Skip to content

Skip to table of contents

ঈশ্বৰে কাৰ উপাসনা গ্ৰহণ কৰে?

ঈশ্বৰে কাৰ উপাসনা গ্ৰহণ কৰে?

অধ্যায় ৫

ঈশ্বৰে কাৰ উপাসনা গ্ৰহণ কৰে?

আপুনি কেতিয়াবা চিন্তা কৰিছেনে, ‘ঈশ্বৰে কাৰ উপাসনা গ্ৰহণ কৰে?’ এজনী তিৰোতাৰ মনলৈ এনেকুৱা এটা প্ৰশ্ন আহিছিল, যেতিয়া তাই চমৰীয়াত থকা গৰিজ্জীম পৰ্ব্বতৰ দাঁতিত যীচু খ্ৰীষ্টৰ সৈতে কথোপকথন হৈছিল। যিহূদী আৰু চমৰীয়াসকলৰ উপাসনাৰ মাজত পাৰ্থক্যৰ দৃষ্টি আকৰ্ষণ কৰি, তাই কৈছিল: “আমাৰ পিতৃসকলে এই পৰ্ব্বতত ভজনা কৰিলে; কিন্তু আপোনালোকে কয়, যʼত মানুহে ভজনা কৰা উচিত, সেই ঠাই যিৰূচালেম নগৰত আছে।” (যোহন ৪:২০) যীচুৱে চমৰীয়া তিৰোতা গৰাকীক কৈছিল নে যে ঈশ্বৰে সকলো উপাসনা গ্ৰহণ কৰে? বা তেওঁ কৈছিলনে ঈশ্বৰক সন্তোষ্ট কৰিবলৈ কিছুমান নিৰ্দিষ্ট কাৰ্য্যৰহে প্ৰয়োজন?

যীচুৰ বিস্ময়জনক উত্তৰ আছিল: “যি কালত তোমালোকে এই পৰ্ব্বতত, নাইবা যিৰূচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে।” (যোহন ৪:২১) চমৰীয়া সকলে দীৰ্ঘ কাল ধৰি যিহোৱাক ভয় কৰিছিল আৰু অন্য দেৱতাবোৰক গৰিজ্জীম পৰ্ব্বতত উপাসনা কৰিছিল। (২ ৰাজাৱলি ১৭:​৩৩) তেতিয়া যীচু খ্ৰীষ্টই কৈছিল যে সত্য উপাসনাৰ বাবে কোনো স্থান বা যিৰূচালেম প্ৰয়োজন নহয়।

সত্যৰে আৰু আত্মাৰে উপাসনা কৰা

যীচুৱে চমৰীয়া তিৰোতা গৰাকীক আৰু কৈছিল: “তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো, তাৰ ভজনা কৰোঁ; কিয়নো যিহূদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়।” (যোহন ৪:২২) চমৰীয়াসকলৰ মতবাদ মিছা ধৰ্ম্মৰ আছিল আৰু ঈশ্বৰ নিশ্বাসিত বুলি বাইবেলৰ মাত্ৰ পাচঁখন কিতাপ গ্ৰহণ কৰিছিল​—⁠আৰু কেৱল এইবোৰত সিহঁতৰ নিজৰ সংস্কৰণ আছিল যাক চমৰীয়া পেন্ট্যাটিউক বুলি জনা গৈছিল। সেইবাবে, তেওঁলোকে আচলতে ঈশ্বৰক জনা নাছিল। কিন্তু, যিহূদীসকলৰ ওচৰত আধ্যাত্মিক জ্ঞান গতাই দিয়া হৈছিল। (ৰোমীয়া ৩:​১, ২) শাস্ত্ৰই বিশ্বাসী যিহূদী আৰু অন্যলোক, যিসকলে শুনিছিল তেওঁলোকে ঈশ্বৰক জনাৰ আৱশ্যক আছিল।

আচলতে, যীচুৱে দেখুৱাইছিল যে যিহূদী আৰু চমৰীয়াসকলে ঈশ্বৰক সন্তোষ্ট কৰিবলৈ হʼলে সিহঁতৰ উপাসনা পদ্ধতি শুধৰাব লাগিব। তেওঁ কৈছিল: “কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে।” (যোহন ৪:​২৩, ২৪) আমাক “আত্মাৰে,” বিশ্বাস আৰু প্ৰেমপূৰ্ণ হৃদয়ৰ দ্বাৰাই ঈশ্বৰক উপাসনা কৰাৰ আৱশ্যক। তেওঁৰ বাক্য, বাইবেলৰ অধ্যয়ন আৰু তেওঁ প্ৰকাশ কৰা সত্যৰ অনুসাৰে ঈশ্বৰক ‘সত্যৰে’ উপাসনা কৰাটো সম্ভৱ। আপুনি কি তেনে কৰিবলৈ ইচ্ছুক নে?

যীচুৱে উল্লেখ কৰিছিল যে ঈশ্বৰে সত্য উপাসনা বিচাৰে। ইয়ে দেখুৱাই যে যিকোনো প্ৰকাৰৰ উপাসনা যিহোৱাই গ্ৰহণ নকৰে। ঈশ্বৰক উপাসনা কৰা অৰ্থ হৈছে তেওঁক ভক্তিৰে সন্মান আৰু পবিত্ৰ সেৱা সমৰ্পণ কৰা। আপুনি যদি এজন শক্তিশালী শাসনকৰ্ত্তালৈ সন্মান দেখুৱাবলৈ বিচাৰে, তেনেহলে সম্ভৱঃ আপুনি তেওঁক সেৱা আৰু সন্তুষ্ট কৰিবলৈ আগ্ৰহী হব। তেনেহলে, অৱশ্যে আমি ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰো। ‘মোৰ ধৰ্ম্মই মোক সন্তুষ্ট কৰে,’ কোৱাৰ পৰিবৰ্তে, আমাক সেইবাবে নিশ্চিত হোৱা আৱশ্যক যে আমাৰ উপাসনাই ঈশ্বৰে বিচৰা প্ৰয়োজনীয়তাক পূৰ্ণ কৰে নে নকৰে।

পিতৃৰ ইচ্ছা মতে কাৰ্য্য কৰা

আহক আমি মথি ৭:​২১-২৩ পদ পঢ়ো আৰু এটা চূড়ান্ত বিষয় চিনাক্ত কৰিব পাৰোনে নোৱাৰো যে সকলো উপাসনা ঈশ্বৰৰ ওচৰত গ্ৰহণ হয় নে নহয়। যীচুৱে কৈছিল, “যিবিলাকে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেই জনহে সোমাব। সেই দিনা অনেকে মোক কব, ‘হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আৰু তোমাৰ নামেৰে ভূতবোৰক [দুষ্ট আত্মিক প্ৰাণী] খেদোৱা নাই নে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম-কাৰ্য্য কৰা নাই নে?’ তেতিয়া মই সিহঁতক স্পষ্টকৈ কম, মই তহঁতক কেতিয়াও জনা নাই; হে অধৰ্ম্মা চাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ।”

সত্য উপাসনাত যীচু খ্ৰীষ্টক প্ৰভুৰূপে স্বীকাৰ কৰা আৱশ্যক। কিন্তু যিসকলে যীচুৰ শিষ্য বুলি দাবী কৰে তেওঁলোকৰ উপাসনাত কিছু বিষয় এৰি যায়। তেওঁ কৈছিল যে কিছুমান মানুহে “পৰাক্ৰম-কাৰ্য্য” কৰিব, উদাহৰণৰূপে আচৰিতভাৱে সুস্থ কৰা। কিন্তু, তেওঁলোকক সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি যীচুৱে যি কৈছিল, তাক কৰিবলৈ বিফল হয়। কিয়নো তেওঁলোকে “[তেওঁৰ] পিতৃৰ ইচ্ছা পালন নকৰে।” আমি যদি ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰো, আমি পিতৃৰ ইচ্ছা কি তাক শিকি আৰু সেইমতে তাক কৰিব লাগিব।

যৰ্থাথ জ্ঞান​—⁠এক সুৰক্ষা

ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ হʼলে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্ট, দুয়োৰে বিষয়ে যৰ্থাথ জ্ঞানৰ আৱশ্যক। সেই জ্ঞানে অনন্ত জীৱনলৈ লৈ যায়। তেনেহলে, নিশ্চিয় আমি সকলোৱেই ঈশ্বৰৰ বাক্য, বাইবেলৰ পৰা যৰ্থাথ জ্ঞান লোৱাৰ বিষয়টো গভীৰভাৱে লব লাগে। কিছুমানে কয় যে যেতিয়ালৈকে আমি আমাৰ উপাসনা উৎসাহ আৰু আন্তৰিকতাৰে কৰো সেইবাবে চিন্তা কৰাৰ কোনো কাৰণ নাই। অন্যসকলে দাবী কৰে, ‘আপুনি যিমানে কম জানিব, আপোনাৰ পৰা সিমানে কম আশা কৰা হব।’ তথাপি, বাইবেলে আমাক ঈশ্বৰ আৰু তেওঁৰ উদেশ্যৰ বিষয়ে জ্ঞান বৃদ্ধি কৰাত উৎসাহ দিয়ে।​—⁠ইফিচীয়া ৪:১৩; ফিলিপীয়া ১:৯; কলচীয়া ১:⁠৯.

আমাৰ উপাসনা দূষিত হোৱাৰ পৰা এই জ্ঞানে সুৰক্ষা দিয়ে। পাঁচনি পৌলে নিৰ্দিষ্ট আত্মিক প্ৰাণীৰ বিষয়ে কৈছিল যিবোৰে “দীপ্তিময় দূতৰ” বেশ ধৰে। (২ কৰিন্থীয়া ১১:​১৪) এইবাবে ছদ্মবেশী, এই আত্মিক প্ৰাণী​—⁠চয়তান⁠—ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতে কাৰ্য্য কৰাবলৈ আৰু আমাক ভুলাবলৈ চেষ্টা কৰে। অন্য আত্মিক প্ৰাণী যিবিলাকে চয়তানৰ লগ লৈ মানুহৰ উপাসনাত দুষিত কৰে, কাৰণ পৌলে কৈছিল: “পৰজাতিবিলাকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশে নহয়, ভুত পিশাচৰ উদ্দেশেহে কৰে।” (১ কৰিন্থীয়া ১০:২০) সম্ভৱত, ঈশ্বৰে যি বিচাৰিছিল সেইমতে কৰা নাছিল, তথাপি তেওঁলোকে ভাবিছিল যে তেওঁলোকে সঠিক উপায়েৰে উপাসনা কৰিছে। তেওঁলোকক ভ্ৰান্ত কৰি মিছা উপাসনালৈ পৰিচালিত কৰা হৈছিল। পাছলৈ আমি চয়তান আৰু পিশাচবোৰৰ বিষয়ে আৰু শিকিবলৈ পাম, কিন্তু ঈশ্বৰৰ এই শত্ৰুবোৰে সচাঁকৈ মানৱজাতিৰ উপাসনাত দূষিত কৰি আহিছে।

১০ যদি আপুনি জানে যে কোনোবাই আপোনাৰ পানী যোগান ব্যৱস্থাত ইচ্ছাকৃতভাৱে বিষাক্ত কৰি দিছে, আপুনি তাৰ পানী পান কৰিবনে? আপুনি নিশ্চয় তৎক্ষণাত শুদ্ধ পানীৰ মূল বিচাৰি উলিয়াব। ঈশ্বৰৰ বাক্যৰ যৰ্থাথ জ্ঞানে সত্য ধৰ্ম্মক চিনাক্ত কৰিবলৈ আৰু যিবোৰ উপাসনা ঈশ্বৰৰ গ্ৰহণযোগ্য নহয় সেইবোৰক অগ্ৰাহ্য কৰিবলৈ আমাক সুসজ্জিত কৰে।

উপদেশ হিচাবে মানুহৰ বিধিসমূহ

১১ যেতিয়া যীচু পৃথিবীত আছিল, বহুত যিহূদীয়ে ঈশ্বৰে প্ৰদান কৰা যৰ্থাথ জ্ঞান অনুসাৰে কাৰ্য্য কৰা নাছিল। সেইবাবে তেওঁলোকে যিহোৱাৰ সন্মুখত পবিত্ৰৰূপে থিয় হোৱাৰ সুবিধা হেৰুৱাছিল। তেওঁলোকৰ সমন্ধে, পৌলে লিখিছিল: “ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়।” (ৰোমীয়া ১০:⁠২) ঈশ্বৰৰ বাক্য শুনি চলাৰ পৰিবৰ্ত্তে তেওঁলোকে কেনেকৈ ঈশ্বৰক উপাসনা কৰিব লাগে তাক নিজে সিধান্ত লৈছিল।

১২ ইস্ৰায়েলসকলে আৰম্ভণিতে ঈশ্বৰে দিয়া সত্য ধৰ্ম্মক অভ্যাস কৰিছিল, কিন্তু পিছলৈ মানুহৰ শিক্ষা আৰু দৰ্শনবাদৰ দ্বাৰা দূষিত হৈছিল। (যিৰিমিয়া ৮:​৮, ৯; মালাখী ২:​৮, ৯; লুক ১১:৫২) যদিও যিহূদী ধৰ্ম্মৰ গুৰু যাক ফৰাচী বুলি জনা গৈছিল তেওঁলোকে ভাবিছিল যে ঈশ্বৰে তেওঁলোকৰ উপাসনা গ্ৰহণ কৰে, যীচুৱে সিহঁতক কৈছিল: “তোমালোক কপটীয়াবিলাকৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোত্তি প্ৰচাৰ কৰিলে; যেনে লিখা আছে, ‘এই মানুহবিলাকে ওঁঠৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে। আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই, তেওঁবিলাকে অনৰ্থকৰূপে মোক ভক্তি কৰে।’ ”​—⁠মাৰ্ক ৭:​৬, ৭.

১৩ যিদৰে ফৰাচীসকলে কৰিছিল সেইদৰে আমি কৰাটো ই সম্ভৱনে? এইটো সম্ভৱ হব পাৰে, যদিহে আমি ঈশ্বৰে উপাসনাৰ বিষয়ে যি কৈছে তাক পৰীক্ষা কৰা পৰিবৰ্তে আমি বংশ পৰম্পৰা অনুসাৰে চলি অহা ধৰ্মীয় নীতি-নিয়মবোৰ পালন কৰো। এই প্ৰকৃত বিপদৰ সম্পৰ্কে সাৱধান কৰি, পৌলে লিখিছিল: “কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, উত্তৰকালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব; ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব।” (১ তীমথিয় ৪:⁠১) সেইকাৰণে আমাৰ উপাসনা ঈশ্বৰক সন্তুষ্ট কৰে বুলি মানি লোৱাটোৱে যথেষ্ট নহয়। চমৰীয়া তিৰোতাৰ দৰে যিগৰাকীয়ে যীচুক লগ পাইছিল, হয়তু আমাৰ উপাসনা পদ্ধতি আমি আমাৰ পিতৃ-মাতৃৰ উপসনা পদ্ধতিৰ পৰা পাইছো। কিন্তু আমি নিশ্চিত হোৱা আৱশ্যক যে আমি যি কৰিছো সেয়া যেন ঈশ্বৰৰ সমৰ্থন লাভ কৰে।

ঈশ্বৰক অসন্তুষ্ট কৰাৰ পৰা সাৱধান হওঁক

১৪ যদি আমি সাৱধান নহওঁ, আমি এনেকুৱা কাৰ্য্য কৰিব পাৰো যিটোৱে ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য নহয়। উদাহৰণৰূপে, পাঁচনি যোহনে “স্বৰ্গদূতক প্ৰণিপাত” কৰিবলৈ তেওঁৰ চৰণত পৰিছিল। কিন্তু স্বৰ্গদূতে সাৱধানবাণী কৰিছিল: “সাৱধান, এনে নকৰিবা; মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইবিলাকৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।” (প্ৰকাশিত বাক্য ১৯:১০) তেতিয়াহলে আপুনি দেখিছেনে, আপোনাৰ উপাসনা কোনো মূৰ্ত্তিপূজাৰ দ্বাৰা দূষিত হৈছেনে নাই তাৰ প্ৰতি নিশ্চিত হোৱাৰ কিমান আৱশ্যক?​—⁠১ কৰিন্থীয়া ১০:⁠১৪.

১৫ যেতিয়া কিছুমান খ্ৰীষ্টানে ধৰ্মীয় ৰীতিনীতি অভ্যাস কৰিবলৈ ধৰিলে যিবোৰে ঈশ্বৰক সন্তুষ্ট নকৰে, পৌলে সুধিছিল: “কেনেকৈ পুনৰায় সেই দুৰ্ব্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি, আকৌ নতুনকৈ তাৰ দাস্যকৰ্ম্ম কৰিবলৈ ইচ্ছা কৰিছা? তোমালোকে বিশেষ বিশেষ দিন, মাহ, তিথি আৰু বছৰ, এইবোৰ মানিছা। তোমালোকৰ নিমিত্তে মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানি কেনেবাকৈ ব্যৰ্থ হয়, তোমালোকৰ অৰ্থে মোৰ এই ভয় আছে।” (গালাতীয়া ৪:​৮-১১) ব্যক্তিগতভাৱে যিসকলে ঈশ্বৰৰ জ্ঞান অৰ্জন কৰিছিল কিন্তু পাছলৈ বিপথগামী হয় ধৰ্মীয় প্ৰথা আৰু ধৰ্মীয় পবিত্ৰ পৰ্ব পালন কৰি ভুল কৰিছিল যিটো যিহোৱাৰ ওচৰত গ্ৰহণযোগ্য নহয়। যিদৰে পৌলে কৈছিল: “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰা” আমাৰ আৱশ্যক।​—⁠ইফিচীয়া ৫:১০ (NW).

১৬ আমি অৱশ্যে নিশ্চিত হোৱা আৱশ্যক যে আমি ধৰ্মীয় বন্ধ দিনবোৰ আৰু অন্য প্ৰথাবিলাক ত্যাগ কৰিব লাগে যিবোৰে ঈশ্বৰৰ নীতিক ভাঙে। (১ থিচলনীকীয়া ৫:২১) উদাহৰণস্বৰূপে, যীচুৱে তেওঁৰ অনুগামীসকলক কৈছিল: “মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১৬) আপোনাৰ ধৰ্ম্মই উৎসৱ আৰু বন্ধৰ দিনবোৰৰ লগত লিপ্ত আছেনে যিবোৰে এই জগতৰ বিষয়বিলাকৰ নিৰপেক্ষতা নীতিক উলঙ্ঘন কৰে? বা পাঁচনি পিতৰে বৰ্ণনা কৰা আচৰণৰ সৈতে আপোনাৰ ধৰ্ম্মৰ অনুগামীসকলে কেতিয়াবা পৰম্পৰা আৰু উৎসৱবোৰত অংশ লৈছেনে? তেওঁ লিখিছিল: “লম্পট-আচৰণ, অভিলাষ, সুৰা-পান, ৰং-ৰস, পানাৰ্থক আমোদ-প্ৰমোদ আৰু ঘিণলগীয়া দেৱপূজা, এই সকলোতে চলি, পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হʼল, সেয়ে যথেষ্ট।”​—⁠১ পিতৰ ৪:⁠৩.

১৭ পাঁচনি যোহনে উল্লেখ কৰা যিকোনো অভ্যাস যিবিলাক আমাৰ চাৰিওফালে থকা এই ভক্তিহীন জগতে প্ৰতিফলিত কৰে তাক পৰিত্যাগ কৰা আৱশ্যক। যোহনে লিখিছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:​১৫-১৭) আপুনি লক্ষ্য কৰিছেনে যে যিসকলে “ঈশ্বৰৰ ইচ্ছা পালন কৰে” চিৰকাললৈকে থাকে? হয়, যদি আমি ঈশ্বৰৰ ইচ্ছা পালন কৰো আৰু সেই কাৰ্য্যবোৰ পৰিত্যাগ কৰো যিবোৰক এই জগতৰ আত্মাই প্ৰতিফলিত কৰে, তেতিয়াহে আমাৰ চিৰকাললৈকে জীয়াই থকাৰ আশা থাকিব পাৰে!

ঈশ্বৰৰ উচ্চ মানদণ্ডবোৰক পালন কৰা

১৮ ঈশ্বৰে নিজৰ সেৱকসকলক তেওঁৰ উচ্চ নৈতিক নিয়ম-প্ৰণালীবোৰ পালন কৰাটো বিচাৰে। অতীজৰ কৰিন্থীয়াৰ কিছুমান ব্যক্তিয়ে ভুলৰূপে ভাবিছিল যে ঈশ্বৰে অনৈতিক আচৰণ সহন কৰে। আমি ১ কৰিন্থীয়া ৬:​৯, ১০ পদ পঢ়ি বুজিব পাৰো যে তেওঁলোকৰ ভুল কʼত আছিল। যদি আমি ঈশ্বৰৰ গ্ৰহণযোগ্য উপাসনা কৰো, তেন্তে অৱশ্য আমি কথা আৰু কৰ্মৰে তেওঁক সন্তুষ্ট কৰিব লাগিব। আপোনাৰ উপাসনাৰ পদ্ধতিয়ে আপোনাক সেইয়া কৰিবলৈ সক্ষম কৰেনে?​—⁠মথি ১৫:৮; ২৩:​১-৩.

১৯ আমি অন্য লোকৰ সৈতে আমাৰ ব্যৱহাৰত ঈশ্বৰৰ মানদণ্ড প্ৰতিফলিত হোৱা উচিত। যীচুৱে আমাক উৎসাহ দিছিল যে অন্যলোকে আমাৰ প্ৰতি যেনেকৈ ব্যৱহাৰ কৰিলে আমি ভাল পাওঁ তেনেকৈ আমিও তেওঁলোকলৈ তেনে ব্যৱহাৰ কৰিব লাগে, কিয়নো ই সত্য উপাসনাৰ এটা ভাগ। (মথি ৭:১২) লক্ষ্য কৰক তেওঁ ভাতৃ প্ৰেম প্ৰদৰ্শন কৰাৰ বিষয়ে কি কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোকে যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) যীচুৰ শিষ্যসকলে এজনে আনজনৰ প্ৰতি পৰস্পৰ প্ৰেম থাকে আৰু সঙ্গী উপাসক আৰু অন্যলৈ সৎকৰ্ম কৰে।​—⁠গালাতীয়া ৬:⁠১০.

সম্পূৰ্ণ হৃদয়ৰে কৰা উপাসনা

২০ মনে মনে, আপুনি হয়তু ঈশ্বৰৰ গ্ৰহণযোগ্য উপাসনা কৰিবলৈ বিচাৰে। যদি সেইয়া হয় তেনেহলে উপাসনাৰ প্ৰতি আপোনাৰ যিহোৱাৰ দৃষ্টিভঙ্গী থকা উচিত। শিষ্য যাকোবে উল্লেখ কৰিছিল যে ঈশ্বৰৰ দৃষ্টিভঙ্গীহে গুৰুত্বপূৰ্ণ, আমাৰ নহয়। যাকোবে কৈছিল: “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু জগতৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।” (যাকোব ১:২৭) ঈশ্বৰক সন্তুষ্ট কৰাৰ ইচ্ছাৰে, আমাৰ প্ৰত্যেকে নিজ উপাসনা পৰীক্ষা কৰিব লাগে যে ভক্তিহীন অভ্যাসবোৰৰ দ্বাৰাই দূষিত নহয় বা যিটো তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কয়, যাতে তাক আমি বাদ নিদিওঁ।​—⁠যাকোব ১:⁠২৬.

২১ মাত্ৰ পবিত্ৰ, সম্পূৰ্ণ হৃদয়ৰে কৰা উপাসনা যিহোৱাক সন্তুষ্ট কৰে। (মথি ২২:৩৭; কলচীয়া ৩:২৩) যেতিয়া ইস্ৰায়েল জাতিয়ে ঈশ্বৰক কম গুৰুত্ব দিছিল, তেওঁ কৈছিল: “পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে; পাছে যদি মই পিতৃ হওঁ, তেন্তে মোৰ সমাদৰ কʼতা? আৰু যদি মই প্ৰভু হওঁ, তেন্তে মোলৈ ভয় কʼতা?” তেওঁলোকে ঈশ্বৰৰ ওচৰত বলিদানৰ অৰ্থে অন্ধ, খোৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰি ঈশ্বৰক অসন্তুষ্ট কৰিছিল আৰু তেওঁ এনে ধৰণৰ উপাসনা অগ্ৰাহ্য কৰিছিল। (মলাখী ১:​৬-৮) যিহোৱা শুদ্ধ উপাসনা পোৱাৰ যোগ্য, মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ আৰু একান্ত ভক্তিৰ বিনে তেওঁ একো গ্ৰহণ নকৰে।​—⁠যাত্ৰাপুস্তক ২০:৫; হিতোপদেশ ৩:৯; প্ৰকাশিত বাক্য ৪:⁠১১.

২২ চমৰীয়া তিৰোতা, যীচুৰ সৈতে হোৱা কথোপকথনৰ পৰা বুজা যায় যে তাই ঈশ্বৰীয় অনুমোদন পদ্ধতিৰে উপাসনা কৰিবলৈ আগ্ৰহী আছিল। যদি আমাৰ ইচ্ছা তেনেদৰে হয়, আমি সকলো দূষিত শিক্ষা আৰু অভ্যাসবোৰক পৰিত্যাগ কৰিব লাগিব। (২ কৰিন্থীয়া ৬:​১৪-১৮) তাৰ পৰিবৰ্তে, আমি ঈশ্বৰৰ যৰ্থাথ জ্ঞান প্ৰাপ্ত কৰিবলৈ আৰু তেওঁৰ ইচ্ছামতে কাৰ্য্য কৰিবলৈ যত্ন কৰিব লাগিব। আমি গ্ৰহণযোগ্য উপাসনাৰ বাবে সম্পূৰ্ণৰূপে তেওঁৰ প্ৰয়োজনীয়বোৰত ঘনিষ্ট সহযোগ ৰাখিব লাগিব। (১ তীমথিয় ২:​৩, ৪) যিহোৱাৰ সাক্ষীসকলে সেইমতে কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছে আৰু তেওঁলোকে আপোনাক তেওঁলোকৰ সৈতে ঈশ্বৰক “আত্মাৰে আৰু সত্যৰে” উপাসনাত ভাগ লবলৈ অনুৰোধ কৰিছে। (যোহন ৪:২৪) যীচুৱে কৈছিল: “কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে।” (যোহন ৪:২৩) আশা কৰা হৈছে যে আপুনি তেনেধৰণৰ ব্যক্তি। সেই চমৰীয়া তিৰোতাৰ দৰে, নিঃসন্দেহ আপুনি অনন্ত জীৱন পাবলৈ বিচাৰিব। (যোহন ৪:​১৩-১৫) কিন্তু আপুনি দেখিছে যে মানুহ বৃদ্ধ আৰু মৃত্যু হয়। পৰবৰ্ত্তী অধ্যায়ত কিয় তেনে হয় তাক ব্যাখ্যা কৰিছে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

যোহন ৪:​২৩, ২৪ পদৰ অনুসাৰে, কেনেধৰণৰ উপাসনা ঈশ্বৰে গ্ৰহণ কৰে?

ঈশ্বৰে কিছুমান পৰম্পৰা আৰু উৎসৱবোৰত সন্তুষ্ট হয় নে নহয় তাক আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো?

গ্ৰহণযোগ্য উপাসনাৰ বাবে কিছুমান প্ৰয়োজনীয় বিষয় কি কি?

[Study Questions]

১. এজনী চমৰীয়া তিৰোতায়ে উপাসনাৰ বিষয়ে কি জানিবলৈ বিচাৰিছিল?

২. চমৰীয়া তিৰোতা গৰাকীয়ে উত্তৰ দিওঁতে, যীচুৱে কি কৈছিল?

৩. (ক) কিয় চমৰীয়াসকলে আচলতে ঈশ্বৰক জনা নাছিল? (খ) কেনেকৈ বিশ্বাসী যিহূদী আৰু অন্যলোকে ঈশ্বৰক জানিব পাৰিলে?

৪. যীচুৰ বাক্য অনুসৰি, যদি যিহূদী আৰু চমৰীয়াসকলৰ উপাসনা ঈশ্বৰৰ গ্ৰহণযোগ্য হবলৈ তেওঁলোকক কি কৰাৰ আৱশ্যক আছিল?

৫. (ক) “উপাসনাৰ” অৰ্থ কি? (খ) যদি আমাৰ উপাসনা ঈশ্বৰে গ্ৰহণ কৰাটো আমি বিচাৰো তেতিয়াহʼলে আমাক কি কৰা উচিত?

৬, ৭. যীচুৰ শিষ্য বুলি দাবী কৰাসকলৰ মাজৰ কিছুমান ব্যক্তিক তেওঁ কিয় স্বীকাৰ নকৰে?

৮. যদি আমি ঈশ্বৰৰ ইচ্ছা মতে চলো, তেতিয়াহলে কিহৰ প্ৰযোজন আৰু কি ভুল দৃষ্টিভঙ্গী আমি ত্যাগ কৰিব লাগিব?

৯. কেনেকৈ যৰ্থাথ জ্ঞানে আমাক সুৰক্ষা দিয়ে আৰু আমাক কিয় তেনে সুৰক্ষাৰ প্ৰয়োজন?

১০. যদি কোনোৱাই আপোনাৰ পানী যোগান ব্যৱস্থাত ইচ্ছাকৃতভাৱে বিষাক্ত কৰে তেতিয়া আপুনি কি কৰিব আৰু ঈশ্বৰৰ বাক্যৰ যৰ্থাথ জ্ঞানে আমাক কিদৰে সুসজ্জিত কৰে?

১১. বেছিভাগ যিহূদীসকলৰ উপাসনাত কি ভুল আছিল?

১২. কিহে ইস্ৰায়েলজাতিৰ উপাসনা দূষিত কৰিছিল আৰু তাৰ পৰিণাম কি হৈছিল?

১৩. ফৰাচীসকলে যি কৰিছিল আমি সেইদৰে কেনেকৈ কৰিব পাৰো?

১৪, ১৫. যদিও আমাৰ ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জ্ঞান আছে, তথাপি আমি কিয় সাৱধান হোৱা আৱশ্যক?

১৬. ঈশ্বৰক বন্ধৰ দিন আৰু পৰম্পৰাবোৰ ঈশ্বৰক সন্তুষ্ট কৰে নে নকৰে তাক ঠিৰাং কৰিবলৈ কেনেকৈ যোহন ১৭:১৬ পদ আৰু ১ পিতৰ ৪:৩ পদে আমাক সহায় কৰে?

১৭. এই জগতৰ আত্মাই যি প্ৰতিফলিত কৰে তাক আমি কিয় পৰিত্যাগ কৰা উচিত?

১৮. কেনেকৈ কৰিন্থীয়াসকলৰ আচৰণৰ সমন্ধে ভুল ধাৰণা আছিল আৰু এইবোৰ পৰা আমি কি শিকা উচিত?

১৯. সত্য উপাসনাই অন্যলোকৰ সৈতে আমাৰ আচাৰ-ব্যৱহাৰত কেনেকৈ প্ৰভাৱ পেলায়?

২০, ২১. (ক) কেনেধৰণৰ উপাসনা ঈশ্বৰে বিচাৰে? (খ) মলাখীৰ দিনত যিহোৱাই ইস্ৰায়েলসকলৰ উপাসনা কিয় অগ্ৰাহ্য কৰিছিল?

২২. ঈশ্বৰে আমাৰ উপাসনা গ্ৰহণ কৰাটো যদি আমি বিচাৰো, তেনেহলে আমি কি পৰিত্যাগ কৰিব লাগিব আৰু কি গ্ৰহণ কৰিব লাগিব?

[Full-page picture on page 44]