Skip to content

Skip to table of contents

বাইবেলৰ প্ৰতি থকা আগ্ৰহকতাৰ বাবে প্ৰশংসা লাভ কৰা

বাইবেলৰ প্ৰতি থকা আগ্ৰহকতাৰ বাবে প্ৰশংসা লাভ কৰা

বাইবেলৰ প্ৰতি থকা আগ্ৰহকতাৰ বাবে প্ৰশংসা লাভ কৰা

 দক্ষিণ ইটালীত যিহোৱাৰ সাক্ষী হোৱা ১৮ বছৰীয়া মেৰীনাই তাইৰ শেষ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পঢ়ি থকা স্কুলখনত তাইৰ উপৰিও যিহোৱাৰ সাক্ষীৰ আন কিশোৰীসকল আছিল।

এই বিষয়ে মেৰীনাই এইদৰে লিখিছিল যে, “এতিয়াৰ পৰা কিছু বছৰৰ আগতে, আমাৰ কিছুমানে জিৰণিৰ সময়ত প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক নামৰ কিতাপখনৰ পৰা পাঠ কৰিছিলোঁ। যদিও নিৰ্জ্জন নাছিল, তথাপিও শিক্ষকৰ কক্ষৰ কাষত থকা একমাত্ৰ কৰিডʼৰতে পাঠ কৰিবলগীয়া হৈছিল। অহা-যোৱা কৰা বহুতো শিক্ষকে আমাক লক্ষ্য কৰিছিল আৰু কিছুমানে কি পঢ়িছে বুলিও সুধিছিল। এনেদৰে আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সুযোগ পাইছিলোঁ। গড় হিচাপে প্ৰত্যেক দিনে এজন শিক্ষকে তেনেদৰে ৰৈ প্ৰশ্ন কৰিছিল। বহুতে তেনেদৰে আমি বাইবেল পাঠৰ পৰা কৰা আলোচনাক শুনিছিল আৰু আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি থকা যিহোৱাৰ সাক্ষীসকলৰ আগ্ৰহকতাৰ বিষয়ে আমাক প্ৰশংসা কৰিছিল। এবাৰ সহকাৰী প্ৰধান অধ্যাপকজনে বাইবেলৰ পৰা তেনে আলোচনা কৰিবলৈ আমাক শিক্ষকৰ কক্ষলৈ আমন্ত্ৰণ কৰিলে।”

“আমি শিক্ষকৰ কক্ষত শাস্ত্ৰীয় পদ বিবেচনা কৰা দেখি তেনেদৰে আলোচনা ক্লাচৰোমত কৰিবলৈ মোৰ শিক্ষকজনে প্ৰধান শিক্ষকৰ পৰা অনুমতি বিচাৰিলে। ইয়াৰ বাবে প্ৰধান শিক্ষকে অনুমতি দিলে আৰু মোৰ শিক্ষকজনে শ্ৰেণীৰ সকলোৰে আগত আমি তেনে ধৰনৰ আৰ্হি ৰাখাৰ বাবে প্ৰশংসা কৰিলে। যিহোৱা ঈশ্বৰে আমাক তেনে ধৰণৰ বিশেষাধিকাৰ প্ৰদান কৰাৰ বাবে আমি অতি আনন্দিত হৈছোঁ।”(w05 8/15)