Skip to content

Skip to table of contents

আপুনি ঈশ্বৰৰ সৈতে চলিবনে?

আপুনি ঈশ্বৰৰ সৈতে চলিবনে?

আপুনি ঈশ্বৰৰ সৈতে চলিবনে?

‘নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলা।’—মীখা ৬:৮.

১, ২. যিহোৱা ঈশ্বৰে আমাৰ প্ৰতি কেনে অনুভৱ কৰে, সেই বিষয়ে বুজিবলৈ লʼৰা-ছোৱালীক চলিবলৈ শিকোৱা পিতৃ-মাতৃৰ সৈতে কেনেকৈ তুলনা কৰিব পাৰি?

 এটি কণমানি শিশুৱে থৰক-বৰককৈ থিয় হৈ পিতৃ-মাতৃয়ে আগবঢ়োৱা হাত দুখন ধৰিবলৈ আগবাঢ়ি যায় আৰু এইদৰে শিশুটিয়ে প্ৰথম খোজ দিবলৈ শিকে। ই এক সামান্য বিষয় যেন বোধ হʼলেও, পিতৃ-মাতৃৰ বাবে এক বিশেষ মুহূৰ্ত্ত আৰু এক উজ্জ্বল ভৱিষ্যতৰ আভাস দিয়ে। পিতৃ-মাতৃয়ে আগ্ৰহেৰে সেই সময় বা মাহ আৰু বছৰলৈ অপেক্ষা কৰি থাকে, যেতিয়া শিশুটিয়ে তেওঁলোকৰ হাতত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰিব। কিদৰে তেওঁলোকে শিশুটিক নিৰ্দ্দেশনা আৰু ভৱিষ্যতৰ বাবে কেনেকৈ ভৌতিক আৰু মানসিক সহায় আগবঢ়াব, সেই বিষয়ে বিভিন্ন আশা ৰাখে।

যিহোৱা ঈশ্বৰেও পৃথিৱীত থকা তেওঁৰ লʼৰা-ছোৱালীবোৰৰ প্ৰতি সেই একেই অনুভূতি ৰাখে। সেয়েহে তেওঁ নিজৰ লোক ইস্ৰায়েল বা ইফ্ৰয়মিক এইদৰে কৈছিল: “মই ইফ্ৰয়মিক খোজ কাঢ়িবলৈ শিকালোঁ তেওঁবিলাকক মোৰ কোলাত ললোঁ; . . . মই মানুহৰ যোগ্য ৰছীৰে, প্ৰেমজৰীৰে তেওঁবিলাকক টানি আনিলোঁ।” (হোচেয়া ১১:৩, ৪) ইয়াত যিহোৱা ঈশ্বৰে নিজকে এজন মৰমিয়াল পিতৃ বুলি বৰ্ণনা কৰিছে, যিজনে ধৈৰ্য্যৰে নিজৰ লʼৰা-ছোৱালীক খোজ কাঢ়িবলৈ শিকাই আৰু কেতিয়াবা উজুতি খাই পৰিলে তেওঁলোকক কোলাত তুলি লয়। দৰাচলতে, যিহোৱাই হৈছে উত্তম পিতৃ আৰু আমি কিদৰে চলিব লাগে সেই বিষয়ে শিকোৱাত আগ্ৰহী। তদুপৰি আমি যেনেকৈ উন্নতি কৰোঁ, তেওঁ আমাৰ সৈতে থাকিবলৈ আনন্দিত হয়। এই বিষয়ে আমাৰ মুখ্য পদটোৱে দাঙি ধৰিছে যে, আমি বাস্তৱতে ঈশ্বৰৰ সৈতে চলিব পাৰোঁ! (মীখা ৬:৮) কিন্তু ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি? আমি কিয় ঈশ্বৰৰ সৈতে চলা উচিত? আমি ঈশ্বৰৰ সৈতে কেনেকৈ চলিব পাৰোঁ? ঈশ্বৰৰ সৈতে চলি আমি কেনে আশীৰ্ব্বাদবোৰ লাভ কৰিম? আঁহক আমি এই চাৰিটা প্ৰশ্নক বিবেচনা কৰি চাওঁহঁক।

ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি?

৩, ৪. (ক) ঈশ্বৰৰ সৈতে চলাৰ সম্পৰ্কে তেওঁৰ বাক্যই দাঙি ধৰা ছবিখনৰ তাৎপৰ্য্যতা কি? (খ) ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি?

এইটো সঁচা যে মানুহে নিজৰ মানৱীয় শৰীৰে প্ৰকৃততে যিহোৱাৰ সৈতে চলিব নোৱাৰে। কিয়নো তেওঁ হৈছে এজন আত্মিক ব্যক্তি। (যাত্ৰাপুস্তক ৩৩:২০; যোহন ৪:২৪) কিন্তু বাইবেলত মানুহে ঈশ্বৰৰ সৈতে চলা বুলি লাক্ষণিক অৰ্থত বুজাইছে। ইয়াত উল্লেখ কৰা বাক্যৰ দ্বাৰা এনে এক ছবি দাঙি ধৰিছে, যি কোনো জাতি, সংস্কৃতি আৰু সময়ে বাধা দিব নোৱাৰে। লোকসকলে যʼতে বা যি সময়তে বাস নকৰক কিয়, তেওঁলোকে সহজে এজনে আনজনৰ সৈতে চলা বুলি কোৱা উক্তিটো বুজি নাপাবনে? এই বাক্যশাৰীত দাঙি ধৰা ছবিয়ে আৱেগিক তীব্ৰতা আৰু নিবিড় সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰা নাইনে? এনে ধৰণৰ অনুভূতিয়ে আমাক ঈশ্বৰৰ সৈতে চলাৰ আচল অৰ্থ কি, সেই বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। গতিকে আঁহক আমি এই বিষয়ে ভালকৈ নিৰীক্ষণ কৰোঁহঁক।

বিশ্বাসী হনোক আৰু নোহৰ বিষয়ে স্মৰণ কৰক। তেওঁলোকে ঈশ্বৰৰ সৈতে চলা বুলি কিয় বৰ্ণনা কৰা হৈছে? (আদিপুস্তক ৫:২৪; ৬:৯) বাইবেলত উল্লেখ কৰা “চলাচল” উক্তিটোৰ অৰ্থ হৈছে প্ৰায়ে কোনো বিশেষ কাৰ্য্যৰ পথ অনুকৰণ কৰা। হনোক আৰু নোহে যিহোৱা ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ নিৰ্ণয় লৈছিল। তেওঁলোকে সেই সময়ৰ লোকসকলৰ বিপৰীতে যিহোৱাৰ পথ-প্ৰদৰ্শন বিচাৰি আজ্ঞাকাৰী হৈ ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিছিল। তেওঁলোকে সম্পূৰ্ণকৈ যিহোৱাৰ ওপৰত ভাৰসা ৰাখিছিল। ইয়াৰ অৰ্থ এইটোনে যে, যিহোৱাই তেওঁলোকৰ বাবে সকলো নিৰ্ণয় কৰিছিল? অৱশ্যেই নহয়। যিহোৱাই মানৱজাতিক স্বতন্ত্ৰ ইচ্ছা প্ৰদান কৰিছে। গতিকে তেওঁ বিচাৰে যে আমি পোৱা সেই উপহাৰ “পৰীক্ষা কৰি” যেন ব্যৱহাৰ কৰোঁ। (ৰোমীয়া ১২:২) আমি যিহোৱাৰ চিৰকলীয়া সকলোতকৈ উত্তম মনেৰে নিৰ্দ্দেশিত হৈ পৰীক্ষা কৰি যেন কোনো নিৰ্ণয় লওঁ। (হিতোপদেশ ৩:৫, ৬; যিচয়া ৫৫:৮, ৯) ইয়াৰ ফলস্বৰূপে, আমি আমাৰ সমস্ত জীৱনধাৰাত যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি চলিম।

৫. যীচুৱে এজনৰ আয়ুস এহাতকে বঢ়াব নোৱাৰে বুলি কিয় কৈছিল?

বাইবেলত প্ৰায়ে জীৱনটোক যাত্ৰা বা চলাৰ সৈতে তুলনা কৰিছে। কিছুমান ক্ষেত্ৰত পোনপটীয়াকৈ তুলনা কৰিছে, কিন্তু আনবোৰ ক্ষেত্ৰত আংশিকভাৱে ভাৱ প্ৰকাশ কৰা হৈছে। উদাহৰণস্বৰূপে, যীচুৱে কোৱা এই কথাশাৰী বিবেচনা কৰক, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?” (মথি ৬:২৭) আপোনাক এই শব্দবোৰৰ কিছুমানে বিভ্ৰম কৰা যেন বোধ কৰিব পাৰে। যীচুৱে এজন ব্যক্তিৰ “আয়ুস” অৰ্থাৎ সময় “এহাতকে” অৰ্থাৎ অলপ দূৰলৈকে বঢ়াব নোৱাৰে বুলি কিয় কৈছিল? a ইয়াত যীচুৱে জীৱনক এক পথৰ সৈতে তুলনা কৰিছিল। দৰাচলতে, তেওঁ কৈছিল যে চিন্তাই আপোনাৰ জীৱন পথৰ অলপ দৈৰ্ঘ্যতাও বৃদ্ধি কৰাত আপোনাক সহায় নকৰে। গতিকে আমি এই সিদ্ধান্তত উপনীত হোৱা উচিতনে যে, সেই পথৰ দৈৰ্ঘ্যতা বৃদ্ধি কৰিবলৈ একো কৰিব নোৱাৰোঁ? অৱশ্যেই নহয়! ইয়ে আমাক দ্বিতীয় প্ৰশ্নটোলৈ পৰিচালিত কৰে যে, আমি কিয় ঈশ্বৰৰ সৈতে চলা উচিত?

আমি কিয় ঈশ্বৰৰ সৈতে চলা উচিত?

৬, ৭. অসিদ্ধ মানৱৰ কেনে জৰুৰী আৱশ্যকতা আছে আৰু সেই আৱশ্যকতা পূৰণ কৰিবলৈ আমি কিয় যিহোৱাৰ নিৰ্দ্দেশনা বিচৰা উচিত?

আমি কিয় যিহোৱা ঈশ্বৰৰ সৈতে চলা উচিত, সেই বিষয়ে এটা কাৰণ যিৰিমিয়া ১০:২৩ পদত এইদৰে বৰ্ণনা কৰিছে: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” গতিকে মানুহে নিজৰ জীৱনৰ পথত সঠিকভাৱে চলিবলৈ ক্ষমতা নাই। আমাক অৱশ্যেই নিৰ্দ্দেশনাৰ আৱশ্যক। যিসকলে ঈশ্বৰৰ পৰা স্বাধীন হৈ নিজৰ পথত চলিবলৈ চেষ্টা কৰে, তেওঁলোকেও আদম আৰু হৱাৰ দৰে একেই ভুল কৰে। আমাৰ আদি পিতৃ-মাতৃয়ে তেওঁলোকৰ বাবে কি ভাল আৰু কি বেয়া নিজেই নিৰ্ণয় কৰিব বুলি সিদ্ধান্ত লʼলে। (আদিপুস্তক ৩:১-৬) তেনেদৰে সিদ্ধান্ত লোৱাটো আমাৰ “নিজ অধিকাৰত” নাই।

জীৱনৰ পথত নিৰ্দ্দেশনাৰ আৱশ্যক বুলি আপুনি অনুভৱ নকৰেনে? আমি প্ৰত্যেক দিনা লোৱা নিৰ্ণয় সৰু বা ডাঙৰ আৰু কিছুমান গুৰুত্বৰ নহওক কিয়, সেইয়া আমাৰ অথবা আমাৰ প্ৰিয়জনাৰ ভৱিষ্যতক প্ৰভাৱিত কৰিব পাৰে। ক্ষন্তেক চিন্তা কৰক যে যিজন আমাতকৈ বহু অভিজ্ঞ আৰু বুদ্ধিমান, তেওঁ আমালৈ প্ৰেমময় নিৰ্দ্দেশনা প্ৰদান কৰিবলৈ সদায়ে আনন্দিত হয়! দুখৰ বিষয় এই যে, আজি বহুতে নিজৰ ওপৰত ভাৰসা ৰাখি নিজৰ বিচাৰধাৰা আৰু নিজৰ খোজ নিৰ্ণয় কৰিব বিচাৰে। তেনে কৰি আচলতে তেওঁলোকে হিতোপদেশ ২৮:২৬ পদত কোৱা সত্যতাৰ প্ৰতি আওকাণ কৰে, যʼত এইদৰে কৈছে: “যি মানুহে নিজৰ মনত ভাৰসা কৰে, সি অজ্ঞান; কিন্তু যি মানুহে প্ৰজ্ঞাৰূপ পথত চলে, তেওঁ ৰক্ষা পায়।” যিহোৱাই বিচাৰে যে আমি নিজৰ কপটময় হৃদয়ৰ ওপৰত ভাৰসা কৰাৰ ফলস্বৰূপে হোৱা বিপদসমূহৰ পৰা যেন ৰক্ষা পাওঁ। (যিৰিমিয়া ১৭:৯) সেয়েহে আমি আমাৰ জ্ঞানী নিৰ্দ্দেশক আৰু পথ-প্ৰদৰ্শকৰ ওপৰত ভাৰসা কৰি বুদ্ধিমানেৰে চলাটো ঈশ্বৰে কামনা কৰে। যেতিয়া আমি তেনেদৰে চলোঁ, তেতিয়া আমাৰ জীৱন নিৰাপদ, সন্তুষ্টি আৰু সফল হয়।

৮. পাপ আৰু অসিদ্ধতাই মানৱক স্বাভাৱিকতে কেনে লক্ষ্যলৈ পৰিচালিত কৰে, তথাপিও যিহোৱাই আমাৰ বাবে কি বিচাৰে?

ঈশ্বৰৰ সৈতে চলাত আন এক কাৰণ অন্তৰ্ভুক্ত হৈ আছে আৰু সেয়া হৈছে, আমি কিমান পৰিমাণে তেওঁৰ সৈতে চলিব বিচাৰোঁ। এই বিষয়ে বাইবেলে এক দুখজনক সত্যতা বৰ্ণনা কৰিছে। এক অৰ্থত কʼবলৈ গʼলে সকলো অসিদ্ধ মানৱে একেই দিশত গতি কৰি আছে। বৃদ্ধ অৱস্থাত আহিবলগীয়া ক্লেশবোৰৰ বিষয়ে বৰ্ণনা কৰি উপদেশক ১২:৪ পদত এইদৰে কৈছে: “মানুহ তেওঁৰ অনন্ত ঘৰলৈ যাব লগা হয়, আৰু বিলাপ কৰোঁতাবিলাকে বাটত ফুৰে।” এই ‘অনন্ত ঘৰ’ কি? এইটো হৈছে, সাধাৰণতে পাপ আৰু অসিদ্ধতাই আমাক পৰিচালনা কৰা সমাধিস্থল। (ৰোমীয়া ৬:২৩) কিন্তু আমি জন্মৰ পৰা মৃত্যু হোৱা এই খন্তেকীয়া জীৱনতকৈ যিহোৱাই আমাৰ বাবে আৰু অধিক কিছু বিচাৰে। (ইয়োব ১৪:১) একমাত্ৰ ঈশ্বৰৰ সৈতে চলিহে আমি চিৰকাললৈ তেওঁ বিচাৰাৰ দৰে চলিবলৈ আশা কৰিব পাৰোঁ। আপুনি তেনেদৰে নিবিচাৰেনে? তেতিয়াহʼলে আপুনি নিশ্চয়ে আপোনাৰ স্বৰ্গীয় পিতৃৰ সৈতে চলা আৱশ্যক।

আমি ঈশ্বৰৰ সৈতে কেনেকৈ চলিব পাৰোঁ?

৯. এটা সময়ত যিহোৱাই লোকসকলৰ পৰা নিজকে কিয় লুকুৱাই ৰাখিছিল আৰু যিচয়া ৩০:২০ পদৰ অনুসাৰে কেনে আশ্বাস প্ৰদান কৰিছে?

বিবেচনা কৰিবলগীয়া তৃতীয় প্ৰশ্নটোৰ প্ৰতি আমি অধিক মনোযোগ দিয়া উচিত। সেই প্ৰশ্নটো হৈছে, আমি ঈশ্বৰৰ সৈতে কেনেকৈ চলিব পাৰোঁ? এই প্ৰশ্নটোৰ উত্তৰ আমি যিচয়া ৩০:২০, ২১ পদত পাব পাৰোঁ, যʼত এইদৰে কৈছে: “তোমাৰ শিক্ষকবিলাক আৰু লুকাই নাথাকিব, আৰু তোমাৰ চকুৱে তোমাৰ শিক্ষকবিলাকক দেখিবলৈ পাব; আৰু তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবৰ সময়ত, তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” যিহোৱাৰ বাক্যত লিপিবদ্ধ কৰা এই উৎসাহজনক বাক্যশাৰীয়ে ২০ পদত তেওঁৰ লোকসকলে ঈশ্বৰৰ অহিতে বিৰোধ কৰাত এইদৰে সোঁৱৰাই দিছিল আৰু প্ৰকৃততে তেওঁ লোকবিলাকৰ পৰা নিজকে লুকুৱাই ৰাখিছিল। (যিচয়া ১:১৫; ৫৯:২) ইয়াত যিহোৱাই নিজকে লুকুৱাই ৰখা যেন প্ৰকাশ কৰা নাই, কিন্তু নিজৰ বিশ্বাসী লোকসকলৰ আগত স্পষ্টকৈ নিজকে প্ৰকাশ কৰে। ইয়াত আমি কল্পনা কৰিব পাৰোঁ যে এজন শিক্ষকে বিদ্যাৰ্থীসকলৰ সন্মুখত থিয় হৈ তেওঁলোকৰ আৱশ্যকীয় শিক্ষা প্ৰদান কৰিছে।

১০. কি অৰ্থত আমি শিক্ষকজনে আমাৰ ‘কাণে পাছৰ পৰা কোৱা বাক্য শুনিবলৈ’ পাওঁ?

১০ যিচয়া ৩০:২১ পদত এক ভিন্ন ছবি দাঙি ধৰিছে। ইয়াত যিহোৱাই নিজকে এনেদৰে দাঙি ধৰিছে, যেন তেওঁ লোকসকলৰ পিছত চলি উপযুক্ত পথত চলিবলৈ নিৰ্দ্দেশনা প্ৰদান কৰিছে। বাইবেলৰ বিদ্বানসকলে এই উক্তিটোৰ বিষয়ে কৈছে যে, এনে উক্তি এজন মেৰৰখীয়াই কেতিয়াবা নিজৰ মেৰবোৰৰ পিছে পিছে চলি সেইবিলাকক ভুল পথত নাযাবলৈ নিৰ্দ্দেশনা প্ৰদান কৰা পদ্ধতিৰ ওপৰত আধাৰিত হʼব পাৰে। এই বাক্যটোৱে দাঙি ধৰা ছবি আমাৰ বাবে কেনেকৈ প্ৰযোজ্য হয়? যেতিয়া নিৰ্দ্দেশনাৰ বাবে আমি ঈশ্বৰৰ বাক্য পঢ়োঁ, আচলতে আমি হাজাৰ বছৰৰ পূৰ্বে লিখা বাক্যবোৰক মনোযোগেৰে চাওঁ। সময়ৰ গতিত সেইবোৰ আমাৰ পিছফালৰ পৰা অহে। সেইবোৰ যদিও বহু বছৰৰ পূৰ্বে লিখা হৈছিল, তথাপিও বৰ্তমান সময়ৰ বাবে যুক্তিসঙ্গত হয়। বাইবেলৰ পৰামৰ্শই আমাক দৈনন্দিন জীৱনত নিৰ্ণয় লʼবলৈ নিৰ্দ্দেশনা আৰু ভৱিষ্যত জীৱনৰ বাবেও সহায় প্ৰদান কৰে। (গীত ১১৯:১০৫) যেতিয়া আমি আন্তৰিকতাৰে সেই পৰামৰ্শবোৰ বিচাৰি সেইবোৰৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰ আমাৰ পথ-প্ৰদৰ্শক হৈ পৰে। এইদৰে আমি ঈশ্বৰৰ সৈতে চলোঁ।

১১. যিৰিমিয়া ৬:১৬ পদৰ অনুসাৰে যিহোৱাই তেওঁৰ লোকসকলক আমন্ত্ৰণ কৰি কেনে ছবি দাঙি ধৰিছে, কিন্তু তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১১ আমি বাস্তৱতে ঈশ্বৰৰ বাক্যক তেনেদৰে নিবিড়ভাৱে আমাক নিৰ্দ্দেশিত কৰিবলৈ সুবিধা দিছোঁনে? এই ক্ষেত্ৰত আমি নিজকে অকপটভাৱে পৰীক্ষা কৰাটো উত্তম হʼব। তেনেদৰে কৰাত আমাক সহায় কৰিবলৈ এটা পদ বিবেচনা কৰক, যʼত এইদৰে কৈছে: “যিহোৱাই এই কথা কৈছে যে, তোমালোকে চাৰি আলিৰ মূৰত থিয় হৈ চোৱা, আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবা।” (যিৰিমিয়া ৬:১৬) এই বাক্যশাৰীয়ে আমাক হয়তো সেই পথিকজনৰ বিষয়ে সুঁৱৰাই দিয়ে, যিজনে চাৰি আলিত থিয় হৈ যাবলগীয়া সঠিক দিশটো জানিব বিচাৰিছে। আধ্যাত্মিক অৰ্থত যিহোৱাক বিৰোধ কৰা ইস্ৰায়েলৰ লোকসকলে সেই একেইদৰে কৰা আৱশ্যক আছিল। তেওঁলোকে “প্ৰাচীন পথবোৰৰ বিষয়ে” সুধি সেই পথত উভটি অহা আৱশ্যক আছিল। কিয়নো সেই ‘উত্তম পথত’ তেওঁলোকৰ পূৰ্ব-পুৰুষসকলে চলিছিল, যি পথৰ পৰা তেওঁলোকে অবিবেচকভাৱে আঁতৰি গৈছিল। দুখৰ বিষয় এই যে, ইস্ৰায়েলসকলে যিহোৱাৰ সেই প্ৰেমময় সুঁৱৰণিৰ প্ৰতি কাঠচিতিয়া হৈ কোনো মনোযোগ নিদিলে। সেই একেই পদত আগলৈ এইদৰে কৈছে: “কিন্তু তেওঁবিলাকে কলে, আমি তাত নচলোঁ।” বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে এই পৰামৰ্শক আন্তৰিকতাৰে পালন কৰিছে।

১২, ১৩. (ক) যিৰিমিয়া ৬:১৬ পদত উল্লেখ কৰা পৰামৰ্শটোৰ প্ৰতি অভিষিক্ত বৰ্গৰ সদস্যসকলে কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) আমি বৰ্তমান সময়ত চলা পথটোৰ বিষয়ে কেনেকৈ নিজকে পৰীক্ষা কৰিব পাৰোঁ?

১২ যিহেতু ১৯ শতিকাৰ পিছত খ্ৰীষ্টৰ অভিষিক্ত বৰ্গৰ অনুগামীসকলে যিৰিমিয়া ৬:১৬ পদৰ পৰামৰ্শক পালন কৰিলে। এক বৰ্গ হিচাপে তেওঁলোকে আন্তৰিকতাৰে সেই ‘প্ৰাচীন পথবোৰলৈ’ উভটি গʼল। তেওঁলোকে খ্ৰীষ্টীয় জগতৰ সদস্যসকলৰ বিপৰীতে বিশ্বাসী হৈ যীচুৱে স্থাপন কৰা আৰু প্ৰথম শতিকাৰ অনুগামীসকলে সমৰ্থন কৰা সেই ‘নিৰাময় বাক্যৰ আৰ্হিক’ ধৰি থাকিল। (২ তীমথিয় ১:১৩) বৰ্তমান সময়ত খ্ৰীষ্টীয়জগতে ত্যাগ কৰা সেই হিতজনক, আনন্দময় জীৱনধাৰাক অনুকৰণ কৰিবলৈ অভিষিক্ত বৰ্গৰ লোকসকলে এজনে আনজনক আৰু একেইদৰে ‘অন্য মেৰ’ বৰ্গৰ সঙ্গীসকলক সহায় কৰিছে।—যোহন ১০:১৬.

১৩ উচিত সময়ত আধ্যাত্মিক আহাৰ প্ৰদান কৰি বিশ্বাসী বুদ্ধিমান দাসবৰ্গই আজি লাখ লাখ লোকক ‘প্ৰাচীন পথবোৰত’ চলিবলৈ সহায় কৰিছে। (মথি ২৪:৪৫-৪৭) আপুনিও সেই লাখ সংখ্যকৰ মাজৰ এজননে? যদি হয়, তেন্তে পুৰাতন পথত পুনৰাই ঘূৰি নাযাবলৈ কি কৰিব পাৰে? আপুনি জীৱনৰ যি পথত চলিছে, সেই বিষয়ে মাজে-সময়ে পৰীক্ষা কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। যদি আপুনি বাইবেল, বৰ্তমান সময়ত অভিষিক্ত বৰ্গই প্ৰবন্ধ কৰা বাইবেল আধাৰিত প্ৰকাশনসমূহ পঢ়িছে আৰু সভাবোৰত নিয়মীয়াকৈ উপস্থিত হৈছে, তেন্তে আপুনি ঈশ্বৰৰ সৈতে চলিবলৈ প্ৰশিক্ষণ লাভ কৰিছে। যেতিয়া আপুনি নম্ৰভাৱে সেই পৰামৰ্শবোৰৰ অনুসাৰে চলে, তেতিয়া আপুনি অৱশ্যেই ঈশ্বৰৰ সৈতে চলি ‘প্ৰাচীন পথবোৰক’ অনুকৰণ কৰে।

“অদৃশ্য জনাক দেখা পোৱাৰ দৰে” চলক

১৪. যদি যিহোৱা ঈশ্বৰ আমাৰ বাবে বাস্তৱিক হয়, তেন্তে আমি লোৱা ব্যক্তিগত নিৰ্ণয়বোৰত কেনেকৈ প্ৰকাশ কৰিম?

১৪ আমি যিহোৱা ঈশ্বৰৰ সৈতে চলিবলৈ আমাৰ বাবে তেওঁ নিশ্চয়ে বাস্তৱিক হোৱা উচিত। লক্ষ্য কৰক যে, যিহোৱা ঈশ্বৰে প্ৰাচীন সময়ৰ বিশ্বাসী ইস্ৰায়েলসকলক তেওঁ তেওঁলোকৰ চকুৰ আগৰ পৰা লুকাই থকা নাই বুলি আশ্বাস দিছিল। বৰ্তমান সময়তো তেওঁ একেইদৰে নিজৰ লোকসকলৰ আগত নিজকে মহান শিক্ষক বুলি প্ৰকাশ কৰিছে। আপোনাৰ সম্মুখত প্ৰকৃততে থিয় হৈ থকা শিক্ষকজনৰ দৰে যিহোৱা আপোনাৰ বাবে বাস্তৱিকনে? ঈশ্বৰৰ সৈতে চলিবলৈ আমি মোচিৰ দৰে বিশ্বাস ৰাখা আৱশ্যক। কিয়নো মোচিয়ে “অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:২৭) যদি যিহোৱা আমাৰ বাবে বাস্তৱিক হয়, তেন্তে আমি লোৱা নিৰ্ণয়ৰ সময়ত তেওঁ কেনে অনুভৱ কৰিব পাৰে বুলি তেওঁৰ অনুভূতিৰ বিষয়ে অৱশ্যেই বিবেচনা কৰিম। উদাহৰণস্বৰূপে, আমি এনে কোনো ভুল কাৰ্য্য কৰা আৰু আমাৰ পাপবোৰক খ্ৰীষ্টান প্ৰাচীন বা পৰিয়ালৰ সদস্যসকলৰ আগত লুকুৱাবলৈ চেষ্টা কৰাৰ বিষয়ে কেতিয়াও ভাবিব নোৱাৰোঁ। ইয়াৰ বিপৰীতে আমি তেনেবোৰ ক্ষেত্ৰতো ঈশ্বৰৰ সৈতে চলিবলৈ চেষ্টা কৰিম, যিবোৰক আন মানুহে দেখা নাপায়। প্ৰাচীন সময়ৰ ৰজা দায়ূদৰ দৰে আমি এইদৰে ঠিৰাং কৰিম: “মই সাৱধানে সিদ্ধ পথত চলিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰত মই শুদ্ধ মনেৰে আচৰণ কৰিম।”—গীত ১০১:২.

১৫. আমাৰ আধ্যাত্মিক ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি যিহোৱাক বাস্তৱিকৰূপে দৃষ্টি কৰিবলৈ আমি কেনেকৈ সহায় লাভ কৰিম?

১৫ আমি অসিদ্ধ, পাৰ্থিৱ সৃষ্টি আৰু কোনো কোনো সময়ত তেওঁক দেখি নোপোৱাৰ বাবে বিশ্বাস কৰিবলৈ কঠিন হয় বুলি যিহোৱাই ভালদৰে জানে। (গীত ১০৩:১৪) এনে দুৰ্ব্বলতাবোৰক আঁতৰ কৰাত আমাক সহায় কৰিবলৈ তেওঁ বহুতো ব্যৱস্থা কৰিছে। উদাহৰণস্বৰূপে, পৃথিৱীৰ সকলো জাতিৰ পৰা তেওঁ আমাক “নিজ নামৰ নিমিত্তে” একগোট কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৫:১৪) আমি ঐক্যতাৰে তেওঁৰ সেৱা কৰি এজনে আনজনক বিশ্বাসত শক্তিশালী কৰোঁ। আমাৰ আধ্যাত্মিক ভাই-ভনীসকলক যিহোৱাই বিশেষ কিছুমান দুৰ্ব্বলতা বা কঠিন পৰীক্ষাৰ সময়ত সহন কৰিবলৈ কেনেকৈ সহায় কৰিলে, সেই বিষয়ে শুনিবলৈ পাই ঈশ্বৰ আমাৰ বাবে অধিক বাস্তৱিক হৈ পৰে।—১ পিতৰ ৫:৯.

১৬. যীচুৰ বিষয়ে জানি আমি ঈশ্বৰৰ সৈতে চলিবলৈ কেনেকৈ সহায় লাভ কৰিম?

১৬ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যিহোৱাই আমাৰ সম্মুখত তেওঁৰ পুত্ৰ যীচুৱে ৰাখা আৰ্হি প্ৰস্তুত কৰিলে। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) গতিকে যীচুৰ পাৰ্থীৱ জীৱনৰ বিষয়ে অধ্যয়ন কৰি আমি যিহোৱাক অধিক বাস্তৱিকৰূপে দেখা পাব পাৰিম। কিয়নো যীচুৱে যি কৈছিল বা কৰিছিল, তাত সম্পূৰ্ণকৈ তেওঁৰ স্বৰ্গীয় পিতৃৰ ব্যক্তিত্ব আৰু পদ্ধতিবোৰ প্ৰকাশ পাইছিল। (যোহন ১৪:৯) সেইবাবে আমি কোনো নিৰ্ণয় লোৱাৰ সময়ত ভালদৰে বিবেচনা কৰি চোৱা উচিত যে, এই বিষয়টোক যীচুৱে কেনেকৈ সমাধান কৰিলেহেঁতেন। যেতিয়া আমাৰ নিৰ্ণয়বোৰত এনে ধৰণৰ সাৱধান আৰু প্ৰাৰ্থনাপূৰ্বক মনোভাব প্ৰকাশ পাই, তেতিয়া আমি খ্ৰীষ্টৰ পদচিহ্নৰ অনুগামী হওঁ। (১ পিতৰ ২:২১) এইদৰে আমি ঈশ্বৰৰ সৈতে চলোঁ।

ঈশ্বৰৰ সৈতে চলি কেনে আশীৰ্ব্বাদবোৰ লাভ কৰিম?

১৭. যদি আমি যিহোৱাৰ পথত চলোঁ, তেন্তে আমাৰ প্ৰাণত কেনে “বিশ্ৰাম” বিচাৰি পাম?

১৭ যিহোৱা ঈশ্বৰৰ সৈতে চলি আমি জীৱনত আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। যিহোৱাই তেওঁৰ লোকসকলৰ বাবে এক “উত্তম পথ” বিচাৰি দিবলৈ কি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে লক্ষ্য কৰক। তেওঁ এইদৰে কৈছিল: “তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবা।” (যিৰিমিয়া ৬:১৬) “বিশ্ৰাম” পোৱাৰ অৰ্থ কি? বিশ্ৰাম পোৱাৰ অৰ্থ এইটোনে যে জীৱনটোত আনন্দ আৰু লাহ-বিলাহেৰে ভৰি পৰিব? অৱশ্যেই নহয়। যিহোৱাই তাতকৈ উত্তম কিবা প্ৰদান কৰিব, যিটো সকলোতকৈ ধনী ব্যক্তিৰ মাজতো দেখিবলৈ পোৱা নাযায়। আপোনাৰ প্ৰাণত বিশ্ৰাম পাবলৈ মানসিক শান্তি, আনন্দ, আত্মসন্তুষ্টি আৰু আধ্যাত্মিকতা পূৰ্ণ হোৱা আৱশ্যক। এনে বিশ্ৰামৰ অৰ্থ হৈছে আপুনি যি পথৰ বাছনি কৰিছে সেইয়া আপোনাৰ জীৱনত সকলোতকৈ উত্তম পথ বুলি নিশ্চয়তা ৰাখা। তেনে ধৰণৰ মানসিক শান্তি এই সমস্যাপূৰ্ণ জগতত পোৱাটো বাস্তৱতে এক আশীৰ্ব্বাদৰ বিষয় নহয়নে বাৰু!

১৮. যিহোৱাই আপোনাক কেনে আশীৰ্ব্বাদ দিব বিচাৰিছে আৰু আপুনি কেনে দৃঢ় নিৰ্ণয় লোৱা উচিত?

১৮ এইটো সঁচা যে আমি লাভ কৰা জীৱনটো বাস্তৱতে এক মহান আশীৰ্ব্বাদ। ক্ষন্তেক সময়ৰ বাবে চলাতকৈ নচলাটোৱেই উত্তম হʼব। আনকি যিহোৱা ঈশ্বৰেও আপুনি ডেকা কালৰ পৰা লৈ বৃদ্ধ অৱস্থালৈকে দুখ আৰু কষ্টৰ মাজেৰে জীৱন-যাপন কৰাটো নিবিচাৰে। দৰাচলতে, যিহোৱা ঈশ্বৰে বিচাৰে যে আপুনিও যেন সেই সকলো মহান আশীৰ্ব্বাদ লাভ কৰে। আপুনি চিৰকালৰ বাবে তেওঁৰ সৈতে চলাটো তেওঁ বিচাৰে! এই বিষয়ে মীখা ৪:৫ পদত ভালকৈ বৰ্ণনা কৰিছে: “আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।” আপুনি সেই আশীৰ্ব্বাদ লাভ কৰিবলৈ বিচাৰিবনে? আপুনি যিহোৱাই “প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ” আমন্ত্ৰণ কৰা সেই সময়ত জীয়াই থাকিব বিচাৰিবনে? (১ তীমথিয় ৬:১৯) এতেকে আপুনি আজি, কালি আৰু চিৰকালৰ বাবে যিহোৱাৰ সৈতে চলিবলৈ এক দৃঢ় নিৰ্ণয় লওক! (w05 11/1)

[ফুটনোট]

a কিছুমান অনুবাদিত বাইবেলত এই পদটোত “এহাত” উক্তিটোৰ সলনি সময়ৰ জোখ, যেনে, “এক মুহূৰ্ত্ত” (দী এমফেটিক ডাইগ্লট) বা “এক মিনিট” (চাৰ্লচ বি. উইলিয়ামৰ দ্বাৰা লিখিত এ ট্ৰানচ্‌লেশ্ব্যান ইন দ্য লেঙ্গুৱেজ অৱ পিপল্‌) বুলি ব্যৱহাৰ কৰিছে। আচলতে মূল শাস্ত্ৰীয় পদটোত এহাত বুলি উল্লেখ কৰিছিল, যাৰ মাপৰ পৰিমাণ হৈছে প্ৰায় ৪৫ ছেন্টিমিটাৰ।

আপুনি কি দৰে উত্তৰ দিব?

• ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি?

• আপুনি ঈশ্বৰৰ সৈতে চলা আৱশ্যক বুলি কিয় অনুভৱ কৰে?

• ঈশ্বৰৰ সৈতে চলিবলৈ আপোনাক কিহে সহায় কৰিব?

• ঈশ্বৰৰ সৈতে চলাসকলে কেনে আশীৰ্ব্বাদ লাভ কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবিসমূহ]

বাইবেলৰ পৃষ্ঠাবোৰৰ পৰা আমি আমাৰ কাণৰ পিছফালৰ পৰা এইদৰে যিহোৱাৰ মাত শুনিবলৈ পাওঁ, “এয়ে পথ, এয়েদি চলা”

[৩১ পৃষ্ঠাৰ ছবি]

মণ্ডলীৰ সভাবোৰৰ যোগেদি আমি সঠিক সময়ত আধ্যাত্মিক আহাৰ লাভ কৰোঁ