Skip to content

Skip to table of contents

ঈশ্বৰৰ ৰাজ্যই শাসন কৰে

ঈশ্বৰৰ ৰাজ্যই শাসন কৰে

অধ্যায় ১০

ঈশ্বৰৰ ৰাজ্যই শাসন কৰে

বোধকৰো আপোনাৰ এনে এটা যন্ত্ৰ কিনাৰ অভিজ্ঞতা আছে, যিটো কাম কৰা নাই। ধৰি লওঁক, আপুনি মেৰামতি কৰা এজন মিস্ত্ৰিক মাতিলে। তেওঁ যন্ত্ৰতো “মেৰামতি” কৰাৰ অলপ পাছত আকৌ বেয়া হʼল। সেইয়া কি যে নিৰাশজনক!

মানৱ চৰকাৰৰ সৈতে ঠিক তেনেধৰণৰ হৈছে। মানৱজাতিয়ে সদায় এনে এটা চৰকাৰৰ আশা কৰে যিয়ে সুখ আৰু শান্তি দিব পাৰে। যদিও, সমাজৰ ভাঙোন মেৰামতি কৰাৰ কঠোৰ প্ৰচেষ্টা কৰে, বাস্তৱতে সফল নহয়। শান্তিৰ বাবে বহুতো চুক্তি স্থাপন কৰা হয়​—⁠আৰু আকৌ ভাঙি দিয়া হয়। কোনো চৰকাৰে দৰিদ্ৰ, কুসংস্কাৰ, অপৰাধ, ৰোগ আৰু পৰিবেশ ধ্বংস পৰিস্থিতিক সমাপ্ত কৰিবলৈ সক্ষম হৈছেনে? মানৱ-শাসনক সংশোধন কৰা অসাধ্য। আনকি ইস্ৰায়েলৰ জ্ঞানী ৰজা চলোমনে সুধিছিল: “মানুহে কেনেকৈ নিজ পথ বুজিব?”​—⁠হিতোপদেশ ২০:⁠২৪.

নিৰাশ নহব! এক স্থায়ী বিশ্বব্যাপী চৰকাৰ মাত্ৰ এটা সপোন নহয়। যীচুৰ প্ৰচাৰ কাৰ্য্যই মূল বিষয়বস্তু আছিল। তেওঁ ইয়াক “ঈশ্বৰৰ ৰাজ্য” বুলি কৈছিল আৰু তেওঁ নিজৰ অনুগামীসকলক ইয়াৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (লূক ১১:২; ২১:৩১) অৱশ্যে, কেতিয়াবা কেতিয়াবা ধাৰ্ম্মিক গোটসমূহত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে উল্লেখ হয়। দৰাচলতে, কোটি কোটি লোকে প্ৰতিদিনে ইয়াৰ বাবে প্ৰাৰ্থনা কৰে বিশেষকৈ, যেতিয়া তেওঁলোকে প্ৰভুৰ প্ৰাৰ্থনা পুনৰাবৃত্তি কৰে (যাক আমাৰ পিতা বা আদৰ্শ প্ৰাৰ্থনা বুলিও কোৱা হয়)। কিন্তু যেতিয়া “ঈশ্বৰৰ ৰাজ্য কি?” বুলি প্ৰশ্ন কৰা হয়, তেতিয়া মানুহে বিভিন্ন ধৰণৰ উত্তৰ দিয়ে। কিছুমানে কয়, “এইটো আপোনাৰ হৃদয়ত আছে।” আনবিলাকে ইয়াক স্বৰ্গত থকা বুলি কয়। কিন্তু যেনেকৈ আমি অধ্যয়ন কৰিম, স্পষ্টকৈ বাইবেলে দিয়া ইয়াৰ উত্তৰ পাম।

এক উদ্দেশ্যপূৰ্ণ সৈতে ৰাজ্য

যিহোৱা ঈশ্বৰ সদায় এই বিশ্বৰ ৰজা বা সৰ্ব্বপ্ৰধান শাসক হৈ আছে। এইটো সত্য যে তেওঁ সকলোবিলাক সৃষ্টি কৰিছিল আৰু এই কাৰ্য্যই তেওঁক উচ্চ স্থানত স্থাপন কৰিলে। (১ বংশাৱলি ২৯:১১; গীতমালা ১০৩:১৯; পাঁচনিৰ কৰ্ম্ম ৪:২৪) কিন্তু যি ৰাজ্যৰ বিষয়ে যীচুৱে প্ৰচাৰ কৰিছিল সেয়া ঈশ্বৰৰ সাৰ্বভৌমত্বৰ অধীন অথবা গৌন ৰাজ্য। এই মচীহ ৰাজ্যৰ এক বিশেষ উদ্দেশ্য আছে, কিন্তু সেইটো কি?

যিদৰে ৬ অধ্যায়ত বৰ্ণনা কৰা হৈছিল প্ৰথম মানৱ দম্পতীয়ে ঈশ্বৰৰ অধিকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। বাদ-বিবাদ উত্থাপিত হোৱাৰ কাৰণে, যিহোৱাই নিজৰ সাৰ্বভৌমত্বক নতুনকৈ প্ৰকাশ কৰিবলৈ থিৰাং কৰিছিল। ঈশ্বৰে এটা “বংশ” উৎপন্ন কৰিবলৈ ঘোষণা কৰিছিল, যিয়ে সেই সৰ্প অৰ্থাৎ চয়তানক গুৰি কৰিবলৈ আৰু মানৱজাতিৰ উত্তৰাধিকাৰীৰূপে পোৱা পাপৰ প্ৰভাৱবিলাকৰ পৰা মুক্ত কৰিব। সেই মূখ্য “বংশ” হৈছে যীচু খ্ৰীষ্ট আৰু “ঈশ্বৰৰ ৰাজ্য” হৈছে সেই প্ৰতিনিধি যিয়ে চয়তানক সম্পূৰ্ণ পৰাস্ত কৰিব। এই ৰাজ্যৰ যোগেদি, যীচু খ্ৰীষ্টই পৃথিবীত যিহোৱাৰ নামেৰে শাসন-ক্ষমতাক পুনৰ স্থাপন কৰিব আৰু চিৰকালৰ বাবে ঈশ্বৰৰ ন্যায়যুক্ত সাৰ্বভৌমত্বৰ যথাৰ্থতা সাব্যস্ত কৰিব।​—⁠আদিপুস্তক ৩:১৫; গীতমালা ২:​২-৯.

এখন বাইবেল অনুবাদৰ অনুসাৰে, দুষ্ট ফৰাচীসকলক সম্বোধন কৰি যীচুৱে কৈছিল: “ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ভিতৰতে আছে।” (লূক ১৭:২১) যীচুৱে বুজাইছিল নে, যে ৰাজ্য সেই ভ্ৰষ্টাচাৰী লোকসকলৰ দুষ্ট হৃদয়ত আছিল? কেতিয়াও নহয়। মূল গ্ৰীক ভাষাৰ সঠিক এক অনুবাদত এইদৰে লিখে: “ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজত আছে।” (নিউ ওৰ্ৱলড্‌ ট্ৰানচ্লেশ্বন) যীচু, যিজন স্বয়ং তেওঁলোকৰ মাজত আছিল, নিজকে ভৱিষ্যতৰ ৰজাৰূপে উল্লেখ কৰিছিল। ঈশ্বৰৰ ৰাজ্য এখন প্ৰকৃত, কাৰ্য্যকাৰী চৰকাৰ যʼত এজন শাসক আৰু প্ৰজা আছে যিটো কোনো এজন ব্যক্তিৰ হৃদয়ৰ ভাৱনাৰ পৰা বহু বেলেগ। এইটো এটা স্বৰ্গীয় শাসনব্যৱস্থা, কিয়নো ইয়াক “স্বৰ্গৰ ৰাজ্য” আৰু “ঈশ্বৰৰ ৰাজ্য” বুলি কোৱা হয়। (মথি ১৩:১১; লূক ৮:১০) ভাববাদী দানিয়েলে দৰ্শনত ইয়াৰ ৰজাক “মানুহৰ পুত্ৰৰ নিচিনা” দেখিছিল যিজনক সৰ্ব্বশক্তিমান ঈশ্বৰৰ আগলৈ অনা হৈছিল আৰু “সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক [স্থায়ী] ৰাজশাসন, মহিমা আৰু ৰাজ্যভাৰ” দিয়া হʼল। (দানিয়েল ৭:​১৩, ১৪) সেই ৰজাজন কোন? বাইবেলে যীচু খ্ৰীষ্টক “মানুহৰ পুত্ৰ” বুলি কৈছে। (মথি ১২:৪০; লূক ১৭:২৬) হয়, যিহোৱাই নিজৰ পুত্ৰ, যীচু খ্ৰীষ্টক ৰজা হʼবলৈ মনোনীত কৰিছিল।

যীচু খ্ৰীষ্ট অকলে শাসন নকৰে। তেওঁৰ সৈতে আছে ১,৪৪,০০০ জন, যিসকলক তেওঁৰ সহযোগী ৰজা আৰু পুৰোহিত হবলৈ ‘পৃথিবীৰ পৰা কিনি লোৱা’ হʼল। (প্ৰকাশিত বাক্য ৫:​৯, ১০; ১৪:​১, ৩; লূক ২২:​২৮-৩০) ঈশ্বৰৰ ৰাজ্যৰ প্ৰজাসকল, গোটেই বিশ্বজুৰি এক মানৱ পৰিয়াল হব যিসকলে খ্ৰীষ্টৰ নেতৃত্ব স্বীকাৰ কৰে। (গীতমালা ৭২:​৭, ৮) তেতিয়াহলে, আমি কেনেকৈ নিশ্চিত হব পাৰো যে সেই ৰাজ্যই প্ৰকৃততে ঈশ্বৰৰ সম্ৰাজ্যক দোষ মুক্ত কৰিব আৰু আমাৰ পৃথিবীত এক পৰমদেশৰ পৰিস্থিতি পুনৰ স্থাপিত কৰিব?

ঈশ্বৰৰ ৰাজ্যৰ বাস্তৱিকতা

কল্পনা কৰক যে অগ্নিকাণ্ডত আপোনাৰ ঘৰখন ধ্বংস হল। এতিয়া আপোনাৰ এজন বন্ধুৱে যাৰ ওচৰত ঘৰ বনাবলৈ সমৰ্থ আছে, তেওঁ আপোনাৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰু আপোনাৰ পৰিয়ালৰ বাবে খাদ্য যোগান ধৰিব বুলি প্ৰতিজ্ঞা কৰিলে। যদি সেই বন্ধুজনে আপোনাক সদায়ে সত্য কথা কয় আপুনি তেওঁক বিশ্বাস নকৰিবনে নে? ধৰি লওক পিছদিনা আপুনি কামৰ পৰা ঘৰলৈ উভতি দেখিলে বনুৱাসকলে ইতিমধ্যে জুইৰ পৰা হোৱা ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ পৰিয়ালৰ বাবে আহাৰ অনা হৈছে। নিঃসন্দেহ আপুনি সম্পূৰ্ণ নিশ্চিত হব যে এটা সময়ত সকলোবিলাক পুনৰ স্থাপিত হব এনে নহয় কিন্তু আগতকৈও অধিক ভাল হব।

একেদৰ, যিহোৱাই আমাক ৰাজ্যৰ বাস্তৱিকতাৰ সম্বন্ধে নিশ্চয়তা আশ্বাস দিছে। যেনেকৈ বাইবেলৰ ইব্ৰী কিতাপত দেখুৱা বিধানৰ অনেক ঘটনা ৰাজ্যৰ ব্যৱস্থাৰ পূৰ্ব্ব আভাস দিছিল। (ইব্ৰী ১০:⁠১) ইস্ৰায়েল জাতিৰ পাৰ্থিৱ ৰাজ্যৰ মাজতো ঈশ্বৰৰ ৰাজ্যৰ পূৰ্ব্ব দৰ্শন পোৱা গৈছিল। সেয়া কোনো সাধাৰণ চৰকাৰ নাছিল, কিয়নো ইয়াৰ শাসনকৰ্ত্তা “যিহোৱাৰ সিংহাসনত” বহি আছিল। (১ বংশাৱলি ২৯:২৩) আৰু এই ভৱিষ্যতবাণী কৰা হৈছিল: “চীলো নাহেমানে, যিহূদাৰ পৰা ৰাজদণ্ড নেযাব আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হব।” (আদিপুস্তক ৪৯:১০) * হয়, ঈশ্বৰীয় চৰকাৰৰ চিৰস্থায়ী ৰজা, যীচুক যিহূদাৰ এই ৰাজকীয় বংশত জন্ম গ্ৰহণ কৰিবলৈ আছিল।​—⁠লূক ১:​৩২, ৩৩.

১০ ঈশ্বৰৰ মচীহ ৰাজ্যৰ ভেটি স্থাপন যীচুৰ শিষ্যসকলৰ বাছনিৰ লগে লগে কৰা হৈছিল। (ইফিচীয়া ২:​১৯, ২০; প্ৰকাশিত বাক্য ২১:১৪) তেওঁলোক সেই ১,৪৪,০০০ জন ব্যক্তিৰ মাজত প্ৰথম আছিল যিসকলে যীচু খ্ৰীষ্টৰ সৈতে সহযোগী শাসনকৰ্ত্তাৰূপে স্বৰ্গত শাসন কৰিব। পৃথিবীত থকা সময়ত, সেই হব লগা শাসকসকলে, যীচুৰ এই আজ্ঞাক স্বীকৃতি দি সাক্ষীৰ অভিযানত আগভাগ লব: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।”​—⁠মথি ২৮:⁠১৯.

১১ বৰ্তমানে আচৰিতভাৱে শিষ্য বনোৱা কাম বৃহতৰূপে আগবাঢ়িছে। যিহোৱাৰ সাক্ষীসকলে এই ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই পৃথিবীজুৰি ঘোষণা কৰি আছে যিদৰে যীচুৰ ভবিষ্যবাণীত কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) ৰাজ্য-প্ৰচাৰৰ এটা দিশ হিচাপে এক বিশাল শিক্ষামূলক কাৰ্য্যসূচী পালন কৰা হৈছে। যিসকলে ঈশ্বৰৰ ৰাজ্যৰ বিধান আৰু নীতিৰ অধীন হয় তেওঁলোকে ইতিমধ্যে শান্তি আৰু একতা অভিজ্ঞতা লাভ কৰিছে যিটো মানৱ চৰকাৰে কৰিব নোৱাৰে। এই সকলোবোৰে স্পষ্ট প্ৰমাণ দিয়ে যে ঈশ্বৰৰ ৰাজ্য এক বাস্তৱ চৰকাৰ!

১২ যিহোৱাই ইস্ৰায়েলসকলক কৈছিল: “তোমালোকেই মোৰ সাক্ষী আৰু মনোনীত দাস।” (যিচয়া ৪৩:​১০-১২) “বিশ্বাসী সাক্ষী,” যীচুৱে আগ্ৰহেৰে ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰিছিল। (প্ৰকাশিত বাক্য ১:⁠৫; মথি ৪:১৭) সেইবাবে ই উপযুক্ত যে বৰ্তমান সময়ৰ ৰাজ্য ঘোষণাকাৰীসকলে যিহোৱাৰ সাক্ষীৰূপে ঈশ্বৰীয় নাম বহন কৰে। কিন্তু সাক্ষীসকলে অন্যৰ সৈতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কবলৈ ইমান সময় আৰু শক্তি কিয় ব্যয় কৰে? তেওঁলোকে সেয়া কৰাৰ কাৰণ হৈছে ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ একমাত্ৰ আশা। মানৱ চৰকাৰ আজি নহয় কালি ভাঙি যায় কিন্তু ঈশ্বৰৰ ৰাজ্য কেতিয়াও নাভাঙিব। ইয়াৰ শাসক, যীচুৰ বিষয়ে যিচয়া ৯:​৬, ৭, (NW) পদত ‘শান্তিৰ ৰাজকুমাৰ’ বুলি কোৱা হৈছে আৰু আগলৈ কৈছে: “তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।” ঈশ্বৰৰ ৰাজ্য মানৱ চৰকাৰৰ দৰে নহয়​—⁠আজি আছে কাইলৈ নাই। বাস্তৱিকতে, দানিয়েল ২:৪৪ পদে কয়: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; . . . নিজে চিৰকাললৈকে থাকিব।”

১৩ কোন মানৱ শাসকে যুদ্ধ, অপৰাধ, ৰোগ, অনাহাৰ আৰু গৃহহীনতাক অন্ত কৰিব পাৰিব? ইয়াৰ উপৰিও, কোন শাসকে পুনৰুত্থান কৰিব পাৰিব যিবিলাকৰ মৃত্যু হৈছে? ঈশ্বৰৰ ৰাজ্য আৰু ইয়াৰ ৰজাই এই বিষয়বিলাক সমাধান কৰিব। ক্ৰুটিপূৰ্ণ যন্ত্ৰপাতি যিবিলাক বাৰে বাৰে মেৰামতিৰ প্ৰয়োজন তাৰদৰে ৰাজ্যই নিজক ক্ৰুটিপূৰ্ণ প্ৰমাণ নকৰিব। বৰং, ঈশ্বৰৰ ৰাজ্য সফল হব, কাৰণ যিহোৱাই প্ৰতিজ্ঞা কৰিছে: “মোৰ মুখৰ পৰা ওলোৱা বাক্য . . . বৃথা মোৰ ওচৰলৈ উলটি নাহিব; কিন্তু মই যি ইচ্ছা কৰো, তাক সাম্ফল নকৰাকৈ আৰু যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।” (যিচয়া ৫৫:১১) ঈশ্বৰৰ উদ্দেশ্য বিফল নহব, কিন্তু কেতিয়া ৰাজ্য শাসন আৰম্ভ হবলৈ আছিল?

ৰাজ্য শাসন​—⁠কেতিয়া?

১৪ “হে প্ৰভু, আপুনি এই কালতে ইস্ৰায়েলক ৰাজ্য পুনৰায় দিব নে?” যীচুৰ শিষ্যসকলে সোধা এই প্ৰশ্নই প্ৰকাশ কৰিলে যে তেতিয়ালৈকে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ উদ্দেশ্য আৰু ইয়াৰ শাসন আৰম্ভ কৰাৰ নিৰ্দ্দিষ্ট নিযুক্তি সময়ৰ বিষয়ে সিহঁতে নাজানিছিল। এই বিষয়ে আচৰিত নহবলৈ তেওঁলোকক সাৱধান কৰি যীচুৱে কৈছিল: “যি যি কাল, যি যি সময় পিতৃয়ে নিজৰ ক্ষমতাৰে স্থাপন কৰিলে, সেইবোৰ তোমালোকে জানিবলৈ নোপোৱা।” যীচুৱে জানিছিল যে পৃথিবীৰ ওপৰত তেওঁৰ শাসন ভৱিষ্যতৰ বাবে সংৰক্ষিত আছিল অৰ্থাৎ তেওঁৰ পুনৰুত্থান আৰু স্বৰ্গৰোহৰণৰ বহু পাছৰ বাবে। (পাঁচনিৰ কৰ্ম্ম ১:​৬-১১; লূক ১৯:​১১, ১২, ১৫) ইয়াৰ ভৱিষ্যতবাণী শাস্ত্ৰই কৰিছিল। সেইটো কেনেকৈ?

১৫ ভৱিষ্যতবাণী হিচাবে যীচুক “প্ৰভু” বুলি উল্লেখ কৰি ৰজা দায়ুদে কৈছিল: “যিহোৱাই মোৰ প্ৰভুক কলে, ‘মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোমানে, তুমি মোৰ সোঁহাতে বহি থাকা।’ ” (গীতমালা ১১০:⁠১; পাঁচনিৰ কৰ্ম্ম ২:​৩৪-৩৬, তুলনা কৰক।) এই ভৱিষ্যতবাণীয়ে উল্লেখ কৰিছে যে যীচুৰ শাসন তেওঁৰ স্বৰ্গৰোহণৰ লগে লগে আৰম্ভ হবলৈ নাছিল। বৰং, তেওঁ ঈশ্বৰৰ সোঁফালে বহি অপেক্ষা কৰিব আছিল। (ইব্ৰী ১০:​১২, ১৩) এই অপেক্ষা কেতিয়ালৈকে কৰিবলৈ আছিল? কেতিয়া তেওঁৰ শাসন আৰম্ভ হলহেঁতেন? বাইবেলে ইয়াৰ উত্তৰ দিয়াত আমাক সহায় কৰে।

১৬ গোটেই পৃথিবীৰ মাজত যিহোৱাই একমাত্ৰ নিজৰ নাম স্থাপন কৰিছিল সেই নগৰ আছিল যিৰূচালেম। (১ ৰাজাৱলি ১১:৩৬) এইটো ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ প্ৰতীক হিচাবে ঈশ্বৰ-অনুমোদিত পাৰ্থিৱ ৰাজ্যৰ ৰাজধানী আছিল। সেইবাবে, সা.যু.পূ. ৬০৭ চনত বেবিলনীয়াসকলৰ দ্বাৰা যিৰূচালেমৰ ধ্বংস অতি উল্লেখযোগ্য আছিল। এই ঘটনাই পৃথিবীত ঈশ্বৰৰ প্ৰজাবিলাকৰ ওপৰত তেওঁৰ পোনপটীয়া শাসনৰ এটা সুদীৰ্ঘ প্ৰতিবন্ধকৰ আৰম্ভণিক চিহ্নিত কৰিছিল। প্ৰায় ছয় শতাব্দীৰ পিছত যীচুৱে ইঙ্গিত দিছিল যে শাসনৰ এই বিশ্ৰামকাল তেতিয়ালৈকে চলি আছিল কাৰণ তেওঁ কৈছিল: “পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয়মানলৈকে, যিৰূচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হব।”​—⁠লূক ২১:⁠২৪.

১৭ “পৰজাতি মানুহৰ কালত,” জগতৰ চৰকাৰবিলাকক ঈশ্বৰৰ অনুমোদিত শাসন-ব্যৱস্থাক বাধা দিবলৈ অনুমতি দিয়া হʼল। সেই সময় সা.যু.পূ. ৬০৭ চনত যিৰূচালেমৰ ধ্বংসৰ পৰা আৰম্ভ হোৱাৰ লগে লগে দানিয়েলে উল্লেখ কৰিছিল যে ই ‘সাত কাল’ লৈকে চলিবলৈ আছিল। (দানিয়েল ৪:​২৩-২৫) ই কিমান দীঘল? বাইবেলে দেখায় যে চাৰে তিনি ‘কাল’ ১,২৬০ দিনৰ সমান। (প্ৰকাশিত ১২:​৬, ১৪) এই সময়ৰ দুগুণ বা সাত কাল ২,৫২০ দিন হয়। কিন্তু সেই অলপ সময়ৰ শেষত কোনো উল্লেখযোগ্য ঘটনা নহʼল। কিন্তু দানিয়েলৰ ভৱিষ্যতবাণীত “এবছৰৰ বাবে এটা দিন” ব্যৱহাৰ হয় আৰু সা.যু.পূ. ৬০৭ বছৰৰ পৰা ২,৫২০ বছৰ গণনা কৰিলে আমি সা.যু. ১৯১৪ চনত উপনীত হওঁ।​—⁠গণনা পুস্তক ১৪:৩৪; যিহিষ্কেল ৪:⁠৬.

১৮ যীচুৱে এই সময়ত স্বৰ্গত শাসন আৰম্ভ কৰিলেনে? তেওঁ যি কৰিছিল, শাস্ত্ৰৰ কাৰণসমূহৰ বিষয়ে পৰবৰ্ত্তী অধ্যায়ত আলোচনা কৰা হব। অৱশ্যে, যীচুৰ শাসনৰ আৰম্ভণিৰ লগে লগে পৃথিবীত শান্তিৰ দ্বাৰা চিহ্নিত নহব। প্ৰকাশিত বাক্য ১২:​৭-১২ পদত দেখায় যে ৰাজ্য গ্ৰহণ কৰা পাছতে যীচুৱে চয়তান আৰু তাৰ পিশাচ দূতবোৰক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰিলে। ইয়াৰ অৰ্থ পৃথিবীৰ বাবে সন্তাপ আৰম্ভ হʼল কিন্তু এইটো পঢ়িলে কিমান উৎসাহিত কৰে যে চয়তানৰ ওচৰত “অলপহে সময় আৰু বাকী আছে, (NW)।” অতি সোনকালে আমি আনন্দিত হব পাৰিম, মাত্ৰ যে ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব এনে নহয় কিন্তু পৃথিবী আৰু বাধ্য মানৱজাতিৰ কাৰণে আশীৰ্ব্বাদবিলাক আনিব। (গীতমালা ৭২:​৭, ৮) আমি কেনেকৈ জানিব পাৰো যে ই অতি সোনকালে ঘটিব?

[Footnotes]

^ চিলো নামৰ অৰ্থ “তেওঁ যাৰ হয়; যিজনৰ অধিকাৰ আছে।” যথা সময়ত, ই স্পষ্ট হৈছিল যে “যিহূদা ফৈদৰ সিংহ” যীচু খ্ৰীষ্টই “চিলো” আছিল। (প্ৰকাশিত বাক্য ৫:⁠৫) যিহূদী অনুবাদকে “চিলো” শব্দৰ সলনি “মচীহ” বা “মচীহ ৰজা” বুলি লিখিছিল।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

ঈশ্বৰৰ ৰাজ্য কি আৰু ই কʼৰ পৰা শাসন কৰে?

কোনে ৰাজ্যত শাসন কৰে আৰু ইয়াৰ প্ৰজাবিলাক কোন হব?

কেনেকৈ যিহোৱাই আমাক নিশ্চিত কৰিছে তেওঁৰ ৰাজ্যখন বাস্তৱিক ৰাজ্য?

কেতিয়া “পৰজাতি মানুহৰ কাল” আৰম্ভ আৰু শেষ হৈছিল?

[Study Questions]

১, ২. মানৱ চৰকাৰবিলাক কেনেকৈ অযোগ্য প্ৰমাণিত হৈছে?

৩. (ক) যীচুৰ প্ৰচাৰ কাৰ্য্যৰ বিষয়বস্তু কি আছিল? (খ) কিছুমান লোকে ঈশ্বৰৰ ৰাজ্যৰ কেনেকৈ বৰ্ণনা কৰে?

৪, ৫. যিহোৱাই নিজৰ সাৰ্বভৌমত্বৰ নতুনকৈ প্ৰকাশ কৰিবলৈ কিয় থিৰাং কৰিছিল আৰু ই কি সম্পন্ন কৰিব?

৬, ৭. (ক) ৰাজ্য কʼত আছে আৰু সেই ৰাজ্যৰ ৰজা আৰু সহযোগী শাসনকৰ্ত্তাসকল কোন? (খ) ৰাজ্যৰ প্ৰজাবিলাক কোন?

৮, ৯. (ক) ঈশ্বৰৰ ৰাজ্যৰ প্ৰতিজ্ঞাবিলাকৰ বিশ্বাসযোগ্যতাৰ আমি উদাহৰণ দি কিদৰে বিশ্বাসেৰে ব্যাখা কৰিব পাৰো? (খ) আমি কিয় ৰাজ্যখনৰ বাস্তৱিকতাৰ প্ৰতি নিশ্চিত হব পাৰো?

১০. (ক) ঈশ্বৰৰ মচীহ ৰাজ্যৰ ভেটি স্থাপন কেতিয়া কৰা হৈছিল? (খ) যীচুৰ সহযোগী শাসনকৰ্ত্তাসকলে পৃথিবীত কি গুৰুত্বপূৰ্ণ কাৰ্য্যৰ নেতৃত্ব লবলৈ আছিল?

১১. বৰ্তমান ৰাজ্য-প্ৰচাৰৰ কাৰ্য্য কেনেকৈ কৰা হৈছে আৰু ই কি সম্পন্ন কৰিছে?

১২. (ক) ৰাজ্যৰ ঘোষণাকাৰীসকলক যিহোৱাৰ সাক্ষী বুলি কোৱাটো কিয় উপযুক্ত? (খ) ঈশ্বৰৰ ৰাজ্য মানৱ চৰকাৰবিলাকতকৈ কেনেকৈ বেলেগ?

১৩. (ক) কি কি সমস্যাক ঈশ্বৰৰ ৰাজ্যই সফলৰূপে সমাধান কৰিব? (খ) আমি কেনেকৈ নিশ্চিত হব পাৰো যে ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ হব?

১৪. ৰাজ্য সমন্ধে যীচুৰ শিষ্যসকলৰ কি ভুল ধাৰণা আছিল, কিন্তু যীচুৱে তেওঁৰ শাসন-ব্যৱস্থাৰ বিষয়ে কি জানিছিল?

১৫. গীতমালা ১১০:১ পদত যীচুৰ ৰাজত্বৰ সময়ৰ সৰ্ম্পকে আমাক কি সম্ভেদ দিয়ে?

১৬. সা.যু.পূ. ৬০৭ চনত কি ঘটিছিল আৰু ই ঈশ্বৰৰ ৰাজ্যৰ সৈতে কেনেকৈ সম্পৰ্ক আছিল?

১৭. (ক) “পৰজাতি মানুহৰ কাল” কি আৰু ই কিমান সময়লৈকে চলিবলৈ আছিল? (খ) “পৰজাতি মানুহৰ কাল” কেতিয়া আৰম্ভ আৰু শেষ হৈছিল?

১৮. ৰাজ্য ক্ষমতা গ্ৰহণ কৰাৰ অলপ পাছতে যীচুৱে কি কৰিছিল আৰু ই পৃথিবীক কেনেকৈ প্ৰভাৱিত কৰিছিল?

[Box on page 94]

ঈশ্বৰৰ ৰাজ্যৰ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ ঘটনা

• যিহোৱাই এক “বংশ” উৎপন্ন কৰাৰ সমন্ধে তেওঁৰ উদ্দেশ্য ঘোষণা কৰে, যিজনে সৰ্প দিয়াবল চয়তানৰ মূৰ গুৰি কৰিব।​—⁠আদিপুস্তক ৩:⁠১৫.

• সা.যু.পূ. ১৯৪৩ চনত, যিহোৱাই ইঙ্গিত দিয়ে যে সেই “বংশ” অব্ৰাহামৰ বংশৰ লোক হব।​—⁠আদিপুস্তক ১২:​১-৩, ৭; ২২:⁠১৮.

• সা.যু.পূ. ১৫১৩ চনত ইস্ৰায়েলক দিয়া বিধানৰ ৰীতি-ব্যৱস্থায়ে “বিধান ভাবী মঙ্গলৰ ছায়া বিশিষ্ট” বৰ্ণনা কৰে।​—⁠যাত্ৰপুস্তক ২৪:​৬-৮; ইব্ৰী ১০:⁠১.

• পাৰ্থিৱ ইস্ৰায়েল ৰাজ্য সা.যু.পূ. ১১১৭ চনত আৰম্ভ হয় আৰু ই পিছলৈ দায়ুদৰ বংশলৈ একেৰাহে চলি থাকে।​—⁠১ চমূৱেল ১১:১৫; ২ চমূৱেল ৭:​৮, ১৬.

• সা.যু.পূ ৬০৭ চনত যিৰূচালেমৰ বিনাশ হয় আৰু “পৰজাতি মানুহৰ কাল” আৰম্ভ হয়।​—⁠২ ৰাজাৱলি ২৫:​৮-১০, ২৫, ২৬; লূক ২১:⁠২৪.

• সা.যু. ২৯ চনত যীচুৰ পাৰ্থিৱ পৰিচাৰ্য্য কাৰ্য্য আৰম্ভ হয় আৰু তেওঁ মনোনীত-ৰজাৰূপে অভিষেক কৰা হয়।​—⁠মথি ৩:​১৬, ১৭; ৪:⁠১৭; ২১:​৯-১১.

• নিজৰ শাসন আৰম্ভ নোহোৱালৈকে ঈশ্বৰৰ সোঁফালে বহি অপেক্ষা কৰিবলৈ, সা.যু. ৩৩ চনত যীচু স্বৰ্গলৈ যায়।​—⁠পাঁচনিৰ কৰ্ম্ম ৫:​৩০, ৩১; ইব্ৰী ১০:​১২, ১৩.

• সা.যু. ১৯১৪ চনত যীচুক স্বৰ্গীয় ৰাজ্যৰ সিংসাহনত অধিষ্ঠিত কৰা হয় আৰু তেতিয়া “পৰজাতি মানুহৰ কাল” শেষ হয়।​—⁠প্ৰকাশিত বাক্য ১১:⁠১৫.

• চয়তান আৰু তাৰ পিশাচবোৰক পৃথিবীলৈ পেলোৱা হয় আৰু মানৱজাতিৰ বাবে অধিক দূদৰ্শা বৃদ্ধি হয়।​—⁠প্ৰকাশিত বাক্য ১২:​৯-১২.

• যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যত তত্বাৱধান লয়।​—⁠মথি ২৪:১৪; ২৮:​১৯, ২০.