Skip to content

Skip to table of contents

আমি কিয় বৃদ্ধ হওঁ আৰু মৰো?

আমি কিয় বৃদ্ধ হওঁ আৰু মৰো?

অধ্যায় ৬

আমি কিয় বৃদ্ধ হওঁ আৰু মৰো?

বৈজ্ঞানিকসকলে নাজানে যে মানুহ কিয় বৃদ্ধ আৰু মৃত্যু হয়। আমাৰ জীৱকোষবোৰ নবীকৰণ হোৱা দেখিলে ভাৱ হয় আমি চিৰকাললৈকে জীয়াই থকা উচিত। হাইয়োজুন চোছিকিগাকু (প্ৰামাণিক দেহকোষবিদ্যা) কিতাপখনে কৈছে: “জীৱকোষবোৰৰ কেনেকৈ এজন ব্যক্তিৰ বৃদ্ধ আৰু মৃত্যু হোৱাৰ লগত সম্বন্ধ থাকিব পাৰে ই এটা ডাঙৰ ৰহস্য।” বহুতো বৈজ্ঞানিকে বিশ্বাস কৰে যে জীৱনৰ “স্বাভাবিক আৰু প্ৰকৃতি” সীমা আছে। আপুনি ভাবেনে যে সেইবোৰ সত্য?

মানৱজাতিয়ে সদায় দীঘায়ুৰ বাবে বাঞ্চা কৰে আৰু অমৰত্ব প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে। সা.যু.পূ. চতুৰ্থ শতাব্দীৰ, পৰা অমৰত্ব উদ্দেশ্যৰে কল্পনা অনুসাৰে ঔষধ তৈয়াৰ কৰিছিল যিবোৰ চীন দেশৰ অভিজাত ব্যক্তিসকলৰ মন আকৰ্ষণ কৰি আহিছিল। পাছত কিছুমান চীনৰ সম্ৰাটে পাৰাৰ পৰা তৈয়াৰি কৰা কাল্পনিক অমৃত ব্যৱহাৰ কৰাত​—⁠মৃত্যু হৈছিল! গোটেই পৃথিবীত, মানুহে বিশ্বাস কৰে যে মৃত্যুত সিহঁতৰ অস্তিত্ব শেষ নহয়। বৌদ্ধ, হিন্দু, মুছলমান আৰু অন্যান্য সকলোৱে মৃত্যুৰ পাছত জীৱনৰ উজ্জ্বল আশা ৰাখে। খ্ৰীষ্টীয় জগতৰ বহুতে মৃত্যুৰ পাছত স্বৰ্গীয় সুখৰ কল্পনা কৰে।

মৃত্যুৰ পাছত সুখৰ কল্পনা অনন্ত জীৱনৰ অক আকুলতাক প্ৰতিফলিত কৰে। বাইবেলে অনন্ত জীৱনৰ অভিপ্ৰায় সম্পৰ্কে কয়: “তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে,” ঈশ্বৰে অনন্তকালৰ ধাৰণা আমাৰ মনত স্থাপন কৰিলে। (উপদেশক ৩:১১) তেওঁ প্ৰথম মানৱক এই আশাৰ সৈতে সৃষ্টি কৰিছিল যে তেওঁলোকে এই পৃথিবীত চিৰকাললৈকে জীয়াই থাকিব পাৰে। (আদিপুস্তক ২:​১৬, ১৭) তেনেহলে মানুহৰ কিয় মৃত্যু হয়? কেনেকৈ মৃত্যু এই জগতত প্ৰবেশ কৰিলে? এই প্ৰশ্নবিলাকৰ যোগেদি ঈশ্বৰ জ্ঞানে পোহৰ দিয়ে।​—⁠গীতমালা ১১৯:⁠১০৫.

এক ক্ষতিকৰ ঘটনাচক্ৰ

এজন অপৰাধীয়ে নিজৰ অপৰাধ লুকুৱাবলৈ চেষ্টা কৰিছে। ই সত্য যে এজনৰ অপৰাধৰ বাবে কোটি কোটি মানুহৰ মৃত্যু হৈছে। মানৱৰ মৃত্যুক ৰহস্য কৰি ৰাখিবলৈ সি কৌশল পৰিচালিত কৰে। যীচুৱে এই অপৰাধীক চিনাক্ত কৰিছিল, যেতিয়া তেওঁক হত্যা কৰিবলৈ বিচৰাসকলক তেওঁ কৈছিল: “তোমালোকৰ পিতৃ চয়তানৰ পৰাহে তোমালোক হলা; আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰ-বধী আৰু সত্যত নাথাকে; কিয়নো তাত সত্য নাই।”​—⁠যোহন ৮:​৩১, ৪০, ৪৪.

হয়, দিয়াবল এক প্ৰকৃত বিদ্বেষপূৰ্ণ “নৰ-বধী।” বাইবেলে প্ৰকাশ কৰে যে সি এটা ব্যক্তি, কোনো ব্যক্তিৰ হৃদয়ৰ বেয়া প্ৰবৃত্তি নহয়। (মথি ৪:​১-১১) যদিও এটা ধাৰ্ম্মিক স্বৰ্গদূতৰূপে সৃষ্টি কৰা হৈছিল, তথাপি “সি সত্যত নাথাকিল।” এইটো কিমান উপযুক্ত যে তাৰ নাম দিয়াবল চয়তান দিয়া হʼল! (প্ৰকাশিত বাক্য ১২:⁠৯) তাক “চয়তান,” বা “বিৰোধী” কোৱা হয়, কিয়নো সি যিহোৱাক বিৰোধ আৰু প্ৰতিৰোধ কৰিছিল। এই অপৰাধীক “দিয়াবল” অৰ্থ “অপবাদক” বুলিও কোৱা হয়, কিয়নো সি নিন্দাত্মকৰূপে ঈশ্বৰক অপবাদ দি তাৰ মিছা পৰিচয় দিছিল।

কিহে চয়তানক ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ প্ৰেৰণা দিছিল? লোভে। সি লুভীয়া হৈ সেই উপাসনা পাবলৈ হেঁপাহ কৰিছিল যিটো যিহোৱাই মানৱজাতিৰ পৰা পাইছিল। দিয়াবলে তেনে ধৰণৰ উপাসনা পোৱাৰ অভিলাষ ত্যাগ নকৰিলে, যিটো সঠিকৰূপে সৃষ্টিকৰ্ত্তাহে পোৱাৰ যোগ্য। (যিহিষ্কেল ২৮:​১২-১৯ তুলনা কৰক।) তাৰ পৰিবৰ্ত্তে সেই স্বৰ্গদূতে যি চয়তান হৈছিল, এই কু-অভিলাষক গৰ্ভধাৰণ হবলৈ দিলে আৰু পাপ প্ৰসৱ কৰিলে।​—⁠যাকোব ১:​১৪, ১৫.

আমি সেই অপৰাধীক চিনাক্ত কৰিছো, যাৰ অপৰাধ কাৰ্য্যই মানৱজাতিক মৃত্যু পথলৈ নিয়ে। কিন্তু মানৱজাতিৰ মৃত্যুৰ মুখ্য কাৰণ কি? বাইবেলে কয়: “মৃত্যুৰ হুল পাপ।” (১ কৰিন্থীয়া ১৫:৫৬) আৰু পাপ কি? এই শব্দটো বুজিবলৈ আহক আমি বাইবেলৰ মূল ভাষাৰ পৰা ইয়াৰ অৰ্থ কি, বিবেচনা কৰো। সাধাৰণতে ‘পাপৰ’ অনুবাদ হিব্ৰু আৰু গ্ৰীক ক্ৰিয়াপদত, ইয়াৰ অৰ্থ “লক্ষ্যভ্ৰষ্ট” কোনো বস্তু নোপোৱা বা লক্ষ্যত উপনীত নোহোৱা অৰ্থত বুজায়। কি লক্ষ্যত আমি সকলোৱে হেৰুৱাইছো? ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বাধ্যতাৰ লক্ষ্য। তেতিয়াহলে, কেনেকৈ পাপ জগতত সোমাল?

এই ষড়যন্ত্ৰ কেনেকৈ সম্পন্ন হʼল

চয়তানে সাৱধানে এটা ষড়যন্ত্ৰ পৰিকল্পনা কৰিছিল আৰু সি ভৱিছিল সকলো মানৱজাতিক শাসন কৰি তেওঁলোকৰ পৰা উপাসনা লব। সি প্ৰথম মানৱ দম্পতী, আদম আৰু হৱাক ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাবলৈ সিধান্ত লৈছিল। যিহোৱাই আমাৰ প্ৰথম পিতৃ-মাতৃক সেই জ্ঞান দিছিল যিয়ে অনন্ত জীৱনলৈ লৈ যাব পাৰে। তেওঁলোকে জানিছিল যে তেওঁলোকৰ সৃষ্টিকৰ্তাহে উপযুক্ত কিয়নো তেওঁ তেওঁলোকক ধুনীয়া এখন এদন বাগিছাত ৰাখিছিল। যেতিয়া ঈশ্বৰে আদমক এজনী ৰূপহী আৰু সহায়কাৰী স্ত্ৰী দিছিল তেওঁ সেই স্বৰ্গীয় পিতৃৰ অনুগ্ৰহত মোহিত হৈছিল। (আদিপুস্তক ১:​২৬, ২৯; ২:​৭-৯, ১৮-২৩) প্ৰথম মানৱ দম্পতীৰ দীৰ্ঘস্হায়ী জীৱন ঈশ্বৰৰ আজ্ঞাকাৰীতাৰ ওপৰত নিৰ্ভৰ কৰিছিল।

ঈশ্বৰে আদমক আজ্ঞা দিছিল: “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদিপুস্তক ২:​১৬, ১৭) সৃষ্টিকৰ্ত্তা হিচাবে, যিহোৱা ঈশ্বৰৰ নৈতিক মানদন্ডক স্থাপন কৰিবলৈ আৰু তেওঁৰ সৃষ্টিৰ বাবে কি ভাল আৰু কি বেয়া তাক নিৰ্ণয় কৰিবলৈ তেওঁৰ অধিকাৰ আছিল। তেওঁৰ আজ্ঞা যুক্তিসঙ্গত আছিল, কাৰণ আদম আৰু হৱা, উদ্যানত থকা আন সকলো গছৰ ফল ইচ্ছামতে খাবলৈ পাইছিল। তেওঁলোকৰ অহঙ্কাৰে স্হাপন কৰা নিজৰ নিয়মৰ পৰিবৰ্ত্তে যিহোৱাৰ ন্যায়সঙ্গত শাসনক উপলব্ধি কৰিব পাৰিলেহেঁতেন।

১০ দিয়াবলে প্ৰথম মানৱক ঈশ্বৰৰ পৰা আতঁৰাবলৈ ষড়যন্ত্ৰ কৰিছিল। চয়তানে, তেওঁলোকক ফুচলাই তাৰ পক্ষ কৰিবলৈ মিছা কথা কৈছিল। যিদৰে পুতলা-নাচ দেখাওঁতে প্ৰক্ষেপকে কণ্ঠধ্বনি ব্যৱহাৰ কৰে, সেইদৰে দিয়াবলে সাপক ব্যৱহাৰ কৰি হৱাক সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” যেতিয়া হৱাই ঈশ্বৰৰ আদেশ উল্লেখ কৰাত, চয়তানে কৈছিল: “দৰাচলতে তোমালোকে নমৰা।” তেতিয়া সি যিহোৱাৰ উদ্দেশ্যসমূহক বেয়া বুলি অভিযোগ কৰি কৈছিল: “যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” (আদিপুস্তক ৩:​১-৫) এইদৰে দিয়াবলে ইঙ্গিত দিছিল যে ঈশ্বৰ কিছুমান ভাল বস্তুক তেওঁলোকক নিদিয়াকৈ ৰাখিছে। স্বৰ্গীয় পিতা যিহোৱাৰ প্ৰতি কি যে অপবাদমূলক আক্ৰমণ!

১১ হৱাই সেই গছজোপালৈ আকৌ এবাৰ চাইছিল আৰু এইবাৰ ইয়াৰ ফলবোৰ বিশেষভাৱে সচাঁকৈ মনোমোহা যেন লাগিছিল। তাই সেই ফলটো ছিঙি খালে। পাছত, তাইৰ স্বামীও স্বইচ্ছাৰে ঈশ্বৰৰ অবাধ্য হবলৈ সেই পাপ কাৰ্য্যত তাইৰ লগ দিলে। (আদিপুস্তক ৩:⁠৬) যদিও হৱাক ছলনা কৰা হৈছিল, কিন্তু তাই আৰু আদম দুয়োৱে চয়তানক মানৱজাতিৰ ওপৰত শাসন কৰা চয়তানৰ ষড়যন্ত্ৰত সৰ্মথন কৰিছিল। ফলস্পৰূপে, তেওঁলোক তাৰ সহযোগী হৈ পৰিছিল।​—⁠ৰোমীয়া ৬:১৬; ১ তীমথিয় ২:⁠১৪.

১২ আদম আৰু হৱাই সিহঁতৰ কাৰ্য্যৰ ফল ভোগ কৰিব লগীয়া হৈছিল। বিশেষ জ্ঞানসহ, ঈশ্বৰৰ দৰে সিহঁত নহল। তাৰ পৰিবৰ্ত্তে, তেওঁলোক লজ্জিত হৈ নিজকে লুকুৱাবলৈ ধৰিছিল। যিহোৱাই আদমৰ প্ৰতিফল এই দন্ডাজ্ঞা দ্বাৰা ঘোষণা কৰিছিল: “তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; কাৰণ তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) আমাৰ প্ৰথম পিতৃ-মাতৃয়ে ভাল আৰু বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল খোৱাৰ “দিনৰ” পৰাই তেওঁলোকে ঈশ্বৰৰ পৰা দণ্ডাজ্ঞা পাইছিল আৰু তেওঁৰ দৃষ্টিত মৃত্যু হৈছিল। তাৰ পাছত তেওঁলোকক পৰমদেশৰ পৰা বাহিৰলৈ ওলিয়াই দিয়া হৈছিল আৰু তেওঁলোকে মৃত্যুলৈ গতি কৰিছিল।

পাপ আৰু মৃত্যু কেনেকৈ বিয়পি গʼল

১৩ চয়তানে মানৱৰ পৰা শ্ৰদ্ধা পাবলৈ নিজৰ ষড়যন্ত্ৰত পোনপতীয়াকৈ সফল হৈছিল। তথাপি, সি তাৰ সেৱকসকলক জীৱিত ৰাখিব নোৱাৰিলে। যেতিয়া প্ৰথম মানৱ দম্পতীৰ ওপৰত পাপে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁলোকে নিজৰ বংশধৰসকলক সিদ্ধতাত ৰাখিবলৈ নোৱাৰিলে। শিলত খোদিত কৰি লিখাৰ দৰে, পাপ আমাৰ প্ৰথম মানৱ দম্পতীৰ জিনত দকৈ ছাপ বহুৱালে। সেইবাবে, তেওঁলোকে মাত্ৰ অসিদ্ধ সন্তান-সন্ততিহে জন্ম দিব পাৰিছিল। যিহেতু, আদম আৰু হৱায়ে পাপ কৰাৰ পাছতহে তেওঁলোকৰ সকলো সন্তান জন্ম হয়, সেইবাবে উত্তৰাধিকাৰীৰূপে তেওঁলোকৰ সন্তানে পাপ আৰু মৃত্যু পাইছিল।​—⁠গীতমালা ৫১:৫; ৰোমীয়া ৫:⁠১২.

১৪ কিন্তু, আজি বহুতে বিশ্বাস নকৰে যে তেওঁলোক পাপী। জগতৰ কিছুমান ভাগত, উত্তৰাধিকাৰী সুত্ৰে পোৱা ধাৰণা মতে পাপৰ বিষয়ে অজ্ঞাত হৈ আছে। কিন্তু ই প্ৰমাণ নকৰে যে পাপ অস্তিত্ব নাই। এজন লৰাই অপৰিষ্কাৰ মুখেৰে দাবী কৰিব পাৰে যে সি পৰিষ্কাৰ, কিন্তু আৰ্চীত চোৱাৰ পাছতেহে তাক স্বীকাৰ কৰাব পৰা যাব। প্ৰাচীন ইস্ৰায়েলসকলে যেতিয়া ঈশ্বৰৰ বিধান ভাৱিষ্যতবক্তা মোচিৰ দ্বাৰা পাইছিল তেওঁলোক তেতিয়া সেই লৰাৰ দৰে আছিল। বিধানে স্পষ্টৰূপে দেখুৱাছিল যে পাপ অস্তিত্ব আছিল। পাঁচনি পৌলে ব্যাখ্যা কৰিছিল: “পাপ নো কি, তাক মই নাজানিছিলোঁ; কেৱল বিধানৰ দ্বাৰাই জানিবলৈ পালোঁ।” (ৰোমীয়া ৭:​৭-১২) লৰাজনে আৰ্চীত চোৱাৰ দৰে, বিধান প্ৰয়োগ কৰাৰ দ্বাৰা ইস্ৰায়েলসকলে নিজকে চাব পাৰিলেহেঁতেন যে তেওঁলোক যিহোৱাৰ দৃষ্টিত মলিন।

১৫ ঈশ্বৰৰ বাক্য আৰ্চীত চাই আৰু ইয়াৰ মানদণ্ডসমূহ মনোযোগ দি চাব পাৰো যে আমি অশুদ্ধ। (যাকোব ১:​২৩-২৫) উদাহৰণস্বৰূপে, মথি ২২:​৩৭-৪০ পদত যীচুৱে তেওঁ শিষ্যসকলক ঈশ্বৰ আৰু তেওঁলোকৰ চুবুৰীয়াৰ বিষয়ে কি কৈছিল তাক বিবেচনা কৰক। মানৱজাতিয়ে প্ৰায় এই ক্ষেত্ৰবিকালত লক্ষ্যভ্ৰষ্ট হয়! বহুতে ঈশ্বৰৰ বা সিহঁতৰ ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেম দেখুৱাবলৈ ব্যৰ্থ হোৱাৰ স্বত্বেও বিবেক দংশন অনুভূতি অনুভৱ নকৰে।​—⁠লুক ১০:​২৯-৩৭.

চয়তানৰ কৌশলৰ পৰা সাৱধান হওঁক!

১৬ চয়তানে আমাক ইচ্ছাকৃত পাপ অভ্যাস কৰাবলৈ সুযোগ বিচাৰি ফুৰে। (১ যোহন ৩:⁠৮) তাৰ কৌশলৰ পৰা পৰিত্যাগ কৰিবলৈ কিবা উপায় আছেনে? আছে, কিন্তু ইয়াৰ বাবে প্ৰয়োজন ইচ্ছাকৃত পাপ প্ৰবৃত্তিবোৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰা। এইটো সহজ নহয় কিয়নো আমাৰ জন্মগত পাপ মনোবৃত্তিবোৰ বহুগুণে প্ৰবল। (ইফিচীয়া ২:⁠৩) পৌলক এক প্ৰকৃত সংগ্ৰাম কৰিব লগা হৈছিল। কিয়? কাৰণ পাপ তেওঁত বাস কৰিছিল। যদি আমি ঈশ্বৰৰ অনুমোদন বিচাৰো, আমাৰ ভিতৰত থকা পাপপূৰ্ণ মনোবৃত্তিৰ সৈতে আমি অৱশ্যে যুজিব লাগিব।​—⁠ৰোমীয়া ৭:​১৪-২৪; ২ কৰিন্থীয়া ৫:⁠১০.

১৭ চয়তানে আমাক ঈশ্বৰৰ বিধান উলঙ্ঘন কৰাবলৈ সদায়ে সুযোগ বিচাৰি ফুৰে, সেইবাবেই আমাক পাপৰ বিৰুদ্ধে যুজ কৰাটো ইমান সহজ নহয়। (১ পিতৰ ৫:⁠৮) পৌলে, লগৰীয়া খ্ৰীষ্টীয়সকলক উদ্ধিগ্নতা দেখি এই সৰ্ম্পকে কৈছিল: “সেই সৰ্পে যেনেকৈ তাৰ ধুৰ্ত্ততাৰে হৱাক ভুলাইছিল, তেনেকৈ, খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা আৰু শুদ্ধতা, তাৰ পৰা তোমালোকৰ মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়, এই মোৰ ভয়।” (২ কৰিন্থীয়া ১১:⁠৩) বৰ্তমান চয়তানে আজিও সেই একে কৌশল ব্যৱহাৰ কৰে। যিহোৱাৰ মঙ্গলভাৱ আৰু ঈশ্বৰৰ আজ্ঞাৰ পৰা পোৱা লাভৰ ওপৰত সন্দেহৰ বীজ সিচিবলৈ সি চেষ্টা কৰে। আমাৰ উত্তৰাধিকাৰীৰূপে পোৱা পাপপূৰ্ণ মনোবৃত্তিৰ সুযোগ লৈ আমাক লোভী, অহংকাৰী, ঘৃণা আৰু কুসংস্কাৰৰ পথ অনুসৰণ কৰাবলৈ দিয়াবলে সুবিধা বিচাৰি থাকে।

১৮ দিয়াবলে আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ফান্দবোৰৰ এটা হৈছে এই জগত, যিটো তাৰ শক্তিৰ অধীনত চলে। (১ যোহন ৫:১৯) যদি আমি সাৱধান নহওঁ, আমাৰ চাৰিওফালে থকা ভ্ৰষ্টাচাৰী আৰু অসৎ ব্যক্তিৰ পাপপূৰ্ণ কাৰ্য্য কৰিবলৈ হেঁচা দিয়াৰ যোগেদি ঈশ্বৰৰ নৈতিক মানদণ্ড পতন ঘটাবলৈ চেষ্টা কৰে। (১ পিতৰ ৪:​৩-৫) বহুতে ঈশ্বৰৰ বিধান অগ্ৰাহ্য কৰে আৰু আনকি তেওঁলোকৰ বিবেক দংশনক এফলীয়া কৰি ৰাখি, অৱশেষত ই অনুভূতিহীন হৈ পৰে। (ৰোমীয়া ২:​১৪, ১৫; ১ তীমথিয় ৪:​১, ২) কোনো কোনোৱে ক্ৰমশঃ এনে পথ লয়, যিটো আগতে তেওঁৰ অশুদ্ধ বিবেকও অনুমোদন কৰা নাছিল।​—⁠ৰোমীয়া ১:​২৪-৩২; ইফিচিয়া ৪:​১৭-১৯.

১৯ নৈতিকভাৱে পৰিষ্কাৰ জীৱন-যাপন কৰাটো এই জগতৰ এক কৃতিত্বৰ বিষয়। তথাপি, আমাৰ সৃষ্টিকৰ্তাক সন্তুষ্ট কৰিবলৈ আৰু বেছি প্ৰয়োজন। আমাক ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব আৰু তেওঁৰ প্ৰতি দ্বায়িত্ব অনুভৱ কৰিব লাগিব। (ইব্ৰী ১১:⁠৬) শিষ্য যাকোবে লিখিছিল: “এতেকে যি কোনোৱে সৎকৰ্ম্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়।” (যাকোব ৪:১৭) হয়, ইচ্ছাকৃতভাৱে ঈশ্বৰ আৰু তেওঁৰ আজ্ঞাবিলাক অমান্য কৰাটো একপ্ৰকাৰৰ পাপ।

২০ আপোনাৰ বাইবেল অধ্যয়নৰ যোগেদি ঈশ্বৰৰ জ্ঞান লোৱাৰ সময়ত যথাসম্ভৱ চয়তানে বিৰোধীতা কৰিবলৈ চেষ্টা কৰিব। আন্তৰিকতাৰে এইটো আশা কৰিব পৰা যায় যে এনেকুৱা হেচাঁবোৰ থাকিলেও যিটো সঠিক তাৰ অভ্যাসৰ পৰা আপুনি জনা সত্যক এৰি নিদিব। (যোহন ১৬:⁠২) যদিও যীচুৰ পৰিচাৰ্য্যৰ সময়ত বহুতো শাসকে তেওঁত বিশ্বাস কৰিছিল কিন্তু তেওঁক স্বীকাৰ কৰা নাছিল, কিয়নো তেওঁলোকৰ সমাজে ত্যাগ কৰিব বুলি ভয় কৰিছিল। (যোহন ১২:​৪২, ৪৩) যিজনে ঈশ্বৰৰ জ্ঞান অনুসন্ধান কৰিব চেষ্টা কৰে চয়তানে তেওঁক নিৰ্মমভাৱে ভয় খুৱাবলৈ চেষ্টা কৰে। কিন্তু, যিহোৱাই যি অপূৰ্ব বিষয় সম্পন্ন কৰিছে আপুনি সদায় স্মৰণ পেলোৱা আৰু উপলব্ধি কৰা উচিত। বিৰোদ্ধীসকলকো হয়তো আপুনি সেইধৰণৰ উপলব্ধি কৰিবলৈ সহায় কৰিব পাৰিব।

২১ যেতিয়ালৈকে আমি অসিদ্ধ, আমি পাপ কৰিম। (১ যোহন ১:⁠৮) তথাপি, এই যুদ্ধত যুঁজিবলৈ আমাৰ ওচৰত সহায় আছে। হয়, আমাক সেই দুষ্ট দিয়াবল চয়তানৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰা সম্ভৱ। (ৰোমীয়া ৫:২১) পৃথিবীত যীচুৰ পৰিচাৰ্য্য কাৰ্য্যৰ শেষত, তেওঁ তেওঁৰ শিষ্যসকলক এই বাক্যৰে উৎসাহ দিছিল: “জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩৩) অসিদ্ধ মানৱ হোৱা স্বতেও, ঈশ্বৰৰ সহায়ৰ দ্বাৰা এই জগতক জয় কৰাটো সম্ভৱ। যিসকলে চয়তানক বিৰোধ কৰে আৰু ‘ঈশ্বৰৰ বশীভূত হৈ থাকে’ সিহঁতৰ ওপৰত চয়তানৰ কোনো ক্ষমতা নাথাকে। (যাকোব ৪:৭; ১ যোহন ৫:১৮) যেনেকৈ আমি চাবলৈ পাম, ঈশ্বৰে পাপ আৰু মৃত্যুৰ দাসত্ব পৰা মুক্তি দিবলৈ ব্যৱস্থা কৰিছে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

দিয়াবল চয়তান কোন?

মানুহ কিয় বৃদ্ধ আৰু মৃত্যু হয়?

পাপ কি?

চয়তানে কেনেকৈ ঈশ্বৰৰ বিৰোধে ইচ্ছাকৃত পাপ কৰাবলৈ লোকসকলক প্ৰলোভিত কৰে?

[Study Questions]

১. বৈজ্ঞানিকসকলে মানৱ জীৱনৰ বিষযে কি ব্যাখ্যা কৰিবলৈ অসমৰ্থ হৈছে?

২. জীৱন ইমান অলপদিনীয়া হোৱাৰ বাবে কিছুমানে কি কৰে?

৩. (ক) মানুহে অনন্তজীৱন পাবলৈ কিয় বাঞ্চা কৰে? (খ) মৃত্যু সমন্ধে কি প্ৰশ্নৰ উত্তৰ দিয়াৰ আৱশ্যক?

৪. যীচুৱে কিদৰে মানৱজাতিৰ মৃত্যুৰ বাবে অপৰাধীজনক দায়ী হিচাবে চিনাক্ত কৰিছিল?

৫. (ক) যি চয়তান দিয়াবল হৈছিল, তেওঁ আৰম্ভনিতে কি আছিল? (খ) “চয়তান” আৰু ‘দিয়াবলৰ’ শব্দৰ অৰ্থ কি?

৬. চয়তানে কিয় ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?

৭. (ক) মানুহৰ মৃত্যুৰ কাৰণ কি? (খ) পাপ কি?

৮. মানুহৰ পৰা উপাসনা পাবলৈ চয়তানে কেনেকৈ চেষ্টা কৰিছিল?

৯. প্ৰথম মানৱক ঈশ্বৰে কি আজ্ঞা দিছিল আৰু ই কিয় যুক্তিসঙ্গত আছিল?

১০. (ক) কেনেকৈ চয়তানে মানুহক তাৰ ফলীয়া কৰি আৰ্কষণ তেওঁলোকৰ সমীপবৰ্ত্তী হৈছিল? (খ) চয়তানে কি উদ্দেশ্যৰে যিহোৱাৰ প্ৰতি অভিযোগ কৰিছিল? (গ) চয়তানে ঈশ্বৰক আক্ৰমণ কৰাৰ বিষয়ে আপুনি কি ভাবে?

১১. আদম আৰু হৱা কিদৰে চয়তানৰ সহযোগী হৈছিল?

১২. মানৱে ঈশ্বৰৰ বিৰোধে বিদ্ৰোহ কৰি কি পৰিণাম হʼল?

১৩. সকলো মানৱজাতিলৈ কিদৰে পাপ বিয়পি পৰিল?

১৪. (ক) যিসকলে নিজৰ পাপ অস্বীকাৰ কৰে তেওঁলোকক আমি কাৰ সৈতে তুলনা কৰিব পাৰো? (খ) কেনেকৈ ইস্ৰায়েলসকলক তেওঁলোকৰ পাপৰ কাৰণে কিদৰে সচেতন কৰা হৈছিল?

১৫. ঈশ্বৰৰ বাক্য আৰ্চীত চালে কি প্ৰকাশিত হয়?

১৬. চয়তানৰ কৌশলবিলাকৰ পৰা আতঁৰিবলৈ আমি কি কৰিব লাগিব আৰু এইটো কিয় কঠিন?

১৭. কিহে আমাক পাপপূৰ্ণ মনোবৃত্তিবোৰৰ সৈতে যুঁজিবলৈ কঠিন কৰে?

১৮. পাপক বৃদ্ধি কৰিবলৈ চয়তানে কেনেকৈ এই জগতক ব্যৱহাৰ কৰে?

১৯. মাত্ৰ নৈতিকভাৱে জীৱন যাপন কৰাটোৱেই কিয় যথেষ্ঠ নহয়?

২০. আপোনাক, যিটো সত্য তাক কৰাৰ পৰা বিৰত কৰিবলৈ চয়তানে কেনেকৈ চেষ্টা কৰিব পাৰে, কিন্তু এই বাধাক প্ৰতিৰোধ কৰিবলৈ কিহে আপোনাক সহায় কৰিব?

২১. আমি কেনেকৈ এই জগত আৰু আমাৰ নিজৰ পাপপূৰ্ণ মনোবৃত্তিৰ পৰা জয়ী হব পাৰো?

[Full-page picture on page 54]