চিহ্নবোৰৰ অৰ্থ বুজি পোৱাটো এক অতি গম্ভীৰ বিষয়!
চিহ্নবোৰৰ অৰ্থ বুজি পোৱাটো এক অতি গম্ভীৰ বিষয়!
“প্ৰথম অৱস্থাত মই ভাবিছিলোঁ যে আমাৰ পুত্ৰ আন্দ্ৰিয়াচৰ কেৱল মূৰ কামোৰণি হৈছিল। কিন্তু তাৰ পিছত তেওঁৰ খাবলৈ মন নোযোৱা হʼল আৰু অতিপাত জ্বৰ আৰম্ভ হয়। মূৰ কামোৰণি অধিককৈ বৃদ্ধি পোৱাৰ বাবে মই চিন্তিত হৈ পৰিলোঁ। মোৰ স্বামী চাকৰিৰ পৰা অহাৰ পাছত আন্দ্ৰিয়াচক আমি ডক্টৰৰ ওচৰলৈ লৈ গলোঁ। তাত ডক্টৰে ৰোগৰ লক্ষণবোৰ পৰীক্ষা কৰি আন্দ্ৰিয়াচক অনতিপলমে চিকিৎসালয়লৈ পঠিয়ালে। সাধাৰণ যেন লগা আন্দ্ৰিয়াচৰ মূৰ কামোৰণিৰ কাৰণটো অতি গুৰুত্বজনক আছিল। আচলতে তেওঁ মেনিন্যাইটিচ্ ৰোগত ভুগিছিল। তেওঁক চিকিৎসা কৰা হʼল আৰু অতি শীঘ্ৰেই আৰোগ্য হৈ পৰে।”—গেৰট্ৰোড্, জাৰ্মানীত বাস কৰা এগৰাকী মাতৃ।
গেৰট্ৰোড্ৰ দৰে সম্ভৱতঃ বহুতো পিতৃ-মাতৃৰ একেই অভিজ্ঞতা আছে। তেওঁলোকে ৰোগৰ চিহ্নবোৰ লক্ষ্য কৰি তেওঁলোকৰ সন্তান সম্ভৱতঃ অসুস্থ বুলি জানিব পাৰে। সকলো ৰোগ যদিও গুৰুত্বৰ নহয়, তথাপিও পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক লক্ষ্য কৰিব পৰা ৰোগৰ চিহ্ন বা লক্ষণবোৰৰ প্ৰতি আওকাণ নকৰে। চিহ্নবোৰ লক্ষ্য কৰি তেওঁলোকে উপযুক্ত কাৰ্য্য কৰে, যাৰ বাবে বৈশিষ্ট্যপূৰ্ণ প্ৰভাৱ পৰিব পাৰে। দৰাচলতে, তেনে কৰাটো এক গুৰুত্বপূৰ্ণ।
স্বাস্থ্যৰ বাহিৰেও আনবোৰ দিশত দেখিবলৈ পোৱা চিহ্নবোৰক গুৰুত্ব দিয়া উচিত। উদাহৰণস্বৰূপে, ২০০৪ চনৰ ডিচেম্বৰ মাহত ভাৰত মহাসাগৰে আগুৰি থকা অঞ্চলবোৰ চুনামীৰ দ্বাৰা বিধ্বস্ত হোৱাৰ বিষয়ে বিবেচনা কৰক। অষ্ট্ৰেলিয়া আৰু হাৱাই দেশবোৰে উত্তৰ চুমাট্ৰা দ্বীপপুঞ্জত এক বৃহৎ ভূমিকম্প আৰু তাৰ ফলত হোৱা বিপদবোৰৰ পূৰ্বানুমান পাইছিল। কিন্তু বিপদপন্ন অঞ্চলবোৰে তেনে বিপদৰ বিষয়ে সতৰ্ক হʼবলৈ বা কৰিবলৈ তেনে কোনো উপায় নাছিল। ফলস্বৰূপে, ২,২০,০০০ জন লোকে নিজৰ প্ৰাণ হেৰুৱায়।
আহিবলগীয়া অধিক গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ চিহ্নবোৰ
যীচু খ্ৰীষ্টই পৃথিৱীত থাকোঁতে শ্ৰোতাসকলক চিহ্নবোৰক নিৰীক্ষণ কৰি, সেই অনুসাৰে কাৰ্য্য কৰিবলৈ শিক্ষাদান কৰিছিল। তেওঁ তেওঁলোকক অতি গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয়ে কৈছিল। যাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “ফৰীচী আৰু চদ্দূকীবিলাকে ওচৰলৈ আহি, তেওঁক পৰীক্ষা কৰি, আকাশৰ পৰা কোনো এটা চিন তেওঁবিলাকক দেখুৱাবলৈ নিবেদন কৰিলে। কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক কলে, সন্ধ্যা পৰত, তোমালোকে কোৱা, মথি ১৬:১-৩.
বতৰ ভাল; কিয়নো আকাশ ৰঙা হৈছে। আৰু ৰাতিপুৱা কোৱা, আজি বতৰ বেয়া; কিয়নো আকাশ ৰঙা হৈছে, আৰু মেঘাইছেও। তোমালোকে আকাশৰ ৰূপ প্ৰভেদ কৰিব জানা, কিন্তু কালৰ চিন নোৱাৰা।”—যীচুৱে ‘কালৰ চিনবোৰৰ’ বিষয়ে উল্লেখ কৰি নিৰ্দ্দেশিত কৰিছিল যে প্ৰথম শতিকাৰ ইহুদী শ্ৰোতাসকলে তেওঁলোকে বাস কৰা সময়ৰ গুৰুত্বতা বুজি পোৱা উচিত আছিল। কিয়নো সেই সময়ৰ ইহুদী ৰীতি-ব্যৱস্থা ধ্বংস হʼবলগীয়া আছিল আৰু যাৰ বাবে তেওঁলোকৰ সকলোৱে প্ৰভাৱিত হʼব। যীচুৱে নিজৰ মৃত্যুৰ কিছুদিনৰ পূৰ্বে তেওঁৰ শিষ্যসকলক আন এক চিহ্ন অৰ্থাৎ তেওঁৰ পুনৰাগমনৰ চিহ্নৰ বিষয়ে জনাইছিল। সেই সময়ত যীচুৱে যি কৈছিল, সেয়া বৰ্তমান সময়ত আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। (w05 10/1)