Skip to content

Skip to table of contents

হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমাক ঈশ্বৰৰ সৈতে চলিবলৈ সহায় কৰে

হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমাক ঈশ্বৰৰ সৈতে চলিবলৈ সহায় কৰে

হোচেয়াৰ ভৱিষ্যতবাণীয়ে আমাক ঈশ্বৰৰ সৈতে চলিবলৈ সহায় কৰে

“তেওঁবিলাকে যিহোৱাৰেই পাছত চলিব।”—হোচেয়া ১১:১০.

১. হোচেয়া নামৰ কিতাপখনত কেনে এক প্ৰতিকৰূপক নাটকৰ বিষয়ে পঢ়িবলৈ পোৱা যায়?

 আপুনি এনে এখন নাটক চাবলৈ আগ্ৰহীনে, যাৰ পাত্ৰবোৰ কৌতূহলজনক আৰু ইয়াৰ আঁৰত লুকাই থকা কুমন্ত্ৰণাবোৰ চিন্তাধাৰক? ঠিক সেইদৰে বাইবেলৰ হোচেয়া নামৰ কিতাপখনতো তেনে এটা প্ৰতীকৰূপক নাটকৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। a এই নাটকখন ঈশ্বৰৰ মনোনীত ভাববাদী হোচেয়াৰ পৰিয়াল জীৱন আৰু মোচিৰ ব্যৱস্থাৰ দ্বাৰা যিহোৱাই ইস্ৰায়েলসকলৰ সৈতে লাক্ষণিক বিবাহ সম্পন্ন হোৱাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

২. হোচেয়াৰ পৰিচয়ৰ বিষয়ে কি কʼব পাৰি?

এই নাটকখনৰ পটভূমিৰ বিষয়ে হোচেয়া ১ অধ্যায়ত পঢ়িবলৈ পোৱা যায়। বোধহয় হোচেয়া ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যৰ এলেকাত বাস কৰিছিল। (যাক ইফ্ৰয়িম বুলিও কোৱা হয়, কিয়নো তাৰ লোকসকলে আনৰ ওপৰত অধিকাৰ চলাইছিল।) তেওঁ ইস্ৰায়েলৰ শেষ সাতজন ৰজা যেনে, যিহূদা দেশৰ উজ্জিয়া, যোথম, আহজ আৰু হিষ্কিয়া নামেৰে ৰজাবিলাকৰ ৰাজত্বৰ কালত ভৱিষ্যতবক্তাস্বৰূপে কাৰ্য্য কৰিছিল। (হোচেয়া ১:১) তেওঁ প্ৰায় ৫৯ বছৰলৈকে এই কাৰ্য্য কৰিছিল। যদিও তেওঁৰ নামেৰে সম্বোধিত কৰা বাইবেলৰ এই কিতাপখন লিখা সা.যু.পূ. ৭৪৫ চনৰ কিছু সময়ৰ পিছত পূৰ্ণ হৈছিল, তথাপিও ই আমাৰ সময়ৰ বাবে প্ৰযোজ্য। কিয়নো আজি লাখ লাখ লোকে তেওঁ কোৱা এই ভৱিষ্যতবাণীৰ কথাষাৰৰ পূৰ্ণতা কৰিছে: “তেওঁবিলাকে যিহোৱাৰেই পাছত চলিব।”—হোচেয়া ১১:১০.

সাৰ কথাই কি প্ৰকাশ কৰিছে

৩, ৪. হোচেয়া ১-৫ অধ্যায়ত লিখা সাৰ কথাৰ বিষয়ে সংক্ষিপ্তৰূপে বৰ্ণনা কৰক?

হোচেয়া ১-৫ অধ্যায়ত লিখা সাৰ কথাবোৰ সংক্ষিপ্তকৈ অধ্যয়ন কৰাৰ দ্বাৰা আমি বিশ্বাসী হৈ যিহোৱাৰ সৈতে চলি থাকিবলৈ দৃঢ়সঙ্কল্প লʼব পাৰিম। উদাহৰণস্বৰূপে, ইস্ৰায়েলৰ লোকসকলে আধ্যাত্মিকৰূপে ব্যভিচাৰ কৰি দোষী সাব্যস্ত হৈছিল। তথাপিও যিহোৱাই তেওঁলোকক ক্ষমা কৰিবলৈ সাজু আছিল, যদিহে তেওঁলোকে প্ৰায়শ্চিত্ত কৰে। এই কথাষাৰৰ আভাস হোচেয়াই তেওঁৰ ভাৰ্য্যা গোমৰৰ সৈতে দেখুৱা ব্যৱহাৰৰ দ্বাৰা দেখা যায়। তাই প্ৰথম পুত্ৰ জন্ম দিয়াৰ উপৰিও আৰু দুটি লʼৰা-ছোৱালীক অবৈধভাৱে জন্ম দিছিল। তথাপিও হোচেয়াই তাইক পুনৰাই নিজৰ ভাৰ্য্যাস্বৰূপে স্বীকাৰ কৰিবলৈ আগবাঢ়ি আহিল, যিদৰে যিহোৱাই প্ৰায়শ্চিত্ত কৰা ইস্ৰায়েলসকলক ক্ষমা কৰিবলৈ ইচ্ছুক আছিল।—হোচেয়া ১:১-৩:৫.

অতি শীঘ্ৰেই যিহোৱাই ইস্ৰায়েলসকলৰ বিৰুদ্ধে আইনগত পদক্ষেপ লʼবলগীয়া আছিল, কিয়নো তেওঁলোকৰ মাজত অসত্য, নিৰ্দ্দয়তা আৰু যিহোৱাৰ জ্ঞানক হেয়জ্ঞান কৰা মনোবৃত্তি বৃদ্ধি হৈছিল। তেওঁ ব্যভিচাৰী ইস্ৰায়েল আৰু দুশ্চৰিত্ৰ যিহূদাৰ বিৰুদ্ধে থিয় হʼবলগীয়া আছিল। কিন্তু তেওঁলোকে যেতিয়া “সঙ্কটৰ সময়ত” পৰিল, তেতিয়া যিহোৱাক কাতৰোক্তি কৰিবলৈ ধৰিলে।—হোচেয়া ৪:১-৫:১৫.

নাটকৰ অৰ্থৰ ভাঙনি

৫, ৬. (ক) ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যৰ লোকসকলৰ মাজত বেশ্যাকৰ্ম্ম কিমান দকৈ ঠাই লৈছিল? (খ) প্ৰাচীন ইস্ৰায়েলসকলক দিয়া সতৰ্কবাণী আমাৰ বাবে কিয় এক গুৰুত্বৰ বিষয়?

যিহোৱাই হোচেয়াক আজ্ঞা দি এইদৰে কৈছিল: “তুমি গৈ নিজৰ নিমিত্তে এজনী বেশ্যাস্বভাৱৰ তিৰোতা গ্ৰহণ কৰা, আৰু তাইৰ পৰা বেশ্যাস্বভাৱৰ সন্তান উৎপন্ন কৰা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি বেশ্যাকৰ্ম্ম কৰিছে।” (হোচেয়া ১:২) ইস্ৰায়েলৰ মাজত বেশ্যাকৰ্ম্ম কিমান দকৈ ঠাই লৈছিল? সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “বেশ্যাকৰ্ম্ম কৰাওঁতা আত্মাই তেওঁবিলাকক [দহ জাতিৰ ৰাজ্যৰ লোকসকল] ভ্ৰান্ত কৰিলে, আৰু তেওঁবিলাকে বেশ্যাকৰ্ম্ম কৰি তেওঁবিলাকৰ ঈশ্বৰৰ অধীনতাৰ পৰা আঁতৰ হল। . . . তোমালোকৰ জীয়াৰীবোৰে বেশ্যাকৰ্ম্ম কৰে, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে। . . . কিয়নো সিহঁতে নিজেই বেশ্যাৰে সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱীদাসী বেশ্যাবোৰে সৈতে যজ্ঞ কৰে।”—হোচেয়া ৪:১২-১৪.

চাবলৈ গʼলে ইস্ৰায়েলসকলে আধ্যাত্মিক আৰু শাৰীৰিকৰূপে বেশ্যাকৰ্ম্মত লিপ্ত আছিল। সেইবাবে যিহোৱাই “তেওঁবিলাকক দণ্ড” দিবলৈ সাজু হৈছিল। (হোচেয়া ১:৪; ৪:৯) এই সতৰ্কবাণী আমাৰ বাবেও এক গুৰুত্বৰ বিষয়, কিয়নো যিহোৱাই অনৈতিক কৰ্ম্মৰ অভ্যাস আৰু মিছা দেৱী-দেৱতাবোৰৰ উপাসনা কৰা লোকসকলক দণ্ড নিদিয়াকৈ নাথাকিব। আনহাতে, শুদ্ধ উপাসনাৰ সম্বন্ধে থকা ঈশ্বৰৰ স্তৰ কি আৰু “খ্ৰীষ্ট আৰু ঈশ্বৰৰ ৰাজ্যত যে কোনো ব্যভিচাৰীৰ . . . অধিকাৰ নাই,” তাক যিহোৱাৰ সৈতে চলা লোকসকলে ভালদৰে জানে।—ইফিচীয়া ৫:৫; যাকোব ১:২৭.

৭. গোমৰৰ সৈতে হোৱা হোচেয়াৰ বিবাহৰ দ্বাৰা কি দৰ্শোৱা হৈছিল?

আৰম্ভণিতে হোচেয়াই গ্ৰহণ কৰা গোমৰ নামৰ তিৰোতাজনী পবিত্ৰ আৰু এগৰাকী বিশ্বাসী ভাৰ্য্যা আছিল, যি “তেওঁলৈ এটি পুত্ৰ প্ৰসৱ” কৰিছিল। (হোচেয়া ১:৩) সেই প্ৰতিকৰূপক নাটকৰ অনুসাৰে ইস্ৰায়েলসকল সা.যু.পূ. ১৫১৩ চনত মিচৰৰ দাসত্বৰ পৰা মুক্তি হোৱাৰ পিছত যিহোৱাই তেওঁলোকৰ সৈতে এক নিয়ম স্থাপিত কৰিছিল, যিটো নেকি এক নিষ্কলঙ্ক বিবাহৰ চুক্তিৰ নিচিনা আছিল। তেনে ধৰণৰ নিয়মৰ অধীন হৈ ইস্ৰায়েলসকলে তাইৰ “স্বামী” অৰ্থাৎ যিহোৱাৰ সৈতে বিশ্বাসী হৈ থাকিবলৈ শপত খাইছিল। (যিচয়া ৫৪:৫) প্ৰকৃততে এই লাক্ষণিক বিবাহৰ আভাস হোচেয়াৰ নিষ্কলঙ্ক বিবাহৰ দ্বাৰা দৰ্শোৱা হৈছিল। কিন্তু এই সকলোবোৰ শীঘ্ৰেই বদলি হʼবলগীয়া আছিল!

৮. ইস্ৰায়েলৰ দহ জাতিৰ ৰাজ্যৰ স্থাপন কেনেকৈ হʼল আৰু ইয়াৰ উপাসনাৰ বিষয়ে আপুনি কি কʼব?

বৃতান্তৰ অনুসাৰে হোচেয়াৰ ভাৰ্য্যাই “পুনৰাই গৰ্ভৱতী হৈ এজনী ছোৱালীক প্ৰসৱ” কৰে, যি সম্ভৱতঃ তাইৰ বেশ্যাকৰ্ম্মৰ ফল আছিল। (হোচেয়া ১:৬, ৮) যিহেতু লাক্ষণিকভাৱে গোমৰ ইস্ৰায়েলসকলক দৰ্শোৱাৰ বাবে আপুনি হয়তো এইদৰে সুধিব পাৰে: ‘ইস্ৰায়েলসকলে কেনেকৈ বেশ্যাকৰ্ম্মত লিপ্ত হৈছিল?’ লক্ষ্য কৰক যে, সা.যু.পূ. ৯৯৭ চনত দক্ষিণে অৱস্থিত যিহূদা আৰু বিন্যামিনৰ পৰা ইস্ৰায়েলৰ দহ জাতি পৃথক হৈছিল। উত্তৰে অৱস্থিত এই দহ জাতিয়ে যিৰূচালেমত থকা যিহোৱাৰ গৃহত গৈ উপাসনা কৰাৰ পৰিৱৰ্তে নিজৰ দেশত দামূৰী পোৱালীৰ মূৰ্ত্তি বনাই তাক উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। ক্ৰমান্বয়ে মিছা দেৱী-দেৱতাৰ উপাসনা আৰু লৈঙ্গিক কাৰ্য্য সকলোতে বিয়পি পৰিল।

৯. হোচেয়া ১:৬ পদৰ অনুসাৰে ইস্ৰায়েলৰ সৈতে কি ঘটিল?

বেশ্যাকৰ্ম্মৰ ফলত জন্ম হোৱা গোমৰৰ ছোৱালীজনীৰ পিছত যিহোৱাই হোচেয়াক এইদৰে কৈছিল: “তুমি তাইৰ নাম লো-ৰুহামা [অনুগ্ৰহ পোৱা নহয়] ৰাখা; কিয়নো মই যে ইস্ৰায়েল-বংশক ক্ষমা কৰি থাকিম, এনে দয়া মই তেওঁবিলাকক আৰু নকৰিম।” (হোচেয়া ১:৬) যিহোৱাই যে আৰু ইস্ৰায়েলসকলৰ ওপৰত দয়া নেদেখুৱালে, তাৰ প্ৰমাণ সা.যু.পূ. ৭৪০ চনত দেখা গʼল, যেতিয়া অচূৰৰ সৈন্য-বাহিনীয়ে আহি ইস্ৰায়েলক আঘাত কৰে আৰু বন্দী বনাই লৈ যায়। তথাপিও তেওঁ যিহূদা বংশ অৰ্থাৎ দুই জাতিৰ ৰাজ্যৰ ওপৰত অনুগ্ৰহ প্ৰদান কৰিলে। কিন্তু ইয়াৰ বাবে তেওঁ কোনো ধনু, তৰোৱাল, যুদ্ধ, ঘোঁৰা বা অশ্বাৰোহীৰ ব্যৱহাৰ কৰা নাছিল। (হোচেয়া ১:৭) এই কথাষাৰৰ সত্যতা সা.যু.পূ. ৭৩২ চনত দেখা গʼল, যেতিয়া এজন স্বৰ্গদূতে এৰাতিৰ ভিতৰত যিৰূচালেমৰ বিৰুদ্ধে যুঁজিবলৈ অহা অচূৰৰ ১,৮৫,০০০ জন সৈন্যক বধ কৰিছিল।—২ ৰাজাৱলি ১৯:৩৫.

ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ আইনগত পদক্ষেপ

১০. গোমৰৰ বেশ্যাস্বভাৱে কিহৰ বিষয়ে দৰ্শাইছে?

১০ গোমৰে হোচেয়াক ত্যাগ কৰি আন এজন পুৰুষৰ সৈতে “বেশ্যাস্বভাৱেৰে” জীপন-যাপন কৰিবলৈ ধৰিলে। ইয়ে দৰ্শাইছে যে ইস্ৰায়েলসকলে কেনেকৈ ৰাজনৈতিক আৰু মূৰ্ত্তিপূজা কৰোঁতা জাতিবিলাকৰ সৈতে সম্বন্ধ স্থাপিত কৰি তেওঁলোকৰ ওপৰত ভাৰসা কৰিবলৈ ধৰিলে। তেওঁলোকে ভৌতিকৰূপে বৃদ্ধি হোৱাৰ প্ৰশংসা যিহোৱাক দিয়াৰ পৰিৱৰ্তে সেই জাতিবিলাকৰ দেৱী-দেৱতাক দিছিল আৰু মূৰ্ত্তিপূজাত জড়িত হৈ ঈশ্বৰৰ সৈতে থকা বিবাহৰ সম্পৰ্কক ত্যাগ কৰিছিল। সেইবাবে যিহোৱাই আধ্যাত্মিকভাৱে বেশ্যাকৰ্ম্মত লিপ্ত হোৱা ইস্ৰায়েলসকলৰ বিৰুদ্ধে আইনগত পদক্ষেপ লʼলে।

১১. যেতিয়া ইস্ৰায়েল আৰু যিহূদাৰ লোকসকল দাসত্বলৈ গৈছিল, তেতিয়া মোচিৰ ব্যৱস্থা ভঙ্গ হৈছিলনে?

১১ ইস্ৰায়েলসকলে স্বামীস্বৰূপে থকা যিহোৱাক ত্যাগ কৰাৰ বাবে কেনে পৰিণাম ভূগীবলগীয়া হʼল? তাইক অচূৰৰ জাতিক পৰাস্ত কৰা বাবিলৰ “অৰণ্যলৈ” যাবলগীয়া হʼল আৰু তাত তাই দাসত্ব হিচাপে জীৱন-যাপন কৰিছিল। (হোচেয়া ২:১৪) যদিও যিহোৱাই দহ জাতিৰ ৰাজ্যক ধ্বংস হʼবলৈ এৰি দিছিল, তথাপিও তেওঁ ইস্ৰায়েলৰ ১২ গোত্ৰৰ সৈতে থকা বৈবাহিক সম্পৰ্ক বিচ্ছেদ কৰা নাছিল। আনকি তেওঁ সা.যু.পূ. ৬০৭ চনত বাবিলৰ দ্বাৰা যিৰূচালেম নগৰ ধ্বংস হʼবলৈ আৰু যিহূদাৰ লোকসকলক দাসত্বলৈ যাবলৈ দিয়াৰ পিছতো মোচিৰ ব্যৱস্থাৰ দ্বাৰা বন্ধা সেই সম্পৰ্কক বজাই ৰাখিছিল। কিন্তু সেই সম্পৰ্ক সা.যু. ৩৩ চনত ভঙ্গ হʼল, যেতিয়া ইহুদী ধৰ্ম্মগুৰুসকলে যীচুক প্ৰত্যাখ্যান কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে।—কলচীয়া ২:১৪.

যিহোৱাই ইস্ৰায়েলসকলক সতৰ্ক কৰিছিল

১২, ১৩. হোচেয়া ২:৬-৮ পদৰ সাৰ কথা কি আৰু সেই বাক্যবোৰ ইস্ৰায়েলৰ সৈতে কেনেকৈ প্ৰযোজ্য?

১২ যিহোৱাই বাৰম্বাৰ ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা “ব্যভিচাৰ দূৰ” কৰিবলৈ সতৰ্ক কৰাৰ স্বত্বেও তাই প্ৰেমকাৰীবোৰৰ পাছে পাছে যাবলৈ ত্যাগ দিয়া নাছিল। (হোচেয়া ২:২, ৫) সেইবাবে যিহোৱাই তাইক এইদৰে কৈছিল: “এই হেতুকে চোৱা, মই কাঁইটেৰে তোমাৰ বাট বন্ধ কৰিম; আৰু তাই নিজৰ পথ পাব নোৱাৰাকৈ মই তাইৰ অহিতে এখন জেওৰা দিম। তাই নিজৰ প্ৰেমকাৰীবোৰৰ পাছে পাছে যাব, কিন্তু সিহঁতৰ লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই কব, মই ঘূৰি মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে যাওঁ; কিয়নো এতিয়াতকৈ তেতিয়া মোৰ অধিক মঙ্গল আছিল। কিয়নো ময়েই যে তাইক সেই শস্য, দ্ৰাক্ষাৰস, আৰু তেল দিছিলোঁ, আৰু তাইৰ যি ৰূপ আৰু সোণ বালৰ নিমিত্তে খৰচ কৰা হৈছিল, তাক ময়েই যে বৃদ্ধি কৰিছিলোঁ, তাক তাই নুবুজিলে।”—হোচেয়া ২:৬-৮.

১৩ যদিও সংকটৰ সময়ত ইস্ৰায়েলে সহায় বিচাৰিছিল, তথাপিও তাইৰ “প্ৰেমকাৰীবোৰ” অৰ্থাৎ অন্যজাতিৰ কোনোৱে তাইক উদ্ধাৰ কৰিবলৈ নোৱাৰিলে। তাইৰ পথত এনেদৰে জেওৰা লগোৱা হৈছিল যাতে কোনোৱে আহি তাইক সহায় কৰিব নোৱাৰে। সা.যু.পূ. ৭৪০ চনত অৰ্থাৎ অচূৰৰ দ্বাৰা বন্দী হোৱা তিনি বছৰৰ পিছত চমৰীয়া নগৰখন সম্পূৰ্ণকৈ ধ্বংস হয় আৰু দহ জাতিৰ ৰাজ্যৰ অন্ত পৰে। কিন্তু দাসত্বলৈ যোৱা কিছুমান ইস্ৰায়েলে তেওঁলোকৰ পূৰ্ব্বপূৰুষসকলে যিহোৱাৰ উপাসনা কৰি যি উত্তম পৰিৱেশত জীয়াই আছিল, সেই বিষয়ে প্ৰায়শ্চিত্ত কৰে। এই উত্তৰজীৱিসকলে মিছা দেৱী-দেৱতাৰ আগত দণ্ডৱত নকৰিবলৈ আৰু পুনৰাই যিহোৱাৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ সঙ্কল্প লৈছিল।

নাটকৰ অন্য এক প্ৰতিভাত

১৪. হোচেয়াই কিয় পুনৰাই গোমৰৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে?

১৪ হোচেয়াৰ ঘৰুৱা জীৱন আৰু যিহোৱাৰ সৈতে ইস্ৰায়েলৰ সম্বন্ধৰ মাজত কি সংযোজন আছিল, তাক স্পষ্টকৈ বুজিবলৈ এই বাক্যটো বিবেচনা কৰক: “তুমি পুনৰায় গৈ উপপতিৰ প্ৰিয়া আৰু ব্যভিচাৰিণী তিৰোতাজনীক প্ৰেম কৰা।” (হোচেয়া ৩:১) এই আজ্ঞাৰ অনুসাৰে হোচেয়াই গোমৰক পুনৰাই সেই পুৰুষজনৰ পৰা কিনি ঘৰলৈ লৈ আনে। তাৰ পিছত হোচেয়াই তাইক সতৰ্ক কৰি এইদৰে কলে: “তুমি মোৰ নিমিত্তে অনেক দিনলৈকে থাকিবা, ব্যভিচাৰ নকৰিবা, আৰু কোনো পুৰুষৰ তিৰোতা নহবা।” (হোচেয়া ৩:২, ৩) তাই সেই অনুশাসন স্বীকাৰ কৰে আৰু পুনৰাই হোচেয়াই তাইৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপিত কৰে। এই কথাষাৰ ইস্ৰায়েল আৰু যিহূদাৰ সৈতে কৰা যিহোৱাৰ ব্যৱহাৰৰ সৈতে কেনেকৈ মিল খায়?

১৫, ১৬. (ক) ঈশ্বৰৰ অনুশাসন স্বীকাৰ কৰা জাতিসকলে কি অৰ্থত তেওঁৰ অনুগ্ৰহ পাবলগীয়া হৈছিল? (খ) হোচেয়া ২:১৮ পদটো কেনেকৈ পূৰ্ণতা হʼল?

১৫ যিহোৱাই বাবিলত দাসত্বস্বৰূপে থকা ইস্ৰায়েল আৰু যিহূদাৰ লোকসকললৈ শান্ত্বনাদায়ক কথা কʼবলৈ ভাববাদীসকলক পঠিয়াইছিল। যিদৰে গোমৰে প্ৰায়শ্চিত্ত কৰি নিজৰ স্বামীৰ ওচৰলৈ ঘূৰি আহিছিল, ঠিক সেইদৰে ইস্ৰায়েলসকলেও অনুগ্ৰহৰ পাত্ৰ হʼবলৈ প্ৰায়শ্চিত্ত কৰি তেওঁলোকৰ স্বামীস্বৰূপে থকা যিহোৱালৈ ঘূৰি অহাৰ আৱশ্যক আছিল। তেতিয়াহে যিহোৱাই ভাৰ্য্যাস্বৰূপে থকা এই জাতিক বাবিলৰ দাসত্বৰ পৰা উদ্ধাৰ কৰি যিহূদা আৰু যিৰূচালেমলৈ উভটাই নিলেহেঁতেন। (হোচেয়া ২:১৪, ১৫) যিহোৱাই এই কথাষাৰ সা.যু.পূ. ৫৩৭ চনত পূৰ্ণতা কৰি দেখুৱালে।

১৬ আনকি যিহোৱাই এই প্ৰতিজ্ঞাকো পূৰ্ণ কৰিলে: “সেই দিনা মই তেওঁবিলাকৰ নিমিত্তে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা জন্তুবোৰে সৈতে এটি নিয়ম স্থাপন কৰিম; আৰু মই ধনু, তৰোৱাল, আৰু ৰণৰ সঁজুলি ভাঙি দেশৰ মাজৰ পৰা গুচাম, আৰু তেওঁবিলাকক নিৰ্ভয়ে শয়ন কৰাম।” (হোচেয়া ২:১৮) পুনৰাই স্বদেশলৈ উভটি যোৱা ইহুদীসকলে নিৰ্ভয়ে আৰু নিৰাপত্তাৰে জীৱন-যাপন কৰিছিল। আনকি এই ভৱিষ্যতবাণীৰ পূৰ্ণতা ১৯১৯ চনতো হোৱা দেখা গʼল, যেতিয়া অভিষিক্ত আধ্যাত্মিক ইস্ৰায়েলসকলে “মহা-বাবিল” বা বিশ্বব্যাপী মিছা ধৰ্ম্মৰ বান্ধোনৰ পৰা মুক্ত হʼল। বৰ্তমান তেওঁলোকে পাৰ্থিৱ আশা থকা সঙ্গীসকলৰ সৈতে নিৰ্ভয়ে আৰু আনন্দেৰে আধ্যাত্মিক পৰমদেশত বাস কৰিছে। তেওঁবিলাকৰ মাজত কোনো ধৰণৰ হিংস্ৰ স্বভাৱৰ মনোবৃত্তি দেখিবলৈ পোৱা নাযায়।—প্ৰকাশিত বাক্য ১৪:৮; যিচয়া ১১:৬-৯; গালাতীয়া ৬:১৬.

শিকিবলগীয়া পাঠ

১৭-১৯. (ক) আমাক যিহোৱাৰ কেনে গুণবোৰ অনুকৰণ কৰিবলৈ কোৱা হৈছে? (খ) আমি যিহোৱাৰ অনুগ্ৰহৰ বিষয়ে জানি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

১৭ আমি যিহোৱাৰ দৰে দয়ালু আৰু কোমল চিত্তৰ হোৱা উচিত। এই শিক্ষাটোৰ বিষয়ে হোচেয়াৰ প্ৰথম কেইটা অধ্যায়ত পঢ়িবলৈ পোৱা যায়। (হোচেয়া ১:৬, ৭; ২:২৩) প্ৰায়শ্চিত্ত কৰা ইস্ৰায়েলসকলৰ বাবে যিহোৱাই দেখুৱা অনুগ্ৰহশীল মনোবৃত্তি এই প্ৰবোক্তিৰ বাক্যৰ সৈতে মিল খায়, যাৰ বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “যি মানুহে নিজৰ অপৰাধ ঢাকে, তাৰ কল্যাণ নহব; কিন্তু যি কোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে, তেওঁ কৃপা পাব।” (হিতোপদেশ ২৮:১৩) তদুপৰি তেওঁলোকৰ বাবে গীতমালা ৰচোঁতাজনৰ বাক্যবোৰ সিদ্ধ হয়, যʼত এইদৰে কৈছে: “ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, তুমি ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰা।”—গীত ৫১:১৭.

১৮ আমি উপাসনা কৰা যিহোৱাৰ অনুগ্ৰহৰ বিষয়ে হোচেয়াৰ ভৱিষ্যতবাণীয়ে আলোকপাত কৰিছে। যদিও কিছুমান লোকে বিপথে পৰিচালিত হয়, তথাপিও তেওঁলোকে প্ৰায়শ্চিত্ত কৰি যিহোৱালৈ ঘূৰি অহা দুৱাৰ এতিয়াও খোলা আছে। তেনে লোকসকলক যিহোৱাই আন্তৰিকতাৰে স্বীকাৰ কৰে। লক্ষ্য কৰক যে লাক্ষণিকভাৱে বৈবাহিক সম্পৰ্ক থকা প্ৰায়শ্চিত্ত কৰা ইস্ৰায়েলসকলক তেওঁ কেনেকৈ অনুগ্ৰহ দেখুৱালে। তেওঁলোকে যদিও অবজ্ঞাকাৰী হৈ ‘ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাক অসন্তুষ্ট কৰিছিল, তথাপিও তেওঁ তেওঁলোকলৈ অনুগ্ৰহ দেখুৱাই সোঁৱৰিছিল।’ (গীত ৭৮:৩৮-৪১) তেনে ধৰণৰ অনুগ্ৰহই আমাক যিহোৱাৰ সৈতে একেৰাহে চলি থাকিবলৈ প্ৰেৰিত কৰে।

১৯ মিছা কথা, নৰ-বধ, চুৰ আৰু ব্যভিচাৰৰ দৰে কাৰ্য্য ইস্ৰায়েলৰ মাজত থকা স্বত্বেও যিহোৱাই ‘শান্ত্বনাদায়ক কথা কৈছিল।’ (হোচেয়া ২:১৪; ৪:২) আমি যেনেকৈ যিহোৱাৰ অনুগ্ৰহৰ বিষয়ে মনোযোগ দিম, তেনেকৈ আমাৰ হৃদয় প্ৰেৰিত আৰু যিহোৱাৰ সৈতে থকা ব্যক্তিগত সম্বন্ধ দৃঢ় হৈ উঠিব। এতেকে আঁহক আমি নিজকে এইদৰে সোধোঁহঁক: ‘মই ভাই-ভনীকলৰ সৈতে ব্যৱহাৰ কৰোঁতে কেনেকৈ আগতকৈ অধিক যিহোৱাৰ অনুগ্ৰহ প্ৰতিফলিত কৰিব পাৰোঁ? যদি কোনো সঙ্গী ভাই বা ভনীয়ে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিছে, তেন্তে মই তেওঁলোকক যিহোৱাৰ দৰে ক্ষমা কৰিবলৈ ইচ্ছুকনে?’—গীত ৮৬:৫.

২০. আমি যে ঈশ্বৰে প্ৰদান কৰা আশাৰ ওপৰত ভাৰসা ৰাখিব পাৰোঁ, তাৰ এটা উদাহৰণ দিয়ক।

২০ ঈশ্বৰে প্ৰকৃত আশা প্ৰদান কৰে। উদাহৰণস্বৰূপে, তেওঁ প্ৰতিজ্ঞা কৰি এইদৰে কৈছে: “আশাৰ দুৱাৰস্বৰূপে আখোৰ উপত্যকা মই তাইক দিম।” (হোচেয়া ২:১৫) যিহোৱাৰ ভাৰ্য্যাস্বৰূপে থকা ইস্ৰায়েলে স্বদেশলৈ ঘূৰি যোৱা দৃঢ় আশা ৰাখিছিল, যʼত “আখোৰ উপত্যকা” অৱস্থিত আছিল। সা.যু.পূ. ৫৩৭ চনত পূৰ্ণ হোৱা এই ভৱিষ্যতবাণীয়ে আমাৰ আশাকো নিশ্চয়তা প্ৰদান কৰে।

২১. আমি ঈশ্বৰৰ সৈতে চলি থাকিবলৈ জ্ঞানে কেনে ভূমিকা আদায় কৰে?

২১ আমি যিহোৱাৰ সৈতে চলি থাকিবলৈ তেওঁৰ জ্ঞান আৰু সেই অনুসাৰে জীৱন-যাপন কৰা উচিত। ইস্ৰায়েলৰ মাজত যিহোৱাৰ জ্ঞানৰ অভাৱ দেখা গৈছিল। (হোচেয়া ৪:১, ৬) তথাপিও তেওঁলোকৰ কিছুমানে ঈশ্বৰীয় শিক্ষাক বহুমূলীয়া ভাবি সেই অনুসাৰে চলাৰ বাবে আশীৰ্ব্বাদপ্ৰাপ্ত হৈছিল। তেওঁলোকৰ মাজত হোচেয়াও এজন আছিল। ঠিক সেইদৰে এলিয়াৰ সময়ত মিছা দেৱী-দেৱতাৰ আগত প্ৰণিপাত নকৰা ৭০০০ জন লোকে তেনে মনোবৃত্তি দৰ্শাইছিল। (১ ৰাজাৱলি ১৯:১৮; ৰোমীয়া ১১:১-৪) ঈশ্বৰীয় শিক্ষাৰ প্ৰতি থকা কৃতজ্ঞতাই আমাকো তেওঁৰ সৈতে চলি থাকিবলৈ সহায় কৰিব।—গীত ১১৯:৬৬; যিচয়া ৩০:২০, ২১.

২২. আমি ধৰ্মচুত্য শিক্ষাৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰখা উচিত?

২২ মণ্ডলীত পৰিচালক হিচাপে কাৰ্য্য কৰোঁতা সকলে ধৰ্মচ্যুত শিক্ষাৰ পৰা আঁতৰি থকাটো যিহোৱাই বিচাৰে। কিয়নো হোচেয়া ৫:১ পদত এইদৰে কৈছে: “হে পুৰোহিতবিলাক, এই কথা শুনা, হে ইস্ৰায়েল-বংশ, কাণ পাতা, আৰু হে ৰাজবংশ, কাণ দিয়া, কিয়নো তোমালোকৰেই বিৰুদ্ধে দণ্ডাজ্ঞা হৈছে; কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত পতা জালস্বৰূপ হৈছা।” ধৰ্মত্যাগী পুৰোহিতসকলে মূৰ্ত্তিপূজাৰ শিক্ষাৰে ইস্ৰায়েলসকলক ভ্ৰষ্ট কৰিবলৈ বিচাৰিছিল। সেইবাবে তেওঁলোকে তাবোৰ পৰ্ব্বত আৰু মিস্পা নামৰ ঠাইত মূৰ্ত্তিপূজাৰ মূখ্য কেন্দ্ৰ স্থাপন কৰিছিল।

২৩. আপুনি হোচেয়া ১-৫ অধ্যায় অধ্যয়ন কৰি লাভৱান হʼব পাৰিলেনে?

২৩ যিহোৱা যে এজন অনুগ্ৰহশীল ঈশ্বৰ আৰু ধৰ্মচ্যুত শিক্ষাৰ পৰা আঁতৰি থকা আৰু তেওঁৰ উপদেশৰ অনুসাৰে চলা সকলক আশীৰ্ব্বাদ দিয়ে বুলি আমি হোচেয়াৰ ভৱিষ্যতবাণীৰ পৰা জানিব পাৰিলোঁ। গতিকে আঁহক আমিও প্ৰায়শ্চিত্ত কৰা ইস্ৰায়েলসকলৰ দৰে যিহোৱাক বিচাৰি তেওঁৰ মন আনন্দিত কৰিবলৈ প্ৰয়াস কৰোঁহঁক। (হোচেয়া ৫:১৫) এনে কৰাৰ দ্বাৰা আমি উত্তম ফল, অতুলনীয় আনন্দ আৰু মনৰ শান্তি লাভ কৰা বিশ্বাসী লোকসকলৰ দৰে অনুভৱ কৰিব পাৰিম।—গীত ১০০:২; ফিলিপীয়া ৪:৬, ৭. (w05 11/15)

[ফুটনোট]

a তেনে এক প্ৰতিকৰূপক নাটক গালাতীয়া ৪:২১-২৬ পদত উল্লেখ কৰা হৈছে। এই বিষয়ে অধিককৈ জানিবলৈ হʼলে, যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ইনচাইট্‌ অন দ্য স্ক্ৰিপশ্বাৰ খণ্ড ২, ৬৯৩-৪ পৃষ্ঠাত চাওক।

আপুনি কিদৰে উত্তৰ দিব?

• গোমৰৰ সৈতে হোৱা হোচেয়াৰ বিবাহে কি চিহ্নিত কৰে?

• যিহোৱাই কিয় ইস্ৰায়েলসকলৰ বিৰুদ্ধে আইনগত পদক্ষেপ লʼলে?

হোচেয়া ১-৫ অধ্যায়ৰ কোনটো শিক্ষাই আপোনাক প্ৰভাৱিত কৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৪ পৃষ্ঠাৰ ছবি]

আপুনি জানেনে হোচেয়াৰ ভাৰ্য্যাই কাক চিহ্নিত কৰে?

[৫ পৃষ্ঠাৰ ছবি]

সা.যু.পূ. ৭৪০ চনত অচূৰসকলে চমৰিয়াৰ নিবাসীসকলক বন্দী কৰি নিয়ে

[৬ পৃষ্ঠাৰ ছবি]

আনন্দিত লোকসকলে স্বদেশলৈ ঘূৰি আহে