প্ৰশ্ন ৮
সতীত্ব নষ্ট হোৱাৰ বিষয়ে মই কি জানোঁ?
আপুনি কি কৰিব?
এমীয়ে কিবা বুজি পোৱাৰ আগতেই আক্ৰমণকাৰীয়ে তাইক মাটিত থেকেচা মাৰি বগৰাই পেলায়। তাই কয়, “মই আক্ৰমণকাৰীৰপৰা নিজকে বচাবলৈ প্ৰাণ-পণে চেষ্টা কৰিছিলোঁ। যেতিয়া মই চিঞৰিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া মোৰ মুখৰপৰা মাতেই ওলোৱা নাছিল। মই তাক হাত-ভৰিৰে ঠেলা মাৰিবলৈ আৰু আঁচুৰিবলৈ ধৰিলোঁ। সেইসময়তে মই অনুভৱ কৰিছিলোঁ যে মোক চুৰীৰে আঘাত কৰা হৈছে। মই আৰু কথা কʼব নোৱাৰা হৈছিলোঁ।”
যদি আপুনি তাইৰ ঠাইত হোৱাহেঁতেন আপুনি কি কৰিলেহেঁতেন?
ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!
আপুনি যিমানেই সাৱধানতা অৱলম্বন নকৰে কিয়, ৰাতি ঘৰৰপৰা বাহিৰলৈ যোৱাৰ সময়ত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে। “লৰ মৰামৰি খেলত বেগীবিলাক, ৰণত বীৰবিলাক যে জয় হয়, আৰু জ্ঞানৱানবিলাকে অন্ন, বুদ্ধিয়কবিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায়, এনে নহয়; কিন্তু . . . মনুষ্য সন্তানবিলাকো অকস্মাৎ হোৱা আপদৰ কালত ধৰা পৰে।”—উপদেশক ৯:১১, ১২.
এমীৰ দৰে বহুতো যুৱক-যুৱতীক অচিনাকী লোকে দুৰ্ব্যৱহাৰ কৰিছে। কিছুমান যুৱক-যুৱতীক আকৌ চিনাকী লোকে বা পৰিয়ালৰ লোকে এনে ব্যৱহাৰ কৰিছে। নীতা যেতিয়া কেৱল ১০ বছৰ বয়সৰ আছিল, তেতিয়া ঘৰৰ ওচৰৰে লʼৰা এজনে তাইৰ লগত অশ্লীল কাৰ্য্য কৰিবলৈ ধৰিলে। তাই এইদৰে কয়, “মই ইমানেই ভয় খাইছিলোঁ আৰু লজ্জিত অনুভৱ কৰিছিলোঁ যে আৰম্ভণিতে মই ইয়াৰ বিষয়ে কাকো কʼব পৰা নাছিলোঁ।”
দোষ আপোনাৰ নহয়
এমীৰ জীৱনত যি ঘটনা ঘটিল তাৰ বাবে তাই নিজকে দোষী বুলি ভাবে। তাই কয়, “এই ভয়ানক ঘটনা বাৰে বাৰে মোৰ চকুৰ আগত ভাহি উঠে। নিজকে বচাবলৈ মই হয়তো আৰু চেষ্টা কৰাৰ প্ৰয়োজন আছিল। আচলতে চুৰী মৰাৰ পাছত মই ভয় খাইছিলোঁ আৰু একেবাৰে অবশ হৈ পৰিছিলোঁ। মোৰ আৰু একো কৰাৰ শক্তি নাছিল। এই কথাই মোক এতিয়াও আমনি কৰে।”
এই ঘটনাৰ বাবে নীতায়ো নিজকে দোষী বুলি ভাবে। তাই কয়, “ইমান সহজতে মই আনৰ ওপৰত ভৰসা কৰাটো উচিত নাছিল। বাহিৰত খেলিবলৈ যোৱাৰ সময়ত সৰু ভনীকো লৈ যাবলৈ মা-দেউতাই মোক সদায় কৈছিল। কিন্তু মই তেওঁলোকৰ কথা শুনা নাছিলোঁ। মই নিজেই চুবুৰীয়াক মোৰ পৰা সুযোগ লʼবলৈ দিছিলোঁ। যি ঘটিল তাৰ বাবে মোৰ পৰিয়াল বেয়াকৈ প্ৰভাৱিত হʼল। ইয়াৰ বাবে মোৰ পৰিয়ালে যি দুখ পালে, তাৰ বাবে মই নিজে দায়ী। মই নিজকে ক্ষমা কৰিব পৰা নাছিলোঁ।”
যদি আপুনিও এমী আৰু নীতাৰ দৰে নিজকে দোষী বুলি ভাবে, তেনেহʼলে মনত ৰাখিব যে কাৰো বলৎকাৰ নিজৰ ইচ্ছা অনুসৰি নহয়। কিছুমান লোকে ইয়াক সাধাৰণ বিষয় বুলি তুলি ধৰে যে এই সমস্যা তাই নিজেই মাতি আনিছে আৰু দোষ লʼৰাজনৰ ওপৰত জাপি দিছে। কিন্তু ই সত্য নহয়। যদি আপুনি এই ঘৃণনীয় কাৰ্য্যৰ সন্মুখীন হৈছে, তেনেহʼলে মনত ৰাখিব যে ই আপোনাৰ দোষ নহয়।
নিঃসন্দেহ “আপোনাৰ দোষ নহয়” বুলি কোৱা সহজ, কিন্তু ইয়াক বিশ্বাস কৰা কঠিন। কিছুমান লোকে তেওঁলোকৰ লগত যি ঘটনা ঘটিল তাৰ বিষয়ে আনক কʼবলৈ ইচ্ছা নকৰে। তাৰ বাবে তেওঁলোকে অশান্তিত ভোগে আৰু নিজকে দোষ দি থাকে। কিন্তু মনে মনে থাকিলে কাৰ লাভ হʼব—আপোনাৰ নে অপৰাধ কৰাজনৰ? মনে মনে থকাটো উচিত নহʼব। আপুনি আৰু কিছু কৰাৰ প্ৰয়োজন আছে।
এই বিষয়ে আনক কওক
পবিত্ৰ শাস্ত্ৰত উল্লেখ আছে যে যেতিয়া ইয়োব নামৰ ব্যক্তি এজনৰ জীৱন সমস্যাৰে ভৰি পৰিছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম।” (ইয়োব ১০:১) এইদৰে কৰিলে আপুনিও উপকৃত হʼব। যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে তেওঁক এই ঘটনাৰ বিষয়ে সকলো বিৱৰি কওক। এইদৰে কৰিলে আপুনি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হʼব।
এমীৰ বাবে এই কথাষাৰ সত্য বুলি প্ৰমাণিত হয়। তাই এইদৰে কয়, “মই এজনী বান্ধৱীক মোৰ সকলো কথা খুলি কলোঁ আৰু তাই মোক মণ্ডলীৰ কেইজনমান প্ৰাচীনক এই বিষয়ে জনাবলৈ উৎসাহিত কৰিলে। আনন্দৰ কথা যে মই তাইৰ কথা শুনিলোঁ। আমাৰ মণ্ডলীৰ প্ৰাচীন কেইজনে কেইবাবাৰো মোৰ লগত বহি এই বিষয়ে আলোচনা কৰিলে আৰু মোৰ বাবে যি প্ৰয়োজনীয় আছিল, তাৰ ওপৰতে উপদেশ দিলে। মই ইয়াকে শুনিব বিচাৰিছিলোঁ যে যি ঘটিল তাৰ বাবে মই দোষী নহওঁ। ইয়াত মোৰ কোনো ভুল নাছিল।”
নীতাই নিজৰ মা-দেউতাকক এই বিষয়ে কʼলে। তাই এইদৰে কয়, “তেওঁলোকে মোক সকলো কথা বিৱৰি কʼবলৈ কʼলে। এইদৰে মই নিজৰ ভিতৰত থকা ক্ৰোধ আৰু বেদনা দূৰ কৰিবলৈ সক্ষম হলোঁ।”
ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ যোগেদিও নীতাই শান্ত্বনা লাভ কৰিবলৈ সক্ষম হৈছিল। তাই এইদৰে কয়, “ঈশ্বৰৰ লগত কথা পাতি মই যথেষ্ট সহায় লাভ কৰিলোঁ। বিশেষকৈ যেতিয়া মোৰ অনুভৱ হৈছিল যে কোনো মানুহে মোৰ হৃদয়ত থকা ভাৱনাক বুজি নাপায়। প্ৰাৰ্থনাৰ যোগেদি মই হৃদয় উজাৰি ঈশ্বৰক সকলো কথা কʼব পাৰোঁ। ইয়ে মোক প্ৰকৃত শান্তি আৰু মনৰ স্থিৰতা দিয়ে।”
যদি আপুনিও এইদৰে কৰে তেনেহʼলে জানিব পাৰিব যে “সুস্থ কৰিবৰ” সময়ও থাকে। (উপদেশক ৩:৩) আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু নিজৰ অনুভূতিবোৰ মনৰ ভিতৰতে নাৰাখিব। ভালদৰে বিশ্ৰাম কৰক। এই সকলোৰে ওপৰত শান্ত্বনাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভৰসা ৰাখক।—২ কৰিন্থীয়া ১:৩, ৪.
যদি আপোনাৰ বয়স ডেটিং কৰাৰ বাবে উপযোগী হয়
যদি আপুনি এজনী ছোৱালী হয় আৰু কোনোবাই আপোনাক অশ্লীল কাৰ্য্য কৰিবলৈ হেঁচা দিয়ে, তেনেহʼলে দৃঢ়তাৰে কওক, “এনে নকৰিবা!” অথবা “নিজৰ হাত এৰুৱা!” এই কথা ভয় কৰা উচিত নহয় যে আপোনাৰ বয়ফ্ৰেণ্ডে আপোনাক এৰি দিব। এই কাৰণৰ বাবে যদি তেওঁ আপোনাক এৰিও দিয়ে, তেনেহʼলে তেওঁ আপোনাৰ যোগ্য নহয়। আপোনাক এনে এজন সংগীৰ প্ৰয়োজন আছে, যিয়ে আপোনাৰ শৰীৰ আৰু আপোনাৰ মানদণ্ডবোৰক সন্মান কৰে।
আপুনি কি কʼব?
“মই মাধ্যমিক ক্লাচত থকাৰ সময়ত স্কুলৰ কিছুমান লʼৰাই পাছ ফালৰপৰা আহি মোৰ ব্ৰা টানে আৰু বেয়া বেয়া কথা কয়। যেনে, এবাৰ যৌন কাৰ্য্য কৰিতো চোৱা, কিমান ভাল লাগিব।”—কোমল।
আপুনি কি ভাবে, লʼৰাবোৰে কি কৰিছিল
-
১. জোকাইছিল?
-
২. ধেমালি কৰিছিল?
-
৩. অশ্লীল ব্যৱহাৰ কৰিছিল?
“বাছত এজন লʼৰাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু মোৰ গাত হাত দিবলৈ ধৰিলে। মই তাৰ হাতখন জোৰেৰে ধৰি এৰুৱাই দিলোঁ আৰু তাক মোৰ ওচৰৰপৰা আঁতৰি যাবলৈ কলোঁ। সি মোৰ ফালে একেথৰে চাই থাকিল যেন মই এনেই চিঞৰি আছোঁ।”—কাজল।
আপুনি কি ভাবে, এই লʼৰাটোৱে কাজলৰ লগত কি কৰিছিল?
-
১. জোকাইছিল?
-
২. ধেমালি কৰিছিল?
-
৩. অশ্লীল ব্যৱহাৰ কৰিছিল?
“যোৱা বছৰ এজন লʼৰাই মোক ভালপাওঁ বুলি কʼবলৈ ধৰে আৰু তাৰ লগত ফুৰিবলৈ যাবলৈ মোক অনুৰোধ কৰিবলৈ ধৰে। মই বাৰে বাৰে মানা কৰাৰ সত্বেও সি এনে কৰি থাকিল। কেতিয়াবা কেতিয়াবা সি মোৰ হাতখন পিটিকি থাকে। মই মানা কৰাৰ সত্বেও সি এনে কৰিবলৈ বন্ধ নকৰে। যেতিয়া মই জোতাৰ ফিতা বান্ধিবলৈ তললৈ কুঁজা হওঁ, তেতিয়া সি মোক পাছফালে মাৰে।”—বীণা।
আপুনি কি ভাবে, লʼৰাজনে কি কৰিছিল:
-
১. জোকাইছিল?
-
২. ধেমালি কৰিছিল?
-
৩. অশ্লীল ব্যৱহাৰ কৰিছিল?
তিনি নম্বৰটোৱে হৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ।
জোকোৱা বা ধেমালি কৰাৰ মাজত অশ্লীল ব্যৱহাৰ কৰাৰ কি পাৰ্থক্য আছে?
অশ্লীল ব্যৱহাৰ এক পক্ষৰ হয়। বাধা দিয়াৰ সত্বেও ব্যক্তিজনে এনে কৰি থাকে।
অশ্লীল ব্যৱহাৰ কোনো সাধাৰণ বিষয় নহয়। ই বলৎকাৰৰ ৰূপ লʼব পাৰে।