আমি যীচুৰ আৰ্হিৰ অনুসাৰে চলা উচিত
আমি যীচুৰ আৰ্হিৰ অনুসাৰে চলা উচিত
“মই [ঈশ্বৰত] থাকোঁ, এই বুলি যি কোনোৱে কয়, [যীচুৱে] যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।”—১ যোহন ২:৬.
১, ২. যীচুৰ আৰ্হিক মনোযোগেৰে দৃষ্টি কৰাৰ সৈতে কি সন্মিলিত আছে?
পাঁচনি পৌলে কৈছিল যে, “আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে দৌৰোঁহঁক, আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক।” (ইব্ৰী ১২:১, ২) বিশ্বাসেৰে জীৱন-যাপন কৰাৰ অৰ্থ হৈছে যীচুৰ আৰ্হিক মনোযোগেৰে নিৰীক্ষণ কৰা।
২ গ্ৰীক শাস্ত্ৰ পদবোৰত উল্লেখিত ‘মনোযোগেৰে নিৰীক্ষণ কৰাৰ’ মূল অৰ্থ হৈছে “একাগ্ৰতাৰে কিবা এটা বস্তুলৈ লক্ষ্য কৰা।” আন এক উদ্ধৃতিৰ অনুসাৰে, “যদি এজন গ্ৰীক দৌৰবিদে নিজৰ লক্ষ্যৰ পৰিৱৰ্তে ষ্টেডিয়ামত বহি থকা দৰ্শকবিলাকলৈ দৃষ্টি কৰে, তেন্তে তেওঁৰ দৌৰৰ দ্ৰুততা হ্ৰাস হৈছিল। ঠিক সেইদৰে খ্ৰীষ্টানসকলৰ সৈতেও হʼব পাৰে।” যদি আমি অমনোযোগী হওঁ, তেন্তে আধ্যাত্মিকভাৱে দুৰ্ব্বল হৈ পৰিম। সেইবাবে আমি যীচুৰ আৰ্হিক মনযোগেৰে অনুকৰণ কৰা আৱশ্যক। আমি কি অৰ্থত এই প্ৰধান প্ৰতিনিধিজনৰ আৰ্হিক মনোযোগেৰে দৃষ্টি কৰা উচিত? “প্ৰধান প্ৰতিনিধি” বুলি উল্লেখ কৰা মূল গ্ৰীক ভাষাৰ উক্তিটোৰ অৰ্থ হৈছে “মুখ্য অধিনায়ক, যিজনে যিকোনো কাৰ্য্য কৰাত আগভাগ লয় আৰু সকলোৰে বাবে আৰ্হি ৰাখে।” গতিকে যীচুৰ আৰ্হিক মনোযোগেৰে দৃষ্টি কৰিবলৈ তেওঁক অনুকৰণ কৰা উচিত।
৩, ৪. (ক) আমি যীচুৰ দৰে চলিবলৈ কি কৰা উচিত? (খ) আমি কেনে প্ৰশ্নবোৰ সোধা আৱশ্যক?
৩ বাইবেলে বৰ্ণনা কৰিছে যে, “মই [ঈশ্বৰত] থাকোঁ, এই বুলি যি কোনোৱে কয়, [যীচুৱে] যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।” (১ যোহন ২:৬) গতিকে যীচুৱে নিজৰ পিতৃৰ আজ্ঞা পালন কৰাৰ দৰে আমিও ঈশ্বৰৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থকা উচিত।—যোহন ১৫:১০.
৪ যীচুৰ দৰে চলিবলৈ হʼলে আমি তেওঁক মুখ্য অধিনায়ক হিচাপে মানি অনুকৰণ কৰা উচিত। এই সম্বন্ধে এনে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা আৱশ্যক: বৰ্তমান সময়ত যীচুৱে আমাক কেনেকৈ পৰিচালিত কৰে? তেওঁৰ আৰ্হিক অনুকৰণ কৰি আমি কিদৰে প্ৰভাৱিত হʼব পাৰোঁ? যীচুৰ আৰ্হিক অনুকৰণ কৰি কেনে লাভসমূহ পোৱা যায়?
যীচুৱে তেওঁৰ অনুগামীসকলক কেনেকৈ পৰিচালিত কৰে
৫. যীচুৱে স্বৰ্গাৰোহণ হোৱাৰ পূৰ্বে তেওঁৰ শিষ্যবিলাকক কিহৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল?
৫ লক্ষ্য কৰক যে স্বৰ্গাৰোহণ হোৱাৰ পূৰ্বে যীচুৱে তেওঁৰ শিষ্যবিলাকক এক বিশেষ কাৰ্য্য সম্পন্ন কৰিবলৈ আজ্ঞা দিছিল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য” কৰা। তেওঁলোকক এই কাৰ্য্য সম্পন্ন কৰিবলৈ সেই মুখ্য অধিনায়কজনে কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে প্ৰতিজ্ঞা কৰি এইদৰে কৈছিল: “চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:১৯, ২০) এই ৰীতি-ব্যৱস্থাৰ অন্তিম সময়ত যীচুৱে কেনেকৈ তেওঁৰ শিষ্যবিলাকৰ সঙ্গে সঙ্গে থকা প্ৰমাণ দিছে?
৬, ৭. যীচুৱে আমাক কেনেকৈ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত কৰিছে?
৬ এই সম্বন্ধে যীচুৱে এইদৰে কৈছিল: “পিতৃয়ে মোৰ নামেৰে যি জনক পঠাব, সেই সহায়কৰ্ত্তা, অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই, মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব।” (যোহন ১৪:২৬) যীচুৰ নামেৰে পঠোৱা এই পবিত্ৰ আত্মাই বৰ্তমান সময়ত আমাক নিৰ্দ্দেশনা আৰু উৎসাহ প্ৰদান কৰিছে। ই আমাক আধ্যাত্মিক শিক্ষাদান কৰি “ঈশ্বৰৰ গভীৰ কথাকো” বুজিবলৈ সহায় কৰে। (১ কৰিন্থীয়া ২:১০) তদুপৰি ঈশ্বৰীয় গুণ হৈছে, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব আৰু ইন্দ্ৰিয়-দমন,” এই সকলোবোৰ পবিত্ৰ “আত্মাৰ ফল।” (গালাতীয়া ৫:২২, ২৩) এই ফলবোৰ বিকশিত কৰিবলৈ পবিত্ৰ আত্মাই আমাক সহায় কৰে।
৭ আমি যেনেকৈ শাস্ত্ৰ পদবোৰৰ অধ্যয়ন আৰু সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিম, তেনেকৈ যিহোৱাৰ পবিত্ৰ আত্মাই আমাক সুবুদ্ধি, সুবিবেচনা আৰু জ্ঞানত বৃদ্ধি হʼবলৈ সহায় কৰিব। (হিতোপদেশ ২:১-১১) আনকি এই পবিত্ৰ আত্মাই আমাক ধৈৰ্য্যৰে পৰীক্ষা বা প্ৰলোভনত সফলতাৰে সম্মুখীন হʼবলৈ সহায় আগবঢ়াব। (১ কৰিন্থীয়া ১০:১৩; ২ কৰিন্থীয়া ৪:৭; ফিলিপীয়া ৪:১৩) প্ৰকৃত খ্ৰীষ্টানসকলক “শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ” কৰিবলৈ উৎসাহিত কৰা হৈছে। (২ কৰিন্থীয়া ৭:১) আমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ অবিহনে তেওঁৰ পবিত্ৰ বা শুদ্ধতাৰ সম্বন্ধে থকা আৱশ্যকতাসমূহক পূৰ্ণ কৰিব পাৰিমনে? ইয়াৰ এটা কাৰণ হৈছে, বৰ্তমান সময়ত যীচুৱে আমাক এই পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত কৰিছে, সেই অধিকাৰ ঈশ্বৰে কেৱল তেওঁকহে প্ৰদান কৰিছে।—মথি ২৮:১৮.
৮, ৯. যীচুৱে কেনেকৈ ‘বিশ্বাসী বুদ্ধিমান দাসক’ ব্যৱহাৰ কৰি পৰিচালক হোৱাৰ ভূমিকা আদায় কৰিছে?
৮ আন এটা কাৰণ বিবেচনা কৰক, যʼত যীচুৱে বৰ্তমান সময়ত মণ্ডলীবোৰক পৰিচালিত কৰিছে। যীচুৱে নিজৰ আগমণ আৰু এই জগতৰ সমাপ্তিৰ বিষয়ে উদ্দেশ্য কৰি এইদৰে কৈছিল: “দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভুৱে অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।”—মথি ২৪:৩, ৪৫-৪৭.
৯ সেই “গৰাকী” জন হৈছে যীচু আৰু এই পৃথিৱীত থকা অভিষিক্ত বৰ্গক “দাস” হিচাপে সম্বোধিত কৰিছে। এই দাস বৰ্গক যীচুৰ পাৰ্থিৱ বিষয়বোৰক চোৱা-চিতা আৰু সময়মতে আধ্যাত্মিক আহাৰ প্ৰদান কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছে। এই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ মাজৰ পৰা এক সৰু সমূহ গঠন কৰা হৈছে, যাক প্ৰশাসন গোষ্ঠী হিচাপে জনা যায়। তদুপৰি তেওঁলোকে ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ প্ৰতিনিধি হৈ কাৰ্য্য কৰিছে। তেওঁলোকে বিশ্বজুৰি হোৱা প্ৰচাৰ কাৰ্য্যক পৰিচালিত কৰিছে আৰু সময়মতে আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে। এইদৰে যীচুৱে এই অভিষিক্ত ‘বিশ্বাসী বুদ্ধিমান দাস’ আৰু ইয়াৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা মণ্ডলীক পৰিচালিত কৰিছে।
১০. আমি প্ৰাচীনসকলৰ প্ৰতি কেনে মনোবৃত্তি ৰাখা উচিত আৰু কিয়?
১০ ইয়াৰ উপৰিও মণ্ডলীত ‘মনুষ্যত উপহাৰ’ হিচাপে থকা অধ্যক্ষ বা প্ৰাচীনসকলৰ দ্বাৰা যীচুৱে পৰিচালিত কৰাৰ প্ৰমাণ দিছে। কিয়নো এই ব্যক্তিসকলক “পৰিচৰ্য্যা-কৰ্ম্ম সাধন কৰিবলৈ, আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ, পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে” দায়িত্ব দিয়া হৈছে। (ইফিচীয়া ৪:৮, ১১, ১২) তেওঁলোকৰ বিষয়ে উদ্দেশ্য কৰি ইব্ৰী ১৩:৭ পদত এইদৰে কৈছে: “তোমালোকৰ যি নায়কসকলে তোমালোকক ঈশ্বৰৰ বাক্য কৈ গল, তেওঁবিলাকক সোঁৱৰা; আৰু তেওঁবিলাকৰ আচৰণৰ শেষগতি চাই চিন্তি, তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা।” যিহেতু প্ৰাচীনসকল খ্ৰীষ্টৰ অনুকাৰী হোৱাৰ বাবে মণ্ডীলৰ পৰিচালনা কাৰ্য্যত আগভাগ লয়। (১ কৰিন্থীয়া ১১:১) গতিকে আমি ‘মনুষ্যত উপহাৰ’ এই প্ৰাচীনসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু আজ্ঞাকাৰী হৈ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত।—ইব্ৰী ১৩:১৭.
১১. বৰ্তমান সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক কেনেকৈ পৰিচালিত কৰিছে আৰু তেওঁৰ দৰে চলাত কি সন্মিলিত আছে?
১১ বৰ্তমান সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক পবিত্ৰ আত্মা, ‘বিশ্বাসী বুদ্ধিমান দাস’ আৰু মণ্ডলীৰ প্ৰাচীনসকলৰ দ্বাৰা পৰিচালিত কৰিছে। গতিকে আমি যীচুৰ অনুকাৰী হোৱাৰ অৰ্থ হৈছে তেওঁ পৰিচালিত কৰা পদ্ধতিক বুজি পোৱা আৰু সেই অনুসাৰে চলা। তদুপৰি তেওঁ ৰাখা আৰ্হিৰ সামঞ্জস্যত চলাও সন্মিলিত আছে। সেইবাবে পাঁচনি পৌলে এইদৰে কʼব পাৰিলে: “তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) যীচুৰ উত্তম আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি কেনেকৈ প্ৰভাৱিত হোৱা উচিত?
ভাৰসাম্যতাৰে অধিকাৰ চলোৱা
১২. মণ্ডলীত থকা প্ৰাচীনসকলে কেনে এক ক্ষেত্ৰত যীচুৰ আৰ্হিক আনুকৰণ কৰিবলৈ তৎপৰ হোৱা উচিত?
১২ যদিও যীচুৰ ওচৰত অনেক অধিকাৰ আছিল, তথাপিও তেওঁ সেইবোৰৰ দুৰ্ব্যৱহাৰ কৰা নাছিল। গতিকে মণ্ডলীৰ প্ৰাচীনসকলে “সকলো মানুহৰ আগত বিদিত” হোৱা উচিত। (ফিলিপীয়া ৪:৫; ১ তীমথিয় ৩:২, ৩) যিহেতু মণ্ডলীত কিছু পৰিমাণে অধিকাৰ থকাৰ বাবে প্ৰাচীনসকলে যীচুৰ অনুকাৰী হোৱাটো অতি আৱশ্যক।
১৩, ১৪. প্ৰাচীনসকলে সঙ্গী ভাই-ভনীসকলক উৎসাহিত কৰাৰ সময়ত কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?
১৩ যীচুৱে সদায়ে শিষ্যবিলাকৰ দুৰ্ব্বলতাৰ বিষয়ে মনত ৰাখি তেওঁলোকৰ সৈতে আচৰণ কৰিছিল। তেওঁ কেতিয়াও তেওঁলোকৰ শক্তিৰ বাহুল্যৰ বাহিৰত কাৰ্য্য কৰাটো অপেক্ষা কৰা নাছিল। (যোহন ১৬:১২) তেওঁ শিষ্যবিলাকক কোনো ধৰণৰ হেঁচা নিদিয়াকৈ প্ৰাণপণে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ উৎসাহিত কৰিছিল। (লূক ১৩:২৪) সেই সম্বন্ধে তেওঁ স্বয়ং আগভাগ লোৱাৰ প্ৰমাণ দিছিল। ঠিক সেইদৰে বৰ্তমান খ্ৰীষ্টান প্ৰাচীনসকলে আনক ডাবি-ধমকি দি বা তেওঁলোকৰ ভুলৰ বিষয়ে দাঙি ধৰি ঈশ্বৰৰ সেৱা কৰোৱালৈ চেষ্টা নকৰে। বৰঞ্চ, তেওঁলোকক যিহোৱা আৰু যীচুৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে সোঁৱৰাই উৎসাহিত কৰে। তদুপৰি সঙ্গী ভাই-ভনীসকলৰ প্ৰতি থকা দায়িত্বৰ বিষয়েও সোঁৱৰায় দিয়ে।—মথি ২২:৩৭-৩৯.
১৪ যীচুৱে নিজৰ অধিকাৰৰ দুৰ্ব্যৱহাৰ কৰি লোকসকলৰ জীৱন কেতিয়াও নিয়ন্ত্ৰণ কৰা নাছিল। তেওঁ তেওঁলোকক কেতিয়াও অসংখ্য নিয়ম বা কঠিন স্তৰবোৰ পালন কৰিবলৈ কোৱা নাছিল। তেওঁ লোকসকলক মোচিৰ ব্যৱস্থাৰ মূলত থকা সিদ্ধান্তসমূহ পালন কৰাৰ উদ্দেশ্যৰে প্ৰেৰিত কৰিছিল। (মথি ৫:২৭, ২৮) ঠিক সেইদৰে প্ৰাচীনসকলে যীচুক অনুকৰণ কৰি ব্যক্তিগত বিচাৰধাৰা বা নিয়মবোৰ পালন কৰিবলৈ সঙ্গী ভাই-ভনীসকলৰ ওপৰত হেঁচা নিদিয়ে। উদাহৰণস্বৰূপে, সাজ-পোচাক পৰিধান বা মনোৰঞ্জন কৰাৰ সম্বন্ধে তেওঁলোকে মীখা ৬:৮; ১ কৰিন্থীয়া ১০:৩১-৩৩; ১ তীমথিয় ২:৯, ১০ পদত থকা ঈশ্বৰীয় সিদ্ধান্তসমূহৰ অনুসাৰে কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে।
সহানুভূতি আৰু ক্ষমাশীল হওক
১৫. যীচুৱে নিজৰ শিষ্যবিলাকৰ দুৰ্ব্বলতাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
১৫ লোকসকলৰ সৈতে আমি কেনে ধৰণে আচৰণ কৰা উচিত, সেই বিষয়ে যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। সেই সম্পৰ্কে পৃথিৱীত অতিবাহিত কৰা যীচুৰ মানৱ জীৱনৰ শেষ নিশাত ঘটা দুটা ঘটনাৰ বিষয়ে বিবেচনা কৰক। গেৎচিমানী নামৰ এখন ঠাই পোৱাৰ পিছত তেওঁ “পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে” আৰু তেওঁলোকক “পৰ দি” থাকিবলৈ কʼলে। তাৰ পিছত “তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি” প্ৰাৰ্থনা কৰিব ধৰিল। কিন্তু ঘূৰি আহি তেওঁ “তেওঁলোকক টোপনি যোৱা দেখিলে।” এনে দেখি যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? তেওঁলোকক গালি-শপনি দিয়াৰ পৰিৱৰ্তে তেওঁ সহানুভূতিশীল হৈ এইদৰে কৈছিল: “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মাৰ্ক ১৪:৩২-৩৮) সেই একেই নিশা পিতৰে যীচুক তিনিবাৰ অস্বীকাৰ কৰিছিল। (মাৰ্ক ১৪:৬৬-৭২) পিছলৈ যীচুৱে পিতৰৰ সৈতে কেনে আচৰণ কৰিছিল? সেই বিষয়ে বৃতান্তই এইদৰে কৈছে: “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক [পিতৰক] দেখা পালে।” (লূক ২৪:৩৪) তদুপৰি “তেওঁ কৈফাক দেখা দিলে; পাছে সেই বাৰ জনক।” (১ কৰিন্থীয়া ১৫:৫) যীচুৱে মনপালটন কৰা পিতৰৰ ওপৰত ক্ৰোধিত হোৱাৰ পৰিৱৰ্তে তেওঁক সাহসী কৰি তুলিলে। ইয়াৰ উপৰিও তেওঁক অনেক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰিলে।—পাঁচনিৰ কৰ্ম্ম ২:১৪; ৮:১৪-১৭; ১০:৪৪, ৪৫.
১৬. যদি কেতিয়াবা সঙ্গী ভাই-ভনীসকলে আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰে, তেন্তে আমি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ?
১৬ যদি সঙ্গী ভাই-ভনীসকলে কেতিয়াবা আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰে, তেন্তে আমি যীচুৰ দৰে সহানুভূতিশীল হোৱাটো উচিত নহʼবনে? এই বিষয়ে পিতৰে সঙ্গী ভাই-ভনীসকলক উৎসাহিত কৰি এইদৰে কৈছিল: “তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা; অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা; কিয়নো আশীৰ্ব্বাদৰ অধিকাৰী হবৰ কাৰণেই তোমালোক আমন্ত্ৰিত হলা।” (১ পিতৰ ৩:৮, ৯) তথাপিও যদি সঙ্গী ভাই বা ভনীয়ে আমাৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখিবলৈ বিফল হয়, তেন্তে কি কৰিব পাৰি? তেনে পৰিস্থিতিটো আমি যীচুক অনুকৰণ কৰাটো উচিত হʼব।—১ যোহন ৩:১৬.
ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া
১৭. কিহে দেখুৱাইছে যে যীচুৱে নিজৰ জীৱনত ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান দিছিল?
১৭ ইয়াৰ উপৰিও আমি অন্য এক ক্ষেত্ৰত যীচুক অনুকৰণ কৰিব পাৰোঁ। লক্ষ্য কৰক যে যীচুৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা। তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰত এগৰাকী চমৰীয়া তিৰোতাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাৰ পিছত শিষ্যবিলাকক এইদৰে কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” (যোহন ৪:৩৪) পিতৃৰ ইচ্ছা পূৰ কৰাৰ দ্বাৰা যীচুৰ মনোবল দৃঢ় হৈছিল আৰু ই যেন তেওঁৰ বাবে আহাৰ গ্ৰহণ কৰি তৃপ্ত আৰু সতেজ হোৱাৰ দৰে আছিল। এই ক্ষেত্ৰত আমি যীচুক অনুকৰণ কৰি এক অৰ্থপূৰ্ণ আৰু সন্তুষপ্ৰদ জীৱন-যাপন কৰাটো সকলোতকৈ উত্তম বিষয় নহʼবনে?
১৮. লʼৰা-ছোৱালীবিলাকক পূৰ্ণ-সময়ৰ সেৱক হʼবলৈ উৎসাহিত কৰি কেনে আশীৰ্ব্বাদ পোৱা যায়?
১৮ যেতিয়া পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক পূৰ্ণ সময়ৰ সেৱাত ভাগ লʼবলৈ উৎসাহিত কৰে, তেতিয়া লʼৰা-ছোৱালীৰ সৈতে তেওঁলোকে স্বয়ং ঈশ্বৰৰ বহুতো আশীৰ্ব্বাদ লাভ কৰাৰ অভিজ্ঞতা হয়। উদাহৰণস্বৰূপে, এজন পিতৃয়ে তেওঁৰ দুটি যঁজা পুতেকক সৰু কালৰে পৰা অগ্ৰগামী সেৱাত ভাগ লʼবলৈ উৎসাহিত কৰিছিল। তেওঁলোকে স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত অগ্ৰগামী সেৱাত ভাগ লʼলে। সেই বিষয়ে পিতৃজনে কেনে অনুভৱ কৰিছে বুলি সোধাত তেওঁ এইদৰে কৈছিল: “আমাৰ লʼৰাবোৰে আমাক নিৰুৎসাহিত কৰা নাই। এতিয়া আমি গৌৰৱেৰে কʼব পাৰোঁ যে, ‘সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য।’” (গীত ১২৭:৩) পূৰ্ণ-সময়ৰ সেৱাত ভাগ লৈ লʼৰা-ছোৱালীবিলাকে কেনেকৈ লাভৱান হʼব পাৰে? এই বিষয়ে পাঁচটা লʼৰা-ছোৱালী থকা এগৰাকী মাতৃয়ে এইদৰে কৈছে: “অগ্ৰগামী সেৱা কাৰ্য্যই মোৰ পাঁচোটা লʼৰা-ছোৱালীক যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলা, উন্নতিশীল বাইবেল অধ্যয়ন, উচিতমতে সময় অতিবাহিত আৰু আধ্যাত্মিক বিষয়বোৰক জীৱনত প্ৰথম স্থান দিবলৈ সহায় কৰিলে। যদিও তেওঁলোকৰ জীৱনত ভালেমান সাল-সলনি কৰিবলগীয়া হʼল, তথাপিও তেওঁলোকে তেনে বাছনি কৰি অনুতাপ কৰা নাই।”
১৯. ভৱিষ্যতৰ বাবে যুৱক-যুৱতীসকলে কেনে আঁচনি বনোৱাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা আৱশ্যক?
১৯ যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে কি আঁচনি বনাইছে? আপোনালোকে বৃত্তিৰ ক্ষেত্ৰত কেনেকৈ পাৰ্গত হʼব পাৰি, সেই বিষয়ে ভাবিছেনে? বা পূৰ্ণ-সময়ৰ সেৱাক কৰ্মজীৱন হিচাপে লোৱাৰ বিষয়ে চিন্তা কৰিছেনে? এই সম্বন্ধে পাঁচনি পৌলে কৈছে যে, “কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ। এই হেতুকে তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা।”—ইফিচীয়া ৫:১৫-১৭.
নিষ্ঠাৱান হওক
২০, ২১. যীচুৱে কি অৰ্থত নিষ্ঠাৱান হোৱা প্ৰমাণ দিলে আৰু আমি কেনেকৈ তেওঁৰ এই গুণটোক অনুকৰণ কৰিব পাৰোঁ?
২০ যীচুক অনুকৰণ কৰাৰ সৈতে নিষ্ঠাৱান হোৱাও সন্মিলিত আছে। বাইবেলে তেওঁ দেখুউৱা নিষ্ঠাৰ বিষয়ে এইদৰে কৈছে: “তেওঁ ঈশ্বৰৰূপী থাকোঁতে, ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে; কিন্তু নিজকে শূন্য কৰি, দাসৰ ৰূপ ধাৰণ কৰি, মানুহৰ নিচিনা হল; আৰু আকাৰ-প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি, মৃত্যুলৈকে, এনে কি, ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হল।” যীচুৱে ঈশ্বৰৰ আজ্ঞাধীন হৈ তেওঁৰ সাৰ্বভৌমত্বক নিষ্ঠাৰে সমৰ্থন কৰিলে। তেওঁ মৃত্যু পৰ্য্যন্ত আজ্ঞাকাৰী হৈ থাকিল। ঠিক সেইদৰে আমিও তেনে ‘মনোভাব’ আৰু নিষ্ঠাৰে যিহোৱাৰ ইচ্ছা পূৰ্ণ কৰা উচিত।—ফিলিপীয়া ২:৫-৮.
২১ যীচুৱে তেওঁৰ শিষ্যবিলাকৰ প্ৰতিও নিষ্ঠা দেখুৱালে। তেওঁলোকত থকা দুৰ্ব্বলতাবোৰৰ স্বত্বেও যীচুৱে তেওঁবিলাকক “শেষলৈকে প্ৰেম কৰিলে।” (যোহন ১৩:১) একেইদৰে আমিও আমাৰ ভাই-ভনীসকলত থকা দুৰ্ব্বলতাৰ বাবে নিন্দাত্মক মনোবৃত্তি দেখুউৱা উচিত নহয়।
যীচুৰ আৰ্হিক নিৰন্তৰে অনুকৰণ কৰক
২২, ২৩. যীচুৰ আৰ্হিক নিৰন্তৰে অনুকৰণ কৰি কেনে লাভসমূহ পোৱা যায়?
২২ এইটো সঁচা যে আমি অসিদ্ধ মানৱ হোৱা হেতুকে হুবহু যীচুৰ আৰ্হিক অনুকৰণ কৰিব নোৱাৰোঁ। তথাপিও আমি তেওঁক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ প্ৰচেষ্টা কৰা উচিত। তেনে কৰিবলৈ আমি যীচুৰ অধীন, তেওঁ পৰিচালিত কৰা পদ্ধতিক বুজি পোৱা আৰু তেওঁৰ আৰ্হিক অনুকৰণ কৰা প্ৰয়োজন।
২৩ আমি যীচুৰ অনুকাৰী হৈ বহুতো প্ৰকাৰে লাভৱান হʼব পাৰোঁ। উদাহৰণস্বৰূপে, নিজতকৈ অধিক যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিয়াৰ বাবে আমাৰ জীৱন সন্তুষপ্ৰদ আৰু অৰ্থপূৰ্ণ হৈ পৰে। (যোহন ৫:৩০; ৬:৩৮) আমি এক উত্তম বিবেক বিকশিত কৰিব পাৰোঁ। আমাৰ আচাৰ-ব্যৱহাৰ আৰ্হিস্বৰূপ হৈ পৰে। এই হেতুকে যীচুৱে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকলক জিৰণি পাবলৈ আমন্ত্ৰণ কৰিছিল। (মথি ১১:২৮-৩০) আমি যেতিয়া যীচুৰ আৰ্হিক অনুকৰণ কৰোঁ, তেতিয়া আনেও আমাৰ দ্বাৰা সতেজ হোৱা অনুভৱ কৰিব। এতেকে আঁহক আমি নিৰন্তৰে যীচুৰ আৰ্হিক অনুকৰণ কৰি থাকোঁহঁক। (w05 9/15)
আপোনাৰ মনত আছেনে?
• বৰ্তমান যীচুৱে তেওঁৰ শিষ্যবিলাকক কেনেকৈ পৰিচালিত কৰিছে?
• ঈশ্বৰৰ পৰা পোৱা অধিকাৰৰ সম্বন্ধে খ্ৰীষ্টান প্ৰাচীনসকলে কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিছে?
• আমি কেনেকৈ আনৰ দুৰ্ব্বলতা আৰু ত্ৰুটিৰ সম্বন্ধে যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?
• যুৱক-যুৱতীসকলে কেনেকৈ ৰাজ্যৰ হিতক প্ৰথম স্থান দিব পাৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৮ পৃষ্ঠাৰ ছবিসমূহ]
যুৱক-যুৱতীসকল, আপোনালোকে নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰিবলৈ কেনে আঁচনি বনাইছে?