Skip to content

Skip to table of contents

ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে?

ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে?

অধ্যায় ৮

ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে?

যেতিয়া আকস্মিক দূৰ্ঘটনা হয়, বহুতো সা-সম্পত্তি আৰু মানুহৰ জীৱন নষ্ট হয়, বহুতে বুজি নাপায় যে কিয় এনেবোৰ ভয়ঙ্কৰ ঘটনা ঘটে। বহুতে অপৰাধ, নিষ্ঠুৰতা, দুষ্টতা আৰু হিংসাত হোৱা লুট-পাতৰ দ্বাৰাই অস্থিৰ হৈ পৰিছে। হয়তু আপুনিও আচৰিত হয় ‘ঈশ্বৰে দুখ-কষ্টক অনুমতি কিয় দিছে?’

যিহেতু তেওঁলোকে এই প্ৰশ্নৰ সন্তোষজনক একো উত্তৰ নোপোৱাত বহুতে ঈশ্বৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে। তেওঁলোকে উপলব্ধি কৰে যে তেওঁ মানৱজাতিৰ বাবে কোনো একো আগ্ৰহী নহয়। অন্য যিবিলাকে দুখ-কষ্টক জীৱনৰ এটা অংশ বুলি ধৰি লৈছে, তেওঁলোক বিৰক্ত হৈ মানৱ সমাজৰ সকলোবোৰ অসৎ বিষয়ৰ বাবে ঈশ্বৰক জগৰীয়া কৰে। যদি আপোনাৰ এনে ধাৰণা আছে, নিঃসন্দেহ আপুনি বাইবেলত এই বিষয়ে দিয়া বিৱৰণিত আগ্ৰহী হব।

দুখ-কষ্ট ঈশ্বৰৰ পৰা নহয়

বাইবেলে আমাক আশ্বাস দিয়ে যে আমি আমাৰ চাৰিওফালে দেখি থকা দুখ-কষ্ট যিহোৱা ঈশ্বৰৰ দ্বাৰা ঘটিত নহয়। উদাহৰণস্বৰূপে, শিষ্য যাকোবে লিখিছিল: “যেতিয়া পৰীক্ষিত হয়, তেতিয়া ‘ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ,’ এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” (যাকোব ১:১৩) এইকাৰণে, অভিশাপ স্বৰূপে মানৱজাতিৰ বহু সংখ্যক দুখবেদনা ক্লেশৰ কাৰণ কেতিয়াও ঈশ্বৰ হব নোৱাৰে। তেওঁ স্বৰ্গীয় জীৱনৰ উপযোগীৰ বাবে লোকসকলক পৰীক্ষা নকৰে, নাইবা তেওঁলোকে কৰা কুকৰ্মৰ বাবে কষ্টভোগৰ অনুমতি নিদিয়ে যিবোৰ তেওঁলোকে ভাবে যে কোনো পূৰ্ব্বৰ জন্মত কৰিছিল।​—⁠ৰোমীয়া ৬:⁠৭.

সেইদৰে, ঈশ্বৰৰ বা খ্ৰীষ্টৰ নামত বহুতো শোচনীয় কাৰ্য্য সংঘটিত হৈছে, বাইবেলত তেওঁলোকৰ এনে কাৰ্য্যৰ বাবে অনুমোদন দিয়া বুলি কতো উল্লেখ নাই। ঈশ্বৰ আৰু খ্ৰীষ্টৰ সিহঁতৰ সৈতে একো সম্বন্ধ নাই, যিবিলাকে সেৱা কৰিছো বুলি দাবী কৰে অথচ তেওঁলোকে প্ৰবঞ্চনা, প্ৰতাৰণা, হত্যা, ডকাইতি আৰু অন্য বহুতো কাৰ্য্য কৰে যাৰ বাবে মানুহৰ ওপৰত দুখ-কষ্ট হয়। দৰাচলতে, “দুষ্টৰ পথ যিহোৱাৰ ঘিণলগীয়া; ঈশ্বৰে দুষ্টবোৰৰ পৰা দূৰত থাকে।”​—⁠হিতোপদেশ ১৫:​৯, ২৯.

বাইবেলে বৰ্ণনা কৰে যে যিহোৱা “অতি স্নেহৱান আৰু দয়ালু।” (যাকোব ৫:১১) ই ঘোষণা কৰিছে যে “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়।” (গীতমালা ৩৭:২৮; যিচয়া ৬১:⁠৮) তেওঁ প্ৰতিহিংসা নকৰে। তেওঁ কৰুণাৰ সৈতে সৃষ্টি কৰা প্ৰাণীক যত্ন লয় আৰু তেওঁলোকৰ হিতৰ বাবে যিটো আটাইতকৈ ভাল তাক দিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৪:​১৬, ১৭) যিহোৱাই এইবোৰ পৃথিবীত জীৱনৰ আৰম্ভণিৰ পৰাই কৰিছে।

এক নিখূত আৰম্ভনি

আমি সকলোৱে দুখ-কষ্ট অনুভৱ কৰি অভ্যস্ত হৈ পৰিছো। সেইবাবে কষ্টবিহীন সয়মৰ কল্পনা কৰাটো হয়তু কঠিন হয়, কিন্তু মানৱ ইতিহাসৰ আৰম্ভণিত সেয়া সকলো আছিল। কিছুমান ৰাষ্ট্ৰৰ বৃত্তান্তত এনেধৰণৰ সুখী আৰম্ভণিৰ উল্লেখ পোৱা যায়। গ্ৰীক পৌৰাণিক কাহিনীত, “মানৱৰ পাচোঁতা যুগৰ” প্ৰথম যুগক “স্বৰ্ণ যুগ” বুলি কোৱা হৈছিল। ইয়াত মানুহে সুখেৰ জীৱন-যাপন কৰিছিল, যত কষ্টকৰ কাৰ্য্য, দুখ আৰু বৃদ্ধ অৱস্থাৰ পৰা মুক্ত আছিল। চীনদেশৰ লোকসকলে কয় যে পৌৰাণিক কাহিনীৰ পীত সম্ৰাটৰ (হোয়াং-ডী) শাসনকালত, লোকসকলে শান্তিত বস-বাস কৰিছিল, বায়ু অনুকুল আৰু বনৰীয়া জীৱ-জন্তুৰ সৈতে আনন্দ উপভোগ কৰিছিল। পাৰস্য, মিছৰ, ৰ্তীবত, পেৰু আৰু মেক্সিকীয় অধিবাসীসকলৰ পৌৰাণিক কাহিনীত মানৱ ইতিহাসৰ আৰম্ভণিত সুখী আৰু সিদ্ধ সময়ৰ বিষয়ে উল্লেখ আছে।

মানৱ ইতিহাসৰ প্ৰায় জাতিবিলাকৰ পৌৰাণিক কাহিনীবিলাকে সকলোতকৈ প্ৰাচীন লিখিত বিৱৰণত, বাইবেলৰ কিছুমান গুণ প্ৰতিফলিত কৰিছে। বাইবেলে আমাক জনাই যে ঈশ্বৰে প্ৰথম মানৱ দম্পতি, আদম আৰু হৱাক, এখন পৰমদেশত ৰাখিছিল যাক এদন বাগিছা বুলি কোৱা হৈছিল আৰু তেওঁলোকক আজ্ঞা দিছিল: “তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা।” (আদিপুস্তক ১:২৮) আমাৰ প্ৰথম পিতৃ-মাতৃয়ে পূৰ্ণ সিদ্ধতাত জীৱনৰ আনন্দ উপভোগ কৰিছিল আৰু গোটেই পৃথিবীজুৰি পৰমদেশত শুদ্ধ মানৱ পৰিয়ালেও চিৰস্থায়ী সুখ আৰু শান্তিৰে জীৱন-যাপন কৰা সম্ভাৱনা আছিল। পৃথিবী আৰু মানৱজাতিক সৃষ্টি কৰাৰ সময়ত এইটোৱেই ঈশ্বৰৰ উদ্দেশ্য আছিল।​—⁠যিচয়া ৪৫:⁠১৮.

এক হিংসাপূৰ্ণ প্ৰত্যাহ্বান

ঈশ্বৰৰ অনুগ্ৰহ পাবৰ বাবে, আদম আৰু হৱাক “ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল” খোৱাৰ পৰা আঁতৰি থাকিব লাগিছিল। যদি তেওঁলোকে যিহোৱাৰ বিধান মানি চলিলেহেঁতেন, কেতিয়াও মানুহৰ জীৱনত ক্ষতিগ্ৰস্ত কৰা দুখ-কষ্ট নহলহেঁতেন। ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ দ্বাৰা, তেওঁলোকে যিহোৱাৰ প্ৰতি প্ৰেম আৰু তেওঁলৈ বিশ্বাস দেখুৱালৈ পাৰিলেহেঁতেন। (১ যোহন ৫:⁠৩) কিন্তু যেনেকৈ আমি ৬ অধ্যায়ত শিকিলো পৰিস্থিতি সেইমতে নহʼল। চয়তানৰ দ্বাৰ প্ৰলোভিত হৈ, হৱাই সেই বৃক্ষৰ ফল খালে। পাছত, আদমেও নিষিদ্ধ ফল খাইছিল।

যি ঘটিছিল তাৰ গুৰুত্ব আপুনি বুজিছেনে? চয়তানে যিহোৱাৰ অতি উচ্চ স্থানত আক্ৰমণ কৰিছিল। “দৰাচলতে তোমালোকে নমৰা” বুলি দিয়াবলে ঈশ্বৰে কোৱা বাক্য “তুমি অৱশ্যে মৰিবা” বিৰোধিতা কৰিছিল। পাছলৈ চয়তানৰ বাৰ্তালাপত ইঙ্গিত আছিল যে যিহোৱাই আদম আৰু হৱাৰ পৰা ঈশ্বৰৰ সাদৃশ হোৱাৰ সম্ভৱানাক লুকুৱাই ৰাখিছে, যাতে ভাল আৰু বেয়াক স্থিৰ কৰিবলৈ ঈশ্বৰৰ প্ৰয়োজন নাথাকিব। যিহোৱাৰ স্থান আৰু বাধ্যতাৰ ওপৰত চয়তানে প্ৰশ্ন উঠালে।​—⁠আদিপুস্তক ২:১৭; ৩:​১-৬.

১০ ইয়াৰ উপৰিও দিয়াবল চয়তানে ইঙ্গিত দিছিল যে মানুহে মাত্ৰ তেতিয়ালৈকেহে যিহোৱাৰ আজ্ঞাধীন হব যেতিয়ালৈকে ঈশ্বৰে তেওঁলোকক সুবিধা দি থাকিব। আনহাতে, মানৱৰ নিষ্ঠাৰ সম্পৰ্কেও প্ৰশ্ন তোলা হৈছিল। চয়তানে দাবী কৰিলে যে কোনো মানুহে ঈশ্বৰৰ প্ৰতি স্বইচ্ছাৰে বিশ্বাসী হৈ নাথাকিব। চয়তানে কৰা এই বিদ্বেষপূৰ্ণ দাবী স্পষ্টৰূপে বাইবেলত যিহোৱাৰ এজন বিশ্বাসী সেৱক ইয়োবৰ বিষয়ে প্ৰকাশ কৰিলে, যিজন সা.যু.পূ. ১৬০০ বছৰৰ আগতে এক বিৰাট পৰীক্ষাৰ সন্মূখীন হৈছিল। যেতিয়া আপুনি ইয়োব কিতাপৰ প্ৰথম দুটা অধ্যায় যিহোৱাই কিয় মানৱজাতিক দুখ-কষ্টৰ অনুমতি দিছে সেই সম্পৰ্কে জানিব পাৰিব।

১১ ইয়োব, এজন “সিদ্ধ আৰু সৰল ব্যক্তি,” চয়তানৰ আক্ৰমণৰ সন্মূখীন হৈছিল। প্ৰথমে, চয়তানে ইয়োবৰ প্ৰতি অসৎ উদ্দেশ্য অভিযোগ আনি প্ৰশ্ন কৰিছিল “ইয়োবে জানো বিনালাভে ঈশ্বৰলৈ ভয় ৰাখে?” তাৰপাছত, দিয়াবলে নিজ ধূৰ্ত্ততাৰে ঈশ্বৰ আৰু ইয়োব এই দুয়োৰে মৰ্য্যদাহানি কৰি দাবী কৰিছিল যে যিহোৱাই ইয়োবৰ বিশ্বাসক সুৰক্ষা আৰু আশীৰ্ব্বাদ দি ৰাখিছে। “কিন্তু আপুনি এবাৰ,” চয়তানে যিহোৱা ঈশ্বৰক প্ৰত্যাবান জনাইছিল, “হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।”​—⁠ইয়োব ১:​৮-১১.

১২ সকলো ভাল বস্তু ইয়োবে যিহোৱাৰ পৰা পাইছিল বাবে তেওঁ মাত্ৰ ঈশ্বৰক সেৱা কৰিছিলনে? পৰীক্ষাৰ সময়ত ইয়োবে নিষ্ঠা বজাই ৰাখিবনে? তাৰ বিপৰীত, যিহোৱাৰ নিজৰ সেৱকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিলনে যে চয়তানক পৰীক্ষা কৰিবলৈ অনুমতি দিব? এই প্ৰশ্নবিলাকৰ উত্তৰ তেতিয়া পোৱা গলহেঁতেন যদিহে যিহোৱাই চয়তানক ইয়োবৰ ওপৰত অতি কঠিন পৰীক্ষা আনিবলৈ অনুমতি দিলেহেঁতেন। ইয়োব পুস্তকত বৰ্ণনা কৰা অনুসৰি, ঈশ্বৰৰ অনুমতিৰ দ্বাৰাই ইয়োবৰ বিশ্বাস পৰীক্ষা হʼল, যিদৰে ইয়োব পুস্তকত বৰ্ণনা কৰা হৈছে, যিহোৱাৰ ধাৰ্ম্মিকতা আৰু নিৰ্দোষীৰ প্ৰমাণ কৰিলে।​—⁠ইয়োব ৪২:​১, ২, ১২.

১৩ এদন বাগিছাত আৰু ইয়োবৰ সৈতে যি ঘটিছিল, তাৰ এটা গভীৰ অৰ্থ আছে। যি বাদ-বিবাদৰ বিষয়ে প্ৰশ্ন তুলিছিল সকলো মানৱজাতি ইয়াত লগত জড়িত, বৰ্তমান আমিও অন্তৰ্ভুক্ত হৈছো। ঈশ্বৰৰ নামক কলঙ্কিত কৰা হৈছিল আৰু তেওঁৰ সাৰ্ব্বভৌমত্বৰ ওপৰত প্ৰত্যাহ্বান জনোৱা হৈছিল। ঈশ্বৰৰ সৃষ্টি, মানুহৰ নিষ্ঠাবানৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছিল। সেই বাদ-বিবাদৰ বিষয়বিলাক কৰাৰ প্ৰয়োজন।

সেই বাদ-বিবাদ বিষয়বিলাক কেনেকৈ নিষ্পত্তি কৰা যায়

১৪ উদাহৰণস্বৰূপে, ধৰি লওঁক যে আপুনি এজন মৰমীয়াল পিতৃ-মাতৃ, যত আপোনাৰ কেইবাটাও সন্তানৰ সৈতে আপোনাৰ পৰিয়াল সুখেৰে আছে। ধৰি লওঁক আপোনাৰ এজন চুবুৰীয়াই আপোনাক বেয়া পিতৃ-মাতৃ বুলি অভিযোগ কৰিছে আৰু সেই মিছা অভিযোগ অন্যৰ আগত কয় ফুৰিছে। যদি আপোনাৰ চুবুৰীয়াই কয় যে আপোনাৰ সন্তানসকলে আপোনাক ভাল নাপায়, তেওঁলোকে কোনটো পৰিস্থিতি ভাল তাক নজনাৰ বাবেহে আপোনাৰ লগত আছে আৰু যদি কোনোৱাই তেওঁলোকক পথ দেখুৱাই দিয়ে সিহঁতে আপোনাক ত্যাগ কৰিব। হয়তু আপুনি ‘একেবাৰে অসম্ভৱ!’ বুলি কব। হয়, কিন্তু আপুনি ইয়াক কেনেকৈ প্ৰমাণ কৰিব? কিছুমান পিতৃ-মাতৃৰ হয়তু খং উঠিব পাৰে। এনে উগ্ৰ প্ৰতিক্ৰিয়াই সমস্যা উপন্ন কৰাৰ উপৰিও সেই মিছা অপবাদকক সমৰ্থন কৰিব। এনেধৰণৰ সমস্যাৰ লগত শান্তিৰে সমাধান কৰিবলৈ আপোনাৰ অভিযোগকাৰীক সুযোগ দি তেওঁৰ দাবীক প্ৰমাণ কৰিবলৈ দিলে আপোনাৰ সন্তানে আপোনাক সচাঁকৈ ভাল পায় তাৰ সাক্ষী দিয়া হয়।

১৫ যিহোৱা সেই প্ৰেমময় পিতৃ-মাতৃৰ দৰে। আদম আৰু হৱাক সন্তান আৰু চয়তানৰ ভুমিকা সেই মিছলীয়া চুবুৰীয়াৰ সৈতে তুলনা কৰিব পাৰি। জ্ঞানী ঈশ্বৰে চয়তান, আদম আৰু হৱাক তৎক্ষণাত ধ্বংস নকৰিলে, কিন্তু সেই কুকৰ্মীসকলক কিছু কালৰ বাবে জীয়াই থাকিবলৈ অনুমতি দিয়ে। আমাৰ প্ৰথম পিতৃ-মাতৃক মানৱ পৰিয়াল আৰম্ভ কৰিবলৈ অনুমতি দিছিল আৰু দিয়াবলে কৰা দাবী সচাঁৰূপে প্ৰমাণ কৰিবলৈ সুযোগ দিছিল যাতে সেই বাদ-বিবাদৰ বিষয়বিলাকৰ সমাধান হয়। আৰম্ভনিৰ পৰাই, ঈশ্বৰে জানিছিল যে কিছুমান মানহে তেওঁৰ প্ৰতি বিশ্বাসী হব আৰু এইদৰে প্ৰমাণ কৰিব যে চয়তান মিছলীয়া। আমি কিমান কৃতজ্ঞ যে যিসকলে যিহোৱা ঈশ্বৰক প্ৰেম কৰে তেওঁলোকক চিৰকালে একেৰাহে সহায় আৰু আশীৰ্ব্বাদ কৰি আহিছে!​—⁠২ ৰাজাৱলি ১৬:৯; হিতোপদেশ ১৫:⁠৩.

কি প্ৰমাণিত হʼল?

১৬ প্ৰায় সকলো মানৱ ইতিহাসত, চয়তানে তাৰ পৰিকল্পিত আঁচনি মতে মানৱজাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ সম্পূৰ্ণ স্বাধীন আছিল। অনান্য বিষয়ৰ লগত, সি ৰাজনৈতিক শক্তিবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু যিহোৱাৰ পৰিবৰ্তে কৌশলেৰে পোনপটীয়াকৈ তাক উপাসনা কৰিবলৈ ধৰ্মসমূহক উত্তেজিত কৰে। এইদৰে দিয়াবল “এই যুগৰ দেৱতা” হʼল আৰু তাক “এই জগতৰ অধিপতি” বুলিও কোৱা হয়। (২ কৰিন্থীয়া ৪:৪; যোহন ১২:৩১) সঁচাকৈ, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) ইয়াৰ অৰ্থ নে যে সকলো মানৱজাতিক যিহোৱাৰ পৰা আতঁৰাই নিয়াৰ দাবীক চয়তানে প্ৰমাণ কৰিব পাৰিলে? নিশ্চয় নহয়! যিহেতু যিহোৱাই চয়তানক কিছুকালৰ বাবে অস্তিত্ব থাকিবলৈ অনুমতি দিছে, তাৰ লগে-লগে তেওঁ নিজৰ উদ্দেশ্যও সম্পূৰ্ণ কৰিবলৈ কাৰ্য্যকাৰী কৰিছে। তেতিয়াহʼলে, ঈশ্বৰে দুষ্টতাক অনুমতি দিয়াৰ সমন্ধে বাইবেলে কি প্ৰকাশ কৰে?

১৭দুষ্টতা আৰু দুখ-কষ্ট যিহোৱাৰ দ্বাৰা নহয়। যিহেতু চয়তান এই জগতৰ অধিপতি আৰু এই যুগৰ দেৱতা, সি আৰু তাৰ পক্ষে থকাবিলাকেই হৈছে মানৱ সমাজৰ বৰ্তমান পৰিস্থিতি আৰু মানৱজাতিয়ে ভুগি থকা সকলো দুৰ্দশাৰ বাবে দায়ী। কোনেও সঠিকভাৱে কব নোৱাৰে যে ঈশ্বৰ এই দুখ কষ্টৰ কাৰণ।​—⁠ৰোমীয়া ৯:⁠১৪.

১৮ যিহোৱাই দুষ্টাতা আৰু দুখ-কষ্ট অনুমতি দি প্ৰমাণ কৰে যে ঈশ্বৰৰ পৰা স্বাধীন হৈ আৰু উত্তম এটা জগত হব নোৱাৰে। নিঃসন্দেহ, ইতিহাসত এটাৰ পিছত আনটো বিপৰ্যয় দ্বাৰা চিহ্নিত হৈছে। ইয়াৰ কাৰণ এই যে মানুহে নিজৰ স্বাধীন পথত চলিবলৈ ধৰে আৰু ঈশ্বৰৰ বাক্য আৰু ইচ্ছাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা কোনোও সন্মান নেদেখুৱালে। যেতিয়া যিহোৱাৰ প্ৰাচীন লোকসকলে তেওঁলোকৰ নেতাবিলাকৰ অবিশ্বাসী হৈ তেওঁৰ বাক্যক অগ্ৰাহ্য কৰি “জনপ্ৰিয় পথক” চলিবলৈ ধৰাত, তাৰ পৰিণাম শোচনীয় হৈছিল। ভাববাদী যিৰিমিয়াৰ দ্বাৰাই, ঈশ্বৰে তেওঁলোকক কৈছিল: “জ্ঞানীবিলাকে লাজ পাইছে, তেওঁবিলাক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁবিলাকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁবিলাকৰ জ্ঞান কি ৰকমৰ?” (যিৰিমিয়া ৮:​৫, ৬, ৯) যিহোৱাৰ নিৰ্দ্ধাৰিত নিয়মক অনুসৰণ কৰাত ব্যৰ্থ হৈ ব্যপকৰূপে মানৱজাতি এখন অতি অশান্ত সাগৰত, নিয়ন্ত্ৰণকৰ্তা নথকা এখন জাহাজৰ দৰে হৈছে।

১৯ ঈশ্বৰে দুষ্টতা আৰু দুখ-কষ্টক অনুমতি দি এইটোও প্ৰমাণ কৰিলে যে চয়তানে সকলো মানৱজাতিক যিহোৱাৰ পৰা বিমূখ কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাসে দেখুৱাইছে যে সদায়ে এনে কিছুমান ব্যক্তি আছে, লাগিলে যিমানে প্ৰলোভন বা প্ৰতিকূল অৱস্থা তেওঁলোকৰ ওপৰত আহিলেও তেওঁলোকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকে। বহু শতাব্দী ধৰি, যিহোৱাই তেওঁৰ সেৱকসকলৰ বাবে শক্তি প্ৰদৰ্শন কৰি আহিছে আৰু তেওঁৰ নাম গোটেই পৃথিবীত ঘোষণা কৰা হৈছে। (যাত্ৰাপুস্তক ৯:১৬; ১ চমূৱেল ১২:২২) ইব্ৰী ১১ অধ্যায়ে আমাক বিশ্বাসী ব্যক্তিবিলাকৰ বিষয়ে কয়, যʼত সন্মিলিত আছে হেবল, হনোক, নোহ, অব্ৰাহাম আৰু মোচি। ইব্ৰী ১২:১ পদত তেওঁলোকক বৃহত এক ‘মেঘৰূপী সাক্ষী’ বুলি কোৱা হৈছে। তেওঁলোক আছিল যিহোৱাৰ প্ৰতি অটল বিশ্বাসৰ উদাহৰণ। আধুনিক সময়তো ঈশ্বৰৰ প্ৰতি অটল নিষ্ঠাৰ বাবে বহুতে নিজৰ প্ৰাণ দিছে। তেওঁলোকৰ বিশ্বাস আৰু প্ৰেমৰ দ্বাৰাই, এই ব্যক্তিবিলাকে চূড়ান্ত প্ৰমাণ দিয়ে যে চয়তানে সকলো মানৱক ঈশ্বৰৰ বিৰুদ্ধে নিব নোৱাৰে।

২০ শেষত, যিহোৱাই দুষ্টতা আৰু দুখ-কষ্টক অনুমতি দি প্ৰমাণ কৰিলে যে মানৱজাতিৰ চিৰকলীয়া আৰ্শীব্বাদ আৰু সুখৰ বাবে একমাত্ৰ সৃষ্টিকৰ্তা, যিহোৱা ঈশ্বৰৰহে, গোটেই মানৱজাতিৰ ওপৰত শাসন কৰা ক্ষমতা চলাবলৈ সমৰ্থ আৰু অধিকাৰ আছে। শতাব্দী ধৰি, মানৱজাতিয়ে অনেক প্ৰকাৰৰ শাসন ব্যৱস্থা কৰি চেষ্টা কৰিছে। কিন্তু পৰিণাম কি হৈছে? বৰ্তমান জাতিবিলাকে জটিল সমস্যা আৰু অভাৱৰ সন্মূখীনে যথেষ্ট সত্যতা প্ৰমাণৰ বিষয়ে বাইবেলে বিশেষভাৱে ব্যাখ্যা কৰিছে, “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।” (উপদেশক ৮:⁠৯)একমাত্ৰ যিহোৱাই আমাক ৰক্ষা কৰিব পাৰে আৰু তেওঁৰ মূখ্য উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ এইটো কেনেকৈ কৰিব আৰু কেতিয়া?

২১ আদম আৰু হৱায়ে চয়তানৰ ষড়যন্ত্ৰৰ চিকাৰ হোৱা পাছত, লগে-লগেই ঈশ্বৰে উদ্ধাৰৰ বাবে তেওঁৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰিছিল। সেইবাবে চয়তানৰ সমন্ধে যিহোৱাই ঘোষণা কৰিলে: “মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।” (আদিপুস্তক ৩:১৫) সেই ঘোষণাত নিশ্চয়তা দিছিল যে দিয়াবলক তাৰ বেয়া কাৰ্য্য কৰিবলৈ চিৰকালৰ বাবে অনুমতি দিয়া হব। মচীহ ৰাজ্যৰ ৰজাৰূপে, সেই প্ৰতিজ্ঞাত বংশ, যীচু খ্ৰীষ্টই, ‘চয়তানৰ মূৰ গুড়ি’ কৰিব। হয়, “অলপতে,” যীচুৱে বিদ্ৰোহী চয়তানক সম্পূৰ্ণৰূপে বিনাশ কৰিব!​—⁠ৰোমীয়া ১৬:⁠২০.

আপুনি কি কৰিব?

২২ সন্মিলিত বাদ-বিবাদৰ বিষয়ে জানি, কাৰ পক্ষে আপুনি থাকিব? আপোনাৰ কাৰ্য্য দ্বাৰাই আপুনি প্ৰমাণ কৰিবনে যে আপুনি এজন যিহোৱাৰ নিষ্ঠাবান সমৰ্থক? যিহেতু চয়তানে জানে যে তাৰ সময় একেবাৰে কম, সেইবাবে যিসকলে ঈশ্বৰৰ প্ৰতি এজন নিষ্ঠাবান হৈ থাকিব বিচাৰে তেওঁলোকৰ ওপৰত তাৰ ক্ৰোধ প্ৰকাশ কৰিবলৈ যি কোনো কাৰ্য্যকে কৰিব। (প্ৰকাশিত বাক্য ১২:১২) কিন্তু আপুনি ঈশ্বৰৰ সহায় বাবে অপেক্ষা কৰিব পাৰে কিয়নো “যিহোৱাই ভক্তসকলক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ . . . জানে।” (২ পিতৰ ২:⁠৯, NW) তেওঁ আপোনালৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব আৰু যাতে আপুনি সহিব পাৰে, তাৰ কাৰণে পৰীক্ষাত ধৈৰ্য্য ধৰিবলৈ উপায় দিব।​—⁠১ কৰিন্থীয়া ১০:⁠১৩.

২৩ দৃঢ়বিশ্বাসৰে আহক আমি সেই সময়লৈ আগ্ৰহেৰে অপেক্ষা কৰোহঁক যেতিয়া যীচু খ্ৰীষ্টই চয়তান আৰু তাৰ অনুগামীসকলৰ বিৰুদ্ধে কাৰ্য্য কৰিব। (প্ৰকাশিত বাক্য ২০:​১-৩) যীচুৱে সেই সকলোকে বিনষ্ট কৰিব যিসকলে মানৱজাতিয়ে ভুগি থকা অশান্তি আৰু দুৰ্দশাৰ বাবে দায়ী। সেই সময়লৈকে, এক বিশেষ কষ্টদায়ক দুখ আছে আৰু সেইটো হৈছে আমাৰ আপোজনাক মৃত্যুত হেৰুওৱা। তেওঁলোকলৈ কি হয় তাক জানিবলৈ ওলিয়াবলৈ পৰবৰ্ত্তী অধ্যায় পঢ়ক।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

আমি কেনেকৈ জানিব পাৰো যে মানৱজাতিৰ দুখ-কষ্ট যিহোৱাৰ দ্বাৰা নহয়?

এদনত চয়তানে কি বাদ-বিবাদ বিষয়বিলাক তুলিছিল আৰু যিটো ইয়োবৰ দিনত স্পষ্ট কৰা হৈছিল?

ঈশ্বৰে দুখ-কষ্টক অনুমতি দিয়াত কি প্ৰমাণ কৰিলে?

[Study Questions]

১, ২. মানুহৰ দুখ-কষ্টৰ প্ৰতি লোকসকলে প্ৰায় কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱায়?

৩, ৪. আমি কেনেকৈ নিশ্চিত হব পাৰো যে দুখ-কষ্ট যিহোৱাৰ পৰা নহয়?

৫. যিহোৱাৰ কিছুমান গুণ কি কি আৰু তেওঁৰ সৃষ্টিৰ বিষয়ে আমি কেনেধৰণে অনুভৱ কৰো?

৬. কিছুমান পৌৰাণিক কাহিনীত কেনেকৈ প্ৰাৰম্ভিক মানৱ ইতিহাসৰ উল্লেখ কৰিছে?

৭. ঈশ্বৰে কিয় পৃথিবী আৰু মানৱজাতিক সৃষ্টি কৰিছিল?

৮. আদম আৰু হৱাৰ পৰা কি আজ্ঞা পালন কৰাটো আশা কৰা হৈছিল কিন্তু কি ঘটিল?

৯. চয়তানে কি বিষয়ৰ উন্মোদন কৰি যিহোৱাক জড়িত কৰিছিল?

১০. মানৱজাতিৰ সমন্ধে চয়তানে কি ইঙ্গিত কৰিছিল?

১১. ইয়োব কেনেধৰণৰ ব্যক্তি আছিল, কিন্তু চয়তানে কি অভিযোগ কৰিছিল?

১২. (ক) যদি যিহোৱাই ইয়োবক পৰীক্ষা কৰিবলৈ চয়তানক অনুমতি দিয়ে তেতিয়া কি প্ৰশ্নৰ উত্তৰ পোৱা যাব? (খ) ইয়োবৰ পৰীক্ষাৰ পৰিণাম কি হৈছিল?

১৩. এদন বাগিছাত আৰু ইয়োবৰ সৈতে যি ঘটিছিল তাত আমি কেনেকৈ জড়িত আছো?

১৪. এক স্থাপিত প্ৰত্যাহ্বানৰ সন্মূখীন হʼলে এজন অভিযুক্ত ব্যক্তিয়ে কি কৰিব পাৰে?

১৫. কেনেকৈ যিহোৱাই চয়তানৰ অভিযোগৰ মিমাংসা কৰিবলৈ বাছি ললে?

১৬ কেনেকৈ জগতখন চয়তানৰ ক্ষমতাৰ অধীনত আহিল?

১৭ দুষ্টতা আৰু দুখ-কষ্টৰ কাৰণ সমন্ধে আমি কি মনত ৰখাটো উচিত?

১৮. যিহোৱাই দুষ্টতা আৰু দুখ-কষ্টক অনুমতি দি, ঈশ্বৰৰ পৰা স্বাধীন হোৱা পৰিকল্পনাৰ সমন্ধে কি প্ৰমাণ কৰিলে?

১৯. কি প্ৰমাণ আছে যে চয়তানে সকলো মানৱক ঈশ্বৰৰ বিৰুদ্ধে নিব নোৱাৰে?

২০. যিহোৱাই দুষ্টতা আৰু দুখ-কষ্ট থাকিবলৈ অনুমতি দি ঈশ্বৰ আৰু মানৱজাতিৰ সমন্ধে কি প্ৰমাণ কৰিলে?

২১. চয়তানক কি কৰা হব আৰু ইয়াক সম্পন্ন কৰিবলৈ কাক ব্যৱহাৰ কৰা হব?

২২. (ক) কি প্ৰশ্নবিলাকৰ আপুনি সন্মূখীন হবলৈ পাৰে? (খ) যদিও চয়তানে তাৰ খং ঈশ্বৰৰ প্ৰতি বিশ্বাসী লোকসকলৰ ওপৰত প্ৰকাশ কৰে, তেওঁলোকে কেনেকৈ নিশ্চিত হব পাৰে?

২৩. আমি দৃঢ়বিশ্বাসৰে কিহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিব পাৰো?