Skip to content

Skip to table of contents

“জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে শুভবাৰ্ত্তা শুনিব

“জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে শুভবাৰ্ত্তা শুনিব

“জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকলে শুভবাৰ্ত্তা শুনিব

“সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে . . . কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।”—জখৰিয়া ৮:২৩.

১. যিহোৱাই কেনেকৈ বিভিন্ন জাতি আৰু ভাষা কোৱা লোকসমূহৰ বাবে শুভবাৰ্ত্তা শুনিবলৈ সময় আৰু সুযোগ মুকলি কৰিলে?

 সেইয়া আছিল সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত হোৱা এক গুৰুত্বপূৰ্ণ ঘটনা। কিছু সপ্তাহৰ আগৰে পৰা যিৰূচালেমত নিস্তাৰ-পৰ্ব্ব পালন কৰাৰ উদ্দেশ্যৰে ৰোমান সাম্ৰাজ্যৰ ১৫ খন বিভিন্ন দেশৰ পৰা অহা লোকসমূহ গোট খাইছিল। সেইদিনা তাত উপস্থিত থকা হাজাৰ হাজাৰ লোকে প্ৰাচীন বাবিলত হোৱা ভাষাভেদৰ বাবে নহয়, কিন্তু পবিত্ৰ আত্মাৰে পৰিচালিত হৈ কিছুমান সাধাৰণ পুৰুষ আৰু স্ত্ৰীয়ে ভিন্ন ভাষাত শুভবাৰ্ত্তা প্ৰচাৰ কৰা দেখা পাই আচৰিত হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:১-১২) সেই সময়ৰ পৰা খ্ৰীষ্টান মণ্ডলীৰ স্থাপন আৰু ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰচাৰ কৰাৰ দুৱাৰ মুকলি হʼল। এই কাৰ্য্য আজিলৈকে চলি আছে।

২. সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত যীচুৰ শিষ্যবিলাকে কেনেকৈ ভিন্ন ভাষাত প্ৰচাৰ কৰাত লোকসকল “আচৰিত” হৈছিল?

সম্ভৱতঃ, যীচুৰ শিষ্যসকলে প্ৰচলিত গ্ৰীক ভাষাতে প্ৰচাৰ কৰিছিল। তদুপৰি মন্দিৰত অভ্যাস কৰা হীব্ৰু ভাষাকো ব্যৱহাৰ কৰিছিল। কিন্তু পেন্টাকোষ্টৰ দিনা তেওঁলোকে ভিন্ন ভিন্ন ভাষাত প্ৰচাৰ কৰাত লোকসকল “আচৰিত” হৈছিল। তেনে কৰাৰ কোনো উত্তম পৰিমাণ দেখা গʼলনে? নিশ্চয়ে দেখা গʼল। কিয়নো লোকসকলে নিজ নিজ মাতৃভাষাত সত্যৰ বিষয়ে জানিবলৈ পাই মনপালটন কৰিবলৈ প্ৰেৰিত হʼল। সেই দিনাই শিষ্যসকলৰ সংখ্যা বৃদ্ধি হৈ ৩০০০ জন হʼল।—পাঁচনিৰ কৰ্ম্ম ২:৩৭-৪২.

৩, ৪. শিষ্যবিলাকে যিৰূচালেম, যিহূদা আৰু গালীলৰ পৰা পলাই যোৱাত কেনেকৈ প্ৰচাৰ কাৰ্য্যৰ বিস্তৃত হয়?

এই গুৰুত্বপূৰ্ণ ঘটনাৰ কিছু সময়ৰ পিছতেই শিষ্যবিলাকে অত্যধিক উৎপীড়নৰ সম্মুখীন হয় আৰু তেওঁলোকে অন্য ঠাইবোৰলৈ পলাই যাবলগীয়া হয়। তথাপিও “তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:১-৪) উদাহৰণস্বৰূপে, আমি পাঁচনিৰ কৰ্ম্ম ৮ অধ্যায়ত গ্ৰীক ভাষাবাদী ফিলিপ নামৰ শুভবাৰ্ত্তা প্ৰচাৰক জনৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁ চমৰিয়া নগৰৰ লোকবিলাকৰ আগত প্ৰচাৰ কৰিছিল। তদুপৰি তেওঁ খ্ৰীষ্টৰ বিষয়ে আগ্ৰহী দেখুৱা কুচ-দেশীয় নপুংসক জনকো শুভবাৰ্ত্তা শুনাইছিল।—পাঁচনিৰ কৰ্ম্ম ৬:১-৫; ৮:৫-১৩, ২৬-৪০; ২১:৮, ৯.

উৎপীড়নৰ বাবে শিষ্যবিলাকে যিৰূচালেম, যিহূদা আৰু গালীলৰ পৰা পলাই গৈ পুনৰাই জীৱন-যাপন সংগঠিত কৰাৰ অনুসন্ধানত ভিন্ন ভাষা কোৱা লোকসকলক লগ পায়। সম্ভৱতঃ তেওঁলোকৰ কিছুমানে কেৱল ইহুদীবিলাকক প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু পাঁচনি লূকৰ মতে, “তেওঁবিলাকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ জনচাৰেক আন্তিয়খিয়ালৈ আহি গ্ৰীকবিলাকৰ আগতো প্ৰভু যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১১:১৯-২১.

সকলোলৈ এজন অপক্ষপাতী ঈশ্বৰৰ বাৰ্ত্তা

৫. যিহোৱাৰ অপক্ষপাতী গুণ কেনেকৈ শুভবাৰ্ত্তাত দেখিবলৈ পোৱা যায়?

তেনে ধৰণে প্ৰচাৰ কাৰ্য্য বিস্তাৰিত হোৱাটো যিহোৱাৰ ইচ্ছাৰ অনুসাৰে আছিল। কিয়নো তেওঁ এজন অপক্ষপাতী ঈশ্বৰ। এই সত্যতাৰ সম্বন্ধে পাঁচনি পিতৰৰ পৰা জানিব পৰা যায়। অন্যজাতিবোৰৰ প্ৰতি থকা তেওঁৰ মনোবৃত্তিক যিহোৱাই সলনি কৰাৰ পিছত, তেওঁ কৃতজ্ঞতাৰে এইদৰে কৈছিল: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।” (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; গীত ১৪৫:৯) পূৰ্বতে খ্ৰীষ্টানসকলক তাড়না দিওঁতা পাঁচনি পৌলে প্ৰচাৰ কৰি কৈছিল যে ঈশ্বৰৰ “ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” ঈশ্বৰে যে সকলো প্ৰকাৰৰ পক্ষপাতৰ পৰা দূৰত থাকে, তাক তেওঁ দৃঢ়নিশ্চয়তাৰে কʼব পাৰিলে। (১ তীমথিয় ২:৪) এই সত্যতাৰ প্ৰমাণ সৃষ্টিকৰ্তাজনে সকলো জাতি, ভাষা আৰু লোকসকলৰ বাবে উপলব্ধ কৰা ৰাজ্যৰ বাৰ্ত্তাৰ দ্বাৰা দেখা যায়।

৬, ৭. শুভবাৰ্ত্তা কেনেকৈ আন্তঃৰাষ্ট্ৰীয়ভাৱে বৃদ্ধি হʼব বুলি বাইবেলত পূৰ্বেই কোৱা হৈছিল?

বহু সময়ৰ পূৰ্বেই এনে আন্তঃৰাষ্ট্ৰীয়ভাৱে বৃদ্ধি হোৱাৰ বিষয়ে কোৱা হৈছিল। দানিয়েল ভৱিষ্যতবাণীৰ অনুসাৰে, “সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে [যীচুক] ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হল।” (দানিয়েল ৭:১৪) ইয়াৰ এটা প্ৰমাণ হৈছে বৰ্তমান ১৫১ টা ভাষাত প্ৰকাশ আৰু বিতৰণ হোৱা এই আলোচনীখন, যি যিহোৱা ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে।

বাইবেলে পূৰ্বেই এনে এক সময় আহিব বুলি কৈছিল, যʼত ভিন্ন ভাষা কোৱা লোকসকলে শুভবাৰ্ত্তাৰ বিষয়ে শুনিব। লোকসকলে কেনেকৈ সত্য উপাসনাৰ প্ৰতি আকৰ্ষিত হʼব, সেই বিষয়ে ভৱিষ্যতবক্তা জখৰিয়াই এইদৰে কৈছিল: “সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” (জখৰিয়া ৮:২৩; গালাতীয়া ৬:১৬) এই সম্পৰ্কে পাঁচনি যোহনে দৰ্শনত কি দেখিছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে।” (প্ৰকাশিত বাক্য ৭:৯) বৰ্তমান সময়ত আমি তেনে ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতা হোৱা দেখিবলৈ পাইছোঁ।

সকলো জাতিৰ লোকৰ ওচৰত যোৱা

৮. বৰ্তমান সময়ত দেখা কেনে পৰিস্থিতিৰ বাবে আমাৰ প্ৰচাৰ কাৰ্য্যত সাল-সলনি কৰা আৱশ্যক হৈছে?

বৰ্তমান দেশান্তৰ হোৱা অধিকাংশ লোকৰ বাবে এক নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকৰ অধিকাংশই যুদ্ধ এলেকা আৰু দৰিদ্ৰতাৰ পৰা মুক্তি পোৱা উদ্দেশ্যৰে সুৰক্ষিত স্থান আৰু আৰামদায়ক জীৱনৰ অনুসন্ধানত আহিছে। বহুতো দেশত থকা দেশান্তৰ আৰু শৰণাৰ্থীয়ে এক বৃহৎ সমাজৰ আকাৰ লৈছে। উদাহৰণস্বৰূপে, ফিন্‌লেণ্ডত ১২০ টা, অষ্ট্ৰেলীয়াত ২০০ টা আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ চান ডিয়াগো নামৰ চহৰখনত ১০০ টাতকৈ অধিক ভাষা কোৱা লোকসকল বাস কৰে।

৯. আমাৰ প্ৰচাৰ এলেকাত ভিন্ন ভাষা কোৱা লোকসমূহৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰখা উচিত?

আমি শুভবাৰ্ত্তাৰ প্ৰচাৰকসকলে তেনে ভিন্ন ভাষা কোৱা লোকসকলৰ আগমণক বাধা হিচাপে দৃষ্টি কৰোঁনে? নিশ্চয়ে নকৰোঁ। বৰঞ্চ, প্ৰচাৰ এলেকাবোৰ বিস্তাৰিত হোৱা অৰ্থাৎ ‘ধান দাবৰ সময়’ হʼল বুলি দৃষ্টি কৰোঁ। (যোহন ৪:৩৫) আমি আধ্যাত্মিকভাৱে ভুকাতুৰ থকা সকলো জাতি বা ভাষা কোৱা ব্যক্তিসকলৰ প্ৰতি বিবেচনাশীল। (মথি ৫:৩) ফলস্বৰূপে, প্ৰত্যেক বছৰে ‘ভিন্ন ভাষা কোৱা’ অধিকাংশ লোকে বাপ্তিষ্মা লৈছে। (প্ৰকাশিত বাক্য ১৪:৬) উদাহৰণস্বৰূপে, আগষ্ট মাহৰ ২০০৪ চনত জাৰ্মানীত ৪০ টা ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনোৱা হʼল। সেই একেই বছৰতে অষ্ট্ৰেলীয়াত প্ৰায় ৩০ টা ভিন্ন ভাষা কোৱা লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼল। যি দহ বছৰৰ পূৰ্বে কেৱল ১৮ টা ভিন্ন ভাষা কোৱা লোকসকলেহে শুনিছিল। বিশ্বব্যাপী প্ৰায় ৮০ শতাংশ যিহোৱাৰ সাক্ষীয়ে ইংৰাজী ভাষাৰ উপৰি অন্য ভাষাত প্ৰচাৰ কৰে।

১০. প্ৰত্যেকজন প্ৰচাৰকে ‘সকলো জাতিৰ লোকসকলক’ শিষ্য বনোৱাৰ সম্বন্ধে কেনে ভূমিকা আদায় কৰে?

১০ নিঃসন্দেহ, ‘সকলো জাতিকে শিষ্য কৰাৰ’ যীচুৰ আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰা নাইনে বাৰু! (মথি ২৮:১৯) যিহোৱাৰ সাক্ষীসকলে যীচুৰ এই আজ্ঞাক আগ্ৰহেৰে পালন কৰি আজি ২৩৫ খন দেশত সক্ৰিয়ভাৱে প্ৰচাৰ আৰু ৪০০ তকৈ অধিক ভাষাত সাহিত্য বিতৰণ কৰিছে। যদিও যিহোৱাৰ সংগঠনে অধিকাংশ লোকক শুভবাৰ্ত্তা শুনাবলৈ আধ্যাত্মিক আৱশ্যকতাৰ যোগান ধৰিছে, তথাপিও ‘সকলোকে’ বাইবেলৰ বাৰ্ত্তা তেওঁলোকৰ নিজৰ ভাষাত শুনাৱালৈ প্ৰত্যেকজন প্ৰচাৰকে আগভাগ লোৱা উচিত। (যোহন ১:৭) প্ৰচাৰকসকলে এনে ধৰণে মিলিজুলি কৰা চেষ্টাই ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তাৰ দ্বাৰা লাভৱান হʼবলৈ সহায় কৰে। (ৰোমীয়া ১০:১৪, ১৫) এই ক্ষেত্ৰত আমি প্ৰত্যেকজন প্ৰচাৰকে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰোঁ।

প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা

১১, ১২. (ক) আমি কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছোঁ আৰু পবিত্ৰ আত্মাই কেনেকৈ সহায় কৰে? (খ) লোকসকলৰ নিজৰ মাতৃভাষাত প্ৰচাৰ কৰাটো কিয় এক কাৰ্য্যকাৰী বিষয়?

১১ আজি বহুতো প্ৰচাৰকে অন্য ভাষা শিকিবলৈ আগবাঢ়ি আহিছে। কিন্তু ইয়াৰ বাবে তেওঁলোকে ঈশ্বৰৰ পৰা কোনো অলৌকিক শক্তি পোৱাৰ অপেক্ষা নকৰে। (১ কৰিন্থীয়া ১৩:৮) বাস্তৱতে নতুন ভাষা শিকাটো এক প্ৰত্যাহ্বানৰ বিষয়। উদাহৰণস্বৰূপে, যিসকলে নিজৰ মাতৃভাষাৰ উপৰি অন্য ভাষা জানে, তেওঁলোকে আনক শুভবাৰ্ত্তা শুনাবলৈ নিজৰ বিচাৰধাৰা আৰু প্ৰচাৰ কৰা পদ্ধতিত সাল-সলনি কৰিবলগীয়া হৈছে। তদুপৰি অপ্ৰবাসীসকলৰ সৈতে কথা-বতৰা হোৱাটো ইমান সহজ নহয়। কিয়নো তেওঁলোকৰ বিচাৰধাৰা ভিন্ন আৰু বাকসংযমী।

১২ যিয়েই নহওক, ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ পবিত্ৰ আত্মাই যিহোৱাৰ সাক্ষীসকলক কাৰ্য্যকাৰীতাৰে পৰিচালিত কৰিছে। (লূক ১১:১৩) পবিত্ৰ আত্মাই আমাক কোনো অলৌকিক শক্তি প্ৰদান কৰাৰ পৰিৱৰ্তে ভিন্ন ভাষা কোৱা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ আমাৰ মনোবাঞ্ছাক উন্নত কৰিছে। (গীত ১৪৩:১০) হয়তো অন্য ভাষাত আমি শুভবাৰ্ত্তা প্ৰচাৰ বা শিক্ষাদান কৰা দেখি লোকসকলে প্ৰতিক্ৰিয়া দেখুৱাব পাৰে। কিন্তু নিজ মাতৃভাষাত শুভবাৰ্ত্তাৰ বিষয়ে শুনিবলৈ পাই তেওঁলোকে অতিশয় প্ৰভাৱিত হʼব। কিয়নো ই তেওঁলোকৰ ইচ্ছা, অভিলাষ আৰু আশাক প্ৰণোদিত কৰিব।—লূক ২৪:৩২.

১৩, ১৪. (ক) অন্য ভাষা কোৱা লোকসকলৰ এলেকাবোৰত প্ৰচাৰ কৰিবলৈ কিছুমানক কিহে প্ৰেৰিত কৰে? (খ) আত্মত্যাগ মনোবৃত্তি কেনেকৈ দেখা যায়?

১৩ বহুতো প্ৰচাৰকে এনে ভিন্ন ভাষা কোৱা লোকসকলৰ এলেকাত গৈ প্ৰচাৰ কৰিছে, যʼত সত্যতাৰ প্ৰতি আগ্ৰহ থকা দেখা যায়। আনসকলে প্ৰচাৰ কাৰ্য্য অধিককৈ আগ্ৰহপূৰ্ণ হোৱাৰ বাবে উৎসাহিত হৈছে। দক্ষিণ ইউৰোপত থকা যিহোৱাৰ সাক্ষীসকলৰ এটা শাখা কাৰ্য্যালয়ে এইদৰে কৈছে, “পূৰ্ব ইউৰোপৰ পৰা অহা বহুতো লোকে সত্যৰ প্ৰতি আগ্ৰহী। তেনে লোকসকলক সত্যৰ বিষয়ে জনাবলৈ পোৱাটো কিযে এক সন্তোষজনক বিষয়!—যিচয়া ৫৫:১, ২.

১৪ প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণভাৱে ভাগ লʼবলৈ দৃঢ়সঙ্কল্প আৰু আত্মত্যাগ মনোবৃত্তিৰ আৱশ্যক। (গীত ১১০:৩) উদাহৰণস্বৰূপে, জাপানাৰ কিছুমান সাক্ষী পৰিয়ালে মহানগৰত থকা নিজৰ আৰমদায়ক ঘৰ-দুৱাৰ ত্যাগ কৰি ভিতৰুৱা অঞ্চলসমূহত থকা চীন দেশীয় লোকসকলক বাইবেলৰ বাৰ্ত্তাৰ বিষয়ে শুনাবলৈ স্থানান্তৰিত হʼল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচাৰকসকলে গাড়ীৰে এঘন্টা বা দুঘন্টা সময় অতিক্ৰম কৰি পশ্চিম উপকূলে থকা ফিলিপিন দেশৰ লোকসকলৰ সৈতে বাইবেল অধ্যয়ন পৰিচালিত কৰিবলৈ যায়। নৰৱেʼৰ সাক্ষী দম্পতীয়ে আফগানিস্তানৰ পৰা অহা এহাল দম্পতীৰ সৈতে বাইবেল অধ্যয়ন পৰিচালিত কৰে। এই সাক্ষী দম্পতীহালে ইংৰাজী আৰু নৰৱেগেইন ভাষাৰ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে নামৰ ব্ৰচাৰখনেৰে অধ্যয়ন পৰিচালিত কৰে। a সেই দম্পতীহালে অধ্যয়নৰ অনুচ্ছেদবোৰ ফাৰ্চী ভাষাত পঢ়ে যি তেওঁলোকৰ দাৰী ভাষাৰ সৈতে মিল খায়। সেই সাক্ষী দম্পতীয়ে তেওঁলোকৰ সৈতে ইংৰাজী আৰু নৰৱেগেইন ভাষাত কথা-বতৰা হয়। তেনে ধৰণৰ আত্মত্যাগ মনোবৃত্তি আৰু সাল-সলনিৰ উত্তম পৰিণাম তেতিয়াহে দেখা যায়, যেতিয়া ভিন্ন ভাষা কোৱা লোকসকলে সত্যৰ প্ৰতি আগ্ৰহী হয়। b

১৫. আমি সকলোৱে কেনেকৈ ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰচাৰ কৰিব পাৰোঁ?

১৫ আপুনি ভিন্ন ভাষা কোৱা এলেকাবোৰত গৈ প্ৰচাৰ কৰিব পাৰেনে? আপুনি থকা এলেকাত লোকসকলে সাধাৰণতে কেনে ভিন্ন ভাষাবোৰ কয়, সেই বিষয়ে মনোযোগ নিদিয়ে কিয়? তাৰ পিছত সেই ভাষাবোৰত উপলব্ধ থকা ট্ৰেক্ট বা ব্ৰচাৰসমূহ লৈ তেওঁলোকৰ ওচৰত যাব পাৰে। ২০০৪ চনত প্ৰকাশিত হোৱা “সকলো জাতিৰ লোকৰ বাবে শুভবাৰ্ত্তা” নামৰ সৰু কিতাপখন ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ কাৰ্য্যকাৰীভাৱে ব্যৱহাৰ কৰা হৈছে।

“বিদেশীক প্ৰেম কৰিবা”

১৬. ভিন্ন ভাষা কোৱা লোকসকলক আধ্যাত্মিকভাৱে সহায় কৰিবলৈ প্ৰাচীনসকলে কেনেকৈ আত্মত্যাগ মনোবৃত্তি দেখুৱাব পাৰে?

১৬ যদিও আমি অন্য ভাষা কʼবলৈ নাজানো, তথাপিও আমাৰ এলেকাত থকা ভিন্ন ভাষা কোৱা লোকসকলক আধ্যাত্মিক শিক্ষা প্ৰদান কৰিব পাৰোঁ। যিহোৱাই তেওঁৰ লোকসকলক “বিদেশীক প্ৰেম” কৰিবলৈ শিক্ষা দিছে। (দ্বিতীয় বিবৰণ ১০:১৮, ১৯) উদাহৰণস্বৰূপে, উত্তৰ আমেৰিকাৰ এখন মহানগৰত পাঁচটা মণ্ডলীয়ে সভবোৰ পৰিচালিত কৰিবলৈ একেখন ৰাজ্যগৃহৰ ব্যৱহাৰ কৰে। যাৰ অৰ্থ হৈছে আন মণ্ডলীবোৰৰ দৰে তেওঁলোকে বছৰে বছৰে সভাবোৰৰ দিন আৰু সময়ৰ সলনি কৰিবলগীয়া হয়। কিন্তু তেনে কৰিলে চীনা ভাষাত আয়োজিত দেওবাৰৰ সভাৰ সময় সলনি হʼব আৰু যাৰ বাবে হোটেল বা ৰেস্তোঁৰাত কাম কৰা ভাই-ভনীসকলে সভাত উপস্থিতত থাকিব নোৱাৰিব। গতিকে পাঁচোটা মণ্ডলীৰ প্ৰাচীনসকলে উদাৰতাৰে সভাবোৰৰ সময়ৰ সাল-সলনি কৰিলে, যাতে চীনা ভাষা কোৱা ভাই-ভনীসকলে দেওবাৰৰ সভাত উপস্থিত থাকিব পাৰে।

১৭. যদি আমাৰ মণ্ডলীৰ পৰা কিছুমান ভাই-ভনীয়ে ভিন্ন ভাষা কোৱা লোকসকলক সহায় কৰিবলৈ অন্য ঠাইলৈ যায়, তেন্তে আমি কেনে অনুভৱ কৰা উচিত?

১৭ ভিন্ন ভাষা কোৱা লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা যোগ্য ভাই-ভনীসকলৰ প্ৰতি প্ৰাচীনসকলে শলাগ লয়। যদিও তেনে অভিজ্ঞতা থকা ভাই-ভনীসকল স্থানীয় মণ্ডলীত নথকাটো এক দুখৰ বিষয়, তথাপিও ওভাৰচিয়াৰসকলে লুস্ত্ৰা আৰু ইকনিয়ৰ প্ৰাচীনসকলৰ দৰে অনুভৱ কৰে। লুস্ত্ৰা আৰু ইকনিয়ৰ প্ৰাচীনসকলে তিমথিৰ আৱশ্যকতা থকা স্বত্ত্বেও তেওঁক পাঁচনি পৌলৰ সৈতে মিচনাৰীৰ যাত্ৰাত পঠিয়াবলৈ বাধা নিদিলে। (পাঁচনিৰ কৰ্ম্ম ১৬:১-৪) ইয়াৰ উপৰিও প্ৰচাৰ কাৰ্য্যত পৰিচালক হিচাপে দায়িত্ব বহন কৰা সকলে ভিন্ন মনোবৃত্তি, আচাৰ-ব্যৱহাৰ বা ভাষা কোৱা ভাই-ভনীসকলৰ সৈতে কাৰ্য্য কৰি নিৰুৎসাহী নহয়। বৰঞ্চ, তেওঁলোকে শুভবাৰ্ত্তাৰ নিমিত্তে তেনে ভাই-ভনীসকলক উল্লাহেৰে আদৰি লয় আৰু উত্তম সম্বন্ধ বজাই ৰাখিবলৈ চেষ্টা কৰে।—১ কৰিন্থীয়া ৯:২২, ২৩.

১৮. সকলোৰে বাবে কেনে এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি হৈছে?

১৮ বাইবেলত পূৰ্বেই কোৱা অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য ‘সকলো জাতিৰ’ আগত কৰা হৈছে। এতিয়াও ভিন্ন ভাষা কোৱা এলেকাবোৰত আধ্যাত্মিক উন্নতি হʼবলৈ বাকী আছে। এই সম্বন্ধে হাজাৰ হাজাৰ যোগ্য প্ৰচাৰকে ‘এক বৃহৎ সুযোগৰ দুৱাৰ মুকলি’ হোৱাত লাভৱান হৈছে। (১ কৰিন্থীয়া ১৬:৯) তথাপিও ইয়াতকৈও অধিক কাৰ্য্য সম্পন্ন হʼলৈ বাকী আছে, সেই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।.(w05 12/1)

[ফুটনোটবোৰ]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

b অতিৰিক্ত উদাহৰণসমূহৰ বিষয়ে জানিবলৈ দ্য ৱাচ্‌টাৱাৰ, এপ্ৰিল ১, ২০০৪ চনৰ ২৪-২৮ পৃষ্ঠাত (ইংৰাজী) থকা “ক্ষুদ্ৰ ত্যাগে আমাৰ বাবে মহান আশীৰ্ব্বাদ কঢ়িয়াই আনিলে” নামৰ আত্মজীৱনীটো পঢ়ক।

আপুনি উত্তৰ দিব পাৰিবনে?

• আমি কেনেকৈ সকলোলৈ অপক্ষপাতী মনোবৃত্তি ৰখা যিহোৱাৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

• আমি আমাৰ এলেকাত ভিন্ন ভাষা কোৱা সকলৰ প্ৰতি কেনে মনোবৃত্তি ৰখা উচিত?

• লোকসকলক নিজৰ মাতৃভাষাত শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কিয় এক কাৰ্য্যকাৰী বিষয়?

• আমাৰ মাজত ভিন্ন ভাষা কোৱা ভাই-ভনীসকলৰ প্ৰতি আমি কেনেকৈ বিবেচনাশীল হʼব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৩ পৃষ্ঠাৰ ক্যাপ্‌শন/ছবি]

ৰোম

এচিয়া

ক্ৰীতী

লুবিয়া (লিবিয়া)

ফৰুগীয়া

পাম্ফুলিয়া

যিৰূচালেম

যূদীয়া

মিচৰ

পন্ত

কাপ্পদকিয়া

মিচপতামিয়া

মাদীয়া

এলম

আৰব

পাৰ্থীয়া

[পানী]

ভূমধ্য সাগৰ

কৃষ্ণ সাগৰ

চূফ সাগৰ

পাৰস্য সাগৰ

[ছবি]

সা.যু. ৩৩ চনত ৰোমান সাম্ৰাজ্যত ১৫ খন বিভিন্ন দেশৰ পৰা অহা লোকসকলে নিজৰ মাতৃভাষাত শুভবাৰ্ত্তাৰ বিষয়ে শুনিছিল

[২৪ পৃষ্ঠাৰ ছবিসমূহ]

ভিন্ন ভাষা কোৱা বহুতে বাইবেলৰ সত্যতাক গ্ৰহণ কৰিছে

[২৫ পৃষ্ঠাৰ ছবি]

একেখন ৰাজ্যগৃহত পাঁচটা ভিন্ন ভাষাত সভাবোৰ পৰিচালিত কৰা হয়