দান-বৰঙণি যি ঈশ্বৰৰ মন আনন্দিত কৰে
দান-বৰঙণি যি ঈশ্বৰৰ মন আনন্দিত কৰে
অথলিয়া ৰাণীয়ে যিহূদাৰ ৰাজবংশক ছলেৰে সংহাৰ কৰি নিজেই ৰাজসিংহাসনত বহিল। ই প্ৰকৃততে এক অতি দুখৰ ঘটনা আছিল। তাই ভাবিছিল যে এতিয়া তাইৰ অবিহনে ৰাজসিংহাসনত বহা আৰু কোনো উত্তৰাধিকাৰী জীৱিত থকা নাই। কিন্তু তাই নাজানিছিল যে যিহোৱাক প্ৰেম আৰু তেওঁৰ ব্যৱস্থাক পালন কৰা সাহসী যিহোচেবা নামৰ এগৰাকী ৰাজকুঁৱৰীয়ে ৰাজকীয় পৰিয়ালৰ এজন সদস্য অৰ্থাৎ কণমানি যোৱাচক লুকুৱাই ৰাখিছিল। যিহোচেবা আৰু তাইৰ স্বামী মহা-পুৰোহিত যিহোয়াদাই প্ৰায় ছবছৰ লৈকে যোৱাচক মন্দিৰত লুকুৱাই থৈছিল।—২ ৰাজাৱলি ১১:১-৩.
যোৱাচৰ সাত বছৰ পূৰ্ণ হোৱাত, মহা-পুৰোহিত যিহোয়াদাই ছলেৰে ৰাজসিংহাসন দখল কৰা ৰাণী অথলিয়াক ৰাজসিংহাসনৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ পৰিকল্পনা কৰিলে। এদিন তেওঁ হঠাতে লুকুৱাই ৰাখা উত্তৰাধিকাৰী যোৱাচক সকলোৰে আগত মূৰত ৰাজমুকুট পিন্ধাই ৰজা ঘোষণা কৰিলে। তাৰ পিছত ৰাণী অথলিয়াক বন্দী কৰি মন্দিৰৰ বাহিৰত নি মৃত্যুদণ্ড দিয়া হয়। অৱশেষত, তাইৰ অত্যাচাৰ অন্ত পৰাত লোকসকলৰ জীৱনলৈ পুনৰাই আনন্দ ঘূৰি আহিল। যিহোয়াদা আৰু যিহোচেবাই লোৱা এনে পদক্ষেপৰ বাবে যিহূদাত পুনৰাই সত্য উপাসনা স্থাপিত হʼল। কিন্তু মনকৰিবলগীয়া বিষয় এই যে তেওঁলোকে দায়ূদৰ ৰাজকীয় বংশক জীয়াই ৰাখিবলৈ এক উত্তম বৰঙনি আগবঢ়ালে, যাৰ দ্বাৰা মচীহ আহিবলগীয়া আছিল।—২ ৰাজাৱলি ১১:৪-২১.
যিহোৱাৰ মন আনন্দিত কৰিবলৈ নতুনকৈ ৰাজসিংহাসনত বহা ৰজাজনেও এক উপযুক্ত কাৰ্য্য কৰিব লাগিছিল। কিয়নো অথলিয়া ৰাণীৰ ৰাজত্বৰ সময়ত ঈশ্বৰৰ মন্দিৰক কেৱল অৱহেলাই নহয়, কিন্তু লুট কৰাৰ বাবে উপাসনা গৃহখন মেৰামত কৰাৰ আৱশ্যক আছিল। সেইবাবে যোৱাচে যিহোৱাৰ উপাসনাগৃহ মেৰামত আৰু পুনৰ প্ৰতিস্থা কৰিবলৈ নিৰ্ণয় লʼলে। তেওঁ অনতিপলমে উপসানাগৃহৰ মেৰামতিৰ বাবে ধন জমা কৰিবলৈ আদেশ জাৰি কৰিলে। যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “যিবোৰ পবিত্ৰীকৃত ৰূপ যিহোৱাৰ গৃহলৈ অনা হয়, অৰ্থাৎ গণিত লোকৰ ৰূপ, প্ৰাণীৰ মূল্যস্বৰূপে নিৰূপণ কৰা ৰূপ, আৰু লোকবিলাকে ইচ্ছামতে যিহোৱাৰ গৃহলৈ অনা ৰূপ, এই সকলো ৰূপ পুৰোহিতবিলাকে নিজ নিজ চিনাকি লোকৰ হাতৰ পৰা নিজৰ হাতত লওক; আৰু গৃহৰ যি যি ভগা ঠাই পোৱা যাব, সেইবোৰ ঠাই তেওঁবিলাকে মেৰামত কৰাব।”—২ ৰাজাৱলি ১২:৪, ৫.
যিহোৱাৰ উপাসনাগৃহৰ মেৰামতিৰ বাবে লোকসকলে স্বইচ্ছাৰে দান-বৰঙনি দিবলৈ ধৰিলে, যাতে উপাসনাগৃহৰ নিৰ্মাণ কাৰ্য্য ততালিকে আৰম্ভ কৰা হয়। কিন্তু পুৰোহিতসকলে দেখুৱা অৱহেলা মনোবৃত্তিৰ বাবে এই কাৰ্য্য আৰম্ভ হোৱাত পলম হৈছিল। গতিকে স্বয়ং ৰজাই এই বিষয়ে পদক্ষেপ লʼবলগীয়া হৈছিল আৰু তেওঁ লোকসকলক এক বিশেষ ধৰণে বনোৱা চন্দুকত দান কৰিবলৈ নিৰ্দ্দেশ দিছিল। এই কাৰ্য্যৰ চোৱা-চিতা কৰিবলৈ তেওঁ যিহোয়াদাক দায়িত্ব দিলে, যাৰ বিষয়ে বৃত্তান্তত এইদৰে কৈছে: “যিহোয়াদা পুৰোহিতে এটা চন্দুক লৈ, তাৰ ঢাকনিত এটা বিন্ধা কৰি, যজ্ঞ-বেদিৰ ওচৰত যিহোৱাৰ গৃহলৈ সোমোৱা ঠাইৰ সোঁফালে থলে; তাতে দুৱাৰ-ৰখীয়া পুৰোহিতবিলাকে যিহোৱাৰ গৃহলৈ অনা সকলো ৰূপ তাৰ ভিতৰত থয়। পাছে যেতিয়া চন্দুকত ২ ৰাজাৱলি ১২:৯-১২.
বহুত ৰূপ থকা দেখে, তেতিয়া ৰজাৰ লিখক আৰু প্ৰধান পুৰোহিতে আহি, যিহোৱাৰ গৃহত পোৱা সেইবোৰ ৰূপ থৈলাত বান্ধি লেখ কৰে। পাছে তেওঁলোকে সেই জোখা ৰূপ কাম কৰাওঁতাবিলাকৰ হাতত, অৰ্থাৎ যিহোৱাৰ গৃহৰ অধ্যক্ষবিলাকৰ হাতত দিয়ে; আৰু তেওঁবিলাকে যিহোৱাৰ গৃহত কাম কৰোঁতা বাঢ়ৈ আৰু গাঁথকবিলাকক, আৰু ৰাজমিস্ত্ৰী ও শিলকটীয়াবিলাকক তাক দিয়ে; আৰু যিহোৱাৰ গৃহৰ ভগা ঠাই মেৰামত কৰিবৰ নিমিত্তে কাঠ আৰু কটা শিল কিনিবলৈ, আৰু গৃহ মেৰামত কৰিবৰ নিমিত্তে যি যি লাগে, সেইবোৰত তাক খৰচ কৰে।”—এনে আজ্ঞাৰ প্ৰতি লোকসকলে সম্পূৰ্ণ মনেৰে সমৰ্থন কৰিলে। যিহোৱাৰ উপাসনাগৃহ পুনঃস্থাপন কৰা হʼল, যাতে তেওঁৰ উপাসনা সন্মানিতভাৱে কৰা হয়। ৰজাই স্বয়ং নিশ্চিত কৰিছিল যে দান হিচাপে পোৱা ধনবোৰ যেন উচিতমতে ব্যৱহাৰ কৰা হয়!
বৰ্তমান সময়ত যিহোৱাৰ সংগঠনে সুনিশ্চিত কৰিছে যে দান হিচাপে পোৱা ধনবোৰ যেন যিহোৱাৰ উপাসনাৰ বৃদ্ধিৰ নিমিত্তে ব্যৱহাৰ কৰা হয়। এই সম্পৰ্কে প্ৰকৃত খ্ৰীষ্টানসকলে প্ৰাচীন ইস্ৰায়েলবিলাকে দেখুৱা উদাৰ মনোবৃত্তিক অনুকৰণ কৰে। আপুনিও হয়তো যোৱা সেৱাবছৰত দান কৰোঁতাসকলৰ মাজৰ এজন সদস্য আছিল। আঁহক আমি আপুনি দিয়া দান-বৰঙণিবোৰ কেনেকৈ ব্যৱহাৰ কৰা হʼল, সেই বিষয়ে বিবেচনা কৰোঁহঁক।
বাইবেল শিক্ষাৰ জ্ঞান লʼবলৈ উৎসাহিত কৰা
যীচুৱে তেওঁৰ শিষ্যবিলাকক “সকলো জাতিকে শিষ্য” বনাবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯) যীচুৰ সেই আজ্ঞাৰ অনুসাৰে আজি যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত উৎসাহেৰে প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্য কৰিছে। তেওঁলোকে ৪১৩ টা ভাষাত সাহিত্যসমূহ ছপা কৰি বিতৰণ কৰিছে।
দৰাচলতে, এজন খ্ৰীষ্টান ব্যক্তিৰ বাবে আনক ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকাবলৈ ব্যৱহাৰ কৰা সময়খিনিয়েই হৈছে সকলোতকৈ বহুমূলীয়া দান। এই সম্পৰ্কে যিহোৱাৰ সাক্ষীসকলে নিজৰ চুবুৰীয়াক সহায় কৰিবলৈ অধিক পৰিমাণে সময় আৰু সামৰ্থ ব্যৱহাৰ কৰে। তদুপৰি তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিবলৈ উদাৰমনেৰে দান আৰু তেওঁলোকৰ এই দানবোৰে ভিন্ন প্ৰকাৰে যিহোৱাৰ নাম আৰু উদ্দেশ্যৰ বিষয়ে বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যত সহায় কৰে। আনক যিহোৱাৰ বিষয়ে জনাবলৈ আৰু তেওঁৰ বিষয়ে অধিককৈ শিকাবলৈ তেওঁলোকৰ তেনে প্ৰচেষ্টাত যিহোৱাই নিৰন্তৰে আশীৰ্ব্বাদ দিয়ে। (হিতোপদেশ ১৯:১৭) তেনে ধৰণে দেখুৱা মনোবৃত্তিত যিহোৱা ঈশ্বৰে বাস্তৱতে আনন্দিত হয়!—ইব্ৰী ১৩:১৫, ১৬. (w05 11/1)
প্ৰকাশিত হোৱা সাহিত্যবোৰ
তলত দিয়া সাহিত্যবোৰ বিশ্বজুৰি অধ্যয়নৰ বাবে প্ৰকাশ কৰি বিতৰণ কৰা হʼল:
• পুস্তক: ৪,৭৪,৯০,২৪৭
• পুস্তিকা: ৬৮,৩৪,৭৪০
• ব্ৰচাৰ: ১৬,৭৮,৫৪,৪৬২
• কেলেণ্ডাৰ: ৫৪,০৫,৯৫৫
• আলোচনী: ১,১৭,৯২,৬৬,৩৪৮
• ট্ৰেক্ট: ৪৪,০৯,৯৫,৭৪০
• ভিডিঅ’: ৩১,৬৮,৬১১
এই ছপা কাৰ্য্য সৰ্ব্বমুঠ ১৯ খন দেশত কৰা হৈছে, যেনে, আফ্ৰিকা, উত্তৰ আৰু দক্ষিণ আমেৰিকা, এছিয়া, ইউৰোপ আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জবোৰ।
“মোৰ নাম কেটলিন মাই। মোৰ বয়স আঠ বছৰ। মোৰ ওচৰত জমা কৰা সৰ্ব্বমুঠ ১,২৬০ টকা আছে আৰু মই সেই নগদ টকাখিনি ছপা কাৰ্য্যৰ সহায়ৰ বাবে দিব বিচাৰিছোঁ। আপোনালোকৰ কণমানি ভনী কেটলিন।”
“আমি নতুনকৈ অহা ছপাশালবোৰৰ বিষয়ে পৰিয়ালত আলোচনা কৰিছিলোঁ। আমাৰ ১১ বছৰীয়া লʼৰা আৰু ৯ বছৰীয়া ছোৱালীজনীয়ে জমা কৰা টকাখিনি দান হিচাপে দিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। আমি আমাৰ সৈতে তেওঁলোকে দান কৰা টকাখিনি পঠিয়াই অতি আনন্দিত হৈছোঁ।”
নিৰ্মাণ কাৰ্য্য
তলত কিছুমান নিৰ্মাণ কাৰ্য্যৰ বিষয়ে উল্লেখ কৰা হৈছে
• সীমিত পুঁজিৰে নিৰ্মাণ কৰা ৰাজ্যগৃহৰ সংখ্যা: ২,১৮০
• সন্মিলনগৃহ: ১৫
• শাখা কাৰ্য্যালয়: ১০
• আন্তঃৰাষ্ট্ৰীয় পূৰ্ণ-সময়ৰ সেৱক: ২,৩৪২
“আমি নতুনকৈ নিৰ্মাণ কৰা ৰাজ্যগৃহত এই সপ্তাহৰ সভাৰে প্ৰথম আৰম্ভ কৰিলোঁ। এতিয়া আমাৰ পিতৃ যিহোৱা ঈশ্বৰৰ স্তুতি এক উপযুক্ত স্থানত কৰিবলৈ পাই আমি অতি আনন্দিত হৈছোঁ। ৰাজ্যগৃহবোৰৰ সম্বন্ধে থকা আমাৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দিয়াৰ বাবে আমি যিহোৱা ঈশ্বৰ আৰু আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰকৃততে, আমাৰ ৰাজ্যগৃহখন চুবুৰীয়াসকলৰ বাবে এক উত্তম সুযোগ হিচাপে প্ৰমাণিত হৈছে।”—চিলি।
“যিহোৱাৰ সংগঠনৰ পৰা পোৱা সাহায্যৰ বাবে ভাই-ভনীসকল কৃতজ্ঞশীল। আমি নিৰ্মাণ কাৰ্য্যৰ সময়ত নিৰ্মাণ কৰ্মীবৃন্দৰ সৈতে কটোৱা ৰোমাঞ্চক দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ।”—মলদোভা।
“আমি অলপতে ৩৫ তম বিবাহ বাৰ্ষিক উৎযাপন পালন কৰিলোঁ। আমি উপহাৰস্বৰূপে ইজনে সিজনক কি দিব পাৰোঁ, সেই বিষয়ে ভাবিছিলোঁ। অৱশেষত আমি যিহোৱা আৰু তেওঁৰ সংগঠনৰ বাবে দান কৰিবলৈ নিৰ্ণয় ললোঁ। কিয়নো ইয়াৰ অবিহনে আমাৰ বিবাহিত জীৱন কেতিয়াও সফল নহʼলহেঁতেন। গতিকে আমি ৰাজ্যগৃহৰ আৱশ্যকতা থকা দেশবোৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সম্বন্ধে কিছুমান নগদ টকা দান কৰিবলৈ বিচাৰিছোঁ।”
“মই অলপতে উত্তৰাধিকাৰীসূত্ৰ হিচাপে ধন-সম্পত্তি প্ৰাপ্ত কৰিলোঁ। যিহেতু মোৰ ওচৰত সকলো ‘লাগতিয়াল’ বস্তু থকাৰ বাবে যিবোৰ দেশত ৰাজ্যগৃহবোৰ নিৰ্মাণ কৰিবলৈ আৰ্থিক সহায়ৰ আৱশ্যক, তাৰবাবে আপোনালোকলৈ নগদ টকা পঠিয়াব বিচাৰিছোঁ।”
দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা
এই শেষ-কালত প্ৰায় কোনো আগজাননী নোপোৱাকৈ দুৰ্যোগবোৰ ঘটা দেখিবলৈ পোৱা গৈছে। বহুতো যিহোৱাৰ সাক্ষীয়ে বিশ্বব্যাপী হোৱা কাৰ্য্যৰ বাবে অতিৰিক্ত ধন দান কৰিছে, যাতে দুৰ্যোগৰ দ্বাৰা পীড়িত ঠাইবোৰত থকা ভাই-ভনীসকলৰ আৱশ্যকতাসমূহ পূৰ্ণ কৰিব পাৰি। মন কৰিবলগীয়া এই যে, দুৰ্য্যগত আগবঢ়োৱা সাহায্যও বিশ্বব্যাপী কাৰ্য্যৰ ভাগ। তেনে ঠাইবোৰত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ সহায় আগবঢ়ালে, সেই বিষয়ে তলত উল্লেখ কৰা হৈছে:
• আফ্ৰিকা
• এছিয়া
• কেৰিবিয়ান অঞ্চল
• প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জবোৰ
“প্ৰচণ্ড ধুমুহাৰ দ্বাৰা হোৱা ক্ষতিৰ বাবে আগবঢ়োৱা আপোনালোকৰ সাহায্যৰ প্ৰতি মই আৰু মোৰ স্বামী অতি কৃতজ্ঞশীল। আমি পুনৰাই আমাৰ ঘৰটোৰ ওপৰত নতুন মূধচ নিৰ্মাণ কৰিব পাৰিলোঁ। আপোনালোকে অনতিপলমে লোৱা পদক্ষেপৰ বাবে আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।”
“মোৰ নাম কনোৰ আৰু মোৰ বয়স হৈছে ১১ বছৰ। ছুনামিৰ ফলত হোৱা ক্ষতিবোৰ দেখি মই আনক সহায় কৰিব বিচাৰিছোঁ। মই আশা কৰোঁ যে মোৰ এই সাহায্য যেন ভাই-ভনীসকলৰ কামত আহে।”
বিশেষ পূৰ্ণ-সময়ৰ সেৱকসকল
প্ৰকৃত খ্ৰীষ্টানসকলৰ কিছুমানে পূৰ্ণ-সময়ৰ প্ৰচাৰ কাৰ্য্য বা বেথেলগৃহৰ সদস্য হিচাপে সেৱা কৰিছে। কিছুমান পূৰ্ণ-সময়ৰ স্বেচ্ছাকৰ্মীয়ে স্বইচ্ছাৰে আগবঢ়োৱা দান-বৰঙনিৰ সাহায্যৰে চলিছে, তেওঁলোকৰ সংখ্যা হৈছে:
• মিছনেৰী: ২,৫৩৫
• পৰিদৰ্শক অধ্যক্ষ: ৫,৩২৫
• বেথেল সদস্য: ২০,০৯২
“যিহেতু মই এতিয়া [পাঁচ বছৰীয়া] বেথেললৈ গৈ সেৱা কৰিব নোৱাৰোঁ। সেইবাবে মই এই দান-বৰঙনি প্ৰেমেৰে দিব বিচাৰিছোঁ। মই যেতিয়া ডাঙৰ হʼম, তেতিয়া বেথেললৈ গৈ খুব পৰিশ্ৰমেৰে কাম কৰিম।”
বাইবেল শিক্ষাৰ জ্ঞান লʼবলৈ উৎসাহিত কৰা
যীচুৱে তেওঁৰ শিষ্যবিলাকক “সকলো জাতিকে শিষ্য” বনাবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯) যীচুৰ সেই আজ্ঞাৰ অনুসাৰে আজি যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত উৎসাহেৰে প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্য কৰিছে। তেওঁলোকে ৪১৩ টা ভাষাত সাহিত্যসমূহ ছপা কৰি বিতৰণ কৰিছে।
দৰাচলতে, এজন খ্ৰীষ্টান ব্যক্তিৰ বাবে আনক ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকাবলৈ ব্যৱহাৰ কৰা সময়খিনিয়েই হৈছে সকলোতকৈ বহুমূলীয়া দান। এই সম্পৰ্কে যিহোৱাৰ সাক্ষীসকলে নিজৰ চুবুৰীয়াক সহায় কৰিবলৈ অধিক পৰিমাণে সময় আৰু সামৰ্থ ব্যৱহাৰ কৰে। তদুপৰি তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিবলৈ উদাৰমনেৰে দান আৰু তেওঁলোকৰ এই দানবোৰে ভিন্ন প্ৰকাৰে যিহোৱাৰ নাম আৰু উদ্দেশ্যৰ বিষয়ে বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যত সহায় কৰে। আনক যিহোৱাৰ বিষয়ে জনাবলৈ আৰু তেওঁৰ বিষয়ে অধিককৈ শিকাবলৈ তেওঁলোকৰ তেনে প্ৰচেষ্টাত যিহোৱাই নিৰন্তৰে আশীৰ্ব্বাদ দিয়ে। (হিতোপদেশ ১৯:১৭) তেনে ধৰণে দেখুৱা মনোবৃত্তিত যিহোৱা ঈশ্বৰে বাস্তৱতে আনন্দিত হয়!—ইব্ৰী ১৩:১৫, ১৬. (w05 11/1)
[১০ পৃষ্ঠাৰ বক্স]
কিছুমানে দান কৰিবলৈ এই পদ্ধতিবোৰৰ বাছনি কৰে
বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান
বহুতে “বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান—মথি ২৪:১৪” বুলি লিখা বাকচত দান কৰিবলৈ নিৰ্দ্দিষ্ট পৰিমাণৰ ধন আছুতীয়াকৈ ৰাখে।
প্ৰত্যেক মাহে মণ্ডলীসমূহে তেওঁলোকৰ দেশত থকা যিহোৱাৰ সাক্ষীৰ কাৰ্য্যালয়লৈ এই দানবোৰ পঠায়। তদুপৰি স্বইচ্ছাৰে কৰা দান-বৰঙণিও এই কাৰ্য্যৰ বাবে লোকসকলে ব্যক্তিগতভাৱে পঠিয়ায়। শাখা কাৰ্য্যালয়ৰ ঠিকনাসমূহ আলোচনীবোৰৰ ২ পৃষ্ঠাত উল্লেখ কৰা আছে। ধনাদেশ অথবা চেক জড়িয়তে দান কৰিবলৈ চেকবোৰৰ প্ৰাপ্য স্থানত “Watch Tower” (ওৱাচ্ টাৱাৰ) বুলি লিখা আৱশ্যক। অলংকাৰ-পাতি বা আন মূল্যৱান বস্তুও দান কৰিব পাৰে। এনে বস্তু দান কৰাৰ সময়ত সেই উপহাৰবোৰৰ বিষয়ে বৰ্ণনা কৰি এখন চিঠি পঠোৱা উচিত।
দাতব্য পৰিকল্পনা
উপহাৰ হিচাপে আৰ্থিক সাহায্য আগবঢ়োৱাৰ উপৰিও ঈশ্বৰৰ ৰাজ্যৰ বিশ্বজুৰি কাৰ্য্যৰ লাভৰ বাবে আন উপায়েৰেও দান কৰিব পাৰে। ইয়াত সন্মিলিত আছে:
জীৱন বীমা: জীৱন বীমা চুক্তি বা অৱসৰপ্ৰাপ্ত/পেঞ্চনৰ আঁচনি নামাত পাওঁতা হিচাপে ওৱাচ্ টাৱাৰ কাৰ্য্যালয়ৰ নাম লিখিব পাৰে।
বেঙ্ক একাউন্ট: উপযুক্ত বুলি প্ৰমাণপত্ৰ দিয়া জমাকৰ্ত্তা বা অৱসৰপ্ৰাপ্ত ব্যক্তিৰ একাউন্ট ট্ৰাষ্টত ৰাখিব অথবা স্থানীয় বেঙ্কৰ ব্যৱস্থাৰ অনুসাৰে জমাকৰ্ত্তাৰ মৃত্যুৰ পিছত জমা ধনখিনি ওৱাচ্ টাৱাৰ কাৰ্য্যালয়ক দিবলৈ প্ৰবন্ধ কৰিব পাৰে।
তহবিল আৰু চুক্তি: তহবিল আৰু চুক্তি উপহাৰ হিচাপে পোনপটীয়াকৈ ওৱাচ্ টাৱাৰ কাৰ্য্যালয়ক দান কৰিব পাৰে।
ভূ-সম্পত্তি: বজাৰত চাহিদা থকা সা-সম্পত্তি পোনপটীয়াকৈ উপহাৰ হিচাপে দান বা বসতি কৰি থকা সম্পত্তি এজনৰ মৃত্যুলৈকে তাত থকাৰ চৰ্তৰেও দান কৰিব পাৰি। যদি আপুনি তেনে কৰিব বিচাৰিছে, তেনেহʼলে সা-সম্পত্তিৰ দলীল কৰাৰ পূৰ্বেই আপোনাৰ দেশত থকা শাখা কাৰ্য্যালয়ৰ সৈতে যোগযোগ কৰক।
বছেৰেকীয়া উপহাৰ: নিয়মীয়া উপহাৰ হৈছে এনে এটা ব্যৱস্থা যাৰ দ্বাৰা এজনে নিজৰ ধন বা সঞ্চিতসমূহ ওৱাচ্ টাৱাৰ নিগমলৈ স্থানান্তৰ কৰিব পাৰে। ইয়াৰ সলনি দানকৰ্ত্তা বা দানকৰ্ত্তাজনে নিযুক্ত কৰা কোনো এজন ব্যক্তিয়ে জীৱনৰ সময়ছোৱাত বছেৰেকীয়া এক নিৰ্দ্দিষ্ট পৰিমাণৰ ধন লাভ কৰে। নিয়মীয়া উপহাৰ ব্যৱস্থা স্থাপন হোৱাৰ বাবে দানকৰ্ত্তাজনে আয় কৰৰ পৰা ৰেহাই পায়।
উইল আৰু ট্ৰাষ্ট: আইনমতে উইল বা ইচ্ছাপত্ৰ কৰি সা-সম্পত্তি বা ধন ওৱাচ্ টাৱাৰক দান কৰিব বা এটা ট্ৰাষ্টৰ চুক্তিনামাত পাওঁতা হিচাপে ওৱাচ্ টাৱাৰৰ নাম লিখিব পাৰে। যদিও এইটো ভাৰতত নহয়, কিন্তু কিছুমান দেশত ট্ৰাষ্টে এটা ধৰ্ম্মীয় সংগঠনক বিশেষ কৰৰ পৰা ৰেহাই পাবলৈ সুবিধা দিয়ে।
“দাতব্য পৰিকল্পনা” বুলি উল্লেখ কৰা উক্তিটো এনে ধৰণৰ দানৰ ওপৰত প্ৰযোজ্য হয়, যাৰ বাবে দানকৰ্ত্তাসকলেও কোনো পৰিকল্পনা কৰা আৱশ্যক। যিহোৱাৰ সাক্ষীসকলৰ বিশ্বজুৰি কাৰ্য্যৰ লাভৰ অৰ্থে সহায় আগবঢ়াবলৈ আগ্ৰহ থকা সকলক যদি কোনো প্ৰকাৰৰ দাতব্য পৰিকল্পনাৰ আৱশ্যক, তেনেহʼলে তেওঁলোকক সহায় কৰিবলৈ ইংৰাজী আৰু স্পেনীয় ভাষাত এখন ব্ৰচাৰ তৈয়াৰ কৰা হৈছে, যাৰ নাম, বিশ্বজুৰি ৰাজ্যৰ কাৰ্য্যৰ লাভৰ বাবে দাতব্য পৰিকল্পনা। a এই ব্ৰচাৰখনত, এতিয়া বা দানকৰ্ত্তাৰ মৃত্যুৰ পিছত উপহাৰ দিয়াৰ ভিন্ন পদ্ধতিবোৰৰ সংবাদ দিয়া হৈছে। এই পুস্তকখন পঢ়াৰ পিছত বহুতে তেওঁলোকৰ সা-সম্পত্তি দান কৰাৰ সম্বন্ধে আইন বা কৰ উপদেষ্টাৰ সৈতে বিবেচনা কৰি বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত সহায় আগবঢ়াবলৈ সক্ষম হৈছে আৰু একেই সময়তে তেওঁলোকে কৰ ৰেহাই পাইছে।
এই বিষয়ে অধিককৈ জানিবলৈ আপুনি চিঠি বা টেলিফোনৰ যোগেদি যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰক। তলত আপোনাৰ দেশত থকা যিহোৱাৰ সাক্ষীসকলৰ ঠিকনা দিয়া হৈছে।
Jehovah’s Witnesses,
Post Box 6440,
Yelahanka,
Bangalore 560 064,
Karnataka.
Telephone: (080) 28468072
[ফুটনোট]
a ভাৰতত উপলব্ধ নাই
[৯ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Faithful video: Stalin: U.S. Army photo