ঈশ্বৰৰ সৈতে চলি লাভৱান হওক
ঈশ্বৰৰ সৈতে চলি লাভৱান হওক
“তেওঁবিলাকে বায়ুৰূপ গুটি বৈছে, আৰু বাʼমৰলী বতাহৰূপ গুটি দাব।”—হোচেয়া ৮:৭.
১. আমি কেনেকৈ যিহোৱাৰ সৈতে চলিব পাৰোঁ?
যদি আমাৰ লগত এজন অনুভৱী মাৰ্গদৰ্শক থাকে, তেন্তে বিপদেৰে ভৰা পথেদি যাত্ৰা কৰাটো ইমান কষ্টসাধক নহʼব। গতিকে তেনে অৱস্থাত আমি নিজে খোজ কাঢ়ি আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে তেওঁৰ সৈতে চলাটো এক সুবিবেক কাৰ্য্য হʼব। এই কথাষাৰ আমি জীয়াই থকা সময়ছোৱাৰ বাবেও প্ৰযোজ্য। উদাহৰণস্বৰূপে, ভ্ৰষ্টতাৰে ভৰি থকা এই জগতখনত সতৰ্কতাৰে চলিবলৈ যিহোৱাই আমাক মাৰ্গদৰ্শন প্ৰদান কৰে। গতিকে আমি নিজৰ ইচ্ছাৰে চলাৰ পৰিৱৰ্তে তেওঁৰ সৈতে চলাটো এক সুবিবেচক কাৰ্য্য হʼব। কিন্তু আমি কেনেকৈ ঈশ্বৰৰ সৈতে চলিব পাৰোঁ? তেওঁৰ বাক্যত উল্লেখ কৰা মাৰ্গদৰ্শন পালন কৰি আমি তেনে কৰিব পাৰোঁ।
২. এই লেখটোত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২ আমি পূৰ্বৱৰ্তী লেখটোত হোচেয়া ১-৫ অধ্যায়ত উল্লেখ কৰা প্ৰতিকৰূপক নাটকখনৰ অৰ্থৰ বিষয়ে শিকিব পাৰিলোঁ। তদুপৰি তাত থকা শিক্ষামূলক পাঠবোৰৰ বিষয়ে জানিব পাৰিলোঁ যি আমাক ঈশ্বৰৰ সৈতে চলি থাকিবলৈ সহায় কৰিব পাৰে। এতিয়া আঁহক আমি হোচেয়া ৬-৯ অধ্যায়ৰ বিষয়ে বিবেচনা কৰোঁহঁক। সৰ্বপ্ৰথমে আমি এই চাৰিটা অধ্যায়ক সংক্ষিপ্তকৈ জানি থোৱাটো উত্তম হʼব।
সাৰ কথা
৩. হোচেয়া ৬-৯ অধ্যায়ৰ সাৰ কথা কি?
৩ মুখ্যতভাৱে, যিহোৱাই হোচেয়াক উত্তৰে থকা ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যৰ আগত ভৱিষ্যতবাণী কৰিবলৈ পঠিয়াইছিল, যিসকলে ঈশ্বৰক সম্পূৰ্ণকৈ ত্যাগ কৰিছিল। সেই জাতিক ইফ্ৰয়িম নামেৰেও জনা গৈছিল, কিয়নো তেওঁলোক অধিষ্ঠিত লোক আছিল। হোচিয়া ৬-৯ অধ্যায়ত উল্লেখ কৰিছে যে এই জাতিয়ে কেনেকৈ যিহোৱাৰ নিয়মক উলংঙ্ঘন কৰি বিশ্বাস-ঘাতকতা হোৱাৰ প্ৰমাণ দিছিল। (হোচেয়া ৬:৭) তেওঁলোকে যিহোৱাক ত্যাগ কৰি অন্যজাতিৰ সৈতে বন্ধুত্বৰ নিয়ম স্থাপিত কৰিছিল। তদুপৰি যিহোৱাৰ দৃষ্টিত নিৰন্তৰে মন্দ কাৰ্য্যবোৰ অভ্যাস কৰাৰ কাৰণে ইয়াৰ প্ৰতিফল অৰ্থাৎ ন্যায়দণ্ড পাবলগীয়া আছিল। কিন্তু আনহাতে, হোচেয়াৰ ভৱিষ্যতবাণীত এক শান্ত্বনাদায়ক বাৰ্ত্তাৰ বিষয়েও পঢ়িবলৈ পোৱা যায়। সেই বাৰ্ত্তাৰ অনুসাৰে লোকসকলে যদি প্ৰায়শ্চিত্ত কৰে, তেন্তে পুনৰাই যিহোৱালৈ উভটি আহিব আৰু অনুগ্ৰহপ্ৰাপ্ত হʼব বুলি কোৱা হৈছিল।
৪. হোচেয়াৰ ভৱিষ্যতবাণীত আমি কেনে কাৰ্য্যকাৰী শিক্ষাবোৰৰ বিষয়ে বিবেচনা কৰিম?
৪ হোচেয়াৰ এই চাৰিটা অধ্যায়ৰ পৰা আমি আৰু অধিক মাৰ্গদৰ্শন পাব পাৰোঁ যি আমাক যিহোৱাৰ সৈতে চলিবলৈ সহায় কৰিব। এতিয়া আঁহক আমি এই চাৰিটা কাৰ্য্যকাৰী শিক্ষাৰ বিষয়ে আলোচনা কৰোঁহঁক: (১) আন্তৰিকতাৰে কৰা প্ৰায়শ্চিত্ত কেৱল বাক্যৰে নহয় কিন্তু কৰ্ম্মৰে দেখুৱা উচিত; (২) যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়; (৩) যিহোৱাই তেওঁৰ উপাসকবিলাকে তেওঁক ত্যাগ কৰিলে আঘাত পায় আৰু (৪) উত্তম ফল পাবলৈ সৎকৰ্ম্ম কৰা উচিত।
আন্তৰিকতাৰে কৰা প্ৰায়শ্চিত্ত কেনেকৈ প্ৰকাশ পায়
৫. হোচেয়া ৬:১-৩ পদত উল্লেখ কৰা মূল বিষয়বোৰ কওক।
৫ হোচেয়াৰ ভৱিষ্যতবাণীৰ পৰা আমি অধিককৈ প্ৰায়শ্চিত্ত আৰু দয়া কৰাৰ বিষয়ে শিকিবলৈ পাওঁ। উদাহৰণস্বৰূপে, হোচেয়া ৬:১-৩ পদত এইদৰে কৈছে: “বʼলা, আমি যিহোৱালৈ ঘূৰি ঘাওঁ; কাৰণ তেওঁ বিদাৰিলে, আৰু তেওঁ আমাক সুস্থও কৰিব; তেওঁ প্ৰহাৰিলে, আৰু তেওঁ আমাৰ ঘা বান্ধিব। দুদিনৰ পাছত তেওঁ আমাক পুনৰায় জীয়াব, তৃতীয় দিনা তেওঁ আমাক তুলিব; তাতে আমি তেওঁৰ সাক্ষাতে জীয়াই থাকিম। আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ তেওঁৰ অনুগামী হওহঁক; তেওঁৰ উদয় অৰুণোদয়ৰ নিচিনা নিশ্চিত; তেওঁ আমাৰ ওচৰলৈ বৃষ্টিৰ নিচিনাকৈ, ভূমি ভিজাওঁতা শেষতীয়া বৰষুণৰ নিচিনাকৈ আহিব।”
৬-৮. ইস্ৰায়েলসকলে দেখুৱা প্ৰায়শ্চিত্ত কিয় অন্তৰৰ সৈতে নাছিল?
৬ এই পদবোৰত উল্লেখ কৰা বাক্যবোৰ কোনে কৈছিল? কিছুমানৰ মতে, এই বাক্যবোৰ অবিশ্বাসী ইস্ৰায়েলসকলক আৰোপ কৰি কৈছিল। কিয়নো তেওঁলোকে প্ৰায়শ্চিত্ত কৰা ভাও জোৰিছিল আৰু ঈশ্বৰৰ অনুগ্ৰহৰ দুৰ্ব্যৱহাৰ কৰিছিল। আন কিছুমানৰ মতে, এই বাক্যবোৰ হোচেয়া ভাববাদীয়ে কৈছিল আৰু যিহোৱাৰ ওচৰলৈ উভটি আহিবলৈ লোকসকলক অনুৰোধ কৰিছিল। এতিয়া প্ৰশ্ন এইটো নহয় যে সেই বাক্যবোৰৰ ৰচয়িতা কোন, কিন্তু প্ৰশ্ন হৈছে, ইস্ৰায়েলৰ দহ জাতিৰ লোকসকলে আন্তৰিকতাৰে প্ৰায়শ্চিত্ত কৰি যিহোৱাৰ ওচৰলৈ উভটি আহিছিলনে? ইয়াৰ উত্তৰ এটা শব্দত কʼবলৈ গʼলে, নহয়। কিয়নো যিহোৱাই হোচেয়াৰ দ্বাৰা এইদৰে কৈছিল: “হে ইফ্ৰয়িম, মই তোমাক কি কৰিম? হে যিহূদা, তোমাক বা কি কৰিম? কিয়নো তোমালোকৰ প্ৰেম ৰাতিপুৱাৰ মেঘৰ নিচিনা, আৰু সোনকালে নাইকিয়া হোৱা নিয়ৰৰ নিচিনা।” (হোচেয়া ৬:৪) ঈশ্বৰৰ লোকসকলৰ আধ্যাত্মিক দুৰ্দশাৰ ই কিযে এক সাক্ষ্য আছিল! তেওঁলোকৰ মাজত থকা আনুগত্য প্ৰেম নিয়ৰৰ নিচিনাকৈ নাইকিয়া হৈছিল। যদিও দেখাত লোকসকলে প্ৰায়শ্চিত্ত কৰা যেন লাগিছিল, তথাপিও যিহোৱাই তেওঁলোকক অনুগ্ৰহ প্ৰদান নকৰিলে। যিহোৱাই কিয় তেওঁলোকক অনুগ্ৰহ প্ৰদান নকৰিলে?
৭ তেওঁলোকে আন্তৰিকতাৰে প্ৰায়শ্চিত্ত কৰা নাছিল। তেওঁলোকৰ এই মনোবৃত্তিৰ বিষয়ে হোচেয়া ৭:১৪ পদত কৈছে: “তেওঁবিলাকে অন্তৰে সৈতে মোৰ আগত কাতৰোক্তি নকৰি নিজ নিজ শয্যাত হাহাকাৰ কৰে।” আগলৈ ১৬ পদত এইদৰে পঢ়িবলৈ পোৱা যায়: “তেওঁবিলাকে ঘূৰে, কিন্তু ওপৰত থকা জনালৈ নহয়।” পুনৰাই যিহোৱাৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ তেওঁলোকে উচ্চকৃত উপাসনা কৰিবলৈ অনিচ্ছুক আছিল। দৰাচলতে, তেওঁলোকে যিহোৱাৰ সৈতে চলিবলৈ বিচৰা নাছিল।
৮ আন্তৰিকতাৰে দেখুৱা প্ৰায়শ্চিত্তৰ সম্বন্ধে অন্য এক সমস্যা দেখা গৈছিল। তেওঁলোকে পাপময় কাৰ্য্যবোৰ, যেনে, কূট কৌশল, হত্যা, চোৰ, মূৰ্ত্তিপূজা আৰু অন্য জাতিবোৰৰ সৈতে বন্ধুত্বৰ হাত আগবঢ়াবলৈ এৰি দিয়া নাছিল। হোচেয়া ৭:৪ পদৰ অনুসাৰে তেওঁলোক “ৰুটিৱালাই তপত কৰা তন্দুৰস্বৰূপ আছিল।” আন শব্দত কʼবলৈ গʼলে তেওঁলোকৰ মনত মন্দ ইচ্ছাবোৰ জুইৰ নিচিনা জ্বলি আছিল। তেনে এক স্থিতিত তেওঁলোকে যিহোৱাৰ পৰা অনুগ্ৰহ পোৱা অপেক্ষা কৰিব পাৰেনে? নিশ্চয়ে নোৱাৰে। এনে বিদ্ৰোহী লোকসকলৰ বিষয়ে হোচেয়াই কৈছিল যে যিহোৱাই “তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব” আৰু “পাপৰ প্ৰতিকাৰ সাধিব।” (হোচেয়া ৯:৯) তেওঁলোকলৈ কোনো ধৰণৰ অনুগ্ৰহ দেখুৱা নহʼব।
৯. প্ৰায়শ্চিত্ত আৰু অনুগ্ৰহৰ সম্বন্ধে হোচেয়াৰ বাক্যবোৰৰ পৰা আমি কি শিকিব পাৰোঁ?
৯ আমি হোচেয়াৰ বাক্যবোৰ পঢ়ি প্ৰায়শ্চিত্ত আৰু অনুগ্ৰহ কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? অবিশ্বাসী ইস্ৰায়েলসকলৰ উদাহৰণৰ পৰা জানিব পৰা যায় যে যিহোৱাৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ আমি আন্তৰিকতাৰে প্ৰায়শ্চিত্ত কৰা অতি আৱশ্যক। তেনে ধৰণৰ প্ৰায়শ্চিত্ত কেনেকৈ প্ৰকাশ পায়? ইয়াৰ বাবে এজন ব্যক্তিয়ে কাৰ্য্যৰ দ্বাৰা প্ৰকাশ কৰা উচিত। কিয়নো মুখেৰে কোৱা বাক্য আৰু চকু-লোৰ দ্বাৰা যিহোৱাই প্ৰভাৱিত নহয়। গতিকে এজন ব্যক্তিয়ে ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হʼবলৈ তেওঁ নিজৰ পাপময় কাৰ্য্যবোৰ সম্পূৰ্ণকৈ ত্যাগ কৰি যিহোৱাৰ উপাসনাৰ আধাৰিত থকা স্তৰবোৰৰ অনুসাৰে জীৱন-যাপন কৰা উচিত।
যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়
১০, ১১. ইস্ৰায়েলৰ সম্বন্ধে বিবেচনা কৰি কিয় কʼব পাৰি যে যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়?
১০ এতিয়া আঁহক আমি ইয়াৰ দ্বিতীয় শিক্ষাটোৰ বিষয়ে বিবেচনা কৰোঁহঁক, যি আমাক যিহোৱাৰ সৈতে চলি থাকিবলৈ সহায় কৰিব। সেই শিক্ষাটো হৈছে: যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়। এই সম্বন্ধে হোচেয়া ৬:৬ পদত কৈছে: “মই বলিদান বাঞ্ছা নকৰোঁ, দয়াহে বাঞ্ছা কৰোঁ, আৰু হোম-বলিতকৈ ঈশ্বৰবিষয়ক জ্ঞান অধিক বাঞ্ছা কৰোঁ।” মন কৰক যে যিহোৱাই অন্তৰৰ পৰা ওলোৱা আনুগত্য প্ৰেম আৰু তেওঁৰ জ্ঞান লোৱা দেখি আনন্দিত হয়। কিন্তু আপুনি হয়তো এইটো ভাবি আচৰিত হʼব পাৰে: ‘এই শাস্ত্ৰীয় পদত কিয় যিহোৱাই “বলিদান” আৰু ‘হোম-বলিৰ’ দ্বাৰা আনন্দিত নহয় বুলি কৈছে? মোচিৰ ব্যৱস্থাত জানো তেনে বলিদানৰ আৱশ্যকতাৰ বিষয়ে দাঙি ধৰা নাছিল?’
১১ নিঃসন্দেহ, মোচিৰ ব্যৱস্থাত স্পষ্টকৈ বলিদান আৰু হোম-বলিৰ বিষয়ে কোৱা হৈছিল। কিন্তু হোচেয়াৰ সময়ত থকা লোকসকলত এক গম্ভীৰ সমস্যা দেখা গৈছিল। তেওঁলোকে হয়তো নামমাত্ৰ তেনে বলিদানবোৰ উৎসৰ্গ কৰি ভক্তিকাৰী হোৱাৰ পৰিচয় দিছিল। কিন্তু একেই সময়ত তেওঁলোকে পাপময় কাৰ্য্যবোৰ কৰিবলৈ ত্যাগ দিয়া নাছিল। তেওঁলোকৰ এনে ধৰণৰ মনোবৃত্তিয়ে ঈশ্বৰৰ প্ৰতি আনুগত্য প্ৰেম নথকা প্ৰমাণ দিছিল। আনকি তেওঁলোকে ঈশ্বৰৰ জ্ঞানৰ অনুসাৰে নচলি তাক হেয়জ্ঞান কৰা দৰ্শাইছিল। যদি তেওঁলোকৰ মনত মন্দ বিষয়বোৰে ভৰি থাকে আৰু বিপথে যাবলৈ এৰি নিদিয়ে, তেন্তে তেওঁলোকে কৰা বলিদান আৰু হোমবলিৰ কিবা মূল্য থাকিবনে? সেইবাবে তেওঁলোকৰ বলিদান যিহোৱাই গ্ৰহণ কৰা নাছিল।
১২. হোচেয়া ৬:৬ পদৰ বাক্যবোৰে কেনেকৈ বৰ্তমান লোকসকলৰ বাবে সতৰ্কবাণী প্ৰদান কৰে?
১২ বৰ্তমান সময়ত গীৰ্জাৰ সদস্যসকলৰ বাবে হোচেয়াৰ বাক্যবোৰ সতৰ্কবাণী হিচাপে প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে, তেওঁলোকে ধৰ্ম্মধামত ভাগ লৈ ঈশ্বৰলৈ বলিদান অৰ্পণ কৰে। কিন্তু তেওঁলোকে যি শিকে তাৰ অনুসাৰে কাৰ্য্য নকৰে। তেনেহʼলে যদি তেওঁলোকৰ হৃদয়ে ঈশ্বৰৰ যথাৰ্থ জ্ঞান লʼবলৈ আৰু তাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ প্ৰেৰিত কৰা নাই, তেন্তে তেওঁলোকে যিহোৱাৰ মন আনন্দিত কৰিবলৈ সক্ষম হৈছেনে? গতিকে কোনোৱে এইটো ভাবি লোৱা উচিত নহয় যে ধৰ্ম্মধাম কৰি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰি। যিহোৱাই কেতিয়াও তেনে ব্যক্তিসকলৰ কাৰ্য্যৰ ওপৰত অনুগ্ৰহ নকৰে, যিসকলে তেওঁৰ বাক্যৰ অনুসাৰে চলাৰ পৰিৱৰ্তে নামমাত্ৰ উপাসনা কৰা দেখুৱায়।—২ তীমথিয় ৩:৫.
১৩. আমি কেনে ধৰণৰ বলিদান অৰ্পণ কৰা আৱশ্যক, কিন্তু ইয়াৰ বিষয়ে কি মনত ৰখা উচিত?
১৩ আমি প্ৰকৃত খ্ৰীষ্টান হোৱাৰ বাবে জানো যে যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়। যিয়ে নহওক, আমি “ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” (ইব্ৰী ১৩:১৫) এইটো মনত ৰখা অতি আৱশ্যক যে আমি হোচেয়াৰ সময়ৰ ইস্ৰায়েলসকলৰ নিচিনা নহওঁ আৰু আধ্যাত্মিক বলিদান কৰি পাপময় কাৰ্য্যবোৰ প্ৰতিকাৰ হʼব বুলি নাভাবো। গুপুতে অনৈতিক কাৰ্য্যত লিপ্ত হোৱা এগৰাকী যুৱতীৰ বিষয়ে বিবেচনা কৰক। তাই স্বীকাৰ কৰি এইদৰে কৈছিল: “মই ভাবিছিলোঁ যে অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা মোৰ ভুলশুদ্ধি হʼব।” ঠিক সেইদৰে অবিশ্বাসী ইস্ৰায়েলসকলেও ভাবিছিল। কিন্তু আমি যদি যিহোৱাৰ গ্ৰহণযোগ্য হʼব বিচাৰিছোঁ, তেন্তে আন্তৰিকতাৰে তেওঁৰ আজ্ঞা পালন কৰি সেই অনুসাৰে চলা উচিত।
উপাসকবিলাকে যিহোৱাক ত্যাগ কৰাত আঘাত পায়
১৪. হোচেয়াৰ ভৱিষ্যতবাণীয়ে যিহোৱাৰ ভাৱনাৰ বিষয়ে কি প্ৰকাশ কৰিছে?
১৪ হোচেয়া ৬-৯ অধ্যায়ৰ পৰা শিকিবলগীয়া তৃতীয় শিক্ষাটো হৈছে, যিহোৱাই তেওঁৰ উপাসকবিলাকে ত্যাগ কৰাত কেনে অনুভৱ কৰে। তেওঁ এজন কোমল আৰু দৃঢ়চিত্তৰ ঈশ্বৰ। গতিকে তেওঁ আন্তৰিকতাৰে প্ৰায়শ্চিত্ত কৰা সকলৰ সৈতে সহানুভূতিৰে ব্যৱহাৰ কৰে। কিন্তু প্ৰায়শ্চিত্ত নকৰা সকলৰ প্ৰতি দৃঢ়তাৰে পদক্ষেপ লয়। কিয়নো যিহোৱাই আমাৰ মঙ্গলৰ প্ৰতি আগ্ৰহী আৰু আমি আজ্ঞাকাৰীতা হৈ তেওঁৰ সৈতে চলা দেখি আনন্দিত হয়। সেইবাবে গীত ১৪৯:৪ পদত এইদৰে কৈছে: “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” কিন্তু তেওঁৰ উপাসকবিলাক আজ্ঞাকাৰীতা নহলে তেওঁ কেনে অনুভৱ কৰে?
১৫. হোচেয়া ৬:৭ পদৰ অনুসাৰে ইস্ৰায়েলৰ কিছুমান পুৰুষে নিজ নিজ ভাৰ্য্যাৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিছিল?
১৫ যিহোৱাই অবিশ্বাসী ইস্ৰায়েলসকলক সম্বোধিত কৰি এইদৰে কৈছিল: “আদমৰ নিচিনাকৈ তেওঁবিলাকে নিয়মটি ভগ্ন কৰিলে; সৌ তাত তেওঁবিলাকে মোৰ বিৰুদ্ধে বিশ্বাস-ঘাতকতা কৰিলে।” (হোচেয়া ৬:৭) ইয়াত “বিশ্বাস-ঘাতকতা” বুলি উল্লেখ কৰা হিব্ৰু শব্দটোৰ অৰ্থ “ছলাহী কৰা বা অবিশ্বাসী” হোৱা বুজাইছে। সেইদৰে মলাখী ২:১০-১৬ পদত পুৰুষসকলে নিজ নিজ ভাৰ্য্যাৰ সৈতে বিশ্বাস-ঘাতক কৰা শব্দটো সেই একেই অৰ্থক বুজাইছে। এটা উদ্ধৃতিৰ অনুসাৰে হোচেয়া ৬:৭ পদত উল্লেখ কৰা এই বিশ্বাস-ঘাতক উক্তিটো হৈছে “বিবাহৰ এক প্ৰতিৰূপ যি চৰিত্ৰত দেখা দিয়ে . . . ই এক ব্যক্তিগত সমস্যা, যʼত প্ৰেমক অগ্ৰাহ্য কৰা হৈছে।”
১৬, ১৭. ইস্ৰায়েলসকলে কেনেকৈ নিয়মৰ বিৰুদ্ধে কাৰ্য্য কৰিছিল? (খ) আমি লোৱা পদক্ষেপৰ বিষয়ে কি মনত ৰখা উচিত?
১৬ যিহোৱাই ইস্ৰায়েলসকলক নিজৰ ভাৰ্য্যাস্বৰূপে দৃষ্টি কৰিছিল। কিয়নো ঈশ্বৰে তেওঁলোকৰ সৈতে এক নিয়ম স্থাপিত কৰিছিল। কিন্তু যেতিয়া লোকসকলে সেই নিয়মৰ আধাৰিত থকা চুক্তিবোৰ উল্লঙ্ঘন কৰিছিল, তেতিয়া তেওঁলোক যেন ব্যভিচাৰলৈ পৰিচালিত হৈছিল। তেওঁলোকে বিশ্বাসী স্বামীস্বৰূপে থকা ঈশ্বৰক ত্যাগ দিছিল।
১৭ বৰ্তমান আমাৰ বিষয়ে কি কʼব পাৰি? আমি ঈশ্বৰৰ সৈতে চলিছোঁ নে নাই, সেই বিষয়ে তেওঁ চিন্তা কৰে। কিয়নো আমি মনত ৰখা উচিত যে “ঈশ্বৰ প্ৰেম” আৰু আমাৰ যিকোনো পদক্ষেপে তেওঁক প্ৰভাবান্নিত কৰে। (১ যোহন ৪:১৬) গতিকে আমি লোৱা যিকোনো ভুল পদক্ষেপৰ দ্বাৰা তেওঁ আঘাত পাই আৰু অসন্তুষ্ট হয়। যদি আমি এই কথাষাৰ মনত ৰাখোঁ, তেন্তে দৃঢ়তাৰে প্ৰলোভনৰ সম্মুখীন হʼব পাৰিম।
আমি উত্তম ফল পাবলৈ কি কৰা উচিত
১৮, ১৯. আমি হোচেয়া ৮:৭ পদত কেনে এক সিদ্ধান্ত পঢ়িবলৈ পাওঁ আৰু ই কেনেকৈ ইস্ৰায়েলসকলৰ বাবে সত্যৰূপে প্ৰমাণিত হʼল?
১৮ এতিয়া আঁহক আমি হোচেয়াৰ ভৱিষ্যতবাণীৰ চতুৰ্থ শিক্ষাটো অৰ্থাৎ উত্তম ফল পাবলৈ কি কৰা উচিত, সেই বিষয়ে আলোচনা কৰোঁহঁক। ইস্ৰায়েলসকলৰ অজ্ঞানতা আৰু বিশ্বাস-ঘাতকতাৰ কাৰ্য্যৰ সম্বন্ধে হোচেয়াই এইদৰে কৈছিল: “তেওঁবিলাকে বায়ুৰূপ গুটি বৈছে, আৰু বাʼমৰলী বতাহৰূপ গুটি দাব।” (হোচেয়া ৮:৭) ইয়াত উল্লেখ কৰা এই সিদ্ধান্তটো আমি সকলোৱে মনত ৰখা উচিত: আমি বৰ্তমানে কৰা কাৰ্য্য আৰু ইয়াৰ পৰিণামৰ সৈতে এক পোনপটীয়া সম্বন্ধ আছে। এই সিদ্ধান্তটো অবিশ্বাসী ইস্ৰায়েলসকলৰ সম্বন্ধে কেনেকৈ সত্যৰূপে প্ৰমাণিত হʼল?
১৯ ইস্ৰায়েলসকলে পাপময় কাৰ্য্যত লিপ্ত হোৱাৰ দ্বাৰা বেয়া পৰিণামৰ সম্মুখীন হৈছিল। তেওঁলোকে কোনো বেয়া পৰিণামৰ সম্মুখীন নোহোৱাকৈ তেনে কাৰ্য্যবোৰ কৰি থাকিবলৈ সক্ষম হʼবনে? নিশ্চয়ে নহʼব। কিয়নো অতি শীঘ্ৰেই তেওঁলোকে সোধ-বিচাৰৰ সম্মুখীন হʼবলগীয়া আছিল। এই সম্বন্ধে হোচেয়া ৮:১৩ পদত কৈছে: “তেওঁ [যিহোৱাই] এতিয়া তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁবিলাকৰ পাপৰ প্ৰতিফল দিব।” তদুপৰি হোচেয়া ৯:১৭ পদত কৈছে: “মোৰ ঈশ্বৰে তেওঁবিলাকক অগ্ৰাহ্য কৰিব; কিয়নো তেওঁবিলাকে তেওঁলৈ কাণ নিদিলে; আৰু তেওঁবিলাকে জাতিবিলাকৰ মাজত ভ্ৰমি ফুৰিব।” যিহোৱাই তেওঁবিলাকৰ অপৰাধৰ বাবে প্ৰতিফল দিবলগীয়া আছিল। কিয়নো তেওঁলোকে বেয়া কাৰ্য্য কৰি বেয়াহে ফল পাবলগীয়া আছিল। সা.যু.পূ. ৭৪০ চনত অচূৰৰ সৈন্যই আহি ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যক ধ্বংস কৰি তাৰ লোকসকলক বন্দী বনাই লৈ গʼল।
২০. আমি ইস্ৰায়েলসকলৰ অভিজ্ঞতাৰ পৰা কি শিকিব পাৰোঁ?
২০ আমি ইস্ৰায়েলসকলৰ অভিজ্ঞতাৰ দ্বাৰা এক মূল শিক্ষা শিকিব পাৰোঁ আৰু সেইয়া হৈছে: আমি যিহকে বওঁ, তাকেহে দাম। সেইবাবে ঈশ্বৰৰ বাক্যই আমাক সতৰ্ক কৰি এইদৰে কৈছে: “তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।” (গালাতীয়া ৬:৭) যদি আমি বেয়া কাৰ্য্য কৰোঁ, তেন্তে তাৰ বেয়াহে পৰিণাম হʼব। উদাহৰণস্বৰূপে, যিসকলে অনৈতিকতাৰে জীৱন-যাপন কৰে, তেওঁলোকে বেয়া পৰিণামৰ সম্মুখীন হʼব। যিজন ব্যক্তিয়ে নিজৰ ভুল স্বীকাৰ নকৰে, তেওঁ বেয়া পৰিণামৰ সম্মুখীন হʼব।
২১. আমি কেনেকৈ উত্তম ফল পাব পাৰোঁ?
২১ আমি কেনেকৈ উত্তম ফল পাব পাৰোঁ? এই প্ৰশ্নটোৰ উত্তৰ এক সাধাৰণ দৃষ্টান্তৰ দ্বাৰা দিব পাৰি। এজন খেতিয়কে ধানৰ সলনি ঘেঁহু সিঁচি কি পাবলৈ অপেক্ষা কৰিব? তেওঁ নিশ্চই ধান সংগ্ৰহ কৰাটো অপেক্ষা নকৰিব। গতিকে তেওঁ যদি ধান সংগ্ৰহ কৰিব বিচাৰিছে, তেন্তে ধানহে সিঁচিব লাগিব। সেইদৰে আমি যদি উত্তম ফল পাব বিচাৰিছোঁ, তেন্তে উত্তম কাৰ্য্য কৰিব লাগিব। গতিকে আপুনি সদায়ে উত্তম ফল অৰ্থাৎ সন্তুষপ্ৰদ জীৱন আৰু অনন্তকাল জীয়াই থকাটো বিচাৰিছেনে? যদি বিচাৰিছে, তেন্তে ঈশ্বৰৰ সৈতে চলি থকা আৰু তেওঁৰ স্তৰসমূহৰ অনুসাৰে জীৱন-যাপন কৰা অতি আৱশ্যক।
২২. আমি হোচেয়া ৬-৯ অধ্যায়ৰ পৰা কি শিকিব পাৰিলোঁ?
২২ আমি হোচেয়া ৬-৯ অধ্যায়ৰ পৰা এই চাৰিটা শিক্ষাৰ বিষয়ে শিকিব পাৰিলোঁ, যি আমাক ঈশ্বৰৰ সৈতে চলি থাকিবলৈ সহায় কৰিব: (১) আন্তৰিকতাৰে কৰা প্ৰায়শ্চিত্ত কেৱল বাক্যৰে নহয় কিন্তু কৰ্ম্মৰে দেখুৱা উচিত; (২) যিহোৱাই কেৱল বলিদানৰ দ্বাৰাই আনন্দিত নহয়; (৩) যিহোৱাই তেওঁৰ উপাসকবিলাকে তেওঁক ত্যাগ কৰিলে আঘাত পায় আৰু (৪) উত্তম ফল পাবলৈ সৎকৰ্ম্ম কৰা উচিত। এই কিতাপখনৰ শেষৰ পাঁচটা অধ্যায়ে কেনেকৈ আমাক ঈশ্বৰৰ সৈতে চলি থাকিবলৈ সহায় কৰিব পাৰে? (w05 11/15)
উত্তম ফল পাবলৈ সৎকৰ্ম্ম কৰা উচিত
আমি কেনেকৈ উত্তৰ দিব?
• অন্তৰৰ সৈতে কৰা প্ৰায়শ্চিত্ত কেনেকৈ প্ৰকাশ পায়?
• যিহোৱাই কিয় কেৱল বলিদানৰ দ্বাৰা আনন্দিত নহয়?
• উপাসকবিলাকে যিহোৱাক ত্যাগ কৰাত কেনে অনুভৱ কৰে?
• আমি উত্তম ফল পাবলৈ কি কৰা উচিত?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
ৰাতিপুৱাৰ মেঘৰ নিচিনা ইস্ৰায়েলসকলৰ আনুগত্য প্ৰেম নাইকিয়া হʼল
[৯ পৃষ্ঠাৰ ছবি]
ইস্ৰায়েলসকলৰ মন্দ ইচ্ছাবোৰ জুইৰ নিচিনা জ্বলি আছিল
[১০ পৃষ্ঠাৰ ছবি]
যিহোৱাই কিয় ইস্ৰায়েলসকলৰ বলিদানবোৰ অগ্ৰাহ্য কৰিলে?