Skip to content

Skip to table of contents

আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে

আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে

অধ্যায় ১৬

আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে

এখন প্ৰাচ্যৰ দেশ ভ্ৰমণ কৰা এগৰাকী পৰ্য্যটকে বুদ্ধ মন্দিৰৰ ধৰ্মীয় পদ্ধতিবোৰ দেখি আচৰিত হৈছিল। যদিও, সেই প্ৰতিমাবোৰ মৰিয়ম বা খ্ৰীষ্টৰ নাছিল, কিন্তু বহুতো নিয়ম তাইৰ নিজ দেশৰ গিৰ্জাঘৰৰ সৈতে মিল আছিল। উদাহৰণস্বৰূপে, তাই জপ কৰা মালা আৰু প্ৰাৰ্থনাৰ আবৃত্তিবোৰ লক্ষ্য কৰিছিল। অন্যলোকেও সেই একেই সদৃশ্যত্বা পাইছে। পূবৰে হওঁক বা পশ্চিমৰে হওঁক, তেওঁলোকে যি পথৰে বা উপাসনাৰ বিষয়বস্তুবোৰৰে ঈশ্বৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে, সেই সকলোবোৰ একেই।

বহুতে বিশেষকৈ ঈশ্বৰলৈ প্ৰাৰ্থনাৰে কাষ চাপিবলৈ চেষ্টা কৰে। প্ৰাৰ্থনাক “মানুহৰ দ্বাৰা পূজনীয় বা পবিত্ৰ​—⁠ঈশ্বৰ, দেৱতাবিলাক, অতীন্দ্ৰিক ৰাজ্য, বা দিব্য শক্তিৰ সৈতে আদান-প্ৰদানৰ এটা মাধ্যম” ৰূপে বৰ্ণনা কৰা হৈছে। (ড্যা নিউ এনচাইক্ল্‌পেড়িয়া ব্ৰীটেনিকা) তথাপি, যেতিয়া প্ৰাৰ্থনাত ঈশ্বৰৰ কাষ চাপে, কিছুমানে মাত্ৰ এইটোৱেই ভাবে যে তেওঁলোকৰ কি লাভ হব। উদাহৰণৰূপে, এজন ব্যক্তিয়ে এবাৰ এজন যিহোৱাৰ সাক্ষীক সুধিছিল: “যদি আপুনি মোৰ বাবে প্ৰাৰ্থনা কৰে, মোৰ পৰিয়ালত, কাৰ্য্যক্ষেত্ৰ আৰু মোৰ শাৰীৰিক সমস্যাবোৰ সমাধান হবনে?” আচলতে ব্যক্তিজনে সেইদৰে ভাবিছিল, কিন্তু বহুতে প্ৰাৰ্থনা কৰে আৰু দেখে যে তেওঁলোকৰ সমস্যাবিলাক একেদৰে আছে। সেইবাবে আমি সুধিব পাৰো, ‘আমি কিয় ঈশ্বৰৰ কাষ চপা উচিত?’

কিয় ঈশ্বৰৰ কাষ চাপিব লাগে

প্ৰাৰ্থনা এটা অৰ্থহীন দিশ নহয়, নাইবা ই কেৱল মাত্ৰ কোনো পথ নহয় যাৰ দ্বাৰা কিছু লাভ কৰিব পাৰি। ঈশ্বৰৰ কাষ চপাৰ এটা মূখ্য কাৰণ হৈছে তেওঁৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা। সেইবাবে আমাৰ প্ৰাৰ্থনা যিহোৱা ঈশ্বৰলৈ হোৱা উচিত। গীতমালা ৰচোঁতা দায়ূদে কৈছিল: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে . . . যিহোৱা সেই সকলোৰে ওচৰ।” (গীতমালা ১৪৫:১৮) যিহোৱাই আমাক তেওঁৰ সৈতে এক শান্তিপূৰ্ণ সম্বন্ধ ৰাখিবলৈ নিমন্ত্ৰণ দিয়ে। (যিচয়া ১:১৮) যিসকলে এই নিমন্ত্ৰণক স্বীকাৰ কৰে সেই গীতমালা ৰচোঁতাৰ সৈতে একমত যিজনে কৈছিল: “মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।” কিয়? কিয়নো যিসকলে যিহোৱা ঈশ্বৰৰ কাষ চাপে তেওঁলোক প্ৰকৃত সুখ আৰু শান্তি উপভোগ কৰিব।​—⁠গীতমালা ৭৩:⁠২৮.

সহায়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব লাগে যদি তেওঁ ‘আমাৰ কি প্ৰয়োজন আছে তেওঁক বিচৰাৰ আগেয়ে তাক জানে ’? (মথি ৬:৮; গীতমালা ১৩৯:⁠৪) প্ৰাৰ্থনাই দেখুৱাই যে, আমি ঈশ্বৰক বিশ্বাস কৰোঁ আৰু তেওঁ “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰসমূহৰ” উৎস। (যাকোব ১:১৭; ইব্ৰী ১১:⁠৬) যিহোৱাই আমাৰ প্ৰাৰ্থনাত সন্তোষ পায়। (হিতোপদেশ ১৫:⁠৮) যিদৰে এজন পিতৃয়ে কণ কণ শিশুৰ মুখেৰে কোৱা কৃতজ্ঞতাৰ আন্তৰিক কথাবিলাক শুনি আনন্দিত হয়, সেইদৰে তেওঁ আমাৰ উপলব্ধি আৰু প্ৰশাংসাৰ অৰ্থপূৰ্ণ বাক্যবিলাক শুনি প্ৰফুল্লিত হয়। (গীতমালা ১১৯:১০৮) যʼত এজন পিতৃ-সন্তানৰ এটা ভাল সম্বন্ধ থাকে, তাত উত্তম ভাববিনিময় হয়। এটা শিশু যাক প্ৰেম কৰা হয় সি তাৰ পিতৃৰ লগত কথা-বতৰা পাতিব বিচাৰে। ঈশ্বৰৰ লগত আমাৰ সম্পৰ্কৰ ক্ষেত্ৰও একেই সত্য। যিহোৱাৰ বিষয়ে যি আমি শিকিছো আৰু তেওঁ আমাৰ প্ৰতি যি প্ৰেম প্ৰদৰ্শন কৰিছে, তাক যদি আমি উপলব্ধি কৰো তেনেহলে প্ৰাৰ্থনাত তেওঁলৈ আমি নিজে প্ৰকাশ কৰিবলৈ আমাৰ এটা প্ৰবল ইচ্ছা হব।​—⁠যোহন ৪:​১৬-১৮.

ঈশ্বৰৰ কাষ চাপিবলৈ আমি শ্ৰদ্ধাপূৰ্ণ হোৱা উচিত, যদিও সঠিক কোনো শব্দ আমি ব্যৱহাৰ কৰা সম্পৰ্কে অত্যধিক চিন্তা কৰাৰ প্ৰয়োজন নাই। (ইব্ৰী ৪:১৬) আমি যিহোৱাৰ ওচৰলৈ সকলো সময়তে চপাৰ অধিকাৰ আছে। এইটো কি যে মহান সুযোগ, আমি প্ৰাৰ্থনাত ঈশ্বৰক ‘মনৰ কথা ভাঙি’ কব পাৰো! (গীতমালা ৬২:⁠৮) যিহোৱাৰ প্ৰতি থকা প্ৰশংসায়ে তেওঁৰ সৈতে এটা উত্তম সম্বন্ধ গঢ়ি তুলিব, যেনেকৈ সেই বিশ্বাসী ব্যক্তি অব্ৰাহাম ঈশ্বৰৰ বন্ধু হিচাপে উপভোগ কৰিছিল। (যাকোব ২:২৩) কিন্তু যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সাৰ্বভৌম প্ৰভুক প্ৰাৰ্থনা কৰা সময়ত, তেওঁৰ কাষ চাপিবলৈ আমি তেওঁৰ প্ৰয়োজনীয় পুৰ কৰিব লাগিব।

ঈশ্বৰৰ কাষ চাপিবলৈ প্ৰয়োজনীয় বিষয়বিলাক

ঈশ্বৰৰ কাষ চাপিবলৈ ধন-সম্পত্তিৰ আৱশ্যকনে? বহু ব্যক্তিয়ে তেওঁলোকৰ প্ৰাৰ্থনাৰ বাবে পাদুৰীসকলক টকা-পইচা দিয়ে। আনকি কিছুমানে বিশ্বাস কৰে যে সিহঁতৰ দানৰ পৰিমাণ অনুসাৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনা যায়। তথাপি, ঈশ্বৰৰ বাক্যত কোৱা নাই যে আমি প্ৰাৰ্থনাত যিহোৱাৰ কাষ চাপিবলৈ এক আৰ্থিক উৎসৰ্গৰ প্ৰয়োজন। প্ৰাৰ্থনাত তেওঁৰ আধ্যাত্মিক ব্যৱস্থাবিলাক আৰু প্ৰাৰ্থনাৰ সৈতে এক সম্পৰ্কৰ আৰ্শীব্বাদবিলাক বিনামূল্যই পোৱা যায়।​—⁠যিচয়া ৫৫:​১, ২.

তেতিয়াহলে কিহৰ প্ৰয়োজন? হৃদয়ৰ এক সঠিক মনোভাৱ এটা অপৰিহাৰ্য্য বিষয়। (২ বংশাৱলি ৬:​২৯, ৩০; হিতোপদেশ ১৫:১১) আমাৰ হৃদয়ত যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব যে তেওঁ “প্ৰাৰ্থনা শুনোতা” আৰু “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা।” (গীতমালা ৬৫:⁠২; ইব্ৰী ১১:⁠৬) আমাৰ অৱশ্যেই এক হৃদয় হব লাগিব। (২ ৰাজাৱলি ২২:১৯; গীতমালা ৫১:১৭) তেওঁৰ উদাহৰণবিলাকৰ এটাত যীচু খ্ৰীষ্টই দেখুৱাছিল যে ঈশ্বৰৰ কাষ চপাৰ সময়ত নম্ৰ মনোভাৱ থকা হৃদয়ৰ এজন কৰ তোলা ব্যক্তি, অভিমানী ফৰাচীজনতকৈ অধিক ধাৰ্ম্মিক বুলি প্ৰমাণিত হৈছিল। (লূক ১৮:​১০-১৪) যেতিয়া আমি প্ৰাৰ্থনাত ঈশ্বৰৰ কাষ চাপো আমাক মনত ৰখা উচিত যে “অহঙ্কাৰী মনৰ প্ৰত্যেক লোক যিহোৱাৰ ঘিণলগীয়া।”​—⁠হিতোপদেশ ১৬:⁠৫.

যদি আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিয়াটো বিচাৰো তেন্তে পাপ কৰ্মৰ পৰা আমি আঁতৰি থাকিব লাগিব। যেতিয়া শিষ্য যাকোবে আনলোকক ঈশ্বৰৰ কাষ চাপিবলৈ উৎসাহিত কৰিছিল, তেওঁ কৈছিল: “তোমালোকৰ হাত শুচি কৰা; হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা।” (যাকোব ৪:৮) আনকি কুকৰ্মীলোক যিহোৱাৰ সৈতে এটা শান্তিপূৰ্ণ সম্বন্ধলৈ আহিব পাৰে, যদি তেওঁলোকে অনুতাপ কৰে আৰু পূৰ্বৰ জীৱন প্ৰণালীবোৰ ত্যাগ কৰে। (হিতোপদেশ ২৮:১৩) যদি আমি আমাৰ পথ শুদ্ধ বুলি ছল কৰো, তেতিয়াহলে যিহোৱাই কেতিয়াও আমাৰ প্ৰাৰ্থনা নুশুনিব। ঈশ্বৰৰ বাক্যই কৈছে, “যিহোৱাৰ চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ; কিন্তু কুকৰ্ম্মকাৰীবিলাকলৈ যিহোৱাৰ মুখ কোদোৱা।”​—⁠১ পিতৰ ৩:⁠১২. NW

বাইবেলে ব্যাখ্যা কৰিছে: “পাপ নকৰি সৎকৰ্ম্ম কৰা ধাৰ্ম্মিক মানুহ পৃথিবীত নাই।” (উপদেশক ৭:২০) সেইবাবে আপুনি হয়তু প্ৰশ্ন কৰিব পাৰে: ‘তেতিয়াহলে, কেনেকৈ আমি যিহোৱা ঈশ্বৰৰ কাষ চাপিব পাৰো?’ বাইবেলে উত্তৰ দিয়ে: ‘কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে।’ (১ যোহন ২:⁠১) যদিও আমি পাপী, যীচু খ্ৰীষ্ট যিজনে আমাৰ বাবে মুক্তিৰ মূল্যস্বৰূপ বলি হিচাবে মৃত্যুবৰণ কৰিছিল, তেওঁৰ যোগেদি আমি ঈশ্বৰৰ কাষ চাপিব পাৰো। (মথি ২০:২৮) তেওঁ হল একমাত্ৰ পথ যি মাধ্যমেদি আমি যিহোৱা ঈশ্বৰৰ কাষ চাপিব পাৰো। (যোহন ১৪:⁠৬) আমি অনুমান কৰিব নালাগিব যে যীচুৰ মুক্তিৰ বলিদানে, আমাৰ পাপবিলাক শেষ কৰিব আৰু ইচ্ছাকৃতভাৱে কৰা আমাৰ পাপ ক্ষমা কৰিব। (ইব্ৰী ১০:২৬) কিন্তু যি বেয়া আমি তাৰ পৰা বিৰত থাকিবলৈ অপ্ৰাণ চেষ্টা কৰিলেও যদি কেতিয়াবা ভুল কৰো, আমি অনুতাপ কৰিব পাৰো আৰু ঈশ্বৰৰ পৰা ক্ষমা খুজিব পাৰো। যেতিয়া আমি নম্ৰ হৃদয়েৰে তেওঁৰ কাষ চাপো তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব।​—⁠লূক ১১:⁠৪.

ঈশ্বৰৰ সৈতে কথা পতাৰ সুযোগ

১০ যীচু খ্ৰীষ্টই যিহোৱাৰ সৈতে তেওঁৰ সম্পৰ্কক অতি মূল্যবান হিচাবে গুৰুত্ব দিছিল। সেইবাবে, ব্যক্তিগত প্ৰাৰ্থনাত ঈশ্বৰৰ সৈতে কথা পাতিবলৈ যীচুৱে আছুতীয়াকৈ সময় ৰাখিছিল। (মাৰ্ক ১:৩৫; লূক ২২:​৪০-৪৬) যীচুৰ উদাহৰণ অনুকৰণ কৰা ভাল হব আৰু নিয়মীয়াকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আমাৰ বাবে ভাল। (ৰোমীয়া ১২:১২) প্ৰাৰ্থনা কৰি দিন আৰম্ভ কৰা ভাল আৰু শুৱাৰ আগতে আমি দিনৰ কাৰ্য্যৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰো। দিনটোৰ ভাগত, “সকলো সময়তে” ঈশ্বৰৰ কাষ চাপিবলৈ সিদ্ধান্ত লওক। (ইফিচীয়া ৬:১৮) যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনিব বুলি জানি আমি আমাৰ হৃদয়ত মৌন হৈ প্ৰাৰ্থনা কৰিবও পাৰো। ব্যক্তিগতৰূপে ঈশ্বৰৰ সৈতে প্ৰাৰ্থনাই আমাক তেওঁৰ সৈতে সম্পৰ্ক দৃঢ় কৰিবলৈ আৰু সদায় যিহোৱা ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাই আমাক তেওঁৰ কাষ চাপিবলৈ সহায় কৰে।

১১ যিহোৱাই সমূহীয়াভাৱে কৰা মানুহৰ প্ৰাৰ্থনাও শুনে। (১ ৰাজাৱলি ৮:​২২-৫৩) পৰিয়ালৰ মুখীয়ালজনে নেতৃত্ব লৈ কৰা প্ৰাৰ্থনাৰ দ্বাৰা আমি এটা পৰিয়ালৰূপে ঈশ্বৰৰ কাষ চাপিব পাৰে। ই পৰিয়ালৰ একতাক শক্তিশালী কৰে আৰু যেতিয়া কণ কণ লৰা-ছোৱালীৱে তেওঁলোকৰ পিতৃ-মাতৃয়ে ঈশ্বৰলৈ কৰা নম্ৰ প্ৰাৰ্থনা শুনে আৰু যিহোৱা তেওঁলোকৰ বাবে বাস্তৱ হৈ উঠে। যদি কোনো এজন ব্যক্তিয়ে প্ৰাৰ্থনাৰ দ্বাৰা এট দলক প্ৰতিনিধিত্ব কৰে, যিহোৱাৰ সাক্ষীসকলৰ সভাত, তেতিয়া কি হয়? যদি আমি শ্ৰোতাসকলৰ মাজত থাকো, আহঁক আমি মনোযোগেৰে শুনি যাতে প্ৰাৰ্থনাৰ শেষত সম্পূৰ্ণ আন্তৰিকতাৰে “আমেন” কব পাৰো, যাৰ অৰ্থ হৈছে “সেইদৰেই হওঁক।”​—⁠১ কৰিন্থীয়া ১৪:⁠১৬.

যিবিলাক প্ৰাৰ্থনা যিহোৱাই শুনে

১২ কিছুমান লোকে অনুভৱ কৰে যে খ্ৰীষ্টৰ যোগেদি কৰিলেও ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনে। তথাপি, পাঁচনি যোহনে কৈছিল: “আমি যদি তেওঁৰ [ঈশ্বৰৰ] ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) আমাক ঈশ্বৰৰ ইচ্ছা অনুসাৰে বিচৰা আৱশ্যক। যিহেতু তেওঁ আমাৰ আধ্যাত্মিক কল্যাণৰ বাবে আগ্ৰহী, সেইবাবে আমাৰ আধ্যাত্মিকতাত প্ৰভাৱিত কৰা যিকোনো বিষয়ে প্ৰাৰ্থনাৰ বাবে উপযোগী। আমি ভৌতিক আৱশ্যকতাবোৰৰ সম্পূৰ্ণভাৱে কেন্দ্ৰীভূত কৰা প্ৰলোভনক আমি বিৰোধ কৰিব লাগিব। উদাহৰণস্বৰূপে, আমি ৰোগব্যধিৰ লগত যুজিবলৈ অন্তদৃষ্টি আৰু সহিষ্ণুতাৰ বাবে প্ৰাৰ্থনা কৰা উচিত, কিন্তু আমাৰ স্বাস্থ্য সম্পৰ্কীয় উদ্বিগ্নতাই যেন আমাৰ আধ্যাত্মিকতাত বাধা নিদিয়ে। (গীতমালা ৪১:​১-৩) এজনী খ্ৰীষ্টীয় মহিলাই তাইৰ অসুস্থতাৰ প্ৰতি উপযুক্ত দৃষ্টিকোণৰ ফলত যিহোৱাৰ পৰা সহায় বিচাৰিছিল আৰু স্বাস্থ্য সম্পৰ্কে নিজে সচেতন হৈছিল। ফলস্বৰূপে, তাইৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবিলাক এটা সামান্য বিষয় হৈ পৰিল আৰু তাই অনুভৱ কৰিছিল যে তাইক “শক্তিৰ বাহুল্যতা” দিয়া হৈছে। (২ কৰিন্থীয়া ৪:⁠৭) অন্যসকলকো আধ্যাত্মিক সহায় কৰাৰ বাবে তাইৰ ইচ্ছা আৰু প্ৰবল হৈছিল আৰু তাই এক পূৰ্ণসময় ৰাজ্যৰ ঘোষণাকাৰী হʼল।

১৩ আমাৰ প্ৰাৰ্থনাত কি অন্তভূক্ত কৰিব পাৰো যিয়ে যিহোৱাক সন্তুষ্ট কৰিব? যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে তাক শিকাইছিল। মথি ৬:​৯-১৩ পদত লিপিবদ্ধ আদৰ্শ প্ৰাৰ্থনাত, তেওঁ কেইবাটাও বিষয়ৰ দৃষ্টান্ত দিছিল যাৰ দ্বাৰা আমি সঠিকৰূপে প্ৰাৰ্থনা কৰিব পাৰো। আমাৰ প্ৰাৰ্থনাৰ মুখ্য বিষয় কি হোৱা উচিত? বিশেষকৈ, যিহোৱা ঈশ্বৰৰ নাম আৰু ৰাজ্যৰ প্ৰতি বেছি গুৰুত্ব দিয়া আৱশ্যক। আমাৰ প্ৰয়োজনীয় বস্তুৰ বাবে প্ৰাৰ্থনা কৰাটো উপযুক্ত। আমাৰ পাপৰ ক্ষমা, প্ৰলোভনবিলাক আৰু সেই পাপ আত্মা দিয়াবল চয়তানৰ পৰা ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাটো গুৰুত্বপূৰ্ণ। যীচুৱে আমাৰ পৰা গীতৰূপে বাৰে বাৰে পুনৰাবৃত্তি কৰি ইয়াৰ অৰ্থ নজনাকৈ মুখস্থ কৰি কোৱাটো আমাৰ পৰা নিবিচাৰে। (মথি ৬:⁠৭) যদি সন্তানে সকলো সময়তে একেটা বাক্যকে বাৰে বাৰে ব্যৱহাৰ কৰি তেওঁৰ পিতৃৰ আগত কথা কয়, তেনেহলে এইটো কি ধৰণৰ সম্বন্ধ হব পাৰে?

১৪ আবেদন আৰু আন্তৰিক অনুৰোধৰ হোৱাৰ উপৰিও, আমি উচিত প্ৰশংসা আৰু ধন্যবাদৰে প্ৰাৰ্থনা কৰা উচিত। (গীতমালা ৩৪:১; ৯২:১; ১ থিচলনীকীয়া ৫:১৮) আমি অন্যলোকৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰো। দুৰ্দশাগ্ৰস্ত হোৱা বা নিৰ্য্যাতন ভোগী থকা আমাৰ আধ্যাত্মিক ভাই-ভনীসকলৰ কাৰণে কৰা প্ৰাৰ্থনাৰ দ্বাৰা তেওঁলোকৰ প্ৰতি থকা আমাৰ আগ্ৰহ আৰু আমাৰ চিন্তাৰ প্ৰকাশ শুনি যিহোৱা ঈশ্বৰে সন্তোষ পায়। (লূক ২২:৩২; যোহন ১৭:২০; ১ থিচলনীকীয়া ৫:২৫) বাস্তৱিকতে, পাঁচনি পৌলে লিখিছিল: “তোমালোকে একোলৈ চিন্তা নকৰিবা: কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।”​—⁠ফিলিপীয়া ৪:​৬, ৭.

প্ৰাৰ্থনাত লাগি থাকক

১৫ যদিও আপুনি ঈশ্বৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিছে, আপুনি অনুভৱ কৰিব পাৰে যে কেতিয়াবা আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাযায়। এনে অৱস্থা হব পাৰে কাৰণ কোনো বিশেষ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ ঈশ্বৰৰ সময় হয়তু তেতিয়াও হোৱা নাই। (উপদেশক ৩:​১-৯) হয়তু যিহোৱাই এই পৰিস্থিতিক কিছু সময়ৰ বাবে থাকিবলৈ অনুমতি দিছে, কিন্তু তেওঁ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু তাক কৰাৰ সঠিক সময় তেওঁ জানে।​—⁠২ কৰিন্থীয়া ১২:​৭-৯.

১৬ আমাৰ প্ৰাৰ্থনাত লাগি থকাই প্ৰকাশ কৰে যে আমি যি ঈশ্বৰলৈ কৈছো তাত আমাৰ আন্তৰিক আগ্ৰহ আছে। (লূক ১৮:​১-৮) উদাহৰণৰূপে, কোনো এক দুৰ্ব্বলতাক জয় কৰিবলৈ আমি হয়তু যিহোৱালৈ সহায় বিচাৰিব পাৰো। প্ৰাৰ্থনাত লাগি থাকি আৰু আমাৰ আবেদনবিলাকৰ সৈতে কাৰ্য্য কৰাৰ দ্বাৰা আমি আমাৰ আন্তৰিকতা দেখুৱাওঁ। আমাৰ আবেদনবিলক নিৰ্দিষ্ট আৰু নম্ৰ হোৱা উচিত। যেতিয়া আমি প্ৰলোভনৰ সন্মূখীন হওঁ তেতিয়া একান্তমনে প্ৰাৰ্থনা কৰা বিশেষভাৱে আৱশ্যক। (মথি ৬:১৩) আমাৰ পাপপূৰ্ণ ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি যেতিয়া আমি প্ৰাৰ্থনা কৰো যিহোৱাই কেনেকৈ সহায় কৰিব তাক আমি দেখিবলৈ পাম। ই আমাৰ বিশ্বাসত দৃঢ় আৰু তেওঁৰ সৈতে আমাৰ সম্বন্ধক শক্তিশালী কৰিব।​—⁠১ কৰিন্থীয়া ১০:১৩; ফিলিপীয়া ৪:⁠১৩.

১৭ যিহোৱা ঈশ্বৰলৈ পবিত্ৰ সেৱা কৰিবলৈ প্ৰাৰ্থনাপূৰ্ণ মনোভাৱ অনুশীলন কৰাৰ দ্বাৰা আমি বুজিব পাৰিম যে নিজৰ শক্তিৰে তেওঁক সেৱা নকৰো। যিহোৱাই আমাক তেওঁৰ সেৱা কৰিবলৈ শক্তি প্ৰদান কৰে। (১ কৰিন্থীয়া ৪:৭) ইয়াক স্বীকাৰ কৰাৰ দ্বাৰা আমাক নম্ৰ হবলৈ সহায় কৰিব আৰু তেওঁৰ সৈতে আমাৰ সম্পৰ্ক উন্নতিসাধন হব। (১ পিতৰ ৫:​৫, ৬) হয়, আমাৰ ওচৰত প্ৰাৰ্থনাত লাগি থাকিবলৈ যথাৰ্থ কাৰণ আছে। আমাৰ নিষ্ঠা প্ৰাৰ্থনা আৰু কেনেকৈ আমাৰ মৰমীয়াল স্বৰ্গীয় পিতৃৰ কাষ চাপিব পৰা যায় মূল্যবান জ্ঞানে আমাৰ জীৱনক সঁচাকৈ সুখী কৰিব।

যিহোৱা ঈশ্বৰ সৈতে ভাব-বিনিময় একপষীয়া নহয়

১৮ যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰো, তেনেহলে তেওঁ কি কয় তাক আমি শুনিব লাগিব। (জখৰিয়া ৭:১৩) তেওঁ এতিয়া আৰু তেওঁৰ বাৰ্ত্তাবোৰ ঐশ্বৰীক শক্তি প্ৰদান কৰা ভাববাদীৰ যোগেদি নপঠিয়াই আৰু নিশ্চিতৰূপে তেওঁ কেতিয়াও প্ৰেত্মাবাদ মাধ্যমক ব্যৱহাৰ নকৰে। (দ্বিতীয় বিবৰণ ১৮:​১০-১২) কিন্তু ঈশ্বৰৰ বাক্য, বাইবেল অধ্যয়নৰ দ্বাৰা তেওঁৰ বাৰ্ত্তা শুনিব পাৰোঁ। (ৰোমীয়া ১৫:৪; ২ তীমথিয় ৩:​১৬, ১৭) যেনেকৈ আমাক শাৰীৰিক খাদ্য যিটো আমাৰ বাবে ভাল তাৰ প্ৰতি সোৱাদৰ আৱশ্যক ঠিক তেনেকৈ আমাৰ পৰা আগ্ৰহ কৰা হʼল যে “মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা।” প্ৰত্যেক দিনে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ দ্বাৰা আধ্যাত্মিক খাদ্যৰ প্ৰতি এক সোৱাদ বৃদ্ধি কৰক।​—⁠১ পিতৰ ২:​২, ৩; পাঁচনিৰ কৰ্ম্ম ১৭:⁠১১.

১৯ বাইবেলত আপুনি যি পঢ়ে তাক ধ্যান কৰক। (গীতমালা ১:​১-৩; ৭৭:​১১, ১২) ইয়াৰ অৰ্থ হৈছে বিষয়ৰ ওপৰত চিন্তা কৰা। আপুনি ইয়াৰ তুলনা আহাৰ হজম কৰাৰ সৈতে কৰিব পাৰে। আপুনি যি পঢ়িছে তাক ইতিমধ্যে যি বিষয়বিলাক জানে তাৰ সৈতে সম্পৰ্ক কৰি আপুনি আধ্যাত্মিক আহাৰ হজম কৰিব পাৰে। সেই বিষয়ে কেনেকৈ আপোনাৰ জীৱনত প্ৰভাৱিত কৰে, অথবা যিহোৱাৰ গুণবিলাক আৰু ব্যৱহাৰৰ বিষয়ে কি প্ৰকাশ কৰে সেয়া চিন্তা কৰক। সেইবাবে ব্যক্তিগত অধ্যয়নৰ যোগেদি আপুনি যিহোৱাই প্ৰদান কৰা আধ্যাত্মিক আহাৰ লব পাৰে। ই আপোনাক ঈশ্বৰৰ কাষলৈ আৰু প্ৰত্যেক দিনৰ সমস্যাবিলাকৰ সৈতে সমাধান কৰিবলৈ সহায় কৰিব।

২০ খ্ৰীষ্টীয় সভাবিলাকত আলোচনা কৰা ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰা আপুনি ঈশ্বৰৰ কাষ চাপিব পাৰে, যেনেকৈ ইস্ৰায়েলসকলে যেতিয়া ঈশ্বৰৰ বিধান ৰাজহুৱাভাৱে ব্যৱস্থা-পুস্তকৰ পাঠ শুনিবলৈ একগোট হৈছিল তেতিয়া তেওঁলোকে মনোযোগৰে শুনিছিল। সেই সময়ত উপদেষ্টাসকলে ব্যৱস্থা-পুস্তক পাঠ কৰি তাৰ অৰ্থ বুজাই দিছিল, এইভাৱে তেওঁলোকে শ্ৰোতাসকলক সেই পাঠ বুজি পাবলৈ সহায় কৰিছিল আৰু সেইমতে কৰিবলৈ প্ৰেৰণা দিছিল। ই তেওঁলোকক প্ৰচুৰ আনন্দ দিছিল। (নহিমিয়া ৮:​৮, ১২) সেইকাৰণে যিহোৱাৰ সাক্ষীসকলৰ সভাবিলাকত উপস্থিত থাকিবলৈ আপুনি অভ্যাস কৰক। (ইব্ৰী ১০:​২৪, ২৫) এইটোৱে আপোনাক বুজি পাবলৈ আৰু ঈশ্বৰৰ জ্ঞানৰ অনুসাৰে আপোনাৰ জীৱন নিৰ্বাহ কৰিবলৈ সহায় কৰিব আৰু আপোনালৈ আনন্দ কঢ়িয়াই আনিব। বিশ্বব্যাপী খ্ৰীষ্টীয় ভ্ৰাতৃসমাজৰ অংশ গ্ৰহণ কৰাটোৱে আপোনাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব। আৰু যেনেকৈ আমি দেখিবলৈ পাম, আপুনি ঈশ্বৰৰ লোকসকলৰ মাজত প্ৰকৃত নিৰাপত্তা লাভ কৰিব পাৰে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

আপুনি কিয় যিহোৱাৰ কাষ চপা উচিত?

ঈশ্বৰৰ কাষ চাপিবলৈ কেইটামান প্ৰয়োজনীয় বিষয় কি?

আপোনাৰ প্ৰাৰ্থনাত আপুনি কি কি সন্মিলিত কৰিব পাৰে?

বৰ্তমান সময়ত প্ৰাৰ্থনাত কিয় একেৰাহে লাগি থকা উচিত?

বৰ্তমান আপুনি যিহোৱাৰ কথা কেনেকৈ শুনিব পাৰে?

[Study Questions]

১. বহুতো ধৰ্মত কি কি সাদৃশ্য সুস্পষ্ট হৈ পৰে?

২. প্ৰাৰ্থনাৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰা হৈছে আৰু বহুতে কিয় প্ৰাৰ্থনা কৰে?

৩. আমাৰ প্ৰাৰ্থনা কালৈ নিবেদিত হোৱা উচিত আৰু কিয়?

৪, ৫. (ক) ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা কিয় আৱশ্যক? (খ) প্ৰাৰ্থনাৰ যোগেদি আমি ঈশ্বৰৰ সৈতে কেনেধৰণৰ সম্বন্ধ গঢ়ি তুলিব পাৰো?

৬, ৭. আমাৰ প্ৰাৰ্থনা শুনিবলৈ ঈশ্বৰে ধনৰ দাবী নকৰে, তথাপি যেতিয়া আমি প্ৰাৰ্থনা কৰো তেওঁ আমাৰ পৰা কি বিচাৰে?

৮. যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো ইচ্ছা কৰো, তেনেহলে আমি নিজকে কিহৰ পৰা আঁতৰি থাকিবলৈ লাগিব?

৯. কাৰ যোগেদি আমি যিহোৱাৰ কাষ চপা উচিত আৰু কিয়?

১০. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কেনেকৈ যীচুৰ অনুকৰণ কৰিব পাৰো আৰু কেনেদৰে ব্যক্তিগত প্ৰাৰ্থনা কৰিব লাগে?

১১. (ক) কিয় পৰিয়ালৰ লোকসকলে একেলগে প্ৰাৰ্থনা কৰা উচিত? (খ) যেতিয়া প্ৰাৰ্থনাৰ শেষত আপুনি “আমেন” কয় ইয়াৰ অৰ্থ কি?

১২. (ক) কিয় ঈশ্বৰে কিছুমান প্ৰাৰ্থনাৰ উত্তৰ নিদিয়ে? (খ) কিয় প্ৰাৰ্থনা কৰা সময়ত আমি কেৱল ব্যক্তিগত আৱশ্যকতাবোৰৰ প্ৰতি মনোযোগ দিয়া উচিত নহয়?

১৩. যেনেকৈ মথি ৬:​৯-১৩ পদত উল্লেখ কৰা অনুসাৰে, আমি আমাৰ প্ৰাৰ্থনাত কি কি লাগতিয়াল বিষয়বোৰ অৰ্ন্তভূক্ত কৰিব পাৰো?

১৪. আবেদনৰ উপৰিও, আমি কেনেধৰণৰ প্ৰাৰ্থনা কৰা উচিত?

১৫. যদি আমাৰ প্ৰাৰ্থনাবিলাকৰ উত্তৰ পোৱা নাই আমি কি কথা মনত ৰখা উচিত?

১৬. আমি প্ৰাৰ্থনাত কিয় একেৰাহে লাগি থকা উচিত আৰু কেনেকৈ ই ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধক প্ৰভাৱিত কৰিব পাৰে?

১৭. প্ৰাৰ্থনাপূৰ্বক মনোভাৱৰে ঈশ্বৰৰ সেৱা কৰিলে আমি কেনেকৈ লাভবান হব পাৰোঁ?

১৮. আমি ঈশ্বৰৰ কথা কেনেকৈ শুনিব পাৰো?

১৯. আপুনি বাইবেলত যি পঢ়ে তাক ধ্যান কৰিলে কি লাভ হয়?

২০. খ্ৰীষ্টীয় সভাত উপস্থিত হʼলে আমাক কেনেকৈ ঈশ্বৰৰ কাষ চাপিবলৈ সহায় কৰে?

[Full-page picture on page 157]