Skip to content

Skip to table of contents

পৰিচৰ্য্যাত প্ৰগতি আৰু বুজনশীল হওক

পৰিচৰ্য্যাত প্ৰগতি আৰু বুজনশীল হওক

পৰিচৰ্য্যাত প্ৰগতি আৰু বুজনশীল হওক

“কোনো কোনোবিলাকক পৰিত্ৰাণৰ পাত্ৰা কৰিবলৈ, সকলোলৈকে সকলো প্ৰকাৰ হলোঁ।”—১ কৰিন্থীয়া ৯:২২.

১, ২. (ক) পাঁচনি পৌলে কি অৰ্থত এজন কাৰ্য্যকাৰী পৰিচাৰক আছিল? (খ) পৌলে নিজৰ নিযুক্তিৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱাইছিল?

 তে ওঁ সহজে বিদ্বান আৰু তম্বু বনোৱা লোকসকলৰ সৈতে আলোচনা কৰিব পাৰিছিল। আনকি তেওঁ যুক্তি দেখুৱাই উচ্চ অধিকাৰী আৰু খেতিয়কসকলক বুজাব পাৰিছিল। তেওঁ লিখা পত্ৰবোৰ গ্ৰীক বিদ্বান আৰু গোড়া ইহুদীসকলৰ বাবে কাৰ্য্যকাৰী আছিল। তেওঁ দাঙি ধৰা যুক্তিবোৰ কোনেও খণ্ডন কৰিব নোৱাৰিছিল আৰু তেওঁৰ আৱেদন লোকসকলৰ অন্তৰ চুইছিল। তেওঁ লোকসকলৰ সৈতে শান্তিৰ পৰিৱেশ স্থাপন কৰিছিল আৰু যুক্তি দেখুৱাই খ্ৰীষ্টৰ অনুগামী হʼবলৈ সহায় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২০:২১.

সেই ব্যক্তিজন আছিল পাঁচনি পৌল, যিজনে প্ৰভাৱকাৰী আৰু প্ৰগতিশীল পৰিচাৰক হিচাপে কাৰ্য্য কৰিছিল। (১ তীমথিয় ১:১২) তেওঁ “পৰজাতি আৰু ৰজাসকলৰ, আৰু ইস্ৰায়েলৰ সন্তানবিলাকৰ আগলৈ [যীচুৰ] নাম” ঘোষণা কৰিবলৈ নিযুক্তি পাইছিল। (পাঁচনিৰ কৰ্ম্ম ৯:১৫) তেওঁ এই নিযুক্তিৰ প্ৰতি কেনে মনোবৃত্তি ৰাখিছিল? এই বিষয়ে তেওঁ স্বয়ং কৈছে: “দুৰ্ব্বলবিলাকক পাবলৈ, দুৰ্ব্বলবিলাকলৈ দুৰ্ব্বল হলোঁ; কোনো কোনোবিলাকক পৰিত্ৰাণৰ পাত্ৰ কৰিবলৈ, সকলোলৈকে সকলো প্ৰকাৰ হলোঁ। মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে, অৰ্থাৎ তাৰ সহভাগী হবলৈহে কৰোঁ।” (১ কৰিন্থীয়া ৯:১৯-২৩) আমি শিক্ষাদান কৰা আৰু প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে পাঁচনি পৌলৰ আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?

সফলতাৰে প্ৰত্যাহ্বানমূলক নিযুক্তিৰ সম্পন্ন কৰা

৩. সত্যত অহাৰ আগেয়ে পাঁচনি পৌলে খ্ৰীষ্টানসকলৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিছিল?

আৰম্ভণিৰে পৰা পাঁচনি পৌল এজন সহানুভূতিশীল ব্যক্তি আৰু তেনে নিযুক্তিৰ বাবে যোগ্য আছিলনে? ইয়াৰ বিপৰীতে ধৰ্মান্ধ চৌল (যি পিছলৈ পৌল বুলি জনা গৈছিল) পাঁচনিবিলাকক তাড়না দিওঁতা আছিল। তেওঁ ডেকা বয়সত স্তিফান নামৰ শিষ্যজনক হত্যা কৰাত মুখ্য ভূমিকা আদায় কৰিছিল। তাৰ পিছত তেওঁ পাঁচনিবিলাকৰ ওপৰত অত্যাচাৰ কৰিবলৈ উঠি-পৰি লাগিছিল। (পাঁচনিৰ কৰ্ম্ম ৭:৫৮; ৮:১, ৩; ১ তীমথিয় ১:১৩) ইয়াৰ উপৰিও তেওঁ “প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুউৱাৰ আৰু বধ কৰাৰ” উদ্দশ্যেৰে ঘূৰি ফুৰিছিল। তেওঁ কেৱল যিৰূচালেমতেই নহয় কিন্তু উত্তৰে অৱস্থিত দম্মেচকতো গৈ পাঁচনিবিলাকক তাড়না দিবলৈ অভিযান চলাইছিল।—পাঁচনিৰ কৰ্ম্ম ৯:১, ২.

৪. পাঁচনি পৌলে তেওঁৰ নিযুক্তিৰ সম্বন্ধে কেনে সাল-সলনি কৰিবলগীয়া হৈছিল?

সম্ভৱতঃ ইহুদী খ্ৰীষ্টানসকলে মনতে ভাবিছিল যে নতুনকৈ সত্যত অহা পৌলৰ সৈতে সঙ্গতি কৰাটোৱে তেওঁলোকক অশুচি কৰিব পাৰে। কিয়নো ইহুদীসকল আৰু পৌলৰ বিচাৰধাৰাৰ মাজত কোনো মিল নাছিল। তদুপৰি পৌল এজন “ফৰীচি” আছিল যাৰ অৰ্থ হৈছে “পৃথকীকৃত ব্যক্তি।” (পাঁচনিৰ কৰ্ম্ম ২৩:৬) কল্পনা কৰক যে যেতিয়া পৌলক খ্ৰীষ্টৰ বিষয়ে সকলোকে বিশেষকৈ পৰজাতিবিলাকৰ ওচৰত প্ৰচাৰ কৰিবলৈ আজ্ঞা দিলে, তেতিয়া তেওঁ কিমান যে আচৰিত হৈছিল! (পাঁচনিৰ কৰ্ম্ম ২২:১৪, ১৫; ২৬:১৬-১৮) কিয়নো ফৰীচিবিলাকে পৰজাতিক বৰ্জ্জিত লোক আৰু তেওঁলোকৰ সৈতে খোৱা-বোৱা কৰাটো তুচ্ছ বুলি ভাবিছিল। (লূক ৭:৩৬-৩৯) নিঃসন্দেহ, তেওঁৰ বাবে এনে বিচাৰধাৰা সলনি কৰা আৰু যিহোৱাৰ আজ্ঞাৰ অনুসাৰে সকলো জাতিকে পৰিত্ৰাণৰ বিষয়ে জনোৱাৰ সম্বন্ধে অনেক চেষ্টা কৰিবলগীয়া হৈছিল।—গালাতীয়া ১:১৩-১৭.

৫. আমি কেনেকৈ প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

আমিও হয়তো তেনেদৰে সাল-সলনি কৰা আৱশ্যক। আমি প্ৰচাৰ এলেকাত লগ পোৱা ভিন্ন ভাষা কোৱা লোকসকলৰ প্ৰতি পক্ষপাতিত্বমূলক মনোবৃত্তি ৰখাৰ পৰা আঁতৰি থকা উচিত। (ইফিচীয়া ৪:২২-২৪) হয়তো সংস্কাৰ আৰু শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱাৰ বাবে আমাৰ মনত তেনে পক্ষপাতিত্বমূলক ভাৱনা উৎপন্ন কৰিব পাৰে। গতিকে নম্ৰ মনৰ লোকসকলক বিচাৰি সত্য পথত আনিবলৈ হʼলে, আমি তেনে ধৰণৰ বিচাৰধাৰাৰ পৰা দূৰত থকা উচিত। (ৰোমীয়া ১৫:৭) এই সম্বন্ধে পাঁচনি পৌলে এক উত্তম পদক্ষেপ লৈছিল। তেওঁ সকলোকে শুভবাৰ্ত্তা শুনোৱাৰ সম্বন্ধে থকা প্ৰত্যাহ্বানক স্বীকাৰ কৰিছিল। তেওঁ প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ শিক্ষাদান কৰা পদ্ধতিক উন্নত কৰিলে যি আমাৰ বাবে আৰ্হিস্বৰূপ। আনকি “পৰজাতিবিলাকৰ নিমিত্তে নিযুক্ত পাঁচনি হোৱা” বিষয়ে অধ্যয়ন কৰি জানিব পাৰি যে তেওঁ প্ৰচাৰ আৰু শিক্ষাদান কৰা কাৰ্য্যত মনোযোগী, বুজনশীল আৰু উদ্ভাৱক ব্যক্তি আছিল। aৰোমীয়া ১১:১৩.

বিভিন্ন পৰিস্থিতিৰ সৈতে অনুৰূপ হোৱা

৬. পাঁচনি পৌলে তেওঁৰ শুনোতাসকলৰ পৃষ্ঠভূমিৰ প্ৰতি সজাগ আছিল বুলি কেনেকৈ দেখুৱালে আৰু ইয়াৰ কেনে উত্তম পৰিণাম দেখা গʼল?

পাঁচনি পৌলে তেওঁৰ বাৰ্ত্তা শুনোতাসকলৰ পৃষ্ঠভূমি আৰু বিচাৰধাৰাৰ প্ৰতি সজাগ আছিল। উদাহৰণস্বৰূপে, আগ্ৰিপ্পই যে ইহুদী পৰম্পৰা আৰু নীতি-নিয়মৰ বিষয়ে ভালদৰে জানে, এই সম্পৰ্কে পাঁচনি পৌল অৱগত আছিল। তাৰ পিছত পাঁচনি পৌলে কৌশলতাৰে যুক্তি দেখুৱাই ৰজাক বুজাবলৈ সক্ষম হʼল। পৌলে দেখুৱা যুক্তিক যে ৰজাই যে ভালদৰে বুজিব পাৰিলে, সেই বিষয়ে আগ্ৰিপ্পই স্বয়ং এইদৰে কৈছিল: “তুমি মোক খ্ৰীষ্টীয়ান কৰিবলৈ, অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খোজা।”—পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩, ২৭, ২৮.

৭. পাঁচনি পৌলে লুস্ত্ৰা বাসীসকলৰ আগত প্ৰচাৰ কৰোঁতে কেনেকৈ বুজনশীল হোৱা প্ৰমাণ দিছিল?

পাঁচনি পৌল এজন বুজনশীল ব্যক্তিও আছিল। লক্ষ্য কৰক যে যেতিয়া লুস্ত্ৰাৰ লোকসকলে তেওঁক আৰু বাৰ্ণব্বাক উপাসনা কৰিব বিচাৰিছিল, তেতিয়া তেওঁ তেওঁলোকক কি ধৰণে বুজাইছিল। এনেদৰে কোৱা হয় যে লুকায়নীয়া ব্যক্তিসকল কম শিক্ষিত আৰু অন্ধবিশ্বাসী আছিল। গতিকে পাঁচনিৰ কৰ্ম্ম ১৪:১৪-১৮ পদৰ অনুসাৰে পৌলে যুক্তি দেখুৱাই কৈছিল যে তেওঁলোকৰ চাৰিওফালে থকা সৃষ্টি আৰু প্ৰাকৃতিক সৌন্দৰ্য্যতাৰ কাৰণ হৈছে সত্য ঈশ্বৰৰ। গতিকে তেনে যুক্তি দেখুৱাৰ বাবে লোকসকলে ‘পাঁচনি পৌল আৰু বাৰ্ণব্বাৰ আগত বলিদান নকৰিবলৈ মানি লʼলে।’

৮. পাঁচনি পৌলে তেওঁৰ উত্তেজিত ভাৱনা থকাৰ স্বত্ত্বেও কেনেকৈ বুজনশীল হোৱা পৰিচয় দিছিল?

নিঃসন্দেহ, পাঁচনি পৌল এজন অসিদ্ধ ব্যক্তি আছিল আৰু মাজে সময়ে তেওঁ ব্যগ্ৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল। উদাহৰণস্বৰূপে, এবাৰ যেতিয়া তেওঁক অপমানিত কৰা হৈছিল, তেতিয়া তেওঁ অননিয় নামৰ ইহুদী ব্যক্তিজনৰ সৈতে কুবাক্যৰে কথা পাতিছিল। কিন্তু যেতিয়া তেওঁ নজনাকৈ মহা-পুৰোহিতক অপমান কৰিছে বুলি কোৱা হʼল, তেতিয়া তেওঁ শীঘ্ৰেই ক্ষমা বিচাৰিলে। (পাঁচনিৰ কৰ্ম্ম ২৩:১-৫) তেওঁ প্ৰথমবাৰ আথীনী চহৰখন ‘মূৰ্ত্তিৰে ভৰি থকা দেখি উত্তেজিত হৈ উঠিছিল।’ কিন্তু মাৰ্চ পাহাৰত বক্তৃতা দিয়াৰ সময়ত তেওঁ কোনো বিৰক্তি প্ৰকাশ কৰা নাছিল। বৰঞ্চ, তেওঁ আথীনীয়া মানুবিলাকক আদৰেৰে সম্বোধিত কৰি, “অবিদিত ঈশ্বৰলৈ” সমৰ্পিত কৰা বেদি আৰু তেওঁলোকৰ এজন কবিৰ বাক্যখিনি উদ্ধৃত কৰিলে যাতে তেওঁলোকৰ সৈতে শান্তিৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰে।—পাঁচনিৰ কৰ্ম্ম ১৭:১৬-২৮.

৯. পাঁচনি পৌলে ভিন্ন লোকসকলৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত কেনেকৈ উদ্ভাৱক হোৱা পৰিচয় দিছিল?

পাঁচনি পৌলে ভিন্ন লোকসকলৰ সৈতে ব্যৱহাৰ কৰা সময়তো উদ্ভাৱক হোৱা পৰিচয় দিছিল। তেওঁ লোকসকলৰ সা-সংস্কাৰ আৰু পৰিৱেশৰ প্ৰতি বিবেচক আছিল। তেওঁ ৰোমত থকা খ্ৰীষ্টানসকললৈ পত্ৰ লিখাৰ সময়ত তেওঁলোকে থকা পৰিৱেশৰ বিষয়ে মনত ৰাখিছিল। তেওঁ লিখা সেই পত্ৰখনত প্ৰধানকৈ কেনেকৈ খ্ৰীষ্টৰ বলিদানে আদমৰ পাপৰ দাসত্বৰ পৰা মানৱজাতিক উদ্ধাৰ কৰিলে, সেই বিষয়ে স্পষ্টকৈ দেখা গৈছিল। তেওঁ ৰোমত থকা খ্ৰীষ্টানসকল আৰু তেওঁলোকৰ আশে-পাশে থকা ব্যক্তিসকলে বুজি পোৱা ভাষাত কথা-বতৰা হৈছিল।—ৰোমীয়া ১:৪; ৫:১৪, ১৫.

১০, ১১. পাঁচনি পৌলে তেওঁৰ শুনোতাসকলৰ বাবে কেনে দৃষ্টান্তসমূহ ব্যৱহাৰ কৰিছিল? (ফোটনোটত চাওক।)

১০ বাইবেলৰ নিগূঢ় সত্যৰ বিষয়ে লোকসকলে বুজি পাবলৈ পাঁচনি পৌলে কি পদ্ধতি ব্যৱহাৰ কৰিছিল? তেওঁ সাধাৰণ আৰু সহজে বুজি পোৱা দৃষ্টান্তসমূহ ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, দাসত্বৰ ব্যৱস্থা মানে কি ৰোমত থকা লোকসকলে জানিছিল। সম্ভৱ পাঁচনি পৌলে সম্বোধিত কৰা খ্ৰীষ্টানসকলৰ বহুতে দাসত্বৰ জীৱন-নিৰ্বাহ কৰিছিল। সেইবাবে তেওঁ দাসত্ব শব্দটো ব্যৱহাৰ কৰি কৈছিল যে এজন ব্যক্তিয়ে পাপ নাইবা ধাৰ্ম্মিকতাৰ নিমিত্তে আজ্ঞা-পালন কৰি দাসস্বৰূপে সমৰ্পণ হোৱা উচিত।—ৰোমীয়া ৬:১৬-২০.

১১ এটা উদ্ধৃতিৰ অনুসাৰে, “ৰোমানসকলৰ মাজত এনে ব্যৱস্থা আছিল যে ঘৰৰ মালিকে বিনা কোনো সৰ্ত্তে দাসজনক ৰেহাই দিব বা দাসত্বৰ পৰা মুক্তি হʼবলৈ দাসজনে স্বয়ং কিবা মূল্য আদায় কৰিব লাগিছিল। তদুপৰি তেওঁক ঈশ্বৰৰ সম্পত্তি বুলি ভাবিও মুক্তি কৰা হৈছিল।” আনকি তেওঁ ইচ্ছাৰ অনুসাৰে পুনৰাই একেই মালিকৰ ওচৰত বেতনৰ বাবে কাম কৰিব পাৰিছিল। যিহেতু ৰোমান খ্ৰীষ্টানসকলে ঈশ্বৰৰ অধীন হোৱাৰ বাবে পাঁচনি পৌলে কৈছিল যে পাপ নাইবা ধাৰ্ম্মিকতাৰ অধীন হʼবলৈ এজন ব্যক্তিয়ে স্বয়ং নিৰ্ণয় কৰিব পাৰে। গতিকে ঈশ্বৰ বা পাপৰ অধীন হোৱাটো তেওঁলোকৰ ব্যক্তিগত নিৰ্ণয় আছিল। এই সহজে বুজিব পৰা দৃষ্টান্তই খ্ৰীষ্টানসকলক ব্যক্তিগতভাৱে সুধিবলৈ প্ৰেৰিত কৰিছিল যে, ‘মই এতিয়া কোনজন গৰাকীৰ দাস।’ b

পাঁচনি পৌলৰ আৰ্হিৰ পৰা শিক্ষা লোৱা

১২, ১৩. (ক) ভিন্ন ভাষা কোৱা লোকসকলক প্ৰণোদিত কৰিবলৈ কেনে প্ৰচেষ্টা কৰা আৱশ্যক? (খ) আপুনি ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনোৱাত প্ৰভাৱকাৰী হʼবলৈ কেনে পদক্ষেপ লৈছে?

১২ আমিও পাঁচনি পৌলৰ দৰে ভিন্ন ভাষা কোৱা লোকসকলক সত্যৰ প্ৰতি প্ৰণোদিত হʼবলৈ মনোযোগী, বুজনশীল আৰু উদ্ভাৱক হোৱা আৱশ্যক। তেওঁলোকে যাতে শুভবাৰ্ত্তাৰ তাৎপৰ্য্যতা বুজি পায়, তাৰ বাবে আমি কেৱল সাক্ষাৎ কৰি প্ৰস্তুতি বাৰ্ত্তা শুনোৱা আৰু কিছুমান বাইবেল সাহিত্য দিয়াই যথেষ্ট নহয়। বৰঞ্চ, তেওঁলোকৰ আৱশ্যকতা, ইচ্ছা বা অনিচ্ছা, উদ্বিগ্নতা আৰু পক্ষপাতমূলক বিচাৰধাৰাবোৰ জানিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক। যদিও তেনে কৰাটো এক কষ্টসাধক কাৰ্য্য, তথাপিও আজি বিশ্বব্যাপী ৰাজ্যৰ প্ৰচাৰকসকলে আগ্ৰহেৰে তেনে কাৰ্য্য কৰিছে। উদাহৰণস্বৰূপে, হাঙ্গেৰীত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ে এইদৰে কৈছে: “তাৰ ভাই-ভনীসকলে ভিন্ন ভাষা কোৱা লোকসকলে স্থানীয়ভাৱে জীৱন-যাপন কৰাৰ অপেক্ষা নকৰে। বৰঞ্চ, তেওঁলোকৰ পৰম্পৰা আৰু জীৱন-শৈলীৰ প্ৰতি গভীৰ শ্ৰদ্ধা দেখুৱায়।” আজি পৃথিৱীৰ অন্য ভাই-ভনীসকলেও সেই একেই মনোবৃত্তি বিকশিত কৰিছে।

১৩ সুদূৰ প্ৰাচ্যৰ এখন দেশত থকা লোকসকলে স্বাস্থ্য আৰু লʼৰা-ছোৱালীৰ শিক্ষা-দীক্ষাক লৈ অতি চিন্তিত হৈছে। তাত থকা প্ৰচাৰকসকলে জগতৰ অৱনতি বা সামাজিক সমস্যাবোৰৰ প্ৰতি ধ্যান আকৰ্ষিত কৰাৰ পৰিৱৰ্তে লোকসকলে চিন্তিত হোৱা বিষয়বোৰৰ ওপৰত জোৰ দিছে। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মহানগৰত থকা লোকসকলে নৈতিক অধঃপতন, অপৰাধ আৰু জনাকীৰ্ণ হোৱাৰ বিষয়ে প্ৰচাৰকসকলে লক্ষ্য কৰিছে। গতিকে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত এই বিষয়বোৰৰ ওপৰত জোৰ দি বাইবেল অধ্যয়ন পৰিচালিত কৰিবলৈ সক্ষম হৈছে। প্ৰভাৱকাৰী প্ৰচাৰকসকলে লোকসকলৰ আৱশ্যকতাৰ অনুসাৰে প্ৰচাৰ কৰাৰ পদ্ধতিত সাল-সলনি কৰি বুজনশীল হোৱা পৰিচয় আৰু কাৰ্য্যকাৰী বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি বৰ্তমান আৰু ভৱিষ্যতে কেনেকৈ সুখী হʼব পাৰি, সেই বিষয়ে জোৰ দিছে।

১৪. আমি কেনে পদ্ধতিসমূহেৰে লোকসকলৰ আৱশ্যকতা আৰু পৰিস্থিতিসমূহৰ অনুসাৰে প্ৰচাৰ কৰোঁ?

১৪ যিহেতু লোকসকলৰ পৰম্পৰা, শৈক্ষিক ব্যৱস্থা আৰু ধৰ্ম্ম ভিন্ন হোৱাৰ বাবে আমাৰ প্ৰচাৰ কৰা পদ্ধতি সলনি হোৱা উচিত। উদাহৰণস্বৰূপে, সৃষ্টিকৰ্ত্তাৰ ওপৰত বিশ্বাস কৰা আৰু নকৰা লোকসকলৰ বাবে ভিন্ন পদ্ধতিৰে প্ৰচাৰ কৰা আৱশ্যক। সেইদৰে এজন ব্যক্তিয়ে সকলো ধৰ্মীয় পুস্তকবোৰ উপদেশাৱলী বুলি নমনা আৰু আনজনে বাইবেল শিক্ষাবোৰ গ্ৰহণ কৰাৰ সম্বন্ধে কৰা প্ৰচাৰৰ পদ্ধতি ভিন্ন হোৱা আৱশ্যক। তদুপৰি আমি যিসকলৰ শৈক্ষিক ব্যৱস্থা ভিন্ন, তেওঁলোকক শুভবাৰ্ত্তা শুনোৱাৰ সময়ত বুজনশীল হোৱা আৱশ্যক। প্ৰভাৱকাৰী প্ৰচাৰকসকলে পৰিস্থিতিৰ অনুসাৰে দৃষ্টান্ত আৰু যুক্তিসমূহেৰে বাইবেলৰ সত্যতাক বুজাবলৈ লোকসকলক সহায় কৰে।—১ যোহন ৫:২০.

নতুন প্ৰচাৰকসকলৰ বাবে সহায়

১৫, ১৬. নতুন প্ৰচাৰকসকলক প্ৰশিক্ষণ দিয়া কিয় আৱশ্যকতা হৈছে?

১৫ পাঁচনি পৌলে কেৱল নিজৰ শিক্ষাদান কৰা পদ্ধতিৰ প্ৰতি মনোযোগ দিয়া নাছিল। তেওঁ নতুন প্ৰচাৰকসকল, যেনে, তীমথি আৰু তীতক কাৰ্য্যকাৰী প্ৰচাৰক হʼবলৈ প্ৰশিক্ষণ দিছিল। (২ তীমথিয় ২:২; ৩:১০, ১৪; তীত ১:৪) সেইদৰে বৰ্তমান সময়তো তেনে ধৰণৰ প্ৰশিক্ষণ দিয়া প্ৰয়োজন।

১৬ গোটেই পৃথিৱীত ১৯১৪ চনত কেৱল ৫০০০ জন প্ৰচাৰক আছিল। কিন্তু বৰ্তমান প্ৰত্যেক সপ্তাহে ৫০০০ জনে বাপ্তিষ্মা লয়। (যিচয়া ৫৪:২, ৩; পাঁচনিৰ কৰ্ম্ম ১১:২১) যেতিয়া মণ্ডলীত উপস্থিত হোৱা আগ্ৰহী ব্যক্তিসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক প্ৰশিক্ষণ আৰু নিৰ্দ্দেশনাৰ আৱশ্যক হয়। (গালাতীয়া ৬:৬) গতিকে প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱা কাৰ্য্যত যীচুৱে ব্যৱহাৰ কৰা পদ্ধতিবোৰ অনুকৰণ কৰা আৱশ্যক। c

১৭, ১৮. আমি কেনেকৈ নতুন প্ৰচাৰকসকলক আত্মনিৰ্ভৰতাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰিব পাৰোঁ?

১৭ যীচুৱে তেওঁৰ শিষ্যবিলাকক কেৱল লোকসকলৰ ওচৰত গৈ প্ৰচাৰ কৰায়েই নহয়, কিন্তু তেওঁলোকক শুভবাৰ্ত্তাৰ আৱশ্যকতাক বুজিবলৈ আৰু নিৰন্তৰে এই কাৰ্য্যত লাগি থাকিবলৈ প্ৰাৰ্থনা কৰাৰ ওপৰত জোৰ দি কৈছিল। তাৰ পিছত তেওঁ প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে থকা এই তিনটা মুখ্য কাৰণ দাঙি ধৰিছিল: এজন সহ-প্ৰচাৰক, প্ৰচাৰ কৰা এলেকা আৰু বাৰ্ত্তা। (মথি ৯:৩৫-৩৮; ১০:৫-৭; মাৰ্ক ৬:৭; লূক ৯:২, ৬) সেইদৰে আমিও নিজৰ লʼৰা-ছোৱালী, নতুন বাইবেল বিদ্যাৰ্থী বা কিছু সময়ৰ পৰা প্ৰচাৰ কাৰ্য্যত ভাগ নোলোৱা ভাই-ভনীয়ে নহওঁক কিয় সকলোকে যেন প্ৰশিক্ষণ দিওঁ।

১৮ নতুন প্ৰচাৰকসকলক আত্মনিৰ্ভৰতাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ অনেক সহায়ৰ আৱশ্যক। আপুনি তেওঁলোকক এক সৰল আৰু মৰ্ম্মস্পৰ্শী বাৰ্ত্তা কাৰ্য্যকাৰীতাৰে প্ৰস্তুত কৰিবলৈ সহায় কৰিব পাৰিবনে? তেওঁলোকে ঘৰে-ঘৰে কৰা আপোনাৰ প্ৰচাৰ কাৰ্য্যৰ আৰ্হিক যেন অনুকৰণ কৰে। এই সম্পৰ্কে আপুনি গিদিয়নে ৰখা আৰ্হিক অনুকৰণ কৰিব পাৰে, যিজনে তেওঁৰ সৈতে থকা যুঁজাৰুসকলক এইদৰে কৈছিল: “তোমালোকে মোলৈ চাই থাকি মোৰ দৰেই কৰিবা।” (বিচাৰকৰ্ত্তাবিলাক ৭:১৭) এতিয়া আপোনাৰ সৈতে থকা নতুন প্ৰচাৰকজনক শুভবাৰ্ত্তা শুনোৱালৈ সুযোগ দিয়ক। তাৰ পিছত তেওঁৰ শলাগ লʼবলৈ নাপাহৰে যেন। যদি আৱশ্যক তেন্তে কেনেবোৰ ক্ষেত্ৰত উন্নতি কৰা প্ৰয়োজন, সেই বিষয়ে পৰামৰ্শ দিয়ক।

১৯. আপুনি ‘পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণকৈ’ কৰিবলৈ কি সঙ্কল্প লৈছে?

১৯ যদি আমি ‘পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণকৈ কৰিবলৈ’ বিচাৰিছোঁ, তেন্তে বুজনশীল হোৱা আৰু নতুন প্ৰচাৰকবিলাকক প্ৰশিক্ষণ দিবলৈ সঙ্কল্প লোৱা উচিত। যেতিয়া আমি আনক ঈশ্বৰৰ জ্ঞান প্ৰদান কৰাৰ বিষয়ে ভাবোঁ, তেতিয়া আমি নিশ্চিত হʼব পাৰোঁ যে, “পৰিত্ৰাণৰ পাত্ৰ কৰিবলৈ, সকলোলৈকে সকলো প্ৰকাৰ” হোৱা আমাৰ চেষ্টা অথলে যোৱা নাই।—২ তীমথিয় ৪:৫; ১ কৰিন্থীয়া ৯:২২. (w05 12/1)

[ফুটনোটবোৰ]

a পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যত কেনে গুণবোৰ প্ৰতিফলিত কৰিছিল, সেই বিষয়ে জানিবলৈ পাঁচনিৰ কৰ্ম্ম ১৩:৯, ১৬-৪২; ১৭:২-৪; ১৮:১-৪; ১৯:১১২০; ২০:৩৪; ৰোমীয়া ১০:১১-১৫; ২ কৰিন্থীয়া ৬:১১-১৩ পদত চাওক।

b সেইদৰে পাঁচনি পৌলে ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত ‘সন্তানবিলাকৰ’ মাজত থকা সম্পৰ্কৰ বিষয়ে বুজাবলৈ ৰোমান সাম্ৰাজ্যৰ এক বিধি-ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছিল। (ৰোমীয়া ৮:১৪-১৭) চেইন্ট পৌল এট্‌ ৰোম নামৰ কিতাপখনৰ অনুসাৰে, “ৰোমান পৰিয়ালত দত্তক প্ৰথা গ্ৰহণ কৰাটো এক ব্যৱস্থা আছিল আৰু ইয়াৰ বিষয়ে ৰোমানসকলে ভালদৰে জানিছিল।”

c বৰ্তমান অগ্ৰগামীসকলে একেৰাহে আনক সহায় কৰা কাৰ্য্যক্ৰম যিহোৱাৰ সাক্ষীসকলৰ সকলো মণ্ডলীতে প্ৰবন্ধ কৰা হৈছে। এই কাৰ্য্যক্ৰমত কম অনুভৱী প্ৰচাৰকসকলক সহায় কৰিবলৈ পূৰ্ণ সময়ৰ সেৱকবিলাকৰ অনুভৱ আৰু প্ৰশিক্ষণ কাৰ্য্যকাৰীতাৰে ব্যৱহাৰ কৰিছে।

আপুনি উত্তৰ দিব পাৰিবনে?

• আমি কি ধৰণে প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে থকা পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

• আমি নিজৰ বিচাৰধাৰাত কি সাল-সলনি কৰিব পাৰোঁ?

• আমি কেনেকৈ বাৰ্ত্তাৰ প্ৰতি বুজনশীল হʼব পাৰোঁ?

• নতুন প্ৰচাৰকসকলে নিজৰ আত্মনিৰ্ভৰতা বিকশিত কৰিবলৈ কি কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ব্লাৰ্ব]

পাঁচনি পৌলে শিক্ষা আৰু প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে মনোযোগী, বুজনশীল আৰু উদ্ভাৱক আছিল

[৩১ পৃষ্ঠাৰ ব্লাৰ্ব]

যীচুৱে শিষ্যবিলাকৰ আগত প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে থকা এই তিনটা মুখ্য কাৰণ দাঙি ধৰিছিল: সহ-প্ৰচাৰক, প্ৰচাৰ এলেকা আৰু বাৰ্ত্তা

[২৮ পৃষ্ঠাৰ ছবিসমূহ]

পাঁচনি পৌলে বুজনশীল হোৱাৰ বাবে ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ পাৰিলে

[৩০ পৃষ্ঠাৰ ছবি]

প্ৰভাৱকাৰী প্ৰচাৰকসকলে শুনোতাসকলৰ পৃষ্ঠভূমিৰ বিষয়ে বিবেচনা কৰে

[৩১ পৃষ্ঠাৰ ছবি]

অনুভৱী প্ৰচাৰকসকলে নতুন প্ৰচাৰকবিলাকক কাৰ্য্যকাৰীতাৰে প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়ে