১২
এজন সাহসী ডেকা
আহাঁ, আমি এজন ডেকা লʼৰাৰ বিষয়ে শিকোঁ যিয়ে নিজৰ মোমাইয়েকৰ জীৱন ৰক্ষা কৰিছিল। মোমাইয়েকজন হৈছে পাঁচনি পৌল। আমি সেই ডেকাজনৰ নাম নাজানোঁ, কিন্তু তেওঁ যে সাহসী আছিল সেয়া আমি জানোঁ। তেওঁ সাহসেৰে কি কাম কৰিছিল, তুমি জানিব বিচাৰানে?—
পৌল যিৰূচালেমত বন্দী হৈ আছিল। যীচুৰ বিষয়ে ঘোষণা কাৰ্য্য কৰাৰ বাবে তেওঁক বন্দী কৰা হৈছিল। কিছুমান দুষ্টলোকে পৌলক ঘৃণা কৰিছিল আৰু সেইবাবে তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁলোকে কৈছিল: ‘আহাঁ, আমি পৌলক মহাসভাত উপস্থিত কৰাবলৈ সেনাধ্যক্ষক কওঁ। মহাসভালৈ পৌলক লৈ যোৱাৰ সময়ত, আমি বাটৰ কাষত লুকাই থাকি তাক হত্যা কৰিম।’
পৌলৰ ভাগিনজনে এই ষড়যন্ত্ৰৰ বিষয়ে শুনিবলৈ পালে। তেওঁ এতিয়া কি কৰিব? তেওঁ শুনাৰ লগে লগে বন্দীশাললৈ গʼল আৰু পৌলক সকলো কথা কʼলে। পৌলে তেওঁক এই ষড়যন্ত্ৰৰ বিষয়ে সেনাধ্যক্ষক জনাবলৈ কʼলে। তুমি কি ভাবা, এই বিষয়ে পৌলৰ ভাগিনজনে সেনাধ্যক্ষক জনোৱাটো সহজ আছিলনে?— ই সহজ নাছিল। কিয়নো তেওঁ এটা বিশাল সৈন্য-বাহিনীৰ অধ্যক্ষ আছিল। কিন্তু পৌলৰ ভাগিনজন সাহসী আছিল আৰু তেওঁ সেনাধ্যক্ষজনৰ আগত সকলো কথা বৰ্ণনা কৰিলে।
এই বিষয়ে কি কৰিব লাগে সেনাধ্যক্ষজনে ভালদৰে জানে। তেওঁ পৌলক সুৰক্ষা দিবলৈ প্ৰায় ৫০০ জন সৈনিকৰ ব্যৱস্থা কৰিলে। সেই নিশা কৈচৰিয়া নামৰ ঠাইখনলৈ পৌলক লৈ যাবলৈ সেনাধ্যক্ষজনে সৈনিকসকলক আদেশ দিলে। পৌলৰ জীৱন ৰক্ষা পৰিলনে?— হয়, ৰক্ষা পৰিল। দুষ্ট লোকসকলে তেওঁক হত্যা কৰিব নোৱাৰিলে। তেওঁলোকৰ ষড়যন্ত্ৰ বিফল হʼল।
এই কাহিনীৰপৰা তুমি কি শিকিলা?— তুমিও পৌলৰ ভাগিনজনৰ দৰে সাহসী হʼব পাৰিবা। আমি যিহোৱা ঈশ্বৰৰ বিষয়ে আনক সাহসেৰে জনোৱা উচিত। তুমিও সাহসেৰে যিহোৱা ঈশ্বৰৰ বিষয়ে আনক জনাবানে?— যদি এইদৰে কৰা, তেনেহʼলে তুমিও কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰিবা।