Skip to content

Skip to table of contents

আপোনাৰ ভৱিষ্যত সুখী হব পাৰে!

আপোনাৰ ভৱিষ্যত সুখী হব পাৰে!

অধ্যায় ১

আপোনাৰ ভৱিষ্যত সুখী হব পাৰে!

আপোনাৰ আপোনজনাৰ পৰা পোৱা এক উলাহৰ আদৰণি। প্ৰিয় বন্ধুসকলৰ সৈতে আহাৰ খোৱা সময়ত পোৱা আনন্দত হৃদয় খোলা হাহিঁ। সন্তানসকলে ৰং-ধেমালি কৰা চাই আপুনি পোৱা সন্তোষ। এনে ধৰণৰ মুহূৰ্ত্তবোৰ জীৱনত সোণালী ক্ষণ আনে। কিন্তু, বহুতৰ জীৱনত এটা গভীৰ সমস্যাৰ পিছত আন এটা সমস্যাই দেখা দিয়ে। যদি সেইটো আপোনাৰ অভিজ্ঞতা হৈছে তেনেহলে, ধৈৰ্য্য ধৰক।

ঈশ্বৰৰ ইচ্ছা এই যে আপুনি সুন্দৰ পৰিবেশত সকলো পৰিস্থিতিৰ অধীনত স্থায়ীভাৱে আনন্দ উপভোগ কৰক। এইটো কেৱল সপোন নহয়, কিয়নো ঈশ্বৰে সচাঁকৈ আপোনালৈ সুখী ভৱিষ্যতৰ বাবে চাবি আগবঢ়াইছে। সেই চাবি হৈছে জ্ঞান।

আমি আলোচনা কৰা বিশেষ জ্ঞানৰ বিষয়টো, মানৱ জ্ঞানতকৈ বহু ওপৰত। এইটোৱেই হৈছে “ঈশ্বৰবিষয়ক জ্ঞান।” (হিতোপদেশ ২:⁠৫) প্ৰায় ২,০০০ বছৰৰ আগেই, এজন বাইবেল লিখকে কৈছিল: “প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলো স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:⁠৪) সৃষ্টিকৰ্ত্তাৰ জ্ঞানৰ বিষয়ে চিন্তা কৰক, যিজনাৰ অধীনত সকলো বস্তু আছে! বাইবেলে কৈছে যে ঈশ্বৰে তৰাবোৰৰ লেখ লয় আৰু নাম দিয়ে। কি যে আচৰিত চিন্তাধাৰা, যিহেতু আমাৰ নিজ নক্ষত্ৰপুঞ্জত হাজাৰ হাজাৰ, কোটি কোটি তৰাৰ সমষ্টি আছে আৰু জ্যোতিবিদসকলে কয় যে অন্যান্য নক্ষত্ৰপুঞ্জত প্ৰায় দহ হাজাৰ কোটি অন্য নক্ষত্ৰ আছে! (গীতমালা ১৪৭:⁠৪) ঈশ্বৰে আমাৰ বিষয়েও সকলো জানে, গতিকে তেওঁৰ অবিহনে জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সঠিক উত্তৰ কোনে দিব পাৰে?​—⁠মথি ১০:⁠৩০.

কল্পনা কৰক দুজন ব্যক্তিয়ে তেওঁলোকৰ গাড়ী ভাল কৰিবলৈ চেষ্টা কৰিছে। এজনে হতাশ হৈ, তেওঁৰ সঁজুলিবোৰ দলিয়াই পেলাইছে। আনজনে শান্তভাৱে সমস্যাটো সমাধান কৰি ইঞ্জিনত চাবি দিছে আৰু যেনেকৈ ইঞ্জিন চলিবলৈ আৰম্ভ কৰিছে, তেওঁ আনন্দিত হৈছে। নিৰ্মাণ-কোম্পানীৰ পৰা দিয়া নিদেৰ্শনাৰ কিতাপ দুই ব্যক্তিৰ মাজত কোন জনৰ ওচৰত আছিল তাক অনুমান কৰিবলৈ আপোনাৰ কঠিন নহব। ঈশ্বৰে আমাৰ জীৱন পৰিচালনা কৰিবলৈ নিদেৰ্শনা দিব পৰাটো যুক্তিসঙ্গত নহয়নে? আপুনি হয়তু জানে, বাইবেলে ঠিক তেনে দাবী কৰে​—⁠ঈশ্বৰবিষয়ক প্ৰচুৰ জ্ঞানেৰে ৰচিত, আমাৰ সৃষ্টিকৰ্তাৰ পৰা অহা নিদেৰ্শনা আৰু পথ-প্ৰদৰ্শনৰ এখন শাস্ত্ৰ।​—⁠২ তীমথিয় ৩:⁠১৬.

যদি বাইবেলৰ এই দাবী সচাঁ হয়, তেন্তে ভাবি চাওঁক সেই শাস্ত্ৰত কি জ্ঞানৰ ভঁৰাল আছে! হিতোপদেশ ২:​১-৫ পদত, আমাক সুবুদ্ধি বিচাৰিবলৈ উৎসাহ দিয়ে, আমি ইয়াক গুপ্ত ধনৰ দৰে খান্দি উলিয়াব লাগে​—⁠মানৱ ভাৱ-ধাৰাৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ বাক্যৰ দ্বাৰাহে। যদি আমি তাত বিচাৰো, আমি “ঈশ্বৰবিষয়ক জ্ঞান লাভ” কৰিম। যিহেতু ঈশ্বৰে আমাৰ সীমিত ক্ষমতা আৰু প্ৰয়োজনীয়তা জানে, তেওঁ আমাক নিদেৰ্শনা দিয়ে, যিয়ে আমাক শান্তিপূৰ্ণ আৰু সুখী জীৱন জীয়াই থাকিবলৈ সহায় কৰিব। (গীতমালা ১০৩:১৪; যিচয়া ৪৮:১৭) ইয়াৰ উপৰিও, ঈশ্বৰৰ জ্ঞানে আমাক উৎসাহপূৰ্ণ শুভবাৰ্ত্তা দিয়ে।

অনন্ত জীৱন!

প্ৰসিদ্ধ ঐতিহাসিক ব্যক্তি যীচু খ্ৰীষ্টই ঈশ্বৰৰ জ্ঞানৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰিছিল। তেওঁ কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (হেলনীয় মুদ্ৰণ আমাৰ।) (যোহন ১৭:⁠৩) কল্পনা কৰক​—⁠জ্ঞান যিয়ে অনন্ত জীৱনলৈ লৈ যায়!

অনন্ত জীৱনক এটা মাত্ৰ সপোনৰ দৰে ভাবি মনৰ পৰা সোনকালে উলিয়াই নিদিব। তাৰ পৰিবৰ্ত্তে, মানৱ শৰীৰৰ গঠন প্ৰণালী লক্ষ্য কৰক। সোৱাদ লবলৈ, শুনিবলৈ, গোন্ধ লবলৈ, চাবলৈ আৰু অনুভৱ কৰিবৰ বাবে অপূৰ্বৰূপে গঠন কৰা হৈছে। পৃথিবীত ইমানবোৰ বস্তু আছে যিবিলাকে আমাৰ ইন্দ্ৰিয়ক তৃপ্তি কৰায়​—⁠জুটি লগা আহাৰ, চৰাইৰ মধুৰ গীত, ফুলৰ সুগন্ধ, মনোৰম দৃশ্য, আমোদজনক বন্ধুত্ব! আৰু আমাৰ মগজু চুপাৰকম্পিউতাৰতকৈও বহু বেছি উন্নত, কাৰণ ই আমাক এই সকলো বস্তুৰ প্ৰশংসা কৰিবলৈ আৰু আনন্দ উপভোগ কৰিবলৈ সহায় কৰে। আপুনি ভাবেনে, আমাৰ মৃত্যু হোৱা আৰু এই সকলোবোৰ হেৰুৱাই দিয়াটো সৃষ্টিকৰ্ত্তাই বিচাৰে? আমি সুখৰে জীৱন-যাপন কৰা আৰু আনন্দৰে চিৰকাললৈকে জীয়াই থকাটো তেওঁ যে বিচাৰে ই যুক্তিসঙ্গত সিদ্ধান্ত নহয়নে? সেইবাবেই, সেই ঈশ্বৰৰ জ্ঞান আপোনাৰ বাবে এক অৰ্থ ৰাখিব পাৰে।

পৰমদেশত জীৱন

পৃথিবী আৰু মানৱজাতিৰ ভৱিষ্যতৰ বিষয়ে বাইবেলে যি কৈছে তাক এটা শব্দত প্ৰকাশ কৰিব পৰা যায়​—⁠পৰমদেশ! যীচু খ্ৰীষ্টই ইয়াৰ বিষয়ে এজন মৃত্যুমুখী ব্যক্তিক কৈছিল: “তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) পৰমদেশৰ বিষয়ে উল্লেখ কৰাৰ লগে লগে আমাৰ প্ৰথম পিতৃ-মাতৃ, আদম আৰু হৱাৰ সুখী পৰিস্থিতিৰ কথা নিঃসন্দেহ, সেই ব্যক্তিজনৰ মনলৈ আহিছিল। যেতিয়া ঈশ্বৰে তেওঁলোকক সৃষ্টি কৰিছিল, তেওঁলোক সিদ্ধ আছিল আৰু এখন বাগিছাৰূপী উদ্যানত বসবাস কৰিবলৈ সৃষ্টিকৰ্ত্তাই পৰিকল্পনাৰে স্থাপন কৰিছিল। ইয়াক উপযুক্তৰূপে এদন বাগিছা বুলি কোৱা হৈছিল, যি নামৰ অৰ্থ হৈছে আনন্দ।

সেই বাগিছাখন কিমান যে আনন্দময় আছিল! ই এখন প্ৰকৃত পৰমদেশ আছিল। ইয়াৰ সুন্দৰ গছ-গছনিৰ মাজত সোৱাদলগা ফল উৎপন্ন কৰা গছো আছিল। যেতিয়া আদম আৰু হৱাই তেওঁলোকৰ প্ৰান্তত ঘুৰি-ফুৰি ইয়াৰ বিশুদ্ধ পানী পান কৰিছিল আৰু গছ-গছনিৰ পৰা ফল গোটাইছিল, তেতিয়া তেওঁলোক ব্যাকুল বা ভয়-ভীত হোৱাৰ কোনো কাৰণ নাছিল। আনকি জীৱ-জন্তুৰ পৰাও ক্ষতি হোৱা কোনো সম্ভাৱনা নাছিল, কিয়নো পুৰুষ আৰু স্ত্ৰীক ঈশ্বৰে সিবিলাকৰ ওপৰত প্ৰেমময় অধিকাৰ দিছিল। ইয়াৰ উপৰিও, প্ৰথম মানৱ দম্পতীৰ অতি আনন্দদায়ক স্বাস্থ্য আছিল। যিমান দিনলৈকে তেওঁলোকে ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকিব, এক অনন্ত সুখৰ ভৱিষ্যত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল। সেই সুন্দৰ পৰমদেশীয় ঘৰক যত্ন লবলৈ তেওঁলোকক সন্তোষজনক দ্বায়িত্ব দিয়া হৈছিল। তদুপৰি, ঈশ্বৰে আদম আৰু হৱাক “পৃথিবীখন পৰিপূৰ্ণ কৰিবলৈ আৰু তাক বশীভূত কৰিবলৈ” আজ্ঞা দিছিল। তেওঁলোক আৰু তেওঁলোকৰ সন্তান-সন্ততিসকলে আমাৰ গোটেই গ্ৰহটো সুন্দৰ আৰু মনোৰম হৈ নোযোৱালৈকে পৰমদেশৰ সীমা বৃদ্ধি কৰিবলৈ আছিল।​—⁠আদিপুস্তক ১:⁠২৮.

১০ যেতিয়া যীচুয়ে পৰমদেশৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁ সেই মৃত্যুমুখী ব্যক্তিজনক দূৰ অতীতৰ বাবে ভাবিবলৈ কোৱা নাছিল। তাৰ পৰিবৰ্ত্তে যীচুৱে ভৱিষ্যতৰ বিষয়ে কৈছিল! তেওঁ জানিছিল যে আমাৰ ঘৰৰূপী পৃথিবীখন পৰমদেশলৈ পৰিণত হব। এইদৰে ঈশ্বৰে আমাৰ পৃথিবী আৰু মানৱজাতিৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিব। (যিচয়া ৫৫:​১০, ১১) হয়, পৰমদেশ পুনৰ স্থাপিত হব। ই কেনেকৈ হব? ঈশ্বৰৰ বাক্য, পবিত্ৰ বাইবেলে ইয়াৰ উত্তৰ দিয়ে।

পুনৰ স্থাপিত পৰমদেশত জীৱন

১১বেমাৰ, বৃদ্ধ অৱস্থা, মৃত্যু আৰু নাথাকিব। “সেই কালত অন্ধবিলাকৰ চকু খোলা হব আৰু কলাবোৰৰ কাণ মুকলি হব। সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব আৰু বোবাবিলাকৰ জিবাই গান কৰিব।” (যিচয়া ৩৫:​৫, ৬) “ঈশ্বৰ নিজে [মানুহৰ] সঙ্গী হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”​—⁠প্ৰকাশিত বাক্য ২১:​৩, ৪.

১২অপৰাধ, হিংসা আৰু দুষ্টতা চিৰকালৰ বাবে গুচি যাব। “কিয়নো দুষ্টবোৰ উচ্ছন্ন হব। . . . কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব . . . তাক নাপাবা। কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব।” (গীতমালা ৩৭:​৯-১১) “কিন্তু দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব আৰু বিশ্বাস-ঘাতকবোৰক দেশৰ পৰা উঘলা যাব।” ​—⁠হিতোপদেশ ২:⁠২২.

১৩গোটেই পৃথিৱীজুৰি শান্তি স্থাপিত হব। “পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰে, ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।” (গীতমালা ৪৬:⁠৯) “তেওঁৰ কালত ধাৰ্ম্মিক জন জক্‌মকাব; চন্দ্ৰ থাকেমানে প্ৰচুৰ শান্তি থাকিব।”​—⁠গীতমালা ৭২:⁠৭.

১৪নিৰাপদ বাসস্থান আৰু সন্তোষজনক কাৰ্য্য হব। “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব . . . অন্যে বাস কৰিবলৈ তেওঁ বিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হব আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব। তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব আৰু আপদৰ নিমিত্তে সন্তান প্ৰসৱ নকৰিব।”​—⁠যিচয়া ৬৫:​২১-২৩.

১৫প্ৰচুৰ মাত্ৰাত স্বাস্থ্যকৰ আহাৰ পোৱা যাব। “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব।” (গীতমালা ৭২:১৬) “পৃথিবীয়ে নিজ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ নিজৰ ঈশ্বৰেই আমাক আশীৰ্ব্বাদ কৰিব।”​—⁠গীতমালা ৬৭:⁠৬.

১৬পৃথিবীৰ পৰমদেশত অনন্ত জীৱন আনন্দময় হব। “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:২৯) “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব।”​—⁠যিচয়া ৩৫:⁠১.

জ্ঞান আৰু আপোনাৰ ভৱিষ্যত

১৭ যদি পৰমদেশৰ জীৱনে আপোনাক আকৰ্ষিত কৰে, তেনেহলে, কোনো ক্ষেত্ৰতে ঈশ্বৰৰ জ্ঞান লোৱাৰ পৰা বাধা দিবলৈ নিদিব। তেওঁ মানৱজাতিক প্ৰেম কৰে আৰু সেইবাবে এই পৃথিবীখনক পৰমদেশলৈ প্ৰয়োজনীয় পৰিবৰ্ত্তন কৰিব। ধৰক, যদি এই পৃথিবীত ব্যাপকৰূপে থকা দুখ-কষ্ট আৰু অন্যায়ক শেষ কৰিবলৈ আপোনাৰ ক্ষমতা থাকে, কি আপুনি ইয়াক শেষ নকৰিবনে? ঈশ্বৰে তাতকৈ কম কৰিব বুলি আমি আশা কৰোঁনে? প্ৰকৃততে, বাইবেলে স্পষ্টৰূপে এটা সময়ৰ বিষয়ে বৰ্ণনা কৰে, যেতিয়া ঈশ্বৰে এই সংঘৰ্ষপূৰ্ণ ব্যৱস্থাক আঁতৰাই, তাৰ পৰিবৰ্ত্তে ইয়াত সিদ্ধ, ধাৰ্ম্মিক শাসন আনিব। (দানিয়েল ২:৪৪) কিন্তু বাইবেলে আমাক এই সকলোবোৰ কোৱাৰ উপৰিও আৰু বহু কিছু কৈছে। ই আমাক দেখুৱাই যে ঈশ্বৰে প্ৰতিজ্ঞা কৰা নতুন পৃথিবীত কেনেকৈ আমি পৰিত্ৰাণ পাব পাৰো।​—⁠২ পিতৰ ৩:১৩; ১ যোহন ২:⁠১৭.

১৮ ঈশ্বৰৰ জ্ঞানে এতিয়াও আপোনাৰ বাবে বহু উপকাৰ কৰিব পাৰে। বাইবেলত জীৱনৰ গভীৰতম আৰু অতি সন্দেহযুক্ত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। ইয়াৰ নিদেৰ্শনাবিলাক গ্ৰহণ কৰিলে আপোনাক ঈশ্বৰৰ লগত বন্ধুত্ব স্থাপন কৰাত সহায় কৰিব। কি যে মহান বিশেষ অধিকাৰ! আৰু ই আপোনাক সেই শান্তিত, আনন্দ উপভোগ কৰিবলৈ সক্ষম কৰাব যি কেৱল মাত্ৰ ঈশ্বৰেহে দিব পাৰে। (ৰোমীয়া ১৫:​১৩, ৩৩) যেতিয়া আপুনি এই আৱশ্যকীয় জ্ঞান লবলৈ আৰম্ভ কৰে, আপোনাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ আৰু ফলদায়ক কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছে। ঈশ্বৰৰ জ্ঞান যিয়ে অনন্ত জীৱনলৈ লৈ যায়, গ্ৰহণ কৰিবলৈ আক্ষেপ নকৰিব।

১৯ আমি বাইবেলক ঈশ্বৰৰ জ্ঞান থকা শাস্ত্ৰ বুলি উল্লেখ কৰিছো। তেনেহলে, আমি কেনেকৈ জানিম যে এইখন মানৱ ভাৱধাৰাৰে লিখা শাস্ত্ৰ নহয়, কিন্তু ইয়াতকৈ বহু বেছি উন্নত? আমি পৰবৰ্ত্তী অধ্যায়ত এই প্ৰশ্নৰ আলোচনা কৰিম।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

ঈশ্বৰৰ জ্ঞানে আপোনাক কিয় চিৰস্থায়ী আনন্দ দিব পাৰে?

আহিবলগীয়া পৃথিবীৰ পৰমদেশত জীৱন কেনেধৰণৰ হব?

বৰ্তমান আপুনি ঈশ্বৰৰ জ্ঞান ললে কিয় লাভবান হব?

[Study Questions]

১, ২. আপোনাৰ সৃষ্টিকৰ্ত্তাই আপোনাৰ বাবে কি বিচাৰে?

৩. কোনটো জ্ঞান সুখৰ চাবি আৰু কিয় আমি নিশ্চিত হব পাৰো যে ঈশ্বৰে সেই জ্ঞান দিব পাৰে?

৪. ঈশ্বৰৰ পৰা আমি কিয় নিদেৰ্শনাৰ বাবে আশা কৰিব পাৰো আৰু কোনখন শাস্ত্ৰই ইয়াৰ প্ৰয়োজনীয় অভাৱ পূৰ কৰে?

৫. বাইবেলৰ জ্ঞান কিমান মূল্যৱান?

৬. যীচু খ্ৰীষ্টই ঈশ্বৰৰ জ্ঞানৰ বিষয়ে কি আশ্বাস দিছে?

৭. ঈশ্বৰে আমাৰ মৃত্যু হোৱাটো যে নিবিচাৰে তাৰ কি প্ৰমাণ আছে?

৮. মানৱজাতিৰ ভৱিষ্যত সৰ্ম্পকে বাইবেলে কি কৈছে?

৯. অতীতৰ পৰমদেশ কেনেধৰণৰ আছিল?

১০. যেতিয়া যীচুৱে পৰমদেশৰ বিষয়ে কৈছিল, তেওঁৰ মনত কি আছিল?

১১. পুনৰ স্থাপিত পৰমদেশত, বেমাৰ, বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ কি হব?

১২. আমি কিয় নিশ্চিত হব পাৰো যে ভৱিষ্যতৰ পৰমদেশত কোনো অপৰাধ, হিংসা আৰু দুষ্টতা নাথাকিব?

১৩. ঈশ্বৰে কেনেকৈ শান্তি আনিব?

১৪, ১৫. পুনৰ স্থাপিত পৰমদেশত বাসস্থান, কাৰ্য্য আৰু খাদ্যৰ বিষয়ে বাইবেলে কি কৈছে?

১৬. পৰমদেশত জীৱন কিয় আনন্দময় হব?

১৭. (ক) যদি পৰমদেশৰ জীৱনে আপোনাক আকৰ্ষিত কৰে তেনেহলে আপুনি কি কৰা উচিত? (খ) আমি কেনেকৈ জানিব পাৰো যে ঈশ্বৰে পৃথিবীত এটা ডাঙৰ পৰিবৰ্ত্তন আনিব?

১৮. ঈশ্বৰৰ জ্ঞানে বৰ্তমান আপোনাৰ বাবে কি কৰিব পাৰে?

১৯. পৰবৰ্ত্তী অধ্যায়ত আমি কি প্ৰশ্নৰ বিবেচনা কৰিম?