Skip to content

Skip to table of contents

অহঙ্কাৰী মনোবৃত্তি বিকশিত নকৰিবলৈ সাৱধান হওক

অহঙ্কাৰী মনোবৃত্তি বিকশিত নকৰিবলৈ সাৱধান হওক

অহঙ্কাৰী মনোবৃত্তি বিকশিত নকৰিবলৈ সাৱধান হওক

“ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়।”—যাকোব ৪:৬.

১. উপযুক্তভাৱে গৌৰৱ অনুভৱ কৰাৰ এটা উদাহৰণ দিয়ক।

 আপুনি এনে কোনো কাৰণৰ বাবে কেতিয়াবা গৌৰৱ কৰা যেন অনুভৱ কৰিছেনে? আমাৰ বহুতে তেনে আনন্দময় অনুভূতিৰ অভিজ্ঞতা হৈছে। আমি অলপ পৰিমাণে গৌৰৱ অনুভৱ কৰাটো কোনো বেয়া নহয়। উদাহৰণস্বৰূপে, এহাল খ্ৰীষ্টান দম্পতীয়ে তেওঁলোকৰ জীয়েকৰ বিষয়ে স্কুলৰ পৰা উত্তম আচাৰ-ব্যৱহাৰ আৰু কঠিন পৰিশ্ৰমৰ ৰিপোৰ্ট শুনিবলৈ পাই তেওঁলোকে সন্তুষ্টি আৰু গৌৰৱ অনুভৱ কৰিছিল। পাঁচনি পৌল আৰু তেওঁৰ সঙ্গীসকলে স্থাপন কৰা নতুন মণ্ডলীৰ ভাই-ভনীসকলে অত্যন্ত নিৰ্য্যাতনটো সহন কৰি বিশ্বাসত দৃঢ় হৈ থকা দেখিবলৈ পাই গৌৰৱ কৰিছিল।—১ থিচলনীকীয়া ১:১, ৬; ২:১৯, ২০; ২ থিচলনীকীয়া ১:১, ৪.

২. আমি অনুভৱ কৰা আত্মগৌৰৱ কেতিয়াবা কিয় অবাঞ্চনীয় হʼব পাৰে?

ওপৰত উল্লেখ কৰা উদাহৰণৰ পৰা আমি এইটো জানিব পাৰিলোঁ যে গৌৰৱ হৈছে এক আনন্দময় অনুভূতি, যি কোনো কাৰ্য্য সম্পন্ন বা সম্পত্তি লাভ কৰি পোৱা যায়। কিন্তু সাধাৰণতে লোকসকলে প্ৰতিফলিত কৰা গৌৰৱত স্বাৰ্থপৰতা, নিজৰ পাৰগতা, সৌন্দৰ্য্যতা, সা-সম্পত্তি বা সমাজত পোৱা স্থানৰ বাবে নিজকে শ্ৰেষ্ঠ বুলি কোৱা মনোবৃত্তি দেখিবলৈ পোৱা যায়। এনে ধৰণৰ গৌৰৱে প্ৰায়ে মতগৰ্বী আৰু অভিমানী মনোভাৱ প্ৰকাশ কৰে। এনে ধৰণৰ হানিকাৰক গৌৰৱ বিকশিত কৰাৰ পৰা প্ৰকৃত খ্ৰীষ্টানসকলে অৱশ্যেই আঁতৰি থকা উচিত। কিয় আঁতৰি থকা উচিত? কিয়নো আমাৰ পূৰ্ব পিতৃ আদমৰ পৰা পোৱা উত্তৰাধিকাৰৰ বাবে এনে স্বাৰ্থপৰতাত আমি জন্ম হৈছোঁ। (আদিপুস্তক ৮:২১) ফলস্বৰূপে, আমাৰ হৃদয়ত সহজে ভুল কাৰণৰ বাবে আত্মগৌৰৱতাৰ মনোভাৱে স্থান লʼব পাৰে। উদাহৰণস্বৰূপে, প্ৰকৃত খ্ৰীষ্টানসকলে নিজৰ জাতি, সা-সম্পত্তি, শিক্ষা, স্বাভাৱিক পাৰগতা বা কাৰ্য্যসাধনক আনৰ সৈতে তুলনা কৰি আত্মগৌৰৱ কৰাৰ পৰা নিশ্চয়ে আঁতৰি থকা উচিত। কিয়নো এনে ধৰণৰ বিষয়ত আত্মগৌৰৱ কৰাটো অনুপযুক্ত আৰু ই যিহোৱাৰ মন অসন্তুষ্টি কৰে।—যিৰিমিয়া ৯:২৩; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; ১ কৰিন্থীয়া ৪:৭; গালাতীয়া ৫:২৬; ৬:৩, ৪.

৩. অহঙ্কাৰ কি আৰু এই বিষয়ে যীচুৱে কি কৈছিল?

অনুপযুক্ত গৌৰৱ বিকশিত কৰাৰ আন এক কাৰণ আছে। যদি আমি আমাৰ হৃদয়ত তেনে ধৰণৰ আত্মগৌৰৱ বিকশিত কৰোঁ, তেনেহʼলে ই আমাক অহঙ্কাৰী হোৱালৈ পৰিচালিত কৰিব। অহঙ্কাৰ কি? নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি ভৱাৰ উপৰিও এজন অহঙ্কাৰী ব্যক্তিয়ে আনক নিম্ন জ্ঞান কৰিব পাৰে। (লূক ১৮:৯; যোহন ৭:৪৭-৪৯) যীচুৱে “অহংকাৰ” গুণটোক এজন ব্যক্তিৰ “চিত্তৰ পৰা” ওলোৱা এনে বেয়া গুণবোৰৰ সৈতে উল্লেখ কৰিছে, যিয়ে এজনক “অশুচি কৰে।” (মাৰ্ক ৭:২০-২৩) এতেকে প্ৰকৃত খ্ৰীষ্টানসকলে উপলব্ধি কৰা উচিত যে তেনে অহঙ্কাৰী হৃদয় বিকশিত কৰাৰ পৰা আঁতৰি থকাটো কিমান গুৰুত্বপূৰ্ণ।

৪. অহঙ্কাৰৰ সম্বন্ধে বাইবেলত উল্লেখ কৰা উদাহৰণবোৰে আমাক কেনেকৈ সহায় কৰিব পাৰে?

অহঙ্কাৰৰ সম্বন্ধে আপুনি কিছুমান বাইবেলৰ উদাহৰণক বিবেচনা কৰি অহঙ্কাৰী হোৱাৰ পৰা আঁতৰি থাকিব পাৰে। এইদৰে আপুনি নিজকে এনে স্থানত ৰাখিব পাৰিব, যʼৰ পৰা নিৰীক্ষণ কৰিব পাৰিব যে আপোনাৰ অন্তৰত তেনে কোনো অনুচিত গৌৰৱ মনোবৃত্তিয়ে বাহ লৈছে নে নাই বা ভৱিষ্যতে তেনে কোনো সম্ভাৱনা আছেনে। ইয়ে আপোনাক অহঙ্কাৰী হৃদয় বিকশিত কৰাৰ পৰা সম্পূৰ্ণকৈ আঁতৰি থাকিবলৈ সহায় কৰিব। ফলস্বৰূপে, আপুনি এনে অনুচিত মনোবৃত্তিৰ দ্বাৰা প্ৰভাৱিত নহʼব, যেতিয়া ঈশ্বৰে তেওঁৰ সাৱধানবাণীৰ সামঞ্জস্যত কাৰ্য্য কৰিব, যʼত এইদৰে কৈছে: “মই সেই দিনা গৰ্ব্বেৰে উল্লাস কৰোঁতা তোমাৰ লোকবিলাকক তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে তুমি মোৰ পবিত্ৰ পৰ্ব্বতত আৰু অহঙ্কাৰ নকৰিবা।”—চফনিয়া ৩:১১.

ঈশ্বৰে অহঙ্কাৰীক ন্যায় কৰে

৫, ৬. ফৌৰণ ৰজাই কিদৰে নিজৰ অহঙ্কাৰ মনোবৃত্তি প্ৰকাশ কৰিলে আৰু তাৰ কেনে পৰিণাম হʼল?

অহঙ্কাৰীসকলৰ প্ৰতি যিহোৱা ঈশ্বৰে কেনে দৃষ্টি ৰাখে, সেই বিষয়ে আপুনি নিজেই শক্তিশালী শাসনকৰ্ত্তা ফৰৌণ ৰজাৰ সৈতে তেওঁ কৰা আচৰণত লক্ষ্য কৰিব পাৰে। তাত কোনো সন্দেহ নাছিল যে ফৰৌণ ৰজাৰ হৃদয় অহঙ্কাৰী হৈছিল। তেওঁ নিজকে এজন ঈশ্বৰৰ তুল্য জ্ঞান কৰি তেওঁক উপাসনা কৰা আৱশ্যক বুলি ভাবি ইস্ৰায়েলসকলক দাসত্ব কৰি হেয়জ্ঞান কৰিছিল। অৰণ্যলৈ গৈ যিহোৱাৰ উদ্দেশ্যে “উৎসৱ কৰিবলৈ” ইস্ৰায়েলসকলে অনুমতি বিচৰাত তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল, সেই বিষয়ে বিবেচনা কৰাক। অহঙ্কাৰী হৈ ফৰৌণ ৰজাই এইদৰে উত্তৰ দিছিল, “যিহোৱা নো কোন, যে, মই তেওঁৰ কথা শুনি ইস্ৰায়েলক এৰি দিম?”—যাত্ৰাপুস্তক ৫:১, ২.

ফৌৰণ ৰজাক ছটা উপদ্ৰৱেৰে পীড়িত কৰাৰ পিছত, যিহোৱা ঈশ্বৰে মোচিক মিচৰৰ শাসক জনক এইদৰে সুধিবলৈ কʼলে: “এতিয়ালৈকে তুমি মোৰ প্ৰজাবিলাকৰ ওপৰত অহঙ্কাৰ কৰি, সিবিলাকক এৰি দিবলৈ অসন্মত” আছানে? (যাত্ৰাপুস্তক ৯:১৭) তেতিয়া মোচিয়ে সপ্তম উপদ্ৰৱ অৰ্থাৎ শিলাবৃষ্টি হোৱাৰ বিষয়ে ঘোষণা কৰিলে। দশম উপদ্ৰৱ হোৱাৰ পিছত ফৌৰণ ৰজাই ইস্ৰায়েলসকলক মুক্তি দিলে, কিন্তু পিছলৈ তেওঁৰ মন সলনি হোৱাত তেওঁলোকৰ পিছে পিছে খেদি গʼল। অৱশেষত ফৌৰণ ৰজা আৰু তেওঁৰ সৈন্য সামন্তৰে সৈতে চূফ সাগৰৰ ফান্দত পৰে। কল্পনা কৰক যে চূফ সাগৰৰ পানীয়ে তেওঁলোকক ঢাকি ধৰাৰ সময়ত তেওঁলোকে কি ভাবিছিল! ফৌৰণ ৰজাই অহঙ্কাৰী হোৱাৰ কেনে পৰিণাম হʼল? তেওঁৰ শক্তিশালী সৈন্য বাহিনীয়ে এইদৰে কৈছিল: “আহাঁ, আমি ইস্ৰায়েলৰ সম্মুখৰ পৰা পলাওঁহঁক; কিয়নো যিহোৱাই সিহঁতৰ ফলীয়া হৈ, মিচৰীয়াবিলাকৰ বিৰুদ্ধে যুজ কৰিছে।”—যাত্ৰাপুস্তক ১৪:২৫.

৭. বাবিলৰ শাসকসকলে কেনেকৈ অহঙ্কাৰ মনোবৃত্তি প্ৰকাশ কৰিছিল?

তদুপৰি আন আন অহঙ্কাৰী শাসকসকলেও যিহোৱাৰ দ্বাৰা লজ্জিত হʼবলগীয়া হৈছিল। তেওঁলোকৰ ভিতৰত এজন আছিল, অচূৰৰ ৰজা চন্‌হেৰীব। (যিচয়া ৩৬:১-৪, ২০; ৩৭:৩৬-৩৮) সময় অতিবাহিত হোৱাত অচূৰক বাবিলে পৰাস্ত কৰে আৰু অহঙ্কাৰৰ বাবে বাবিলৰ দুজন ৰজাও যিহোৱা ঈশ্বৰৰ দ্বাৰা অপদস্থ হʼবলগীয়া হʼল। তেওঁলোকৰ এজন অৰ্থাৎ বেল্‌চচৰ ৰজাৰ বিষয়ে বিবেচনা কৰক। তেওঁ নিজৰ ৰাজকীয় অতীথিবিলাকৰ সৈতে যিহোৱাৰ মন্দিৰৰ পৰা অনা পাত্ৰবোৰত দ্ৰাক্ষাৰস পান কৰি বাবিলৰ দেৱ-দেৱীবোৰক প্ৰশংসা কৰিছিল। সেই মুহূৰ্ততে এজন মানুহৰ হাতৰ আঙুলি ওলাই ৰাজগৃহৰ দেৱালত এক বাৰ্ত্তা লিখিলে। সেই ৰহস্যময় লিখনীৰ বিষয়ে বুজাই দিবলৈ কোৱাত দানিয়েল ভৱিষ্যতবক্তাই বেল্‌চচৰক এইদৰে কʼলে: “হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদ্‌নেচৰক ৰাজ্য, . . . দিছিল। কিন্তু যেতিয়া তেওঁৰ মন ওফন্দি পৰিল, . . . তেতিয়া তেওঁক ৰাজসিংহাসনৰ পৰা খেদোৱা হল, আৰু তেওঁৰ পৰা তেওঁৰ গৌৰৱ নিয়া হল। হে বেল্‌চচৰ, তেওঁৰেই পুত্ৰ যি আপুনি, আপুনি সেই সকলো জানিও, আপোনাৰ মন নম্ৰ কৰা নাই।” (দানিয়েল ৫:৩, ১৮, ২০, ২২) সেই নিশাই মাদীয়া-পাৰস্যৰ সৈন্য বাহিনীয়ে বাবিল প্ৰদেশ জয় কৰি বেল্‌চচৰ ৰজাক বধ কৰে।—দানিয়েল ৫:৩০, ৩১.

৮. যিহোৱাই আন আন অহঙ্কাৰী ব্যক্তিসকলৰ সৈতে কেনে আচৰণ কৰিলে?

যিহোৱাৰ লোকসকলক তুচ্ছজ্ঞান কৰা আন অহঙ্কাৰী ব্যক্তিসকলৰ বিষয়েও বিবেচনা কৰক। তেওঁলোকৰ নাম আছিল, পলেষ্টীয়া দেশৰ দত্যকায় ব্যক্তি গলিয়াথ, পাৰস্যৰ প্ৰধান মন্ত্ৰী হামন, যিহূদাত শাসন কৰা হেৰোদ ৰজা। তেওঁলোকে নিজৰ অহঙ্কাৰী মনোবৃত্তিৰ বাবে ঈশ্বৰৰ হাতত এক অপমানজনকভাৱে মৃত্যুবৰণ কৰিবলগীয়া হʼল। (১ চমূৱেল ১৭:৪২-৫১; ইষ্টেৰ ৩:৫, ৬; ৭:১০; পাঁচনিৰ কৰ্ম্ম ১২:১-৩, ২১-২৩) যিহোৱা ঈশ্বৰে সেই অহঙ্কাৰী সকলৰ সৈতে কৰা আচৰণত এই সত্যতা প্ৰকাশ পায়, যʼত এইদৰে কৈছে: “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।” (হিতোপদেশ ১৬:১৮) ইয়াত কোনো সন্দেহ নাই যে, “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়।”—যাকোব ৪:৬.

৯. তূৰ দেশৰ ৰজা কেনেকৈ বিশ্বাসঘাতক হৈ পৰিল?

মিচৰ, অচূৰ আৰু বাবিলৰ অহঙ্কাৰী শাসকসকলৰ বিপৰীতে তূৰ নগৰৰ ৰজা ঈশ্বৰৰ লোকসকলৰ বাবে সহায়ক প্ৰমাণিত হৈছিল। দায়ূদ আৰু চলোমন ৰজাৰ শাসন কালত তূৰ নগৰৰ ৰজাই ৰাজকীয় ভৱন আৰু ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ নিপুণ কাৰিকৰ আৰু ভৌতিক বস্তুৰ প্ৰবন্ধ কৰিছিল। (২ চমূৱেল ৫:১১; ২ বংশাৱলি ২:১১-১৬) দুখৰ বিষয় এই যে, এটা সময়ত তূৰৰ লোকসকলে যিহোৱাৰ লোকসকলৰ বিৰুদ্ধে আহিল। কিহৰ বাবে তেনে ঘটিল?—গীত ৮৩:৩-৭; যোৱেল ৩:৪-৬; আমোচ ১:৯, ১০.

“তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল”

১০, ১১. (ক) তূৰ দেশৰ ৰজাবিলাকক কাৰ সৈতে তুলনা কৰিব পাৰি? (খ) ইস্ৰায়েলসকলৰ প্ৰতি থকা তূৰ দেশৰ ৰজাবিলাকৰ দৃষ্টিভঙ্গী কিহে সলনি কৰিলে?

১০ যিহোৱা ঈশ্বৰে তূৰ দেশৰ ৰাজবংশৰ বিৰুদ্ধে কʼবলৈ যিহিষ্কেল ভৱিষ্যতবক্তাক প্ৰেৰিত কৰিলে। যিহিষ্কেলে কোৱা সেই বাৰ্ত্তাত “তূৰৰ ৰজাৰ বিষয়ে” আছিল যি তূৰৰ ৰাজবংশ আৰু আচল বিশ্বাসঘাটক চয়তানৰ বাবে একেবাৰে উপযুক্ত আছিল, যিজন “সত্যত নাথাকে।” (যিহিষ্কেল ২৮:১২; যোহন ৮:৪৪) এটা সময়ত চয়তান যিহোৱাৰ স্বৰ্গীয় সংগঠনৰ এজন আনুগত্যপূৰ্ণ আত্মিক ব্যক্তি আছিল। তেনে বিৰোধিতাৰ সম্পৰ্কে যিহিষ্কেলৰ দ্বাৰা যিহোৱা ঈশ্বৰে চয়তান আৰু তূৰ ৰাজবংশৰ বিষয়ে এইদৰে নিৰ্দ্দেশিত কৰিছিল:

১১ “তুমি ঈশ্বৰৰ বাৰী এদনত আছিলা; . . . সকলো বহুমূল্য পাথৰ, আৰু সোণ তোমাৰ আবৰণ আছিল; . . . তুমি ঢাকি ধৰোঁতা অভিষিক্ত কৰূব আছিল; . . . তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰা তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা। তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে, আৰু তুমি পাপ কৰাৰ কাৰণে . . . হে ঢাকি ধৰোঁতা কৰূব, . . . মই তোমাক লুপ্ত কৰিলোঁ। . . . তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা।” (যিহিষ্কেল ২৮:১৩-১৭) দৰাচলতে, অহঙ্কাৰে তূৰৰ ৰজাবিলাকক যিহোৱাৰ লোকসকলক অত্যাচাৰ কৰিবলৈ প্ৰেৰিত কৰিলে। কিয়নো তূৰ দেশ বাণিজ্যিক কেন্দ্ৰ হিচাপে এখন অত্যন্ত ধনী আৰু ইয়াৰ সুন্দৰ উৎপাদনসমূহৰ বাবে প্ৰসিদ্ধ আছিল। (যিচয়া ২৩:৮, ৯) তূৰ দেশৰ ৰজাবিলাকে কেৱল নিজৰ বিষয়ে ভাবি ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰিব ধৰিলে।

১২. কিহে চয়তানক আনুগত্যহীন হʼবলৈ পৰিচালিত কৰিলে আৰু সি একেৰাহে কি কৰিছে?

১২ একেইদৰে, আত্মিক প্ৰাণী চয়তানো এসময়ত ঈশ্বৰে দিয়া যিকোনো দায়িত্ব সম্পন্ন কৰিবলৈ জ্ঞানী আছিল। সি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱাৰ পৰিৱৰ্তে “অহঙ্কাৰৰূপ ধূঁৱাত ধূঁৱাকুঁৱা” লাগিল আৰু ঈশ্বৰে কৰা শাসন-প্ৰণালীক তুচ্ছজ্ঞান কৰিব ধৰিলে। (১ তীমথিয় ৩:৬) সি নিজৰ বিষয়ে অধিককৈ ভাবিব ধৰিলে আৰু তেনে মনোভাৱে তাক আদম আৰু হৱাৰ পৰা উপাসনা পাবলৈ পৰিচালিত কৰিলে। সেই দুষ্ট মনোবাঞ্ছাই বৃদ্ধি হৈ পাপ প্ৰসৱ কৰিলে। (যাকোব ১:১৪, ১৫) চয়তানে হৱাক প্ৰলোভিত কৰি এনে এজোপা গছৰ ফল খুৱালে, যাৰ বিষয়ে ঈশ্বৰে নিষেধ কৰিছিল। তাৰ পিছত চয়তানে হৱাৰ দ্বাৰা আদমকো সেই নিষেধ কৰা ফল খুৱালে। (আদিপুস্তক ৩:১-৬) এইদৰে প্ৰথম মানৱ দম্পতীয়ে ঈশ্বৰৰ উপযুক্ত শাসনক প্ৰত্যাখ্যান কৰি চয়তানৰ উপাসক হৈ পৰিল। চয়তানৰ অহঙ্কাৰৰ কোনো সীমা নাই। সি যিহোৱাৰ সাৰ্বভৌমত্বক প্ৰত্যাখ্যান কৰি তাৰ উপাসনা কৰিবলৈ স্বৰ্গ আৰু পৃথিৱীত থকা বুদ্ধিমান প্ৰাণীবোৰ, আনকি যীচু খ্ৰীষ্টকো প্ৰলোভিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল।—মথি ৪:৮-১০; প্ৰকাশিত বাক্য ১২:৩, ৪, ৯.

১৩. অহঙ্কাৰে কেনে ধৰণৰ ফল উৎপন্ন কৰে?

১৩ আপুনি লক্ষ্য কৰিব পাৰিলে যে, কেনেকৈ অহঙ্কাৰ হৈছে চয়তানৰ পৰা উৎপন্ন হোৱা গুণ আৰু ইয়ে হৈছে পাপ, দুখ-কষ্ট ভুগা আৰু বৰ্তমান জগতত হোৱা সকলো ভ্ৰষ্টাচাৰৰ মূল কাৰণ। এই ‘যুগৰ দেৱতা,’ অৰ্থাৎ চয়তানে লোকসকলৰ মনত একেৰাহে গৌৰৱৰ অনুচিত অনুভূতি আৰু অহঙ্কাৰপূৰ্ণ মনোভাৱ বিকশিত কৰিছে। (২ কৰিন্থীয়া ৪:৪) চয়তানে জানে যে তাৰ বিনাশ হোৱাৰ সময় একেবাৰে কাষ চাপি আহিল, সেয়েহে সি সকলো প্ৰকৃত খ্ৰীষ্টানৰ অহিতে যুদ্ধ কৰিছে। তাৰ প্ৰধান লক্ষ্য হৈছে সকলোৱে নিজকে প্ৰীতি কৰোঁতা, দৰ্পী আৰু অহঙ্কাৰী হৈ যিহোৱাক উপাসনা কৰিবলৈ ত্যাগ কৰা। এই বিষয়ে বাইবেলে আগতেই ভৱিষ্যতবাণী কৰিছিল যে এই “শেষ-কালত” স্বাৰ্থপৰতা মনোবৃত্তি এটা সাধাৰণ বিষয় হৈ পৰিব।—২ তীমথিয় ৩:১, ২; প্ৰকাশিত বাক্য ১২:১২, ১৭.

১৪. যিহোৱা ঈশ্বৰে কেনে শাসনৰ দ্বাৰা তেওঁৰ বুদ্ধিমন্ত প্ৰাণীৰ ওপৰত শাসন কৰিব?

১৪ যীচুৱে চয়তানৰ অহঙ্কাৰৰ ফলত উৎপন্ন হোৱা উৱলি যোৱা ফলবোৰৰ বিষয়ে সাহসী হৈ প্ৰকাশ কৰিলে। অন্ততঃ তিনিটা উপলক্ষ্যত আৰু ধৰ্ম্মাভিমানী শত্ৰুসকলৰ উপস্থিতিত যীচুৱে এনে এক শাসন প্ৰতিষ্ঠা কৰিলে যাৰ দ্বাৰা যিহোৱা ঈশ্বৰে মানৱৰ ওপৰত শাসন কৰিব, সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হব।”—লূক ১৪:১১; ১৮:১৪; মথি ২৩:১২.

নিজৰ হৃদয়ক অহঙ্কাৰৰ পৰা ৰক্ষা কৰক

১৫, ১৬. কিহৰ বাবে হাগাৰ অহঙ্কাৰী হৈছিল?

১৫ আপুনি ওপৰত দিয়া উদাহৰণবোৰত অহঙ্কাৰ মনোবৃত্তি দেখুৱা প্ৰসিদ্ধ ব্যক্তিবোৰক শাস্তি বিহা লক্ষ্য কৰিব পাৰিলে। ইয়াৰ অৰ্থ এইটোনে যে সাধাৰণ মানৱে অহঙ্কাৰ নকৰে? অৱশ্যেই নহয়। উদাহৰণস্বৰূপে, অব্ৰাহামৰ ঘৰুৱা জীৱনৰ বিষয়ে বিবেচনা কৰক। সেই আদিপুৰুষ আৰু তেওঁৰ স্ত্ৰী চাৰাৰ কোনো সন্তান নাছিল আৰু চাৰাৰ সন্তান উৎপন্ন কৰা ক্ষমতাও লুপ্ত হৈছিল। সেই সময়ৰ প্ৰথা অনুসাৰে তেনে অৱস্থাত অব্ৰাহামে দ্বিতীয় বিবাহ কৰি সন্তান জন্ম কৰিব পাৰে। প্ৰকৃত উপাসকসকলৰ মাজত ঈশ্বৰে বিবাহৰ সম্পৰ্কে থকা তেওঁৰ মূল ব্যৱস্থা স্থাপন কৰিবলৈ সময় তেতিয়াও নোহোৱাৰ বাবে, তেনে বিবাহ প্ৰবন্ধ চলিবলৈ দিলে।—মথি ১৯:৩-৯.

১৬ চাৰাই কোৱাত অব্ৰাহামে তাইৰ মিচৰীয়া বান্দী হাগাৰক বিবাহ কৰি সন্তান উৎপন্ন কৰি চাৰালৈ উত্তৰাধিকাৰী প্ৰদান কৰিবলৈ মান্তি হʼল। যেনেকৈ অব্ৰাহামৰ দ্বিতীয় পত্নী হাগাৰ গৰ্ভৱতী হয়, তাই পোৱা মৰ্য্যাদাৰ গভীৰ সন্মান দেখুৱাব লাগিছিল। তাৰ বিপৰীতে, হাগাৰৰ হৃদয় অহঙ্কাৰ হৈ পৰে। সেই বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তাই নিজকে গৰ্ভৱতী হোৱা জানি, তাইৰ গৰাকিয়ণীক তাইৰ আগত নীহ যেন দেখিলে।” পিছলৈ তেনে মনোবৃত্তিৰ বাবে অব্ৰাহামৰ ঘৰত গৃহ কন্দল লাগিল আৰু চাৰাই তাইক ঘৰৰ পৰা খেদি পঠালে। কিন্তু এই সমস্যাৰ এটা সমাধান আছিল। ঈশ্বৰৰ স্বৰ্গদূতে হাগাৰক পৰামৰ্শ দি এইদৰে কʼলে: “তুমি তোমাৰ গৰাকিয়ণীৰ ওচৰলৈ উভটি গৈ, তেওঁৰ বশীভূত হোৱা।” (আদিপুস্তক ১৬:৪, ৯) তাতে হাগাৰে সেই পৰামৰ্শৰ অনুসাৰে চাৰাৰ প্ৰতি থকা নিজৰ মনোবৃত্তি সলনি কৰিলে আৰু পিছলৈ বহতো লোকৰ আদিমাতৃ হৈছিল।

১৭, ১৮. আমি সকলোৱে কিয় অহঙ্কাৰ মনোবৃত্তি বিকশিত কৰাৰ পৰা আঁতৰি থকা উচিত?

১৭ হাগাৰৰ দৃষ্টান্তৰ পৰা এইটো জানিব পৰা যায় যে যেতিয়া কোনো এজনৰ অৱস্থাৰ উন্নতি হয়, তেতিয়া সেই ব্যক্তিজনে অহঙ্কাৰী হৈ পৰিব পাৰে। ইয়াৰ পৰা আমি এইটো শিকিব পাৰোঁ যে নম্ৰ হৃদয়েৰে উপাসনা কৰা এজন খ্ৰীষ্টান ব্যক্তিয়ে ধন-সম্পত্তি বা অধিকাৰ লাভ কৰাৰ পিছত অহঙ্কাৰী হʼব পাৰে। তদুপৰি তেনে অহঙ্কাৰী মনোবৃত্তি তেতিয়াও বিকশিত হʼব পাৰে, যেতিয়া আনে তেওঁৰ সফলতা, জ্ঞান বা পাৰগতাৰ বাবে প্ৰশংসা কৰে। দৰাচলতে, এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে অহঙ্কাৰক কেতিয়াও নিজৰ হৃদয়ত স্থান দিয়া উচিত নহয়। আনকি এইটো তেনে ব্যক্তিসকলৰ বাবেও প্ৰযোজ্য হয়, যিসকলে সফলতা বা অধিক দায়িত্ব লাভ কৰিছে।

১৮ হৃদয়ৰ পৰা সম্পূৰ্ণকৈ অহঙ্কাৰক আঁতৰ কৰাৰ শক্তিশালী কাৰণটো হৈছে, সেই সম্পৰ্কে ঈশ্বৰীয় দৃষ্টিভঙ্গী বজাই ৰাখা। সেয়েহে ঈশ্বৰৰ বাক্যই এইদৰে বৰ্ণনা কৰিছে: “দুষ্টবোৰৰ প্ৰদীপস্বৰূপ গৰ্ব্ব চকু আৰু অহঙ্কাৰী মন পাপময়।” (হিতোপদেশ ২১:৪) মন কৰিবলগীয়া বিষয় এই যে, বাইবেলে খ্ৰীষ্টানসকলক সতৰ্ক কৰি এইদৰে পৰামৰ্শ দিছে, “যিবিলাক ইহলোকত ধনৱন্ত, . . .তেওঁবিলাক উচ্চমনা” বা “অহঙ্কাৰী” নহওক। (১ তীমথিয় ৬:১৭; দ্বিতীয় বিবৰণ ৮:১১-১৭) যিসকল খ্ৰীষ্টান ব্যক্তি ধনৱান নহয়, তেওঁলোকেও “কুদৃষ্টি” ৰাখাৰ পৰা আঁতৰি থকা আৱশ্যক আৰু মনত ৰাখা উচিত যে ধনী বা দুখীয়াই নহওক কিয়, যি কোনো ব্যক্তিৰ হৃদয়ত অহঙ্কাৰ মনোভাৱ উৎপন্ন হʼব পাৰে।—মাৰ্ক ৭:২১-২৩; যাকোব ৪:৫.

১৯. কি প্ৰকাৰে উজ্জিয়াই নিজৰ ভাল কাৰ্য্যৰ অভিলেখ ধ্বংস কৰে?

১৯ অহঙ্কাৰ আৰু আন বেয়া গুণবোৰে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক ধ্বংস কৰিব পাৰে। উদাহৰণস্বৰূপে, উজ্জিয়া ৰজাৰ শাসনৰ সময়ত কি ঘটিছিল, সেই বিষয়ে বিবেচনা কৰক: “তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য্য অনুসাৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে। . . . তেওঁ ঈশ্বৰক বিচাৰ কৰি থাকিল; তেওঁ যিমান কাল যিহোৱাক বিচাৰ কৰিলে, সিমান কাল ঈশ্বৰে তেওঁক কৃতকাৰ্য্য হবলৈ দিলে।” (২ বংশাৱলি ২৬:৪, ৫) দুখৰ বিষয় এই যে, উজ্জিয়াই নিজৰ সকলো ভাল কাৰ্য্যৰ অভিলেখ ভঙ্গ কৰি “তেওঁৰ মন এনেকৈ বাঢ়িল, যে, তেওঁ দুষ্কৰ্ম্ম কৰিলে।” তেওঁ নিজকে অধিক মহান বুলি ভাবিব ধৰিলে আৰু ধূপ-বেদিৰ ওপৰত ধূপ জলাবলৈ মন্দিৰত প্ৰৱেশ কৰিলে। যেতিয়া পুৰোহিতসকলে তেওঁক তেনে নকৰিবলৈ সাৱধান কৰিলে, তেতিয়া “উজ্জিয়াৰ বৰ খং উঠিল” আৰু মদগৰ্বী হৈ কাৰ্য্য কৰিলে। ফলস্বৰূপে, যিহোৱাই তেওঁক কুষ্ঠৰোগৰ দ্বাৰা পীড়িত কৰিলে আৰু ঈশ্বৰক অসন্তুষ্টি কৰা অৱস্থাত মৃত্যু হয়।—২ বংশাৱলি ২৬:১৬-২১.

২০. (ক) কিদৰে হিষ্কিয়া ৰজাৰ ভাল কাৰ্য্যৰ অভিলেখ বিপদপন্ন হৈছিল? (খ) পিছৰ লেখটোত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২০ আনহাতে আপুনি উজ্জিয়া ৰজাৰ উদাহৰণৰ তুলনা হিষ্কিয়া ৰজাৰ সৈতে কৰিব পাৰে। এটা সময়ত “তেওঁৰ মন গৰ্ব্বী” হোৱাত হিষ্কিয়াৰ ভাল কাৰ্য্যৰ অভিলেখ বিপদপন্ন হৈছিল। আনন্দৰ বিষয় এই যে, হিষ্কিয়াই “নিজ মনৰ গৰ্ব্ব বুজি নিজকে নম্ৰ কৰিলত” ঈশ্বৰৰ অনুমোদন লাভ কৰিলে। (২ বংশাৱলি ৩২:২৫, ২৬) লক্ষ্য কৰক যে হিষ্কিয়াই গৰ্ব্ব অৰ্থাৎ অহঙ্কাৰৰ পৰিৱৰ্তে নিজকে নম্ৰ কৰিলে। বাস্তৱতে অহঙ্কাৰৰ বিপৰীত গুণটো হৈছে নম্ৰ। সেইবাবে আমি পিছৰ লেখটোত প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ নম্ৰতা গুণটো বিকশিত কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰিম।

২১. নম্ৰ মনৰ খ্ৰীষ্টানসকলে কিহৰ বাবে আশা কৰিব পাৰে?

২১ এতেকে আঁহক আমি কেতিয়াও নাপাহৰোঁহঁক যে বেয়া ফলবোৰে অহঙ্কাৰ উৎপন্ন কৰে। যিহেতু “ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ” হোৱাৰ বাবে আমি সকলোৱে এনে অনুচিত গৌৰৱ বিকশিত কৰাৰ পৰা আঁতৰি থকা উচিত। আমি নম্ৰ মনৰ খ্ৰীষ্টান ব্যক্তি হʼবলৈ চেষ্টা কৰি থাকি ঈশ্বৰে অহঙ্কাৰীবিলাকক পৃথিৱীৰ পৰা উচ্ছন্ন কৰা সময়ছোৱাত ঈশ্বৰৰ সেই মহান দিনত উদ্ধাৰ পোৱাৰ আশা ৰাখিব পাৰোঁ। কিয়নো “মানুহৰ উচ্চতা অৱনত হব, আৰু লোকবিলাকৰ গৰ্ব্ব খৰ্ব্ব হব; সেই দিনা কেৱল যিহোৱাহে উন্নত হব।”—যিচয়া ২:১৭. (w05 10/15)

ধ্যান কৰিবলগীয়া বিষয়বোৰ

• আপুনি এজন অহঙ্কাৰী ব্যক্তিৰ বিষয়ে কিদৰে বৰ্ণনা কৰিব?

• অহঙ্কাৰৰ মূল কি?

• কিহে এজন ব্যক্তিক অহঙ্কাৰী কৰিব পাৰে?

• আমি কিয় অহঙ্কাৰী মনোবৃত্তি বিকশিত কৰাৰ পৰা আঁতৰি থকা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৬ পৃষ্ঠাৰ ছবি]

হাগাৰৰ অৱস্থা উন্নত হোৱাত তাই অহঙ্কাৰী হৈ পৰিছিল