Skip to content

Skip to table of contents

আপুনি কাৰ ক্ষমতা স্বীকাৰ কৰা উচিত?

আপুনি কাৰ ক্ষমতা স্বীকাৰ কৰা উচিত?

অধ্যায় ১৪

আপুনি কাৰ ক্ষমতা স্বীকাৰ কৰা উচিত?

“ক্ষমতা” শব্দটো বহু লোকৰ বাবে এটা বিৰক্তিকৰ শব্দ। ই স্বাভাৱিক, কিয়নো ক্ষমতা প্ৰায়ে অপব্যৱহাৰ কৰা হয়​—⁠চাকৰিত, পৰিয়ালত আৰু চৰকাৰবিলাকৰ দ্বাৰা। বাইবেলে কয়: “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” (উপদেশক ৮:৯) হয়, অনেকে নিষ্ঠুৰতা আৰু স্বাৰ্থপূৰ্ণ হিচাবে কাম কৰি অন্যৰ ওপৰত শাসন কৰিছে।

কিন্তু সকলো ক্ষমতা ক্ষতিকাৰক নহয়। উদাহৰণস্বৰূপে, কব পৰা যায় যে আমাৰ শৰীৰে আমাৰ ওপৰত ক্ষমত ৰাখে। ই আমাক উশাহ লবলৈ, খাবলৈ, পান কৰিবলৈ আৰু শুবলৈ “নিৰ্দেশ” দিয়ে। কি ই অত্যাচাৰী নে? নহয়। ইয়াৰ দাবীবিলাক পালন কৰাটো আমাৰ বাবে লাভজনক। যদিও আমাৰ দেহৰ চাহিদাবিলাকৰ প্ৰতি অনিচ্ছাকৃতভাৱে বশ্যতা স্বীকাৰ কৰিব লাগে, অন্য প্ৰকাৰে ক্ষমতা থাকে যাৰ বাবে প্ৰয়োজন ইচ্ছাপূৰ্ব্বক অধীন। কিছুমান উদাহৰণ বিবেচনা কৰক।

উচ্চতম অধিকাৰী

নিউ ৱলৰ্ড ট্ৰানচলেইশ্ব্যান বাইবেলত ৩০০তকৈ বেছি বাৰ যিহোৱাক “সাৰ্ব্বভৌম প্ৰভু” বুলি কোৱা হৈছে। এজন সাৰ্ব্বভৌম হৈছে যিজনৰ ওচৰত সৰ্বোচ্চ ক্ষমতা থাকে। কিহে যিহোৱাক এই পদ মৰ্য্যদাৰ ক্ষমতা দিছে? প্ৰকাশিত বাক্য ৪:১১ পদে উত্তৰ দিয়ে: “হে আমাৰ প্ৰভু [“যিহোৱা,” NW] ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।”

আমাৰ সৃষ্টিকৰ্ত্তা হিচাবে, তেওঁ যিটো উপযুক্তভাৱে তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ যিহোৱাৰ অধিকাৰ আছে। ই আতঙ্কজনক বুলি ভাব হব পাৰে, বিশেষকৈ যেতিয়া আমি বিবেচনা কৰো যে ঈশ্বৰৰ ওচৰত “বহু পৰাক্ৰম” আছে। তেওঁক “সৰ্ব্বশক্তিমান ঈশ্বৰ” কোৱা হয়​—⁠এই পদ যিটো হিব্ৰু ভাষাত অতি শক্তিশালী ৰূপে প্ৰকাশ কৰে। (যিচয়া ৪০:২৬; আদিপুস্তক ১৭:⁠১) তথাপি যিহোৱাই তেওঁৰ শক্তিক আনৰ লাভৰ বাবে প্ৰদৰ্শন কৰে, কিয়নো তেওঁৰ মুখ্য গুণ হৈছে প্ৰেম।​—⁠১ যোহন ৪:⁠১৬.

যদিও যিহোৱাই সৰ্তক কৰিছিল যে মন পৰিবৰ্তন নকৰা অন্যায়কাৰীসকলক দণ্ড দিয়ে, মোচিয়ে বিশেষভাৱে জানিছিল যে “যিহোৱাহে ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাবিলাকৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ।” (দ্বিতীয় বিবৰণ ৭:⁠৯) কল্পনা কৰক! বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ অধিকাৰীয়ে তেওঁৰ সেৱা কৰিবলৈ বল প্ৰয়োগ নকৰে। বৰঞ্চ, তেওঁৰ প্ৰেমৰ কাৰণে আমি তেওঁৰ প্ৰতি আকৰ্ষিত হওঁ। (ৰোমীয়া ২:৪; ৫:⁠৮) যিহোৱাৰ ক্ষমতাৰ প্ৰতি অধীন হʼলে আনন্দ পোৱা যায়, কিয়নো তেওঁৰ বিধান আমাৰ কাৰণে চিৰকালৰ বাবে লাভজনক।​—⁠গীতমালা ১৯:​৭, ৮.

আমাৰ প্ৰথম পিতৃ-মাতৃয়ে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক অগ্ৰাহ্য কৰিছিল। তেওঁলোক নিজে কি ভাল আৰু কি বেয়া তাক নিৰ্ণয় কৰিবলৈ বিচাৰিছিল। (আদিপুস্তক ৩:​৪-৬) ফলস্বৰূপে, তেওঁলোকক পৰমদেশৰ ঘৰৰ পৰা বহিষ্কাৰ কৰা হৈছিল। যিহোৱাই তাৰ পাছত মানৱক শাসন প্ৰণালী সৃষ্টি কৰিবলৈ অনুমতি দিয়ে, যাতে অসিদ্ধ হোৱাৰ স্বৰ্ত্তেও, এখন সুনিয়ন্ত্ৰিত সমাজত জীয়াই থাকিবলৈ সক্ষম হয়। ইয়াৰ কিছুমান ক্ষমতা কি কি আৰু ঈশ্বৰে আমাৰ পৰা কি মাত্ৰাত সেইবোৰৰ প্ৰতি বশ্যতা স্বীকাৰ কৰিবলৈ প্ৰতীক্ষা কৰে?

“প্ৰধান অধিকাৰীসকল”

পাঁচনি পৌলে লিখিছিল: “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই।” “প্ৰধান অধিকাৰীসকল” কোন? পৌলে পৰবৰ্ত্তী পদবিলাকত দেখায় যে তেওঁলোক মানৱ চৰকাৰৰ কৃতপক্ষবিলাক। (ৰোমীয়া ১৩:​১-৭; তীত ৩:১) যিহোৱাই মানৱ চৰকাৰৰ কৃতপক্ষবিলাকক উৎপত্তি কৰা নাই, কিন্তু তেওঁলোক তেওঁৰ অনুমতিত অস্তিত্বত আছে। সেইকাৰণে পৌলে লিখিবলৈ পাৰিছিল: “সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।” এনেধৰণৰ পাৰ্থিব কৃতপক্ষবিলাকৰ সম্পৰ্কে কি ইঙ্গীত দিয়ে? ই এইটো দেখুৱাই যে ঈশ্বৰৰ ক্ষমতাৰ অধীন বা নিম্নস্বৰৰ। (যোহন ১৯:​১০, ১১) সেইবাবে, যেতিয়া মানুহৰ বিধান আৰু ঈশ্বৰৰ বিধানৰ সৈতে মতবিৰোধ হয়, খ্ৰীষ্টীয়সকলে বাইবেল-প্ৰশিক্ষিত বিবেকৰ দ্বাৰা পৰিচালিত হোৱা উচিত। তেওঁলোকে “মানুহতকৈ ঈশ্বৰৰ আজ্ঞাহে মানিব লাগে।”​—⁠পাঁচনিৰ কৰ্ম্ম ৫:⁠২৯, NW.

কিন্তু, বেছিভাগ সময়, চৰকাৰী অধিকাৰীসকলে আমাৰ “মঙ্গলৰ নিমিত্তেই, তেওঁ ঈশ্বৰৰ পৰিচাৰক” ৰূপে কাৰ্য্য কৰে। (ৰোমীয়া ১৩:⁠৪, NW) কি কি উপায়েৰে? প্ৰধান অধিকাৰীসকলে কৰা অনেক কাৰ্য্যবোৰৰ বিষয়ে চিন্তা কৰক, যেনেকৈ ডাক সেৱা, আৰক্ষী আৰু অগ্নি নিৰাপত্তা, স্বাস্থ্য প্ৰণালী আৰু শিক্ষা ব্যৱস্থা। “এই কাৰণেই তোমালোকে ৰাজকৰকো দিয়া;” পৌলে লিখিছিল, “কিয়নো তেওঁবিলাকে ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্ম্মতেই লাগি থাকে।” (ৰোমীয়া ১৩:⁠৬) কৰ বা অন্য কৰ্তব্যৰ প্ৰতি আমি “সদাচৰণ” হোৱা উচিত।​—⁠ইব্ৰী ১৩:⁠১৮.

কেতিয়াবা কেতিয়াবা, প্ৰধান অধিকাৰীসকলে তেওঁলোকৰ শক্তিক অপব্যৱহাৰ কৰে। আমাক তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰা দ্বায়িত্বৰ পৰা মূক্ত কৰেনে? নহয়, ই নকৰে। যিহোৱাই সেই অধিকাৰীসকলৰ অন্যায় কাৰ্য্যবোৰ লক্ষ্য কৰে। (হিতোপদেশ ১৫:⁠৩) তেওঁ মানৱ শাসনৰ প্ৰতি তেওঁৰ সহনশীলতাৰ এইটো অৰ্থ নহয় যে ইয়াৰ দুৰ্নীতিক আওকাণ কৰিছে, নাইবা আমি তেনে কৰাটো তেওঁ অপেক্ষা নকৰে। অৱশ্যে, ঈশ্বৰে অতি সোনকালে “সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি,” তাৰ পৰিবৰ্ত্তে তেওঁৰ নিজৰ ধাৰ্ম্মিক চৰকাৰৰ শাসন আনিব। (দানিয়েল ২:৪৪) কিন্তু এইটো যেতিয়ালৈকে নঘটে, প্ৰধান অধিকাৰীসকল উপযোগী উদ্দেশ্যৰে কাৰ্য্যসাধন কৰিব।

১০ পৌলে বাখ্য কৰিছিল: “যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে।” (ৰোমীয়া ১৩:⁠২) প্ৰধান অধিকাৰীসকল ঈশ্বৰৰ “ব্যৱস্থাৰ” ভিতৰত আছে যাতে তেওঁলোকে কিছু পৰিমাণে শৃঙ্খলা বজাই ৰাখে, তেনে নোহোৱাহলে বিশৃঙ্খলা আৰু অৰাজকতাৰ বিৰাজ কৰিলেহেঁতেন। এইবোৰক প্ৰতিবাদ কৰাৰ মানে অশাস্ত্ৰীয় আৰু নিৰ্ব্বোধ কাৰ্য্য। উদাহৰণস্বৰূপে: কল্পনা কৰক যে আপোনাৰ অপাৰেচ্‌ন হৈছে আৰু চিলাইবিলাক ক্ষতস্থানত সুৰক্ষা কৰিছে। যদিও চিলাই শৰীৰৰ অংশ নহয়, তথাপি এইবোৰ সীমিত সময়ৰ বাবে এক উদ্দেশ্য সাধন কৰে। সময়ৰ আগত সেইবোৰ কাটি পেলালে হানিকাৰক হব পাৰে। ঠিক সেইদৰে, মানৱ চৰকাৰৰৰ অধিকাৰীসকলো ঈশ্বৰৰ মূল উদ্দেশ্যৰ ভাগ নাছিল। কিন্তু যেতিয়ালৈকে ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিবীত শাসন নকৰে, মানৱ চৰকাৰে কিন্তু সমাজ ব্যৱস্থাক ধৰি ৰাখিছে বা কাৰ্য্য কৰি আছে যিটো বৰ্তমান সময়ৰ বাবে ঈশ্বৰৰ ইচ্ছাৰ উপযোগী। এইবাবে আমি ঈশ্বৰৰ বিধান আৰু ক্ষমতাক শ্ৰেষ্ঠতা দিওঁ, গতিকে আমি প্ৰধান অধিকাৰীসকলৰ অধীনত থকা উচিত।

পৰিয়ালত অধিকাৰ

১১ পৰিয়াল হৈছে মানৱ সমাজৰ মৌলিক ভিক্তি। ইয়াৰ ভিতৰত এজন স্বামী আৰু স্ত্ৰীয়ে প্ৰতিফল পাব পাৰে আৰু সন্তানক নিৰাপত্তা আৰু প্ৰাপ্তবয়সৰ বাবে শিক্ষা দিব পৰা যায়। (হিতোপদেশ ৫:​১৫-২১; ইফিচীয়া ৬:​১-৪) এনেধৰণৰ উত্তম ব্যৱস্থাৰ বাবে পৰিকল্পনা কৰা আৱশ্যক যাতে পৰিয়ালৰ সদস্য শান্তি আৰু ঐক্যৰে জীয়াই থকা সম্ভৱ হয়। ইয়াৰ সম্পাদনা যিহোৱাই মূৰস্বৰূপ ব্যৱস্থাৰ দ্বাৰাই কৰে, ১ কৰিন্থীয়া ১১:৩ পদত স্পষ্টৰূপে কৈছে: “খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ, পুৰুষ যে তিৰোতাৰ মূৰস্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰস্বৰূপ।”

১২ স্বামী পৰিয়ালৰ মুখিয়াল। কিন্তু, তেওঁৰ ওপৰত এজন মুখিয়াল আছে​—⁠যীচু খ্ৰীষ্ট। পৌলে লিখিছিল: “হে পুৰুষবিলাক, খ্ৰীষ্ট যেনেকৈ মন্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা।” (ইফিচীয়া ৫:২৫) স্বামীয়ে খ্ৰীষ্টৰ প্ৰতি বশ্যতা স্বীকাৰ কৰি তেওঁৰ ভাৰ্য্যাক সেইদৰে ব্যৱহাৰ কৰে যেনেকৈ যীচুৱে সদায় মন্ডলীৰ সৈতে ব্যৱহাৰ কৰিছিল। (১ যোহন ২:⁠৬) যীচুক ব্যাপক কৰ্তৃত্ব অৰ্পণ কৰা হৈছে, কিন্তু তেওঁ ইয়াক অত্যন্ত নম্ৰতা, প্ৰেম আৰু যুক্তি সহকাৰে কাৰ্য্যসাধন কৰে। (মথি ২০:​২৫-২৮) এজন মানৱ ৰূপে, যীচুৱে কেতিয়াও তেওঁৰ কৰ্তৃত্ব পদবীক অপব্যৱহাৰ কৰা নাছিল। তেওঁ “নম্ৰ আৰু কোমল চিত্তৰ” আছিল আৰু তেওঁৰ অনুগামীসকলক “দাসৰ” পৰিবৰ্ত্তে “বন্ধু” বুলি মাতিছিল। “মই তোমালোকক জিৰণি দিম,” যেনেকৈ তেওঁলোকক যিদৰে প্ৰতিজ্ঞা দিছিল, সেইদৰে কৰিছিল।​—⁠মথি ১১:​২৮, ২৯; যোহন ১৫:⁠১৫.

১৩ যীচুৰ উদাহৰণে স্বামীসকলক শিকাই যে খ্ৰীষ্টীয় মুখিয়াল ব্যৱস্থা, কঠোৰ প্ৰভুত্বৰ পদ নহয়। তাৰ পৰিবৰ্ত্তে, এইটো এটা সন্মান আৰু আত্ম-বলিদান প্ৰেমৰ পদ। ই সঙ্গীৰ সৈতে শাৰীৰিক অথবা মৌখিক ৰূপে দুব্যৱহাৰক স্পষ্টৰূপে প্ৰত্যাখান কৰে। (ইফিচীয়া ৪:​২৯, ৩১, ৩২; ৫:​২৮, ২৯; কলচীয়া ৩:১৯) যদি এজন খ্ৰীষ্টীয় পুৰুষে তেওঁৰ ভাৰ্য্যাৰ সৈতে দুব্যৱহাৰ কৰে, তেন্তে তেওঁৰ অন্য সকলো ভাল কাৰ্য্য মূল্যহীন হব আৰু তেওঁৰ প্ৰাৰ্থনাত বাধা আহিব।​—⁠১ কৰিন্থীয়া ১৩:​১-৩; ১ পিতৰ ৩:⁠৭.

১৪ যদি স্বামীয়ে যীচুৰ উদাহৰণ অনুকৰণ কৰে, তেওঁৰ ভাৰ্য্যাৰ বাবে ইফিচীয়া ৫:​২২, ২৩ পদত কোৱা কথাবিলাক পালন কৰা সহজ হয়: “হে ভাৰ্য্যাবিলাক, তোমালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা; কিয়নো খ্ৰীষ্ট্‌ যেনেকৈ মন্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্ত্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰস্বৰূপ হৈছে।” যেনেকৈ এজন স্বামীয়ে খ্ৰীষ্টৰ অধীনত থাকে, সেইদৰে স্ত্ৰীয়ে স্বামীৰ অধীনত থাকিব লাগে। বাইবেলে স্পষ্ট কৰে যে গুণৱতী স্ত্ৰীয়ে তেওঁলোকৰ ঈশ্বৰীয় জ্ঞান আৰু পৰিশ্ৰমতাৰ বাবে সন্মান আৰু প্ৰশংসাৰ যোগ্য হয়।​—⁠হিতোপদেশ ৩১:​১০-৩১.

১৫ নিজৰ স্বামীৰ প্ৰতি এজনী খ্ৰীষ্টীয় স্ত্ৰীয়ে আপেক্ষিকৰূপে অধীন হব পাৰে। ইয়াৰ অৰ্থ এই যে, যদি এটা নিৰ্দ্দিষ্ট বিষয়বস্তুৰ অধীনতা দেখুৱালে ঈশ্বৰীয় বিধানক উলঙ্ঘন কৰা হয় তেন্তে মানুহতকৈ ঈশ্বৰৰ আজ্ঞাহে পালন কৰিব লাগে। কিন্তু তেতিয়াও, ভাৰ্য্যা ঈশ্বৰৰ নিয়মৰ প্ৰতি দৃঢ় সঙ্কল্প, “নম্ৰ আৰু কোমল চিত্তৰ” সৈতে মৃদু আচৰণৰ হোৱা উচিত। এইটো স্পষ্ট হোৱা উচিত যে তাইক ঈশ্বৰৰ জ্ঞানে এজনী উত্তম ভাৰ্য্যালৈ পৰিণত কৰে। (১ পিতৰ ৩:​১-৪) এইটো কথা এজন খ্ৰীষ্টীয় স্বামীৰ ক্ষেত্ৰতো সেই একেদৰে প্ৰয়োগ হয় যাৰ ভাৰ্য্যা অবিশ্বাসী। বাইবেলৰ নীতিসমূহক পালন কৰাৰ কাৰণে তেওঁক এজন উত্তম স্বামীলৈ পৰিণত কৰিব।

১৬ইফিচীয়া ৬:১ পদত সন্তানবিলাকৰ ভূমিকা বৰ্ণনা কৰে, এইদৰে কৈছে: “প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত।” যীচুৱে তেওঁৰ পিতৃ-মাতৃৰ অধীনত থাকি ডাঙৰ দীঘল হৈছিল, খ্ৰীষ্টীয় লৰা-ছোৱালীয়ে তেওঁৰ উদাহৰণ অনুকৰণ কৰিব লাগে। এক আজ্ঞাকাৰী লৰা হিচাবে, তেওঁ “জ্ঞানত, বয়সত আৰু ঈশ্বৰ আৰু মনুষ্যৰ দৃষ্টিতে অনুগ্ৰহতো বৃদ্ধি পাই থাকিল।”​—⁠লূক ২:​৫১, ৫২.

১৭ সন্তানসকলে অধিকাৰীসকলক সন্মান কৰিবনে, অথবা তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব, পিতৃ-মাতৃয়ে দিয়া শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। (হিতোপদেশ ২২:⁠৬) সেইবাবে পিতৃ-মাতৃয়ে নিজকে সোধাৰ প্ৰয়োজন, ‘কিভাৱে মই মোৰ কৰ্তৃত্বক ব্যৱহাৰ কৰিছো, প্ৰেমৰে নে কঠোৰতাৰে? কি মই সকলো মানি লওঁ?’ এজন ঈশ্বৰীয় পিতৃ-মাতৃৰ পৰা আশা কৰা হয় যে তেওঁলোক প্ৰেমময় আৰু সহানুভূতিশীল হব, তাৰ লগতে ঈশ্বৰীয় মূলতত্ত্বক পালন কৰাৰ দৃঢ় সঙ্কল্প হোৱাতো। উপযুক্তৰূপে, পৌলে লিখিছিল: “পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।”​—⁠ইফিচীয়া ৬:৪; কলচীয়া ৩:⁠২১.

১৮ পিতৃ-মাতৃয়ে তেওঁলোকৰ প্ৰশিক্ষণ পদ্ধতিবিলাক পৰীক্ষা কৰা উচিত, বিশেষকৈ যদি তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সন্তানে আজ্ঞাকাৰী হোৱা আৰু এনেদৰে তেওঁলোকক আনন্দিত কৰিব। (হিতোপদেশ ২৩:​২৪, ২৫) বাইবেলৰ, শিক্ষাদান হৈছে উপদেশৰ এটা প্ৰধান ৰূপ। (হিতোপদেশ ৪:১; ৮:৩৩) ই প্ৰেম আৰু নম্ৰতাৰ সৈতে সংযুক্ত খং আৰু নিষ্ঠুৰতাৰে সৈতে নহয়। এইবাবে, খ্ৰীষ্টীয় পিতৃ-মাতৃৰ সুবিবেচনাৰে কাৰ্য্য কৰা আৱশ্যক আৰু যেতিয়া তেওঁলোকে সন্তানক শিক্ষা দিয়ে তেতিয়া নিজকে সংযম কৰিব লাগে।​—⁠হিতোপদেশ ১:⁠৭.

মণ্ডলীত অধিকাৰ

১৯ যিহেতু যিহোৱা সুশৃঙ্খলবদ্ধ ঈশ্বৰ, সেইবাবে ই যুক্তিসঙ্গত যে তেওঁৰ লোকসকললৈ উপযুক্ত অধিকাৰ আৰু সুসংগঠিত নেতৃত্ব প্ৰদান কৰে। সেই অনুসাৰে, তেওঁ যীচুক খ্ৰীষ্টীয় মণ্ডলীৰ মূৰস্বৰূপ নিযুক্তি কৰে। (১ কৰিন্থীয়া ১৪:​৩৩, ৪০; ইফিচীয়া ১:​২০-২৩) খ্ৰীষ্টৰ অদৃশ্য নেতৃত্বৰ অধীনত, ঈশ্বৰে এক ব্যৱস্থাৰ অনুমতি দিছে যাৰ দ্বাৰা প্ৰত্যেক মণ্ডলীৰ নিযুক্ত অধ্যক্ষসকলে নিজৰ জাকবোৰক আগ্ৰহী, ইচ্ছাকৃতভাৱে আৰু প্ৰেমেৰে চোৱা-চিতা কৰে। (১ পিতৰ ৫:​২, ৩) পৰিচাৰকসকলে বিভিন্ন প্ৰকাৰে তেওঁলোকক সহায় কৰে আৰু মণ্ডলীত বহুমূলীয়া সেৱা কাৰ্য্য অৰ্পণ কৰে।​—⁠ফিলিপীয়া ১:⁠১.

২০ খ্ৰীষ্টীয় অধক্ষ্যসকলৰ সমন্ধে, পৌলে লিখিছিল: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা; কিয়নো হিচাব দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।” (ইব্ৰী ১৩:১৭) প্ৰজ্ঞাসহকৰে, ঈশ্বৰে খ্ৰীষ্টীয় অধ্যক্ষসকলৰ ওপৰত মণ্ডলীৰ লোকবোৰৰ আধ্যাত্মিক আৱশ্যকতাক তত্ত্বাবধান লবলৈ বিশ্বাসীভাৱে দ্বায়ীত্ব গতাই দিছে। এই প্ৰাচীনসকলে এটা যাজক শ্ৰেণীৰ প্ৰতিষ্ঠা নকৰে। তেওঁলোক ঈশ্বৰৰ সেৱক আৰু দাস আৰু যেনেকৈ আমাৰ শিক্ষক যীচু খ্ৰীষ্টই কৰিছিল, তেনেকৈ তেওঁলোকে নিজৰ সঙ্গী উপাসকসকলৰ আৱশ্যকতাক পৰিচাৰ্য্য কৰে। (যোহন ১০:​১৪, ১৫) আমাৰ উন্নতি আৰু আধ্যাত্মিক বৃদ্ধিৰ কাৰণে শাস্ত্ৰৰ সন্মতভাৱে যোগ্য ব্যক্তিসকলে আগ্ৰহেৰে আমাক উৎসাহিত কৰে যাতে আমি তেওঁলোকৰ সহযোগিতা হৈ আৰু বশীভূত হব পাৰো।​—⁠১ কৰিন্থীয়া ১৬:⁠১৬.

২১ কেতিয়াবা কেতিয়াবা ভেৰা পথভ্ৰষ্ট হব পাৰে বা জাগতিক বিষয়ৰ দ্বাৰা বিপদাপন্ন হব পাৰে। মুখ্য ৰখীয়াৰ নেতৃত্বৰ, অধীনত ৰখীয়া হিচাবে অধ্যক্ষসকলৰ তত্বৱধানত যিসকল আছে তেওঁলোকৰ আৱশ্যকতাৰ প্ৰতি সৰ্তক হৈ থাকে, আৰু পৰিশ্ৰম সহকাৰে তেওঁলোকৰ প্ৰতি ব্যক্তিগত মনোযোগ দিয়ে। (১ পিতৰ ৫:⁠৪) তেওঁলোকে মন্ডলীৰ সদস্যসকলক সাক্ষ্যাৎ কৰিবলৈ ঘৰলৈ যায় আৰু উদগণি দিয়ে। চয়তানে ঈশ্বৰৰ প্ৰজাবিলাকৰ শান্তি ভঙ্গ কৰাৰ চেষ্টা জানি, অধক্ষ্যসকলে যিকোনো সমস্যা সমাধান কৰিবলৈ যি জ্ঞান ওপৰৰ পৰা অহা বুদ্ধি ব্যৱহাৰ কৰে। (যাকোব ৩:​১৭, ১৮) তেওঁলোকে ঐক্যতা আৰু বিশ্বাসত একতা বজাই ৰাখিবলৈ কঠোৰ প্ৰচেষ্টা কৰে, এই বিষয় যাৰ বাবে স্বয়ং যীচুৱে নিজে প্ৰাৰ্থনা কৰিছিল।​—⁠যোহন ১৭:​২০-২২; ১ কৰিন্থীয়া ১:⁠১০.

২২ যদি কোনো খ্ৰীষ্টানে পাপ কৰা বাবে কষ্ট ভুগে বা নিৰুৎসাহ হৈ পৰে, তেতিয়াহলে কি হব? বাইবেলৰ শান্তনাদায়ক উপদেশ আৰু সেই ব্যক্তিৰ বাবে অধ্যক্ষসকলে কৰা আন্তৰিক প্ৰাৰ্থনায়ে তেওঁক আধ্যাত্মিক স্ব্যাস্থ্য পুনৰাই পাবলৈ সহায় কৰে। ( যাকোব ৫:​১৩-১৫) পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত, এই ব্যক্তিসকলৰ ওচৰত তেওঁলোকৰ প্ৰতি অনুশাসনমূলক ব্যৱস্থা লবলৈ আৰু তাড়ণা দিবলৈ অধিকাৰ আছে, যিসকলে অন্যায় পথত চলে বা মণ্ডলীৰ আধ্যাত্মিক আৰু নৈতিক শুদ্ধতাক বিপদপন্ন কৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮; তীত ১:৯; ২:১৫) মণ্ডলীত শুদ্ধতা বজাই ৰাখিবলৈ, গভীৰ কুকৰ্মৰ বাবে ব্যক্তিসকলে ৰিৰ্পট কৰাটো আৱশ্যক হৈ পৰিব পাৰে। (লেবীয়া পুস্তক ৫:⁠১) যদি কোনো এজন খ্ৰীষ্টীয় ব্যক্তিয়ে গভীৰ পাপ কৰে শাস্ত্ৰীয় শিক্ষা আৰু ভৎসনা স্বীকাৰ কৰে আৰু প্ৰকৃত অনুতাপৰ প্ৰমাণ দিয়ে, তেনেহলে তেওঁক সহায় কৰা হব। অৱশ্যে, ক্ৰমাগতভাৱে পাপ কৰা আৰু অনুতাপ নকৰা ঈশ্বৰৰ বিধানক উলঙ্ঘন কৰাসকলক বহিস্কৃত কৰা হয়।​—⁠১ কৰিন্থীয়া ৫:​৯-১৩.

২৩ বাইবেলে ভৱিষ্যতবাণী কৰিছিল যে ৰজা ৰূপে যীচু খ্ৰীষ্টৰ অধীনত, ঈশ্বৰৰ লোকসকলক সহানুভুতি, সুৰক্ষা আৰু বিশ্ৰাম দিবলৈ আধ্যাত্মিক প্ৰাপ্তবয়স্ক লোকসকলক নিযুক্ত কৰিবলৈ আছিল। (যিচয়া ৩২:​১, ২) তেওঁলোকে আধ্যাত্মিক বৃদ্ধিত উন্নত কৰিবলৈ শুভৰ্বাত্তা প্ৰচাৰক, ভেৰৰখীয়া আৰু শিক্ষক ৰূপে অগ্ৰগামী লবলৈ আছিল। (ইফিচীয়া ৪:​১১, ১২, ১৬) যদিও খ্ৰীষ্টীয় অধ্যক্ষবিলাকে কেতিয়াবা সঙ্গী বিশ্বাসীসকলক ভৎসনা, ধমকি আৰু পৰামৰ্শ দিয়ে কিন্তু ঈশ্বৰৰ বাক্যত নিৰ্ধাৰিত অধ্যক্ষসকলৰ উপকাৰী শিক্ষাই সকলোকে জীৱনৰ পথত চলিবলৈ সহায় কৰে।​—⁠হিতোপদেশ ৩:​১১, ১২; ৬:২৩; তীত ২:⁠১.

কৰ্তৃত্ব সৰ্ম্পকে যিহোৱাৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰক

২৪ কৰ্তৃত্বৰ প্ৰতি বশ্যতা স্বীকাৰ, এই বিষয়ে প্ৰথম পুৰুষ আৰু স্ত্ৰীক পৰিক্ষা কৰা হৈছিল। আচৰিত কথা নহয় যে প্ৰতিদিনে সেই একে পৰীক্ষা আমাৰ সন্মূখত আহে। দিয়াবল চয়তানে মানৱজাতিৰ মাজত অবাধ্যতাৰ আত্মাক উত্তেজিত কৰে। (ইফিচীয়া ২:⁠২) বশ্যতাস্বীকাৰৰ পথতকৈ স্বাধীনতাৰ পথ অনেক বেছি আকৰ্ষণীয় কৰি উপস্থিত কৰে।

২৫ কিন্তু, আমি অৱশ্যে জগতৰ বিদ্ৰোহী আত্মাক বিৰোধ কৰা উচিত। এনে কৰাৰ ফলত আমি বিচাৰি পাম যে ঈশ্বৰীয় অধীনতায়ে বহুমূলীয়া পুৰস্কাৰ লৈ আহে। উদাহৰণস্বৰূপে, আমি উদ্বেগ আৰু সমস্যাৰ পৰা আঁতৰি থাকিব লাগিব, যিয়ে সেইসকলৰ বাবে সাধাৰণ কথা যিসকলৰ চৰকাৰী অধীকাৰীসকলৰ লগত কোনো সমস্যা সৃষ্টি হৈছে। আমি সংঘৰ্ষ কম কৰিব পাৰিম, যি বহুতো পৰিয়ালৰ মাজত দেখা যায়। আৰু আমি খ্ৰীষ্টীয় সহ-বিশ্বাসীসকলৰ সৈতে স্নেহ, প্ৰেমময় উপকাৰবিলাক উপভোগ কৰিম। সকলোতকৈ অধিক, আমাৰ ঈশ্বৰীয় বশ্যতা স্বীকাৰৰ ফল হব যিহোৱা, সৰ্ব্বপ্ৰধান অধিকাৰপ্ৰাপ্তজনৰ সৈতে এটা ভাল সৰ্ম্পক গঢ়ি তোলা।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

যিহোৱাই কিদৰে তেওঁৰ অধিকাৰ প্ৰয়োগ কৰে?

‘প্ৰধান অধিকাৰীসকল’ কোন আৰু কেনেকৈ আমি তেওঁলোকৰ অধীনত থাকিব লাগে?

পৰিয়ালৰ প্ৰত্যেক সদস্যৰ মূৰস্বৰূপ সিধান্তৰ প্ৰতি কি দ্বায়ীত্ব আছে?

আমি কেনেকৈ খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি অধীনতা দেখুৱাব পাৰো?

[Study Questions]

১, ২. সকলো প্ৰকাৰৰ অধিকাৰ অপকাৰী নে? ব্যাখ্যা কৰক।

৩. প্ৰকৃতৰূপে যিহোৱাক “সাৰ্ব্বভৌম প্ৰভু” বুলি কিয় কোৱা হয়?

৪. কেনেকৈ যিহোৱাই নিজৰ অধিকাৰ ব্যৱহাৰ কৰিবলৈ বাচি ললে?

৫. যিহোৱাৰ অধিকাৰৰ প্ৰতি বশ্যতা স্বীকাৰ কৰা কিয় কঠিন নহয়?

৬. এদন বাগিচাত অধিকাৰ প্ৰশ্ন কেনেকৈ উঠিল আৰু পৰিণাম কি হʼল?

৭. ‘প্ৰধান অধিকাৰীসকল’ কোন আৰু তেওঁলোকৰ পদবী কেনেকৈ ঈশ্বৰৰ অধিকাৰৰ লগত সম্বন্ধ আছে?

৮. প্ৰধান অধিকাৰীসকলৰ পৰা আপুনি কেনেকৈ লাভৱান হয় আৰু আপুনি কেনেকৈ তেওঁলোকৰ প্ৰতি বশ্যতা স্বীকাৰ কৰিব পাৰে?

৯, ১০. (ক) প্ৰধান অধিকাৰীসকল কেনেকৈ ঈশ্বৰৰ ব্যৱস্থাৰ সৈতে উপযুক্ত হৈছে? (খ) প্ৰধান অধিকাৰীসকলৰ বিৰোধ কৰা কিয় অন্যায় হব?

১১. মূৰস্বৰূপ ব্যৱস্থা নীতিক আপুনি কেনেকৈ ব্যাখ্যা কৰিব?

১২, ১৩. পৰিয়ালৰ মূৰ কোন আৰু যীচু খ্ৰীষ্টৰ মূৰস্বৰূপ ব্যৱস্থাৰ পৰা কি শিকিব পৰা যায়?

১৪, ১৫. ঈশ্বৰৰ জ্ঞানে এজনী স্ত্ৰীক তাইৰ স্বামীৰ অধীনত থাকিবলৈ কেনেকৈ সহায় কৰে?

১৬. যীচু যেতিয়া কিশোৰ আছিল তেওঁ প্ৰস্তুত কৰা উদাহৰণ সন্তানসকলে কেনেকৈ অনুকৰণ কৰিব পাৰে?

১৭. পিতৃ-মাতৃয়ে ব্যৱহাৰ কৰা অধিকাৰে সন্তানৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায়?

১৮. পিতৃ-মাতৃয়ে কেনেকৈ শিক্ষা দিয়া উচিত?

১৯. খ্ৰীষ্টীয় মণ্ডলীত শৃঙ্খলা বজাই ৰাখিবলৈ ঈশ্বৰে কি ব্যৱস্থা কৰিছে?

২০. আমি নিযুক্ত খ্ৰীষ্টীয় অধ্যক্ষসকলৰ প্ৰতি কিয় অধীনতা দেখুৱা উচিত আৰু এইটো কিয় লাভদায়ক?

২১. নিযুক্ত অধ্যক্ষ্যসকলে সহ খ্ৰীষ্টীয়সকলক কেনেকৈ আধ্যাত্মিক ৰূপে সহায় কৰিব বিচাৰে?

২২. অন্যায় কাম সমন্ধে অধ্যক্ষসকলে কি সহায়ৰ ব্যৱস্থা কৰে?

২৩. মণ্ডলীৰ লাভৰ অৰ্থে খ্ৰীষ্টীয় অধ্যক্ষসকলে কি ব্যৱস্থা কৰে?

২৪. আমি প্ৰত্যেক দিনে কেনে ধৰণৰ বিষয়বোৰৰ পৰীক্ষাত পৰো?

২৫. জগতৰ বিদ্ৰোহী আত্মাক অগ্ৰাহ্য কৰিলে আৰু ঈশ্বৰে প্ৰদান কৰা বা অনুমতি দিয়া অধিকাৰীৰ প্ৰতি অধীনতা দেখুৱালে কি লাভ হয়?

[Box on page 134]

অধীনতা হয়, বিপ্লৱী নহয়

সৰ্ব্বসাধাৰণত প্ৰচাৰ কাৰ্য্যৰ যোগেদি, যিহোৱাৰ সাক্ষীসকলে মানৱজাতিৰ একমাত্ৰ শান্তি আৰু সুৰক্ষাৰ আশা ৰূপে ঈশ্বৰৰ ৰাজ্যলৈ নিৰ্দেশ দিয়ে। কিন্তু ঈশ্বৰৰ ৰাজ্যৰ এই উৎসাহী ঘোষণাকাৰীসকলে কোনো প্ৰকাৰে সেই চৰকাৰৰ বিদ্ৰোহী নহয় যাৰ অধীনত তেওঁলোকে থাকে। ইয়াৰ বিপৰীতে, অত্যাধিক সন্মানীয় আৰু আইন-পালনকাৰী নাগৰিকৰ ভিতৰত সাক্ষীসকল অন্তভূক্ত। “যদি সকলো ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকল যিহোৱাৰ সাক্ষীৰ দৰে হোৱা হʼলে,” এখন আফ্ৰিকীয় দেশৰ চৰকাৰী অধিকাৰী এজনে এইদৰে কৈছিল, “তেতিয়াহʼলে আমাৰ কোনো হত্যা, চুৰি, অপৰাধ, বন্দী আৰু পৰমাণু বোমা নাথাকিলেহঁতেন। দিন বা ৰাতি দুৱাৰ বন্ধ কৰিবলগীয়া নহলহেঁতেন।”

এই কথা উপলব্ধি কৰি, অনেক দেশৰ চৰকাৰী অধিকাৰীসকলে কোনো বাধা নোহোৱাকৈ সাক্ষীসকলক প্ৰচাৰ কাৰ্য্য কৰিবলৈ অনুমতি দিছে। অন্য দেশত নিষেধাজ্ঞা বা প্ৰতিবন্ধক আঁতৰাই দিয়া হৈছে, যেতিয়া অধিকাৰীসকলে উপলব্ধি কৰিছে যে যিহোৱাৰ সাক্ষীসকলৰ ভাল কাৰ্য্যই প্ৰভাৱিত কৰিছে। ই সেইদৰে যিদৰে পাঁচনি পৌলে প্ৰধান অধিকাৰীসকলৰ আজ্ঞা পালন কৰাৰ বিষয়ে লিখিছিল: “সুকৰ্ম্ম কৰা, তেহে তাৰ পৰা প্ৰশংসা পাবা।”​—⁠ৰোমীয়া ১৩:​১, ৩.