Skip to content

Skip to table of contents

পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে কেনে ভৱিষ্যত হোৱাটো বিচাৰে?

পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে কেনে ভৱিষ্যত হোৱাটো বিচাৰে?

পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে কেনে ভৱিষ্যত হোৱাটো বিচাৰে?

“হে যুবা আৰু যুৱতীবিলাক, . . . যিহোৱাৰ প্ৰশংসা কৰা।”—গীত ১৪৮:১২, ১৩.

১. পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ বাবে কেনে চিন্তা কৰে?

 এনে পিতৃ-মাতৃ আছেনে, যিসকলে নিজৰ লʼৰা-ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি কোনো চিন্তা নকৰে? লক্ষ্য কৰি জানিব পৰা গৈছে যে পিতৃ-মাতৃসকলে শিশু বা জন্ম হোৱাৰ পূৰ্বেই নিজৰ সন্তানৰ উত্তমতাৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে, সন্তানটি স্বাস্থ্যৱান বা স্বাভাৱিকভাৱে জন্ম হʼবনে? ডাঙৰ হোৱাৰ লগে লগে লʼৰা-ছোৱলীবিলাকৰ অতিৰিক্ত আৱশ্যকতাবোৰো বাঢ়ি আহে। যিয়েই নহওঁক, সকলো পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ উত্তম ভৱিষ্যতৰ বাবে চিন্তা কৰে।—১ চমূৱেল ১:১১, ২৭, ২৮; গীত ১২৭:৩-৫.

২. বৰ্তমান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ বাবে আৰামদায়ক আৰু সা-সুবিধা প্ৰদান কৰিবলৈ কিয় বাধ্যবদ্ধকতা অনুভৱ কৰিছে?

বৰ্তমান সময়ত পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক উত্তম শিক্ষা প্ৰদান কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বহুতো পিতৃ-মাতৃয়ে আৰ্থিক, শাৰীৰিক, মানসিক সমস্যা, ৰাজনৈতিক বিশৃংঙ্খলতা আৰু যুদ্ধৰ ফলত হোৱা অৰাজকতাৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছে। তথাপিও তেওঁলোকৰ লʼৰা-ছোৱালীয়ে তেনে পৰিস্থিতিসমূহৰ সম্মুখীন হোৱাটো কেতিয়াও নিবিচাৰে। কিছুমান উন্নতিশীল দেশত লʼৰা-ছোৱালীৰ বন্ধু-বান্ধৱ আৰু সা-সম্বন্ধীয়া লোকে উত্তম দৰমহাৰ চাকৰি কৰি আনন্দেৰে জীৱন-নিৰ্বাহ কৰা দেখি, পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীকো তেনে আৰামদায়ক জীৱন আৰু সা-সুবিধা প্ৰদান কৰিবলৈ বাধ্যবদ্ধকতা অনুভৱ কৰিছে।—উপদেশক ৩:১৩.

এক উত্তম জীৱন-যাপন বাছনি কৰা

৩. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে বাছনি কৰে?

প্ৰকৃত খ্ৰীষ্টানসকলে যীচুক অনুকৰণ কৰাৰ বাবে নিজকে যিহোৱালৈ সমৰ্পিত কৰিছে। তেওঁলোকে যীচুৰ এই বাক্যবোৰক আন্তৰিকতাৰে পালন কৰে: “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে নিজে দমন কৰক, আৰু দিনে দিনে নিজৰ [যাতনা স্তম্ভ, NW] তুলি লৈ মোৰ পাছে পাছে আহক।” (লূক ৯:২৩; ১৪:২৭) নিঃসন্দেহ, এজন খ্ৰীষ্টান ব্যক্তিৰ জীৱনটো হৈছে আত্মত্যাগী জীৱন। কিন্তু ইয়াৰ অৰ্থ দৰিদ্ৰ আৰু দুখ-কষ্টৰ মাজত জীৱন অতিবাহিত কৰাটো বুজোৱা নাই। ইয়াৰ বিপৰীতে, আনন্দ আৰু আত্মসন্তুষ্টিৰে জীৱন অতিবাহিত কৰাক বুজাইছে। কিয়নো তেনে জীৱনৰ সৈতে দান কৰা সন্মিলিত আছে, যাৰ বিষয়ে যীচুৱে কৈছিল যে, “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

৪. যীচুৱে তেওঁৰ শিষ্যবিলাকক কি কৰিবলৈ উৎসাহিত কৰিছিল?

যীচুৰ সময়ত থকা লোকসকলে অত্যধিক দুখ-কষ্টৰ মাজেৰে জীৱন-যাপন কৰিছিল। তদুপৰি ৰোমান দাসত্বৰ অধীনত কঠোৰ নিয়মত থকাৰ উপৰিও, ইহুদী ধৰ্ম্মগুৰুসকলে বান্ধি দিয়া ৰীতি-নীতিবোৰৰ বোজা সহন কৰিবলগীয়া হৈছিল। (মথি ২৩:২-৪) তথাপিও তেওঁলোকৰ কিছুমানে ব্যক্তিগত স্বাৰ্থ আৰু নিজৰ জীৱিকা ত্যাগ কৰি যীচুৰ শিষ্য হʼবলৈ আগবাঢ়ি আহিল। (মথি ৪:১৮-২২; ৯:৯; কলচীয়া ৪:১৪) যীচুৰ শিষ্যবিলাকে তেনে কৰি নিজৰ ভৱিষ্যত জীৱন বিপদত পেলোৱা নাছিল নে? সেই বিষয়ে যীচুৱে কি কৈছিল, লক্ষ্য কৰক। তেওঁ এইদৰে কৈছিল: “যি কোনোৱে ঘৰ, বা ভাই-ভনী, বা পিতৃ-মাতৃ, বা সন্তান, বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে, তেওঁ এশ গুণকৈ লাভ পাব, আৰু অনন্ত জীৱনৰ অধিকাৰী হব।” (মথি ১৯:২৯) যীচুৱে তেওঁলোকক আশ্বাস দি কৈছিল যে স্বৰ্গীয় পিতৃয়ে তেওঁলোকৰ আৱশ্যকতাৰ বিষয়ে জানে। সেইবাবে তেওঁ তেওঁলোকক উৎসাহিত কৰি এইদৰে কৈছিল: “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।”—মথি ৬:৩১-৩৩.

৫. ঈশ্বৰে নিজৰ দাসবিলাকৰ চোৱা-চিতা কৰে বুলি কোৱা যীচুৰ আশ্বাসজনক বাক্যৰ প্ৰতি কিছুমান পিতৃ-মাতৃয়ে কেনে মনোবৃত্তি ৰাখে?

বৰ্তমান সময়তো তেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়। যিহোৱাই আমাৰ আৱশ্যকতা কি, সেই বিষয়ে ভালদৰে জানে। গতিকে যিসকলে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিছে অৰ্থাৎ পূৰ্ণ সময়ৰ সেৱক হিচাপে কাৰ্য্য কৰিছে, তেওঁ তেওঁলোকক চোৱা-চিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। (মলাখী ৩:৬, ১৬; ১ পিতৰ ৫:৭) তথাপিও এই ক্ষেত্ৰত কিছুমান পিতৃ-মাতৃয়ে অনিশ্চয়তা মনোবৃত্তি ৰাখে। তেওঁলোকে যদিও নিজৰ লʼৰা-ছোৱালীৰ আধ্যাত্মিক উন্নতিৰ বিষয়ে চিন্তা কৰে, তথাপিও জগতৰ আৰ্থিক আৰু নিবনুৱা সমস্যা দেখি ভৱিষ্যতে কোনো বিপদৰ সম্মুখীন নহʼবলৈ লʼৰা-ছোৱালীক উত্তম শিক্ষা প্ৰদান কৰাটো আৱশ্যক বুলি ভাবে। তেনে পিতৃ-মাতৃসকলৰ বাবে উত্তম শিক্ষাৰ অৰ্থ হৈছে উচ্চ শিক্ষা।

ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱা

৬. এই লেখটোত কি অৰ্থত “উচ্চ শিক্ষা” উক্তিটো ব্যৱহাৰ কৰা হৈছে?

বিভিন্ন দেশৰ অনুযায়ী শিক্ষা ব্যৱস্থাও ভিন্ন হয়। উদাহৰণস্বৰূপে, সংযুক্ত ৰাষ্ট্ৰৰ সাৰ্বজনিক স্কুলবোৰত ১০ বা ১২ বছৰে প্ৰাথমিক শিক্ষা দিয়া হয়। তাৰ পিছত শিক্ষাৰ্থীসকলে তিনি বা তাতকৈ অধিক বছৰ বিশ্ববিদ্যালয়ত পঢ়ি আইন, চিকিৎসা শাস্ত্ৰ আৰু অভিযান্ত্ৰিকত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লʼবলৈ বাছনি কৰিব পাৰে। তেনেদৰে গ্ৰহণ কৰা শিক্ষাক “উচ্চ শিক্ষা” বুলি এই লেখটোত উল্লেখ কৰিছে। আনহাতে, কাৰিকৰী আৰু ব্যৱসায়িক স্কুলবোৰত সংক্ষিপ্ত পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰা হয়, যাৰ বিনিময়ত কোনো বৃত্তি বা কাৰ্য্যৰ বাবে চাৰ্টিফিকেট বা ডিপ্লʼমা পাব পাৰে।

৭. উচ্চ মাধ্যমিক বিদ্যালয়বোৰত বিদ্যাৰ্থীসকলে কেনে ধৰণৰ হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছে?

বৰ্তমান সময়ত উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষাৰ বাবে বিদ্যাৰ্থীসকলক সাজু কৰা। সেইবাবে অধিকাংশ উচ্চ মাধ্যমিক বিদ্যালয়বোৰে চাকৰি বা কোনো বৃত্তিৰ বাবে বিদ্যাৰ্থীসকলক সাজু কৰাৰ পৰিৱৰ্তে একাডেমীক বিষয়বোৰত অধিক মনোযোগ দিয়ে যাতে বিশ্ববিদ্যালয়ৰ প্ৰবেশিকা পৰীক্ষাত বিদ্যাৰ্থীসকলে ভাল নম্বৰ আনিব পাৰে। সেয়েহে আজি উচ্চ মাধ্যমিক বিদ্যালয়বোৰত পঢ়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষক, পৰামৰ্শদাতা আৰু লগৰীয়াসকলৰ দ্বাৰা অনেক হেঁচাৰ সম্মুখীন হৈছে, যাতে নামজ্বলা বিশ্ববিদ্যালয়বোৰত ভৰ্ত্তি হʼব পাৰে। তদুপৰি সেই বিশ্ববিদ্যালয়বোৰৰ পৰা লাভ কৰা ডিগ্ৰীৰ বিনিময়ত তেওঁলোকে সহজে উত্তম বেতনৰ চাকৰি পোৱাৰ সুযোগ মুকলি হʼব বুলি আশা কৰে।

৮. খ্ৰীষ্টান পিতৃ-মাতৃসকলে কেনে ধৰণৰ বাছনি কৰাৰ প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হৈছে?

খ্ৰীষ্টান পিতৃ-মাতৃসকলে কি কৰা উচিত? অৱশ্যেই তেওঁলোকে নিজৰ লʼৰা-ছোৱালীয়ে ভালদৰে স্কুলত অধ্যয়ন আৰু আৱশ্যকীয় দক্ষতা আহৰণ কৰি নিজৰ ভৰিত থিয় হোৱাটো বিচাৰিব। (হিতোপদেশ ২২:২৯) কিন্তু ভৌতিক বস্তু আহৰণ আৰু সফলতাৰ জখলাত উঠিবলৈ জগতে যি মনোবৃত্তি ৰাখে, তাৰ দ্বাৰা লʼৰা-ছোৱালীক প্ৰভাৱিত হʼবলৈ দিয়াটো উচিতনে? পিতৃ-মাতৃসকলে তেওঁলোকৰ কথা-বতৰা বা ব্যক্তিগত উদাহৰণৰ দ্বাৰা লʼৰা-ছোৱালীৰ বাবে কেনে লক্ষ্যসমূহ ৰাখিছে? কেতিয়াবা তেওঁলোকে নিজৰ লʼৰা-ছোৱালীয়ে কলেজ বা বিশ্ববিদ্যালয়লৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰাত সক্ষম হʼবলৈ অধিক পৰিশ্ৰম আৰু ধন সঞ্চিত কৰিবলগীয়া হয়। আন কিছুমানে খৰচ-পাতি বহন কৰিবলৈ আনৰ পৰা ধাৰ লʼবলৈ আগবাঢ়ি যায়। তেনে ধৰণৰ নিৰ্ণয়ৰ বাবে কেনে মূল্য পৰিশোধ কৰিব লাগিব, তাক কোনো টকা-পইছাৰে জুখিব নোৱাৰি। বৰ্তমান সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰাত কেনে মূল্য আদায় কৰিবলগীয়া হৈছে?—লূক ১৪:২৮-৩৩.

উচ্চ শিক্ষাৰ মূল্য

৯. বৰ্তমান সময়ত উচ্চ শিক্ষাৰ আৰ্থিক মূল্যৰ বিষয়ে কি কʼব পাৰি?

আমি সাধাৰণতে মূল্য বহন কৰা মানে আৰ্থিক খৰছ-পাতি হোৱাৰ বিষয়ে ভাবোঁ। কিছুমান দেশত উচ্চ শিক্ষাৰ বাবে চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াই, যাৰ বিনিময়ত উপযুক্ত বিদ্যাৰ্থীসকলে কোনো ধৰণৰ খৰচ-পাতি বহন কৰা বা টিউচনৰ ফিজ দিয়া আৱশ্যক নহয়। বেছিভাগ ঠাইত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অধিক খৰচ-পাতি বহন কৰিবলগীয়া হয়। তদুপৰি দিনে দিনে ইয়াৰ মূল্যৰ বৃদ্ধি হোৱা দেখা গৈছে। নিউয়ৰ্ক টাইমছ আলোচনীখনৰ সম্পাদকীয় প্ৰবন্ধটোৰ বিপৰীত পৃষ্ঠাত এইদৰে বৰ্ণনা কৰিছে: “এসময়ত উচ্চ শিক্ষা উন্নতিসাধনৰ উদ্দেশ্যে লোৱা হৈছিল। কিন্তু বৰ্তমান সময়ত উচ্চ শিক্ষা লোৱাৰ অৰ্থ হৈছে ধনী আৰু দৰিদ্ৰতাৰ মাজত থকা প্ৰভেদতাক দাঙি ধৰা।” আন শব্দত কʼবলৈ হʼলে উচ্চ শিক্ষাই লোকসকলক অত্যধিকভাৱে প্ৰভাৱিত কৰিছে। সেয়েহে কিছুমান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে, যাতে তেওঁলোকে এই জগতৰ সমাজত সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে থিয় হʼব পাৰে। কিন্তু প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ আগত তেনে ধৰণৰ লক্ষ্যৰ বাছনি কৰাটো উচিতনে?—ফিলিপীয়া ৩:৭, ৮; যাকোব ৪:৪.

১০. উচ্চ শিক্ষা কেনেকৈ এই ৰীতি-ব্যৱস্থাৰ উন্নতিসাধনৰ সৈতে জড়িত আছে?

১০ যদিও কিছুমান ঠাইত বিনামূল্যেই উচ্চ শিক্ষা গ্ৰহণ কৰা সুযোগ উপলব্ধ আছে, তথাপিও ইয়াৰ পিছত বিশেষ কিছুমান সৰ্ত্ত লুকাই থাকিব পাৰে। উদাহৰণস্বৰূপে, দ্য ৱাল ষ্ট্ৰিট জাৰ্নেল নামৰ বাতৰিকাকতখনৰ অনুসাৰে দক্ষিণ-পূৰ্ব এছিয়া চৰকাৰী “পিৰামিড আকাৰৰ স্কুলখনে শ্ৰেষ্ঠ বিদ্যাৰ্থীসকলক কেৱল শীৰ্ষস্থান দখল কৰিবলৈ উৎসাহিত কৰে।” সেই “শীৰ্ষস্থানৰ” আচল অৰ্থ হৈছে বিশ্বৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়, যেনে, ইংলেণ্ডৰ অক্সফোৰ্ড, কেমব্ৰিজ, সংযুক্ত ৰাষ্ট্ৰৰ আইভি লীগ্‌ আৰু তেনেদৰে আন আন বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰা। চৰকাৰে কিয় তেনে দীৰ্ঘ-সময়ৰ শিক্ষা প্ৰদান কৰিবলৈ পদক্ষেপ লৈছে? ৰিপোৰ্টে দেখুৱাইছে যে, তেনে পদক্ষেপ “দেশৰ আৰ্থিক অৱস্থাৰ উন্নত কৰিবলৈ” লোৱা হয়। কিন্তু বিনামূল্যে উচ্চ শিক্ষা লাভ কৰা বিনিময়ত এই ৰীতি-ব্যৱস্থাৰ উন্নতিৰ বাবে তেওঁলোকে এক উচ্চ মূল্য অৰ্থাৎ নিজৰ গোটেই জীৱন অৰ্পণ কৰিবলগীয়া হৈছে। প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ জীৱন তেনে উচ্চ মূল্য হিচাপে দিবনে?—যোহন ১৫:১৯; ১ যোহন ২:১৫-১৭.

১১. বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সুৰাপান আৰু অনৈতিক যৌন-সম্পৰ্কৰ বিষয়ে ৰিপোৰ্টবোৰে কি দেখুৱাইছে?

১১ আন এটা ক্ষেত্ৰ হৈছে পৰিৱেশ। বিশেষকৈ কলেজ আৰু বিশ্ববিদ্যালয়বোৰত অনিষ্টকাৰক পৰিৱেশ দেখিবলৈ পোৱাটো এক সাধাৰণ বিষয় হৈ পৰিছে। কিয়নো ইয়াত অধিককৈ দ্ৰাগ্‌ছ, অপৰিমিত সুৰাপান, অনৈতিকতা আৰু প্ৰবঞ্চনাৰ কাৰ্য্যবোৰ হোৱা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, অপৰিমিত সুৰাপানৰ বিষয়ে বিবেচনা কৰক। মতলীয়া হোৱা উদ্দেশ্যৰে সুৰাপান কৰা লোকসকলৰ বিষয়ে নিউ ছাইনটিষ্ট্‌ আলোচনীখনে এইদৰে কৈছে: [সংযুক্ত ৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীসকলে] সপ্তাহত দুবাৰকৈ মতলীয়া হোৱাৰ উদ্দেশ্যৰে সুৰাপান কৰে।” সেই একেই সমস্যা অষ্ট্ৰেলিয়া, ব্ৰিটেইন, ৰাছিয়া আৰু আন বহুতো দেশৰ ডেকা ব্যক্তিসকলৰ মাজতো দেখিবলৈ পোৱা যায়। অনৈতিকতাৰ সম্বন্ধে নিউজউইক আলোচনীখনে কৈছে যে, বৰ্তমান বিদ্যাৰ্থীসকলৰ কথোপকথনৰ বিষয় হৈছে, “এৰাতিৰ বাবে যৌন আনন্দ উপভোগ কৰা।” এনে ধৰণৰ আনন্দ হয়তো তেনে ব্যক্তিসকলৰ মাজত চুম্বনৰ পৰা লৈ যৌন-সম্পৰ্ক ৰাখা জড়িত আছে, যিসকলে নতুবা বিবাহ বা পুনৰাই কোনো কোথোপকথন কৰা আশা নাই।” অধ্যয়ন কৰি জানিব পৰা গৈছে যে ৬০ পৰা লৈ ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এনে ধৰণৰ কাৰ্য্যত লিপ্ত হয়। এগৰাকী অনুসন্ধানকাৰীয়ে কয় যে, “যদি আপুনি কলেজলৈ যোৱা এজন স্বাভাৱিক বিদ্যাৰ্থী, তেন্তে আপুনি নিশ্চয়ে তেনে আনন্দ উপভোগ কৰা উচিত।”—১ কৰিন্থীয়া ৫:১১; ৬:৯, ১০.

১২. কলেজত পঢ়া বিদ্যাৰ্থীসকলে কেনে ধৰণৰ হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছে?

১২ তদুপৰি এনে বেয়া পৰিৱেশৰ উপৰিও বিদ্যাৰ্থীসকলে গৃহপাঠ আৰু পৰীক্ষাৰ হেঁচাৰ সম্মুখীন হয়। এইটো স্বাভাৱিক যে তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হʼবলৈ তেওঁলোকৰ গৃহপাঠ আৰু ভালকৈ অধ্যয়ন কৰা আৱশ্যক। হয়তো কিছুমানৰ বাবে অংশকালিক চাকৰি কৰা আৱশ্যক হʼব পাৰে। এই সকলোবোৰৰ বাবে সময় আৰু শক্তিৰ আৱশ্যক। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে কেতিয়া আধ্যাত্মিক কাৰ্য্যৰ বাবে সময় উলিয়াব পাৰে? অত্যধিক হেঁচাৰ সম্মুখীন হোৱাত তেওঁলোকে কি ত্যাগ কৰিবলগীয়া হʼব পাৰে? তেওঁলোকে ৰাজ্যৰ হিতৰ কাৰ্য্যক প্ৰথম স্থান দিবনে? (মথি ৬:৩৩) সেইবাবে বাইবেলে আমাক উৎসাহিত কৰি এইদৰে কৈছে: “কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ।” (ইফিচীয়া ৫:১৫,  ১৬) বহুতে অধিক সময় আৰু শক্তি নিজৰ ব্যক্তিগত আৱশ্যকতাসমূহ পূৰ কৰাত ব্যৱহাৰ বা কলেজত পঢ়া বিদ্যাৰ্থীসকলে অশাস্ত্ৰীয় কাৰ্য্যত লিপ্ত হৈ সত্যতাৰ পৰা আঁতৰি গৈছে। এইটো বাস্তৱতে কিমান যে এক দুখৰ বিষয়!

১৩. খ্ৰীষ্টান পিতৃ-মাতৃসকলে কেনে প্ৰশ্নবোৰ গম্ভীৰভাৱে বিবেচনা কৰা উচিত?

১৩ অনৈতিকতা, অসৎ ব্যৱহাৰ আৰু আন আন হেঁচাবোৰ যে কেৱল কলেজ বা বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীসকলৰ মাজতে দেখিবলৈ পোৱা গৈছে, এনে নহয়। সত্যতাত নথকা বহুতো যুৱক-যুৱতীয়ে এনে বেয়া কাৰ্য্যবোৰক শিক্ষাৰ ব্যৱস্থাৰ এটা ভাগ বুলি দৃষ্টি কৰে আৰু তেনে আচৰণ বা কাৰ্য্যবোৰক গ্ৰহণযোগ্য বুলি ভাবে। গতিকে এনে পৰিৱেশত খ্ৰীষ্টান পিতৃ-মাতৃয়ে জানিবুজি নিজৰ সন্তানক চাৰি বা তাতকৈ অধিক বছৰ সময় পঢ়িবলৈ পঠোৱাতো উচিত হʼবনে? (হিতোপদেশ ২২:৩; ২ তীমথিয় ২:২২) তেনে বিচাৰধাৰাই তেওঁলোকৰ বাবে বিপদ মাতি অনা নাইনে? তদুপৰি তেওঁলোকে কলেজ বা বিশ্ববিদ্যালয়ত যি শিক্ষা গ্ৰহণ কৰিছে তাৰ দ্বাৰা তেওঁলোকৰ জীৱনত কেনে বিষয়বোৰক প্ৰথম স্থান দিছে? a (ফিলিপীয়া ১:১০; ১ থিচলনীকীয়া ৫:২১) সেয়েহে পিতৃ-মাতৃসকলে নিজৰ সন্তানক শিক্ষাৰ বাবে আন ঠাই বা বিদেশলৈ পঠোৱাৰ পূৰ্বে এই প্ৰশ্নবোৰৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক আৰু গম্ভীৰভাৱে বিবেচনা কৰা উচিত।

আন বিকল্প উচ্চ শিক্ষাসমূহ কি?

১৪, ১৫. (ক) বৰ্তমান প্ৰচলিত জনপ্ৰিয় অভিমতৰ বিপৰীতে বাইবেলৰ কেনে পৰামৰ্শৰ অনুসাৰে চলা উচিত? (খ) ডেকা ব্যক্তিসকলে নিজকে কেনে প্ৰশ্নবোৰ সোধা উচিত?

১৪ বৰ্তমান প্ৰচলিত বাক্যটো হৈছে, উচ্চ শিক্ষাই হৈছে সফলতাৰ প্ৰথম খোজ। যিহেতু তেনে বিচাৰধাৰা বিকশিত কৰাৰ পৰিৱৰ্তে প্ৰকৃত খ্ৰীষ্টানসকলক এইদৰে উৎসাহিত কৰা হৈছে: “তোমালোকে জগতৰ অনুৰূপ নহবা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।” (ৰোমীয়া ১২:২) এই শেষ সময়ছোৱাত যিহোৱা ঈশ্বৰৰ নিজৰ লোক অৰ্থাৎ ডেকা আৰু বৃদ্ধলোকৰ প্ৰতি তেওঁৰ ইচ্ছা কি? এই বিষয়ে পাঁচনি পৌলে তীমথিয়ক এইদৰে কৈছিল: “তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা, তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।” এই বাক্যবোৰ আজি আমাৰ বাবেও ব্যৱহাৰিক।—২ তীমথিয় ৪:৫.

১৫ আমি ভৌতিকবাদী হোৱাৰ পৰিৱৰ্তে আধ্যাত্মিক বিষয়বোৰত ধ্যান কেন্দ্ৰিত কৰা উচিত। যদি আপুনি এজন ডেকা ব্যক্তি, তেন্তে নিজকে এইদৰে সুধিব পাৰে: ‘মই “পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ” কৰিবলৈ বা এজন যোগ্য প্ৰচাৰক হʼবলৈ চেষ্টা কৰিছোঁনে? মই পৰিচৰ্য্যা কাৰ্য্য “সম্পূৰ্ণ” কৰিবলৈ কেনে আঁচনি বনাইছোঁ? মই পূৰ্ণ-সময়ৰ সেৱাক কৰ্মজীৱন হিচাপে লʼবলৈ বিবেচনা কৰিছোঁনে? বিশেষকৈ যেতিয়া অন্য ডেকা ব্যক্তিসকলে “নিজৰ নিমিত্তে মহত্ব” বিচাৰি স্বাৰ্থপৰতাৰে কাৰ্য্য কৰে আৰু উজ্জ্বল ভৱিষ্যতলৈ খোজ দিয়া বুলি ভাবে, তেতিয়া সেই প্ৰশ্নবোৰৰ অনুসাৰে নিৰ্ণয় লোৱাটো প্ৰত্যাহ্বান যেন লাগিব পাৰে। (যিৰিমিয়া ৪৫:৫) সেইবাবে প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক সৰুৰে পৰা আধ্যাত্মিক পৰিৱেশত প্ৰতি-পালন আৰু প্ৰশিক্ষণ দিয়া উচিত।—হিতোপদেশ ২২:৬; উপদেশক ১২:১; ২ তীমথিয় ৩:১৪, ১৫.

১৬. পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক এক উত্তম আধ্যাত্মিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল কৰিবলৈ কেনে ব্যৱস্থা কৰিব পাৰে?

১৬ পূৰ্ণ-সময়ৰ সেৱাত থকা এগৰাকী মাতৃৰ জ্যেষ্ঠ পুতেকজনে এইদৰে কৈছে: “আমাৰ সঙ্গতিৰ প্ৰতি মায়ে সদায়ে চকু ৰাখিছিল। আমি কেৱল মণ্ডলীত আধ্যাত্মিকভাৱে স্থিৰে থকা লোকসকলৰ সৈতে সঙ্গতি কৰিছিলোঁ। তদুপৰি মায়ে ঘৰলৈ সদায় মিছনেৰী, পৰিদৰ্শক অধ্যক্ষ, বেথেলৰ সদস্য আৰু অগ্ৰগামী সেৱা কৰা সকলক আমন্ত্ৰণ কৰিছিল। তেওঁলোকৰ অভিজ্ঞতা শুনি আৰু আনন্দ দেখি আমাৰ মনতো পূৰ্ণ-সময়ৰ সেৱা কৰাৰ ইচ্ছা জাগি উঠিল।” বৰ্তমান, তেওঁলোকৰ এজনে বেথেল সেৱা, এজন মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুলৰ দ্বাৰা প্ৰশিক্ষিত আৰু আনজনে অগ্ৰগামী সেৱাত ভাগ লোৱা দেখিবলৈ পোৱাটো কিযে এক আনন্দৰ বিষয়!

১৭. পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক শিক্ষাৰ সম্বন্ধে থকা বিষয় আৰু ব্যৱসায়িক বৃত্তিবোৰৰ বাছনি কৰাত কেনে নিৰ্দ্দেশনা প্ৰদান কৰিব পাৰে? (২৯ পৃষ্ঠাৰ বক্সটো চাওক)

১৭ ইয়াৰ উপৰিও লʼৰা-ছোৱালীয়ে কেনে বিষয়বোৰত পঢ়া-শুনা আৰু ব্যৱসায়িক বৃত্তিৰ লক্ষ্য ৰাখিব, সেই বিষয়ে পিতৃ-মাতৃসকলে অনতিপলমে উচিত নিৰ্দ্দেশনা দিয়া আৱশ্যক। বেথেলৰ সেৱা কাৰ্য্যত থকা এজন ডেকা ভায়ে এইদৰে কৈছে: “মোৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বিবাহৰ আগেয়ে আৰু পিছতো অগ্ৰগামী সেৱা কৰিছিল আৰু পৰিয়ালৰ আন সদস্যবিলাকেও তেনে লক্ষ্য ৰাখিবলৈ সকলো সময়তে উৎসাহিত কৰিছিল। আমি যেতিয়া স্কুলত কিবা বৃত্তি-প্ৰশিক্ষণ সম্বন্ধীয় বিষয়বোৰ পঢ়িবলৈ বাছনি বা ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলোৱা নিৰ্ণয় লʼবলগীয়া হৈছিল, তেতিয়া তেওঁলোকে আমাক অংশকালিক চাকৰি কৰি অগ্ৰগামী সেৱাত ভাগ লʼবলৈ উৎসাহিত কৰিছিল।” সন্তানসকলে কেনে শিক্ষা লʼব যি তেওঁলোকক পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ সহায় কৰিব পাৰে, সেই বিষয়ে লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃয়ে উভয়ে বিবেচনা কৰা উচিত। b

১৮. ডেকা ব্যক্তিসকলে কেনে ধৰণৰ বৃত্তিৰ বিষয়ে বিবেচনা কৰিব পাৰে?

১৮ অধ্যয়নৰ দ্বাৰা জানিব পৰা গৈছে যে বহুতো দেশত এতিয়া বৃত্তি বা অন্য ধৰণৰ কাৰ্য্যৰ বাবে লোকসকলৰ আৱশ্যকতা বৃদ্ধি হৈছে। ইউ এচ এ টুডে ৰিপোৰ্টৰ অনুসাৰে, “আজিৰ পৰা দহ বা বিশ বছৰৰ পিছত ৭০ শতাংশ ব্যক্তিয়ে চাকৰিৰ বাবে চাৰি বছৰীয়া কলেজ ডিগ্ৰী লোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। তাৰ পৰিৱৰ্তে কাৰিকৰী শিক্ষানুষ্ঠান বা জুনিয়ৰ কলেজৰ পৰা পোৱা চাৰ্টিফিকেটেই যথেষ্ঠ।” তেনে ধৰণৰ অনুষ্ঠানবোৰত অফিচৰ বাবে কাম-কাজ, অট’, কম্পিউটাৰৰ মেৰামতি, প্লামবিং, হেয়াৰ ড্ৰেছিং আৰু অন্য শিক্ষা প্ৰদান কৰা হয়। এনে বৃত্তি বাঞ্চনীয়নে? অৱশ্যেই বাঞ্চনীয়! যদিও আনে এনে ধৰণৰ বৃত্তি লোৱাটো তুচ্ছ জ্ঞান কৰিব পাৰে, তথাপিও ই যিহোৱাৰ সেৱা কৰিবলৈ প্ৰতিশ্ৰুতি লোৱা সকলৰ বাবে ব্যৱহাৰিক হʼব।—২ থিচলনীকীয়া ৩:৮.

১৯. সন্তুষ্টিদায়ক আৰু আনন্দপূৰ্ণ জীৱন-যাপন কৰাৰ এক সুনিশ্চিত পদ্ধতি কি?

১৯ বাইবেলে এইদৰে উৎসাহিত কৰিছে: “হে যুবা আৰু যুৱতীবিলাক . . . সেইবিলাকে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো অকল তেওঁৰ নামেইহে উন্নত; তেওঁৰ গৌৰৱ পৃথিবী আৰু আকাশ-মণ্ডল জুৰিছে।” (গীত ১৪৮:১২, ১৩) এই জগতে প্ৰদান কৰা সংস্থিতি আৰু পুৰষ্কাৰৰ তুলনাত পূৰ্ণ-সময় সেৱাই এক আনন্দময় আৰু সন্তোষদায়ক জীৱন কঢ়িয়াই আনে। সেইবাবে বাইবেলে এইদৰে আশ্বাস দি কৈছে: “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।”—হিতোপদেশ ১০:২২. (w05 10/1)

[ফুটনোটবোৰ]

a যিসকলে উচ্চ শিক্ষাৰ তুলনাত ঈশ্বৰশাসিত শিক্ষাক অধিক মূল্যৱান বুলি ভাবে, তেওঁলোকে মে’ ১, ১৯৮২ চনৰ প্ৰহৰীবুৰুজ ৩-৬ পৃষ্ঠা; এপ্ৰিল ১৫, ১৯৭৯ চনৰ প্ৰহৰীবুৰুজ ৫-১০ পৃষ্ঠা; জুন ৮, ১৯৭৮ চনৰ সচেতন! ১৫ পৃষ্ঠা আৰু আগষ্ট ৮, ১৯৭৪ চনৰ সচেতন! ৩-৭ পৃষ্ঠাত চাওক।

b অক্টোবৰ ৮, ১৯৯৮ চনৰ সচেতন! ৪-৬ পৃষ্ঠাৰ “সুৰক্ষিত ভৱিষ্যতৰ অন্বেষণত” আৰু মে’ ৮, ১৯৮৯ চনৰ সচেতন! ১২ পৃষ্ঠাৰ “আপুনি কেনে ধৰণৰ কৰ্মজীৱন বৃত্তিৰ বাছনি কৰা উচিত” নামৰ লেখটো চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• প্ৰকৃত খ্ৰীষ্টানসকলে নিৰাপদ ভৱিষ্যতৰ নিমিত্তে কিহত ভাৰসা ৰাখা উচিত?

• লʼৰা-ছোৱালীৰ ভৱিষ্যতক লৈ খ্ৰীষ্টান পিতৃ-মাতৃসকলে কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছে?

• উচ্চ শিক্ষা লোৱাৰ সম্বন্ধে কিহৰ বিষয়ে বিবেচনা কৰা অতি আৱশ্যক?

• যিহোৱাৰ সেৱাক নিজৰ কৰ্মজীৱন বনাবলৈ পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ বক্স]

উচ্চ শিক্ষাৰ মূল্য কি?

বিশ্ববিদ্যালয় বা কলেজত নামভৰ্ত্তি কৰা অধিকাংশ লোকে কেনেকৈ ডিগ্ৰী লাভ কৰি ভাল দৰমহাৰ চাকৰি কৰিব পাৰে, সেই বিষয়ে চিন্তা কৰে। কিন্তু চৰকাৰী ৰিপোৰ্টসমূহে দেখুৱাইছে যে কেৱল ২৫ শতাংশ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ছয় বছৰত ভিতৰত ডিগ্ৰী লাভ কৰে। তথাপিও তেওঁলোকে লাভ কৰা ডিগ্ৰীৰ বিনিময়ত কোনো উত্তম চাকৰি পাব পাৰিবনে? এই সম্পৰ্কে বৰ্তমান অনুসন্ধান আৰু অধ্যয়নে কি কৈছে সেই বিষয়ে বিবেচনা কৰক।

“হাৰৱাৰ্ড বা ডিউকত [বিশ্ববিদ্যালয়বোৰত] পঢ়ি কোনো উত্তম দৰমহাৰ চাকৰি পোৱাত সহায় কৰে, এনে নহয়। . . . কোম্পানীবিলাকে ডেকা কৰ্মীবোৰৰ বিষয়ে বিশেষ একো নাজানে। এজন বিদ্যাৰ্থীয়ে নামজ্বলা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ডিগ্ৰীৰ বাবে হয়তো কোম্পানীৰ অধিকাৰীসকলে প্ৰভাৱিত হʼব পাৰে। কিন্তু কৰ্মীবিলাকৰ দ্বাৰা কেনেকৈ কোম্পানীৰ লাভ বা লোকচান হʼব, সেয়েহে আচল কথা।”—নিউজউইক, নম্বেবৰ ১, ১৯৯৯.

“বৰ্তমান ভিন্ন বৃত্তিৰ চাকৰিৰ বাবে যোগ্যতা থকাটো আগতকৈ অধিক আৱশ্যক হৈছে। . . . এই যোগ্যতাবোৰ, যেনে—গণিত বিষয় আৰু পঢ়া লিখাত নিপুণ হোৱা, এই সম্পৰ্কে কলেজত নহয়, কিন্তু স্কুলৰ নৱম শ্ৰেণীত শিকা উচিত। . . . উত্তম চাকৰিৰ বাবে বিদ্যাৰ্থীসকলে কলেজৰ ডিগ্ৰী লোৱাৰ পৰিৱৰ্তে স্কুলত শিকোৱা শিল্পবোৰত নিপুণ হোৱা আৱশ্যক।”—আমেৰিকান ইডুকেটৰ, স্প্ৰিং ২০০৪ চনত প্ৰকাশ পোৱা আলোচনী।

“বেছিভাগ কলেজত বিদ্যাৰ্থীসকলক বৰ্তমান জগতখনত জীয়াই থাকিবলৈ শিক্ষা নহয়, কিন্তু স্নাতক শিক্ষা শেষ কৰাৰ পিছত কেনে ধৰণৰ চাকৰি বিচাৰিব, সেই বিষয়ে জোৰ দিছে। কাৰিকৰী স্কুলবোৰৰ . .  আৱশ্যকতা ক্ৰমান্বয়ে বৃদ্ধি হʼবলৈ ধৰিছে। তেনে স্কুলবোৰত নামভৰ্ত্তি কৰা বিদ্যাৰ্থীসকলৰ সংখ্যা ১৯৯৬ চনৰ পৰা ২০০০ চনলৈকে ৪৮ শতাংশ বৃদ্ধি হৈছে।  . . ইতিমধ্যে কলেজত পঢ়ি ডিগ্ৰী লাভ কৰা সকলৰ সংখ্যা হ্ৰাস হৈ আহিছে।—টাইম, জানুৱাৰী ২৪, ২০০৫ চন

“বৰ্তমান সময়ত সংযুক্ত ৰাষ্ট্ৰত চাকৰিৰ আৱশ্যকতাৰ সম্বন্ধে হোৱা পৰিৱৰ্তনক লক্ষ্য কৰি অনুমান কৰা হৈছে যে, ২০০৫ চনত কলেজৰ পৰা ডিগ্ৰী লাভ কৰা তিনিভাগ লোকৰ বাবে উপযুক্ত চাকৰি পোৱাটো কঠিন হʼব।”—জুলাই/আগষ্ট, ২০০০ চনৰ দ্য ফ্যুচ্যাৰিষ্ট

এই সকলোবোৰ ৰিপোৰ্টক লক্ষ্য কৰি শিক্ষাবিদসকলে উচ্চ শিক্ষাক লৈ চিন্তিত হৈছে। এই সম্বন্ধে দ্য ফ্যুচ্যাৰিষ্ট কৈছে যে, “আমি বিদ্যাৰ্থীসকলক হানিকাৰক লক্ষ্যৰ বাবে শিক্ষা প্ৰদান কৰিছোঁ।” ইয়াৰ বিপৰীতে ঈশ্বৰৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৭, ১৮.

[২৬ পৃষ্ঠাৰ ছবি]

তেওঁলোকে নিজ নিজ বৃত্তি ত্যাগ কৰি যীচুক অনুকৰণ কৰিলে

[৩১ পৃষ্ঠাৰ ছবি]

প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃসকলে সুবিবেচক হৈ নিজৰ লʼৰা-ছোৱালীক সৰুকালৰে পৰা আধ্যাত্মিক পৰিৱেশত প্ৰতি-পালন কৰে