প্ৰশ্ন ২
মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় চিন্তিত?
আপুনি কি কৰিব?
কল্পনা কৰক: যেতিয়াই জুলিয়াই নিজকে আইনাখনত চায়, তাই শকত হোৱা যেন অনুভৱ কৰে। তাই নিজকে কয়, “মই শকত হৈছোঁ, মোৰ অলপ ওজন কমাব লাগিব।” আনহাতে তাইৰ পিতৃ-মাতৃ আৰু বান্ধৱীসকলে তাইক “শুকান খৰিডালৰ” নিচিনা বুলি কয়।
কেইদিনমানৰপৰা জুলিয়াই ভাবিবলৈ ধৰিলে যে যিকোনো উপায়েৰে নিজৰ ওজন “কেই কেজিমান” কমাব লাগিব। তাইক কেৱল কেইদিনমান ভোকত থকাৰ প্ৰয়োজন আছে . . .
যদি আপুনিও জুলিয়াৰ দৰে চিন্তা কৰিছে, তেনেহʼলে আপুনি কি কৰিব?
ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!
আপুনি নিজৰ ৰূপ আৰু গঠনৰ বিষয়ে চিন্তা কৰাটো কোনো ভুল নহয়। আনকি পবিত্ৰ শাস্ত্ৰতো কিছুমান পুৰুষ আৰু তিৰোতাৰ সৌন্দৰ্য্যতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তাৰে ভিতৰত কেইজনমান হৈছে, চাৰা, ৰাহেল, অবীগল, যোচেফ আৰু দায়ূদ। পবিত্ৰ শাস্ত্ৰই অবীচগ নামৰ এগৰাকী তিৰোতাৰ সৌন্দৰ্য্যতাৰ বিষয়ে বৰ্ণনা কৰি কৈছে যে তাই দেখাত, “অতিশয় সুন্দৰী আছিল।”—১ ৰাজাৱলি ১:৪.
কিন্তু বহুতো কিশোৰ-কিশোৰীয়ে নিজৰ ৰূপ আৰু গঠনৰ বিষয়ে বেছিকৈ চিন্তা কৰা দেখা যায়। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। নিম্নলিখিত বিষয়বোৰলৈ ধ্যান দিয়ক:
-
এটা অনুসন্ধানৰ যোগেদি জানিব পৰা গৈছে যে ৫৮ শতাংশ ছোৱালীয়ে নিজকে শকত বুলি দাবী কৰে, কিন্তু প্ৰকৃততে কেৱল ১৭ শতাংশ ছোৱালীৰহে ওজন বেছি।
-
আন এক অনুসন্ধানৰ যোগেদি জানিব পৰা গৈছে যে ৪৫ শতাংশ তিৰোতাৰ ওজন একেবাৰে কম, কিন্তু তেওঁলোকে নিজকে বৰ শকত বুলি ভাবে।
-
নিজৰ ওজন কমোৱাৰ বাবে কিছুমান কিশোৰীয়ে এনʼৰেক্সিয়া নামৰ বেমাৰত ভুগিছে। পাতল হোৱাৰ মনোবৃত্তিৰ বাবে তেওঁলোকে খোৱা-বোৱা বন্ধ কৰি দিয়ে বা একেবাৰে কম কৰি দিয়ে।
হিতোপদেশ ১৭:১৭.
যদি আপোনাৰ এনʼৰেক্সিয়া বা খোৱা-বোৱা স্বাভাৱিকতকৈ কমি যোৱা আদি লক্ষ্য কৰিছে, তেনেহʼলে সহায়ৰ বাবে নিজৰ পিতৃ-মাতৃ বা কোনো বিশ্বাসী প্ৰাপ্তবয়স্কক জনাওক। পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।”—প্ৰকৃত সৌন্দৰ্য্য কি?
আচলতে আপুনি ভিতৰৰ পৰা কেনেধৰণৰ ব্যক্তি, সিয়ে আপোনাক আনৰ দৃষ্টিত ভাল বা বেয়া বুলি তুলি ধৰিব। ৰজা দায়ূদৰ পুত্ৰ অব্চালোমৰ উদাহৰণক বিবেচনা কৰক। পবিত্ৰ শাস্ত্ৰই তেওঁৰ বিষয়ে এইদৰে কৈছে:
“গোটেই ইস্ৰায়েলৰ মাজত অব্চালোমৰ নিচিনা নিজৰ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় কোনো পুৰুষ নাছিল; . . . তেওঁত একো ঘুণ নাছিল।”—২ চমূৱেল ১৪:২৫.
শাৰীৰিকভাৱে সুন্দৰ থকাৰ সত্বেও অব্চালোম অহংকাৰী, উচ্চাকাংক্ষী আৰু বিশ্বাসঘাতক আছিল। পবিত্ৰ শাস্ত্ৰই তেওঁক এজন ভাল নাম থকা ব্যক্তি বুলি পৰিচয় দিয়া নাই। কিন্তু তেওঁক এজন নিলাজ, প্ৰতাৰক আৰু হত্যাকাৰী বুলি তুলি ধৰিছে।
শাস্ত্ৰই আমাক এইদৰে পৰামৰ্শ দিছে:
“যি নতুন পুৰুষ . . . তাক পিন্ধিলা।”—কলচীয়া ৩:১০.
“এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক; . . . যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক।”—১ পিতৰ ৩:৩, ৪.
নিজকে সুন্দৰ দেখিবলৈ বিচৰাটো কোনো ভুল নহয়। কিন্তু ইয়াতকৈয়ো বেছি গুৰুত্বপূৰ্ণ হৈছে আমাৰ আন্তৰিক মনুষ্যক সুন্দৰ কৰা। সময় অতিবাহিত হোৱাৰ লগে লগে লোকসকলে আপোনাৰ বাহ্যিক সৌন্দৰ্য্যতাৰ পৰিৱৰ্তে আপোনাৰ ভাল গুণবোৰৰ প্ৰতি আকৰ্ষিত হʼব। ফিলিচীয়া নামৰ এজনী ছোৱালীয়ে এইদৰে কৈছিল, “ৰূপ আৰু গঠন চাই লোকসকলে অতি সোনকালে আপোনাৰ প্ৰতি আকৰ্ষিত হʼব পাৰে। কিন্তু আপোনাৰ ভাল গুণ আৰু আচাৰ-ব্যৱহাৰৰ বাবেহে, আনে আপোনাক মনত ৰাখিব।”
নিজকে চাওক
আপুনি নিজকে চাই প্ৰায়ে দুখ অনুভৱ কৰে নেকি?
আপুনি কেতিয়াবা চাৰ্জাৰি বা খোৱা-বোৱা কম কৰি সৌন্দৰ্য্যতা বৃদ্ধি কৰিবলৈ চিন্তা কৰিছে নেকি?
যদি আপুনি সুযোগ পায়, তেনেহʼলে আপুনি নিজৰ কি কি পৰিৱৰ্তন কৰিব বিচাৰে? (সেইবোৰত চিন দিয়ক।)
-
উচ্চতা
-
ওজন
-
চুলি
-
শৰীৰৰ গঠন
-
মুখমণ্ডল
-
বৰণ
যদি আপুনি প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ হয় বুলি দিয়ে আৰু তৃতীয় প্ৰশ্নটোৰ উত্তৰৰ বাবে তিনিটা বা তাতোতকৈ অধিক ঠাইত চিন দিয়ে, তেনেহʼলে মনত ৰাখিব যে আনতকৈ বেছি আপুনি নিজেহে নিজৰ দুৰ্বলতাবোৰ দেখিছে। নিজৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা কৰা আৰু সুন্দৰ দেখিবলৈ চৰম সীমা পাৰ কৰা অতি সহজ।—১ চমূৱেল ১৬:৭.