।

১৬. সত্যতাক জানিবলৈ পাই আমি কেনেকৈ লাভৱান হৈছোঁ?

১৬ যীচুৱে প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে পিতৃ, . . . তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ।” (মথি ১১:২৫) যিহোৱাই নম্ৰ মনৰ লোকসকলক তেওঁৰ ব্যক্তিত্ব আৰু উদ্দেশ্যৰ বিষয়ে জানিবলৈ জ্ঞান প্ৰদান কৰে। (১ কৰিন্থীয়া ১:২৬-২৮) তেওঁ আমাৰ চোৱা-চিতা আৰু জীৱনত সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ শিক্ষা প্ৰদান কৰে। এতেকে আঁহক আমি যিহোৱাৰ কাষ চাপি তেওঁৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ যি সুযোগবোৰ পাইছোঁ, তাৰ প্ৰতি মূল্যাঙ্কন দেখুৱাওঁহঁক।

১৭. আমি যিহোৱাৰ গুণসমূহৰ বিষয়ে অধিককৈ কেনেকৈ জানিব পাৰোঁ?

১৭ অভিষিক্ত খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে [যিহোৱাৰ, NW] গৌৰব চাওঁতে চাওঁতে, সেই গৌৰবৰ পৰা গৌৰব পায়।” (২ কৰিন্থীয়া ৩:১৮) আমাৰ আশা স্বৰ্গীয় বা পাৰ্থিৱেই নহওঁক কিয়, আমি যিমান অধিক যিহোৱা আৰু তেওঁৰ গুণবোৰৰ বিষয়ে শিকিম, সিমানে নিবিড়ভাৱে তেওঁক অনুকৰণ কৰিব পাৰিম। যদি আমি যীচুৰ জীৱন, শিক্ষা আৰু পৰিচৰ্য্যা কাৰ্য্যৰ বৃতান্তবোৰক মনোযোগেৰে অধ্যয়ন কৰোঁ, তেন্তে আমাত যিহোৱাৰ গুণবোৰ স্পষ্টকৈ প্ৰকাশ পাব। আমি যিহোৱাৰ স্তুতি কৰি তেওঁৰ মহিমা প্ৰকাশ কৰিবলৈ পোৱাটো কিমান যে আনন্দিত বিষয়! (w05 8/15)

আপোনাৰ মনত আছেনে?

• ঈশ্বৰৰ প্ৰতাপ দেখি আলোকিত হোৱা মোচিৰ মুখলৈ দৃষ্টি কৰি ইস্ৰায়েলসকলে কিয় ভয়ভিত হৈছিল?

• প্ৰথম শতিকাত শুভবাৰ্ত্তাক কি অৰ্থত “ওৰণিৰে” ঢকা হৈছিল?

• আমি কেনেকৈ ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ লোকসকলে তেওঁৰ গৌৰৱ প্ৰকাশ কৰিবলৈ পাই আনন্দিত হয়