Skip to content

Skip to table of contents

ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক

ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক

অধ্যায় ১৭

ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক

কল্পনা কৰক আপুনি যি ঠাইত বাস কৰে সেই এলেকাত এটা প্ৰচণ্ড ধুমুহায়ে ধ্বংস কৰিছে। আপোনাৰ ঘৰ ধ্বংস হৈছে আৰু আপুনি সকলো সম্পত্তি হেৰুৱালে। খাদ্য পাবলৈ টান হৈ পৰিছে। পৰিস্থিতি নিৰাশজনক যেন হৈছে। তেতিয়া আকস্মিতে সাহাৰ্য্য সামগ্ৰী আহি পাইছে। প্ৰয়োজনতকৈ অধিক খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰা হৈছে। আপোনাৰ বাবে নতুন ঘৰ বনোৱা হৈছে। নিশ্চয় আপুনি সেই ব্যক্তিজনলৈ কৃতজ্ঞ হব যিজনে এই সকলোবোৰ আয়োজন কৰিছিল।

আজিও এইধৰণে কিছু ঘটিছে। সেই ধুমুহাৰ দৰে, আদম আৰু হৱাৰ বিদ্ৰোহে মানৱজাতিৰ বাবে গুৰুত্বৰ ক্ষতিৰ কাৰণ হৈছিল। মানৱজাতিয়ে পৰমদেশীয় ঘৰ হেৰুৱালে। তাৰপাছৰ পৰা মানৱ চৰকাৰে মানুহক যুদ্ধ, অপৰাধ আৰু অধৰ্ম্মৰ পৰা পৰিত্ৰাণ কৰিবলৈ বিফল হৈছে। ধৰ্ম্মই বহুসংখ্যাক লোকক উন্নতজনক আধ্যাত্মিক আহাৰৰ পৰা বঞ্চিত কৰিছে। তথাপি, আধ্যাত্মিকৰূপে চিন্তা কৰিলে এতিয়া যিহোৱা ঈশ্বৰে আহাৰ, বস্ত্ৰ আৰু আশ্ৰয়ৰ প্ৰয়োজনীয় সকলো যোগান ধৰি আছে। তেওঁ কেনেকৈ কৰিছে?

“বিশ্বাসী আৰু বুদ্ধিমান দাস”

সাধাৰণতে, সামগ্ৰীবোৰ কোনো সংগঠিত প্ৰণালীৰ যোগেদি ভাগ কৰি দিয়া হয় আৰু একে দৰে যিহোৱাই তেওঁৰ লোকসকলৰ বাবে আধ্যাত্মিক ব্যৱস্থাৰ যোগান ধৰিছে। উদাহৰণৰূপে, প্ৰায় ১,৫০০ বছৰৰলৈকে ঈস্ৰায়েলসকল “যিহোৱাৰ মন্ডলী” আছিল। তেওঁলোকৰ ভিতৰত সেইব্যক্তিসকলে ঈশ্বৰৰ মাধ্যমৰূপে সেৱা কৰিছিল, তেওঁলোকে তেওঁৰ ব্যৱস্থা শিকাইছিল। (১ বংশাৱলি ২৮:৮; ২ বংশাৱলি ১৭:​৭-৯) সামান্য যুগ প্ৰথম শতাব্দীত যিহোৱাই খ্ৰীষ্টান সংগঠন স্থাপন কৰিছিল। মন্ডলীবোৰ গঠন কৰা হৈছিল আৰু সেইবিলাকত পাঁচনি আৰু বৃদ্ধসকলৰ দ্বাৰা গঠিত পৰিচালক গোষ্ঠীৰ নিদেৰ্শনৰ অধীনত কাৰ্য্য কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:​২২-৩১) ঠিক তেনেদৰে, বৰ্তমান সময়ত যিহোৱাই এটা সংগঠিত দলৰ তেওঁৰ লোকসকলৰ সৈতে কাৰ্য্য কৰে। আমি ইয়াক কেনেকৈ জানিব পাৰো?

যীচুৱে কৈছিল যে তেওঁৰ ৰাজ্য ক্ষমতাৰ উপস্থিতিৰ সময়ত, “বিশ্বাসী আৰু বুদ্ধিমান দাসে” তেওঁৰ অনুগামীসকলক “উচিত সময়ত আহাৰৰ” যোগান ধৰি থকা দেখা পোৱা যাব। (মথি ২৪:​৪৫-৪৭) যেতিয়া যীচু ১৯১৪ চনত স্বৰ্গীয় ৰজাৰূপে অভিষেক হৈছিল তেতিয়া কোনে এই “দাস” বুলি প্ৰমাণিত হৈছিল? খ্ৰীষ্টীয়জগতৰ যাজকসকল নিশ্চয় নাছিল। অধিক ক্ষেত্ৰতেই তেওঁলোকে জাকক প্ৰথম বিশ্বযুদ্ধত নিজস্ব ৰাষ্ট্ৰীয় চৰকাৰক সমৰ্থন কৰিবলৈ মত আৰু নীতি প্ৰচাৰ কৰিছিল। কিন্তু উচিত আৰু সময়মতে আধ্যাত্মিক আহাৰ, সত্য খ্ৰীষ্টানৰ সমূহৰ দ্বাৰা বিতৰণ কৰা হৈছিল, যিসকলক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্তি কৰা হৈছিল আৰু তেওঁলোক যীচুৱে কোৱা “তাকৰ জাকৰ” এটা ভাগ আছিল। (লূক ১২:৩২) এই অভিষিক্ত খ্ৰীষ্টীয়সকল মানৱ চৰকাৰৰ পৰিবৰ্ত্তে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিলে। ফলস্বৰূপে, বছৰৰ ভিতৰতে লাখ লাখ নম্ৰ মনৰ “অন্য ভেৰসকলো” সত্য ধৰ্ম্ম পালন কৰিবলৈ নিযুক্তি “দাসসকলৰ” সৈতে যোগাযোগ কৰিছে। (যোহন ১০:​১৬, NW) ‘বিশ্বাসী দাস’ আৰু আধুনিক-সময়ৰ পৰিচালক গোষ্ঠীক ব্যৱহাৰ কৰি ঈশ্বৰে তেওঁৰ সংগঠিত লোকসকলক আধ্যাত্মিক আহাৰ, বস্ত্ৰ আৰু আশ্ৰয় প্ৰদান কৰিব পাৰে, যিসকলে এই ব্যৱস্থা লবলৈ ইচ্ছা কৰে।

“উচিত সময়ত আহাৰ”

যীচুৱে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ [যিহোৱাৰ, NW] মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” (মথি ৪:⁠৪) দুখৰ বিষয় বেছিভাগ লোকেই ঈশ্বৰৰ বাক্যত মনোযোগ নিদিয়ে। যিহোৱাৰ ভাববাদী আমোচৰ দ্বাৰা ভৱিষ্যবাণী কৰা হৈছিল “প্ৰভু যিহোৱাই কৈছে, চোৱা, যি দিনা মই দেশত, অন্ন কি পানীৰ আকাল নহয়, কিন্তু যিহোৱাৰ বাক্য শুনাৰ আকাল ঘটাম, সেই দিন আহিছে।” (আমোচ ৮:১১) আনকি ধাৰ্ম্মিক ব্যক্তিসকলেও আধ্যাত্মিকভাৱে অনাহৰে আছে। তথাপি, যিহোৱাৰ ইচ্ছা “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীমথিয় ২:​৩, ৪) সেই অনুসাৰে, তেওঁ আধ্যাত্মিক আহাৰ প্ৰচুৰ পৰিমাণে যোগান ধৰি আছে। কিন্তু কʼৰ পৰা ইয়াক প্ৰাপ্ত কৰিব পাৰি?

গোটেই ইতিহাসত যিহোৱাই এটা সমূহীয়াৰূপে তেওঁৰ লোকসকলৰ মাজত আধ্যাত্মিক আহাৰ বিতৰণ কৰি আছে। (যিচয়া ৬৫:১৩) উদাহৰণস্বৰূপে, ইস্ৰায়েলৰ পুৰুহিতসকলে পুৰুষ, তিৰোতা আৰু লৰা-ছোৱালীক সমূহীয়াৰূপে ঈশ্বৰৰ ব্যৱস্থাৰ শিক্ষা দিবলৈ একত্ৰিত কৰিছিল। (দ্বিতীয় বিবৰণ ৩১:​৯, ১২) পৰিচালক গোষ্ঠীৰ নিদেৰ্শনৰ অধীনত, প্ৰথম-শতাব্দীৰ খ্ৰীষ্টানসকলে মন্ডলী সংগঠিত কৰিছিল আৰু সকলোকে শিক্ষা আৰু উদগণি দিবলৈ সভাৰ আয়োজন কৰিছিল। (ৰোমীয়া ১৬:৫; ফিলীমন ১, ২) যিহোৱাৰ সাক্ষীসকলে সেই একেই আৰ্হি অনুকৰণ কৰে। আপোনাক তেওঁলোকৰ সকলোবোৰ সভা উপস্থিত থাকিবলৈ আন্তৰিকতাৰে নিমণ্ত্ৰণ কৰা হৈছে।

নিঃসন্দেহ, আপুনি আপোনাৰ ব্যক্তিগত বাইবেল অধ্যয়নৰ যোগেদি হয়তু বহু কিছু শিকিছে। হয়তু কোনো সাক্ষীয়ে আপোনাক সহায় কৰিছে। (পাঁচনিৰ কৰ্ম্ম ৮:​৩০-৩৫) কিন্তু আপোনাৰ বিশ্বাস এটা গছ পুলিৰ দৰে তুলনা কৰিব পাৰে, যদি ইয়াক ভালদৰে তত্ত্বাবধান নলয় তেতিয়াহʼলে ই মৰহি যাব। সেইবাবে, আপোনাক উপযুক্ত আধ্যাত্মিক পুষ্টিলাভ কৰা আৱশ্যক। (১ তীমথিয় ৪:৬) খ্ৰীষ্টীয় সভাবিলাকে শিক্ষাদানৰ এটা অবিৰাম কাৰ্য্যক্ৰমৰ আয়োজন কৰে যিয়ে আপোনাক আধ্যাত্মিক শক্তি লাভ কৰিবলৈ আৰু ঈশ্বৰৰ জ্ঞানত উন্নতি লগতে আপোনাৰ বিশ্বাস দৃঢ় হবলৈ সহায় কৰিব।​—⁠কলচীয়া ১:​৯, ১০.

সভাবিলাকে আৰু এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধন কৰে। পৌলে লিখিছিল: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ এৰিব নালাগে।” (ইব্ৰী ১০:​২৪, ২৫, NW) যি গ্ৰীক শব্দৰ অনুবাদ “উত্তেজিত হবলৈ” কৰা হৈছে তাক “চোকা কৰা” অৰ্থটো বুজাব পাৰি। বাইবেলৰ এটা প্ৰবচনে ব্যাখ্যা কৰে: “যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ মানুহেও বন্ধুৰ মুখ উজ্জ্বল কৰে।” (হিতোপদেশ ২৭:১৭) আমাক সকলোকে ক্ৰমাগতভাৱে ‘চোকা’ কৰা আৱশ্যক। জগতৰ দৈনিক চাপসমূহে আমাৰ বিশ্বাসৰ পৰা শিথিল কৰিব পাৰে। যেতিয়া আমি খ্ৰীষ্টীয় সভাবিলাকত উপস্থিত হওঁ, তেতিয়া তাত উদগণিৰ আদান প্ৰদান হয়। (ৰোমীয়া ১:​১১, ১২) মণ্ডলীৰ সদস্যসকলে পাঁচনি পৌলৰ সাৱধানবাণীক অনুকৰণ কৰে, “পৰস্পৰে প্ৰবোধ দি থাকা আৰু ইজনে সিজনেক ধৰ্ম্মত বৃদ্ধি কৰা” আৰু এনে কথাই আমাৰ বিশ্বাসক চোকা কৰে। (১ থিচলনীকীয়া ৫:⁠১১) খ্ৰীষ্টীয় সভাবিলাকত নিয়মিত উপস্থিতিয়ে দেখুৱাই যে আমি ঈশ্বৰক প্ৰেম কৰো আৰু তেওঁক প্ৰশংসা কৰিবলৈ আমি সুযোগ পাও।​—⁠গীতমালা ৩৫:⁠১৮.

“প্ৰেমক পিন্ধি লোৱা”

পৌলে লিখিছিল: “সকলোৰে ওপৰত প্ৰেমক পিন্ধা, সেইয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি।” (কলচীয়া ৩:১৪, NW) যিহোৱাই পৰম আগ্ৰহেৰে এই বস্ত্ৰ আমাক প্ৰদান কৰিছে। কি উপায়েৰে? খ্ৰীষ্টানসকলে প্ৰেম প্ৰদৰ্শন কৰিব পাৰে কিয়নো এইটো এটা যিহোৱাৰ পবিত্ৰ আত্মাৰ ঈশ্বৰীয় গুণবিলাকৰ যোগেদি। (গালাতীয়া ৫:২২, ২৩) যিহোৱাই নিজে তেওঁ একমাত্ৰ প্ৰিয়পুত্ৰক পঠিয়াই তেওঁ মহান প্ৰেমৰ প্ৰদৰ্শন কৰিলে যাতে আমি অনন্ত জীৱন পাব পাৰো। (যোহন ৩:১৬) প্ৰেমৰ এই সৰ্ব্বপ্ৰধান নিদৰ্শনে এই গুণক প্ৰকাশ কৰি আমাৰ বাবে এটা আৰ্হি প্ৰস্তুত কৰিলে। পাঁচনি যোহনে লিখিছিল, “ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।”​—⁠১ যোহন ৪:⁠১১.

১০ ৰাজ্যগৃহৰ সভাবিলকত উপস্থিত থাকি আপুনি আপোনাৰ প্ৰেম দেখুৱাৰ এটা উত্তম সুযোগ দিয়ে। আপুনি তাত বিভিন্ন ধৰণৰ ব্যক্তিক লগ পাব। সন্দেহ নাই যে তেওঁলোকৰ বহুতৰে লগত অতি সোনকালে আপুনি মিলি যাব। নিঃসন্দেহ, আনকি যিহোৱাক সেৱা কৰা সকলৰ মাজত ব্যক্তিত্বৰ প্ৰাৰ্থক্য আছে। সম্ভৱতঃ আগতে আপুনি সেই লোকসকলৰ পৰা আতঁৰি আছিল কাৰণ আপোনাৰ নিচিনা এই আগ্ৰহ বা বৈশিষ্টসমূহ নাছিল। খ্ৰীষ্টানসকলে কিন্তু ‘সমূহ ভাতৃ সমাজক প্ৰেম কৰিব’ লাগে। (১ পিতৰ ২:​১৭, NW) সেইবাবে, ৰাজ্যগৃহৰ সকলোৰে সৈতে পৰিচিত হবলৈ আপোনাৰ লক্ষ্য হওক​—⁠তেওঁলোকৰ সৈতেও যিসকল বয়সত, ব্যক্তিত্বত, জাতি বা শিক্ষাৰ মান স্তৰত আপোনাৰ পৰা পৃথক। সম্ভৱত আপুনি দেখিব যে প্ৰত্যেকৰে কিছু নহয় কিছু আদৰণীয় গুণ আছে।

১১ মন্ডলীত বিভিন্ন ব্যক্তিত্বৰ বাবে আপুনি বিচলিত হোৱাৰ প্ৰয়োজন নাই। উদাহৰণস্বৰূপে, কল্পনা কৰক এটা পথত আপোনাৰ গাড়ীৰ লগে-লগে আৰু অনেক যান-বাহন চলাচল কৰিছে। সকলো একেই গতিত নচলে, নাইবা সকলো গাড়ীৰ একে অৱস্থাত নহয়। কিছুমানে আকৌ বহু মাইললৈকে অতিক্ৰম কৰিলে, অন্য কিছুমানে এতিয়া মাত্ৰ আপোনাৰ দৰে নতুনকৈ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু, এইবোৰ প্ৰাৰ্থক্য থকা স্বত্তেও সকলো গাড়ীয়ে পথেদি গৈ আছে। যিকোনো মণ্ডলীত বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰটো একেই প্ৰযোজ্য হয়। সকলোৱে একেই গতিতে খ্ৰীষ্টীয় গুণবিলাক বিকাশিত নকৰে। ইয়াৰ উপৰিও, সকলোৰে শাৰীৰিক বা মানসিক অৱস্থা একে নহয়। কিছুমান ব্যক্তিয়ে বহু বছৰ ধৰি যিহোৱাৰ উপাসনা কৰি আছে; অন্য সকলে মাত্ৰ নতুনকৈ আৰম্ভ কৰিছে। তদুপৰি, সকলোৱে অনন্ত জীৱনৰ পথত অতিক্ৰম কৰি আছে, ‘একে মন আৰু একে বিবেচনাত সিদ্ধ হৈ আছে।’ (১ কৰিন্থীয়া ১:১০) সেইবাবে, মন্ডলীৰ মাজত লোকসকলৰ দুৰ্বলতাবিলাকক চকু নিদি তেওঁলোকৰ ভাল গুণবোৰ চাওক। এনে কৰিলে আপোনাৰ হৃদয় আনন্দিত হব, কিয়নো আপুনি উপলব্ধি কৰিব পাৰিব যে ঈশ্বৰে সঁচাকৈ এই লোকসমূহৰ মাজত আছে। আৰু নিশ্চিত যে এনে স্থানত আপুনি থাকিব বিচাৰে।​—⁠১ কৰিন্থীয়া ১৪:⁠২৫.

১২ যিহেতু মানৱজাতি অসিদ্ধ, কেতিয়াবা হয়তু মন্ডলীৰ কোনোৱে এনে কথা কয় বা এনে কাৰ্য্য কৰিব পাৰে যিয়ে আপোনাক বিচলিত কৰে। (ৰোমীয়া ৩:২৩) শিষ্য যাকোবে বাস্তবৰ সৈতে লিখিছিল: “আমি সকলোৱে অনেক বিষয়ত ক্ৰটি কৰোঁ। কোনোৱে যদি বাক্যত ক্ৰটি নকৰে, তেওঁহে সিদ্ধ লোক।” (যাকোব ৩:⁠১,২) যদি কোনোৱে আপোনাক বিৰক্ত কৰে তেতিয়া আপুনি কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখাব? বাইবেলৰ এটা প্ৰবচনত কৈছে: “মানুহৰ বিবেচনাই [“অন্তদৃষ্টি,” NW] ক্ৰোধত নিজক ধীৰ কৰে আৰু দোষ ক্ষমা কৰা নিজৰ ভূষণস্বৰূপ।” (হিতোপদেশ ১৯:১১) অন্তদৃষ্টিৰ অৰ্থ কোনো পৰিস্থিতি গভীৰভাৱে লক্ষ্য কৰা অৰ্ন্তনিহিত কাৰণবিলাক বুজায়, যিয়ে কোনো ব্যক্তিক বিশেষ কিছু কয় বা কাৰ্য্য কৰে। আমাৰ মাজৰ বহুতে নিজৰ ভুলবোৰক কৈফিয়ৎ দিবলৈ আন বুদ্ধি ব্যৱহাৰ কৰে। অন্যৰ অশুদ্ধতাবিলাক ঢাকিবলৈ আৰু বুজিবলৈ ব্যৱহাৰ নকৰে কিয়?​—⁠মথি ৭:​১-৫; কলচীয়া ৩:⁠১৩.

১৩ যদি আমি যিহোৱাৰ পৰা ক্ষমা পাব বিচাৰো তেতিয়াহʼলে আমি কেতিয়াও আনক ক্ষমা কৰিবলৈ পাহৰিব নালাগে। (মথি ৬:​৯, ১২, ১৪, ১৫) যদি আমি সত্যত চলো আমি অন্যৰ সৈতে প্ৰেমময় আচৰণ কৰিম। (১ যোহন ১:​৬, ৭; ৩:​১৪-১৬; ৪:​২০, ২১) সেইবাবে, যদি মন্ডলীত কাৰোবাৰ সৈতে সমস্যাৰ সম্মূখীন হয়, তেনেহলে আক্ৰোহ হোৱা প্ৰবৃত্তিৰ বিৰুদ্ধে যুজ কৰক। যদি আপুনি প্ৰেমক ধাৰণ কৰে, সমস্যাক সমাধান কৰিবলৈ আপুনি চেষ্টা কৰিব আৰু যদি আপুনি দোষ কৰে স্বীকাৰ কৰি ক্ষমা খুজিবলৈ সংকোচ নকৰিব।​—⁠মথি ৫:​২৩, ২৪; ১৮:​১৫-১৭.

১৪ আমাৰ আধ্যাত্মিক বস্ত্ৰ প্ৰেমৰ সৈতে নিবিড়ভাৱে সম্বন্ধ থকা অন্যন্য গুণবোৰো সন্মিলিত হোৱা উচিত। পৌলে লিখিছিল: “কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।” প্ৰেমত অন্তৰ্ভুক্ত থকা এই বৈশিষ্ট্যতাবিলাকে ধাৰ্ম্মিক “নতুন পুৰুষৰ” এটা অংশ। (কলচীয়া ৩:​১০, ১২) আপুনি এইদৰে ধাৰণ কৰিবলৈ চেষ্টা কৰিবনে? যদি আপুনি বিশেষভাৱে ভাতৃত্ব প্ৰেম পৰিধান কৰে যীচুৰ শিষ্যৰূপে এক চিনাক্তকৰণ চিন আপোনাৰ কাৰণে তেওঁ কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰা সকলোৱে জানিব।”​—⁠যোহন ১৩:⁠৩৫.

নিৰাপত্তাৰ এটি স্থান

১৫ মন্ডলী এটা আশ্ৰয় এক নিৰাপত্তামূলক হিচাবে কাম কৰে যত আপুনি নিৰাপদ অনুভৱ কৰিব পাৰে। ইয়াত আপুনি নম্ৰ হৃদয়ৰ ব্যক্তিবিলাকক পাব যিসকলে ঈশ্বৰৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ যত্ন কৰে। তাৰ মাজত অনেকেই সেই বেয়া অভ্যাস আৰু মনোভাৱবিলাক ত্যাগ কৰিছে যিবিলাকৰ পৰা জয়ী হবলৈ আপুনি যুজ কৰিছে। (তীত ৩:⁠৩) তেওঁলোকে আপোনাক সহায় কৰিব পাৰে, কিয়নো আমাক কোৱা হৈছে “তোমালোকে ইজনে সিজনৰ ভাৰ বোৱা, খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা।” (গালাতীয়া ৬:⁠২) স্বাভাৱিকতে, এই পথৰ অনুসন্ধান কৰা যি পথে অনন্ত জীৱনলৈ লৈ যায় সেইমতে চলাটো আপোনাৰ নিজৰ দায়িত্ব। (গালাতীয়া ৬:৫; ফিলিপীয়া ২:১২) তথাপি, যিহোৱাই খ্ৰীষ্টীয় মন্ডলীক সহায় আৰু সমৰ্থনৰ বাবে এটা অৰ্পূব মাধ্যম হিচাবে দিছে। আপোনাৰ সমস্যা যিমানে বেদনাদায়ক নহওক কিয়, আপোনাৰ বাবে এটা মূল্যবান সহায় যুগুত কৰা হৈছে​—⁠এক প্ৰেমময় মন্ডলী যিয়ে আপোনাক অত্যন্ত দূদৰ্শা বা ক্ষতিৰ সময়ত সহায় কৰিব।​—⁠লূক ১০:​২৯-৩৭; পাঁচনিৰ কৰ্ম্ম ২০:⁠৩৫ সৈতে তুলনা কৰক।

১৬ যিসকলে আপোনাৰ সহায়ৰ বাবে আগবাঢ়ি আহিব তেওঁলোকৰ মাজত আছে “মানুহলৈ উপহাৰ”​—⁠মন্ডলীৰ নিযুক্তি বৃদ্ধসকল বা অধ্যক্ষসকল, যিসকলে স্বইচ্ছাৰে আৰু আগ্ৰহেৰে জাকৰ ৰক্ষণাৱেক্ষণা দিয়ে। (ইফিচীয়া ৪:​৮, ১১, ১২; পাঁচনিৰ কৰ্ম্ম ২০:২৮; ১ পিতৰ ৫:​২, ৩) তেওঁলোকৰ বিষয়ে, যিচয়াই ভৱিষ্যবাণী কৰিছিল: “তেওঁবিলাক প্ৰতিজনে বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই, খৰাং ঠাইৰ পানীৰ সোঁত আৰু মৰুভূমিৰ বৃহৎ শিলৰ ছাঁ যেন হব।”​—⁠যিচয়া ৩২:⁠২.

১৭ যেতিয়া যীচু পৃথিবীত আছিল, ধাৰ্ম্মিক নেতাসকলৰ দ্বাৰা প্ৰেমপূৰ্ণ তত্বৱধান অতিমাত্ৰাই অভাৱ আছিল। লোকসকলৰ অৱস্থাই তেওঁক গভীৰ বেদনা দিছিল আৰু তেওঁ বিশেষভাৱে তেওঁলোকক আধ্যাত্মিৰূপে সহায় কৰিবলৈ বিচাৰিছিল। যীচুৰ তেওঁলোকৰ প্ৰতি কৰুণা জন্মিছিল, কিয়নো “তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) ই বৰ্তমান-সময়ৰ অনেক লোকৰ দুদৰ্শাক কিমান উপযুক্ত ৰীতিৰে বৰ্ণনা কৰিছে, যিসকলে হৃদয়বিদাৰক সমস্যাবিলাক সহন কৰিছে আৰু অথচ আধ্যাত্মিক সহায় আৰু সান্তনাৰ বাবে যাবলৈ কোনো পথ নাই! কিন্তু যিহোৱাৰ লোকসকলৰ ওচৰত আধ্যাত্মিক সহায় আছে, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰিছিল: “যি ভেড়া-ৰখীয়াবিলাকে তেওঁবিলাকক চৰাব, মই তেওঁবিলাকৰ ওপৰত এনে ৰখীয়াবিলাকক নিযুক্ত কৰিম; তেতিয়া তেওঁবিলাকে আৰু ভয় নকৰিব আৰু বিহ্বল নহব।”​—⁠যিৰিমিয়া ২৩:⁠৪.

১৮ মন্ডলীৰ নিযুক্তি অধক্ষ্যসকলৰ সৈতে পৰিচিত হওঁক। ঈশ্বৰৰ জ্ঞানৰ প্ৰয়োগ কৰিবলৈ তেওঁলোকৰ ওচৰত বহুতো অভিজ্ঞতা আছে, কিয়নো বাইবেলত অধ্যক্ষৰ বাবে দিয়া যোগ্যতাবিলাকক তেওঁলোকে পূৰ্ণ কৰিছে। (১ তীমথিয় ৩:​১-৭; তীত ১:​৫-৯) যদি আপোনাৰ ঈশ্বৰৰ প্ৰয়োজনীয় বিষয়বিলাকৰ কোনো অভ্যাস বা এটা বৈশিষ্টক জয়ী কৰিবলৈ আধ্যাত্মিক সহায়ৰ প্ৰয়োজন হয় তেওঁলোকৰ মাজৰ এজনৰ কাষ চাপিবলৈ সংকোচ নকৰিব। আপুনি বিচাৰি পাব যে অধক্ষ্যসকলে পৌলে দিয়া উপদেশক অনুকৰণ কৰে: “বিষাদগস্ত প্ৰাণলৈ সান্ত্বনাপূৰ্বক কোৱা, দুৰ্ব্বল লোকক সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘ-সহিষ্ণু হোৱা।”​—⁠১ থিচলনীকীয়া ২:​৭, ৮; ৫:⁠১৪, NW.

যিহোৱাৰ লোকসকলৰ সৈতে নিৰাপত্তা উপভোগ কৰক

১৯ যদিও আমি এতিয়া অসিদ্ধ অৱস্থাৰ মাজত বাস কৰিছো, যিহোৱাই আমাক আধ্যাত্মিক খাদ্য, বস্ত্ৰ আৰু আশ্ৰয় যোগান ধৰি আছে। অৱশ্যে আমি পাৰ্থিব পৰমদেশ উপকাৰসমূহৰ অভিজ্ঞতাৰ বাবে কৰিবলৈ ঈশ্বৰৰ প্ৰতিজ্ঞাত নতুন পৃথিবীৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু যিসকলে যিহোৱাৰ সংগঠনৰ অংশ তেওঁলোকে বৰ্তমান আধ্যাত্মিক পৰমদেশত নিৰাপত্তা আৰু আনন্দ উপভোগ কৰিছে। তেওঁলোকৰ সৰ্ম্পকে যিহিষ্কেলে ভৱিষ্যতবাণী কৰিছিল: “তেওঁবিলাকে নিৰাপদে বাস কৰিব আৰু কোনেও তেওঁবিলাকক ভয় নলগাব।”​—⁠যিহিষ্কেল ৩৪:২৮; গীতমালা ৪:⁠৮.

২০ আমি কিমান কৃতজ্ঞ হব পাৰো যিহোৱাই তেওঁৰ বাক্য আৰু সংগঠনৰ যোগেদি প্ৰেমপূৰ্ণ আধ্যাত্মিক ব্যৱস্থাবিলাক কৰিছে! ঈশ্বৰৰ লোকসকলৰ কাষলৈ আহক। ঈশ্বৰৰ জ্ঞান অৰ্জনৰ বাবে বন্ধু বা আত্মীয়সকলে কি ভাৱিব তাৰ ভয়ত পিছ নুহুকিব। আপুনি যিহোৱাৰ সাক্ষীসকলৰ সৈতে লগ হোৱা আৰু ৰাজ্যগৃহত উপস্থিত হোৱাৰ বাবে হয়তু কিছুমানে ভাল নাপাব। কিন্তু ঈশ্বৰৰ উপাসনাৰ বাবে আপুনি যি ত্যাগ কৰে তেওঁ ইয়াতকৈ অধিক ক্ষতিপূৰণ দিব। (মলাখী ৩:১০) ইয়াৰ উপৰিও, যীচুৱে কৈছিল: “মোৰ নিমিত্তে আৰু শুভবাৰ্ত্তা নিমিত্তে, ঘৰ বা ভাই-ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি, ইহকালত তাড়নাৰে সৈতে ঘৰ, ভাই-ভনী, মাতৃ, সন্তান আৰু মাটি, এইবোৰৰ এশ গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব, এনে কোনো নাই।” (মাৰ্ক ১০:​২৯, ৩০) হয়, আপুনি যি কিছু ত্যাগ বা সহ্য কৰিছে, আপুনি ঈশ্বৰৰ লোকসকলৰ মাজত আনন্দপূৰ্ণ বন্ধুত্ব আৰু আধ্যাত্মিক নিৰাপত্তা পাব পাৰে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

“বিশ্বাসী আৰু বুদ্ধিমান দাস” কোন?

যিহোৱাই আমাক আধ্যাত্মিকৰূপে আহাৰ দিবলৈ কিহৰ আয়োজন কৰিছে?

খ্ৰীষ্টীয় মন্ডলীত যিসকল আছে তেওঁলোকে আমাক কেনেকৈ সহায় কৰিব পাৰে?

[Study Questions]

১, ২. কেনেকৈ মানৱজাতিৰ অৱস্থা, এটা ধুমুহাই ধ্বংস কৰি যোৱা স্থানৰ লোকসকলৰ সৈতে তুলনা কৰা হৈছে?

৩. কেনেকৈ মানৱজাতিৰ বাবে যিহোৱাই প্ৰয়োজনীয় ব্যৱস্থা আয়োজন কৰে যিটো ইয়াক কি উদাহৰণৰ দ্বাৰা দেখুৱা হৈছে?

৪. আধুনিক সময়ত “বিশ্বাসী আৰু বুদ্ধিমান দাস” কোন প্ৰমাণিত হৈছে আৰু কেনেকৈ ঈশ্বৰৰ আধ্যাত্মিক ব্যৱস্থাবিলাক যোগান ধৰা হৈছে?

৫. বৰ্তমান জগতৰ আধ্যাত্মিক পৰিস্থিতি কি, কিন্তু ইয়াৰ বিষয়ে যিহোৱাই কি কৰিছে?

৬. প্ৰাচীন সময়ত যিহোৱাই কেনেকৈ তেওঁৰ লোকসকলৈ আধ্যাত্মিক সাহাৰ্য্যৰ যোগান ধৰিছিল?

৭. খ্ৰীষ্টীয় সভাবিলাকত উপস্থিতিত জ্ঞান আৰু বিশ্বাসৰ লগত কেনেকৈ সম্বন্ধ আছে?

৮. আমাক যিহোৱাৰ সাক্ষীসকলৰ সভাবিলাকত উপস্থিত হবলৈ কিয় উৎসাহিত কৰা হৈছে?

৯. প্ৰেম প্ৰদৰ্শনৰ বিষয়ে যিহোৱাই কেনেকৈ উদাহৰণ ৰাখিছে?

১০. আমি ‘সমূহ ভাতৃসমাজৰ’ পৰা কেনেকৈ লাভৱান হব পাৰো?

১১. যিহোৱাৰ লোকসকল মাজত বিভিন্ন ব্যক্তিত্বৰ বাবে আপুনি কিয় বিচলিত হোৱা উচিত নহয়?

১২, ১৩. (ক) মন্ডলীত যদি কোনোৱে আপোনাক বিৰক্ত কৰে, তেতিয়া আপুনি কি কৰিব পাৰে? (খ) আক্ৰোশ হৈ থকাটো কিয় গুৰুত্বপূৰ্ণ নহয়?

১৪. আমি কি কি গুণ পৰিধান কৰা উচিত?

১৫. মন্ডলী কেনেকৈ এক আশ্ৰয়স্থান?

১৬. মন্ডলীৰ অধক্ষ্যসকলে কেনেধৰণৰ সহায় কৰে?

১৭. (ক) বিশেষভাৱে যীচুৱে কেনেধৰণৰ সহায় কৰিব বিচাৰিছিল? (খ) ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে কি ব্যৱস্থা কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল?

১৮. যদি আমাৰ আধ্যাত্মিক সহায়ৰ প্ৰয়োজন হয় তেতিয়া আমি কিয় অধক্ষ্যৰ কাষ চপা উচিত?

১৯. যিসকলে তেওঁৰ সংগঠনৰ ভিতৰত নিৰাপত্তা বিচাৰে তেওঁলোকলৈ যিহোৱাই কি আৰ্শীব্বাদবিলাক দিছে?

২০. তেওঁৰ উপাসনাৰ বাবে আমি যি ত্যাগ স্বীকাৰ কৰো যিহোৱাই কেনেকৈ ইয়াৰ ক্ষতিপূৰণ দিব?

[Full-page picture on page 165]