এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে
অধ্যায় ২
এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে
এইটো যুক্তিসংঙ্গত যে আমাৰ প্ৰেমময় সৃষ্টিকৰ্ত্তাই মানৱজাতিক প্ৰকৃততে নিৰ্দেশনা আৰু পথ-প্ৰদৰ্শনৰ বাবে এখন শাস্ত্ৰ প্ৰদান কৰে। আপুনি সন্মত নহয়নে যে মানৱজাতিক পথ-প্ৰদৰ্শনৰ আৱশ্যক?
২ প্ৰায় ২,৫০০ বছৰৰ আগতে, এজন ভাৱিষ্যতবক্তা আৰু বুৰঞ্জীবিদে লিখিছিল: “মানুহৰ গতি নিজ অধিকাৰত নাথাকে।” (যিৰিমিয়া ১০:২৩) সেয়েহে, সেই উক্তিৰ সত্যতা আগতকৈও অধিক স্পষ্টৰূপে ওলাই পৰিছে। এইদৰে, বুৰঞ্জীবিদ উইলিয়াম এইচ্. মেক্নিলয়ে মন্তব্য কৰে: “এই গ্ৰহৰ ওপৰত মানৱজাতিৰ অভিযানে সদায়ে সমাজৰ স্থাপিত নিয়ম-প্ৰণালীত ধৰাৱাহিকভাৱে সঙ্কত আৰু ব্যাঘাত জন্মাই আহিছে।”
৩ বাইবেলে বুদ্ধিমতাৰে নিদেৰ্শন দিয়াৰ যোগেদি আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে। সচাঁকৈ, যেতিয়া বহুতে প্ৰথমবাৰৰ বাবে বাইবেলখন পঢ়ে তেতিয়া অভিভূত হয়। এইখন এখন ডাঙৰ শাস্ত্ৰ আৰু ইয়াৰ কিছুমান ভাগ বুজিবলৈ সহজ নহয়। কিন্তু যদি আপোনাক এখন দলিল দিয়া হয় যʼত লিখা আছে যে আপুনি মূল্যবান সম্পত্তিৰ উত্তৰাধিকাৰী হবলৈ কি কৰা উচিত, তেতিয়া আপুনি ইয়াক যত্নৰে অধ্যয়ন কৰিবলৈ সময় নলবনে? যদি দলিলৰ কিছুমান ভাগ বুজিবলৈ কঠিন হয়, তেতিয়া আপুনি সম্ভৱ ইয়াৰ বিষয়ে অভিজ্ঞতা থকা ব্যক্তিৰ সহায় লব। বাইবেলৰ প্ৰতি সেই একেই দৃষ্টিভঙ্গী নাৰাখে কিয়? (পাঁচনিৰ কৰ্ম্ম ১৭:১১) ভৌতিক বস্তুৰ উত্তৰাধিকাৰীতকৈও ইয়াত অধিক বিষয় জড়িত। যিদৰে আমি আগৰ অধ্যায়ত শিকিছিলো যে ঈশ্বৰৰ জ্ঞানে অনন্ত জীৱনলৈ লৈ যাব পাৰে।
৪ আহক এই শাস্ত্ৰ যিয়ে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে তাক পৰীক্ষা কৰোহঁক। প্ৰথমে আমি বাইবেলৰ এটি চমু বিবৰণি দিম। তাৰ পিছত আমি কাৰণসমূহ আলোচনা কৰিম যে বহুতো অভিজ্ঞতা থকা ব্যক্তিয়ে কিয় বিশ্বাস কৰে এইখন ঈশ্বৰৰ নিশ্বাসিত বাক্য।
বাইবেলত কি অন্তৰ্ভূক্ত আছে
৫ বাইবেলৰ দুটা ভাগত ৬৬ খন কিতাপ আছে, যাক প্ৰায়ে পুৰণি নিয়ম আৰু নতুন নিয়ম বুলি কোৱা হয়। বাইবেলৰ উনচল্লিশ খন কিতাপ প্ৰধানকৈ হিব্ৰু ভাষাত লিখা হৈছে আৰু সাতাইশখন গ্ৰীক ভাষাত। হিব্ৰু শাস্ত্ৰত, আদিপুস্তকৰ পৰা মলাখীলৈকে, সৃষ্টি আৰু মানৱ বুৰঞ্জীৰ প্ৰথম ৩,৫০০ বছৰৰ বৰ্ণনা আছে। বাইবেলৰ এই ভাগত পৰীক্ষা কৰি চালে, ইস্ৰায়েলৰ সৈতে ঈশ্বৰৰ আচাৰ-ব্যৱহাৰৰ সৰ্ম্পকে শিকিবলৈ পাওঁ—সা.যু.পূ. ১৬শ শতাব্দী পৰা সা.যু.পূ. ৫ম শতাব্দীলৈকে ৰাষ্ট্ৰৰূপে তেওঁলোকৰ জন্ম। * গ্ৰীক শাস্ত্ৰত, মথিৰ পৰা প্ৰকাশিত বাক্যলৈকে, সা.যু. প্ৰথম শতাব্দীত যীচু খ্ৰীষ্ট আৰু তেওঁৰ শিষ্যসকলৰ শিক্ষা আৰু কাৰ্য্যৰ বৰ্ণনা কৰা হৈছে।
৬ কিছুমানে দাবী কৰে যে “পুৰণি নিয়ম” যিহুদী সকলৰ বাবে আৰু “নতুন নিয়ম” খ্ৰীষ্টানসকলৰ বাবে। কিন্তু ২ তীমথিয় ৩:১৬ পদৰ অনুসাৰে, “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু. . . লাভদায়ক।” সেইবাবে, ভালদৰে শাস্ত্ৰ অধ্যয়ন কৰোতে গোটেই বাইবলখনৰ অধ্যয়ন সন্মিলিত আছে। আচলতে, বাইবেলৰ দুয়োটা ভাগেই পৰস্পৰ সম্বন্ধ আছে আৰু একেলগে মিলি গোটেই মূল-বিষয়ক বিকাশিত কৰে।
৭ সম্ভঃৱত আপুনি ধৰ্ম্মীয় সভাসমূহত কিছু বছৰ ধৰি উপস্থিত হৈছে আৰু বাইবেলৰ কিছুভাগ চিঞৰি পঢ়াও শুনিছে, নতুবা আপুনি হয়তু নিজে ইয়াৰ উদ্ধৃতি কিছুভাগ পঢ়িছে। আপুনি জানেনে, বাইবেলত আদিপুস্তকৰ
পৰা প্ৰকাশিত বাক্যলৈকে এটা মূল বিষয়বস্তু আছে? হয়, গোটেই বাইবেলখনত এটা মূল বিষয় আছে। সেই মূল বিষয়বস্তু কি? ই মানৱজাতিৰ প্ৰতি ঈশ্বৰৰ সঠিক শাসন আৰু ৰাজ্যৰ যোগেদি তেওঁৰ প্ৰেমময় উদ্দেশ্যৰ পূৰ্ণতাক সমৰ্থন কৰে। পিছলৈ, আমি আলোচনা কৰিম যে তেওঁ কেনেকৈ এই উদ্দেশ্য পূৰ্ণ কৰিব।৮ ঈশ্বৰৰ উদ্দেশ্য বিৱৰণৰ উপৰিও, বাইবেলে তেওঁৰ ব্যক্তিত্ব প্ৰকাশ কৰে। উদাহৰণস্বৰূপে, বাইবেলৰ পৰা আমি শিকো যে ঈশ্বৰৰ অনুভূতি আছে আৰু আমাৰ বাচঁনিবোৰৰ দ্বাৰা তেওঁক প্ৰভাৱিত কৰে। (গীতমালা ৭৮:৪০, ৪১; হিতোপদেশ ২৭:১১; যিহিষ্কেল ৩৩:১১) গীতমালা ১০৩:৮-১৪ পদত কৈছে যে ঈশ্বৰ “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।” “আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে” আৰু মৃত্যুত ধূলিলৈ উলটি যাওঁ, সেইবাবেই তেওঁ আমাৰ সৈতে দয়াৰে আচৰণ কৰে। (আদিপুস্তক ২:৭; ৩:১৯) কি যে অপূৰ্ব গুণবিলাক তেওঁ প্ৰদৰ্শন কৰে! আপুনি এনে ঈশ্বৰক উপাসনা কৰিবলৈ নিবিচাৰেনে?
১ ৰাজাৱলি ৫:৪; ১১:৪-৬; ২ বংশাৱলি ১৫:৮-১৫) এনেধৰণৰ সত্য-জীৱনৰ বিৱৰণি পঢ়িলে নিঃসন্দেহ আমাৰ হৃদয় স্পৰ্শ কৰিব। যদি আমি এই বৃত্তান্তবোৰ কল্পনা কৰিবলৈ চেষ্টা কৰো, তেন্তে সেইবোৰৰ লগত জড়িত থকা লোকসকলৰ মাজত আমি নিজকে চিনাক্ত কৰিব পাৰিম। এইদৰে, আমি ভাল উদাহৰণৰ পৰা লাভবান হব পাৰো আৰু আমি সেইবোৰ ফান্দক ত্যাগ কৰিব পাৰো যʼত কুকৰ্মীবোৰ আবদ্ধ হʼল। কিন্তু এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ, উত্তৰৰ আৱশ্যক: আমি কেনেকৈ নিশ্চিত হব পাৰো যে আমি বাইবেলত যি পঢ়ো প্ৰকৃততে ই ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত?
৯ বাইবেলে স্পষ্টৰূপে ঈশ্বৰৰ মানদন্ডৰ বিষয়ে প্ৰকাশ কৰে। কেতিয়াবা এইবোৰক নীতিশিক্ষাৰূপে ব্যাখ্যা কৰা হৈছে। তথাপি প্ৰায়ে, কিছু ক্ষেত্ৰত সেইবিলাক ব্যৱহাৰিক উদাহৰণৰূপে শিক্ষাৰ মূল নীতি প্ৰতিফলিত কৰা হৈছে। ঈশ্বৰে প্ৰাচীন ইস্ৰায়েলৰ ইতিহাসৰ কিছুমান ঘটনা আমাৰ লাভৰ বাবে লিখাইছিল। এই স্পষ্ট বিৱৰণিয়ে দেখায় যে মানুহে ঈশ্বৰৰ উদ্দেশ্য সৈতে মিলি কাম কৰিলে কি হয় আৰু নিজ ইচ্ছামতে চলিলে কেনে দুখজনক পৰিণাম হয়। (আপুনি বাইবেলত ভৰসা কৰিব পাৰেনে?
১০ হয়তু আপুনি লক্ষ্য কৰিছে যে পৰামৰ্শ দিয়া বহুতো কিতাপ, কিছু বছৰৰ ভিতৰত অপ্ৰচলিত হৈ যায়। কিন্তু বাইবেলৰ বিষয়ে কি? ই বহুত পুৰণি আৰু ইয়াৰ শেষৰ শব্দবোৰ লিখা প্ৰায় ২,০০০ বছৰ হৈ গৈছে। সেইবাবে কিছুমানে ভাবে যে আমাৰ এই আধুনিক যুগৰ বাবে ই উপযোগী নহয়। কিন্তু, যদি বাইবেলখন ঈশ্বৰৰ দ্বাৰাই নিশ্বাসিত হয়, বহুত পুৰণি হোৱা স্বত্বেও ইয়াৰ উপদেশবোৰ সদায় আত্যাধুনিক। শাস্ত্ৰ-পদসমূহ এতিয়াও “যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।”—২ তীমথিয় ৩:১৬, ১৭.
মথি অধ্যায় ৫ পৰা ৭ লৈকে পোৱা যায়। এই উপদেশে প্ৰয়াত ভাৰতীয় নেতা মোহন দাস কৰমচাঁদ গান্ধীক ইমানে আকৰ্ষণ কৰিছিল যে তেওঁ এজন ব্ৰিটিছ অধিকাৰীক কৈছিল: “যেতিয়া আপোনাৰ আৰু মোৰ দেশে যীচুৰ পৰ্ব্বতীয়া উপদেশত দিয়া শিক্ষাবোৰ মানিব, তেতিয়া মাত্ৰ নিজৰ দেশৰে নহয় কিন্তু গোটেই পৃথিবীৰ সমস্যা সমাধান কৰিব পাৰিব।”
১১ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে বাইবেলৰ উপদেশবোৰ আজিও উপযোগী, যেতিয়া ইয়াক লিখাৰ সময়ত আছিল। উদাহৰণৰূপে, মানৱ স্বভাৱৰ সৰ্ম্পকে বাইবেলে নিখুত জ্ঞানৰ প্ৰতিফলিত কৰিছে যিটো মানৱজাতিৰ প্ৰত্যেকৰ বাবে উপযোগী। যীচুৰ পৰ্ব্বতীয়া উপদেশত আমি সহজে দেখিবলৈ পাওঁ, যিটো১২ কোনো আচৰিত নহয় যে যীচুৰ শিক্ষাই লোকসকলক প্ৰভাৱিত কৰিছিল! পৰ্ব্বতীয়া উপদেশত, তেওঁ আমাক প্ৰকৃত সুখৰ পথ দেখুৱাইছিল। তেওঁ বৰ্ণনা কৰিছিল কেনেকৈ বিবাদ নিষ্পতি কৰিব পাৰি। যীচুৱে নিদেৰ্শনা দিছিল প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে। তেওঁ ভৌতিক সম্পত্তিৰ প্ৰতি আমাৰ কি দৃষ্টিভঙ্গী হোৱা উচিত তাত তেওঁ উল্লেখ কৰিছিল আৰু অন্যৰ প্ৰতি সু-সৰ্ম্পকৰ বাবে সোণালী ব্যৱস্থাও দিছিল। ধৰ্মীয় প্ৰবঞ্চনাক চিনাক্ত কৰি কেনেকৈ সুৰক্ষিত ভৱিষ্যত হব পাৰে, এই উপদেশৰ বিষয়বিলাক অন্তভূক্ত আছিল।
১৩ পৰ্ব্বতীয়া উপদেশত আৰু বাইবেলৰ প্ৰত্যেক পৃষ্ঠাত স্পষ্টৰূপে বৰ্ণনা কৰা হৈছে যে আমাৰ জীৱনৰ ব্যক্তিগত পৰিস্থিতিক সংশোধন কৰিবলৈ, কি কৰিব লাগে আৰু কি কৰিব নালাগে। ইয়াৰ উপদেশবোৰ ইমানে ব্যৱহাৰিক যে এজন শিক্ষাবিদে কবলৈ প্ৰেৰণা পাইছিল: “যদিও মই এজন হাই-স্কুলৰ উপদেষ্টা, মোৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আছে আৰু মানসিক স্বাস্থ্য আৰু মনোবিজ্ঞানৰ সমন্ধে বহুতো কিতাপ পঢ়িছো, তথাপি মই বিচাৰি পাইছো যে এখন বিবাহ সফল কৰিবলৈ, কিশোৰক অপৰাধৰ পৰা বাধা দিবলৈ আৰু বন্ধুত্ব গঢ়ি তুলিবলৈ অথবা বন্ধুত্ব বজাই ৰাখিবলৈ, এনেবোৰ কথা বাইবেলৰ উপদেশ সেইবোৰতকৈও বহু বেছি ওপৰত, যিবোৰ মই পঢ়োতে বা কলেজৰ অধ্যয়নত পাইছিলো।” ব্যৱহাৰিক আৰু আত্যাধুনিক হোৱাৰ উপৰিও, বাইবেল নিৰ্ভৰযোগ্য।
সঠিক আৰু নিৰ্ভৰযোগ্য
১৪ যদিও বাইবেলখন বিজ্ঞানৰ পাঠ্য-পুস্তক নহয়, কিন্তু ই বৈজ্ঞানিকভাৱে প্ৰমাণিত। উদাহৰণস্বৰূপে, এসময়ত যেতিয়া বেছিভাগ লোকে বিশ্বাস কৰিছিল যে পৃথিবীখন চেপেটা, যিচয়া ভাৱবাদীয়ে উল্লেখ কৰিছিল ই এটা “বৃত্তৰ” দৰে (হিব্ৰুভাষাত, “চ্চ্যুগ্” যাৰ অৰ্থ হৈছে “গোলাকাৰ”)। (যিচয়া ৪০:২২) পৃথিবী গোলাকাৰ, এই বিষয়ে যিচয়া দিনৰ পৰা হাজাৰ বছৰ পিছলৈকে বহলভাৱে স্বীকাৰ কৰা নাছিল। তদুপৰি, ৩,০০০ বছৰতকৈও আগতে লিখা ইয়োব ২৬:৭ পদত ব্যাখ্যা কৰিছে যে ঈশ্বৰে “পৃথিবীক শূন্যত ওলোমাই থয়।” এজন বাইবেলৰ বিদাৰ্থীয়ে কৈছিল: “জ্যোতিবিজ্ঞানৰ দ্বাৰা দৰ্শোৱা পৃথিবীখন কোনো অবলম্বণ নোহোৱাকৈ থকা এই সত্যৰ বিষয়ে ইয়োবে কেনেকৈ জানিছিল যে ই শূন্যত ওলমি আছে, এইটো এনে এটা প্ৰশ্ন যিটো সমাধান কৰা সহজ নহয়, বিশেষকৈ যিজনে পবিত্ৰ শাস্ত্ৰক অস্বীকাৰ কৰে।”
১৫ বাইবেলত থকা বিৱৰণে এই অতি প্ৰাচীন শাস্ত্ৰই আমাৰ বিশ্বাসো দৃঢ় কৰে। পৌৰাণিক কাহিনীৰ বিপৰীত, বাইবেলত দিয়া ঘটনাবোৰ নিৰ্দ্দিষ্ট ব্যক্তি আৰু তাৰিখৰ সৈতে জড়িত আছে। (১ ৰাজাৱলি ১৪:২৫; যিচয়া ৩৬:১; লূক ৩:১, ২) যিহেতু প্ৰাচীন বুৰঞ্জীৰ লেখকসকলে প্ৰায়ে শাসকসকলৰ বিজয়ৰ বিষয়ে ৰহন সানি লিখিছিল আৰু তেওঁলোকৰ পৰাজয় আৰু ভুলবোৰ ঢাকি ৰাখে, কিন্তু বাইবেলৰ লিখকসকল অকপট আৰু সত্যবাদী আছিল—আনকি তেওঁলোকৰ নিজৰ গভীৰ পাপৰ বিষয়েও লিখিছিল।—গণনা পুস্তক ২০:৭-১৩; ২ চমূৱেল ১২:৭-১৪; ২৪:১০.
ভৱিষ্যতবাণীৰ এখন শাস্ত্ৰ
১৬ ভৱিষ্যতবাণীৰ পৰিপূৰ্ণই প্ৰমাণ দিয়ে যে বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য। বাইবেলত বহুত ভৱিষ্যতবাণী আছে যিবোৰ সম্পূৰ্ণৰূপে পূৰ্ণ হৈছে। স্পষ্টৰূপে, অকল মানৱে কেতিয়াও ইয়াৰ বাবে দায়িত্ব বহন কৰিব নোৱাৰে। তেতিয়াহলে, এই ভৱিষ্যতবাণীৰ পিছত কি আছে? বাইবেলে নিজেই কৈছে যে “কাৰণ ভাববাণী মানুহৰ ইচ্ছাৰে কেতিয়াও অহা নাই; কিন্তু মানুহবিলাকে ২ পিতৰ ১:২১) আহক, কিছুমান উদাহৰণ বিবেচনা কৰো।
পবিত্ৰ আত্মাৰ [বা ঈশ্বৰৰ সক্ৰিয় শক্তি] দ্বাৰাই চালিত হৈ, ঈশ্বৰৰ পৰা কথা পাই কলে।” (১৭বাবিলৰ পতন। যিচয়া আৰু যিৰিমিয়া দুয়োজনে ভাববাণী কৰিছিল যে মাদীয়া আৰু পাৰস্যৰ দ্বাৰা বাবিলৰ পতন হব। মন কৰিবলগীয়া, এই ঘটনাৰ বিষয়ে যিচয়াৰ ভৱিষ্যতবাণীত বাবিলক জয় কৰা ২০০ বছৰৰ আগতে লিখা হৈছিল। ভৱিষ্যতবাণীৰ নিম্নলিখিত এই ঘটনাবিলাক ঐতিহাসিক ঘটনা হিচাবে প্ৰমাণিত হৈছে: এখন কৃত্ৰিম হ্ৰদৰ দৰে চলিত কৰি ফৰাৎ (ইউফ্ৰেটিছ) নদীৰ গোটেই পানীখিনি শুকুৱা হৈছিল (যিচয়া ৪৪:২৭; যিৰিমিয়া ৫০:৩৮); বাবিলৰ সেই নদীৰ দুৱাৰবিলাক সুৰক্ষাৰ অভাৱত (যিচয়া ৪৫:১); কোৰচ নামৰ এজন শাসনকৰ্ত্তাৰ যোগেদি বিজয় প্ৰাপ্ত হʼল।—যিচয়া ৪৪:২৮.
১৮“যাবন (গ্ৰীচ) ৰজাৰ” উত্থন আৰু পতন। দানিয়েলে দৰ্শনত, এটা মতা ছাগে এটা ভেৰাক, খুন্দা মাৰি তাৰ শিং দুটা ভাঙি পেলোৱা দেখিছিল। তাৰ পাছত, সেই ছাগৰ ডাঙৰ শিংটো ভাঙিল আৰু তাৰ সলনি চাৰিটা শিং উৎপন্ন হৈছিল। (দানিয়েল ৮:১-৮) দানিয়েলক বৰ্ণনা কৰা হৈছিল: “দুটা শিং থকা যি ভেড়া তুমি দেখিছিলা, সি মাদীয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজায়। আৰু সেই নোমাল মতা ছাগ যাবনৰ ৰজা; আৰু চকু দুটাৰ মাজ ঠাইত থকা ডাঙৰ শিংটো প্ৰথম ৰজা। আৰু সেয়ে ভাগি যোৱা আৰু তাৰ সলনি আন চাৰিটা শিং উৎপন্ন হোৱাৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা চাৰি ৰাজ্য উৎপন্ন হব, কিন্তু তাৰ নিচিনা পৰাক্ৰমী নহব।” (দানিয়েল ৮:২০-২২) এই ভৱিষ্যতবাণী অনুসৰি, প্ৰায় দুই শতাব্দীৰ পাছত, “যাবনৰ ৰজা,” মহা পৰাক্ৰমী আলেকজেণ্ডাৰে, সেই দুটা শিং মাদীয়া-পাৰস্যক পৰাজিত কৰে। সা.যু.পূ. ৩২৩ চনত আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল আৰু তাৰ সলনি চাৰিজন সেনাপতি তেওঁৰ স্থান লৈছিল। কিন্তু, এই পৰবৰ্ত্তী ৰাজ্যবোৰৰ কোনো এখনো আলেকজেণ্ডাৰৰ সম্ৰাজ্যৰ দৰে পৰাক্ৰমী হব নোৱাৰিলে।
১৯যীচুৰ জীৱন। হিব্ৰু শাস্ত্ৰত অনেক ভৱিষ্যতবাণী আছে যিবিলাক যীচুৰ জন্ম, পৰিচাৰ্য্য-কাৰ্য্য, মৃত্যু আৰু পুনৰুত্থানত পূৰ্ণ হৈছিল। উদাহৰণ স্বৰূপে, মীখা ৫:২; লূক ২:৪-৭) মীখাৰ সেই একে সময়তে যিচয়ায়ে ভাববাণী কৰিছিল যে মচীহক অপমান কৰা হব আৰু তেওঁক থুই পেলোৱা হব। (যিচয়া ৫০:৬; মথি ২৬:৬৭) পাচঁশ বছৰৰ আগতে জখৰিয়াই ভৱিষ্যতবাণী কৰিছিল যে ৩০ চেকল ৰূপৰ মুদ্ৰাৰ কাৰণে মচীহক বিশ্বাসঘাটক কৰা হব। (জখৰিয়া ১১:১২; মথি ২৬:১৫) এহেজাৰ বছৰতকৈও পূৰ্বে, দায়ুদে মচীহ যীচুৰ মৃত্যুৰ সমন্ধে হোৱা পৰিস্থিতিৰ বিষয়ে ভাববাণী কৰিছিল। (গীতমালা ২২:৭,৮, ১৮; মথি ২৭:৩৫, ৩৯-৪৩) প্ৰায় পঞ্চম শতাব্দীৰ আগতে, দানিয়েলে ভৱিষ্যতবাণীত মচীহ উপস্থিত হোৱা সময়ৰ উপৰিও তেওঁ পৰিচাৰ্য্য কাৰ্য্যৰ দৈৰ্ঘ্য আৰু তেওঁৰ মৃত্যুৰ সময়ৰ বিষয়ে প্ৰকাশ কৰিছিল। (দানিয়েল ৯:২৪-২৭) যীচু খ্ৰীষ্টৰ বিষয়ে সম্পূৰ্ণ হোৱা এই ভৱিষ্যতবাণীৰ মাত্ৰ এক নমুনা। পিছলৈ তেওঁৰ বিষয়ে আৰু বেছি পঢ়ি থাকিলে আপোনাৰ বাবে লাভদায়ক হব।
৭০০ বছৰতকৈও আগতে মীখায়ে ভাববাণী কৰিছিল যে মচীহ বা খ্ৰীষ্ট বৈৎলেহেমত জন্মগ্ৰহণ কৰিব। (তীত ১:২) তদুপৰি, আমি যেতিয়া শাস্ত্ৰ পঢ়ো আৰু সেইবোৰৰ পৰামৰ্শ নিজৰ জীৱনত প্ৰয়োগ কৰো, আমি সেই বুদ্ধিৰে কাম কৰি থাকিব পাৰিম যিটো মানৱে নিজৰ দ্বাৰা কেতিয়াও আৰ্জন কৰিব নোৱাৰে, কাৰণ বাইবেলে ঈশ্বৰৰ জ্ঞান প্ৰকাশ কৰে যিয়ে অনন্ত জীৱনলৈ লৈ যায়।
২০ দীৰ্ঘকাল জুৰি অন্য বহুতো ভৱিষ্যতবাণী ইতিমধ্যে পূৰ্ণ হৈ আহিছে। ‘কিন্তু,’ আপুনি শুধিব পাৰে, ‘মোৰ জীৱনত ইয়াৰ কেনেকৈ প্ৰভাৱ পৰিব?’ যদি কোনোবাই আপোনাক বহু বছৰ ধৰি সত্য কথা কৈ আহিছে, যেতিয়া তেওঁ আপোনাক নতুন কিবা কথা কয়, আপুনি হঠাতে তেওঁক সন্দেহ কৰিবনে? কেতিয়াও নকৰে! ঈশ্বৰে গোটেই বাইবেলত সত্য কথা কৈছে। বাইবেলত প্ৰতিজ্ঞাৰ বিষয়ে যি কৈছে তাৰ প্ৰতি আপোনাৰ বিশ্বাস গঢ়া উচিত নহয়নে, যেনেদৰে আহিবলগীয়া পৃথিবীৰ পৰমদেশৰ বিষয়ে কৰা ভৱিষ্যতবাণীবিলাক? বাস্তৱিকতে, যিদৰে পৌলৰ বিশ্বাস আছিল সেইদৰে আমাৰ বিশ্বাসো হব লাগে, প্ৰথম-শতাব্দীৰ যীচুৰ এজন শিষ্যই লিখিছিল যে “মিছা নোকোৱা ঈশ্বৰ।” (ঈশ্বৰৰ জ্ঞানৰ বাবে “হাবিয়াহ কৰক”
২১ যেতিয়া আপুনি বাইবেল অধ্যয়ন কৰিব, আপুনি বহুতো এনেধৰণৰ নতুন কথা শিকিব, যিবোৰ আপুনি আগতে শিকা কথাবোৰতকৈও বহু বেলেগ। আনকি আপুনি বিচাৰি পাব যে আপোনাৰ মনত পোষণ কৰা কিছুমান ধৰ্ম্মীয় ৰীতি-নীতিয়ে ঈশ্বৰক সন্তুষ্ট নকৰে। ভাল আৰু বেয়াৰ প্ৰতি থকা ঈশ্বৰৰ মানদণ্ড আপুনি শিকিব পাৰিব যিটো এই জগতত প্ৰচলিত সাধাৰণ নিয়মবোৰতকৈ বহু ওপৰত। প্ৰথমে হয়তু কঠিন যেন অনুমান হব। কিন্তু ধৈৰ্য্য ধৰক! ঈশ্বৰৰ জ্ঞান পাবলৈ শাস্ত্ৰ পদক যত্নৰে পৰীক্ষা কৰক। বাইবেলৰ পৰামৰ্শ অনুসাৰে আপোনাৰ চিন্তা-ধাৰা আৰু কাৰ্য্যবোৰত সাল-সলনি কৰিবলৈ অনুৰোধৰ প্ৰতি সঠিক মনোভাৱ ৰাখক।
২২ আপোনাৰ শুভাকাঙ্ক্ষী বন্ধু ও সম্বন্ধীয় লোকসকলে আপুনি বাইবেলৰ মথি ১০:৩২, ৩৩) কিছুমানে ভয়ো কৰিব যে আপুনি কোনো অনুষ্ঠানত সোমাই পৰিছে বা ধৰ্মগোঢ়া ব্যক্তি হৈ গৈছে। কিন্তু, বাস্তৱিকতে আপুনি ঈশ্বৰৰ সঠিক জ্ঞান আৰু তেওঁৰ সত্যতা জানিবলৈ চেষ্টা কৰিছে। (১ তীমথিয় ২:৩, ৪) আপুনি যি শিকিছে তাৰ বিষয়ে অন্যক কওঁতে, তৰ্ক-বিৰ্তকৰে নহয়, কিন্তু যুক্তিসঙ্গতৰূপে ইয়াক বুজাবলৈ তেওঁলোকক সহায় কৰক। (ফিলিপীয়া ৪:৫) মনত ৰাখিব যে অনেকক “বিনা বাক্যৰে জয়ী” কৰিব পৰা যায়, যেতিয়া তেওঁলোকে প্ৰমাণ পায় বাইবেলৰ জ্ঞানে মানুহক সচাঁকৈ লাভ দিয়ে।—১পিতৰ ৩:১, ২.
অধ্যয়ন কৰাত হয়তু বাধা দিব পাৰে, কিন্তু যীচুৱে কৈছিল: “এতেকে মানুহৰ আগত যি কোনোৱে মোক স্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক স্বীকাৰ কৰিম; কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।” (২৩ বাইবেলে আমাক উৎসাহ দিয়ে: “নতুনকৈ জন্মা শিশুবিলাকৰ দৰে, মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা।” (১ পিতৰ ২:২) এটা শিশুৱে মাতৃৰ ভৰণ-পোষণৰ ওপৰত নিৰ্ভৰ কৰে আৰু সিহঁতৰ আৱশ্যকীয়বোৰ পূৰ কৰিবলৈ জোৰ দিয়ে। ঠিক সেইদৰে, আমিও ঈশ্বৰৰ জ্ঞানত নিৰ্ভৰ কৰিব লাগে। প্ৰতিদিন আপোনাৰ অধ্যয়নৰ দ্বাৰাই তেওঁৰ বাক্যৰ প্ৰতি “হাবিয়াহ কৰা” উচিত। অৱশ্যে, বাইবেল সদায় পঢ়িবলৈ আপোনাৰ লক্ষ্য হওঁক। ই আপোনাৰ বাবে প্ৰচুৰ আশীৰ্ব্বাদ আনিব, কিয়নো গীতমালা ১৯:১১ পদত ঈশ্বৰৰ নিয়ম সমন্ধে কয়: “সেইবোৰ পালন কৰিলে পৰম লাভ হয়।”
[Footnotes]
^ সা.যু.পূ. ৰ অৰ্থ হৈছে “সাধাৰণ যুগ পূৰ্ব,” যি খ্ৰী.পূ. (খ্ৰীষ্টপূৰ্ব) তকৈও সঠিক। সা.যু. অৰ্থ হৈছে “সাধাৰণ যুগ,” যাক প্ৰায়ে খ্ৰীষ্টাব্দ (A.D.) বুলি কোৱা হয়, যিটো অ্যান্ও ডৱম্যানী ৰূপে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ “আমাৰ প্ৰভুৰ বছৰত।”
আপোনাৰ জ্ঞান পৰীক্ষা কৰক
কেনেকৈ বাইবেল অন্য শাস্ত্ৰৰ দৰে নহয়?
কিয় আপুনি বাইবেলক ভৰসা কৰিব পাৰে?
কি প্ৰমাণে আমাক দেখুৱায় যে বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য?
[Study Questions]
১, ২. আমাক সৃষ্টিকৰ্তাৰ নিদেৰ্শনা কিয় প্ৰয়োজন?
৩, ৪. (ক) বাইবেল অধ্যয়নৰ প্ৰতি আমাৰ কি দৃষ্টিভঙ্গী হোৱা উচিত? (খ) বাইবেল পৰীক্ষা কৰিবলৈ আমি কেনেকৈ আৰম্ভ কৰিব পাৰো?
৫. (ক) হিব্ৰু শাস্ত্ৰ পদত কি অন্তৰ্ভূক্ত আছে? (খ) গ্ৰীক শাস্ত্ৰ পদত কি অন্তৰ্ভুক্ত আছে?
৬. আমি কিয় গোটেই বাইবেল অধ্যয়ন কৰা উচিত?
৭. বাইবেলৰ মূল বিষয়বস্তু কি?
৮. ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে বাইবেলে কি প্ৰকাশ কৰে?
৯. বাইবেলে কেনেকৈ আমাক ঈশ্বৰৰ মানদণ্ডৰ সমন্ধে মতামত দিছে আৰু কেনেকৈ আমি সেই জ্ঞানৰ পৰা লাভৱান হব পাৰো?
১০. (ক) বহুতে কিয় অনুভৱ কৰে যে বাইবেলখন বহুত পুৰণি? (খ) বাইবেলৰ বিষয়ে ২ তীমথিয় ৩:১৬, ১৭ পদত কি কৈছে?
১১-১৩. কিয় আমি কব পাৰো যে বাইবেলখন আমাৰ দিনৰ বাবে ব্যৱহাৰিক?
১৪. কিহে দেখায় যে বাইবেল বৈজ্ঞানিকৰূপে প্ৰমাণিত?
১৫. বাইবেলৰ বিৱৰণে কেনেকৈ ইয়াৰ প্ৰতি থকা বিশ্বাসক দৃঢ় কৰে?
১৬. বাইবেল ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত বুলি আটাইতকৈ শক্তিশালী প্ৰমাণ কি?
১৭. বাবিলৰ পতনৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল আৰু এইবোৰ কেনেকৈ পূৰ্ণ হৈছিল?
১৮. “যাবন (গ্ৰীচ) ৰজাৰ” উত্থান আৰু পতনৰ বিষয়ে বাইবেলে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছিল?
১৯. যীচু খ্ৰীষ্টৰ সমন্ধে কি ভৱিষ্যতবাণীবিলাক পূৰ্ণ হৈছিল?
২০. ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ সমন্ধে বাইবেলৰ শুদ্ধ বিৱৰণিয়ে আমাক কি বিশ্বাস দিয়ে?
২১. বাইবেলৰ কিছু কথা শিকোতে বিস্ময়কৰ যেন অনুমান হলে আপোনাক কি কৰা উচিত?
২২. আপুনি কিয় বাইবেল অধ্যয়ন কৰিছে আৰু আপুনি অন্য লোকক ইয়াক বুজাবলৈ কেনেকৈ সহায় কৰিব?
২৩. আপুনি ঈশ্বৰৰ জ্ঞানৰ প্ৰতি কেনেকৈ “হাবিয়াহ কৰা” উচিত?
[Box on page 14]
বাইবেলৰ সৈতে ভালদৰে পৰিচিত হওঁক
বাইবেলৰ সৈতে পৰিচিত হবলৈ কোনো কঠিন নহয়। বাইবেলৰ কিতাপবিলাকৰ ক্ৰম আৰু অৱস্থিতি শিকিবলৈ ইয়াৰ সূচীপত্ৰৰ তালিকা ব্যৱহাৰ কৰক।
বাইবেলৰ কিতাপবিলাক সহজে উল্লেখ কৰিবলৈ ইয়াত অধ্যায় আৰু পদসমূহ আছে। অধ্যায়বিলাক বিভক্ত ১৩ শতাব্দীত কৰা হৈছিল আৰু ১৬ শতাব্দীত ফৰাচী ভাষাত ছপাওঁতাজনে গ্ৰীক শাস্ত্ৰ পদ বৰ্তমান সময়ৰ পদসমূহলৈ বিভক্ত কৰিছিল। ফৰাচী সংস্কৰণত, প্ৰথম সম্পূৰ্ণ বাইবেলখন অধ্যায় আৰু পদ, এই দুয়ো ১৫৫৩ চনত প্ৰকাশিত হয়।
যেতিয়া এই ভাগত শাস্ত্ৰপদসমূহ উল্লেখ কৰা হৈছে, প্ৰথম সংখ্যাটো অধ্যায়ক বুজায় আৰু পিছৰ সংখ্যাটো পদক। উদাহৰণস্বৰূপে, “হিতোপদেশ ২:৫” পদৰ অৰ্থ হৈছে হিতোপদেশ কিতাপ, ২ অধ্যায়, ৫ পদ। উল্লেখিত শাস্ত্ৰ পদবিলাক চালে আপুনি অতি সহজে বাইবেলৰ পাঠবোৰ বিচাৰি উলিয়াব পাৰিব।
বাইবেলৰ সৈতে পৰিচিত হোৱাৰ উত্তম উপায় হৈছে প্ৰতিদিনে ইয়াক পঢ়া। প্ৰথমে, আপোনাক বোধহয় ইয়াক কঠিন যেন লাগিব পাৰে। কিন্তু ইয়াৰ দৈৰ্ঘ্যতা অনুসৰি যদি আপুনি এদিনত তিনিৰ পৰা পাচঁ অধ্যায়লৈকে পঢ়ে, তেতিয়াহʼলে আপুনি এবছৰত গোটেই বাইবেল পঢ়ি শেষ কৰিব পাৰিব। আজিৰ পৰাই আৰম্ভ নকৰে কিয়?
[Box on page 19]
বাইবেল—এখন অদ্বিতীয় শাস্ত্ৰ
• বাইবেল “ঈশ্বৰ নিশ্বাসিত” বাক্য। (২ তীমথিয় ৩:১৬) যদিও ইয়াৰ শব্দবোৰ মানুহে লিখিছিল, কিন্তু ইয়াৰ চিন্তাধাৰা সকলো ঈশ্বৰৰ নিদেৰ্শনৰ পৰাহে, সেইবাবে বাইবেলখন “ঈশ্বৰৰ বাক্য”।—১ থিচলনীকীয়া ২:১৩.
• ১৬ শতাব্দীৰো বেছি সময়জুৰি, বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহা ৪০ জন ব্যক্তিৰ দ্বাৰা বাইবেলখন লিখা হৈছিল। তথাপি, গোটেই বাইবেলখন আদিৰপৰা শেষলৈকে পৰস্পৰ মিল আছে।
• বাইবেলখন অন্য পুস্তকতকৈও বেছি বাদ-বিবাদ হোৱাৰ পাছতো অস্তিত্বত আছে। মধ্য যুগত, মাত্ৰ শাস্ত্ৰৰ এখন অনুলিপি ৰখাৰ বাবেই লোকসকলক খুটাত আঁৰি জ্বলাই দিয়া হৈছিল।
• পৃথিবীৰ ভিতৰত আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপ হৈছে বাইবেল। ইয়াৰ সম্পূৰ্ণ বা কিছুভাগ, ২,০০০ তকৈ অধিক ভাষাত অনুবাদ কৰা হৈছে। ইয়াৰ কোটি কোটি কপি ছপোৱা হৈছে আৰু পৃথিবীত এনে কোনো স্থান নাই যʼত ইয়াৰ এখনো কপি পোৱা নাযায়।
• বাইবেলৰ সকলোতকৈ পুৰণি ভাগ সা.যু.পূ. ১৬ শতাব্দীৰ। ই হিন্দুৰ ৰিগ-বেদ (প্ৰায় সা.যু.পূ. ১৩০০), বা বুদ্ধৰ “ত্ৰিপিটক” (সা.যু.পূ. পঞ্চম শতাব্দী), বা ইছলামৰ কোৰাণ (সা.যু সপ্তম শতাব্দীৰ), লগতে চিন্তুৰ নিহঃঙ্গী (সা.যু. ৭২০) বছৰতকৈ ইয়াৰ অবিৰ্ভাৱৰ পূৰ্বে।
[Full-page picture on page 20]