“পৰ দি থাকা” কিয়নো যিহোৱাৰ সোধ-বিচাৰৰ দিন কাষ চাপি আহিল!
“পৰ দি থাকা” কিয়নো যিহোৱাৰ সোধ-বিচাৰৰ দিন কাষ চাপি আহিল!
এই লেখটোত থকা সংবাদ ২০০৪/০৫ চনৰ জিলা অধিৱেশনবোৰত উন্মোচন হোৱা পৰ দি থাকক! নামৰ ব্ৰচাৰখনৰ পৰা লোৱা হৈছে।
“পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা।”—মথি ২৪:৪২.
১, ২. যীচুৱে তেওঁৰ আগমন কিহৰ সৈতে তুলনা কৰিছিল?
যদিওচৰ-চুবুৰীয়াত ইতিমধ্যেই চুৰি হৈছে আৰু আপোনাৰ ঘৰটোৰ আশে-পাশে কোনোবা এজন চুৰে ঘূৰি ফুৰা অনুমান পাইছে, তেন্তে আপুনি কি কৰিব? আপুনি নিশ্চয়ে নিজৰ পৰিয়ালৰ আৰু আপোনাৰ বহুমূলীয়া সা-সম্পত্তি ৰক্ষাৰ বাবে সতৰ্ক হৈ থাকিব, নহয় জানো! কিয়নো চোৰে কেতিয়াও নিজৰ আগমনৰ বিষয়ে আগতীয়াকৈ জাননী নিদিয়ে। বৰঞ্চ, সি কোনোৱে গম নোপোৱাকৈ আৰু অপ্ৰত্যাশিতভাৱে আহে।
২ যীচুৱে বহু বাৰ চোৰে কেনেকৈ আহে, সেই বিষয়ে দৃষ্টান্ত দি কৈছিল। (লূক ১০:৩০; যোহন ১০:১০) শেষ-কালত ঘটিবলগীয়া ঘটনাবোৰ আৰু তেওঁৰ সোধ-বিচাৰ কৰিবলগীয়া দিনৰ বিষয়ে সতৰ্ক কৰি যিচুৱে এইদৰে কৈছিল: “পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা। কোন পৰত চোৰ আহিব, তাক গৃহস্থে জনা হলে, পৰ দি থাকি, নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা।” (মথি ২৪:৪২, ৪৩) সেইবাবে যীচুৱে তেওঁৰ আগমনো চোৰ অহাৰ দৰে অৰ্থাৎ অপ্ৰত্যাশিতভাৱে হʼব বুলি কৈছিল।
৩, ৪. (ক) যীচুৰ আগমনৰ সম্বন্ধে থকা সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়াত কি সন্মিলিত আছে? (খ) এই সম্বন্ধে কেনে প্ৰশ্নবোৰ উত্থাপন হৈছে?
৩ সেই দৃষ্টান্তটো নিশ্চয়ে উপযুক্ত আছিল বুলি কʼব পাৰি, কিয়নো যীচুৰ আগমনৰ সময়ৰ বিষয়ে কোনোৱে নাজানে। ইয়াৰ আগেয়ে যীচুৱে সেই ভৱিষ্যতবাণীৰ বিষয়ে এইদৰে কৈছিল: “অকল পিতৃৰ বাহিৰে, স্বৰ্গৰ দূতবিলাক, বা পুত্ৰ, বা কোনেও সেই দিন আৰু সময় নাজানে।” (মথি ২৪:৩৬) সেইবাবে যীচুৱে তেওঁৰ শুনোতাসকলক সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোকো যুগুত হৈ থাকা।” (মথি ২৪:৪৪) যিসকলে যীচুৰ সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়ে, তেওঁলোকে যীচুৰ আগমন যিকোনো সময়তে নহওক কিয় যুগুত হৈ থাকিব।
৪ এই সম্বন্ধে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে: যীচুৰ এই সতৰ্কবাণী কেৱল জগতৰ লোকসকলৰ বাবে প্ৰযোজ্যনে বা প্ৰকৃত খ্ৰীষ্টানসকলেও “পৰ দি থকা” আৱশ্যক? পৰ দি থকাটো কিয় এক আৱশ্যকীয় বিষয় আৰু ইয়াত কি সন্মিলিত আছে?
কাৰ বাবে সতৰ্কবাণী দিয়া হৈছে?
৫. আমি কেনেকৈ জানো যে “পৰ দি থাকা” সতৰ্কবাণী প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবেও প্ৰযোজ্য?
৫ নিঃসন্দেহ, জগতৰ যিসকল লোকে আহিবলগীয়া ধ্বংসৰ বিষয়ে আওকাণ কৰে, তেওঁলোকৰ বাবে যীচুৰ আগমন চোৰ অহাৰ দৰে হʼব। (২ পিতৰ ৩:৩-৭) কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কি কʼব পাৰি? এই বিষয়ে পাঁচনি পৌলে তেওঁৰ সঙ্গী ভাই-ভনীসকলক এইদৰে কৈছিল: “ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব, ইয়াক তোমালোকে নিশ্চয়কৈ জানা।” (১ থিচলনীকীয়া ৫:২) আমাৰ মনত অলপো সন্দেহ নাই যে, “যিহোৱাৰ দিন” বেগাই আহিছে। কিন্তু আমি ইয়াৰ বাবে পৰ দি থকাটো আৱশ্যক নে? লক্ষ্য কৰক যে যীচুৱে তেওঁৰ শিষ্যবিলাকক কি কৈছিল: “যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।” (মথি ২৪:৪৪) ইয়াৰ আগেয়ে শিষ্যবিলাকক ৰাজ্যৰ বিষয়ে প্ৰথম স্থান দিয়াৰ সম্বন্ধে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।” (লূক ১২:৩১, ৪০) গতিকে এইটো স্পষ্ট নহয়নে যে, যীচুৱে তেওঁৰ শিষ্যবিলাককো সতৰ্ক কৰি “পৰ দি থাকা” বুলি কৈছিল?
৬. আমি কিয় “পৰ দি থাকা” আৱশ্যক?
৬ আমি কিয় “পৰ দি থাকা” আৰু “যুগুত হৈ থাকা” আৱশ্যক? এই বিষয়ে যীচুৱে এইদৰে ব্যাখ্যা কৰি কৈছিল: “তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে, এজনক গ্ৰহণ কৰা হব, এজনক ত্যাগ কৰা হব। দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোঁতে, এজনীক গ্ৰহণ কৰা হব, এজনীক ত্যাগ কৰা হব।” (মথি ২৪:৪০, ৪১) যিসকলে যুগুত হৈ থাকিব তেওঁলোকক “গ্ৰহণ” কৰা হʼব অৰ্থাৎ ধ্বংসৰ পৰা ৰক্ষা পাব। আনসকলক “ত্যাগ কৰা” অৰ্থাৎ ধ্বংস কৰা হʼব। ইয়াৰ সৈতে হয়তো সেই ব্যক্তিসকলো সন্মিলিত আছে, যিসকলে এসময়ত আধ্যাত্মিকভাৱে সজাগ আছিল, কিন্তু পিছলৈ পৰ দি থকাত বিফল হʼল।
৭. অন্ত কেতিয়া আহিব, সেই বিষয়ে নজনাৰ বাবে আমি কি কৰিবলৈ সুযোগ পাইছোঁ?
৭ যিহেতু আমি এই ৰীতি-ব্যৱস্থাৰ শেষ কেতিয়া হʼব, সেই বিষয়ে নাজানো। গতিকে ই আমাৰ কাৰণে ঈশ্বৰক শুদ্ধ মনেৰে সেৱা কৰিবলৈ এক সুযোগ প্ৰদান কৰে। ই কেনেকৈ সুযোগ প্ৰদান কৰে? আমি হয়তো অন্ত অহাত পলম হৈছে বুলি ভাবিব পাৰোঁ আৰু বহুতে তেনেদৰে ভবাৰ বাবে যিহোৱাৰ সেৱাৰ প্ৰতি তেওঁলোকৰ উৎসাহ নাইকিয়া হৈছে, যি এক অতি দুখৰ বিষয়। কিন্তু আমি কোনো সৰ্ত্ত নাৰাখি নিজকে যিহোৱালৈ সমৰ্পিত কৰিছোঁ আৰু তেওঁৰ সেৱা কৰিবলৈ পদক্ষেপ লৈছোঁ। গতিকে এইটো মনত ৰাখা উচিত যে শেষ মুহূৰ্ত্তত দেখুৱা উৎসাহ যিহোৱাই কোনোপধ্যেই গ্ৰহণ নকৰিব। কিয়নো তেওঁ মানুহৰ হৃদয়ক দৃষ্টি কৰে।—১ চমূৱেল ১৬:৭.
৮. যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমে কেনেকৈ আমাক পৰ দি থাকিবলৈ প্ৰেৰিত কৰে?
৮ আমি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে চলি আনন্দিত হৈছোঁ, কিয়নো আমি তেওঁক প্ৰেম কৰোঁ। (গীত ৪০:৮; মথি ২৬:৩৯) তদুপৰি চিৰকাললৈকে তেওঁক সেৱা কৰি থকাটোৱেই হৈছে আমাৰ আন্তৰিক ইচ্ছা। গতিকে আমি শেষ হোৱাৰ সম্বন্ধে কৰা অপেক্ষাৰ তুলনাত তেওঁৰ সেৱা চিৰকাললৈকে কৰিবলৈ পোৱা সুযোগ হৈছে নিশ্চয়ে মহান। ইয়াৰ উপৰিও যিহোৱাৰ আহিবলগীয়া সেই বৈশিষ্ট্যপূৰ্ণ দিনটোৱে তেওঁৰ উদ্দেশ্য কেনেকৈ পূৰ্ণ কৰিব, সেই বিষয়ে জানিবলৈ আমি পৰ দি থকা উচিত। ঈশ্বৰক সন্তোষ্ট কৰা আমাৰ আন্তৰিক ইচ্ছাই তেওঁৰ পৰামৰ্শৰ অনুসাৰে চলিবলৈ আৰু তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ প্ৰেৰিত কৰিব। (মথি ৬:৩৩; ১ যোহন ৫:৩) এতিয়া আঁহক আমি পৰ দি থকা বিষয়টো আমাৰ দৈনন্দিন জীৱনত লোৱা নিৰ্ণয়ত কেনেকৈ প্ৰভাৱিত কৰা উচিত, সেই বিষয়ে বিবেচনা কৰোঁহঁক।
আপোনাৰ জীৱনটো কোনফালে আগুৱাই গৈছে?
৯. আমি সময়ৰ গুৰুত্বতাৰ বিষয়ে লোকসকলক জনোৱাটো কিয় অতি আৱশ্যক?
৯ আজি বহুতে অনুভৱ কৰিছে যে গম্ভীৰ সমস্যা আৰু আতংকিত কৰি তুলা ঘটনাবোৰ এক সাধাৰণ বিষয় হৈ পৰিছে। তেওঁলোকে হয়তো তেনে পৰিস্থিতিৰ মাজত জীয়াই থাকিব লগাৰ বাবে দুখিত হৈছে। কিন্তু তেওঁলোকে বৰ্তমানে দেখা ঘটনাবোৰৰ প্ৰকৃত অৰ্থ বুজি পাইছেনে? আমি যে, “এই জগতৰ শেষ” সময়ত বাস কৰিছোঁ, সেই বিষয়ে তেওঁলোকে জানিব পাৰিছেনে? (মথি ২৪:৩) তেওঁলোকে স্বাৰ্থপৰ, হিংসা আৰু আন আন অঈশ্বৰীয় মনোভাৱবোৰ “শেষ-কালৰ” চিন হিচাপে দৃষ্টি কৰিছেনে? (২ তীমথিয় ৩:১-৫) গতিকে তেওঁলোকক এই সকলোবোৰৰ গুৰুত্বতাৰ বিষয়ে সতৰ্ক কৰি সঠিক পথত চলাৰ সম্বন্ধে জনোৱাটো অতি আৱশ্যক।
১০. আমি পৰ দি থাকিবলৈ হʼলে কি কৰা উচিত?
১০ আমাৰ বিষয়ে কি কʼব পাৰি? আমি প্ৰত্যেকদিনা চাকৰি, স্বাস্থ্য, পৰিয়াল আৰু উপাসনাক লৈ অনেক নিৰ্ণয় লʼবলগীয়া হয়। আমি জানো যে এই বিষয়ে বাইবেলে যি কৈছে, তাৰ অনুসাৰে চলা উচিত। সেইবাবে আমি নিজকে এইদৰে সোধা উচিত: ‘মই জীৱনৰ চিন্তাধাৰাবোৰক আধ্যাত্মিকতাত বাধা হʼবলৈ অনুমতি দিছোঁনে? মই দাৰ্শনিক আৰু জাগতিক বিচাৰধাৰাৰ অনুসাৰে কোনো সিদ্ধান্ত লোৱাৰ সম্পৰ্কে বাছনি কৰিছোঁনে?’ (লূক ২১:৩৪-৩৬; কলচীয়া ২:৮) আমি যে নিজৰ বুজশক্তিৰ পৰিৱৰ্তে যিহোৱাত ভাৰসা ৰাখোঁ, সেই বিষয়ে সদায়ে প্ৰমাণ দিয়া উচিত। (হিতোপদেশ ৩:৫) এনে কৰাৰ দ্বাৰা আমি “প্ৰকৃত জীৱন ধাৰণ” অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যত চিৰকালে জীয়াই থকাৰ দৃঢ় আশা ৰাখিব পাৰিম।—১ তীমথিয় ৬:১২, ১৯.
১১-১৩. (ক) নোহৰ (খ) লোটৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?
১১ বাইবেলত এনে বহুতো সতৰ্কমূলক উদাহৰণ লিপিবদ্ধ আছে, যি আমাক পৰ দি থাকিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, নোহৰ সময়ৰ বিষয়ে বিবেচনা কৰক। যিহোৱাই ধ্বংস অনাৰ বহু সময়ৰ পূৰ্বেই লোকসকলক সতৰ্কবাণী দিয়া হৈছিল। কিন্তু কেৱল নোহ আৰু তেওঁৰ পৰিয়ালক এৰি আন কোনোৱে ইয়াৰ প্ৰতি মনোযোগ নিদিলে। (২ পিতৰ ২:৫) আনকি ইয়াৰ বিষয়ে যীচুৱেও এইদৰে কৈছিল: “নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব। কিয়নো জল-প্লাবনৰ আগেয়ে নোহ, জাহাজত সোমোৱা দিনলৈকে, যেনেকৈ মানুহবিলাকে ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি আছিল, আৰু জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।” (মথি ২৪:৩৭-৩৯) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমাৰ মাজৰ কোনোবাই জীৱনৰ চিন্তাধাৰাত ডুব গৈ আধ্যাত্মিক বিষয়বোৰক দ্বিতীয় স্থান দিছে, তেন্তে তেওঁ ইয়াৰ বিষয়ে গভীৰভাৱে ভাবি চোৱা উচিত।—ৰোমীয়া ১৪:১৭.
১২ লোটৰ সময়ৰ বিষয়ে বিবেচনা কৰক। লোট আৰু তেওঁৰ পৰিয়ালে বাস কৰা চদোম নামৰ নগৰখনৰ নৈতিক অৱস্থা একেবাৰে অধঃপতন ঘটিছিল। গতিকে যিহোৱাই তেওঁৰ দুজন স্বৰ্গদূত পঠিয়াই সেই নগৰখন ধ্বংস কৰিবলৈ নিৰ্ণয় লʼলে। সেই স্বৰ্গদূত দুজনে লোট আৰু তেওঁৰ পৰিয়ালক তাৰ পৰা শীঘ্ৰেই পলাই যাবলৈ আৰু উভটি নাচাবলৈ আজ্ঞা দিছিল। তেওঁলোকে স্বৰ্গদূতৰ আদেশ অনুসাৰে তাৰ পৰা পলাই গʼল। কিন্তু পলাই যোৱাৰ সময়ত লোটৰ ভাৰ্য্যাই সা-সম্পত্তিৰ প্ৰতি থকা হাবিয়াস এৰিব নোৱাৰিলে। পৰিণামস্বৰূপে, তাই পিছলৈ ঘূৰি চোৱাত নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। (আদিপুস্তক ১৯:১৫-২৬) সেইবাবে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছিল: “লোটৰ তিৰোতাক সোঁৱৰা।” আমি সেই সতৰ্কবাণীৰ অনুসাৰে কাৰ্য্য কৰিছোঁনে?—লূক ১৭:৩২.
১৩ সতৰ্কবাণীৰ প্ৰতি মনোযোগ দি নোহ আৰু তেওঁৰ পৰিয়াল, লোট আৰু তেওঁৰ জীয়েকবিলাকে অৱশ্যেই ৰক্ষা পালে। (২ পিতৰ ২:৯) যদি আমি এই সতৰ্কমূলক উদাহৰণবোৰৰ অনুসাৰে চলোঁ, তেন্তে ধাৰ্ম্মিকতাক প্ৰেম কৰা সকলৰ উদ্ধাৰৰ সেই বাৰ্ত্তাৰ প্ৰতি আমাৰো উৎসাহ বৃদ্ধি হʼব। তদুপৰি “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱীত” বাস কৰা ধাৰ্ম্মিকতাৰ সম্বন্ধে কৰা যিহোৱাৰ প্ৰতিজ্ঞাৰ প্ৰতি আমাৰ বিশ্বাস অধিক দৃঢ় হʼব।—২ পিতৰ ৩:১৩.
‘সোধ-বিচাৰৰ সময় আহিল’
১৪, ১৫. (ক) সোধ-বিচাৰৰ “সময়ৰ” সৈতে কি সন্মিলিত আছে? (খ) ‘যিহোৱাক ভয় কৰি, তেওঁৰ গৌৰৱ’ স্বীকাৰ কৰাত কি সন্মিলিত আছে?
১৪ পৰ দি থকাৰ সময়ত আমি আৰু কি অপেক্ষা কৰিব পাৰোঁ? এই বিষয়ে প্ৰকাশিত বাক্যৰ পুস্তকখনত পঢ়িবলৈ পোৱা যায়, যʼত ঈশ্বৰৰ উদ্দেশ্যৰ সম্পৰ্কে একাদিক্ৰমে পূৰ্ণ হোৱাৰ বিষয়ে বৰ্ণনা কৰিছে। যদি আমি যুগুত হৈ থাকিব বিচাৰিছোঁ, তেন্তে সেই অনুসাৰে পদক্ষেপ লোৱাটো উচিত হʼব। ‘প্ৰভুৰ দিনৰ’ আৰম্ভণি অৰ্থাৎ ১৯১৪ চনত যীচু খ্ৰীষ্ট ৰজা হোৱাৰ সময়ৰ পৰা ঘটিবলগীয়া ঘটনাৰ বিষয়ে ভৱিষ্যতবাণীত জীৱন্তভাৱে দাঙি ধৰা হৈছিল। (প্ৰকাশিত বাক্য ১:১০) আনকি এই পুস্তকখনে আমাক সতৰ্ক কৰি কৈছে যে এজন স্বৰ্গদূতক “অনন্ত শুভবাৰ্ত্তা” প্ৰচাৰ কৰিবলৈ দায়িত্ব দিয়া হৈছে। তেওঁ অতি বৰ মাতেৰে এইদৰে কৈছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল।” (প্ৰকাশিত বাক্য ১৪:৬, ৭) সোধ-বিচাৰৰ সেই ‘সময়’ হৈছে এক সংক্ষিপ্ত কাল; যʼত ন্যায়-বিচাৰৰ বাবে কৰা ঘোষণা আৰু কাৰ্য্যত পৰিণত কৰা সন্মিলিত আছে। বৰ্তমান আমি সেই সময়ছোৱাত বাস কৰিছোঁ।
১৫ গতিকে সেই সময়ছোৱা শেষ নোহোৱাৰ আগেয়ে আমাক এইদৰে উৎসাহিত কৰিছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।” ইয়াত কি সন্মিলিত আছে? ইয়াত ঈশ্বৰৰ প্ৰতি উচিত ভয় বিকশিত কৰা সন্মিলিত আছে যি আমাক কুপথত নচলিবলৈ সহায় কৰিব। (হিতোপদেশ ৮:১৩) যদি আমি ঈশ্বৰক শ্ৰদ্ধা কৰোঁ, তেন্তে নিশ্চয়ে তেওঁৰ বাক্যক মনোযোগেৰে শুনিম। আমি নিতৌ বাইবেল পঢ়িবলৈ সময় অতিবাহিত কৰিম আৰু সভাত নিতৌ উপস্থিত থাকিবলৈ দিয়া পৰামৰ্শবোৰৰ প্ৰতি আওকাণ নকৰিম। (ইব্ৰী ১০:২৪, ২৫) তদুপৰি উৎসাহী হৈ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিম আৰু সকলো সময়তে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাত দৃঢ় ভাৰসা ৰাখিম। (গীত ৬২:৮) যিহোৱাক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা মানি সমস্ত জীৱন তেওঁৰ অধীন হৈ থাকিম। বাস্তৱতে আপুনি এই সকলোবোৰ ক্ষেত্ৰত যিহোৱাৰ ভয় মানি তেওঁৰ গৌৰৱ স্বীকাৰ কৰেনে?
১৬. প্ৰকাশিত বাক্য ১৪:৮ পদত মহা-বাবিলৰ সোধ-বিচাৰৰ বিষয়ে কোৱা ভৱিষ্যতবাণী ইতিমধ্যেই পূৰ্ণ হʼল বুলি আমি কিয় কʼব পাৰোঁ?
১৬ সোধ-বিচাৰৰ সময়ত আৰু কি কি ঘটিবলগীয়া আছে, সেই বিষয়ে প্ৰকাশিত বাক্যৰ ১৪ অধ্যায়ত পঢ়িবলৈ পোৱা যায়। সেই অধ্যায়ত মহাবাবিল অৰ্থাৎ মিছা ধৰ্ম্মৰ বিশ্ব সাম্ৰাজ্যক সম্বোধিত কৰি এইদৰে কৈছে: “আন দ্বিতীয় দূত এজনে তেওঁৰ পাছে পাছে ফুৰি কলে, . . . সেই মহা-বাবিল পৰিল, পৰিল।” (প্ৰকাশিত বাক্য ১৪:৮) নিঃসন্দেহ, ঈশ্বৰৰ দৃষ্টিত মহা-বাবিল ইতিমধ্যেই পতন হৈছে। সেয়েহে তেওঁৰ অভিষিক্ত খ্ৰীষ্টানসকলক ১৯১৯ চনত মহা-বাবিলৰ ৰীতি-নীতি আৰু শিক্ষাসমূহৰ বন্ধনৰ পৰা মুক্ত কৰিলে, যি শতাব্দী ধৰি মানৱজাতিৰ ওপৰত শাসন কৰি আহিছে। (প্ৰকাশিত বাক্য ১৭:১, ১৫) সেই সময়ৰে পৰা তেওঁলোকে সত্য উপাসনাৰ প্ৰচাৰ কৰিবলৈ নিজকে সমৰ্পিত কৰিলে। তদুপৰি গোটেই বিশ্বতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰা অভিযান তেতিয়াৰ পৰা বহুলভাৱে আৰম্ভ হʼল।—মথি ২৪:১৪.
১৭. মহা-বাবিলৰ পৰা ওলাই অহাত কি সন্মিলিত আছে?
১৭ মহা-বাবিলৰ ওপৰত ঈশ্বৰৰ সোধ-বিচাৰ কৰাটোতে যে অন্ত হʼব, এনে নহয়। অতি শীঘ্ৰেই তাইক সম্পূৰ্ণকৈ ধ্বংস কৰিবলৈ এতিয়াও বাকী আছে। (প্ৰকাশিত বাক্য ১৮:২১) সেইবাবে বাইবেলে সকলোকে প্ৰেৰিত কৰি এইদৰে কৈছে: “তোমালোকে যেন তাইৰ [মহা-বাবিলৰ] পাপৰ ভাগী নোহোৱা, . . . এই কাৰণে তাইৰ পৰা ওলাই আহাঁ।” (প্ৰকাশিত বাক্য ১৮:৪, ৫) আমি মহা-বাবিলৰ পৰা কেনেকৈ ওলাই আহিব পাৰোঁ? ইয়াৰ বাবে কেৱল মিছা ধৰ্ম্মৰ অভ্যাসবোৰ ত্যাগ কৰাই নহয়, কিন্তু বৰ্তমান সময়ত পালন কৰা উৎসৱ, যৌন-অনৈতিকতাৰ প্ৰতি ৰাখা মনোবৃত্তি, প্ৰেতাত্মাবাদ মনোৰঞ্জনৰ পৰা আঁতৰি থকা আৰু আন আন বেয়া কাৰ্য্যও সন্মিলিত আছে। গতিকে আমি পৰ দি থাকিবলৈ আমাৰ কাৰ্য্যকলাপ আৰু অভিলাষ মহা-বাবিলৰ পৰা পৃথকে আছেনে নাই, সেই বিষয়ে জনা অতি আৱশ্যক।
১৮. প্ৰকাশিত বাক্য ১৪:৯, ১০ পদত বৰ্ণনা কৰা অনুসাৰে মনোযোগী খ্ৰীষ্টানসকলে কিহৰ পৰা আঁতৰি থাকে?
১৮ প্ৰকাশিত বাক্য ১৪:৯, ১০ পদত অন্য এক ক্ষেত্ৰত ঈশ্বৰৰ আহিবলগীয়া সোধ-বিচাৰৰ সময়ৰ বিষয়ে বৰ্ণনা কৰিছে। লক্ষ্য কৰক যে আন এজন স্বৰ্গদূতে কি কৈছে। তেওঁ এইদৰে কৈছে: “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্ত্তিক প্ৰণিপাত কৰে, আৰু নিজৰ কপালত বা হাতত ছাব লয়, তেন্তে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত তেওঁৰ যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেৱোঁ পান কৰিব।” কিয় ক্ৰোধৰূপী পান-পাত্ৰ পান কৰিব? কিয়নো “সেই পশু আৰু তাৰ প্ৰতিমূৰ্ত্তি” মানৱৰ শাসনক চিহ্নিত কৰে যি যিহোৱাক বিশ্বৰ শাসনকৰ্ত্তা হিচাপে স্বীকাৰ নকৰে। গতিকে মনোযোগী খ্ৰীষ্টানসকলে নিজৰ বিচাৰধাৰা বা জীৱন শৈলীৰ দ্বাৰা ঈশ্বৰৰ সাৰ্বভৌমত্বৰ বিৰুধ কৰাৰ পৰা আঁতৰি থাকে। কিয়নো প্ৰকৃত খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰৰ ৰাজ্য ইতিমধ্যেই স্বৰ্গত স্থাপন হʼল আৰু সেই ৰাজ্যই অতি শীঘ্ৰেই মানৱৰ সকলো শাসনক অন্ত কৰি নিজে চিৰকাললৈকে থাকিব।—দানিয়েল ২:৪৪.
সময়ৰ গুৰুত্বতাৰ প্ৰতি আওকাণ নকৰিব!
১৯, ২০. (ক) যেনেকৈ শেষ-কালৰ সময় কাষ চাপি আহিছে, তেনেকৈ চয়তানে কি কৰিবলৈ চেষ্টা কৰিব বুলি আমি নিশ্চিত হʼব পাৰোঁ? (খ) আমি কি কৰিবলৈ দৃঢ়সঙ্কল্প লোৱা উচিত?
১৯ এই শেষ-কালৰ সময় কাষ চাপি অহাৰ বাবে আমি অধিককৈ হেঁচা আৰু প্ৰলোভনৰ সম্মুখীন হʼম। জগতৰ এই পুৰণি ৰীতি-ব্যৱস্থা আৰু অপৰিপূৰ্ণ শৰীৰৰ সৈতে জীয়াই থকাৰ বাবে আমি শাৰীৰিক সমস্যা, বৃদ্ধাৱস্থা, আপোনজনাক মৃত্যুত হেৰুৱা, নিৰুৎসাহ আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে নিন্দাৰ পাত্ৰ হʼবলগীয়া হৈছোঁ। মনত ৰাখক যে আমাৰ প্ৰচাৰ কাৰ্য্যক বন্ধ আৰু নৈতিক স্তৰৰ পৰা বিপথে নিবলৈ চয়তানে প্ৰাণপণে চেষ্টা কৰিছে। (ইফিচীয়া ৬:১১-১৩) গতিকে আমি যি সময়ত বাস কৰিছোঁ, সেই সময়ৰ গুৰুত্বতাৰ প্ৰতি যেন সতৰ্ক হৈ থাকোঁ!
২০ যীচুৱে জানিছিল যে আমি অত্যধিক হেঁচাৰ সম্মুখীন হৈ ঈশ্বৰক উপাসনা কৰিবলৈ ত্যাগ দিব পাৰোঁ। সেইবাবে তেওঁ পৰামৰ্শ দি এইদৰে কৈছিল: “পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা।” (মথি ২৪:৪২) গতিকে আমি সময়ৰ কোন মুহূৰ্ত্তত আছোঁ, সেই বিষয়ে যেন সজাগে থাকোঁ। আঁহক আমাৰ উৎসাহ হ্ৰাস কৰা চয়তানৰ সকলো ধৰণৰ পৰিকল্পনাৰ পৰা সাৱধানে থাকোঁহঁক। তদুপৰি আমি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা নিৰন্তৰে আৰু আগতকৈও উৎসাহেৰে প্ৰচাৰ কৰি থাকিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক। আঁহক আমি “পৰ দি থাকা” সম্বন্ধে দিয়া যীচুৰ পৰামৰ্শক পালন কৰিবলৈ প্ৰাণপণে চেষ্টা কৰোঁহঁক। এনে কৰাৰ দ্বাৰা আমি যিহোৱাৰ গৌৰৱ আৰু অনন্ত জীৱনৰ ভাগী হোৱা সকলৰ এজন সদস্য হʼব পাৰিম। (w05 10/1)
আপুনি উত্তৰ দিব পাৰিবনে?
• ‘পৰ দি থকাৰ’ সম্বন্ধে যীচুৱে কোৱা পৰামৰ্শটো প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবেও যে প্ৰযোজ্য হয় বুলি আমি কেনেকৈ জানিব পাৰোঁ?
• বাইবেলৰ কেনে সতৰ্কমূলক উদাহৰণবোৰে আমাক ‘পৰ দি থাকিবলৈ’ সহায় কৰে?
• সোধ-বিচাৰৰ সময় কি আৰু ইয়াৰ সমাপ্তি হোৱাৰ আগেয়ে আমাক কি কৰিবলৈ আগ্ৰহ কৰা হৈছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৪ পৃষ্ঠাৰ ছবি]
মহা-বাবিলৰ ধ্বংসৰ সময় কাষ চাপিলহি
[২৫ পৃষ্ঠাৰ ছবি]
আঁহক আমি আগতকৈ অধিক উৎসাহ আৰু দৃঢ়তাৰে প্ৰচাৰ কৰোঁহঁক