Skip to content

Skip to table of contents

হৃদয়ত এক প্ৰেমৰ ব্যৱস্থা স্থাপন কৰা

হৃদয়ত এক প্ৰেমৰ ব্যৱস্থা স্থাপন কৰা

হৃদয়ত এক প্ৰেমৰ ব্যৱস্থা স্থাপন কৰা

“মই তেওঁবিলাকৰ অন্তৰত মোৰ ব্যৱস্থা স্থাপন কৰিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম।”—যিৰিমিয়া ৩১:৩৩.

১, ২. (ক) এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম? (খ) চীনয় পৰ্ব্বতত যিহোৱাই কেনেকৈ নিজকে প্ৰকাশ কৰিলে?

 আমি পূৰ্বৱতীৰ লেখবোৰৰ পৰা জানিব পাৰিলোঁ যে যেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা নামি আহিছিল, তেতিয়া তেওঁৰ মুখমণ্ডল যিহোৱাৰ প্ৰতাপৰ বাবে উজ্জ্বল হৈছিল। তদুপৰি তেওঁ কিয় ওৰণিৰে মুখ ঢাকিছিল, সেই বিষয়েও শিকিলোঁ। এতিয়া আঁহক আমি সেই সম্বন্ধে থকা এটা আৱশ্যকীয় বিষয়ে আলোচনা কৰোঁহঁক যি বৰ্তমান খ্ৰীষ্টানসকলৰ বাবে এক গভীৰ অৰ্থ ৰাখে।

আমি জানো যে মোচিয়ে পৰ্ব্বতৰ ওপৰত যিহোৱাৰ পৰা নিৰ্দ্দেশনা লাভ কৰিছিল। সেই সময়ত পৰ্ব্বতৰ নামনিত থকা ইস্ৰায়েলসকলে যিহোৱাৰ শক্তিৰ প্ৰদৰ্শন দেখা পাইছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “পাছে তৃতীয় দিনা ৰাতি পুৱালত, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘোৰ মেঘ, আৰু অতিশয় ভয়ানক শিঙা-ধ্বনি হল; তাতে ছাউনিত থকা সমুদায় লোক কঁপিবলৈ ধৰিলে। . . . তেতিয়া যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, সেই গোটেই পৰ্ব্বত ধোঁৱাময় হল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল, আৰু গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।”—যাত্ৰাপুস্তক ১৯:১৬-১৮.

৩. যিহোৱা ঈশ্বৰে কেনেকৈ ইস্ৰায়েলজাতিক দহ আজ্ঞা প্ৰদান কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে কি বুজিব পাৰিলে?

তাৰ পিছত যিহোৱাই এজন স্বৰ্গদূতৰ দ্বাৰা লোকসকলৰ সৈতে কথাবতৰা হৈছিল আৰু তেওঁলোকক কিছুমান নিয়ম দিছিল, যি পিছলৈ ঈশ্বৰৰ দহ আজ্ঞা বুলি জনা গʼল। (যাত্ৰাপুস্তক ২০:১-১৭) গতিকে সেই নিয়মবোৰ সৰ্ব্বশক্তিমান যিহোৱাৰ পৰা আহিছিল বুলি লোকসকলে বিশ্বাস নকৰাৰ কোনো কাৰণ নাছিল। যিহোৱাই সেই নিয়মবোৰ দুখন শিলৰ ফলিত লিপিবদ্ধ কৰিলে, যি কেইখন মোচিয়ে ক্ৰোধিত হৈ দামুৰি পোৱালীৰ উপাসনা কৰা ইস্ৰায়েলসকললৈ দলি মাৰি পঠোৱাত ভাঙি ছিন্ন-ভিন্ন হʼল। সেয়েহে যিহোৱাই সেই নিয়মবোৰ পুনৰাই শিলৰ ফলিবোৰত লিপিবদ্ধ কৰালে। এইবাৰ যেতিয়া মোচিয়ে সেই ফলি দুখন লৈ পৰ্ব্বতৰ পৰা নামি আহিছিল, তেতিয়া ইস্ৰায়েলসকলে তেওঁৰ মুখমণ্ডল আলোকিত হোৱা দেখিছিল। গতিকে লোকসকলে গভীৰতাৰে সেই নিয়মবোৰৰ তাৎপৰ্য্যতা বুজি পালন কৰিব লাগিছিল।—যাত্ৰাপুস্তক ৩২:১৫-১৯; ৩৪:১, ৪, ২৯, ৩০.

৪. দহ আজ্ঞা কিয় অতি গুৰুত্বপূৰ্ণ আছিল?

সেই শিলৰ দুখন ফলিত লিখা দহ আজ্ঞা আবাস-তম্বুৰ পবিত্ৰ-স্থানত থকা নিয়ম-চন্দুকৰ কাষত আৰু পিছলৈ উপাসনাগৃহৰ অতি পবিত্ৰ-স্থানত ৰখা হৈছিল। সেই দুখন ফলিত মূল সিদ্ধান্তবোৰ আৰু ঈশ্বৰে কেনেকৈ শাসন কৰিব, সেই বিষয়ে লিখা আছিল। তদুপৰি যিহোৱাই কোনো সাধাৰণ জাতিৰ সৈতে নহয় কিন্তু এক বিশেষ মনোনীত জাতিৰ সৈতে সম্পৰ্ক ৰাখিছিল, সেই বিষয়ে স্পষ্টকৈ প্ৰমাণ পোৱা গʼল।

৫. ঈশ্বৰে ইস্ৰায়েলজাতিলৈ দিয়া ব্যৱস্থাই কেনেকৈ তেওঁৰ প্ৰেমৰ বিষয়ে প্ৰকাশ কৰিছিল?

সেই নিয়মবোৰে যিহোৱাৰ ব্যক্তিত্ব, বিশেষকৈ লোকবিলাকৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে প্ৰকাশ কৰিলে। গতিকে সেই নিয়মবোৰৰ অনুসাৰে চলা সকলৰ বাবে ই কিযে এক বহুমূল্য উপহাৰস্বৰূপ আছিল! এই সন্দৰ্ভত এজন বিদ্বানে এইদৰে কৈছিল: “নৈতিকতাৰ সম্বন্ধে থকা এই দহ আজ্ঞা মানৱ সংগঠনবোৰে প্ৰস্তুত কৰা সকলোবোৰ নিয়ম আৰু নিৰ্দ্দেশনাতকৈ অধিক উচ্চ।” মোচিৰ ব্যৱস্থাৰ বিষয়ে সম্বোধিত কৰি যিহোৱাই এইদৰে কৈছিল: “এতিয়া যদি তোমালোকে নিশ্চয়ে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেন্তে, তোমালোক সকলো জাতিবিলাকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ স্বত্ব থকা ধনস্বৰূপ লোক হবা; কিয়নো সমুদায় পৃথিবী মোৰেই। আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হবা। এইবোৰ কথা তুমি ইস্ৰায়েলৰ সন্তানবিলাকক কোৱা।”—যাত্ৰাপুস্তক ১৯:৫, ৬.

হৃদয়ত লিখা এক ব্যৱস্থা

৬. কোনটো ব্যৱস্থা শিলৰ ফলিত লিখা ব্যৱস্থাতকৈ অধিক গুৰুত্বপূৰ্ণ আছিল?

নিঃসন্দেহ, ঈশ্বৰে দিয়া সেই নিয়মবোৰ অতি মূল্যৱান আছিল। কিন্তু আপুনি জানেনে যে অভিষিক্ত ব্যক্তিসকলে পালন কৰা ব্যৱস্থা শিলৰ ফলিত লিখা ব্যৱস্থাতকৈও অধিক উত্তম? সেই ব্যৱস্থা হৈছে এক নতুন ব্যৱস্থা যি ইস্ৰায়েলসকললৈ দিয়া ব্যৱস্থাৰ তুলনাত একেবাৰে ভিন্ন। যাৰ সম্বন্ধে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মই তেওঁবিলাকৰ অন্তৰত মোৰ ব্যৱস্থা স্থাপন কৰিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম।” (যিৰিমিয়া ৩১:৩১-৩৪) এই নতুন ব্যৱস্থাৰ মধ্যস্থ যীচুৱে নিজৰ শিষ্যবিলাকক কোনো লিখিত ব্যৱস্থা দিয়া নাছিল। বৰঞ্চ, তেওঁ নিজৰ বাক্য আৰু কৰ্ম্মৰ দ্বাৰা তেওঁলোকৰ হৃদয়ত আৰু মনত যিহোৱাৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল।

৭. “খ্ৰীষ্টৰ বিধান” প্ৰথমতে কাক দিয়া হৈছিল আৰু পিছলৈ কোনে সেই বিধান গ্ৰহণ কৰিলে?

এই নিয়ম ব্যৱস্থাক “খ্ৰীষ্টৰ বিধান” বুলি কোৱা হয়। এই ব্যৱস্থা বংশগত ইস্ৰায়েলসকলক নহয়, কিন্তু আধ্যাত্মিক ইস্ৰায়েল অৰ্থাৎ “ঈশ্বৰৰ ইস্ৰায়েলক” দিয়া হৈছিল। (গালাতীয়া ৬:২, ১৬; ৰোমীয়া ২:২৮, ২৯) এই ঈশ্বৰৰ ইস্ৰায়েল অভিষিক্ত খ্ৰীষ্টানসকলৰ দ্বাৰা গঠিত। পিছলৈ তেওঁলোকৰ সৈতে যিহোৱাৰ উপাসনা কৰিবলৈ সকলো জাতিৰ পৰা অহা “এক বৰ লোকসমূহ” সংযোগ হʼল। (প্ৰকাশিত বাক্য ৭:৯, ১০; জখৰিয়া ৮:২৩) এই দুই সমূহে “এক জাক” হৈ “একেজন ৰখীয়াৰ” অধীনত খ্ৰীষ্টৰ বিধান পালন কৰিছে।—যোহন ১০:১৬.

৮. মোচিৰ ব্যৱস্থা আৰু খ্ৰীষ্টৰ বিধানৰ মাজত কেনে ভিন্নতা আছিল?

মোচিৰ ব্যৱস্থাৰ অন্তৰ্গত থকা বংশগত ইস্ৰায়েলসকলৰ দৰে প্ৰকৃত খ্ৰীষ্টানসকলে স্বইচ্ছাৰে খ্ৰীষ্টৰ বিধানৰ অধীন হৈছে। তেওঁলোকৰ মাজত জাতিভেদ আৰু জন্মভূমিক লৈ গৌৰৱ কৰাৰ কোনো মনোবৃত্তি দেখিবলৈ পোৱা নাযায়। তেওঁলোকে যিহোৱা আৰু তেওঁৰ পথবোৰৰ বিষয়ে শিকিছে আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰিছে। অভিষিক্ত খ্ৰীষ্টানৰ ‘হৃদয়ত লিখাৰ’ দৰে অন্য মেৰবৰ্গৰ ‘অন্তৰত যিহোৱাৰ ব্যৱস্থা স্থাপন’ হোৱাৰ বাবে কৰ্তব্যবদ্ধ হোৱা বা শাস্তি পোৱাৰ ভয়েৰে ঈশ্বৰৰ আজ্ঞা পালন কৰিছে, এনে নহয়। যিদৰে অভিষিক্ত বৰ্গৰ সদস্যসকলে দেখুৱা আজ্ঞাকাৰীতা অধিক আৱশ্যকীয় আৰু দৃঢ়তাৰ ওপৰত আধাৰিত, তেনেদৰে অন্য মেৰবৰ্গৰ সদস্যসকলৰ হৃদয়ত যিহোৱাৰ ব্যৱস্থা থকাৰ বাবে তেওঁলোকে একেইদৰে আজ্ঞাকাৰীতা প্ৰকাশ কৰে।

প্ৰেমৰ ওপৰত আধাৰিত হোৱা ব্যৱস্থা

৯. যীচুৱে কেনেকৈ দেখুৱালে যে যিহোৱাৰ ব্যৱস্থা প্ৰেমৰ ওপৰত আধাৰিত?

প্ৰেমেই আছিল একমাত্ৰ কাৰণ, যাৰ বাবে যিহোৱাই ইস্ৰায়েলসকলক ব্যৱস্থা প্ৰদান কৰিছিল। ই সত্য উপাসনাৰ এক অত্যাৱশ্যকীয় অংশ হিচাপে সদায়ে সত্যৰূপে প্ৰমাণিত হৈছে আৰু হৈ থাকিব। যেতিয়া যীচুক বিধানৰ কোনটো আজ্ঞা প্ৰধান বুলি সোধা হৈছিল, তেতিয়া তেওঁ এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” দ্বিতীয়টো আছিল: “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” তাৰ পিছত তেওঁ এইদৰে কৈছিল: “এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাববাদীসকলৰ বাক্য ওলমি আছে।” (মথি ২২:৩৫-৪০) ইয়াৰ দ্বাৰা যীচুৱে ইয়াকে কʼব বিচাৰিছিল যে কেৱল দহ আজ্ঞাই নহয়, কিন্তু সম্পূৰ্ণ হীব্ৰু শাস্ত্ৰপদবোৰ প্ৰেমৰ ওপৰত আধাৰিত।

১০. আমি কেনেকৈ জানো যে প্ৰেম হৈছে খ্ৰীষ্টৰ বিধানৰ কেন্দ্ৰবিন্দু?

১০ ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম খ্ৰীষ্টানসকলৰ হৃদয়ত থকা ব্যৱস্থাৰ ওপৰত আধাৰিতনে? অৱশ্যেই আধাৰিত! খ্ৰীষ্টৰ বিধানৰ সৈতে যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰা আৰু এক নতুন আজ্ঞা অৰ্থাৎ প্ৰকৃত খ্ৰীষ্টানসকলে ইজনে সিজনক দেখুৱা নিস্বাৰ্থ প্ৰেম সন্মিলিত আছে। তেওঁলোকে যীচুৰ দৰে প্ৰেম দেখুউৱা উচিত, যিজনে স্বইচ্ছাৰে নিজৰ প্ৰাণ তেওঁৰ বন্ধুবিলাকৰ বাবে দান কৰিলে। যীচুৱে তেওঁৰ শিষ্যবিলাকক ঈশ্বৰ আৰু পৰস্পৰে ইজনে সিজনক নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ শিকাইছিল। প্ৰকাশ কৰা এনে উল্লেখনীয় প্ৰেমে তেওঁলোকে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ প্ৰমাণ দিয়ে। (যোহন ১৩:৩৪, ৩৫; ১৫:১২, ১৩) তদুপৰি তেওঁলোকক শত্ৰুবিলাককো প্ৰেম কৰিবলৈ নিৰ্দ্দেশনা প্ৰদান কৰিলে।—মথি ৫:৪৪.

১১. যীচুৱে কেনেকৈ ঈশ্বৰ আৰু মানৱজাতিৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিলে?

১১ যীচুৱে প্ৰেম দেখুৱাৰ সম্বন্ধে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ স্বইচ্ছাৰে নিজৰ উচ্চ স্বৰ্গীয় স্থান ত্যাগ কৰি তেওঁৰ পিতৃৰ উদ্দেশ্য পূৰ কৰিবলৈ পৃথিৱীলৈ আহিল। লোকসকলে অনন্ত জীৱন লাভ কৰিবলৈ তেওঁ নিজৰ জীৱন আহুতি দিয়াৰ উপৰিও কেনেকৈ জীৱন-যাপন কৰা আৱশ্যক, সেই বিষয়ে তেওঁলোকক দেখুৱালে। তেওঁ এজন নম্ৰ আৰু উদাৰমনৰ ব্যক্তি আছিল, পীড়িত আৰু ভাৰাক্ৰান্ত লোকসকলক “অনন্ত জীৱনৰ কথা” কৈ একেৰাহে তেওঁলোকক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰিছিল।—যোহন ৬:৬৮.

১২. ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমৰ মাজত এক নিবিড় সম্পৰ্ক আছে বুলি কিয় কʼব পাৰি?

১২ প্ৰকৃততে, ঈশ্বৰ আৰু মানৱজাতিৰ প্ৰতি থকা প্ৰেমৰ মাজত এক নিবিড় সম্পৰ্ক আছে। যাৰ বিষয়ে পাঁচনি যোহনে এইদৰে কৈছিল: “কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়; . . . মই ঈশ্বৰক প্ৰেম কৰোঁ, ইয়াকে বুলি কোনোৱে যদি নিজ ভাইক ঘিণ কৰে, তেন্তে তেওঁ মিছলীয়া; কিয়নো যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহন ৪:৭, ২০) যিহোৱা হৈছে প্ৰেমৰ উৎস আৰু ইয়াৰ প্ৰতিস্বৰূপ। তেওঁৰ সকলো কাৰ্য্য প্ৰেমৰ দ্বাৰা পৰিচালিত। যিহেতু তেওঁ নিজৰ প্ৰতিমূৰ্ত্তিৰে আমাক সৃষ্টি কৰাৰ বাবে আমি তেওঁক প্ৰেম কৰোঁ। (আদিপুস্তক ১:২৭) তদুপৰি চুবুৰীয়াৰ প্ৰতি প্ৰেম দেখুৱাৰ দ্বাৰাও আমি তেওঁৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ দিওঁ।

প্ৰেম কৰাৰ অৰ্থ হৈছে আজ্ঞাকাৰী হোৱা

১৩. যদি আমি ঈশ্বৰৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব বিচাৰিছোঁ, তেন্তে সৰ্ব্বপ্ৰথমে কি কৰা উচিত?

১৩ আমি যিজন ঈশ্বৰক আজিলৈকে দেখা নাই, তেওঁক কেনেকৈ প্ৰেম কৰিব পাৰোঁ? সৰ্ব্বপ্ৰথমে আমি তেওঁৰ বিষয়ে জানিবলৈ আগবাঢ়ি অহাৰ দ্বাৰা তেনে কৰিব পাৰোঁ। আমি সহজে কেতিয়াও এজন অচিনাকী ব্যক্তিক প্ৰেম বা ভাৰসা নকৰোঁ। সেইবাবে ঈশ্বৰৰ সৈতে পৰিচিত হʼবলৈ আমাক তেওঁৰ বাক্য অৰ্থাৎ নিতৌ বাইবেলখন পঢ়া, প্ৰাৰ্থনাত লাগি থকা আৰু তেওঁক প্ৰেম কৰা ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰিবলৈ উৎসাহিত কৰিছে। (গীত ১:১, ২; ফিলিপীয়া ৪:৬; ইব্ৰী ১০:২৫) বিশেষকৈ যীচুৰ জীৱনকাল আৰু তেওঁৰ পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা যিহোৱাৰ ব্যক্তিত্ব প্ৰকাশ হোৱাৰ বিষয়ে শুভবাৰ্ত্তা কিতাপবোৰত পঢ়িবলৈ পোৱা যায়। গতিকে ঈশ্বৰৰ আজ্ঞা মনা আৰু তেওঁক অনুকৰণ কৰা ইচ্ছাই আমাক তেওঁৰ বিষয়ে অধিককৈ জানিবলৈ আৰু তেওঁৰ প্ৰেমৰ প্ৰতি মূল্যাঙ্কন দেখুৱালৈ প্ৰেৰিত কৰিব। প্ৰকৃততে, ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ সৈতে আজ্ঞাকাৰী হোৱাও সন্মিলিত আছে।

১৪. ঈশ্বৰৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয় বুলি কিয় কʼব পাৰি?

১৪ দৰাচলতে, আমি প্ৰেম কৰা ব্যক্তিজনক কেতিয়াও অসন্তুষ্ট কৰিবলৈ নিবিচাৰোঁ। আমি তেওঁৰ পছন্দ বা নাপছন্দৰ বিষয়ে জানি, সেই অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰোঁ। এইবোৰ ঠিক পাঁচনি যোহনে কোৱাৰ অনুসাৰে, যʼত তেওঁ এইদৰে কৈছে যে, “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) ঈশ্বৰৰ আজ্ঞাবোৰ ববলৈ গধুৰ বা অসংখ্য নহয়। বৰঞ্চ, তেওঁৰ প্ৰেমে আমাক আজ্ঞাবোৰ পালন কৰিবলৈ নিৰ্দ্দেশিত কৰে। আমি দৈনন্দিন কাৰ্য্যবোৰ সম্পন্ন কৰিবলৈ বহুতো সিদ্ধান্ত মনত ৰাখা প্ৰয়োজন নাই; ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেমে মাৰ্গদৰ্শন প্ৰদান কৰিব। যদি ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেমে আছে, তেন্তে তেওঁৰ উদ্দেশ্য আনন্দেৰে পালন কৰিবলৈ প্ৰেৰিত হʼম। এইদৰে কৰি আমি তেওঁৰ অনুমোদন লাভ কৰিম আৰু তেওঁৰ মাৰ্গদৰ্শনৰ দ্বাৰা লাভৱান হʼম।—যিচয়া ৪৮:১৭.

১৫. কিহে আমাক যিহোৱাক অনুকৰণ কৰিবলৈ প্ৰেৰিত কৰিব? বৰ্ণনা কৰক।

১৫ ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁৰ গুণবোৰ অনুকৰণ কৰিবলৈ প্ৰেৰিত কৰিব। আমি প্ৰেম কৰা ব্যক্তিজনৰ গুণবোৰ অনুকৰণ কৰি তেওঁৰ নিচিনা হʼবলৈ চেষ্টা কৰিম। যীচু আৰু তেওঁৰ পিতৃৰ মাজত থকা সম্বন্ধৰ বিষয়ে বিবেচনা কৰক। যীচুৱে তেওঁৰ পিতৃৰ সৈতে অগণন বছৰ ধৰি সঙ্গতি কৰিছিল। তেওঁলোকৰ মাজত এক নিবিড় প্ৰেম গঢ়ি উঠিছিল। যাৰ বাবে তেওঁ নিজৰ শিষ্যবিলাকক এইদৰে কʼব পাৰিলে: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহন ১৪:৯) আমি যিহোৱা আৰু তেওঁৰ পুত্ৰৰ বিষয়ে মূল্যাঙ্কন আৰু জ্ঞান লাভ কৰি তেওঁলোকৰ অনুসাৰে চলিবলৈ চেষ্টা কৰিম। যিহোৱাৰ প্ৰতি থকা প্ৰেম আৰু তেওঁৰ পবিত্ৰ আত্মাৰ সহায়েৰে আমি ‘পুৰাতন বস্ত্ৰস্বৰূপে থকা মনুষ্যত্বক সোলোকাই নতুন মনুষ্যত্বক ধাৰণ কৰিব পাৰিম।’—কলচীয়া ৩:৯, ১০; গালাতীয়া ৫:২২, ২৩.

প্ৰেম কাৰ্য্যত পৰিণত হোৱা

১৬. আমি কেনেকৈ প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?

১৬ প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰচাৰ আৰু শিষ্য-বনোৱা কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত কৰে। ইয়াৰ দ্বাৰা আমি যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ, কিয়নো “তেওঁৰ ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:৩, ৪) আনৰ হৃদয়ত খ্ৰীষ্টৰ বিধান লিখিবলৈ সহায় কৰি আমি আনন্দিত হওঁ। তদুপৰি তেওঁলোকে নিজৰ জীৱনত সাল-সলনি কৰি যিহোৱাৰ গুণবোৰ অনুকৰণ কৰা দেখিবলৈ পাই আমি অতিশয় আনন্দিত হওঁ। (২ কৰিন্থীয়া ৩:১৮) দৰাচলতে, আনক যিহোৱাৰ বিষয়ে শিকিবলৈ সহায় কৰি আমি তেওঁলোকক এক বহুমূলীয়া উপহাৰ প্ৰদান কৰোঁ আৰু যিসকলে ঈশ্বৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিছে, তেওঁলোকে চিৰকাললৈকে আনন্দিত হʼব।

১৭. ভৌতিক বস্তুৰ পৰিৱৰ্তে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম বিকশিত কৰাটো কিয় এক বুদ্ধিমানৰ কাৰ্য্য?

১৭ আমি এনে এখন জগতত বাস কৰিছোঁ, যʼত ভৌতিক বস্তুবোৰক সকলোতকৈ প্ৰমুখ স্থান দিয়ে আৰু সেইবোৰৰ প্ৰতি লোকসকলে অধিক প্ৰেম কৰা দেখা যায়। তথাপিও ভৌতিক বস্তুৰ কোনো ভৱিষ্যত নাই। কিয়নো এনে ভৌতিক বস্তু চুৰি বা নষ্ট হোৱাৰ সদায়ে ভয় থাকে। (মথি ৬:১৯) সেইবাবে বাইবেলে আমাক সতৰ্ক কৰি এইদৰে কৈছে: “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৬, ১৭) আনহাতে, যিহোৱাৰ ইচ্ছা আৰু তেওঁক প্ৰেম কৰোঁতাসকল চিৰকাললৈকে থাকিব। এতেকে জগতৰ ভৌতিক বস্তুক প্ৰেম কৰাৰ পৰিৱৰ্তে ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি প্ৰেম দেখুৱাটো সকলোতকৈ বুদ্ধিমানৰ কাৰ্য্য নহʼবনে?

১৮. এগৰাকী মিছনেৰী ভনীয়ে কেনেকৈ নিস্বাৰ্থ প্ৰেম দেখুৱালে?

১৮ যিসকলে নিজৰ জীৱনত প্ৰেম বিকশিত কৰিছে, তেওঁলোকে যিহোৱাৰ মহিমা কৰে। উদাহৰণস্বৰূপে, চেনেগালত মিছনেৰী কাৰ্য্য কৰা চনীয়া নামৰ ভনী গৰাকীৰ বিষয়ে বিবেচনা কৰক। চনীয়াই হাইদী নামৰ এনে এগৰাকী মহিলাৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে যি নিজৰ গিৰীয়েকৰ দ্বাৰা এইচ আই ভি ৰোগত পীড়িত হৈছিল। গিৰীয়েকৰ মৃত্যুৰ পিছত হাইদীয়ে বাপ্তিষ্মা লʼলে। কিন্তু কম সময়ৰ ভিতৰত তাইৰ শৰীৰ অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰা হʼল। আগলৈ কি ঘটিল, সেই বিষয়ে চনীয়াই এইদৰে কৈছে: “চিকিৎসালয়ত কম সংখ্যক কৰ্ম্মচাৰী হোৱাৰ বাবে ৰোগীসকলৰ চোৱা-চিতা ভালদৰে হোৱা নাছিল। সেইবাবে স্বইচ্ছাৰে আগবাঢ়ি আহি মণ্ডলীৰ ভাই-ভনীসকলক তাইৰ আৱশ্যকতাসমূহৰ চোৱা-চিতা কৰিবলৈ আগ্ৰহ কৰা হʼল। পিছদিনা মই ভনী গৰাকীৰ বিছনাৰ কাষত থকা ঢাৰিত নিশাটো কটালোঁ আৰু তাইৰ মৃত্যু নোহোৱা পৰ্য্যন্ত মই সেৱা-শুশ্ৰুষা কৰিছিলোঁ। সেই সময়ত দায়িত্বত থকা ডাক্টৰজনে এইদৰে কৈছিল: ‘আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে, যেতিয়া ৰোগীয়ে এইড্‌ছ ৰোগত আক্ৰান্ত হোৱা বুলি শুনে, তেতিয়া ৰোগীজনক চোৱা-চিতা কৰিবলৈ সম্বন্ধীয়া কোনো লোকে আগবাঢ়ি নাহে। এনে ক্ষেত্ৰত আপুনি তাইৰ সম্বন্ধীয়া লোক বা একেইখন দেশৰ নোহোৱা স্বত্বেও নিজৰ জীৱন কিয় বিপদত পেলাইছে?’ তেতিয়া মই কʼলো যে আমি দুয়ো একে মাতৃ আৰু পিতৃৰ পৰা জন্ম নোহোৱাৰ স্বত্বেও মই হাইদীক মোৰ নিজৰ ভনীৰ নিচিনাকৈ প্ৰেম কৰিছিলোঁ। মোৰ বাবে তাইৰ চোৱা-চিতা কৰাটো এক গৌৰৱৰ বিষয় আছিল। কিয়নো আমাৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল।” দৰাচলতে, চনীয়াই হাইদীক তেনেদৰে প্ৰেমপূৰ্ণ সেৱা-শুশ্ৰুষা কৰি কোনো ৰোগত আক্ৰান্ত হʼবলগীয়া নহʼল।

১৯. আমি সকলো সুযোগতে কি প্ৰকাশ কৰা উচিত?

১৯ এনে বহুতো নিস্বাৰ্থ প্ৰেমৰ সম্বন্ধে থকা উদাহৰণ যিহোৱাৰ উপাসকসকলত দেখিবলৈ পোৱা যায়। কোনো লিখিত ব্যৱস্থাৰ বাবে যে ঈশ্বৰৰ লোকসকলক চিনিব পাৰি, এনে নহয়। বৰঞ্চ, তেওঁলোকত ইব্ৰী ৮:১০ পদত উল্লেখ কৰা বাক্যবোৰৰ পূৰ্ণতা হোৱাৰ বাবেহে চিনিব পাৰি। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “সেই দিনৰ পাছত, ইস্ৰায়েল-বংশে সৈতে এই নিয়ম স্থাপন কৰিম; তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম; আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হম; তেওঁবিলাকো মোৰ লোক হব।” এতেকে আঁহক আমি আমাৰ হৃদয়ত লিখা প্ৰেমৰ ব্যৱস্থাৰ প্ৰতি মূল্যাঙ্কন আৰু সকলো সুযোগতে প্ৰেম প্ৰকাশ কৰোঁহঁক।

২০ খ্ৰীষ্টৰ ব্যৱস্থা কিয় এক বহুমূলীয়া বিশেষাধিকাৰ?

২০ বিশ্বব্যাপী ভাতৃত্বসমাজৰ সৈতে যিহোৱাৰ সেৱা কৰি তেনে প্ৰেম প্ৰকাশ কৰিবলৈ পোৱাটো কিযে এক আনন্দময় বিষয়! এই স্নেহহীন জগতত থকাৰ স্বত্বেও যিসকলে নিজৰ হৃদয়ত খ্ৰীষ্টৰ বিধান লিখিছে, তেওঁলোকে এক বিশেষাধিকাৰ লাভ কৰিছে। তেওঁলোকে কেৱল যিহোৱাৰ প্ৰেমেৰে নহয় কিন্তু ভাতৃত্বসমাজৰ সৈতে থকা ঐক্যতাৰ আনন্দ উপভোগ কৰিছে। যাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “চোৱা, ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক।” যিহোৱাৰ সাক্ষীসকল যদিও ভিন্ন জাতি, সংস্কৃতি, ভাষা আৰু পৃষ্ঠভূমিৰ পৰা আহিছে, তথাপিও তেওঁলোকে ধৰ্ম্মীয় ঐক্যতাৰ আনন্দ উপভোগ কৰে। এনে ঐক্যতাই যিহোৱাৰ অনুমোদন কঢ়িয়াই আনে। সেই সম্বন্ধে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তাত [প্ৰেমেৰে একত্ৰিত হোৱা লোকসকলত] যিহোৱাই আশীৰ্ব্বাদৰ আজ্ঞা কৰিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ আদেশ কৰিলে।—গীত ১৩৩:১-৩. (w05 8/15)

আপুনি উত্তৰ দিব পাৰিবনে?

• ইস্ৰায়েলসকলক দিয়া দহ আজ্ঞা কিমান গুৰুত্বপূৰ্ণ আছিল?

• হৃদয়ত কেনে ধৰণৰ ব্যৱস্থা লিখা হৈছে?

• “খ্ৰীষ্টৰ বিধানৰ” সম্বন্ধে প্ৰেমে কেনে ভূমিকা আদায় কৰিছে?

• আমি কি প্ৰকাৰে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৯ পৃষ্ঠাৰ ছবি]

ইস্ৰায়েলসকলক দিয়া ব্যৱস্থা শিলৰ ফলিত লিখিতভাৱে প্ৰদান কৰা হৈছিল