কোনোবাই এই জগতৰ পৰিস্থিতিক সলনি কৰিব পাৰিবনে?
কোনোবাই এই জগতৰ পৰিস্থিতিক সলনি কৰিব পাৰিবনে?
“দৰিদ্ৰ লোকসকলে আমাক কয় যে, তেওঁলোকে শান্তি আৰু সুৰক্ষা আৰু নিজৰ জীৱনটোক উন্নত কৰিবলৈ সুযোগ বিচাৰে। তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাত ন্যায় বিচাৰে, যাতে ধনী দেশ আৰু কোম্পানীবিলাকে তেওঁলোকৰ পৰিশ্ৰম বিফল কৰিব নোৱাৰে।”
এইদৰে আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰতিনিধিৰ এগৰাকী মহিলা কাৰ্য্য পৰিচালিকাই দৰিদ্ৰ লোকবিলাকে কৰা আশা আৰু প্ৰেৰণাৰ বিষয়ে বৰ্ণনা কৰে। মহিলাগৰাকীয়ে বৰ্ণনা কৰা বাক্যশাৰী বিশ্বত হোৱা দুৰ্ঘটনা আৰু অন্যায়পূৰ্ণ অৱস্থাত থকা লোকসকলৰ ইচ্ছাৰ বিষয়েও বৰ্ণনা কৰিব পাৰি। তেওঁলোকৰ সকলোৱে প্ৰকৃত শান্তি আৰু সুৰক্ষা হোৱা এনে এক জগতলৈ আশাৰে বাট চাই আছে। এনে জগতৰ আশা বাস্তৱিকতালৈ পৰিণত হʼবনে? জগতত হোৱা অন্যায়পূৰ্ণ পৰিস্থিতিক আঁতৰ কৰিবলৈ প্ৰকৃততে এনে কোনো এজনৰ শক্তি আৰু সামৰ্থ্য আছেনে?
পৰিৱৰ্তন কৰিবলৈ কৰা প্ৰচেষ্টা
বহুতো লোকে চেষ্টা কৰিলে। উদাহৰণস্বৰূপে, ১৯ শতিকাত ফ্লোৰেন্স নাইটিংগেল নামৰ এগৰাকী ইংৰাজ মহিলাই ৰোগীসকলক পৰিষ্কাৰ কৰা আৰু মৰমেৰে চোৱাচিতা কৰিবলৈ নিজৰ সমস্ত জীৱন সমৰ্পণ কৰে। তাইৰ সময়ত চিকিৎসালয়বোৰে আজিৰ সময়ৰ দৰে প্ৰতিষেধক ঔষধ আৰু এন্টিবায়টিকচ্ৰ দ্বাৰা সেৱা-শুশ্ৰূষা কৰা নাছিল। এটা বৃতান্তই এইদৰে কৈছে, “নাৰ্ছসকল অশিক্ষিত, অপৰিষ্কাৰ, মতলীয়া হোৱাৰ বাবে বদনামী আৰু নৈতিকতাহীন আছিল।” সেৱা-শুশ্ৰূষা কৰি তাইৰ সময়ত থকা জগতখনক সলনি কৰিবলৈ কৰা প্ৰচেষ্টাত ফ্লোৰেন্স নাইটিংগেলে সফল হʼবলৈ পাৰিলেনে? অৱশ্যেই পাৰিলে। একেইদৰে বহুতো লোকে নিস্বাৰ্থৰে কৰা প্ৰচেষ্টাৰ দ্বাৰা জীৱনৰ বহুতো ক্ষেত্ৰ, যেনে, সাক্ষৰতা, লিখা-পঢ়া, ঔষধ, বাসস্থান, আহাৰ যোগান ধৰা আদিত সফল হৈছে। ফলস্বৰূপে, কোটি কোটি দৰিদ্ৰ লোকৰ জীৱনত অৱশ্যেই উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে।
তথাপিও আমি এনে কঠোৰ সত্যতাক আওকাণ কৰিব নোৱাৰোঁ, যেনে, জীৱনটো যুদ্ধ, অপৰাধ, ৰোগ, দুৰ্ভিক্ষ আৰু আন আন বিপদজনক অৱস্থাৰে ভৰি আছে। আইৰিছ্ সাহায্য সংগঠনে কয় যে, “দৰিদ্ৰতাৰ বাবে প্ৰত্যেক বছৰে ৩০,০০০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।” অতীতত বহুতো সংস্কাৰত থকা দাসত্ব প্ৰথা, এতিয়াও কাৰ্য্যশীল হৈ আছে। “আটলান্টিক মহাসাগৰৰ সিপাৰে হোৱা দাস বৃত্তিৰ সময়ত আফ্ৰিকাৰ পৰা লোকসকলক চুৰি কৰি ক্ৰীতদাসৰ বাবে বিক্ৰি কৰাৰ সংখ্যাৰ তুলনাত আজিও অধিক লোকে দাসত্বত জীয়াই আছে” বুলি ডিছপজেবল্ পিপল—নিউ স্লেভাৰী ইন দ্য গ্লবেল ইকনমিʼয়ে বৰ্ণনা কৰিছে।
লোকসকলে কৰা কেনে প্ৰচেষ্টাৰ দ্বাৰা সম্পূৰ্ণ আৰু চিৰস্থায়ী পৰিৱৰ্তন আহিব পাৰে? ইয়াত কেৱল ধনীসকলৰ শক্তি ৰদ কৰা বা তাতকৈ অধিক সন্মিলিত আছেনে?
পৰিৱৰ্তনৰ পথত উৎপন্ন হোৱা বাধাবোৰ
ঈশ্বৰৰ বাক্যৰ অনুসাৰে মানুহে পৰিৱৰ্তন কৰিবলৈ কৰা চেষ্টাত সকলোতকৈ ডাঙৰ বাধাৰ কাৰণ হৈছে চয়তান। এই বিষয়ে পাঁচনি যোহনে আমাক এইদৰে কৈছে যে, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) দৰাচলতে, চয়তানে বৰ্তমান সময়ত “গোটেই জগতৰ ভ্ৰান্তি” জন্মাইছে। (প্ৰকাশিত বাক্য ১২:৯) যেতিয়ালৈকে তাৰ শাসন সমাপ্তি কৰা নহʼব, তেতিয়ালৈকে জগতত বেয়া পৰিস্থিতি আৰু অন্যায় থাকিব। কিন্তু কেনেকৈ এনে ধৰণৰ বেয়া পৰিস্থিতি হʼবলৈ পালে?
আমাৰ প্ৰথম মানৱ পিতৃ-মাতৃ আদম আৰু হৱাক উপহাৰ হিচাপে এই পৃথিৱীখনক পৰদেশীয় অৱস্থাত সৃষ্টি কৰি তাত থাকিবলৈ দিয়া হৈছিল, যাতে ক্ৰম্বান্বয়ে তেওঁলোকৰ লʼৰা-ছোৱালীয়েও সেই পৰিস্থিতিত বাস কৰিব পাৰে। সেই সময়ৰ জগতৰ অৱস্থা “অতি উত্তম” আছিল। (আদিপুস্তক ১:৩১) তেনেহʼলে কোনে তেনে বেয়া পৰিস্থিতি উৎপন্ন কৰিলে? সেইজন হৈছে চয়তান, সি সকলোখিনি উলট-পালট কৰিলে। তদুপৰি সি ঈশ্বৰে পুৰুষ আৰু স্ত্ৰীক তেওঁলোকে জীয়াই থাকিবলৈ দিয়া উপযুক্ত ব্যৱস্থাক প্ৰত্যাহ্বান জনালে। সি আদম আৰু হৱাক কʼলে যে ঈশ্বৰে তেনেদৰে শাসন কৰাটো উপযুক্ত নহয়। চয়তানে আদম আৰু হৱাক স্বাধীনতাৰ পথ বাছি লৈ নিজলৈ ভাল আৰু বেয়া বিচাৰ কৰিবলৈ প্ৰলোভিত কৰিলে। (আদিপুস্তক ৩:১-৬) পৰিণামস্বৰূপে, পাপ আৰু অপৰিপূৰ্ণতাই জগতত ন্যায় স্থাপন কৰাৰ পথত দ্বিতীয় বাধা হৈ পৰিল।—ৰোমীয়া ৫:১২.
কিয় তেনেদৰে হৈ থাকিবলৈ অনুমতি দিয়া হʼল?
কিছুমানে এইদৰে সুধিব পাৰে যে, ‘তেন্তে ঈশ্বৰে কিয় পাপ আৰু অপৰিপূৰ্ণতাক বৃদ্ধি হʼবলৈ অনুমতি দিলে? ঈশ্বৰে তেতিয়াই নিজৰ অসীম শক্তিক ব্যৱহাৰ কৰি সেই বিদ্ৰোহীসকলক ধ্বংস কৰাৰ দ্বাৰা কিয় পুনৰাই নতুন আৰম্ভ
নকৰিলে?’ সেইটো এক সহজ সমাধান যেন বোধ হয়। কিন্তু নিজৰ অসীম শক্তিক ব্যৱহাৰ কৰাৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়, যেনে, এইটো সঁচা নহয়নে যে জগতত যিজনৰ ওচৰত ক্ষমতা আৰু শক্তি আছে, তেওঁ তাক অপব্যৱহাৰ কৰাৰ বাবে আজি দৰিদ্ৰ আৰু ভাৰাক্ৰান্ত লোকসকলৰ সন্তাপ হৈছে? ধাৰ্ম্মিক লোকসকলৰ মনত সন্দেহ উৎপন্ন নহʼবনে যে, নিষ্ঠুৰ শাসক হোৱাৰ বাবে তেওঁ নিজৰ শক্তি ব্যৱহাৰ কৰি তেওঁৰ সিদ্ধান্তৰ অনুসাৰে নচলাজনক উচ্ছন্ন কৰে?ধাৰ্ম্মিক লোকসকলৰ মনত ঈশ্বৰে তেওঁৰ শক্তিক অপব্যৱহাৰ কৰা বুলি কোনো সন্দেহ উৎপন্ন নহʼবলৈ তেওঁৰ ব্যৱস্থাৰ সিদ্ধান্ত ভঙ্গ কৰি স্বাধীন হʼবলৈ বাছনি কৰা সেই বিদ্ৰোহী মানৱ দম্পতী আৰু চয়তানক কেৱল এক সীমিত সময়লৈ থাকিবলৈ অনুমতি দিলে। সেই সীমিত সময়ছোৱাত ঈশ্বৰেই যে একমাত্ৰ উপযুক্ত শাসক আৰু তেওঁৰ সকলো পথ ন্যায়, সেই বিষয়ে প্ৰমাণিত হʼব আছিল। তদুপৰি এইটোও স্পষ্ট হʼব আছিল যে ঈশ্বৰে দিয়া নিষেধাজ্ঞা আমাৰ ভালৰ বাবে আছিল। আচলতে ঈশ্বৰৰ শাসনৰ বিৰুদ্ধে কৰা সেই দুখজনক বিদ্ৰোহৰ পৰিণামৰ প্ৰমাণ ইতিমধ্যেই স্পষ্টকৈ ওলাই পৰিল। সেই প্ৰমাণবোৰে দেখুৱাইছে যে ঈশ্বৰে সকলো দুষ্টতাক আঁতৰ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰাটো সম্পূৰ্ণকৈ ন্যায়সঙ্গত। অতি শীঘ্ৰেই তেওঁ তেনে কৰিব।—আদিপুস্তক ১৮:২৩-৩২; দ্বিতীয় বিবৰণ ৩২:৪; গীত ৩৭:৯, ১০, ৩৮.
ঈশ্বৰে সেই পদক্ষেপ লোৱাৰ সময়লৈকে আমি এই অন্যায়পূৰ্ণ জগতৰ কবলত পৰি “একে-লগে কেঁকাই” থাকিব লাগিব। (ৰোমীয়া ৮:২২) আমি চয়তানৰ পৰা মুক্তি, জগতৰ অৱস্থাক সলনি অথবা সকলো মূল কাৰণ যি মানৱৰ অসিদ্ধতাক আঁতৰ কৰিবলৈ যিয়ে নকৰোঁ কিয়, কোনো সফলতা পাব নোৱাৰিম। আদমৰ পৰা পোৱা পাপৰ উত্তৰাধিকাৰৰ বাবে এই সকলো পৰিস্থিতিক ঠিক কৰাটো আমাৰ ক্ষমতাৰ বাহিৰত।—গীত ৪৯:৭-৯.
যীচু খ্ৰীষ্টই চিৰকালৰ বাবে সলনি কৰিব
ইয়াৰ অৰ্থ এইটোনে যে এই জগতৰ পৰিস্থিতিৰ সলনি হোৱাটো সম্পূৰ্ণকৈ আশাহীন? অৱশ্যেই নহয়। এনে এজনা আছে যি মানৱতকৈ অধিক শক্তিশালী আৰু তেওঁক এই জগতখনত চিৰস্থায়ী পৰিৱৰ্তন কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁ কোন? তেওঁ হৈছে যীচু খ্ৰীষ্ট। তেওঁক বাইবেলত মানৱজাতিক পৰিত্ৰাণ কৰা ঈশ্বৰৰ প্ৰমুখ প্ৰতিনিধি বুলি বৰ্ণনা কৰা হৈছে।—পাঁচনিৰ কৰ্ম্ম ৫:৩১.
তেওঁ কাৰ্য্য আৰম্ভ কৰিবলৈ ঈশ্বৰৰ “সময় উপস্থিত” হোৱালৈ অপেক্ষা কৰি আছে। (প্ৰকাশিত বাক্য ১১:১৮) যীচুৱে আচলতে কি কৰিব? তেওঁ অলপতে ‘ঈশ্বৰে পূৰ্ব্বৰে পৰা তেওঁৰ পবিত্ৰ ভাববাদীসকলৰ মুখেৰে যি যি সময়ৰ কথা কোৱাইছিল, সকলো বিষয়ৰ পুনঃস্থাপন’ কৰিবলগীয়া আছে। (পাঁচনিৰ কৰ্ম্ম ৩:২১) উদাহৰণস্বৰূপে, যীচুৱে “দুখীয়াই কাতৰোক্তি কৰিলে তেওঁ তাক উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব; তেওঁ দৰিদ্ৰবিলাকৰ প্ৰাণ ৰক্ষা কৰিব। অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব।” (গীত ৭২:১২-১৬) যীচুৰ দ্বাৰা যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে, ‘পৃথিৱীৰ অন্তলৈকে যুদ্ধৰ শেষ’ কৰিব। (গীত ৪৬:৯) “মই নৰিয়া, এই বুলি [পৰিষ্কাৰ পৃথিৱীৰ] নিবাসীয়ে নকব।” অন্ধ, খোৰা, কলা আৰু ৰোগগ্ৰস্ত সকলোকে সুস্থ কৰা হʼব। (যিচয়া ৩৩:২৪; ৩৫:৫, ৬; প্ৰকাশিত বাক্য ২১:৩, ৪) আনকি বিগত শতিকাত মৃত্যু হোৱা সকলোৱে লাভৱান হʼব। কিয়নো প্ৰতিজ্ঞা কৰা হৈছে যে দুখ-ক্লেশত বলি হোৱা সেই সকলোকে পুনৰাই জীয়াই তুলা হʼব।—যোহন ৫:২৮, ২৯.
যীচুৱে কোনো অংশিক বা অস্থায়ী পৰিৱৰ্তন নহয়, কিন্তু সম্পূৰ্ণকৈ সকলো বাধা আঁতৰ কৰি এক ন্যায়পূৰ্ণ জগত স্থাপন কৰিব। তদুপৰি তেওঁ পাপ, অসিদ্ধতাক মচি গুচাব আৰু চয়তান আৰু তাৰ পথত চলা সকলোকে উচ্ছন্ন কৰিব। (প্ৰকাশিত বাক্য ১৯:১৯, ২০; ২০:১-৩, ১০) ঈশ্বৰে অস্থায়ীভাৱে অনুমতি দিয়া সকলো প্ৰকাৰৰ দুখ-কষ্ট “দ্বিতীয়বাৰ সঙ্কট” সৃষ্টি নকৰিব। (নহূম ১:৯) এইয়ে যীচুৱে তেওঁৰ শিষ্যবিলাকক ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ইচ্ছা ‘যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো’ হʼবলৈ নিৱেদন কৰিবলৈ শিকোৱা প্ৰাৰ্থনাৰ অভিপ্ৰায় আছিল।—মথি ৬:১০.
আপুনি হয়তো এইদৰে সন্দেহ কৰিব পাৰে যে, তেনেহʼলে “দৰিদ্ৰবিলাক আমাৰ লগত সদায়” থাকিব বুলি কোৱা যীচুৰ কথাষাৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটো নহয়নে যে দৰিদ্ৰতা আৰু অন্যায় সদায়ে আমাৰ সৈতে থাকিব?’ (মথি ২৬:১১) এইটো সঁচা যে যীচুৱে অৱশ্যেই তেনেদৰে কৈছিল। যিহেতু তেওঁ কোৱা বাক্যশাৰীক ঈশ্বৰৰ বাক্যৰ প্ৰতিজ্ঞাৰ সৈতে নিৰীক্ষণ কৰিলে জানিব পাৰি যে আচলতে তেওঁ কোৱা বাক্যফাঁকিৰ অৰ্থ আছিল, এই জগতৰ ৰীতি-ব্যৱস্থা থকালৈকে দৰিদ্ৰবিলাক আমাৰ সৈতে থাকিব। যীচুৱে জানিছিল যে মানৱীয় প্ৰচেষ্টাৰে এই জগতৰ পৰা কেতিয়াও দৰিদ্ৰতা আৰু অন্যায় আঁতৰ কৰিব নোৱাৰে। তদুপৰি যীচুৱে এইটোও জানিছিল যে তেওঁ সেই সকলোকে সলনি কৰিব। দৰাচলতে, যীচুৱে অতি শীঘ্ৰেই এক সম্পূৰ্ণ নতুন জগত অৰ্থাৎ “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী” স্থাপন কৰিব, যʼত কোনো ধৰণৰ ক্লেশ, বেমাৰ-আজাৰ, দৰিদ্ৰতা আৰু মৃত্যু নাথাকিব।—২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:১.
‘উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিব’
ইয়াৰ অৰ্থ এইটোনে যে আনক সহায় কৰিবলৈ কৰা আমাৰ সকলো কাৰ্য্য ব্যৰ্থ? অৱশ্যেই নহয়। কিয়নো বাইবেলে আমাক ক্লেশ আৰু পৰীক্ষাৰ সময়ত এজনে আনজনক সহায় কৰিবলৈ উৎসাহিত কৰিছে। সেয়েহে প্ৰাচীন সময়ত ৰজা চলোমনে এইদৰে লিখিছিল যে, “তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।” (হিতোপদেশ ৩:২৭) তদুপৰি পাঁচনি পৌলে আমাক এইদৰে উৎসাহিত কৰিছে, “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা।”—ইব্ৰী ১৩:১৬.
যীচুৱে স্বয়ং আমাক আমাৰ সাধ্য অনুসাৰে আনক সহায় কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ কোৱা এটা দৃষ্টান্তত এজন চমৰীয়া ব্যক্তিয়ে ডকাইটে মাৰ-পিত কৰি আধা মৰাকৈ পেলাই থৈ যোৱা এজন ব্যক্তিৰ কাষত উপস্থিত হোৱাৰ বিষয়ে কৈছিল। আগলৈ যীচুৱে কৈছিল যে সেই চমৰীয়া ব্যক্তিজনে “মৰম লাগি” সেই আহত ব্যক্তিজনৰ জখম হোৱা ঠাই ডোখৰ বান্ধি ব্যক্তিজন সুস্থ হʼবলৈ নিজৰ ধন ব্যয় কৰিলে। (লূক ১০:২৯-৩৭) এইটো সঁচা যে, সেই দয়ালু চমৰীয়াজনে তাহানিৰ জগতখনক পৰিৱৰ্তন কৰিব নোৱাৰিলে। কিন্তু তেওঁ আন এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰি এক বৃহৎ পৰিৱৰ্তন কৰিলে। আমিও সেই একেদৰে কৰিব পাৰোঁ।
যিহেতু যীচুৱে ক্লেশ ভোগা ব্যক্তিসকলক সহায় কৰাতকৈ অধিক কিছু কৰিব। তেওঁ অৱশ্যেই সকলোকে অতি শীঘ্ৰেই সলনি কৰিব। যেতিয়া তেওঁ তেনে কৰিব, তেতিয়া বৰ্তমান সময়ত অন্যায়, দুখ-কষ্ট ভোগা সকলো ব্যক্তিয়ে শান্তি আৰু নিৰাপত্তাৰে জীৱন-যাপন কৰিব পাৰিব।—গীত ৪:৮; ৩৭:১০, ১১.
এতেকে আঁহক আমি সেই সময়লৈ আগ্ৰহেৰে অপেক্ষা কৰি থাকি এই অন্যায়পূৰ্ণ জগতত দুখ-কষ্ট ভোগী থকা সকলক ভৌতিক আৰু আধ্যাত্মিকভাৱে সহায় আগবঢ়াই “হিতজনক কৰ্ম্ম” কৰিবলৈ কেতিয়াও ইতস্ততঃ অনুভৱ নকৰোঁহঁক।—গালাতীয়া ৬:১০. (w05 11/1)
[৫ পৃষ্ঠাৰ ছবিসমূহ]
ফ্লোৰেন্স নাইটিংগেলে নাৰ্ছিং জগতত এক উল্লেখনীয় পৰিৱৰ্তন কৰিলে
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Courtesy National Library of Medicine
[৭ পৃষ্ঠাৰ ছবিসমূহ]
খ্ৰীষ্টৰ অনুগামীসকলে আনলৈ হিতজনক কৰ্ম্ম কৰা উচিত
[৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
The Star, Johannesburg, S.A.