অধ্যায় ৮
পৰিষ্কাৰ লোকক ঈশ্বৰে প্ৰেম কৰে
“তুমি শুচি লোকলৈ শুচি ব্যৱহাৰ কৰোঁতা।”—গীতমালা ১৮:২৬.
১-৩. (ক) এগৰাকী মাতৃয়ে নিজৰ সন্তান পৰিষ্কাৰকৈ আছে নে নাই তাক কিয় নিশ্চিত কৰে? (খ) যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক পৰিষ্কাৰকৈ থকাটো কিয় বিচাৰে আৰু আমি পৰিষ্কাৰ হৈ থাকিবলৈ আমাক কিহে অনুপ্ৰাণিত কৰে?
কল্পনা কৰক যে এগৰাকী মাতৃয়ে নিজৰ সন্তানক ফুৰাবলৈ লৈ যাবৰ বাবে সাজু কৰিছে। মাকে ল’ৰাজনক গা ধোৱাইছে আৰু পৰিষ্কাৰ কাপোৰ পিন্ধাইছে। তাই এই কথা ভালদৰে জানে যে পৰিষ্কাৰকৈ থকাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। মাকে ইয়াকো জানে যে যদি সন্তানে পৰিষ্কাৰকৈ থাকে, তেনেহ’লে লোকসকলে পিতৃ-মাতৃক প্ৰশংসা কৰিব।
২ যিহোৱা ঈশ্বৰ হৈছে আমাৰ পিতৃ আৰু আমি পৰিষ্কাৰকৈ থকাটো তেওঁ বিচাৰে। তেওঁৰ বিষয়ে বাইবেলত এইদৰে কৈছে, “তুমি শুচি লোকলৈ * (গীতমালা ১৮:২৬) ঈশ্বৰে আমাক প্ৰেম কৰে আৰু পৰিষ্কাৰকৈ থাকিলে আমাৰ যে উপকাৰ হ’ব তেওঁ ভালদৰে জানে। আমি ঈশ্বৰৰ সাক্ষী হিচাপে এই বিষয়ে ভাল উদাহৰণ ৰখাটো তেওঁ বিচাৰে। নিঃসন্দেহ, আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ভাল আচৰণ দেখি লোকসকলে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰিব। কিন্তু যদি আমি পৰিষ্কাৰকৈ নাথাকোঁ, তেনেহ’লে তেওঁৰ পবিত্ৰ নামৰ ওপৰত কলংক আহিব।—যিহিষ্কেল ৩৬:২২; ১ পিতৰ ২:১২ পঢ়ক।
শুচি ব্যৱহাৰ কৰোঁতা।”৩ যিহোৱা ঈশ্বৰে পৰিষ্কাৰ লোকক প্ৰেম কৰে আৰু সেইবাবে আমিও পৰিষ্কাৰ হৈ থাকিবলৈ প্ৰেৰণা পাওঁ। ঈশ্বৰক প্ৰেম কৰাৰ বাবে আমি আমাৰ জীৱন-ধাৰণৰ যোগেদি তেওঁৰ প্ৰতি সন্মান দেখুৱাব বিচাৰোঁ। ইয়াৰ লগতে আমি নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব বিচাৰোঁ। গতিকে আহক আমি পৰীক্ষা কৰি চাওঁ যে আমি কিয় পৰিষ্কাৰকৈ থকা উচিত, পৰিষ্কাৰকৈ থকাৰ অৰ্থ কি আৰু আমি কেনেকৈ পৰিষ্কাৰ হৈ থাকিব পাৰোঁ। এইদৰে আমি নিজকে পৰীক্ষা কৰাৰ যোগেদি জানিব পাৰিম যে কি কি বিষয়ত আমাৰ উন্নতি কৰাৰ প্ৰয়োজন আছে।
আমি কিয় পৰিষ্কাৰকৈ থকা উচিত?
৪, ৫. (ক) আমি পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈ থকাৰ মূল কাৰণ কি? (খ) যিহোৱা ঈশ্বৰৰ সৃষ্টিত আমি কেনেকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখিবলৈ পাওঁ?
৪ যিহোৱা ঈশ্বৰে নিজৰ উদাহৰণৰ যোগেদি আমাক শিক্ষা দিয়ে। তেওঁৰ বাক্যই আমাক উৎসাহিত কৰে: “তোমালোক ঈশ্বৰৰ অনুকাৰী হোৱা।” (ইফিচীয়া ৫:১) পবিত্ৰ হৈ থকাৰ মুখ্য কাৰণ হৈছে, আমি পবিত্ৰ ঈশ্বৰক উপাসনা কৰোঁ। সেইবাবে, আমি পবিত্ৰ বা পৰিষ্কাৰ থকা উচিত।—লেবীয়া পুস্তক ১১:৪৪, ৪৫ পঢ়ক।
৫ যিহোৱা ঈশ্বৰৰ বিভিন্ন গুণ আমি তেওঁৰ সৃষ্টিত দেখিবলৈ পাওঁ আৰু ঈশ্বৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাক কিমান গুৰুত্ব দিয়ে, তাক আমি তেওঁৰ ৰোমীয়া ১:২০) মানুহে বসবাস কৰিব পৰাকৈ ঈশ্বৰে পৃথিৱীখন পৰিষ্কাৰকৈ নিৰ্মাণ কৰিছে। পৃথিৱীৰ বায়ু আৰু পানী পৰিষ্কাৰ হৈ থাকিবলৈ ঈশ্বৰে পাৰিপাশ্বিক চক্ৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও এনে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱাণু সৃষ্টি কৰিছে, যিবোৰে পৰিষ্কাৰ বা স্বাস্থ্য বিভাগৰ দৰে কাৰ্য্য কৰে। এই জীৱাণুবোৰে আৱৰ্জনাবোৰক উপযোগী পদাৰ্থলৈ পৰিৱৰ্তন কৰে। স্বাৰ্থপৰ আৰু লুভীয়া লোকসকলে তেল বা অন্যান্য বস্তুৰে প্ৰদূষিত কৰা নদী আৰু পুখুৰীবোৰ পৰিষ্কাৰ কৰিবলৈ বিজ্ঞানীসকলে এই ভোকাতুৰ ক্ষুদ্ৰ অনুজীৱবোৰক ব্যৱহাৰ কৰিছে। নিঃসন্দেহ, ঈশ্বৰৰ এই সৃষ্টিয়ে প্ৰমাণ কৰে যে ‘পৃথিৱীৰ স্ৰজনকৰ্ত্তাৰ’ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ। (যিৰিমিয়া ১০:১২) আমিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।
সৃষ্টিৰপৰা বুজিব পাৰোঁ। (৬, ৭. মোচিৰ নিয়ম অনুসৰি যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকসকলে পৰিষ্কাৰ হৈ থকাটো কিয় প্ৰয়োজন আছিল?
৬ আমি পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈ থকাৰ আন এক কাৰণ হৈছে গোটেই বিশ্বৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক পৰিষ্কাৰকৈ থকাটো বিচাৰে। যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া নিয়মত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উপাসনাৰ মাজত ঘনিষ্ট সম্পৰ্ক আছিল। ঈশ্বৰৰ ব্যৱস্থা অনুসৰি প্ৰায়শ্চিত্তৰ দিনত মহাপুৰোহিতে এবাৰ নহয় দুবাৰকৈ গা ধোৱাৰ প্ৰয়োজন আছিল। (লেবীয়া পুস্তক ১৬:৪, ২৩, ২৪) যিহোৱা ঈশ্বৰক বলি উৎসৰ্গ কৰাৰ আগতে পুৰোহিতসকলে তেওঁলোকৰ হাত-ভৰি ভালদৰে ধোৱা উচিত আছিল। (যাত্ৰাপুস্তক ৩০:১৭-২১; ২ বংশাৱলি ৪:৬) ঈশ্বৰে দিয়া নিয়ম ব্যৱস্থাত প্ৰায় ৭০টা কাৰণ বৰ্ণনা কৰা হৈছে যাৰ দ্বাৰা এজন ইস্ৰায়েলীয়ে শাৰীৰিকভাৱে অশুচি হ’ব পাৰে। অশুচি অৱস্থাত এজন ইস্ৰায়েলীয়ে ঈশ্বৰৰ উপাসনাৰ লগত জড়িত থকা কোনো কামত অংশ গ্ৰহণ কৰিব নোৱাৰিছিল আৰু অংশগ্ৰহণ কৰাৰ বাবে কিছুমান লোকক মৃত্যুদণ্ড দিয়া হৈছিল। (লেবীয়া পুস্তক ১৫:৩১) যদি এজন ইস্ৰায়েলীয়ে শুচি হোৱাৰ নিয়মবোৰ পালন নকৰে, তেনেহ’লে তেওঁক “সমাজৰ মাজৰ পৰা উচ্ছন্ন কৰা” হৈছিল।—গণনাপুস্তক ১৯:১৭-২০.
মলাখী ৩:৬) যদি আমাৰ উপাসনা “শুদ্ধ আৰু নিৰ্ম্মল” নহয়, তেনেহ’লে ঈশ্বৰে ইয়াক কেতিয়াও গ্ৰহণ নকৰিব। (যাকোব ১:২৭) গতিকে, এই ক্ষেত্ৰত যিহোৱা ঈশ্বৰে আমাৰপৰা কি বিচাৰে তাক আমি জনাৰ প্ৰয়োজন আছে।
৭ বৰ্তমান সময়ত যদিও আমি মোচিৰ নিয়মৰ অধীনত নাই, তথাপিও ইয়াৰ বিষয়ত যিহোৱা ঈশ্বৰৰ চিন্তাধাৰা কি তাক উপলব্ধি কৰিবলৈ এই নিয়মে আমাক সহায় কৰে। এই নিয়ম অনুসৰি যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকসকলে পৰিষ্কাৰ হৈ থকাটো প্ৰয়োজন আছিল। যিহোৱা ঈশ্বৰৰ এতিয়াও পৰিৱৰ্তন হোৱা নাই। (ঈশ্বৰৰ দৃষ্টিত পৰিষ্কাৰকৈ থকাত কি কি জড়িত আছে
৮. যিহোৱা ঈশ্বৰে আমাক কি কি ক্ষেত্ৰত পৰিষ্কাৰ হৈ থকাটো বিচাৰে?
৮ বাইবেলৰ অনুসৰি পৰিষ্কাৰ থকাৰ অৰ্থ কেৱল শাৰীৰিকভাৱে পৰিষ্কাৰ হৈ থকাকে নুবুজায়। যদি আমি ঈশ্বৰৰ দৃষ্টিত পৰিষ্কাৰ হৈ থকাটো বিচাৰোঁ, তেনেহ’লে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পৰিষ্কাৰ হৈ থকাৰ প্ৰয়োজন। যিহোৱা ঈশ্বৰে আমাক চাৰিটা ক্ষেত্ৰত বিশেষকৈ পৰিষ্কাৰ হৈ থকাটো বিচাৰে। সেয়া হৈছে আধ্যাত্মিকভাৱে, নৈতিকভাৱে, মানসিকভাৱে আৰু শাৰীৰিকভাৱে। এই চাৰিটা ক্ষেত্ৰত কি কি জড়িত হৈ আছে আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ।
৯, ১০. আধ্যাত্মিকভাৱে পৰিষ্কাৰ হৈ থকাৰ অৰ্থ কি আৰু সত্য খ্ৰীষ্টানসকলে কিহৰ পৰা আঁতৰি থাকে?
৯ আধ্যাত্মিকভাৱে পৰিষ্কাৰ। এক কথাত ক’বলৈ গ’লে, আধ্যাত্মিকভাৱে পৰিষ্কাৰ হৈ থকাৰ অৰ্থ হৈছে সত্য উপাসনাৰ লগত মিছা উপাসনাক জড়িত নকৰা। ইস্ৰায়েলীসকলে বাবিল নগৰ ত্যাগ কৰি যিৰূচালেমলৈ উভতি যোৱাৰ সময়ত যিহোৱা ঈশ্বৰে তেওঁলোকক এই সতৰ্কবাণী দিছিল, “সেই ঠাইৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; . . . তোমালোক শুচি হোৱা।” (যিচয়া ৫২:১১) ইস্ৰায়েলীসকলে যিৰূচালেমলৈ উভতি অহাৰ প্ৰধান কাৰণ আছিল যিহোৱা ঈশ্বৰৰ উপাসনা পুনৰ আৰম্ভ কৰা। বাবিলৰ মিছা শিক্ষা আৰু পৰম্পৰাবোৰ যাতে সত্য উপাসনাৰ লগত কোনো প্ৰকাৰে জড়িত নহয় তাৰ বাবে ঈশ্বৰৰ উপাসনা শুদ্ধ বা পৰিষ্কাৰ হোৱাটো আৱশ্যক আছিল।
১০ মিছা ধৰ্মৰ লগত সত্য উপাসনাৰ যাতে মিহলি নহয় তাৰ বাবে বৰ্তমান সময়ত সত্য খ্ৰীষ্টান হিচাপে আমিও বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। (১ কৰিন্থীয়া ১০:২১ পঢ়ক।) এই বিষয়ে আমি সতৰ্ক হোৱা উচিত, কিয়নো মিছা ধৰ্মই আমাৰ চাৰিওফালে ব্যাপকৰূপে বিস্তাৰিত হৈ আছে। আজি বহুতো দেশত বিভিন্ন পৰম্পৰা, প্ৰথা আৰু এনেকুৱা কিছুমান কাম কৰা হয় যিবোৰ মিছা শিক্ষাৰ লগত জড়িত আছে, যেনে, মানুহৰ মৃত্যু হ’লে আত্মা জীৱিত থাকে। (উপদেশক ৯:৫, ৬, ১০) সত্য খ্ৰীষ্টানসকলে মিছা ধৰ্মৰ লগত জড়িত থকা পৰম্পৰাবোৰ পালন কৰাৰপৰা আঁতৰি থাকে। * সত্য উপাসনাৰ বাবে দিয়া বাইবেলৰ মানদণ্ডবোৰৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ আন লোকসকলে আমাৰ ওপৰত যিমানেই হেঁচা নিদিয়ক কিয়, আমি কেতিয়াও তেনে নকৰিম।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.
১১. নৈতিকভাৱে পৰিষ্কাৰ হৈ থকাৰ অৰ্থ কি আৰু এই ক্ষেত্ৰত পৰিষ্কাৰ হৈ থকাটো আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
১১ নৈতিকভাৱে পৰিষ্কাৰ। নৈতিকভাৱে পৰিষ্কাৰ হৈ থকাৰ অৰ্থ হৈছে যিকোনো ধৰণৰ যৌন অনৈতিক কাৰ্য্যৰপৰা আঁতৰি থকা। (ইফিচীয়া ৫:৫ পঢ়ক।) নৈতিকভাৱে পৰিষ্কাৰ হৈ থকাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই কিতাপৰ পৰৱৰ্তী অধ্যায়ত শিকিম যে ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আমি “ব্যভিচাৰৰ পৰা” আঁতৰি থকা উচিত। যিসকলে ব্যভিচাৰত লিপ্ত থাকে আৰু অনুতাপ নকৰে, তেওঁলোকে “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (১ কৰিন্থীয়া ৬:৯, ১০, ১৮) ঈশ্বৰৰ দৃষ্টিত এনে লোকসকলক “ঘিণলগীয়া” লোকৰ লগত জড়িত কৰা হৈছে। যদি তেওঁলোকে নৈতিকভাৱে পৰিষ্কাৰ হৈ নাথাকে, তেনেহ’লে তেওঁলোকে “নিজ নিজ ভাগ পাব, এয়ে দ্বিতীয় মৃত্যু।”—প্ৰকাশিত বাক্য ২১:৮.
১২, ১৩. আমাৰ চিন্তাধাৰা আৰু কাৰ্য্যবোৰৰ মাজত কি সম্পৰ্ক আছে? আমি মানসিকভাৱে কেনেকৈ পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?
মথি ৫:২৮; ১৫:১৮-২০) কিন্তু যদি আমাৰ মন আৰু হৃদয় ভাল চিন্তাধাৰাৰে পূৰ কৰোঁ, তেনেহ’লে মানসিকভাৱে পৰিষ্কাৰ হৈ থাকিবলৈ সক্ষম হ’ম। (ফিলিপীয়া ৪:৮ পঢ়ক।) আমি মানসিকভাৱে কেনেকৈ পৰিষ্কাৰ হৈ থাকিব পাৰোঁ? ইয়াৰ এটা উপায় হৈছে, আমি এনেধৰণৰ মনোৰঞ্জনৰপৰা আঁতৰি থকা, যিবোৰে আমাৰ চিন্তাধাৰাক ভ্ৰষ্ট কৰে। * ইয়াৰ উপৰিও আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি আমাৰ মন আৰু হৃদয়ক পৰিষ্কাৰ কৰি ৰাখিবলৈ সক্ষম হ’ম।—গীতমালা ১৯:৮, ৯.
১২ মানসিকভাৱে পৰিষ্কাৰ। আমাৰ চিন্তাধাৰাই আমাক কাৰ্য্য কৰিবলৈ পৰিচালিত কৰে। আমি যদি অসৎ চিন্তাধাৰাক আমাৰ মন আৰু হৃদয়ত স্থান দিওঁ, তেনেহ’লে এদিন নহয় এদিন আমিও অসৎ কাৰ্য্যত লিপ্ত হ’ব পাৰোঁ। (১৩ ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হ’লে আমি আধ্যাত্মিক, নৈতিক আৰু মানসিকভাৱে পৰিষ্কাৰ হৈ থকাটো অতি প্ৰয়োজন। এই তিনিটা দিশৰ বিষয়ে আন অধ্যায়বোৰত বিতংভাৱে আলোচনা কৰা হৈছে। আহক এতিয়া আমি চতুৰ্থ বিষয়টোৰ ওপৰত আলোচনা কৰোঁ আৰু সেয়া হৈছে শাৰীৰিকভাৱে পৰিষ্কাৰ।
আমি শাৰীৰিকভাৱে কেনেকৈ পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?
১৪. শাৰীৰিকভাৱে পৰিষ্কাৰকৈ থকাটো কিয় কেৱল ব্যক্তিগত বিষয় নহয়?
১৪ শাৰীৰিকভাৱে পৰিষ্কাৰ থকাত জড়িত আছে আমাৰ দেহ আৰু ঘৰৰ বাহিৰে-ভিতৰে পৰিষ্কাৰকৈ ৰখা। কিন্তু কিছুমানে হয়তো ক’ব পাৰে যে পৰিষ্কাৰ-পৰিচ্ছন্নতা থকাটো ব্যক্তিগত বিষয়, ইয়াৰ বিষয়ে আনে কোৱাৰ প্ৰয়োজন নাই। যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকসকলে এনেধৰণৰ মনোবৃত্তি নাৰাখে। আমি শিকিলোঁ যে পৰিষ্কাৰ-পৰিচ্ছন্নতা হৈ থকাটো ২ কৰিন্থীয়া ৬:৩, ৪) গতিকে প্ৰশ্ন হ’ব পাৰে যে আমি কেনেকৈ শাৰীৰিকভাৱে পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?
যিহোৱা ঈশ্বৰৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ। আমি কেৱল নিজৰ উপকাৰৰ বাবেহে পৰিষ্কাৰকৈ থাকোঁ এনে নহয়, কিন্তু আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে লোকসকলে যিহোৱা ঈশ্বৰৰ বিষয়ে মত পোষণ কৰিব। অনুগ্ৰহ কৰি আৰম্ভণিৰ উদাহৰণটোলৈ ধ্যান দিয়ক। সদায় লেতেৰাকৈ থকা বা পৰিপাটিকৈ কাপোৰ নিপিন্ধা ল’ৰাজনক দেখি আপুনি তাৰ পিতৃ-মাতৃৰ বিষয়ে কি ক’ব? ঠিক সেইদৰে, আমাৰ সাজ-পোছাক বা জীৱন-যাপন কৰাৰ পদ্ধতিয়ে আমাৰ পিতৃ যিহোৱা ঈশ্বৰৰ নাম কলংকিত কৰাটো বা ঘোষণা কৰা বাৰ্ত্তাত লোকসকলে মনোযোগ নিদিয়াটো আমি নিবিচাৰোঁ। ঈশ্বৰৰ বাক্যই এইদৰে উল্লেখ কৰিছে: “সেই পৰিচৰ্য্যা-পদ যেন কলঙ্কিত নহয়, এই নিমিত্তে আমি কোনো কথাত বিঘিনি নজন্মাওঁ; কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি” পৰিচয় দিওঁ। (১৫, ১৬. পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত কি জড়িত আছে? আমাৰ সাজ-পোছাক কেনে হোৱা উচিত?
১৫ আমাৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সাজ-পোছাক। প্ৰতিখন দেশৰ সংস্কৃতি আৰু জীৱন-প্ৰণালী বেলেগ বেলেগ। তথাপিও বেছিভাগ দেশত গা ধুবলৈ আৰু নিজৰ সন্তানক পৰিষ্কাৰ কৰি ৰাখিবলৈ চাবোন আৰু পানী যথেষ্ট পৰিমাণে পোৱা যায়। আহাৰ খোৱাৰ আগত বা খোৱা বস্তু লোৱাৰ আগত, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু কেঁচুৱাক পৰিষ্কাৰ কৰা বা ডাইপাৰ সলনি কৰাৰ পাছত চাবোনেৰে হাত ধোৱা আদি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত জড়িত আছে। চাবোন আৰু পানীৰে হাত ধোৱাৰ যোগেদি বেমাৰৰপৰা হাত হাৰিব পাৰি, আনকি নিজৰ জীৱনকো ৰক্ষা কৰিব পাৰি। ইয়াৰদ্বাৰা আমি ক্ষতিকাৰক বীজাণু আৰু বেক্টেৰিয়াক প্ৰতিৰোধ কৰিব পাৰিম আৰু ডাইৰিয়া সংক্ৰান্ত আদি ৰোগৰপৰা আঁতৰি থাকিবলৈ সক্ষম হ’ম। যিবোৰ ঠাইত মল-মূত্ৰ আদি নলাৰে প্ৰৱাহিত কৰাৰ কোনো ব্যৱস্থা নাই, তেনেবোৰ ঠাইত প্ৰাচীন ইস্ৰায়েলীসকলৰ দৰে মল ত্যাগ কৰাৰ পাছত মাটিত পুতি থোৱা উচিত।—দ্বিতীয় বিবৰণ ২৩:১২, ১৩.
১ তীমথিয় ২:৯, ১০ পঢ়ক।) আমি য’তেই নাথাকোঁ কিয়, আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যোগেদি “পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত” কৰিব বিচাৰোঁ।—তীত ২:১১.
১৬ আমাৰ সাজ-পোছাক পৰিষ্কাৰকৈ ৰাখিবলৈ নিয়মীয়াকৈ ধোৱাৰ প্ৰয়োজন। এজন খ্ৰীষ্টানৰ সাজ-পোছাক দামী বা আধুনিক হোৱাৰ প্ৰয়োজন নাই, কিন্তু পৰিষ্কাৰ আৰু শালীন হোৱা উচিত। (১৭. আমাৰ ঘৰ আৰু চাৰিওকাষ কিয় পৰিষ্কাৰকৈ ৰখা উচিত?
১৭ আমাৰ ঘৰ আৰু চাৰিওকাষ। আমাৰ ঘৰ হয়তো চকুত লগা বা ডাঙৰ অট্টালিকাৰ নিচিনা নহ’বও পাৰে, কিন্তু পৰিস্থিতি অনুসৰি ঘৰখন পৰিষ্কাৰকৈ ৰখা উচিত। ঠিক সেইদৰে, যদি আমি সভা আৰু ঘোষণা কাৰ্য্যৰ বাবে নিজৰ গাড়ী-মটৰ ব্যৱহাৰ কৰোঁ, তেনেহ’লে ইয়াৰ বাহিৰে-ভিতৰে পৰিষ্কাৰকৈ ৰাখিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰা উচিত। এটা কথা প্ৰকাশিত বাক্য ১১:১৮; লূক ২৩:৪৩) আমাৰ ঘৰ আৰু চাৰিওকাষ পৰিষ্কাৰ থকা দেখি লোকসকলে জানিব পাৰিব যে আমি এতিয়াৰে পৰা পৰিষ্কাৰকৈ থাকিবলৈ অভ্যাস কৰিছোঁ আৰু ইয়ে আমাক আহিবলগীয়া নতুন পৃথিৱীত বাস কৰিবলৈ সহায় কৰিব।
মনত ৰখা উচিত যে আমাৰ ঘৰ আৰু চাৰিওকাষৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই আমি উপাসনা কৰা ঈশ্বৰৰ বিষয়ে সাক্ষ্য দিয়ে। আমি লোকসকলক জনাওঁ যে যিহোৱা হৈছে পবিত্ৰ ঈশ্বৰ। সেইবাবে, ঈশ্বৰে “পৃথিবী নাশকবিলাকক নাশ” কৰিব আৰু তেওঁৰ ৰাজ্যই অতি সোনকালে এই পৃথিৱীখনক এক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। (১৮. আমাৰ ৰাজ্যগৃহৰ প্ৰতি আমি কেনেকৈ সন্মান দেখুৱাব পাৰোঁ?
১৮ আমাৰ উপাসনা কৰা ঠাই। ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক ৰাজ্যগৃহ অৰ্থাৎ উপাসনা কৰা ঠাইখনৰ প্ৰতি সন্মান কৰিবলৈ অনুপ্ৰাণিত কৰে। যেতিয়া নতুনকৈ অহা লোকসকলে আমাৰ ৰাজ্যগৃহটো দেখে, তেতিয়া তেওঁলোকে প্ৰভাৱিত হোৱাটো আমি বিচাৰোঁ। সেইবাবে, আমাৰ ৰাজ্যগৃহটো সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰাখিবলৈ নিয়মীয়াকৈ পৰিষ্কাৰ কৰা আৰু ভঙা-চিঙাবোৰ মেৰামতি কৰাৰ অতি প্ৰয়োজন। ৰাজ্যগৃহটো পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ আমি যি কাৰ্য্য কৰোঁ, তাৰদ্বাৰা ৰাজ্যগৃহৰ প্ৰতি আমি সন্মান দেখুৱাওঁ। আমাৰ ৰাজ্যগৃহ “মেৰামত কৰিবৰ আৰু দৃঢ় কৰিবৰ নিমিত্তে” আমি যি সময় অতিবাহিত কৰোঁ সেয়া এক সন্মানৰ বিষয়। (২ বংশাৱলি ৩৪:১০) এই সিদ্ধান্ত সন্মিলন গৃহ বা সন্মিলন আৰু অধিৱেশনৰ বাবে একত্ৰিত হোৱা ঠাইবোৰৰ ক্ষেত্ৰতো প্ৰয়োগ হয়।
বেয়া অভ্যাস আৰু কাৰ্য্যবোৰৰপৰা নিজকে শুচি কৰক
১৯. শাৰীৰিকভাৱে পৰিষ্কাৰ হৈ থাকিবলৈ আমি কি কৰাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত বাইবেলে আমাক কেনেকৈ সহায় কৰিব?
১৯ শাৰীৰিকভাৱে পৰিষ্কাৰ হৈ থাকিবলৈ আমি বেয়া অভ্যাস আৰু কাৰ্য্যবোৰৰপৰা দূৰে থকাটো প্ৰয়োজন। উদাহৰণস্বৰূপে, ধূমপান, অতিপাত মদ্যপান কৰা, মাদক দ্ৰব্য সেৱন কৰা আদি। বৰ্তমান সময়ত সাধাৰণ বুলি
গণ্য কৰা বেয়া অভ্যাস আৰু ঘৃণনীয় কাৰ্য্যবোৰৰ তালিকা বাইবেলত বিতংভাৱে উল্লেখ কৰা নাই। কিন্তু ইয়াত কিছুমান সিদ্ধান্ত উল্লেখ কৰা হৈছে, যাৰ যোগেদি যিহোৱা ঈশ্বৰে এই অভ্যাসবোৰৰ বিষয়ে কেনে অনুভৱ কৰে তাৰ বিষয়ে আমি জানিবলৈ সক্ষম হ’ম। যেতিয়া আমি যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগীৰ বিষয়ে জানিব পাৰিম, তেতিয়া তেওঁৰ প্ৰতি থকা প্ৰেমে আমাক সেই অনুসৰি কাৰ্য্য কৰিবলৈ অনুপ্ৰাণিত কৰিব। আহক এতিয়া আমি পাঁচটা শাস্ত্ৰীয় সিদ্ধান্তৰ বিষয়ে আলোচনা কৰোঁ।২০, ২১. আমি কেনেধৰণৰ অভ্যাসৰপৰা আঁতৰি থকাটো যিহোৱা ঈশ্বৰে বিচাৰে? আমি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ গুৰুত্বপূৰ্ণ কাৰণ কি?
২০ “এই হেতুকে, হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহক।” (২ কৰিন্থীয়া ৭:১) আমাৰ শৰীৰক অশুচি কৰা আৰু মনক কলুষিত কৰা বেয়া অভ্যাসবোৰৰপৰা আমি আঁতৰি থকাটো যিহোৱা ঈশ্বৰে বিচাৰে। সেইবাবে, শাৰীৰিক আৰু মানসিকভাৱে ক্ষতি কৰিব পৰা সকলো ধৰণৰ নিচাযুক্ত অভ্যাস আমি ত্যাগ কৰা উচিত।
২১ আমি কিয় “সকলো মলৰ পৰা নিজক শুচি কৰি” ৰখা উচিত তাৰ এক গুৰুত্বপূৰ্ণ কাৰণ বাইবেলে বৰ্ণনা কৰিছে। ২ কৰিন্থীয়া ৭:১ পদৰ আৰম্ভণিত কি কৈছে তালৈ লক্ষ্য কৰক: “এই হেতুকে, হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত।” এই প্ৰতিজ্ঞাবোৰনো কি? ইয়াৰ আগৰ পদত যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে: “মই তোমালোকক গ্ৰহণ কৰিম, আৰু তোমালোকৰ পিতৃ হম।” (২ কৰিন্থীয়া ৬:১৭, ১৮) ক্ষন্তেকৰ বাবে কল্পনা কৰক: এজন পিতৃয়ে যিদৰে নিজৰ ল’ৰা-ছোৱালীক প্ৰেম কৰে আৰু সুৰক্ষা দিয়ে, ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও আপোনাক প্ৰেম কৰিব আৰু সুৰক্ষা দিব বুলি প্ৰতিজ্ঞা কৰিছে। কিন্তু যিহোৱা ঈশ্বৰে তেতিয়াহে তেওঁৰ এই প্ৰতিজ্ঞা পূৰ কৰিব যেতিয়া আপুনি ‘শৰীৰ আৰু আত্মাক’ অশুচি কৰা কাৰ্য্যবোৰৰপৰা দূৰে থাকিব। যদি বেয়া অভ্যাস আৰু কাৰ্য্যবোৰৰ বাবে যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্ক বিচ্ছিন্ন হয়, তেনেহ’লে ই এক মুৰ্খতাৰ কাম নহ’বনে?
২২-২৫. বেয়া অভ্যাস আৰু কাৰ্য্যবোৰৰপৰা আঁতৰি থাকিবলৈ বাইবেলৰ কোনবোৰ সিদ্ধান্তই আমাক সহায় কৰিব?
মথি ২২:৩৭) সকলো আজ্ঞাৰ ভিতৰত এই আজ্ঞাটোকে প্ৰধান আজ্ঞা বুলি যীচু খ্ৰীষ্টই কৈছিল। (মথি ২২:৩৮) যিহোৱা ঈশ্বৰে আমাৰ পৰা এনে প্ৰেম পোৱাৰ যোগ্য। সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ বাবে আমি এনে অভ্যাসবোৰৰ পৰা আঁতৰি থকা উচিত যিবোৰে আমাৰ জীৱনক বিপদত পেলাব পাৰে বা চিন্তা কৰা শক্তিক নাইকিয়া কৰিব পাৰে।
২২ “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (২৩ “তেৱেঁই [যিহোৱা] সকলোকে জীৱন, নিশ্বাস, আৰু আটাই বস্তু দিয়ে।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৪, ২৫) জীৱন হৈছে ঈশ্বৰৰ পৰা পোৱা এক উপহাৰ। আমি ঈশ্বৰক প্ৰেম কৰাৰ বাবে, তেওঁ দিয়া উপহাৰৰ প্ৰতি সন্মান দেখুৱাব বিচাৰোঁ। আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰ যিকোনো অভ্যাস বা কাৰ্য্যবোৰ ত্যাগ কৰোঁ। কিয়নো আমি জানোঁ যে এনেধৰণৰ কাৰ্য্যবোৰে জীৱন দিওঁতা ঈশ্বৰক অসন্মান কৰে।—গীতমালা ৩৬:৯.
২৪ “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৯) বেয়া অভ্যাস আৰু কাৰ্য্যবোৰে কেৱল কৰোঁতাজনৰ ক্ষতি কৰে এনে নহয়, কিন্তু তেওঁৰ ওচৰে-পাঁজৰে থকা লোকসকলৰো ক্ষতি কৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে খোৱা চিগাৰেটৰ পৰা ওলোৱা ধোৱাই চিগাৰেট নোখোৱা লোকসকলৰ ক্ষতি কৰে। নিজৰ ওচৰে-পাঁজৰে থকা লোকসকলৰ ক্ষতি কৰা এজন ব্যক্তিয়ে, চুবুৰীয়াক প্ৰেম কৰিবলৈ ঈশ্বৰে দিয়া আজ্ঞাক উলংঘন কৰে। এনে ব্যক্তিয়ে ঈশ্বৰক প্ৰেম কৰোঁ বুলি দাবী কৰা কথাষাৰ সত্য নহয়।—১ যোহন ৪:২০, ২১.
২৫ ‘আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।’ (তীত ৩:১) কিছুমান দেশত ব্যক্তিগতভাৱে যিকোনো ধৰণৰ মাদক দ্ৰব্য ৰখা বা ব্যৱহাৰ কৰাটো আইন বিৰোধী কাৰ্য্য। সত্য খ্ৰীষ্টান হিচাপে আমি অবৈধ মাদক দ্ৰব্য নাৰাখোঁ বা ব্যৱহাৰো নকৰোঁ।—ৰোমীয়া ১৩:১.
২৬. (ক) ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আমি কি কৰাৰ প্ৰয়োজন? (খ) ঈশ্বৰৰ দৃষ্টিত পৰিষ্কাৰ হৈ থকাটো কিয় জীয়াই থকাৰ এক উত্তম উপায়?
* আচলতে এয়াই হৈছে জীয়াই থকাৰ এক উত্তম উপায়। যিহোৱা ঈশ্বৰে সদায় আমাৰ লাভৰ বাবে শিক্ষা দিয়ে। (যিচয়া ৪৮:১৭ পঢ়ক।) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখি লোকসকলে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰে আৰু ইয়ে আমাক আনন্দ দিয়ে। এনে কৰাৰ দ্বাৰা আমি নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ সক্ষম হওঁ।
২৬ ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হ’লে আমি কেৱল এটা বা দুটা বিষয়তে নহয়, কিন্তু সকলো বিষয়তে পৰিষ্কাৰ হৈ থকাটো প্ৰয়োজন। বেয়া অভ্যাস আৰু অশুচি কাৰ্য্যবোৰ ত্যাগ কৰাটো ইমান সহজ নহয়, কিন্তু ই অসম্ভৱো নহয়।^ অনু. 2 ইব্ৰী ভাষাত “শুচি” শব্দৰ অৰ্থ নৈতিক বা আধ্যাত্মিকভাৱে পৰিষ্কাৰ থকাৰ উপৰিও শাৰীৰিকভাৱে পৰিষ্কাৰ থকা।
^ অনু. 10 সত্য খ্ৰীষ্টানসকলে আঁতৰি থকা কেইটামান নিৰ্দিষ্ট উৎসৱ আৰু প্ৰথাৰ বিষয়ে জানিবলৈ এই কিতাপৰ ১৩ অধ্যায়ত চাওক।
^ অনু. 12 হিতকৰ মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব পাৰি, তাৰ বিষয়ে এই কিতাপৰ ৬ অধ্যায়ত আলোচনা কৰা হৈছে।
^ অনু. 26 “ যি উচিত তাক কৰিবলৈ মই সংঘৰ্ষ কৰোঁনে?” আৰু “ ঈশ্বৰৰ সকলো সাধ্য” নামৰ বক্সত চাওক।
^ অনু. 67 নাম সলনি কৰা হৈছে।