আপুনি যীচুৰ পুনৰাগমনৰ সম্পৰ্কে দিয়া চিহ্নবোৰ চিনিব পাৰিছেনে?
আপুনি যীচুৰ পুনৰাগমনৰ সম্পৰ্কে দিয়া চিহ্নবোৰ চিনিব পাৰিছেনে?
কোনো এজনেও গুৰুতৰভাৱে অসুস্থ বা দুৰ্যোগৰ সম্মুখীন হʼবলৈ নিবিচাৰে। এজন জ্ঞানী ব্যক্তিয়ে তেনে ধৰণৰ বিপদৰ পৰা ৰক্ষা পাবলৈ সেই বিপদৰ চিহ্নবোৰ লক্ষ্য কৰি সেই অনুসাৰে পদক্ষেপ লয়। যীচুৱে এক বৈশিষ্ট্যপূৰ্ণ চিহ্নৰ বিষয়ে বৰ্ণনা কৰিছিল আৰু সেই চিহ্নবোৰক আমি চিনি পোৱা আৱশ্যক। কিয়নো তেওঁ যি নিৰ্দ্দেশিত কৰিছিল সেয়া গোটেই পৃথিৱী আৰু মানৱজাতিক প্ৰভাৱিত কৰিবলগীয়া আছে। তাত আপুনি আৰু আপোনাৰ পৰিয়ালো সন্মিলিত আছে।
যীচুৱে কোৱা ঈশ্বৰৰ ৰাজ্যই সকলো দুষ্টতাক আঁতৰ কৰি পৃথিৱীখনক এখন সুন্দৰ পৰমদেশলৈ ৰূপান্তৰিত কৰিব। গতিকে তেওঁৰ শিষ্যসকলে সেই ৰাজ্য কেতিয়া আহিব, সেই বিষয়ে আগ্ৰহেৰে জানিবলৈ বিচাৰিছিল। সেয়েহে তেওঁলোকে এইদৰে সুধিছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?”—মথি ২৪:৩.
যীচুৱে জানিছিল যে তেওঁৰ মৃত্যু, পুনৰুত্থান আৰু মানৱজাতিৰ ওপৰত মচীহ ৰজাৰূপে নিযুক্ত হোৱাৰ পূৰ্বে বহু সময় অতিবাহিত হʼব। তদুপৰি তেওঁক ৰজা নিযুক্ত কৰাটো মানুহৰ বাবে অদৃশ্য হোৱাৰ বাবে তেওঁৰ “আগমন” আৰু “এই জগতৰ শেষ হোৱাৰ” বিষয়ে শিষ্যসকলে জানিবলৈ এটা চিহ্ন দিছিল। এই চিহ্ন কেইবাটাও ঘটনাৰ দ্বাৰা গঠিত, যাক একেলগে এটা চিহ্ন বুলি চিনাক্ত কৰা হৈছে, অৰ্থাৎ যীচুৰ উপস্থিতি।
শুভবাৰ্ত্তাৰ কিতাপ লিখক মথি, মাৰ্ক আৰু লূক, তেওঁলোক প্ৰত্যেকে যীচুৱে সেই সম্পৰ্কে দিয়া উত্তৰটো স্পষ্ট আৰু সাৱধানে লিপিবদ্ধ কৰিলে। (মথি ২৪ আৰু ২৫ অধ্যায়; মাৰ্ক ১৩ অধ্যায়; লূক ২১ অধ্যায়) বাইবেলৰ আন আন লেখকসকলেও সেই চিহ্নৰ বিৱৰণী সংযোগ কৰিছে। (২ তীমথিয় ৩:১-৫; ২ পিতৰ ৩:৩, ৪; প্ৰকাশিত বাক্য ৬:১-৮; প্ৰকাশিত বাক্য ১১:১৮) সেই সকলোবোৰ বিৱৰণীৰ বিষয়ে উল্লেখ কৰিবলৈ এই প্ৰবন্ধটোত সীমিত পৰিমাণে ঠাই হোৱাৰ বাবে আমি যীচুৱে উল্লেখ কৰা চিহ্নৰ কেৱল পাঁচটা মুখ্য বিষয়ক বিবেচনা কৰিম। আপুনি ইয়াত পাব যে সেইবোৰ অৰ্থপূৰ্ণ আৰু আপোনাৰ ব্যক্তিগতভাৱে অতি গুৰুত্বপূৰ্ণ।—৬ পৃষ্ঠাত দিয়া বক্সটো চাওক।
“এক নতুন যুগৰ আৰম্ভ হোৱা পৰিৱৰ্তন”
“জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।” (মথি ২৪:৭) ১৯১৪ চনৰ পূৰ্বে ডেৰ স্পিজেল নামৰ জাৰ্মানীৰ এখন আলোচনীত এইদৰে ৰিপোৰ্ট দিয়া হৈছিল যে, লোকসকলে “বিশ্বাস কৰিছিল যে ভৱিষ্যতে এক স্বৰ্ণযুগত তেওঁলোকে অধিক স্বাধীনতা, উন্নতি আৰু সমৃদ্ধিশীল হʼব।” তেতিয়া সকলো ওলট্-পালট হৈ গʼল। এই বিষয়ে জিঅ’ নামৰ আলোচনীখনত এইদৰে বৰ্ণনা কৰিছে যে, “১৯১৪ চনৰ আগষ্ট মাহত যুদ্ধ আৰম্ভ হয় আৰু ১৯১৮ চনৰ নবেম্বৰ মাহত যুদ্ধ সমাপ্তি হয়, যিটো নেকি এক নাটকীয় ঘটনা আছিল। এই ঘটনা ঐতিহাসিক পৰিৱৰ্তন আছিল, যি অতীতক নতুন যুগৰ পৰা পৃথক কৰিলে।” পাঁচখন মহাদেশৰ পৰা ছয় কোটিতকৈ অধিক সৈন্যই প্ৰচণ্ড যুদ্ধত জড়িত হৈছিল। সেই যুদ্ধত গড় হিচাপে প্ৰত্যেক দিনা ৬,০০০ জন সৈনিক মৰা পৰিছিল। তেতিয়াৰ পৰা মানৱ ইতিহাসৰ প্ৰত্যেকটো পিৰি আৰু ৰাজনৈতিক মতামত ৰাখা সকলোৱে “১৯১৪ চনৰ পৰা লৈ ১৯১৮ চনটোক যুগাৰম্ভৰ চ্যুতি” হোৱা বুলি লক্ষ্য কৰিব ধৰিলে।
প্ৰথম বিশ্বযুদ্ধই মানৱ সমাজত এক অপৰিৱৰ্তনীয় সলনি কৰি মানৱজাতিক এই ৰীতি-ব্যৱস্থাৰ শেষ দিনলৈ পৰিচালিত কৰিলে। তাৰ পিছৰ শতিকাবোৰত অধিককৈ যুদ্ধ, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সংঘৰ্ষ আৰু সন্ত্ৰাসবাদ দেখা গʼল। বৰ্তমানৰ শতিকাৰ আৰম্ভণিৰে পৰাই পৰিস্থিতি অধিক বেয়ালৈ ধাল খালে। যুদ্ধৰ উপৰিও সেই চিহ্নৰ আন বৈশিষ্ট্যবোৰ দেখা গʼল।
আকাল, মহামাৰী আৰু ভূমিকম্প
“ঠায়ে ঠায়ে আকাল . . . হব।” (মথি ২৪:৭) প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইউৰোপত দুৰ্ভিক্ষই দেখা দিয়ে আৰু তাৰ ফলত হোৱা আকালত অতীততকৈ অধিক সংখ্যক লোকে প্ৰাণ হেৰুৱালে। এলেন বুলক্ নামৰ বুৰঞ্জীবিদজনে এইদৰে লিখিছিল যে, ১৯৩৩ চনত ৰাচিয়া আৰু ইউক্ৰেনত “অনাহাৰজনিত মৃত্যু গোটেই দেশবোৰতে দেখিবলৈ পোৱা গৈছিল, . . . মৃতদেহ ৰাস্তাৰ দুয়ো কাষে দম হৈ পৰি আছিল।” টি. এইচ. হোৱাইট্ নামৰ এজন পত্ৰকাৰে চীনৰ অন্তৰ্গত থকা হেনান নামৰ ঠাইত হোৱা আকালৰ বিষয়ে লক্ষ্য কৰি এইদৰে লিখিছিল: “আকালত প্ৰায় সকলোবোৰ খাবৰ যোগ্য হয় আৰু মানৱ শৰীৰৰ দ্বাৰা সেইবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি খাই শক্তিলৈ পৰিণত কৰা হয়। এনেদৰে কেৱল খাবলৈ নাপাই মৃত্যুৰ দুৱাৰডলিত উপস্থিত হোৱা এজন ব্যক্তিয়ে কৰিব পাৰে, যি কাহানিও নোখোৱা বস্তুকো খাব পাৰে।” দুখৰ বিষয় এই যে, এই কেই দশকত আফ্ৰিকাত আকাল হোৱাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। যদিও সকলোৰে বাবে যথেষ্ট হোৱাকৈ পৃথিৱীত খাদ্য উৎপন্ন হয়, তথাপিও যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু কৃষি সংঘই অনুমান কৰা অনুসাৰে বিশ্বজুৰি ৮৪ কোটি লোকে ভোজন কৰিবলৈ কেৱল অলপমাত্ৰাতহে খাদ্য উপলবদ্ধ আছে।
“ঠায়ে ঠায়ে . . .মহামাৰী হব।” (লূক ২১:১১) জাৰ্মানীত প্ৰকাশ পোৱা চুড্দেউটশ্বাখ্ জেইটুং নামৰ এখন বাতৰিকাকতত এইদৰে কয় যে, “প্ৰথম বিশ্বযুদ্ধ বা প্লেগত মৃত্যু হোৱা লোকতকৈ অধিক লোক ১৯১৮ চনত হোৱা স্পেনিছ ইনফ্লুয়েনঞ্জাৰ ফলত মৃত্যু হয়। তেতিয়াৰ পৰা অসংখ্য লোকে মেলেৰিয়া, বসন্ত, যক্ষ্মা, পোলিও আৰু কলেৰা ৰোগৰ দ্বাৰা পীড়িত হৈছে। তদুপৰি গোটেই পৃথিৱীত এইড্ছ ৰোগ বিয়পী পৰিছে, যাৰ কোনো উপশম নাই। চিকিৎসা বিজ্ঞানে যদিও উন্নতি কৰিছে, তথাপিও আজি আমি দেখা পোৱা ৰোগবোৰক বাধা দিয়াটো প্ৰায়ে অসম্ভৱ হৈ পৰিছে। এতিয়ালৈকে দেখিবলৈ পোৱা লক্ষণবোৰে স্পষ্টকৈ আমি বাস কৰা অস্বাভাৱিক সময়ছোৱাক নিৰ্দ্দেশিত কৰিছে।
মথি ২৪:৭) বিগত ১০০ বছৰত হাজাৰ হাজাৰ লোকৰ জীৱন ভূমিকম্পৰ দ্বাৰা পীড়িত হৈছে। এখন ৰিপোৰ্টৰ অনুসাৰে ১৯১৪ চনৰ পৰা ভূমিকম্পই অট্টালিকাবোৰ বিধস্ত কৰিছে আৰু ভূমিত প্ৰত্যেক বছৰে গড় হিচাপে ১৮ টাকৈ ফাট মেলিছে। প্ৰায়ে বছৰত এবাৰকৈ হোৱা শক্তিশালী আৰু ধ্বংসাত্মক ভূমিকম্পই বৃহৎ অট্টালিকাবোৰ ভূমিৰ সৈতে সমান কৰিব পাৰে। প্ৰযুক্তিবিদ্যাৰ উন্নত হোৱাৰ স্বত্বেও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস হোৱা নাই আৰু ডাঙৰ চহৰবোৰত মাটিৰ তলত থকা শিলাখণ্ডবোৰ খহি পৰিছে।
“ভূমিকম্প হব।” (এক আনন্দৰ সংবাদ!
এই শেষকালত দেখিবলৈ পোৱা বেছিভাগ চিহ্নই আমাক বেজাৰ দিয়ে। কিন্তু যীচুৱে এক আনন্দজনক সংবাদৰ বিষয়ে উল্লেখ কৰিছিল।
“সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।” (মথি ২৪:১৪) এই কাৰ্য্য অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্য যীচুৱে নিজেই আৰম্ভ কৰিছিল, যিটো এই শেষকালত সমাপ্তি হʼবলগীয়া আছিল। এই কাৰ্য্য বাস্তৱতে সম্পন্ন হৈছে। কিয়নো যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ বাৰ্ত্তা প্ৰচাৰ কৰি লোকসকলক তেওঁলোকে শিকা বিষয়বোৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ স্বইচ্ছাৰে সহায় কৰিছে। বৰ্তমানে ৬০ লাখতকৈ অধিক যিহোৱাৰ সাক্ষীয়ে ২৩৫ খন দেশত ৪০০ টাতকৈ অধিক ভাষাত প্ৰচাৰ কৰিছে।
মন কৰিবলগীয়া এই যে, জগতত হোৱা এই বেজাৰদায়ক অৱস্থাৰ বাবে জীৱনধাৰা ৰৈ যাব বুলি যীচুৱে কোৱা নাছিল। তদুপৰি তেওঁ এইটোও কোৱা নাছিল যে চিহ্নবোৰৰ বৈশিষ্ট্যবোৰে সমস্ত জগতখনকে গ্ৰাস কৰিব। বৰঞ্চ তেওঁ ভৱিষ্যতবাণী কৰিছিল যে ঘটনাসমূহৰ সমষ্টিৰে গঠিত এক চিহ্ন পৃথিৱীৰ সকলো ঠাইৰ পৰা দেখা যাব।
কোনো এক ঘটনাক লক্ষ্য কৰি আপুনি সমস্ত জগতৰ বাবে গুৰুত্বপূৰ্ণ হোৱা ঘটনাসমূহৰ সমষ্টিৰে গঠিত চিহ্নৰ আৰ্হিক দেখা পাইছেনে? যি ঘটিছে সেয়া নিশ্চয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক প্ৰভাৱিত কৰিব। ‘কিন্তু কিয় অলপ সংখ্যক লোকে এই ঘটনাবোৰক লক্ষ্য কৰিব?’ এই বুলি আমি সুধিব পাৰোঁ।
নিজৰ ব্যক্তিগত আগ্ৰহকতাক অধিক গুৰুত্ব দিয়া
“সাতোঁৰা নিষেধ!” “উচ্চ বিদ্যুত প্ৰবাহ,” “গাড়ী লাহে লাহে চলাওক।” এনে ধৰণৰ কিছুমান জাননীক যদিও আমি
লক্ষ্য কৰোঁ, কিন্তু সহজে সেইবোৰৰ প্ৰতি মনোযোগ নিদিওঁ। কিয় মনোযোগ নিদিওঁ? যিবোৰ জাননী আমাৰ ভালৰ বাবে দিয়া হৈছে, আমি সাধাৰণভাৱে সেইবোৰক আওকাণ কৰোঁ। উদাহৰণস্বৰূপে, যিবোৰ ঠাইত গাড়ী লাহে লাহে চলাবলৈ কোৱা হৈছে, সেইবোৰ ঠাইত দ্ৰুতগতিত গাড়ী চলোৱা আৱশ্যক বুলি আমি ভাবিব পাৰোঁ অথবা যʼত সাঁতোৰিবলৈ নিষেধ কৰা হৈছে, সেইবোৰ ঠাইত সাঁতোৰিবলৈ অধিক আগ্ৰহ হʼব পাৰে। কিন্তু এনে ধৰণৰ সংকেত বা চিহ্নবোৰৰ প্ৰতি উপেক্ষা কৰাটো অৱশ্যেই বুদ্ধিমানৰ কাৰ্য্য নহয়।কিছুসময়ৰ আগতে অষ্ট্ৰিয়া, ফ্ৰান্স, ইটালী আৰু ছুইজাৰলেণ্ডৰ আলপাইন পৰ্ব্বতত হোৱা হিমস্খলনৰ ফলত কি ঘটিছিল, সেই বিষয়ে বিবেচনা কৰক। সেই ঠাইলৈ ফুৰিবলৈ অহা পৰ্য্যটকসকলে স্কী কৰিবলৈ সুৰক্ষিত স্থানৰ জাননী দিয়াৰ স্বত্বেও তেওঁলোকে সেই জাননী আওকাণ কৰাত কিছুমানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। চুড্দেউটশ্বাখ্ জেইটুং নামৰ বাতৰিকাকতখনে এইদৰে কয় যে, বহুতো পৰ্য্যটকে সেই জাননী উপেক্ষা কৰি কৈছিল যে, “বিপদৰ অবিহনে কোনো আনন্দ নাই।” দুখৰ বিষয় এই যে, তেওঁলোকে সেই সতৰ্কবাণীক আওকাণ কৰি দুৰ্ঘটনাত পৰিবলগীয়া হʼল।
যীচুৱে বৰ্ণনা কৰা সেই চিহ্নবোৰৰ প্ৰতি লোকসকলে কি কাৰণে কোনো মনোযোগ দিয়া নাই? তেওঁলোকে হয়তো ভৌতিক সা-সম্পত্তি, ধৰ্ম্মৰ প্ৰতি বৃদ্ধি হোৱা নিৰুদ্যমতা, কোনো সমাধান কৰিব নোৱাৰা, দৈনন্দিন কাৰ্য্যত অত্যধিক ব্যস্ত বা মান-সন্মান হেৰুৱাৰ ভয়ত মানসিকভাৱে অন্ধ হৈ পৰিছে। আপুনিও এনে কোনো এটা কাৰণৰ বাবে যীচুৰ উপস্থিতিৰ বিষয়ে দিয়া সেই চিহ্নবোৰক আওকাণ কৰিছেনে? সেই চিহ্নবোৰক চিনাক্ত কৰি সেই অনুসাৰে পদক্ষেপ লোৱাটো বুদ্ধিমানৰ কাৰ্য্য নহʼবনে?
পাৰ্থীৱ পৰমদেশত জীৱন
যীচুৰ উপস্থিতিৰ বিষয়ে দিয়া চিহ্নবোৰৰ প্ৰতি বহুতে মনোযোগ দিছে। জাৰ্মানীত থকা ক্ৰিষ্টীয়ান নামৰ এজন বিবাহিত ব্যক্তিয়ে এইদৰে লিখিছে: “এইয়া হৈছে এক অন্ধকাৰ সময়। ইয়াত কোনো সন্দেহ নাই যে আমি ‘শেষ কালত’ বাস কৰিছোঁ।” ক্ৰিষ্টীয়ান আৰু তেওঁৰ পত্নীয়ে বেছিভাগ সময় আনক মচীহৰ ৰাজ্যৰ বিষয়ে কোৱাত সময় অতিবাহিত কৰে। একেইখন দেশত বাস কৰা ফ্ৰেংক আৰু তেওঁৰ পত্নীয়ে আনক বাইবেলৰ পৰা শুভবাৰ্ত্তা শুনায়। সেই বিষয়ে ফ্ৰেংকে এইদৰে কয়: “জগতৰ পৰিস্থিতি দেখি বহুতে ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ পৰিছে। আমি লোকসকলক পৃথিৱীত স্থাপিত হʼবলগীয়া পৰমদেশৰ বিষয়ে থকা বাইবেলৰ ভৱিষ্যতবাণীৰে উৎসাহিত কৰোঁ।” এইদৰে ক্ৰিষ্টীয়ান আৰু ফ্ৰেংক নামৰ এই দুজন ব্যক্তিয়ে যীচুৰ চিহ্নৰ এটা বৈশিষ্ট্যতাৰ পূৰ্ণতা অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে।—মথি ২৪:১৪.
এই শেষকাল ইয়াৰ চৰম সীমাত উপনীত হোৱাত যীচুৱে এই পুৰাতন জগতৰ ৰীতি-ব্যৱস্থা আৰু ইয়াক সমৰ্থন কৰা সকলোকে চিৰকালৰ বাবে ধ্বংস কৰিব। তাৰ পিছত মচীহৰ সেই ৰাজ্যই এই পৃথিৱীৰ ওপৰত শাসন কৰি ভৱিষ্যতবাণী কৰা পৰমদেশ স্থাপন কৰিব। তেতিয়া মানৱজাতিয়ে কোনো ৰোগ, মৃত্যুৰ সম্মুখীন হʼবলগীয়া নহʼব আৰু মৃত ব্যক্তিসকলক এই পৃথিৱীত পুনৰুত্থান কৰা হʼব। দৰাচলতে, যিসকলে সেই চিহ্নবোৰক চিনিব পাৰে, তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত অপেক্ষা কৰি আছে। গতিকে সেই চিহ্নৰ তাৎপৰ্য্যতা অধিককৈ বুজি পাবলৈ আৰু এই ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পাবলৈ পদক্ষেপ লোৱাটো এক বুদ্ধিমানৰ কাৰ্য্য নহʼবনে? নিঃসন্দেহ, এই বিষয়টো সকলোৰে বাবে এক অতি গুৰুত্বপূৰ্ণ বিষয়।—যোহন ১৭:৩. (w05 10/1)
[৪ পৃষ্ঠাৰ ব্লাৰ্ব]
যীচুৱে ঘটনা সমষ্টিৰে গঠিত হোৱা এক চিহ্নৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যি পৃথিৱীৰ সকলো ঠাইৰ লোকে চিনিব পাৰিব
[৬ পৃষ্ঠাৰ ব্লাৰ্ব]
আপুনি ঘটনা সমষ্টিৰে গঠিত চিহ্নৰ আৰ্হিক লক্ষ্য কৰিব পাৰিছেনে, যিটো জগতৰ সকলো লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ?
[৬ পৃষ্ঠাৰ বক্স/ছবিসমূহ]
শেষকালৰ সেই চিহ্নবোৰক চিনাক্ত কৰা
এনে যুদ্ধবোৰ, যি পূৰ্বে কেতিয়াও হোৱা নাছিল।—মথি ২৪:৭; প্ৰকাশিত বাক্য ৬:৪
ঠায়ে ঠায়ে আকাল দেখা দিয়া।—মথি ২৪:৭; প্ৰকাশিত বাক্য ৬:৫, ৬, ৮
ঠায়ে ঠায়ে মহামাৰী হোৱা।—লূক ২১:১১; প্ৰকাশিত বাক্য ৬:৮
অধৰ্ম্মৰ বৃদ্ধি হোৱা।—মথি ২৪:১২
ঠায়ে ঠায়ে ভূমিকম্প হোৱা।—মথি ২৪:৭
ভয়ঙ্কৰ সময় উপস্থিত হোৱা।—২ তীমথিয় ৩:১
ধন-সম্পত্তিৰ প্ৰতি অত্যধিক প্ৰেম।—২ তীমথিয় ৩:২
পিতৃ-মাতৃৰ আজ্ঞা নমনা।—২ তীমথিয় ৩:২
লোকবিলাক স্নেহহীন হোৱা।—২ তীমথিয় ৩:৩
লোকবিলাক ঈশ্বৰ প্ৰিয়তকৈ সুখ-বিলাষৰ প্ৰিয় হোৱা।—২ তীমথিয় ৩:৪
ইন্দ্ৰিয় দমন নকৰা।—২ তীমথিয় ৩:৩
সাধুতাক ঘিণাওঁতা।—২ তীমথিয় ৩:৩
আগন্তুক বিপদৰ সতৰ্কবাণীক আওকাণ কৰা।—মথি ২৪:৩৯
শেষ কালৰ প্ৰমাণবোৰক বিদ্ৰূপকাৰীসকলে প্ৰত্যাখ্যান কৰা।—২ পিতৰ ৩:৩, ৪
বিশ্বজুৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য সম্পন্ন হোৱা।—মথি ২৪:১৪
[৫ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
প্ৰথম বিশ্ব যুদ্ধৰ সৈনিক: From the book The World War—A Pictorial History, 1919; দুখীয়া পৰিয়াল: AP Photo/Aijaz Rahi; পোলিও ৰোগত আক্ৰান্ত: WHO/P. Virot