Skip to content

Skip to table of contents

অধ্যায় ১৭

আপোনাৰ পবিত্ৰ বিশ্বাস দৃঢ় কৰক

আপোনাৰ পবিত্ৰ বিশ্বাস দৃঢ় কৰক

“তোমালোকে হলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিক্তিমূলত নিজক গাঁথি, . . . ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা।”—যিহূদা ২০, ২১.

১, ২. আপুনি কেনেধৰণৰ নিৰ্মাণ কাৰ্য্যত জড়িত হৈ আছে আৰু আপোনাৰ এই নিৰ্মাণ কাৰ্য্য কিয় অতি গুৰুত্বপূৰ্ণ?

আপুনি এটা ঘৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। এই নিৰ্মাণ কাৰ্য্য বহু সময় ধৰি চলি আছে আৰু আগলৈয়ো চলি থাকিব। এই কাৰ্য্য ইমান সহজ নাছিল। ইয়াৰ বাবে আপুনি বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। কিন্তু এতিয়ালৈকে যি কৰিব পাৰিলে, তাৰ বাবে আপুনি সন্তুষ্ট। যিয়ে নহওক কিয়, আপুনি নিৰ্মাণ কাৰ্য্যত কেতিয়াও অৱহেলা নকৰিব বুলি দৃঢ়সংকল্প লৈছে। কিয়নো আপুনি জানে যে আপোনাৰ জীৱন, আনকি আপোনাৰ ভৱিষ্যত এই কাৰ্য্যৰ ওপৰতে নিৰ্ভৰ কৰিব। কিয় বাৰু? কাৰণ যি ঘৰৰ নিৰ্মাণ হৈছে সেয়া আপুনি নিজেই!

শিষ্য যিহূদাই সেই নিৰ্মাণ কাৰ্য্যৰ ওপৰত গুৰুত্ব দিছিল, যিটো আমি নিজৰ বাবে কৰোঁ। তেওঁ যেতিয়া খ্ৰীষ্টীয় ভাই-ভনীসকলক “ঈশ্বৰৰ প্ৰেমত নিজক” ৰাখিবলৈ উৎসাহিত কৰিছিল, তেতিয়া এই প্ৰেমত থকাৰ ৰহস্যৰ বিষয়ে আগলৈ তেওঁ এইদৰে কৈছিল: ‘নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথা।’ (যিহূদা ২০, ২১) ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ, এনে কিছুমান উপায় কি, যাৰ দ্বাৰা আপুনি নিজৰ বিশ্বাস আৰু শক্তিশালী কৰি তুলিব পাৰিব? আহক আমি আধ্যাত্মিক অৰ্থত ঘৰ নিৰ্মাণ কৰাৰ তিনিটা গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে আলোচনা কৰোঁ।

যিহোৱাৰ ধাৰ্মিক প্ৰয়োজনীয়তাবোৰৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰক

৩-৫. (ক) যিহোৱা ঈশ্বৰৰ ধাৰ্মিক মানদণ্ডবোৰৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখিবলৈ চয়তানে আপোনাক পৰিচালিত কৰিব পাৰে? (খ) ঈশ্বৰৰ ধাৰ্মিক মানদণ্ডবোৰৰ প্ৰতি আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত আৰু এইবোৰে আমাৰ চিন্তা-ভাৱনাৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে? উদাহৰণ দি বুজাওক।

প্ৰথমতে, ঈশ্বৰে দিয়া নিয়মৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰা উচিত। এই কিতাপখন অধ্যয়ন কৰাৰ সময়ত আমি আচাৰ-ব্যৱহাৰৰ বিষয়ে যিহোৱা ঈশ্বৰৰ মানদণ্ড কি তাৰ ওপৰত আলোচনা কৰিলোঁ। সেইবোৰৰ বিষয়ে আপোনাৰ দৃষ্টিভংগী কি? চয়তানে আপোনাক যিহোৱা ঈশ্বৰৰ আইন-কানুন, নীতি-নিয়ম আৰু মানদণ্ডবোৰ কঠিন তথা যাতনাদায়ক বুলি ভুল পথলৈ পৰিচালিত কৰিব পাৰে। এদন বাগিচাত চয়তানে এই পদ্ধতি ব্যৱহাৰ কৰি সফল হৈছিল আৰু বৰ্তমান সময়তো চয়তানে সেই একে পদ্ধতি ব্যৱহাৰ কৰে। (আদিপুস্তক ৩:১-৬) তাৰ এই পদ্ধতি আপোনাকো ভুল পথলৈ পৰিচালিত কৰিব পাৰেনে? ইয়াৰ উত্তৰ আপোনাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰিব।

উদাহৰণস্বৰূপে, এখন সুন্দৰ পাৰ্কৰ মাজেদি খোজকাঢ়ি গৈ থকাৰ সময়ত, আপুনি লক্ষ্য কৰিছে যে পাৰ্কৰ কিছু অংশ এখন দৃঢ় আৰু ওখ ফেনচিং দি আগুৰি ৰখা হৈছে। ফেনচিঙৰ সিপাৰৰ দৃশ্য দেখিবলৈ অতি মনোমোহা। প্ৰথমতে আপুনি ভাবিব পাৰে যে এই ফেনচিংখনে আপোনাৰ স্বাধীনতাত বাধাৰ সৃষ্টি কৰিছে। কিন্তু আপুনি অলপ সময়ৰ পাছত লক্ষ্য কৰিলে যে এটা হিংস্ৰ সিংহই চিকাৰৰ বাবে আগুৱাই আহিছে। এতিয়া আপুনি অনুভৱ কৰিব পাৰিছেনে যে এই ফেনচিংখন কোনো বাধা নহয়, কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে দিয়া হৈছে। বৰ্তমান সময়তো এটা হিংস্ৰ সিংহই আপোনাক চিকাৰ কৰাৰ বাবে আগুৱাই আহিছে নেকি? ঈশ্বৰৰ বাক্যই সতৰ্ক কৰে: “গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।”—১ পিতৰ ৫:৮.

চয়তান এক হিংস্ৰ সিংহৰ দৰে হয়। আমি চয়তানৰ চিকাৰত পৰাটো যিহোৱা ঈশ্বৰে কেতিয়াও নিবিচাৰে। সেইবাবে, তেওঁ আমাক সেই দুষ্ট চয়তানৰ “নানাবিধ কুকল্পনাৰ” পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন নীতি-নিয়মৰ ব্যৱস্থা কৰিছে। (ইফিচীয়া ৬:১১) গতিকে, যেতিয়া আমি ঈশ্বৰৰ নীতি-নিয়মবোৰৰ ওপৰত ধ্যান কৰোঁ, তেতিয়া আমি সেইবোৰ স্বৰ্গীয় পিতৃৰ পৰা পোৱা প্ৰেমৰ ব্যৱস্থা বুলি গ্ৰহণ কৰা উচিত। যদি আমি ঈশ্বৰে দিয়া নীতি-নিয়মবোৰৰ প্ৰতি এনে দৃষ্টিভংগী ৰাখোঁ, তেনেহ’লে এইবোৰে আমাৰ নিৰাপত্তা আৰু আনন্দৰ কাৰণ হ’ব। শিষ্য যাকোবে এইদৰে লিখিছিল: “যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, . . . তেওঁহে নিজ কাৰ্য্যত ধন্য হব।”—যাকোব ১:২৫.

৬. ঈশ্বৰৰ ধাৰ্মিক আইন আৰু নীতিবোৰৰ ওপৰত বিশ্বাস গঢ়ি তোলাৰ উত্তম উপায় কি? এটা উদাহৰণ দিয়ক।

যিহোৱা ঈশ্বৰ নিয়ম দিওঁতা ঈশ্বৰ হয়। সেইবাবে, তেওঁ দিয়া নিয়ম আৰু সিদ্ধান্তবোৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰাৰ উত্তম উপায় হৈছে, তেওঁৰ আজ্ঞাবোৰ পালন কৰা। এইদৰে কৰিলে যিহোৱা ঈশ্বৰৰ ওপৰত আৰু তেওঁ দিয়া নিয়মবোৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হ’ব। উদাহৰণস্বৰূপে, ‘খ্ৰীষ্টৰ বিধানৰ’ এক আজ্ঞা হৈছে যীচুৱে “যি যি আদেশ” আমাক দিলে, সেই সকলোবোৰ পালন কৰিবলৈ আনক শিকোৱা। (গালাতীয়া ৬:২; মথি ২৮:১৯, ২০) সত্য খ্ৰীষ্টানসকলে উপাসনা কৰা আৰু এজনে-আনজনক উৎসাহিত কৰাৰ বাবে নিয়মিতভাৱে সভাত উপস্থিত থাকিবলৈ দিয়া আজ্ঞাক গভীৰভাৱে লয়। (ইব্ৰী ১০:২৪, ২৫) ইয়াৰ উপৰিও ঈশ্বৰৰ আজ্ঞাই আমাক প্ৰতিদিনে আৰু নিৰন্তৰে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰে। (মথি ৬:৫-৮; ১ থিচলনীকীয়া ৫:১৭) যেতিয়া আমি এই আজ্ঞাবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰোঁ, তেতিয়া আমি আৰু ভালদৰে বুজি পাওঁ যে এই আজ্ঞাবোৰে আমাক সঠিক পথত চলিবলৈ ঈশ্বৰৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ আজ্ঞাবোৰ পালন কৰিলে আমি আনন্দ আৰু সন্তুষ্টি লাভ কৰিম, যিবোৰ সাধাৰণতে এই সমস্যাপূৰ্ণ জগতৰপৰা আশা কৰিব নোৱাৰি। ঈশ্বৰে দিয়া নীতি-নিয়মবোৰৰ অনুসৰি জীৱন-যাপন কৰাৰ বাবে আপুনি যি উপকাৰ লাভ কৰিছে, সেইবোৰৰ ওপৰত ধ্যান কৰিলে আপোনাৰ বিশ্বাস দৃঢ় নহয়নে?

৭, ৮. বছৰ বাগৰি যোৱাৰ লগে লগে, যিহোৱা ঈশ্বৰৰ নীতি-নিয়মবোৰ পালন কৰিবলৈ কঠিন হ’ব পাৰে বুলি চিন্তা কৰা লোকসকলক ঈশ্বৰৰ বাক্যই কি আশ্বাস দিছে?

বছৰ বাগৰি যোৱাৰ লগে লগে কিছুমান লোকে যিহোৱা ঈশ্বৰৰ নীতি-নিয়মবোৰ পালন কৰিবলৈ কঠিন হ’ব বুলি চিন্তা কৰিব পাৰে। তেওঁলোকে এই নীতি-নিয়মবোৰ পালন কৰিবলৈ ব্যৰ্থ হ’ব বুলি ভয় কৰিব পাৰে। যদি আপোনাৰ মনলৈয়ো এনেধৰণৰ ভাৱনা আহে, তেনেহ’লে ঈশ্বৰৰ এই বাক্য মনত ৰাখক: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।” (যিচয়া ৪৮:১৭, ১৮) এই শব্দবোৰে আপোনাক কিমান উৎসাহিত কৰিব পাৰে, তাৰ বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে?

যিহোৱা ঈশ্বৰে আমাক এই পদবোৰৰ যোগেদি সোঁৱৰাই দিছে যে তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ বাবে আমাৰহে উপকাৰ হ’ব। যদি আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেনেহ’লে তেওঁ আমাক দুটা আশীৰ্বাদ দিব বুলি প্ৰতিজ্ঞা কৰিছে। প্ৰথমটো হৈছে, আমাৰ শান্তি নদীৰ নিচিনা শান্ত, পৰিপূৰ্ণ আৰু কেতিয়াও অন্ত নহ’ব। দ্বিতীয়টো হৈছে, আমাৰ ধাৰ্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হ’ব। যদি আপুনি সমুদ্ৰৰ তীৰত থিয় হৈ এটাৰ পাছত এটা আহি থকা ঢৌবোৰলৈ লক্ষ্য কৰে, তেতিয়া আপুনি অনুভৱ কৰিব যে এই ঢৌবোৰ কেতিয়াও শেষ নহ’ব। আপুনি নিশ্চিত যে এই ঢৌবোৰ অনন্ত কাললৈকে এইদৰে সমুদ্ৰৰ তীৰত খোন্দা মাৰি থাকিব। যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যদি আপুনি তেওঁৰ আজ্ঞাবোৰ পালন কৰে, তেনেহ’লে আপোনাৰ ধাৰ্ম্মিকতা অনন্ত কালৰ বাবে থাকিব। যেতিয়ালৈকে আপুনি যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবলৈ চেষ্টা কৰিব, তেতিয়ালৈকে তেওঁ আপোনাক লৰচৰ হ’বলৈ নিদিব। (গীতমালা ৫৫:২২ পঢ়ক।) যিহোৱা ঈশ্বৰৰ এই প্ৰতিজ্ঞাবোৰৰ ওপৰত ধ্যান কৰিলে, তেওঁৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু দৃঢ় নহয়নে?

‘পৰিপক্কতাৰ অৰ্থে আগবাঢ়ি যাওক’

৯, ১০. (ক) সত্য খ্ৰীষ্টান হিচাপে আমি সকলোৱে পৰিপক্ক হোৱাটো কিয় লক্ষ্য হোৱা উচিত? (খ) আধ্যাত্মিক দৃষ্টিভংগী ৰখা লোকসকলে কেনেকৈ জীৱনত আনন্দ লাভ কৰে?

আধ্যাত্মিক অৰ্থত ঘৰ নিৰ্মাণ কৰা কাৰ্য্যৰ দ্বিতীয় উপায় ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শব্দৰপৰা জানিবলৈ পাওঁ: “আহাঁ, . . . সিদ্ধিৰ [“পৰিপক্কতাৰ,” NW ] অৰ্থে আগ বাঢ়ি যাবলৈ যত্ন কৰোঁহঁক।” (ইব্ৰী ৬:১, ২) সত্য খ্ৰীষ্টান হিচাপে আমি সকলোৱে পৰিপক্ক হোৱাটো আমাৰ লক্ষ্য হোৱা উচিত। আজি সিদ্ধতা হোৱাটো কাৰো বাবে সম্ভৱ নহয়, কিন্তু আমি নিশ্চিতৰূপে এজন পৰিপক্ক ব্যক্তি হ’ব পাৰোঁ। এজন খ্ৰীষ্টানে যিমানেই পৰিপক্ক হৈ গৈ থাকিব ঈশ্বৰৰ সেৱাত তেওঁ আৰু আনন্দ লাভ কৰিবলৈ সক্ষম হ’ব। আমি এইদৰে কিয় ক’ব পাৰোঁ?

১০ এজন পৰিপক্ক খ্ৰীষ্টানে ঈশ্বৰৰ নিৰ্দেশনা অনুসৰি চলা ব্যক্তি হয়। তেওঁ সকলো বিষয়ত যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে লক্ষ্য ৰাখে। (যোহন ৪:২৩) পৌলে এইদৰে লিখিছিল: “মাংসৰ অনুসাৰে হোৱাবিলাকে মাংসিক বিষয় ভাবে; কিন্তু আত্মাৰ অনুসাৰে হোবাবিলাকে আত্মিক বিষয় ভাবে।” (ৰোমীয়া ৮:৫) শাৰীৰিক বিষয়বোৰৰ প্ৰতি দৃষ্টিভংগী ৰখা লোকসকলে ক্ষন্তেকৰ বাবেহে আনন্দ লাভ কৰে। কাৰণ তেওঁলোকৰ দৃষ্টিভংগী স্বাৰ্থপৰ, ভৱিষ্যতৰ বিষয়ে চিন্তা নকৰি কেৱল আজিৰ বিষয়ে চিন্তা কৰে আৰু জগতৰ বস্তুবোৰৰ ওপৰত ধ্যান দিয়ে। আনহাতে, আধ্যাত্মিক দৃষ্টিভংগী ৰখা লোকসকলে জীৱনত আনন্দ লাভ কৰে। কাৰণ তেওঁলোকে ‘পৰম-ধন্য ঈশ্বৰ’ যিহোৱাৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়ে। (১ তীমথিয় ১:১১) এজন আধ্যাত্মিক ব্যক্তিয়ে সদায় যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ চেষ্টা কৰে আৰু তাড়নাৰ সময়তো আনন্দিত হৈ থাকে। কিয় বাৰু? কাৰণ তাড়নাবোৰে চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰা আৰু স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰক আনন্দিত কৰাৰ এক সুযোগ প্ৰদান কৰে।—হিতোপদেশ ২৭:১১; যাকোব ১:২, ৩ পঢ়ক।

১১, ১২. (ক) পৌলে এজন সত্য খ্ৰীষ্টানৰ ‘জ্ঞানেন্দ্ৰিয়বোৰৰ’ বিষয়ে কি কৈছিল আৰু যি শব্দৰ অনুবাদ “নিপুণ” বুলি কৰা হৈছে, তাৰ অৰ্থ কি? (খ) পৰিপক্ক আৰু শাৰীৰিকভাৱে নিপুণ হোৱাৰ বাবে কেনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন?

১১ এজন ব্যক্তিয়ে আধ্যাত্মিকতা আৰু পৰিপক্কতা প্ৰশিক্ষণৰ মাজেদি আহৰণ কৰিব পাৰে। এই পদত লিখা শব্দবোৰলৈ ধ্যান দিয়ক: “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” (ইব্ৰী ৫:১৪) পৌলে যেতিয়া আমাৰ জ্ঞানেন্দ্ৰিয়বোৰক “নিপুণ” বা প্ৰশিক্ষণ দিয়াৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ এনে এক গ্ৰীক শব্দ ব্যৱহাৰ কৰিছিল, যিটো সম্ভৱত প্ৰথম শতিকাৰ গ্ৰীক দেশৰ শৰীৰ চৰ্চা কেন্দ্ৰবোৰত অথবা জিম্‌নেচিয়ামবোৰত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অনুবাদ ‘এজন শৰীৰ চৰ্চাকাৰীৰ নিচিনা প্ৰশিক্ষিত’ বুলিও কৰিব পাৰি। এনে প্ৰশিক্ষণত কি কি জড়িত আছে, তাৰ বিষয়ে ক্ষন্তেক চিন্তা কৰক।

এজন জিম্‌নেচটে অভ্যাসৰ দ্বাৰা নিজৰ শৰীৰক প্ৰশিক্ষিত কৰে

১২ আমি যেতিয়া জন্ম হৈছিলোঁ, তেতিয়া আমাৰ শৰীৰৰ অংগবোৰ কাম কৰাৰ বাবে প্ৰশিক্ষিত নাছিল। উদাহৰণস্বৰূপে, এটা কেঁচুৱাই তাৰ সৰু সৰু হাত-ভৰিবোৰৰ কাৰ্য্যৰ বিষয়ে ভালদৰে বুজি নাপায়। সেইবাবে, সি নিজৰ হাত-ভৰিবোৰ ইফালে-সিফালে কৰি থাকে আৰু কেতিয়াবা কেতিয়াবা নিজৰ মুখত লগাৰ বাবে আচৰিত হৈ কান্দিবলৈ ধৰে। কিন্তু লাহে লাহে কেঁচুৱাই হাত-ভৰিবোৰৰ সঠিক ব্যৱহাৰ কৰাৰ বিষয়ে প্ৰশিক্ষিত হৈ উঠে। ক্ৰমান্বয়ে কেঁচুৱাটোৱে আঁঠু কাঢ়িবলৈ শিকে, কেইমাহমানৰ পাছত খোজকাঢ়িবলৈ ধৰে আৰু দৌৰিবলৈ আৰম্ভ কৰে। কিন্তু এজন শৰীৰ চৰ্চাকাৰীৰ বা জিম্‌নেচটৰ বিষয়ে কি ক’ব পাৰি? আপুনি যেতিয়া এজন জিম্‌নেচটক নিজৰ ভাৰসাম্যতা বজাই ৰাখি, যিধৰণে কলা প্ৰদৰ্শন কৰা দেখে তেতিয়া আপোনাৰ মনত এই বিষয়ে কোনো সন্দেহ নাথাকে যে তেওঁৰ শৰীৰ এক যন্ত্ৰৰ নিচিনা। জিম্‌নেচটকজনৰ এই দক্ষতা এদিনতে হোৱা নাই। ইয়াৰ আঁৰত কঠিন পৰিশ্ৰম আৰু প্ৰশিক্ষণ জড়িত আছে। বাইবেলেও এই কথাত সন্মত যে শাৰীৰিক প্ৰশিক্ষণ “অলপ বিষয়ত লাভজনক।” কিন্তু আমাৰ জ্ঞানেন্দ্ৰিয়বোৰক ঈশ্বৰীয় বিষয়বোৰৰ বাবে প্ৰশিক্ষণ দিয়া ইয়াতকৈয়ো বেছি গুৰুত্বপূৰ্ণ।—১ তীমথিয় ৪:৮.

১৩. আমি আমাৰ ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তিক কেনেকৈ প্ৰশিক্ষণ দিব পাৰোঁ?

১৩ এই কিতাপখনত আমি এনে বহুতো বিষয় আলোচনা কৰিলোঁ, যিবোৰে আপোনাৰ জ্ঞানেন্দ্ৰিয় অৰ্থাৎ আপোনাৰ ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তিক প্ৰশিক্ষিত কৰিব পাৰে। ইয়ে আপোনাক সকলো বিষয় ঈশ্বৰৰ দৃষ্টিভংগীৰে চাবলৈ আৰু তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব। আপোনাৰ দৈনন্দিন জীৱনত নিৰ্ণয়বোৰ লোৱাৰ সময়ত ঈশ্বৰৰ সিদ্ধান্ত আৰু নিয়মবোৰ প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰক। প্ৰতিটো নিৰ্ণয় লোৱাৰ সময়ত নিজকে সোধক: ‘বাইবেলত ইয়াৰ বিষয়ে কি নিয়ম বা সিদ্ধান্ত দিয়া আছে? সেইবোৰ মই কেনেকৈ পালন কৰিব পাৰোঁ? মই কি কৰিলে স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰ আনন্দিত হ’ব?’ (হিতোপদেশ ৩:৫, ৬; যাকোব ১:৫ পঢ়ক।) এইদৰে লোৱা প্ৰতিটো নিৰ্ণয়ে আপোনাৰ ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তিক আৰু প্ৰশিক্ষিত কৰি তুলিব। এনেধৰণৰ প্ৰশিক্ষণে আপোনাক এজন আধ্যাত্মিক ব্যক্তি হৈ থাকিবলৈ সহায় কৰিব।

১৪. আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ হ’লে আমি কি গ্ৰহণ কৰিবলৈ আগ্ৰহী হোৱা উচিত আৰু আমি কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন?

১৪ পৰিপক্ক হোৱাৰ লক্ষ্যত উপনিত হ’ব পাৰি, কিন্তু আধ্যাত্মিকভাৱে উন্নতি কৰি থকাৰ কোনো সীমা নাই। শৰীৰৰ বৃদ্ধি, আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে পৌলে এইদৰে কৈছিল, “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে।” আপোনাৰ বিশ্বাস দৃঢ় কৰাৰ এটা উপায় হৈছে আধ্যাত্মিক টান আহাৰ গ্ৰহণ কৰা। যেতিয়া আপুনি শিকা বিষয়বোৰ ভালদৰে নিজৰ জীৱনত পালন কৰে, তেতিয়া তাক প্ৰজ্ঞা বুলি কোৱা হয়। বাইবেলে বৰ্ণনা কৰা অনুসৰি “প্ৰজ্ঞাই মূল বস্তু।” সেইবাবে, আমাৰ পিতৃ যিহোৱা ঈশ্বৰে দিয়া অমূল্য সত্যক ভোকাতুৰ লোকৰ নিচিনা আমি গ্ৰহণ কৰিবলৈ আগ্ৰহী হোৱা উচিত। (হিতোপদেশ ৪:৫-৭; ১ পিতৰ ২:২) নিঃসন্দেহ, আমি জ্ঞান আৰু ঈশ্বৰীয় প্ৰজ্ঞা আহৰণ কৰাৰ বাবে অহংকাৰী হোৱা উচিত নহয়। আমাৰ মনত যাতে অহংকাৰ বা আন কোনো দুৰ্বলতাই ঠাই নলয়, তাৰ বাবে আমি নিজকে নিয়মিতৰূপে পৰীক্ষা কৰা উচিত। ইয়াৰ বিষয়ে পৌলে সতৰ্ক কৰিছিল: “তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা।”—২ কৰিন্থীয়া ১৩:৫.

১৫. ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰাৰ বাবে প্ৰেমৰ কিয় প্ৰয়োজন?

১৫ এখন ঘৰৰ নিৰ্মাণ কাৰ্য্য হয়তো সম্পূৰ্ণ হ’ব পাৰে, কিন্তু ঘৰখনক ভালদৰে ৰাখিবলৈ তদাৰক আৰু মেৰামতি কৰি থকাৰ প্ৰয়োজন। পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ লগে লগে হয়তো ঘৰখনত আৰু কোঁঠালি বনোৱাৰ প্ৰয়োজন হ’ব পাৰে। পৰিপক্ক হ’বলৈ আৰু আমাৰ আধ্যাত্মিকতা বজাই ৰাখিবলৈ কিহৰ প্ৰয়োজন? আটাইতকৈ প্ৰয়োজনীয় বিষয় হৈছে প্ৰেম। যিহোৱা ঈশ্বৰ আৰু আমাৰ ভাই-ভনীসকলৰ প্ৰতি দিনক দিনে আমাৰ প্ৰেম গভীৰ কৰাৰ প্ৰয়োজন। যদি আমাৰ মাজত প্ৰেম নাই, তেনেহ’লে আমাৰ সকলো জ্ঞান আৰু আমি কৰা সকলো কাৰ্য্য মূল্যহীন হৈ পৰিব। এনেধৰণৰ কাৰ্য্য কেৱল অৰ্থ নথকা শব্দৰ দৰে হ’ব। (১ কৰিন্থীয়া ১৩:১-৩) প্ৰেমৰ যোগেদি আমি আধ্যাত্মিকভাৱে পৰিপক্ক হ’বলৈ আৰু ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক দৃঢ় কৰিবলৈ সক্ষম হ’ম।

যিহোৱা ঈশ্বৰে যি আশা দিছে তাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিয়ক

১৬. চয়তানে আমাৰ মনত কেনেধৰণৰ চিন্তাধাৰা উৎপন্ন কৰিব পাৰে আৰু যিহোৱা ঈশ্বৰে আমাৰ সুৰক্ষাৰ বাবে কি সঁজুলি দিছে?

১৬ আহক এতিয়া আমি ঘৰ নিৰ্মাণ কৰাৰ আৰু এটা উপায়ৰ বিষয়ে বিবেচনা কৰোঁ। যদি আপুনি নিজকে যীচু খ্ৰীষ্টৰ প্ৰকৃত অনুকাৰী হিচাপে গঢ়ি তুলিব বিচাৰে, তেনেহ’লে নিজৰ চিন্তাধাৰৰ বিষয়ে সতৰ্ক থকা উচিত। এই জগতৰ অধিপতি চয়তানে, লোকসকলৰ মনত বেয়া চিন্তা, নিৰাশ বা হতাশ হোৱা, কাৰোৰে ওপৰত বিশ্বাস কৰিব নোৱাৰা আৰু ভৱিষ্যতে কোনো আশা নাই আদি ভাৱনা উৎপন্ন কৰাত নিপুণ। (ইফিচীয়া ২:২) এনেধৰণৰ চিন্তা-ভাৱনা এজন খ্ৰীষ্টানৰ বাবে সিমানেই বিপদজনক হ’ব, যিমান ঘুণে খোৱা কাঠেৰে ঘৰ নিৰ্মাণ কৰিলে হ’ব। কিন্তু আনন্দৰ বিষয় যে যিহোৱা ঈশ্বৰে এনেধৰণৰ চিন্তাধাৰাৰপৰা আমাক সুৰক্ষা কৰিবলৈ এক গুৰুত্বপূৰ্ণ সঁজুলি দিছে আৰু সেয়া হৈছে আশা।

১৭. ঈশ্বৰৰ বাক্যই আশাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছে?

১৭ চয়তান আৰু এই জগতৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে কি কি আধ্যাত্মিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজন, তাৰ বিষয়ে বাইবেলে আমাক বৰ্ণনা কৰিছে। তাৰে ভিতৰত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈছে “পৰিত্ৰাণৰ আশা,” যিটো এটা টকয়া অৰ্থাৎ হেলমেটৰ দৰে হয়। (১ থিচলনীকীয়া ৫:৮) প্ৰাচীন কালত এজন সৈনিকে জানিছিল যে টকয়াৰ অবিহনে তেওঁ বহু সময়লৈকে যুদ্ধত তিষ্ঠি থাকিব নোৱাৰিব। প্ৰায়ে এই টকয়া ধাতুৰে তৈয়াৰ কৰা হৈছিল আৰু ইয়াক কাপোৰ বা চামৰাৰ টুপীৰ ওপৰত পিন্ধা হৈছিল। এই টকয়াই মূৰৰ আঘাত সহিব পাৰে আৰু মূৰত বেছি আঘাত পোৱাৰ পৰা ৰক্ষা কৰে। টকয়াই যেনেকৈ মূৰক সুৰক্ষা দিয়ে, তেনেকৈ আশাই আমাৰ মন আৰু চিন্তাধাৰাক সুৰক্ষা দিব পাৰে।

১৮, ১৯. আশাৰ ওপৰত ধ্যান দিয়াৰ বিষয়ে যীচুৱে কি এক উত্তম উদাহৰণ ৰাখিছে আৰু আমি কেনেকৈ তেওঁৰ উদাহৰণক অনুকৰণ কৰিব পাৰোঁ?

১৮ আশাৰ ওপৰত ধ্যান দিয়াৰ বিষয়ে যীচুৱে এক উত্তম উদাহৰণ ৰাখিছে। মনত পেলাওক যে জীৱনৰ শেষ ৰাতিত যীচুৱে কেনেধৰণৰ দুখ-কষ্টৰ সন্মুখীন হৈছিল। তেওঁৰ ঘনিষ্ট বন্ধুৱে ধনৰ লোভত তেওঁৰ লগত বিশ্বাসঘাতকতা কৰে। আন এজনে তেওঁক চিনি নোপোৱাৰ ভাও জুৰে। আন কিছুমান বন্ধুৱে তেওঁক ত্যাগ কৰে। আনকি তেওঁৰ নিজৰ দেশৰ লোকসকলে তেওঁৰ বিৰুদ্ধে থিয় দিয়ে আৰু শূলত যাতনা দিবলৈ ৰোমান সৈনিকসকলক গতাই দিয়ে। আমি ক’ব পাৰোঁ যে যীচু খ্ৰীষ্টই যি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল, আমি তেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’বও পাৰে। এই পৰিস্থিতিবোৰ সন্মুখীন হ’বলৈ তেওঁক কি কথাই সহায় কৰিছিল? ইব্ৰী ১২:২ পদে এইদৰে উত্তৰ দিছে: “তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ [“যাতনা স্তম্ভ,” NW ] যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।” যীচুৱে তেওঁৰ “আগত থকা আনন্দৰ” পৰা নিজৰ ধ্যান কেতিয়াও আঁতৰ কৰা নাছিল।

১৯ কি আনন্দৰ বাবে যীচুৱে আশা কৰিছিল? যীচুৱে জানিছিল যে সকলোবোৰ দুখ-কষ্ট সহন কৰাৰ যোগেদি তেওঁ যিহোৱা ঈশ্বৰৰ নাম পবিত্ৰ কৰাত সহযোগিতা আগবঢ়াব পাৰিব। চয়তান যে মিছলীয়া হয়, তাৰ প্ৰমাণ যীচুৱে দাঙি ধৰিব। আন কোনো আশাই তেওঁক এইদৰে আনন্দিত কৰা নাছিল। যীচুৱে এইটোও জানিছিল যে যদি তেওঁ শেষলৈকে বিশ্বাসী হৈ থাকে তেনেহ’লে যিহোৱা ঈশ্বৰে তেওঁক পুৰস্কাৰ দিব। কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত যীচুৱে সেই আশাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিছিল যে অতি সোনকালে তেওঁ পিতৃৰ লগত পুনৰ মিলিত হ’ব। আমিও এইদৰে কৰা উচিত। আমাৰ আগতো এক আনন্দ ৰখা হৈছে। যিহোৱা ঈশ্বৰে আমাৰ মাজৰ প্ৰতিজনকে তেওঁৰ নাম পবিত্ৰ কৰাৰ বাবে এক সুযোগ দিছে। যদি আমি যিহোৱা ঈশ্বৰৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰোঁ আৰু বিভিন্ন পৰীক্ষা আৰু প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ চেষ্টা কৰোঁ, তেনেহ’লে আমি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰিম।

২০. ভাল চিন্তা কৰিবলৈ আৰু আশাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিবলৈ কি কথাই আপোনাক সহায় কৰিব?

২০ যিহোৱা ঈশ্বৰে তেওঁৰ বিশ্বাসী সেৱকসকলক কেৱল পুৰস্কাৰ দিবলৈ ইচ্ছা কৰিছে এনে নহয়, কিন্তু তেওঁ এইদৰে কৰিবলৈ ব্যাকুল হৈ আছে। (যিচয়া ৩০:১৮; মলাখী ৩:১০ পঢ়ক।) ঈশ্বৰৰ ইচ্ছা অনুসৰি যেতিয়া তেওঁৰ সেৱকসকলে কিবা বিচাৰে, তেতিয়া তেওঁলোকৰ বাঞ্ছা পূৰ কৰিবলৈ তেওঁ আনন্দিত। (গীতমালা ৩৭:৪) গতিকে যি আশা আপোনাৰ আগত ৰখা হৈছে, তালৈ সম্পূৰ্ণ ধ্যান দিয়ক। চয়তানৰ এই জগতত থকা হীন মনোভাব, আওপকীয়া আৰু বেয়া চিন্তাধাৰাবোৰলৈ কেতিয়াও ধ্যান নিদিব। যদি আপুনি অনুভৱ কৰে যে এই দুষ্ট জগতৰ মনোভাবে আপোনাৰ হৃদয়ত ঠাই লৈছে, তেনেহ’লে “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” তাৰ বাবে প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ শান্তিয়ে আপোনাৰ হৃদয় আৰু ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তিক সুৰক্ষা দিব।—ফিলিপীয়া ৪:৬, ৭.

২১, ২২. (ক) ‘বৰ লোকসমূহে’ কি এক মহান আশাৰ বাবে বাট চাই আছে? (খ) সত্য খ্ৰীষ্টানসকলে যি বিষয়বোৰৰ ওপৰত আশা কৰে, সেইবোৰৰ ভিতৰত আপোনাক কোনটো বেছি ভাল লাগে? আপুনি কি কৰিবলৈ নিৰ্ণয় লৈছে?

২১ সঁচাকৈ, আমাৰ সকলোৰে আগত বহুতো আশা আছে। যদি আপুনি ‘বৰ লোকসমূহৰ’ এজন সদস্য হয়, তেনেহ’লে কল্পনা কৰকচোন, আপুনি “মহা-ক্লেশৰ পৰা” ওলাই অহাৰ পাছত আপোনাৰ জীৱন কিমান সুন্দৰ হ’ব। (প্ৰকাশিত বাক্য ৭:৯, ১৪) চয়তান আৰু দুষ্ট আত্মাৰ প্ৰভাৱ নথকাকৈ এক জীৱনৰ বিষয়ে কল্পনা কৰাটো, আজি হয়তো কঠিন হ’ব পাৰে। আমাৰ মাজত এনে কোন আছে, যিয়ে চয়তানৰপৰা অহা বিভিন্ন হেঁচাৰ সন্মুখীন হোৱা নাই? যেতিয়া চয়তানৰ হেঁচা নাথাকিব, তেতিয়া যীচু খ্ৰীষ্ট আৰু তেওঁৰ ১,৪৪,০০০ জন সহশাসকে দিয়া নিৰ্দেশনাৰ অনুসৰি, এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰা কাৰ্য্যত সহযোগিতা আগবঢ়োৱা কি যে আনন্দকৰ হ’ব। সকলো ধৰণৰ বেমাৰ-আজাৰ নাইকিয়া কৰা হ’ব। আমাৰ মৃত আপোনজনাক কবৰৰপৰা ওলাই অহাৰ সময়ত আমি তেওঁলোকক আদৰণি জনাবলৈ আগবাঢ়ি যাম। আৰম্ভণিতে ঈশ্বৰৰ উদ্দেশ্য যিধৰণে আছিল, সেইধৰণৰ জীৱন আমি পুনৰ ঘূৰাই পাম। এইবোৰৰ বিষয়ে ভাবি আমি কিমান যে আনন্দিত হওঁ। যেতিয়া আমি ক্ৰমান্বয়ে সিদ্ধতালৈ আগবাঢ়িম, তেতিয়া আৰু এটা পুৰস্কাৰৰ বাবে আশা কৰিব পাৰোঁ। সেই পুৰস্কাৰৰ বিষয়ে ৰোমীয়া ৮:২১ পদত এইদৰে বৰ্ণনা কৰিছে: “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি।”

২২ আপুনি এনে স্বাধীনতা লাভ কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে, যিটো আজি কল্পনা কৰা অসম্ভৱ। সেই স্বাধীনতা পোৱাটো আমি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ ওপৰত নিৰ্ভৰ কৰে। এনেধৰণৰ স্বাধীনতা পোৱাৰ বাবে আমি প্ৰতিদিনে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰাটো উচিত নহ’বনে? তেনেহ’লে আহক, আমি আমাৰ পৰম পবিত্ৰ বিশ্বাসত নিজকে দৃঢ় কৰি থাকোঁ, যাতে আমি চিৰকাললৈকে যিহোৱাৰ প্ৰেমত থাকিব পাৰোঁ!