এনে এটা পৰিয়াল গঠন কৰক যিয়ে ঈশ্বৰলৈ সন্মান আনে
অধ্যায় ১৫
এনে এটা পৰিয়াল গঠন কৰক যিয়ে ঈশ্বৰলৈ সন্মান আনে
ধৰাহওঁক আপুনি নিজৰ ঘৰ সাজিবলৈ পৰিকল্পনা কৰিছে। প্ৰথমে আপুনি মাটি এডোখৰ কিনিলে। উৎসাহেৰে, আপুনি কল্পনাত আপোনাৰ নিজৰ নতুন ঘৰটো দেখিছে। কিন্তু যদি আপোনাৰ ওচৰত সা-সঁজুলি আৰু নিৰ্ম্মাণৰ দক্ষতা নাথাকে তেতিয়া কি হব? আপোনাৰ প্ৰচেষ্টা কিমানে যে নিৰাশজনক হব!
২ বহুতো দম্পতিয়ে এটা সুখী পৰিয়ালৰ সপোন দেখি বৈবাহিক জীৱন আৰম্ভ কৰে, কিন্তু তাক সফল কৰিবলৈ তেওঁলোকৰ প্ৰয়োজনীয় সা-সঁজুলি নাইবা দক্ষতা নাথাকে। বিবাহৰ কিছুদিনৰ পাছত, বিপৰীত নিদৰ্শন দেখা যায়। দ্বন্দ্ব আৰু কাজিয়া দৈনন্দিন তালিকাত পৰিণত হয়। যেতিয়া সন্তান জন্ম হয়, নতুন পিতৃ মাতৃয়ে দেখে যে বিবাহিত জীৱনৰ নিচিনা পিতা-মাতাৰ কৰ্তব্য পালনৰ দক্ষতা অতি সামন্য।
৩ তথাপি, আনন্দৰ কথা যে বাইবেলে সহায় কৰিব পাৰে। ইয়াৰ নীতিবিলাক সেই সঁজুলিৰ দৰে যিবিলাকে আপোনাক এটা সুখী পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম কৰিব। (হিতোপদেশ ২৪:৩) আহক আমি চাওঁ, কেনেকৈ।
এক সুখী বিবাহ গঢ়িতোলাৰ সঁজুলিবিলাক
৪ কোনো বৈবাহিক দম্পতি যিমানে ভাল সমতুল্য নহওক কিয়, তেওঁলোকৰ মানসিক গঠন, বাল্যকালৰ অভিজ্ঞতা আৰু পৰিয়ালৰ পৃষ্টভূমিৰ মাজত প্ৰাৰ্থক্য
থাকে। সেইবাবে, বিবাহৰ পাছত কিছু সমস্যা অহাৰ আশা কৰিব পৰা যায়। সেইবোৰক কেনেকৈ নিষ্পত্তি কৰিব পাৰি? যেতিয়া নিৰ্ম্মাকৰ্ত্তাসকলে ঘৰ নিৰ্ম্মাণ কৰে, তেওঁলোকে স্থাপত্যবিদৰ আচনিৰ পৰামৰ্শ লয়। এইবোৰত নিদেৰ্শনসমূহ থাকে যাক পালন কৰা আৱশ্যক। বাইবেলে এটা সুখী পৰিয়াল গঠন কৰাৰ বাবে ঈশ্বৰৰ নিদেৰ্শনসমূহ প্ৰদান কৰে। আহক এতিয়া এইবিলাকৰ কিছু এতিয়া পৰীক্ষা কৰোহঁক।৫বিশ্বাস। যীচুৱে কৈছিল, “ঈশ্বৰে যাক যোগ কৰি দিলে, তাক মানুহে বিয়োগ নকৰক।” * (মথি ১৯:৬) পাঁচনি পৌলে লিখিছিল: “সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ শৰ্য্যা শুচি হওঁক; কিয়নো ব্যাভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।” (ইব্ৰী ১৩:৪) সেইবাবে বিবাহিত ব্যক্তিসকলে নিজৰ সঙ্গীৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ ঈশ্বৰৰ এক নৈতিক বাধ্যতাবোধ থকা উচিত।—আদিপুস্তক ৩৯:৭-৯.
৬ বিশ্বাসে বিবাহিত জীৱনক সন্মান আৰু সুৰক্ষা দিয়ে। বিশ্বাসী সঙ্গীয়ে জানে যে যিয়ে পৰিস্থিতি নহওক কিয়, তেওঁলোকে এজনে আনজনক সহায় কৰিব। (উপদেশক ৪:৯-১২) সেই লোকসকলৰ পৰা কিমান বেলেগ যিসকলে প্ৰথম সামান্য সমস্যাতে তেওঁলোকৰ বিবাহ বিচ্ছেদ কৰে! এনেধৰণৰ ব্যক্তিসকলে অতি সোনকালে সিদ্ধান্ত লয় যে তেওঁলোকে ‘ভুল সঙ্গীক বাছি লৈছিল,’ যাৰ বাবে তেওঁলোকে ‘এজনে আনজনক প্ৰেম নকৰে,’ আৰু এক নতুন সঙ্গী হৈছে ইয়াৰ সমাধান। কিন্তু এই সিদ্ধান্তই স্বামী বা স্ত্ৰীক মানসিকৰূপে গঠিত হোৱাৰ সুযোগ নিদিয়ে। তাৰ পৰিবৰ্ত্তে, এনেধৰণৰ অবিশ্বাসী ব্যক্তিয়ে নতুন বিবাহ সঙ্গীৰ সৈতে একে ধৰণৰ সমস্যাবিলাক উৎপন্ন কৰে। যেতিয়া এজন ব্যক্তিৰ এটা সুন্দৰ ঘৰ থাকে কিন্তু দেখে যে মূধচৰ পৰা পানী পৰিছে, নিশ্চয়ে তেওঁ ইয়াক মেৰামতি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বাবে তেওঁ আন এটা ঘৰলৈ সলনি নকৰে। ঠিক তেনেদৰে, বিবাহ জীৱনত সঙ্গী সলনি কৰাটো দাম্পত্য জীৱনৰ সমস্যাক সমাধান কৰাৰ পথ নহয়। যেতিয়া সমস্যা সৃষ্টি হয় বিবাহ-বন্ধন ভাঙিবলৈ চেষ্টা নকৰিব, কিন্তু তাক ৰক্ষা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। এনেধৰণৰ বিশ্বাসে বিবাহ বন্ধনক সুৰক্ষিত ৰাখিবলৈ আৰু পোষণ কৰিবলৈ সক্ষম হয়।
৭ভাব-বিনিময়। বাইবেলৰ এটা প্ৰবচনত কৈছে, “বিনাপৰামৰ্শেৰে কৰা কল্পনা ব্যৰ্থ হয়।” (হিতোপদেশ ১৫:২২) কিন্তু, কিছুমান দম্পতিৰ বাবে ভাব-বিনিময় কৰাটো কঠিন হৈ পৰে। এনেদৰে কিয় হয়? কিয়নো মানুহৰ ভাব-বিনিময় বিভিন্ন ধৰণৰ হয়। ই এক বাস্তৱ সত্য যি প্ৰায়ে যথেষ্ট পৰিমানে ভুল বুজাবুজি আৰু নিৰাশাজনক কাৰণত হয়। ইয়াত প্ৰতিপালনৰ এটা ভুমিকা হব পাৰে। উদাহৰণস্বৰূপে, কিছুমানে এনে পৰিবেশত ডাঙৰ-দীঘল হৈছে যʼত পিতৃ-মাতৃয়ে সদায় কাজিয়া কৰিছিল। এতিয়া প্ৰাপ্তবয়স্ক বিবাহিত ব্যক্তি হিচাবে তেওঁলোকে হয়তু নাজানে যে কেনেকৈ নিজৰ সঙ্গীৰ লগত স্নেহ আৰু প্ৰেমসহকাৰে কথা-বতৰা পাতিব লাগে। তথাপিও, আপোনাৰ ঘৰ এক “বিবাদযুক্ত হোৱা ঘৰলৈ” ঢাল খোৱাৰ প্ৰয়োজন নহয়। (হিতোপদেশ ১৭:১, বাইবেলে “নতুন পুৰুষক” ধাৰণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ই বিদ্বেষপূৰ্ণ চিঞৰ-বাখৰ আৰু অপমানজনক কথা-বতৰাক সমৰ্থন নকৰে।—ইফিচীয়া ৪:২২-২৪, ৩১.
হিতোপদেশ ১৭:১৪ পদত দিয়া উপদেশক অনুকৰণ কৰিলে ভাল হব: “দ্বন্দ্ব-কাজিয়া নৌ লাগোঁতেই বিবাদ এৰি পেলোৱা।” হয়, সেই সময়ৰ বাবে আলোচনা স্থগিত কৰিব পাৰে, যেতিয়ালৈকে আপুনি আৰু আপোনাৰ সঙ্গী উভয়ে শান্ত হৈ নাযায়। (উপদেশক ৩:১, ৭) যি কি নহওক কিয়, “শুনিবলৈ খৰ, কবলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ,” হোৱাৰ চেষ্টা কৰক। (যাকোব ১:১৯) আপোনাৰ লক্ষ্য হব পৰিস্থিতি সংশোধন কৰা, তৰ্কত জয়ী হোৱা নহয়। (আদিপুস্তক ১৩:৮, ৯) এনেধৰণৰ শব্দ বাচঁনি কৰক আৰু কথা-বতৰা হওক যিয়ে আপোনাক আৰু আপোনাৰ সঙ্গীক শান্ত কৰিব পাৰে। (হিতোপদেশ ১২:১৮; ১৫:১, ৪; ২৯:১১) তদুপৰি সকলো সময়তে খঙাল অৱস্থাত নাথাকিব, কিন্তু একেলগে মিলি নম্ৰ প্ৰাৰ্থনাৰে ঈশ্বৰৰ সৈতে যোগাযোগ কৰি সহায় বিচাৰক।—ইফিচীয়া ৪:২৬, ২৭; ৬:১৮.
৮ যেতিয়া মতভেদ হয় তেতিয়া আপুনি কি কৰা উচিত? যদি আপুনি আৰু আপোনাৰ লগৰীয়াৰ খং উঠিবলৈ আৰম্ভ হয়, তেতিয়া৯ বাইবেলৰ প্ৰবচনে কৈছে: “জ্ঞানৱানৰ হৃদয়ে তাৰ মুখক বুদ্ধি দিয়ে আৰু তাৰ ওঁঠত জ্ঞান বৃদ্ধি কৰে।” (হিতোপদেশ ১৬:২৩) তেতিয়াহলে, প্ৰকৃততে ভাব-বিনিময় সাফল্যৰ চাবি আছে হৃদয়ত, মুখত নহয়। আপোনাৰ সঙ্গীৰ প্ৰতি আপোনাৰ মনোভাৱ কি? বাইবেলে খ্ৰীষ্টীয়সকলক “পৰৰ দুখত দুঃখিত [সহানুভূতি, NW]” হবলৈ উৎসাহিত কৰে। (১ পিতৰ ৩:৮) যেতিয়া আপোনাৰ বিবাহৰ সঙ্গীয়ে দুখ চিন্তা অনুভৱ কৰে, তেতিয়া আপুনি তেনে কৰিব পাৰেনে? যদি হয়, তেনেহলে ই আপোনাক জানিবলৈ সহায় কৰিব কেনেকৈ উত্তৰ দিব লাগে।—যিচয়া ৫০:৪.
১০সন্মান আৰু শ্ৰদ্ধা। খ্ৰীষ্টীয় স্বামীসকলক কোৱা হৈছে যে নিজৰ স্ত্ৰীৰ সৈতে “দুৰ্ব্বল ভাণ্ড . . . জানি, . . . তেওঁবিলাকে সৈতে জ্ঞানমতে সহবাস কৰি, তেওঁবিলাকক সমাদৰ কৰা।” (১ পিতৰ ৩:৭) কোনো ব্যক্তি তেওঁৰ স্ত্ৰীক সন্মান কৰাত সন্মিলিত আছে স্ত্ৰীৰ মূল্য উপলব্ধি কৰা। এজন স্বামীয়ে যিজনে নিজৰ স্ত্ৰীৰ সৈতে “জ্ঞানমতে” বাস কৰে, তেওঁ স্ত্ৰীৰ অনুভূতি, গুণ, বুদ্ধি আৰু মৰ্য্যদাৰ প্ৰতি মনোযোগ দিয়ে। তেওঁক এইটোও শিকা উচিত যিহোৱাই নাৰীৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰাখে আৰু কেনেকৈ তেওঁলোকক আচৰণ কৰাটো তেওঁ বিচাৰে।
১১ ধৰি লওঁক, আপোনাৰ ঘৰত অতি দৰকাৰী এটা পাত্ৰ আছে যিটো বিশেষকৈ থুনুকা। আপুনি তাক অতি যত্নেৰে ব্যৱহাৰ নকৰিব নে? পিতৰে “দুৰ্ব্বল ভাণ্ড” কথাটো এক চিন্তাধাৰাত একেদৰে বিবেচনা কৰিছিল আৰু ই এজন খ্ৰীষ্টীয় স্বামীক তেওঁৰ প্ৰিয় স্ত্ৰীৰ প্ৰতি স্নেহপূৰ্ণ বিবেচনা দেখুৱা উচিত।
১২ কিন্তু এজনী ভাৰ্য্যাক বাইবেলে কি উপদেশ দিয়ে? পৌলে লিখিছিল: “স্ত্ৰীক নিজৰ স্বামীৰ প্ৰতি গভীৰ সমাদৰ হোৱা উচিত।” (ইফিচীয়া ৫:৩৩, NW) ঠিক যেনেকৈ এজনী স্ত্ৰীয়ে অনুভৱ কৰা উচিত যে তাইৰ সঙ্গীয়ে তেওঁক সন্মান আৰু গভীৰভাবে ভাল পায়, তেনেকৈ স্বামীও অনুভৱ কৰা আৱশ্যক যে তেওঁৰ স্ত্ৰীয়ে তেওঁক শ্ৰদ্ধা কৰে। এজনী শ্ৰদ্ধাকাৰী স্ত্ৰীয়ে, স্বামী খ্ৰীষ্টীয় হওঁক বা নহওঁক, কোনো অবিবেচকৰূপে তাইৰ স্বামীৰ ক্ৰুটিবোৰ চাৰিওফালে প্ৰকাশ নকৰিব। তাই তেওঁৰ স্বামীৰ মৰ্য্যদাহানিৰ বিষয় মানুহৰ আগত বা পাছত কয় সমালোচনা নকৰিব।—১ তীমথিয় ৩:১১; ৫:১৩.
১৩ ইয়াৰ অৰ্থ এইটো নহয় যে এজনী স্ত্ৰীয়ে তাইৰ অভিমত প্ৰকাশ কৰিব নোৱাৰে। যদি তাইক কিছুমান কথাই আমনি কৰে, তেতিয়া তাই শ্ৰদ্ধাৰে তাক প্ৰকাশ কৰিব পাৰে। (আদিপুস্তক ২১:৯-১২) স্বামীক এটা অভিপ্ৰায় জনোৱা তেওঁলৈ এটা বল দলিওয়া সৈতে তুলনা কৰিব পাৰি। স্ত্ৰীয়ে লাহে লাহে নিক্ষেপ কৰিব পাৰে যাতে স্বামীয়ে সহজে ধৰিব পাৰে, বা তাই ইয়াক এইভাবে বল প্ৰয়োগ কৰি নিক্ষেপ কৰিব পাৰে যাতে ই তেওঁক আঘাত কৰে। কিমান অধিক উত্তম হয় যেতিয়া দুয়ো সঙ্গীয়ে অভিযোগ কৰাৰ পৰা আঁতৰি থাকে কিন্তু, তাৰ পৰিবৰ্ত্তে, নম্ৰ আৰু শান্ত আত্মাৰে কথা পাতে!—মথি ৭:১২; কলচীয়া ৪:৬; ১ পিতৰ ৩:৩, ৪.
১৪ যেনেকৈ আমি দেখিলো, বাইবেলৰ মূলতত্ত্বয়ে আপোনাক এটা সুখী বিবাহিত জীৱন গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে। কিন্তু যেতিয়া আপোনাৰ সঙ্গীয়ে ১ পিতৰ ৩:১, ২) নিঃসন্দেহ, ই এজন স্বামীৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় যাৰ স্ত্ৰী বাইবেলৰ প্ৰতি অপক্ষপাতী। আপোনাৰ সঙ্গীয়ে যিহকে কৰিবলৈ বাছি নলওক কিয়, বাইবেলৰ নীতিবিলাকে আপোনাক এজন উত্তম স্বামী বা স্ত্ৰীৰূপে গঢ়ি তুলিব। ঈশ্বৰৰ জ্ঞানে আপোনাক উত্তম পিতৃ-মাতৃও কৰিব পাৰে।
বাইবেলে যি কয় তাৰ প্ৰতি কম মনোযোগ দিয়ে তেতিয়া কি কৰিব? তথাপি বহু কিছু সম্পন্ন কৰিব পৰা যায় যদি আপুনি ঈশ্বৰৰ জ্ঞান আপোনাৰ ভুমিকাত ব্যৱহাৰ কৰে। পিতৰে লিখিছিল: “হে ভাৰ্য্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; বিশেষ, তেওঁবিলাকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত শুচি আচাৰ-ব্যৱহাৰৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা।” (ঈশ্বৰৰ জ্ঞান অনুসাৰে সন্তানক প্ৰতিপালন কৰক
১৫ কেৱল এটা কৰত বা এটা হাঁতুৰী থাকিলেই কোনো এজন ব্যক্তিয়ে নিপুণ বাঢ়ৈ হব নোৱাৰে। সেইদৰে, মাত্ৰ সন্তান থাকিলেই এজন দক্ষ পিতা-মাতা হব নোৱাৰে। জ্ঞাত বা অজ্ঞাতভাবেই, পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক প্ৰায়ে সেইদৰে প্ৰতিপালন কৰে যিদৰে তেওঁলোকক কৰা হৈছিল। এইদৰে সন্তান পালনৰ ক্ৰটিপূৰ্ণ পদ্ধিতি কেতিয়াবা কেতিয়াবা এক বংশৰ পৰা আন এটা বংশলৈ স্থানান্তৰিত হয়। প্ৰাচীন এক হিব্ৰু প্ৰবাদে কয়: “বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খালে পুতেকহঁতৰ দাঁত টেঙায়।” তথাপি, শাস্ত্ৰই দেখুৱাইছে যে এজন ব্যক্তিয়ে তেওঁৰ পিতৃ-মাতৃৰ দ্বাৰা প্ৰদৰ্শিত পথ অনুকৰণ কৰাটো প্ৰয়োজন নহব। তেওঁ অন্য এটা পথ বাচি লব পাৰে, যিটো যিহোৱাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত।—যিহিষ্কেল ১৮:২, ১৪, ১৭.
১৬ যিহোৱাই খ্ৰীষ্টীয় পিতৃ-মাতৃৰ পৰা নিজৰ সন্তানক উপযুক্ত পথ-প্ৰদৰ্শন আৰু যত্ন লোৱাটো আশা কৰে। পৌলে লিখিছিল: “কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ ১ তীমথিয় ৫:৮) কিযে প্ৰভাৱকাৰী বাক্য! আপোনাৰ ভুমিকা সম্পূৰ্ণ কৰক যিটো এজন ধৰ্ম-পৰায়ণ ব্যক্তিৰ বিশেষ অধিকাৰ আৰু দায়িত্ব, যʼত জড়িত্ব আছে আপোনাৰ সন্তানৰ স্বাস্থ্য, আধ্যাত্মিকতা আৰু মানসিক আৱশ্যকতা। বাইবেলৰ নীতিবিলাকে পিতৃ-মাতৃক তেওঁলোকৰ সন্তানৰ বাবে আনন্দৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিব পাৰে। তাৰে কিছুমান বিবেচনা কৰক।
বিশ্বাস অস্বীকাৰ কৰিলে আৰু অবিশ্বাস কৰা লোকতকৈয়ো অধম।” (১৭এটা সুন্দৰ উদাহৰণ প্ৰস্তুত কৰক। ইস্ৰায়েলীয় পিতৃ-মাতৃসকলক আজ্ঞা দিয়া হৈছিল: “তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ [ঈশ্বৰৰ বাক্য] শিকাবা; আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা।” পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক ঈশ্বৰৰ নিৰ্দ্ধাৰিত নিয়মবিলাক শিকাইছিল। কিন্তু এই উপদেশ এইদৰে আৰম্ভনি হৈছিল: “আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে।” (দ্বিতীয় বিবৰণ ৬:৬, ৭) হয়, পিতৃ-মাতৃৰ যি নাই তাক তেওঁলোকে দিব নোৱাৰে। ঈশ্বৰৰ বিধান প্ৰথমে আপোনাৰ হৃদয়ত ৰখা আৱশ্যক যদি আপুনি বিচাৰে যে সন্তানৰ হৃদয়ত লিখিত হওক।—হিতোপদেশ ২০:৭; তুলনা কৰক লূক ৬:৪০.
১৮আপোনাৰ প্ৰেমৰ প্ৰতিশ্ৰুতি দিয়ক। যীচুৰ বাপ্তিস্মাৰ সময়ত, যিহোৱাই ঘোষণা কৰিছিল: “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।” (লূক ৩:২২) এইদৰে যিহোৱাই তেওঁৰ পুত্ৰক স্বীকৃতি দিছিল স্পষ্টৰূপে তেওঁৰ অনুমোদন প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰেমৰ প্ৰতিশ্ৰুতি দিছিল। যীচুৱে তেওঁৰ পিতৃক পাছত এইদৰে কৈছিল: “জগত স্থাপন কৰাৰ আগেয়ে, তুমি মোক প্ৰেম কৰিলা।” (যোহন ১৭:২৪) তেতিয়াহলে ধৰ্ম-পৰায়ণ পিতৃ-মাতৃৰূপে, আপোনাৰ সন্তানক তেওঁলোকৰ প্ৰতি আপোনাৰ প্ৰেমক মৌখিকৰূপ আৰু শাৰীৰিকৰূপে প্ৰকাশ কৰক—আৰু সদায়ে এইদৰে কৰক। সদায় মনত ৰাখিব যে “প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।”—১ কৰিন্থীয়া ৮:১.
হিতোপদেশ ১:৮) যিসকল পিতৃ-মাতৃয়ে আজি তেওঁলোকৰ সন্তানৰ পথ প্ৰৰ্দশন দ্বায়ীত্ব ত্যাগ কৰিছে, নিশ্চিতৰূপে কাইলৈ হৃদয়ভেদী কাৰ্য্যফলৰ সন্মূখীন হব লাগিব। ইয়াৰ উপৰিও, পিতৃ-মাতৃক চৰম অৱস্থাৰ বিৰুদ্ধে নাযাবলৈ সতৰ্ক কৰা হৈছে। “হে পিতৃবিলাক,” পৌলে লিখিছিল, “তোমালোকে নিজ নিজ সন্তানবিলাকক কেচ্কেচাই নথাকিবা, জানোচা সিহঁত নিৰাশ হয়।” (কলচীয়া ৩:২১) পিতৃ-মাতৃয়ে নিজৰ সন্তানক অতিৰিক্তভাৱে শুধৰাৱলৈ সদায় তেওঁলোকৰ দুখ-ক্ৰূতি বিচাৰি ফুৰা আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ সমালোচনা কৰাৰ পৰা আঁতৰি থাকিব লাগে।
১৯অনুশাসন। বাইবেলে প্ৰেমময় অনুশাসনৰ ওপৰত গুৰুত্ব দিয়ে। (২০ যিহোৱা ঈশ্বৰ, আমাৰ স্বৰ্গীয় পিতৃয়ে অনুশাসনৰ উদাহৰণ ৰাখিছে। তেওঁ শাসন কেতিয়াও চৰম অৱস্থা নহয়। ঈশ্বৰে তেওঁৰ লোকসকলক কৈছিল, “মই . . . তোমাক সুবিচাৰেৰে শাস্তি দিম।” (যিৰিমিয়া ৪৬:২৮) এই সমন্ধে পিতৃ-মাতৃয়ে যিহোৱাক অনুকৰণ কৰা উচিত। যি অনুশাসন পৰিমিত মাত্ৰাতকৈ বেছি হয় বা সংশোধন আৰু শিক্ষাৰ উদ্দেশ্যক অতিক্ৰম কৰে তেতিয়া নিশ্চয় খং উৎপন্ন কৰে অধিক হয় তেতিয়াহলে নিশ্চয়ে বিৰক্ত কৰে।
২১ পিতৃ-মাতৃয়ে কেনেকৈ নিশ্চিত হব যে তেওঁলোকৰ অনুশাসন ফলদায়ক হৈছে নে নাই? তেওঁলোকে নিজকে সুধিব পাৰে, ‘মোৰ অনুশাসনে কি সম্পন্ন কৰে?’ ইয়াক শিকা উচিত। আপোনাৰ সন্তানে বুজা উচিত যে অনুশাসন কিয় দিয়া হয়। পিতৃ-মাতৃয়েও তেওঁলোকৰ সংশোধনৰ পৰবৰ্ত্তী ফলৰ বিষয়ে চিন্তিত হোৱা উচিত। সচাঁকৈ, বেছিভাগ সন্তানে প্ৰথমে অনুশাসনৰ সময়ত পৰা বিৰক্ত হয়। (ইব্ৰী ১২:১১) কিন্তু শাসনে কেতিয়াও কোনো সন্তানক ভয় বা পৰিত্যক্ত অনুভৱ নকৰায় বা এই ছাপ নেপেলায় যে সি জন্মৰপৰায়ে দুষ্ট। তেওঁ লোকসকলক সংশোধন কৰাৰ পূৰ্বেই যিহোৱাই কৈছিল: “ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ।” (যিৰিমিয়া ৪৬:২৮) হয়, এনেদৰে শাসন পৰিচলনা কৰা উচিত যাতে আপোনাৰ সন্তানে অনুভৱ কৰিব পাৰে যে আপুনি এজন মৰমীয়াল, সহায়ক পিতৃ-মাতৃৰূপে তেওঁৰ লগত আছে।
“পাৰ্গত পৰিচালনাৰ” আৰ্জন কৰক
২২ আমি কৃতজ্ঞ হব পাৰো যে যিহোৱাই এটা সুখী পৰিয়াল গঢ়ি তোলাৰ আৱশ্যকীয় সঁজুলিৰ যোগান দিছে। কিন্তু অকল সঁজুলিবোৰ থকাটোৱে যথেষ্ট নহয়। আমি সেইবোৰক উপযুক্তৰূপে ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰিব লাগিব। উদাহৰণৰূপে, এজন নিৰ্মাণকৰ্ত্তাই তেওঁৰ যিদৰে সঁজুলিবোৰ প্ৰয়োগ কৰাৰ সময়ত বেয়া অভ্যাসক বিকাশিত কৰিব পাৰে। তেওঁ হয়তু তাৰে কিছুমানক ব্যৱহাৰ একেবাৰে বেয়া ৰীতিৰে ব্যৱহাৰ কৰিব পাৰে। এনে পৰিস্থিতিত, এইটো সম্ভৱ যে তেওঁৰ এই পদ্ধতিৰ পৰিণাম, উপাদানসমূহ একেবাৰে বেয়া হব পাৰে। ঠিক সেইদৰে, হয়তু এতিয়া আপুনি সৰ্তক হৈছে যে সেই অস্বাস্থ্যকৰ অভ্যাসবোৰ অতি সন্তৰ্পণে আপোনাৰ পৰিয়ালত সোমাইছে। তাৰে কিছুমান হয়তু শক্তিশালীৰূপে প্ৰতিষ্ঠিত হব পাৰে আৰু তাক পৰিবৰ্ত্তন কৰাটো কঠিন হয় পৰে। তেতিয়াও, বাইবেলৰ উপদেশ অনুকৰণ কৰক: “নীতি-বাক্য আৰু দৃষ্টান্ত কথা, জ্ঞানীবিলাকৰ বচন আৰু তেওঁবিলাকৰ নিগূঢ়বাক্য বুজিবৰ নিমিত্তে।”—হিতোপদেশ ১:৫.
২৩ একেৰাহে ঈশ্বৰৰ জ্ঞান আৰ্জ্জন কৰি আপুনি পাৰ্গত পৰিচালক হব পাৰে। বাইবেলৰ মূলতত্ত্বক সতৰ্কতাৰে পৰিয়ালত প্ৰয়োগ কৰক আৰু যʼত ইয়াৰ অৱাশ্যক আছে তাত সাল-সলনি কৰক। প্ৰাপ্তবয়স্ক খ্ৰীষ্টীয়সকলক মনোযোগেৰে লক্ষ্য কৰা উচিত যিসকলে বিবাহিত সঙ্গী আৰু পিতৃ-মাতৃৰূপে এটা সুন্দৰ উদাহৰণ ৰাখিছে। তেওঁলোকৰ লগত কথা-বতৰা পাতক। তাৰ উপৰিও যিহোৱাৰ সৈতে প্ৰাৰ্থনাৰ যোগেদি আপোনাৰ সম্বন্ধ গঢ়ি তোলক। (গীতমালা ৫৫:২২; ফিলিপীয়া ৪:৬, ৭) তেওঁ আপোনাক সহায় কৰিব এটা সুখী পৰিয়ালৰূপে জীৱনৰ আনন্দ লবলৈ যিয়ে তেওঁলৈ সন্মান আনে।
[Footnotes]
^ পুনঃবিবাহ কৰিবলৈ অনুমতিৰ বাবে বিবাহ-বিচ্ছেদ, যাৰ একমাত্ৰ শাস্ত্ৰীয় ভিক্তি “ব্যভিচাৰ”—বৈবাহিক জীৱনৰ বাহিৰে অন্যৰ লগত যৌন সৰ্ম্পক।—মথি ১৯:৯.
আপোনাৰ জ্ঞান পৰীক্ষা কৰক
বিশ্বাস, ভাব-বিনিময়, সন্মান আৰু সমাদৰে কেনেকৈ এটা সুখী বিবাহত অৱদান দিয়ে?
পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ প্ৰতি নিজৰ প্ৰেমৰ বিষয়ে কি ধৰণৰে প্ৰতিশ্ৰুতি দিব পাৰে?
উপযুক্ত অনুশাসনত কি কি বিষয়বোৰ জড়িত্ব আছে?
[Study Questions]
১-৩. কিছুমান লোকে বিবাহ আৰু পিতৃ-মাতৃৰ সাধাৰণ সমস্যাক সমাধান কৰিবলৈ কিয় অসমৰ্থ হয়, কিন্তু বাইবেলে কিয় সহায় কৰিব পাৰে?
৪. বিবাহত সমস্যাক কিয় আশা কৰিব লাগে আৰু বাইবেলত কি নিদেৰ্শন দিয়া আছে?
৫. বাইবেলে বিবাহ আনুগত্য আৱশ্যকীয়তাৰ ওপৰত কেনেকৈ গুৰুত্ব দিছে?
৬. বিশ্বাসে বিবাহক ৰক্ষা কৰাত কেনেকৈ সহায় কৰিব?
৭. বিবাহিত লোকৰ বাবে ভাব-বিনিময় কৰাটো কিয় কঠিন হয়, কিন্তু “নতুন পুৰুষক” ধাৰণ কেনেকৈ সহায় কৰিব পাৰে?
৮. যেতিয়া আপুনি আপোনাৰ সঙ্গীৰ সৈতে একমত নহয় তেতিয়া কিহে আপোনাক সহায় কৰিব?
৯. এইটো কিয় কব পৰা যায় যে ভাব-বিনিময় হৃদয়ৰ পৰা আৰম্ভ হয়?
১০, ১১. কেনেকৈ এজন স্বামীয়ে ১ পিতৰ ৩:৭ পদৰ পৰামৰ্শক প্ৰয়োগ কৰিব পাৰে?
১২. কেনেকৈ এজনী স্ত্ৰীয়ে দেখুৱাব যে তাই স্বামীক সমাদৰ কৰে?
১৩. কেনেকৈ শান্তিপূৰ্ণ ৰীতিৰে অভিমত প্ৰকাশ কৰিব পৰা যায়?
১৪. যদি আপোনাৰ সঙ্গীয়ে বিবাহত বাইবেলৰ মূলতত্ত্বক প্ৰযোগ কৰিবলৈ মাত্ৰ অলপহে আগ্ৰহ দেখুৱাই, তেতিয়া আপুনি কি কৰা উচিত?
১৫. কেতিয়াবা দোষগ্ৰস্ত পিতৃ-মাতৃৰ কৌশলসমূহ এক পুৰুষৰ পৰা আন এটালৈ কেনেকৈ চলি থাকে, কিন্তু এই চক্ৰক কেনেকৈ ভাঙিব পৰা যায়?
১৬. নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰা কিয় আৱশ্যক আৰু ইয়াত কি জড়িত্ব হৈ আছে?
১৭. যদি নিজৰ সন্তানৰ হৃদয়ত ঈশ্বৰৰ বিধান হোৱাটো বিচাৰে তেতিয়া কি কথাৰ আৱশ্যক?
১৮. প্ৰেম প্ৰকাশ কৰাৰ ক্ষেত্ৰত, যিহোৱাই কেনেকৈ পিতৃ-মাতৃৰ বাবে এটা অপূৰ্ব্ব উদাহৰণ ৰাখিলে?
১৯, ২০. সন্তানৰ উপযুক্ত অনুশাসনত কি জড়িত হৈ আছে আৰু যিহোৱাৰ উদাহৰণৰ পৰা পিতৃ-মাতৃয়ে কেনেকৈ লাভৱান হব?
২১. তেওঁলোকৰ অনুশাসন যে কাৰ্য্যকাৰী হৈছে নে নাই তাক কেনেকৈ পিতৃ-মাতৃয়ে নিৰ্ণয় কৰিব পাৰে?
২২, ২৩. এটা সুখী পৰিয়াল গঢ়ি তুলিবলৈ আপুনি কেনেকৈ আৱশ্যকীয় নিৰ্দেশ পাব পাৰে?
[Full-page picture on page 147]