আমাৰ আপোনজনাৰ মৃত্যুত কি হয়?
অধ্যায় ৯
আমাৰ আপোনজনাৰ মৃত্যুত কি হয়?
“যেতিয়া আপোনজনাৰ মৃত্যু হয়, তেতিয়া সকলো লোকে দুখী হয়, কিয়নো মৃত্যুত সেই মৃতজনা কোনোৱে কল্পনা কৰিব নোৱাৰা এনে এটা শূন্যত হেৰাই যায়।” সেইবাবে এজন পুত্ৰই কৈছিল যেতিয়া তেওঁৰ দেউতাক আৰু তাৰ অলপ পাছতে মাকৰ মৃত্যু হৈছিল। যন্ত্ৰণা আৰু বিচ্ছেদৰ তেওঁ গভীৰভাৱে হৈছিল যেন “মানসিকভাৱে সম্পূৰ্ণৰূপে অসহায় হৈছে”। হয়তু আপুনিও তেনেদৰে কষ্ট ভোগ কৰিছে। আপুনি হয়তু ভাৱিছে যে আপোনাৰ আপোনজনা কʼত আছে আৰু আপুনি কেতিয়াবা তেওঁলোকক পুনৰাই দেখিবনে।
২ শোকগ্ৰস্থ কিছুমান পিতৃ-মাতৃক কোৱা হৈছে, “ঈশ্বৰে স্বৰ্গত নিজৰ ওচৰত ৰাখিবলৈ অতি সুন্দৰ ফুলক ছিঙি লয়।” সেয়া সত্য হয়নে? আমাৰ মৃত আপোনজনা এখন আত্মিক ৰাজ্যত গʼলনে? কি এইটো সেই নিৰ্বাণ (Nirvana) নে, যাক কোনো কোনোৱে দুখ আৰু আকাঙ্ক্ষাবিহীন এটা পৰম সুখী অৱস্থা বুলি বৰ্ণনা কৰে? যাক আমি ভাল পাওঁ তেওঁলোকে পৰমদেশত অমৰত্ব জীৱনৰ বাবে এখন দুৱাৰৰে প্ৰবেশ কৰিলেনে? অথবা যিসকলে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰে তেওঁলোকে এক অন্তহীন যন্ত্ৰণা ভোগ কৰেনে? মৃত্যুজনা আমাৰ জীৱনক প্ৰভাৱিত কৰিব পাৰেনে? এনেধৰণৰ প্ৰশ্নৰ সঠিক উত্তৰ পাবলৈ আমি ঈশ্বৰৰ বাক্য, বাইবেলৰ পৰামৰ্শ লোৱা আৱশ্যক।
মানুহ কি?
৩ প্ৰাচীন গ্ৰীক দাৰ্শ নিক চক্ৰেটিছ আৰু প্লেটোৱে অনুমান কৰিছিল যে
পুৰুষ আৰু স্ত্ৰীৰ ভিতৰত নিশ্চয় এনে কিবা আছে যিটো স্বাভাৱিকৰূপে অমৰ—এটা আত্মা যিটো মৃত্যুৰ সময়ত বাচি যায় আৰু প্ৰকৃততে কেতিয়াও নমৰে। বৰ্তমান পৃথিবীজুৰি, কোটি কোটি লোকে ইয়াক বিশ্বাস কৰে। এই বিশ্বাসে প্ৰায়ে মৃতজনাৰ বাবে যিমান হিত চিন্তা কৰে, ঠিক সেইদৰে ভয় উৎপন্ন কৰে। কিন্তু বাইবেলে প্ৰকৃততে মানুহ কি আৰু যেতিয়া ই মৰে তেতিয়া কি হয়, তাৰ বিষয়ে আমাক সম্পূৰ্ণ বেলেগ শিক্ষা দিয়ে।৪ মানুহক কেনেকৈ সৃষ্টি কৰা হʼল, তাৰ বিষয়ে বাইবেলত দিয়া সৰল, অটল আৰু স্পষ্ট বৰ্ণনাক দৰ্শনশাস্ত্ৰ আৰু মানুহৰ অন্ধবিশ্বাসে জটিল কৰিলে। বাইবেলৰ প্ৰথম কিতাপ, আদিপুস্তক ২:৭ পদত কৈছে: “ঈশ্বৰ যিহোৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্ম্মাণ কৰি, তাৰ নাকত ফুঁ দি, প্ৰাণ-বায়ু সুমুৱাই দিলে; তাতে মানুহ জীয়া নেফিচ্ * [হিব্ৰুত অৰ্থ হৈছে “উশাহ”] হʼল।” লক্ষ্য কৰক মানুহক এটা আত্মা দিয়া নাছিল, তাৰ পৰিবৰ্ত্তে শক্তি বা “প্ৰাণবায়ু” নিৰ্জীৱ দেহত সুমুৱাই দিছিল আৰু তেতিয়া ই এটা মানুহ অথবা জীৱিত ব্যক্তি হʼল। স্পষ্টৰূপে, এক জীৱিত চেতনাপ্ৰাপ্ত ব্যক্তি হবলৈ মানুহক তেওঁৰ ভিতৰত এটা আত্মাৰ প্ৰয়োজন নাই। আদমৰ জীৱন উশাহৰ ওপৰত নিৰ্ভৰ আছিল। তথাপি, ঈশ্বৰে আদমৰ হাঁও-ফাঁওত বতাহ ফুৱাই অথবা “প্ৰাণবায়ু” সুমুৱাই দিয়াই যথেষ্ট নাছিল, তাৰ ওপৰিও তাত বহু কিছু সন্মিলিত আছিল। বাইবেলে “প্ৰাণবায়ু” বিষয়ে কৈছে যে ই পাৰ্থিব জীৱিত প্ৰাণীত সজীৱ থাকে।—আদি ৭:২২.
৫ এই “প্ৰাণ-বায়ু” কি? ই জীৱনৰ সেই অত্যাৱশ্যকীয় সজীৱতা যিটো ঈশ্বৰে আদমৰ নিৰ্জীৱ দেহত সুমুৱাই দিছিল। তেতিয়া এই শক্তিক শ্বাস-প্ৰশ্বাস ক্ৰিয়াৰ দ্বাৰাই জীয়াই ৰখা হৈছিল। গীতমালা ১৪৬:৪ পদত উল্লেখ কৰা “উশাহ” মানে কি? সেই পদে মৃত্যু হোৱাজনৰ বিষয়ে কৈছে: “তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয় আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” যেতিয়া বাইবেলৰ লেখকসকলে “উশাহ” শব্দটোক ব্যৱহাৰ কৰিছিল, শৰীৰ মৰি যোৱাৰ পাছতো জীৱিত থকা এক শৰীৰবিহীন আত্মাৰ বিষয়ে তেওঁলোকৰ মনলৈ কোনো ধাৰণা অহা নাছিল।
৬ মানুহৰ মৃত্যুত যি “উশাহ” দেহৰ পৰা বাহিৰ হয় সেয়া হৈছে প্ৰাণ-বায়ু, যাৰ আৰম্ভণি আমাৰ সৃষ্টিকৰ্তাৰ পৰা হৈছে। (গীতমালা ৩৬:৯; পাঁচনিৰ কৰ্ম্ম ১৭:২৮) এই প্ৰাণ-বায়ু, প্ৰাণীৰ কোনো বৈশিষ্টততা গ্ৰহণ নকৰে যাক ই সজীৱ কৰি ৰাখে, যিদৰে বিদ্যুৎ শক্তিয়ে যি যন্ত্ৰপাতিক ক্ৰিয়াশীল কৰে সেই যন্ত্ৰৰ বৈশিষ্টততা গ্ৰহণ নকৰে। যেতিয়া কোনো এজন ব্যক্তি মৰে, তাৰ উশাহ (প্ৰাণ-বায়ু) শৰীৰৰ জীৱকোষবোৰক সজীৱ ৰাখিব এৰি দিয়ে, ঠিক যেনেকৈ বিদ্যুৎ প্ৰবাহ বন্ধ কৰি দিয়াত লাইট নুমাই যায়। যেতিয়া প্ৰাণ-বায়ুয়ে মানৱ দেহক জীয়াই ৰাখিবলৈ এৰি দিয়ে, তেতিয়া সম্পূৰ্ণ মানুহজন মৰি যায়।—গীতমালা ১০৪:২৯.
“তুমি পুনৰায় ধূলিলৈকে উলটি যাবা”
৭ যিহোৱাই স্পষ্টৰূপে পাপী আদমৰ বাবে মৃত্যু অৰ্থ কি বুজাই দিছিল। ঈশ্বৰে কৈছিল: “তুমি মাটিলৈ উলটি নোযোৱামানে, তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; কাৰণ তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) আদম কʼলৈ উলটি যাব আছিল? মাটি অৰ্থাৎ ধূলিলৈ, যʼৰ পৰা তেওঁক সৃষ্টি কৰা হৈছিল। মৃত্যুত আদম অস্তিত্বহীন হʼল!
৮ এই সমন্ধে, মানুহৰ মৃত্যু পশুৰ মৃত্যুতকৈ বেলেগ নহয়। সিহঁতো নেফিচ্, আৰু সেই একে উশাহ বা প্ৰাণ-বায়ুয়ে সিহঁতকো জীৱিত ৰাখে। (আদিপুস্তক ১:২৪) জ্ঞানী ব্যক্তি চলোমনে আমাক উপদেশ ৩:১৯, ২০ পদত কৈছে: “ই যেনেকৈ মৰে, সিও তেনেকৈ মৰে, এনে কি, সিহঁত সকলোৰে এক নিশ্বাস-প্ৰশ্বাস মাথোন; এই হেতুকে [মৃত্যুত] পশুতকৈ মানুহ কোনো প্ৰাধন্য নাই; . . . সকলোৱেই ধূলিৰ পৰা উৎপন্ন হৈছে আৰু সকলোৱেই ধূলিলৈ উলটি যায়।” মানুহ পশুতকৈ শ্ৰেষ্ঠ আছিল কিয়নো তাক ঈশ্বৰৰ স্বৰূপে সৃষ্টি কৰা হৈছিল, যিয়ে ঈশ্বৰৰ গুণসমূহক প্ৰতিফলিত কৰে। (আদিপুস্তক ১:২৬, ২৭) তথাপি, মৃত্যুত মানৱ আৰু পশু একেদৰে ধূলিলৈ উলটি যায়।
৯ চলোমনে, মৃত্যুৰ অৰ্থ কি তাৰ বিষয়ে ব্যাখ্যা কৰি কৈছিল: “জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে।” হয়, মৃত্যুবিলাকে সম্পূৰ্ণৰূপে একোকেই নাজানে। সেয়েহে, চলোমনে উপদেশ দিছিল: “যি যি কাৰ্য্য তোমাৰ হাতত পৰে, তাক যত্নৰে কৰিবা; কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা, সেই চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:৫, ১০) মৃতবিলাক কʼলৈ যায়? চিয়োললৈ (হীব্ৰুত, শ্বী-ওল), মানৱজাতিৰ সাধাৰণ কবৰ। আমাৰ প্ৰিয় মৃতজনাৰ কোনো কথাৰে চেতনা নাথাকে। তেওঁলোকে কষ্ট নাপায় আৰু কোনো প্ৰকাৰে আমাক প্ৰভাৱিত কৰিব নোৱাৰে।
১০ তেতিয়াহলে আমি আৰু আমাৰ আপোনজনা মাত্ৰ কিছু বছৰৰ বাবে জীয়াই থাকি, তাৰ পাছত চিৰকালৰ বাবে অস্তিত্বহীন হয়নে? বাইবেলৰ অনুসাৰে নহয়। আদমে বিদ্ৰোহ কৰা সময়ত, যিহোৱা ঈশ্বৰে মানৱৰ পাপৰ ভয়ঙ্কৰ পৰিণামক পৰিবৰ্তন কৰিবলৈ তৎক্ষণাৎ ব্যৱস্থা কৰিছিল। মানৱজাতিৰ বাবে মৃত্যু ঈশ্বৰৰ উদ্দেশ্য নাছিল। (যিহিষ্কেল ৩৩:১১; ২ পিতৰ ৩:৯) সেইবাবে, মৃত্যু আমাৰ বা আমাৰ আপোনজনাৰ বাবে পূৰ্ণ সমাপ্তি নহয়।
“টোপনি গৈছে”
১১ যিহোৱাৰ উদ্দেশ্য হৈছে আমাক আৰু আমাৰ আপোনজনাক আদমৰ যোগেদি অহা মৃত্যুৰ পৰা উদ্ধাৰ কৰা। সেইবাবে, ঈশ্বৰৰ বাক্যই মৃতবিলাক টোপনি থকা ব্যক্তিৰূপে উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, যীচু খ্ৰীষ্টৰ বন্ধু লাজাৰ মৃত্যু হোৱা বুলি জনাৰ পাছত, তেওঁ শিষ্যসকলক কৈছিল: “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; কিন্তু তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।” যিহেতু শিষ্যসকলে এই উক্তিৰ অৰ্থ তৎক্ষণাৎ বুজি নোপোৱাত, যীচুৱে স্পষ্টৰূপে যোহন ১১:১১, ১৪) যীচুৱে তাৰ পাছত বৈথনিয়া নগৰত গৈছিল, যʼত লাজাৰৰ বায়েক মাৰ্থা আৰু মৰিয়মে তেওঁলোকৰ ভায়েকৰ মৃত্যুত শোক কৰি আছিল। যেতিয়া যীচুৱে মাৰ্থাক কৈছিল, “তোমাৰ ভায়েৰা পুনৰায় উঠিব,” তেতিয়া তাই মানৱজাতিৰ মৃত্যুক পৰিবৰ্তন কৰাটোৱেই ঈশ্বৰৰ উদ্দেশ্য বুলি বিশ্বাস প্ৰকাশ কৰিছিল। তাই কৈছিল: “সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব, তাক মই জানো।”—যোহন ১১:২৩, ২৪.
কৈছিল: “লাজাৰ মৰিল।” (১২ মাৰ্থায়ে মৃত্যুৰ পাছত অন্য কৰবাত জীৱিত থকা অমৰ প্ৰাণৰ বিষয়ে তেনে কোনো মনোভাৱ প্ৰকাশ কৰা নাছিল। তাই বিশ্বাস কৰা নাছিল যে লাজাৰে তাৰ অস্তিত্বক জীয়াই ৰাখিবলৈ কোনো আত্মিক স্থানলৈ গুচি গৈছে। মাৰ্থায়ে মৃত্যুৰ পৰা পুনৰুত্থানৰ এক অপূৰ্ব আশাত বিশ্বাস কৰিছিল। তাই বুজিছিল যে কোনো অমৰ প্ৰাণ লাজাৰৰ শৰীৰৰ পৰা ওলাই যোৱা নাছিল, কিন্তু তাইৰ মৃত ভায়েক অস্তিত্বহীন হৈ গৈছিল। প্ৰতিকাৰ আছিল তাইৰ ভায়েকৰ পুনৰুত্থান।
১৩ যীচু খ্ৰীষ্ট সেইজন ব্যক্তি আছিল, যিজনক যিহোৱা ঈশ্বৰে মানৱজাতিক পুনৰুত্থান কৰাৰ শক্তি প্ৰদান কৰিছিল। (হোচেয়া ১৩:১৪) সেইবাবে, মাৰ্থাক উত্তৰ দি যীচুৱে কৈছিল: “ময়েই পুনৰুত্থানো আৰু জীৱনো; যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব।” (যোহন ১১:২৫) এই সমন্ধে যেতিয়া যীচুৱে লাজাৰৰ কবৰত গৈছিল, যিজনৰ মৃত্যু হোৱা চাৰিদিন হৈছিল, তেওঁক আকৌ জীৱিত কৰি ঈশ্বৰে প্ৰদান কৰা শক্তি প্ৰদৰ্শন কৰি দেখুৱাইছিল। (যোহন ১১:৩৮-৪৪) কল্পনা কৰক যিসকলে যীচু খ্ৰীষ্টই কৰা এই পুনৰুত্থানক বা অন্য আচৰিত কৰ্মবোৰ দেখিছিল, তেওঁলোক কিমান আনন্দিত হৈছিল!—মাৰ্ক ৫:৩৫-৪২; লূক ৭:১২-১৬.
১৪ ইয়াক বিবেচনা কৰিবলৈ অলপ গভীৰভাৱে চিন্তা কৰক: যদি মৃত্যুত এক অমৰ প্ৰাণ জীৱিত থকা হলে কোনো ব্যক্তিৰ পুনৰুত্থান কৰা বা আকৌ জীৱিত কৰাৰ প্ৰয়োজন নহʼলহেঁতেন। বাস্তৱিকতে, যদি লাজাৰৰ দৰে ব্যক্তিয়ে এক অৰ্পূব স্বৰ্গীয় পুৰস্কাৰ ইতিমধ্যে পোৱা হলে তেওঁক অসিদ্ধ জীৱনৰ বাবে পুনৰুত্থান কৰি কোনো উপকাৰ কৰা নহʼলহেঁতেন। দৰাচলতে, “অমৰ প্ৰাণ,” যিহিষ্কেল ১৮:৪, ২০) সেইকাৰণে বাইবেলে মৃত্যুৰ প্ৰকৃত সমাধান পুনৰুত্থানৰ ব্যৱস্থাৰ নিৰ্দেশ কৰে।
এই উক্তিতো বাইবেলত কেতিয়াও ব্যৱহাৰ কৰা নাছিল। তাৰ পৰিবৰ্ত্তে, শাস্ত্ৰই কয় যে পাপ কৰে আৰু মানৱ প্ৰায় প্ৰকৃততে মৰে। (“যিসকল স্মৰণীয় কবৰত আছে”
১৫ যীচুৰ শিষ্যসকলে ‘পুনৰুত্থানৰ’ বাবে ব্যৱহাৰ কৰা শব্দৰ প্ৰকৃত অৰ্থ আছিল “উঠোৱা” বা “থিয় হোৱা।” ই হৈছে মৃত্যুৰ জীৱনহীন অৱস্থাৰ পৰা জাগি—যেনে, মানৱজাতিৰ সাধাৰণ কবৰৰ পৰা ওলাই থিয় হোৱা। যিহোৱা ঈশ্বৰে সহজে এজন ব্যক্তিক পুনৰুত্থান কৰিব পাৰে। কিয়? কাৰণ যিহোৱাই হৈছে জীৱনৰ উৎস। আজি মানৱে পুৰুষ আৰু স্ত্ৰীৰ কন্ঠ আৰু ছবি ভিডিঅʼত
ৰেকৰ্ড কৰি ৰাখিব পাৰে আৰু সেই ব্যক্তিসকল মৰি যোৱাৰ পাছত ৰেকৰ্ডবিলাক আকৌ চলাব পাৰি। তেতিয়াহলে, নিশ্চয়ে আমাৰ সৰ্ব্বশক্তিমান সৃষ্টিকৰ্ত্তাই যিকোনো ব্যক্তিৰ বিৱৰণ ৰেকৰ্ড কৰি এক নব-গঠিত শৰীৰ দি এজন ব্যক্তিক পুনৰুত্থান কৰিব পাৰে।১৬ যীচুৱে কৈছিল: “যি কালত মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” (যোহন ৫:২৮, ২৯) যিহোৱাৰ স্মৰণত থকা সকলোকে পুনৰুত্থান কৰি তেওঁৰ পথত শিক্ষা দিয়া হব। যিসকলে ঈশ্বৰৰ জ্ঞানৰ সৈতে মিল ৰাখি কাৰ্য্য কৰে, তেওঁলোকৰ বাবে ফল হৈছে জীৱনৰ পুনৰুত্থান। কিন্তু, যিসকলে ঈশ্বৰৰ শিক্ষা আৰু শাসন অস্বীকাৰ কৰে তেওঁলোকৰ বাবে দণ্ডনীয় বিচাৰৰ পুনৰুত্থান।
১৭ স্বাভাৱিকতে, যিসকলে যিহোৱাৰ সেৱকৰূপে ধাৰ্ম্মিকতাৰ পথ অনুকৰণ কৰে তেওঁলোকৰ পুনৰুত্থান হব। দৰাচলতে, পুনৰুত্থান আশায়ে বহুতো লোকক মৃত্যুৰ সন্মুখীন হবলৈ শক্তি দিছিল, আনকি নিৰ্য্যাতনৰ ঘটনাৰ সময়তো। তেওঁলোকে জানিছিল যে ঈশ্বৰে তেওঁলোকক আকৌ জীৱিত কৰিব পাৰে। (মথি ১০:২৮) কিন্তু কোটি কোটি লোকে ঈশ্বৰৰ ধাৰ্ম্মিক মানদণ্ডৰ মতে চলিছিল নে নাই তাক প্ৰৰ্দশন কৰাৰ পূৰ্ব্বেই তেওঁলোকৰ মৃত্যু হʼল। তেওঁলোককো পুনৰুত্থান কৰা হব। এই সমন্ধে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে পাঁচনি পৌলে কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব . . . ঈশ্বৰত ময়ো সেই আশা কৰোঁ।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.
১৮ পাঁচনি যোহনে ঈশ্বৰৰ সিংহাসনৰ ওচৰত থিয় হৈ থকা পুনৰুত্থান হোৱা লোকসকলৰ এটা ৰোমাঞ্চিত দৰ্শন পাইছিল। তাৰ পাছত যোহনে লিখিছিল: “সাগৰে নিজত থকা মৃত্যুবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজত থকা মৃত্যুবিলাকক শোধাই দিলে; তাতে সকলোৰে নিজ নিজ কৰ্ম্ম-অনুসাৰে প্ৰকাশিত বাক্য ২০:১২-১৫) সেই বিষয়ে ভাৱক! ঈশ্বৰৰ স্মৰণত থকা সকলো মৃতবিলাক পৰলোক (গ্ৰীকত, হেডেচ্), বা চিয়োল যিটো মানৱজাতিৰ সাধাৰণ কবৰ, তাৰ পৰা মুক্তি আশা আছে আছে। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ২:৩১) তেওঁলোকৰ কাৰ্য্যৰ দ্বাৰাই প্ৰদৰ্শন কৰিবলৈ সুযোগ পাব যে তেওঁলোকে ঈশ্বৰৰ সেৱা কৰিব নে নকৰে। তেতিয়া “মৃত্যু আৰু চিয়োলক অগ্নিৰ সৰোবৰত” পেলোৱা হব, ইয়াৰ প্ৰতীক হৈছে সম্পূৰ্ণ বিনাশ, ইয়াক “গেহেন্না” বুলিও কোৱা হয়। (লূক ১২:৫, NW) মানৱজাতিৰ সাধাৰণ কবৰো খালী কৰা হব আৰু পুনৰুত্থান সম্পূৰ্ণ হʼলে সেইবোৰৰ কোনো অস্তিত্ব নাথাকিব। বাইবেলৰ পৰা এইটো শিকা কিমান যে শান্তিদায়ক ঈশ্বৰে কাকো যাতনা নিদিয়ে!—যিৰিমিয়া ৭:৩০, ৩১.
সোধ-বিচাৰ কৰা হʼল। পাছে মৃত্যু আৰু পৰলোকক সেই অগ্নিৰ সৰোবৰত পেলোৱা হʼল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু।” (কʼলৈ পুনৰুত্থান হব?
১৯ এক সীমিত সংখ্যাক পুৰুষ আৰু স্ত্ৰীক স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান কৰা হব। যীচুৰ সৈতে ৰজা আৰু পুৰুহিতৰূপে তেওঁলোকে মৃত্যুৰ সকলো প্ৰভাৱক আতঁৰাবলৈ ভাগ লব, যি মানৱজাতিয়ে প্ৰথম পুৰুষ, আদমৰ পৰা উত্তৰাধিকাৰৰূপে পাইছিল। (ৰোমীয়া ৫:১২; প্ৰকাশিত বাক্য ৫:৯, ১০) ঈশ্বৰে কিমান জন ব্যক্তিক খ্ৰীষ্টৰ সৈতে শাসন কৰিবলৈ স্বৰ্গলৈ নিব? বাইবেলৰ মতে, মাত্ৰ ১,৪৪,০০০ জন। (প্ৰকাশিত বাক্য ৭:৪; ১৪:১) যিহোৱাই এই ব্যক্তিবিলাকক এক আত্মিক দেহ দিব, যাতে তেওঁলোকে স্বৰ্গত থাকিব পাৰে।—১ কৰিন্থীয়া ১৫:৩৫, ৩৮, ৪২-৪৫; ১ পিতৰ ৩:১৮.
২০ আজি পৰ্যন্ত যি মৃত্যু হৈছে তেওঁলোকৰ বেছিভাগেই পৰমদেশীয় পৃথিবীলৈ পুনৰুত্থান কৰা হব। (গীতমালা ৩৭:১১, ২৯; মথি ৬:১০) কিছুমান ব্যক্তিক স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান কৰাৰ কাৰণ হৈছে পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য সম্পূৰ্ণ কৰা। স্বৰ্গত থকা যীচু আৰু ১,৪৪,০০০ জনে ক্ৰমান্বয়ে আজ্ঞাকাৰী মানৱজাতিক পূৰ্ণ শুদ্ধতালৈ আনিব যিটো আমাৰ আদি পিতৃ-মাতৃয়ে হেৰুৱাইছিল। ইয়াত পুনৰুত্থিতবিলাকো সন্মিলিত হব যীচুৱে যি উল্লেখ কৰিছিল যেতিয়া তেওঁৰ কাষত আঁৰা মৃত্যুমূখী ব্যক্তিজনক কৈছিল: “তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”—লূক ২৩:৪২, ৪৩.
২১ মৃত্যু, যিয়ে আজিৰ দিনত ইমান ব্যৰ্থতা উৎপন্ন কৰে, পৰমদেশৰ পৃথিবীত গুচাই দিয়া হব। (ৰোমীয়া ৮:১৯-২১) ভাৱবাদী যিচয়াই ঘোষণা কৰিছিল যে যিহোৱা ঈশ্বৰে “চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব।” (যিচয়া ২৫:৮, NW) পাঁচনি যোহনক সেই সময়ৰ বিষয়ে দৰ্শন দিয়া হৈছিল, যেতিয়া আজ্ঞাকাৰী মানৱজাতিয়ে বেদনা আৰু মৃত্যুৰ পৰা স্বাধীনতা অনুভৱ কৰিব। হয়, “ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:১-৪.
২২ মৃতবিলাকৰ কি হয় ইয়াৰ বিষয়ে বাইবেলৰ স্পষ্ট শিক্ষায়ে এই সন্দেহ দূৰ কৰে। শাস্ত্ৰই স্পষ্টকৈ কয় যে মৃত্যু যি “শেষ শত্ৰু” তাক ধ্বংস কৰা হব। (১ কৰিন্থীয়া ১৫:২৬) পুনৰুত্থানৰ আশাৰ জ্ঞানৰ পৰা আমি কিমান শক্তি আৰু সান্ত্বনা পাব পাৰো! আমি কিমান শান্তনা লাভ কৰিব পাৰো যে আমাৰ প্ৰিয় মৃতজনা যিবিলাক ঈশ্বৰৰ স্মৰণত আছে, তেওঁলোক মৃত্যুৰ টোপনিৰ পৰা জাগিব আৰু ঈশ্বৰে তেওঁক প্ৰেম কৰোঁতাসকলৰ বাবে সাঁচি ৰখা সেই সকলো উত্তম বস্তুবোৰৰ আনন্দ উপভোগ কৰিব! (গীতমালা ১৪৫:১৬) এই আশীৰ্ব্বাদ ঈশ্বৰৰ ৰাজ্যৰ যোগেদি পোৱা যাব। কিন্তু এই শাসন কেতিয়া আৰম্ভ হবলৈ আছিল? আহক আমি চাওঁ।
[Footnotes]
^ হিব্ৰু শব্দ নেফিচ্, বাইবেলত প্ৰায় ৭০০ বাৰ পোৱা যায় আৰু ইয়াত কেতিয়াও মানৱৰ এটা বেলেগ আৰু ঐশ্বৰিক ভাগ বুলি উল্লেখ কৰা নাই কিন্তু সদাই ই স্পৰ্শৰ দ্বাৰা অনুভৱ কৰিব পৰা এক শৰীৰ হিচাবে উল্লেখ কৰিছে।
আপোনাৰ জ্ঞান পৰীক্ষা কৰক
মানৱ শৰীৰত যি আত্মা আছে সেইটো কি?
আপুনি মৃতসকলৰ অৱস্থা কেনেকৈ বৰ্ণনা কৰিব?
কোনবিলাকৰ পুনৰুত্থান হব?
[Study Questions]
১. যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয় তেতিয়া মানুহে কেনে অনুভৱ কৰে?
২. মৃত্যুৰ সমন্ধে কি জটিল প্ৰশ্নবিলাক উঠে?
৩. চক্ৰেটিছ আৰু প্লেটো, মৃতবিলাকৰ সমন্ধে কি অভিমত আছিল আৰু ই আজি কেনেকৈ লোকসকলক প্ৰভাৱিত কৰিছে?
৪. (ক) আদিপুস্তকে মানুহৰ বিষয়ে আমাক কি কয়? (খ) আদমক জীৱিত কৰিবলৈ ঈশ্বৰে তেওঁৰ শৰীৰত কি সুমুৱাই দিছিল?
৫, ৬. (ক) “প্ৰাণ-বায়ু” কি? (খ) যেতিয়া গীতমালা ১৪৬:৪ পদত উল্লেখ কৰা “উশাহ,” দেহক যেতিয়া সজীৱ ৰাখিবলৈ এৰি দিয়ে তেতিয়া কি হয়?
৭. আদম ঈশ্বৰৰ অবাধ্য হোৱাত তেওঁলৈ কি হবলগীয়া আছিল?
৮. কি ক্ষেত্ৰত মানুহ পশুতকৈ শ্ৰেষ্ঠ নহয়?
৯. মৃতজনাৰ কি অৱস্থা হয় আৰু তেওঁলোক কʼলৈ যায়?
১০. মৃত্যুৱে যে শেষ নহয় ইয়াক আমি কেনেকৈ কব পাৰো?
১১. যীচুৱে তেওঁৰ মৃত বন্ধু লাজাৰৰ অৱস্থা কেনেকৈ বৰ্ণনা কৰিছিল?
১২. মৃতবিলাকৰ সমন্ধে শোকাতুৰ মাৰ্থাৰ কি আশা আছিল?
১৩. যীচুৰ ওচৰত কি ঈশ্বৰে দিয়া শক্তি আছে আৰু তেওঁ এই শক্তি কেনেকৈ প্ৰদৰ্শন কৰিছিল?
১৪. পুনৰুত্থান আৰু এক অমৰ প্ৰাণৰ ধাৰণা কিয় অসংগত?
১৫. (ক) “পুনৰুত্থান” শব্দৰ অৰ্থ কি? (খ) মানুহবিলাক পুনৰুত্থান কৰা যিহোৱা ঈশ্বৰৰ বাবে কিয় কঠিন নহয়?
১৬. (ক) যিসকল কবৰত আছে সেইসকলৰ বাবে যীচুৱে কি প্ৰতিজ্ঞা কৰিছিল? (খ) কেনেকৈ নিৰ্ণয় কৰিব যে এজন ব্যক্তি কেনেকৈ পুনৰুত্থানলৈ উঠিব?
১৭. কোনবিলাক পুনৰুত্থান হব?
১৮. (ক) পাঁচনি যোহনে পুনৰুত্থাৰ বিষয়ে কি দৰ্শন পাইছিল? (খ) “অগ্নি সৰোবৰত” কি ধ্বংস কৰা হব আৰু এই “সৰোবৰ” কি চিত্ৰিত কৰে?
১৯. মানৱজাতিৰ পৰা কিয় কিছু লোকক স্বৰ্গৰ বাবে পুনৰুত্থান কৰা হব আৰু ঈশ্বৰে তেওঁলোকক কেনে ধৰণৰ দেহ দিব?
২০. পুনৰুত্থান ব্যক্তিসকলৰ সৈতে আজ্ঞাকাৰী মানৱজাতিয়ে কি অভিজ্ঞতা লাভ কৰিব?
২১. ভাৱবাদী যিচয়া আৰু পাঁচনি যোহনৰ মতে, মৃত্যুৰ কি হব?
২২. পুনৰুত্থান সম্বন্ধে জ্ঞানে আপোনাক কেনেকৈ প্ৰভাৱিত কৰে?
[Picture on page 85]
যেনেকৈ যীচুৱে লাজাৰক কবৰৰ পৰা মাতিছিল তেনেকৈ কোটি কোটি লোকৰ পুনৰুত্থান কৰা হব
[Picture on page 86]
আনন্দ কাৰ্য্যকাৰী হব যেতিয়া ‘ঈশ্বৰে মৃত্যক চিৰকালৰ বাবে গ্ৰাস কৰিব’