পাঠ ৩
ভাল খবৰ প্ৰকৃততে ঈশ্বৰৰপৰা নে?
১. প্ৰকৃততে বাইবেলৰ লেখক কোন হয়?
এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ বিষয়ে কেৱল বাইবেলতহে উল্লেখ আছে। (গীতমালা ৩৭:২৯) বাইবেলত ৬৬ খন সৰু সৰু কিতাপ আছে। প্ৰায় ৪০ জন বিশ্বাসী ব্যক্তিয়ে বাইবেলখন লিখিছিল। মোচি নামৰ ব্যক্তিজনে বাইবেলৰ প্ৰথমখন কিতাপ প্ৰায় ৩,৫০০ বছৰৰ আগতে লিখিছিল। শেষৰ কিতাপখনৰ নাম হৈছে প্ৰকাশিত বাক্য আৰু প্ৰায় ১,৯০০ বছৰৰ আগতে যোহন নামৰ এজন ভৱিষ্যতবক্তাই লিখিছিল। বাইবেলৰ লেখকসকলে কাৰ ভাৱধাৰা লিখিছিল বাৰু? পবিত্ৰ আত্মাৰ দ্বাৰা ঈশ্বৰে বাইবেলৰ লেখকসকলৰ লগত যোগাযোগ কৰিছিল। (২ চমূৱেল ২৩:২) তেওঁলোকে নিজৰ ভাৱধাৰা নহয় কিন্তু ঈশ্বৰৰ ভাৱধাৰাহে লিখিছিল। গতিকে আমি কʼব পাৰোঁ যে ঈশ্বৰেহে প্ৰকৃততে বাইবেলৰ লেখক।—২ তীমথিয় ৩:১৬; ২ পিতৰ ১:২০, ২১ পঢ়ক।
২. বাইবেলখন ঈশ্বৰৰপৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ?
ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে বাইবেলে সঠিকভাৱে বৰ্ণনা কৰিছে। গতিকে আমি কʼব পাৰোঁ যে বাইবেলখন ঈশ্বৰৰপৰা হয়। ভৱিষ্যতৰ বিষয়ে এইদৰে কোনো মানুহে বৰ্ণনা কৰিব নোৱাৰে। (যিহোচূৱা ২৩:১৪) কেৱল সৰ্ব্বশক্তিমান ঈশ্বৰেহে ভৱিষ্যতৰ বিষয়ে বৰ্ণনা কৰিব পাৰে।—যিচয়া ৪২:৯; ৪৬:১০ পঢ়ক।
ঈশ্বৰৰ এই কিতাপখন, আন কোনো কিতাপৰ লগত তুলনা কৰিব নোৱাৰি। কোটি কোটি সংখ্যাত আৰু শ শ ভাষাত বাইবেলখন বিতৰণ কৰা হৈছে। বাইবেলখন পুৰণি হোৱাৰ সত্ত্বেও ইয়াত উল্লেখ থকা বিষয়বোৰ বিজ্ঞানৰ লগত মিল আছে। ইয়াৰ উপৰিও বাইবেলৰ ৪০ জন লেখকৰ লিখনিবোৰ সামঞ্জস্য থকা দেখিবলৈ পোৱা যায়। a ঈশ্বৰৰ প্ৰেমৰ বিষয়ে বাইবেলত বহুতো উদাহৰণ পোৱা যায়। এজন ব্যক্তিৰ জীৱন বেয়াৰপৰা ভাললৈ পৰিৱৰ্ত্তন কৰাৰ শক্তি বাইবেলত আছে। আজি লাখ লাখ লোকে নিজৰ জীৱন পৰিৱৰ্ত্তন কৰি প্ৰমাণ কৰিছে যে বাইবেলখন প্ৰকৃততে ঈশ্বৰৰপৰা এখন কিতাপ।—১ থিচলনীকীয়া ২:১৩ পঢ়ক।
৩. বাইবেলত কি লিখা আছে?
বাইবেলৰ মূল বিষয়বস্তু হৈছে মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য। পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে যে কেনেকৈ মানৱজাতিয়ে এক সুন্দৰ প্ৰমোদবনত জীয়াই থকাৰ সুযোগ হেৰুৱালে আৰু সেই প্ৰমোদবন পুনৰাই কেনেকৈ স্থাপন কৰা হʼব।—প্ৰকাশিত বাক্য ২১:৪, ৫ পঢ়ক।
ঈশ্বৰৰ বাক্যত নিয়ম, সিদ্ধান্ত আৰু উপদেশ পোৱা যায়। ইয়াৰ উপৰিও ঈশ্বৰে কেনেকৈ লোকসকলৰ লগত ব্যৱহাৰ কৰে তাৰ বিষয়ে বৰ্ণনা আছে। গতিকে, বাইবেলে আপোনাক ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰিব।—গীতমালা ১৯:৭, ১১; যাকোব ২:২৩; ৪:৮ পঢ়ক।
৪. বাইবেলখন আপুনি কেনেকৈ বুজিব পাৰিব?
এই ব্ৰচাৰখনে আপোনাক বাইবেলৰ বিষয়ে জানিবলৈ সহায় কৰিব। যীচু খ্ৰীষ্টই লোকসকলক শিক্ষা দিবলৈ এটাৰ পাছত আনটো পদ বৰ্ণনা কৰি শাস্ত্ৰৰৰ কথা “বুজাই” দিছিল। ঠিক সেই একেই পদ্ধতি এই ব্ৰচাৰখনত ব্যৱহাৰ কৰা হৈছে।—লূক ২৪:২৭, ৪৫ পঢ়ক।
ঈশ্বৰৰপৰা অহা ভাল খবৰ আন কাৰো লগত তুলনা কৰিব নোৱাৰি। কিন্তু সকলোৱে হয়তো এই খবৰ ভাল নাপাবও পাৰে। আনকি কিছুমান লোকে বিৰোধ কৰিব পাৰে। কিন্তু আপুনি হতাশ নহʼব। মনত ৰাখিব যে ঈশ্বৰৰ বিষয়ে জনাৰ ওপৰত আপোনাৰ অনন্ত জীৱন নিৰ্ভৰ কৰে।—যোহন ১৭:৩ পঢ়ক।
a সকলোৰে বাবে এখন কিতাপ (ইংৰাজী) নামৰ ব্ৰচাৰখন চাওক।