Skip to content

Skip to table of contents

এক অন্যায়পূৰ্ণ জগত

এক অন্যায়পূৰ্ণ জগত

এক অন্যায়পূৰ্ণ জগত

 আপুনি মান্তি হʼবনে যে আমি এখন অন্যায়পূৰ্ণ জগতত বাস কৰিছোঁ? ইয়াত কোনো সন্দেহ নাই যে আমি বাস্তৱতে এখন অন্যায়েৰে ভৰি থকা জগতত বাস কৰিছোঁ। আমি যিমানেই প্ৰতিভাশালী আৰু বুদ্ধিমানেৰে জীৱনৰ আঁচনি নবনাওঁ কিয়, এই সকলোবোৰে ধনৱন্ত বা সফলতা আৰু আনকি খাদ্যৰ বাবেও কোনো নিশ্চয়তা নিদিয়ে। এই সকলোবোৰ প্ৰাচীন সময়ত বুদ্ধিমান ৰজা চলোমনে কোৱাৰ দ্বাৰে, যʼত তেওঁ এইদৰে কৈছিল: “জ্ঞানীবিলাকে অন্ন, বুদ্ধিয়কবিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায়, এনে নহয়।” কিয়নো আগলৈ তেওঁ এইদৰে কৈছে, “সকলোলৈকে সময় আৰু দৈব্যক্ৰমেহে ঘটে।”—উপদেশক ৯:১১.

“অকস্মাৎ হোৱা আপদৰ কালত ধৰা পৰে”

দৰাচলতে, “সময় আৰু দৈব্যক্ৰমেহে ঘটে” বুলি কোৱা উক্তিটোৰ অৰ্থ হৈছে, ভুল সময়ত ভুল স্থানত থকা। যাৰ পৰিণাম আমি সতৰ্ক আৰু আশাবাদী হৈ কৰা আঁচনিও বিফল হয়। চলোমন ৰজাৰ অনুসাৰে “মাছবোৰ অনিষ্টকাৰী জালত, আৰু যেনেকৈ চৰাইবোৰ ফান্দত ধৰা পৰে” তেনেকৈ আমিও “অকস্মাৎ হোৱা আপদৰ কালত ধৰা” পৰোঁ। (উপদেশক ৯:১২) উদাহৰণস্বৰূপে, কোটি কোটি লোকে নিজৰ পৰিয়ালটোৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ অধিক পৰিশ্ৰম কৰি মাটিত খেতি কৰে, কিন্তু যেতিয়া বৰষুণ নোহোৱাৰ বাবে শস্যবোৰ মৰি যায়, তেতিয়া নিজকে “আপদৰ কালত” পৰা দেখে।

আনসকলে যদিও সহায় কৰিবলৈ আগবাঢ়ি আহে, কিন্তু “আপদৰ কাল” হোৱাৰ বাবে জগতৰ আন সম্প্ৰদায়বোৰে প্ৰায়ে এনে সহায়ক অন্যায়পূৰ্ণ বুলি দৃষ্টি কৰে। উদাহৰণস্বৰূপে, এখন সাহায্য প্ৰতিনিধিৰ অনুসাৰে “আফ্ৰিকা মহাদেশত হোৱা আকালৰ সৈতে সম্মুখীন হʼবলৈ অলপতে হোৱা গাল্ফ যুদ্ধত কৰা সাহায্যতকৈ কেৱল পাঁচভাগৰ এভাগ আৰ্থিক সহায় আগবঢ়োৱা হয়।” গোটেইখন মহাদেশত হোৱা দুখ আৰু পীড়িত অৱস্থাক আঁতৰ কৰিবলৈ আগবঢ়োৱা সাহায্যতকৈ এখন দেশত হোৱা যুদ্ধত পাঁচ গুণ ধন ব্যয় কৰাটো যুক্তিসঙ্গতনে? ভৌতিক শ্ৰীবৃদ্ধি হোৱা অৱস্থাত বিশ্বৰ ৪ জনৰ ভিতৰত ১ জনে দৰিদ্ৰ সীমা ৰেখাৰ একেবাৰে তলত বাস কৰা বা ৪০ লাখ লʼৰা-ছোৱালীয়ে প্ৰত্যেক বছৰে নিৰোধ কৰিব পৰা ৰোগত মৃত্যুবৰণ কৰিবলগীয়া হোৱাটো ন্যায়সঙ্গতনে? অৱশ্যেই নহয়!

দৰাচলতে, “আপদৰ কাল” অহাত “সময় আৰু দৈব্যক্ৰম” ঘটাও সন্মিলিত আছে। শক্তিশালী শক্তিক নিয়ন্ত্ৰণ কৰাটো আমাৰ সাধ্যৰ বাহিৰত হোৱাৰ উপৰিও ই আমাৰ জীৱনধাৰা নিয়ন্ত্ৰণ আৰু আমালৈ কি ঘটিব, সেই বিষয়ে নিৰ্দেশিত কৰে। এনেদৰে হোৱাটোৰ বাস্তৱিকতা বাচেলন, এলানিয়াত ২০০৪ চনৰ বসন্ত ঋতুত হোৱা ঘটনাটোত লক্ষ্য কৰিব পৰা গʼল। সেই ঘটনাৰ দিনা শ শ লোক, তেওঁলোকৰ ভিতৰত স্কুললৈ প্ৰথম দিনা যোৱা অধিকসংখ্যক কণ কণ শিশু আছিল, যি সন্ত্ৰাসবাদ আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত মৰা পৰিল। এইটো সঁচা যে এনে দুৰ্ঘটনা যদিও সময় আৰু দৈব্যক্ৰমৰ বাবে ঘটিল, কিন্তু ঘটনাৰ মূল কাৰণ আছিল মানুহৰ সংঘৰ্ষৰ বাবে হোৱা “আপদৰ কাল।”

এনে অন্যায়পূৰ্ণ অৱস্থা জগতত সদায়ে থাকিবনে?

জগতত হোৱা অন্যায়ৰ বাবে যেতিয়া কোনো এজনে কথোপকথন কৰে, তেতিয়া ব্যক্তিজনে কয় যে, “এইটোৱে হৈছে জীৱনৰ দস্তুৰ, অতীততো তেনে আছিল আৰু ভৱিষ্যতেও তেনেদৰে থাকিব।” তেওঁবিলাকৰ অনুসাৰে বলীসকলে সদায়ে দুৰ্ব্বলসকলক পীড়িত আৰু ধনীসকলে সদায়ে দৰিদ্ৰক শোষণ কৰিব। তেওঁলোকে কোৱা কথাষাৰ “সময় আৰু দৈব্যক্ৰমৰ” সৈতে সংযোগ কৰি কৈছে যে যেতিয়ালৈকে আমাৰ মানৱ পৰিয়াল অস্তিত্বত থাকিব, তেতিয়ালৈকে তাৰ প্ৰভাৱ থাকিব।

এই কথাষাৰ বাস্তৱতে সঁচানে? যিসকলে নিজৰ পাৰগতাক বুদ্ধিয়ক আৰু জ্ঞানী হৈ কাৰ্য্যত প্ৰয়োগ কৰে, তেওঁলোকে নিজ নিজ কঠিন পৰিশ্ৰমৰ উত্তম ফল পোৱাটো কেতিয়াবা সম্ভৱ হʼবনে? এই অন্যায়পূৰ্ণ জগতৰ অৱস্থাক এনে কোনো এজন ব্যক্তিয়ে চিৰকালৰ বাবে পৰিৱৰ্তন কৰিব পাৰেনে? এই বিষয়ে পিছৰ লেখটোত কি কোৱা হৈছে, সেই বিষয়ে বিবেচনা কৰক। (w05 11/1)

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

MAXIM MARMUR/AFP/Getty Images