Skip to content

Skip to table of contents

প্ৰশ্ন ১

মই কোন হওঁ?

মই কোন হওঁ?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ

যদি আপুনি কেনেধৰণৰ ব্যক্তি আৰু কি বিশ্বাস কৰে তাৰ বিষয়ে ভালদৰে জানে, তেনেহ’লে বেয়া কাম কৰিবলৈ চাপ অহাৰ সত্বেও আপুনি সঠিক নিৰ্ণয় ল’ব পাৰিব।

আপুনি কি কৰিব?

কল্পনা কৰক: কবিতাই এটা পাৰ্টীলৈ অহা ১০ মিনিটো হোৱা নাই, পাছফালৰপৰা এক পৰিচিত মাত তাই শুনিবলৈ পালে।

“তুমি ইয়াত থিয় হৈ কি কৰিছা?”

কবিতাই পিছলৈ ঘূৰি তাইৰ বান্ধৱী ৰিচাক দেখিলে। তাইৰ হাতত দুবটল মদ আছে। মদৰ এটা বটল কবিতালৈ আগবঢ়াই ৰিচাই ক’লে, “তুমি এতিয়া ডাঙৰ হ’লা, এইটো খালে একো নহয়। লোৱা।”

কবিতাই মানা কৰিব বিচাৰিছে, কিন্তু ৰিচাক নিৰাশ কৰিবও বিচৰা নাই। যিকি নহওক ৰিচা তাইৰ ভাল বান্ধৱী। সেইবাবে ৰিচাই তাইক বৰিং বুলি ভবাটোও বিচৰা নাই। তাই বিশ্বাস কৰে যে ৰিচা এজনী ভাল ছোৱালী। যদি তাই মদ খাব পাৰিছে, তেনেহ’লে মদ খোৱাটো কোনো বেয়া নহ’ব। তাই নিজকে নিজে কয়, ‘ই কেৱল মদহে, কোনো ড্ৰাগচটো নহয়।’

যদি আপুনি কবিতাৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

এনে পৰিস্থিতিত সঠিক নিৰ্ণয় লোৱাৰ বাবে আপুনি নিজৰ বিষয়ে জনা অতি প্ৰয়োজন। অৰ্থাৎ আপোনাৰ নিজৰ পৰিচয় কি? নিজৰ পৰিচয় বুলি কোৱাৰ অৰ্থ হৈছে এনে এক অনুভূতি, যিয়ে আপোনাক বুজিবলৈ সহায় কৰিব যে আপুনি কোন হয় আৰু কি মানদণ্ড অনুসৰি আপুনি চলে। যদি আপুনি নিজকে ভালদৰে চিনি পায়, তেনেহ’লে আন লোকসকলে আপোনাৰ বাবে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে, আপুনি নিজৰ নিৰ্ণয় নিজে ল’ব পাৰিব।—১ কৰিন্থীয়া ৯:২৬, ২৭.

আপুনি এনেধৰণৰ আত্মবিশ্বাস কেনেকৈ বিকশিত কৰিব? পৰৱৰ্তী প্ৰশ্নবোৰে আপোনাক সহায় কৰিব।

১ মোৰ মাজত কি দক্ষতা আছে?

নিজৰ যোগ্যতা আৰু ভাল গুণবোৰ চিনাক্ত কৰাৰ যোগেদি আপোনাৰ আত্মবিশ্বাস বাঢ়িব।

পবিত্ৰ শাস্ত্ৰৰপৰা উদাহৰণ: পৌল নামৰ যীচুৰ এজন শিষ্যই এইদৰে লিখিছিল, “যদিও মই বক্তৃতাত সামান্য হওঁ, তথাপি জ্ঞানত হলে সামান্য নহওঁ।” (২ কৰিন্থীয়া ১১:৬) পৌলে শাস্ত্ৰৰ বিষয়বোৰ ভালদৰে বুজি পাইছিল। সেইবাবে আন লোকসকলে প্ৰত্যাহ্বান জনোৱাৰ সত্বেও তেওঁ স্থিৰে আছিল। পৌলে বিভিন্ন ধৰণৰ চাপৰ সন্মুখীন হোৱাৰ সত্বেও নিজৰ আত্মবিশ্বাস হেৰুৱা নাছিল।—২ কৰিন্থীয়া ১০:১০; ১১:৫.

নিজকে পৰীক্ষা কৰক: আপুনি কিহত নিপুণ বা দক্ষ, তাৰ বিষয়ে লিখক।

আপোনাৰ এটা বিশেষ গুণৰ বিষয়ে বৰ্ণনা কৰক। (উদাহৰণস্বৰূপে, আপুনি আনৰ যত্ন লয়নে? আপুনি উদাৰ মনৰ ব্যক্তিনে? আপোনাক নিৰ্ভৰ কৰিব পাৰিনে? আপুনি সময় অনুসৰি কাৰ্য্য কৰা ব্যক্তিনে?)

২ মোৰ দুৰ্বলতাবোৰ কি কি?

এডাল শিকলিৰ জোৰাবোৰ যদি দুৰ্বল হয়, তেনেহ’লে শিকলিডাল চিঙাৰ সম্ভাৱনা বেছি। ঠিক সেইদৰে, যদি আপোনাৰ দুৰ্বলতাবোৰে আপোনাৰ জীৱনক নিয়ন্ত্ৰণ কৰে, তেনেহ’লে আপুনি সহজতে বিপদত পৰিব পাৰে।

পবিত্ৰ শাস্ত্ৰৰপৰা উদাহৰণ: পৌলে নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে ভালদৰে জানিছিল। তেওঁ এইদৰে লিখিছিল, “মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ। কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰতঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰতঙ্গবোৰত দেখোঁ।”—ৰোমীয়া ৭:২২, ২৩.

নিজকে পৰীক্ষা কৰক: আপোনাৰ কি কি দুৰ্বলতাক আপুনি দমন কৰিব বিচাৰে?

৩ মোৰ জীৱনৰ লক্ষ্য কি?

আপুনি এখন টেক্সিত উঠি ড্ৰাইভাৰজনক গাড়ীৰ তেল শেষ নোহোৱালৈকে চলাই থাকিবলৈ ক’ব নেকি? নক’ব। কিয়নো এইদৰে কৰাটো মূৰ্খতাৰ কাম হ’ব আৰু টকা-পইচাৰো খৰচ হ’ব।

এই উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? যদি আমাৰ জীৱনত কোনো লক্ষ্য নাথাকে তেনেহ’লে আমি পথভ্ৰষ্ট হ’ব পাৰোঁ। কিন্তু নিৰ্দিষ্ট লক্ষ্য থাকিলে আমি জানিব পাৰিম যে আমাক ক’ত যাব লাগে আৰু তাত উপস্থিত হ’বলৈ কি কৰিব লাগে।

পবিত্ৰ শাস্ত্ৰৰপৰা উদাহৰণ: পৌলে এইদৰে লিখিছিল, “মই লৰ মাৰোঁ, কিন্তু লক্ষ নকৰাকৈ নহয়।” (১ কৰিন্থীয়া ৯:২৬) পৌলে জীৱনৰ সোঁতত নিজকে বৈ যাবলৈ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ জীৱনত কিছুমান লক্ষ্য ৰাখিছিল আৰু সেই অনুসৰি কাৰ্য্য কৰিবলৈ চেষ্টা কৰিছিল।—ফিলিপীয়া ৩:১২-১৪.

নিজকে পৰীক্ষা কৰক: অহা বছৰ পূৰ কৰিব বিচৰা আপোনাৰ তিনিটা লক্ষ্যৰ বিষয়ে লিখক।

৪ মোৰ দৃঢ়বিশ্বাস কিহৰ ওপৰত আছে?

যেতিয়া আপুনি নিজৰ মানদণ্ড অনুসৰি চলি থাকিব, তেতিয়া আপুনি প্ৰচণ্ড ধুমুহাৰ সময়ত স্থিৰে থকা এজোপা গছৰ নিচিনা হ’ব

আপোনাৰ নিজৰ ওপৰত দৃঢ়বিশ্বাস নাথাকিলে, আপুনি নিৰ্ণয় লোৱাত কঠিন হ’ব। নাইপিয়াই নিজৰ ৰং সলনি কৰাৰ দৰে আপুনিও আপোনাৰ সমনীয়াৰ চাপত পৰি তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি এইদৰে কৰে, তেনেহ’লে আপোনাৰ নিজৰ কোনো পৰিচয় নাথাকিব।

আনহাতে, যেতিয়া আপোনাৰ কাৰ্য্যবোৰ দৃঢ়বিশ্বাসেৰে হ’ব, তেতিয়া আনে যিয়ে নকওক কিয় আপুনি নিজৰ পৰিচয় বজায় ৰাখিব।

পবিত্ৰ শাস্ত্ৰৰপৰা উদাহৰণ: ভৱিষ্যতবক্তা দানিয়েল পৰিয়ালৰপৰা বহু দূৰৈত আছিল। কিন্তু তেওঁ কিশোৰ অৱস্থাৰ পৰাই যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰিবলৈ “বৰ চিন্তা” কৰিছিল। (দানিয়েল ১:৮) এইদৰে কৰাৰ দ্বাৰা তেওঁ নিজৰ বিশ্বাসত দৃঢ় আছিল। দানিয়েলে নিজৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিছিল।

নিজকে পৰীক্ষা কৰক: আপুনি কি বিশ্বাস কৰে? ঈশ্বৰ আছে বুলি আপুনি বিশ্বাস কৰেনে? যদি আছে বুলি ভাবে তেনেহ’লে কিয়? কি প্ৰমাণৰ দ্বাৰা আপুনি বিশ্বাস কৰে যে ঈশ্বৰ আছে?

ঈশ্বৰে দিয়া নৈতিক মানদণ্ডবোৰ আপোনাৰ লাভৰ বাবে হয় বুলি আপুনি বিশ্বাস কৰেনে? যদি কৰে তেনেহ’লে কিয়?

নিজকে সোধক। আপুনি কাৰ দৰে হ’ব বিচাৰে, সাধাৰণ এজাক বতাহতে উৰি ফুৰা এখিলা পাতৰ দৰে, নে প্ৰচণ্ড ধুমুহাতো স্থিৰে থাকিব পৰা এজোপা গছৰ দৰে? আপুনি নিজৰ পৰিচয় বজায় ৰাখক। তেতিয়া আপুনি স্থিৰে থকা গছজোপাৰ নিচিনা হ’ব আৰু মই কোন হওঁ, এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আপোনাক সহায় কৰিব।