Skip to content

Skip to table of contents

এয়া হৈছে শেষ কাল!

এয়া হৈছে শেষ কাল!

অধ্যায় ১১

এয়া হৈছে শেষ কাল!

কেনেকৈ আমাৰ এই জগতখন অতি অশান্ত পৰিস্থিতিলৈ আহিল? আমাৰ বাবে ভৱিষ্যতে কি আশা কৰিছে? কেতিয়াবা আপুনি এই ধৰণৰ প্ৰশ্ন নিজকে সুধিছেনে? বহুতে যেতিয়া জগতৰ পৰিস্থিতি লক্ষ্য কৰে, তেতিয়া তেওঁলোকে বিচূৰ্তি খায়। যুদ্ধ, ৰোগ আৰু অপৰাধৰ বাস্তৱ ঘটনাবিলাকে মানুহক চিন্তিত কৰে যে ভৱিষ্যতে কি হব। চৰকাৰৰ নেতাসকলে সামান্য আশাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এই দুৰ্দশাপূৰ্ণ দিনবোৰৰ এক নিৰ্ভৰযোগ্য বাখ্যা ঈশ্বৰৰ বাক্যৰ পৰা পোৱা যায়। বাইবেলে নিৰ্ভৰযোগ্যৰে আমাক চাবলৈ সহায় কৰে যে সময়ৰ গতিত আমি কʼত আছো। ই দেখুৱাই যে আমি এই বৰ্তমান ৰীতি-ব্যৱস্থাৰ “শেষ-কালত” আছো।​—⁠২ তীমথিয় ৩:⁠১.

উদাহৰণস্বৰূপে, যীচুৰ শিষ্যসকলৰ দ্বাৰা উত্থাপিত কৰা কিছুমান প্ৰশ্ন যীচুৱে দিয়া উত্তৰক বিবেচনা কৰক। যীচুৰ মৃত্যুৰ তিনি দিনৰ আগত, তেওঁলোকে তেওঁক সুধিছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” * (মথি ২৪:⁠৩) উত্তৰত যীচুৱে জগতৰ বিশেষ ঘটনাবিলাক আৰু পৰিস্থিতিৰ বিষয়ে কৈছিল, যিবিলাকে স্পষ্টৰূপে দেখায় যে এই ভক্তিহীন বিধিব্যৱস্থা ইয়াৰ শেষ কালত প্ৰবেশ কৰিছে।

যিদৰে আগৰ অধ্যায়ত দেখুৱা হৈছে বাইবেল কালানুক্ৰমে এই সিদ্ধান্তৰ ফালে অগ্ৰগামী হয় যে ঈশ্বৰৰ ৰাজ্যই ইতিমধ্যে শাসন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু কেনেকৈ ই হব পাৰে? পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে, ভাললৈ নহয়। আচলতে, ইয়ে এক শক্তিশালী নিদৰ্শন যে ঈশ্বৰৰ ৰাজ্যই শাসন কৰিবলৈ আৰম্ভ কৰিছে। এইদৰে কিয়? গীতমালা ১১০:২ পদে আমাক স্পষ্টৰূপে জনায় যে এটা সময়ত যীচু ‘শত্ৰুবোৰৰ মাজত’ ৰাজ্যশাসন কৰিব। দৰাচলতে, স্বৰ্গীয় ৰজাৰূপে তেওঁৰ প্ৰথম কাৰ্য্য আছিল চয়তান আৰু তাৰ দূতবোৰক পৃথিবীলৈ পেলোৱা। (প্ৰকাশিত বাক্য ১২:⁠৯) কি পৰিণাম হৈছিল? ঠিক সেইদৰেই হৈছিল যিদৰে প্ৰকাশিত বাক্য ১২:১২ পদত ভৱিষ্যতবাণী কৰিছিল: “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” এতিয়া আমি সেই ‘অলপ কালত’ জীয়াই আছো।

এইটো আচৰিত কথা নহয়, কিয়নো যেতিয়া যীচুক সোধা হৈছিল যে তেওঁৰ আগমন আৰু এই ৰীতি-ব্যৱস্থাৰ শেষ হোৱাৰ চিন কি, তেতিয়া তেওঁৰ উত্তৰ যুক্তিপূৰ্ণ আছিল। সেই চিনৰ বিভিন্ন অংশ ১০২ পৃষ্ঠাৰ বক্সত দিয়া হৈছে। যেনেকৈ আপুনি পৰিক্ষা কৰিব পাৰে, খ্ৰীষ্টীয় পাঁচনি পৌল, পিতৰ আৰু যোহনে আমাৰ বাবে শেষ কালৰ সমন্ধে আৰু কিছু বিৱৰণ দিছে। সঁচাকৈ, চিন আৰু শেষ কালৰ বেছি ভাগ বিষয় দুৰ্দশাপূৰ্ণ অৱস্থা সৈতে জড়িত আছে। তথাপি, এই ভৱিষ্যতবাণীৰ পৰিপূৰ্ণতাই আমাক দৃঢ় কৰে যে এই দুষ্ট ব্যৱস্থাৰ শেষ একেবাৰে ওচৰত। আহক শেষ কালৰ কিছুমান মুখ্য বৈশিষ্ট্যক ভালদৰে পৰীক্ষা কৰোহঁক।

শেষ কালৰ বৈশিষ্ট্য

“জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব।” (মথি ২৪:⁠৭; প্ৰকাশিত বাক্য ৬:⁠৪) লেখক আৰনেস্ট হেমিংৱে প্ৰথম বিশ্বযুদ্ধক “কেতিয়াবা পৃথিবীত হোৱা, আটাইতকৈ বিশাল, মাৰাত্মাক, কুপৰিচালিত হত্যাকাণ্ড” বুলি বৰ্ণনা কৰে যিটো আগতে পৃথিবীত কেতিয়াও হোৱা নাছিল। দ্যা ৱল্ড ইন দা ক্ৰুচিবল (ইংৰাজী)​—⁠১৯১৪-১৯১৯​—⁠কিতাপৰ মতে, ই আছিল “এক যুদ্ধৰ নতুন অভিপ্ৰায় আছিল, মানৱজাতিৰ অভিজ্ঞতাৰ প্ৰথম সম্পূৰ্ণ যুদ্ধ। ইয়াৰ স্থিতিকাল, প্ৰচন্ডতা আৰু পৰিমাণ পূৰ্বে জনা অথবা সাধাৰণতে আশা কৰা সকলোকে চেৰ পেলাইছিল।” তাৰ পাছত আহিল দ্বিতীয় বিশ্বযুদ্ধ, যিটোৱে প্ৰথম বিশ্বযুদ্ধকৈও বহু বেছি ধ্বংসাত্মক প্ৰমাণিত হৈছিল। ইতিহাসৰ আধ্যাপক হিউ থমাচে কয়: “কুৰি শতিকাত, মেচিনগান, টেঙ্ক, বী-৫২ [বোমাৰু বিমান], পৰিমাণবিক বোমা আৰু শেষত, ক্ষেপণাস্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হৈছে। যিকোনো সময়ৰ যুদ্ধকৈও বহু বেছি ৰক্তপাত আৰু ধ্বংসকাৰী যুদ্ধৰূপে চিহ্নিত হৈছে।” সত্য যে শীতল যুদ্ধ শেষ হোৱাৰ পাছত নিৰস্ত্ৰীকৰণ বিষয়ে বহু কিছু কোৱা হৈছিল। তথাপি, এটা বিবৰণে মন্তব্য হিচাবে দিয়ে যে নিম্নকৰণ প্ৰস্তাৱৰ পাছত প্ৰায় ১০,০০০ পৰা ২০,০০০ লৈকে পৰিমাণবিক ক্ষেপণাস্ত্ৰ থাকিব​—⁠দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা অগ্নেয়াস্ত্ৰই ৯০০ গুণ হৈছিল।

“ঠায়ে ঠায়ে আকাল।” (মথি ২৪:⁠৭; প্ৰকাশিত বাক্য ৬:​৫, ৬, ৮) ১৯১৪ চনৰ পাছৰ পৰা ২০ টা সাংঘাটিক দুৰ্ভিক্ষ হৈছে। দূৰ্দশাগ্ৰস্ত স্থানবোৰৰ ভিতৰত আছিল ইথিয়ʼপিয়া, কম্বোডিযা, গ্ৰীছ, চীন, ছʼমালিয়া, ছুইডেন, নাইজিৰিয়া, বাংলাদেশ, বুৰুন্ডী, ভাৰত, ৰুছিয়া আৰু ৰুৱাণ্ডা। কিন্তু দুৰ্ভিক্ষ সদায় খাদ্যৰ অভাৱৰ বাবে হোৱা নাই। কৃষি বৈজ্ঞানিকসকল আৰু অৰ্থনীতিবিদসকলৰ এটা দলে শেষ সিদ্ধান্তত কয়: ‘আধুনিক যুগত জগতৰ খাদ্যৰ সৰবৰাহ ইয়াৰ জনসংখ্যাতকৈও অধিক দ্ৰুতবেগে বৃদ্ধি হৈছে। কিন্তু প্ৰায়ে ৮০ কোটি লোক চৰম দৰিদ্ৰতাত বাস কৰে, . . . তেওঁলোক পুষ্টিকৰ আহাৰ কিনিবলৈ অসমৰ্থ।’ অন্যান্য ক্ষেত্ৰটো ৰাজনৈতিক হস্তক্ষেপ জড়িত আছে। টোৰোন্টো বিশ্ববিদ্যালয়ৰ ড. আবদেলগালীল এলামেকিয়ে দুটা উদাহৰণ উল্লেখ কৰে, যেতিয়া দেশত হাজাৰ হাজাৰ মানুহ অনাহাৰে থাকে অথচ তেওঁলোকৰ দেশে প্ৰচুৰ পৰিমাণ খাদ্য বিদেশলৈ ৰপ্তানি কৰে। ভাৱ হয় যে চৰকাৰবিলাক নিজৰ দেশবাসীৰ খাদ্য যোগান ধৰাৰ পৰিবৰ্তে যুদ্ধত ব্যৱহাৰ কৰিবলৈ বিদেশী মুদ্ৰা উপাৰ্জনৰ বিষয়তেহে বেছি আগ্ৰহী। ড. এলমেকিৰ উপসংহাৰ? দুৰ্ভিক্ষ হৈছে প্ৰায়ে “বিভাজন আৰু চৰকাৰৰ কুটনীতিৰ এটা বিষয়।”

“মহামাৰী।” (লূক ২১:১১; প্ৰকাশিত বাক্য ৬:⁠৮) ১৯১৮-১৯ চনত স্পেনিচ্‌ ফ্লুত প্ৰায় ২.১ কোটি লোকৰ মৃত্যু হৈছিল। দ্যা গ্ৰেইট এপিডেমিক (ইংৰাজী) এ. এ. হোয়েলিঙ্গে লিখে: “হত্যাকাৰীৰ উপদ্ৰৱে গোটেই ইতিহাসত জগতৰ কেতিয়াও পৃথিবীত ইমান মানুহৰ কম সময়তে মৃত্যু হোৱা নাছিল। বৰ্তমান মহামাৰী ভয়ানক ৰূপ লৈছে। প্ৰত্যেক বছৰে কৰ্কট ৰোগত ৫০ লাখ লোকৰ মৃত্যু হয়, পেটৰ বেমাৰত ৩০ লাখতকৈও অধিক কেঁচুৱা আৰু শিশুৰ জীৱনহানি হয় আৰু যক্ষ্মাৰোগৰ বাবে ৩০ লাখ লোক মৃত্যু হয়। বছৰি ৩৫ লাখ, পাচঁ বছৰতকৈও কম বয়সৰ শিশু শ্বাসতন্ত্ৰ সংক্ৰামণ, বিশেষকৈ নিমোনিয়া ৰোগত মৃত্যু হয়। বিস্ময়ৰ সংখ্যাত ২৫০ কোটি​—⁠পৃথিবীৰ আধাভাগ জনসংখ্যা​—⁠সেই ৰোগবোৰত ভুগে যিবোৰৰ কাৰণ হল দূষিত পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে হয়। এইড্‌ছ মহামাৰীয়ে আৰু স্মৰণ কৰাই যে চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য সফলতা সত্বেও মহামাৰী সম্পূৰ্ণৰূপে লোপ কৰিবলৈ তেওঁলোক অক্ষম।

‘ধন-লুভীয়া হব।’ (২ তীমথিয় ৩:⁠২) জগতৰ চাৰিওফালে থকা দেশবোৰত, অনুমান হয় যে লোকসকলে তৃপ্তি নোহোৱা অধিক ধনৰ আকাংক্ষা কৰে। এজন ব্যক্তিৰ দৰমহাৰ “সফলতা” প্ৰায়ে আয়তনৰ দ্বাৰা জোখা হয় আৰু “কৃতকাৰ্য্যতা” ব্যক্তিৰ ওচৰত কিমান পৰিমাণ সম্পত্তি আছে তাৰ দ্বাৰা। এখন বিজ্ঞাপন এজেন্সিৰ উপ-সভাপতিয়ে ঘোষণা কৰিছিল: “বস্তুবাদ, আমেৰিকান সমাজৰ প্ৰেৰণা শক্তি . . . আৰু চাহিদাৰ ডাঙৰ বজাৰবোৰতো এক ক্ৰমবৰ্দ্ধমান গুৰুত্বপূৰ্ণ শক্তিৰূপে হৈ থাকিব।” যি ঠাইত আপুনি বাস কৰে তাত এনেদৰে ঘটিছেনে?

“পিতৃ-মাতৃক নমনা।” (২ তীমথিয় ৩:⁠২) বৰ্তমান সময়ত পিতৃ-মাতৃ, শিক্ষক আৰু অন্যসকলৰ ওচৰত প্ৰমাণ আছে যে বহুতো সন্তান অসন্মানকাৰী আৰু অবাধ্য। এই অল্পবয়সীয়া কোনো কোনোৱে নিজ পিতৃ-মাতৃক অশোভ আচৰণ কৰে অথবা সেইবোৰ অনুকৰণ কৰে। বৃদ্ধি পোৱা সংখ্যাগত সন্তান-সন্ততিয়ে স্কুল, আইন, ধৰ্ম্ম আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে আৰু অনেকে বিদ্ৰোহ কৰিছে। এজন অভিজ্ঞতাসম্পন্ন সৈনিক স্কুলৰ শিক্ষকে কয়: ‘অনুমান হয় যিকোনোৰ প্ৰতি সিহঁতে অল্প শ্ৰদ্ধা দেখায়।’ কিন্তু, আনন্দৰ কথা এই যে ঈশ্বৰৰ প্ৰতি ভয় ৰখা অনেক লৰা-ছোৱালীৰ আচৰণ প্ৰশংসনীয়।

১০“নিৰ্দ্দয়।” (২ তীমথিয় ৩:⁠৩) গ্ৰীক শব্দটিৰ অনুবাদ “নিৰ্দ্দয়” শব্দৰ অৰ্থ হৈছে ‘বনৰীয়া,’ অসংযত মানসিক কৰুণা ও অনুভূতিহীন অভাৱ। আজিৰ সময়ৰ হিংসাকাৰ্য্য কৰা সফল এক উত্তম বৰ্ণনা! এক সম্পাদকীয় বিভাগে কয়: “জীৱনটো ইমান অভিঘাতজনক, ইমান বিভীৰিকপূৰ্ণ যে দৈনন্দিন বাতৰি পঢ়িবৰ বাবে ই লৌহহৃদয়ৰ প্ৰয়োজন হয়।” নিৰাপত্তা ৰক্ষক এজন চাৰ্জেন্টে লক্ষ্য কৰিছিল যে বহুতো যুবকে তেওঁলোকৰ কাৰ্য্যৰ ফলাফলৰ প্ৰতি একেবাৰে অন্ধ। তেওঁ কৈছিল: “এনে মনোভাৱ হয় যে ‘অহা কালি কি হব আমি নাজানো। আজি মোক যি লাগে তাক মই আজিই লম।’ ”

১১‘স্নেহহীন হব।’ (২ তীমথিয় ৩:⁠৩) এই শব্দটো গ্ৰীক শব্দৰ পৰা অনুবাদ কৰা হৈছে যাৰ অৰ্থ “হৃদয়হীন, আমানুষিক” আৰু ই “স্বাভাৱিক, পাৰিবাৰিক স্নেহৰ অভাৱ” চিত্ৰিত কৰে। (দ্যা নিউ ইনটাৰনেচনেল ডিক্সচেনেৰী অৱ নিউ টেস্টামেন্ট থিঅল্‌জি, ইংৰাজী) হয়, যি পৰিবেশত আটাইতকৈ বেছি হোৱা উচিত​—⁠ঘৰ​—⁠যত প্ৰায়েই স্নেহৰ অভাৱ দেখা যায়। বিবাহ-সঙ্গী, সৰু লৰা-ছোৱালী আনকি বয়সস্থ পিতৃ-মাতৃৰ প্ৰতিও অপব্যৱহাৰ বিৱৰণ একেবাৰে সাধাৰণ হৈ পৰিছে। এটা গবেষণা দলে মন্তব্য কৰিছিল: “মানৱ হিংসা​—⁠যিয়ে নহওঁক চৰ বা ঠেলা মৰা, ছুৰী মৰা বা গুলী চলোৱা​—⁠আমাৰ সমাজত অন্য যিকোনো ঠাইতকৈ বেছি পৰিয়ালৰ বৃত্তত অধিকৰূপে দেখা যায়।”

১২“ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰী হব।” (২ তীমথিয় ৩:⁠৫) জীৱনটো ভাললৈ পৰিবৰ্তন কৰিবলৈ বাইবেলৰ শক্তি আছে। (ইফিচীয়া ৪:​২২-২৪) তথাপি, বৰ্তমান সিহঁতৰ ধৰ্ম্মক এটা আঁৰ কাপোৰৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকে অধাৰ্ম্মিক কাৰ্য্য কৰে যিবোৰে ঈশ্বৰক অসন্তুষ্ট কৰে। মিছা কথা, চুৰি আৰু অশোভ যৌন আচৰণৰ বেছিভাগ ধৰ্মীয় নেতাসকলৰ দ্বাৰাই উপেক্ষিত হয়। বহুতো ধৰ্মই প্ৰেমক প্ৰচাৰ কৰে কিন্তু যুদ্ধক সমৰ্থন কৰে। “সৰ্ব্বপ্ৰধান সৃষ্টিকৰ্ত্তাৰ নামত,” ইন্দিয়া টুডে (ইংৰাজী) আলোচনীৰ সম্পাদকীয় বিভাগ মন্তব্য কৰে, “মানৱজাতিয়ে তেওঁলোকৰ সঙ্গী মানৱৰ প্ৰতি আটাইতকৈ বেছি ঘৃণিত কাৰ্য্য কৰিছে।” বাস্তৱিকতে, অলপ দিনৰ আগতে দুখন আটাইকৈ বেছি ৰক্তাক্ত যুদ্ধ​—⁠প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধ​—⁠খ্ৰীষ্টজগতৰ মাজৰ পৰাই আৰম্ভ হৈছিল।

১৩“পৃথিবী নাশকবিলাকক।” (প্ৰকাশিত বাক্য ১১:১৮) গোটেই পৃথিবীজুৰি ১,৬০০ জনতকৈও বেছি বৈজ্ঞানিক আৰু ১০৪ জন নবেল পুৰস্কাৰপ্ৰাপ্ত ইউনিয়ন অফ কণচাৰণ্ড (ইউ. চি. এচ.) দ্বাৰা প্ৰচলিত এখন সতৰ্কীকৰণ পত্ৰত চহী কৰিছিল, সেইখনত বাখ্যা কৰা হৈছিল: “মানুহ আৰু প্ৰাকৃতিক ভাগত এক সংঘৰ্ষৰ পথত আছে। . . . মাত্ৰ কেই দশক আৰু আছে যেতিয়া বিপৰ্য্য আঁতৰ কৰা সুযোগ নষ্ট হৈ যাব।” এই বিৱৰণিত কৈছিল যে মানুহৰ জীৱন-ক্ষতিৰ কাৰ্য্যবোৰে “হয়তু জগতক এনেদৰে সলনি কৰিব পাৰে যে আমি যি জানো সেইভাৱে জীৱন সংৰক্ষণ কৰিবলৈ অসমৰ্থ হব।” অযʼন গেছৰ হ্ৰাস, পানী দূষিত, অৰণ্যভূমি বিপন্ন, মাটিৰ উৰ্ব্বৰতা হ্ৰাস আৰু বহুতো জীৱ-জন্তু আৰু উদ্ভিদ জাতিৰ বিলুপ্তি অতি জৰুৰী সমস্যা বুলি উল্লেখ কৰা হৈছিল যিবিলাকৰ প্ৰতিকাৰ কৰা অৱশ্যে উচিত। ইউ. চি. এচ, সংস্থাই কয়: “জীৱনৰ পৰস্পৰনিৰ্ভৰশীল জালৰ সৈতে অৱাধ পৰিবৰ্ত্তনত আমাৰ হস্তক্ষেপ বহু বিস্তৃত ফলাফল আৰম্ভ কৰিব পাৰে, জীৱবিজ্ঞান ব্যৱস্থাৰ ধ্বংসক অন্তৰ্ভূক্ত কৰে যি গতিবিজ্ঞান আমি সম্পূৰ্ণভাৱে অৱগত নহওঁ।”

১৪“সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।” (মথি ২৪:১৪) যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে ৰাজ্যৰ এই শুভবাৰ্ত্তা পৃথিবীজুৰি সকলো জাতিলৈ প্ৰচাৰ কৰা হব। ঈশ্বৰীয় সহায় আৰু আশীৰ্ব্বাদেৰে লাখ লাখ যিহোৱাৰ সাক্ষীসকলে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত কোটি কোটি ঘন্টা ভক্তিভাৱে ব্যয় কৰে। (মথি ২৮:​১৯, ২০) হয়, সাক্ষীসকলে জানে যে যদি তেওঁলোকে শুভবাৰ্ত্তা ঘোষণা নকৰে তেনেহলে তেওঁলোক তেজৰ দোষী হব। (যিহিষ্কেল ৩:​১৮, ১৯) কিন্তু তেওঁলোক আনন্দিত যে প্ৰত্যেক বছৰত হাজাৰ হাজাৰ লোকে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কৃতজ্ঞতা হয় আৰু সত্য খ্ৰীষ্টান হিচাবে পদক্ষেপ লয় অৰ্থাৎ যিহোৱাৰ সাক্ষীৰূপে নিজকে পৰিচিত কৰে। যিহোৱাক সেৱা কৰিবলৈ আৰু এইদৰে ঈশ্বৰৰ জ্ঞানক প্ৰসাৰিত কৰিবলৈ এইটো এক অমূল্য সূযোগ। এই শুৰ্ভবাৰ্ত্তা গোটেই পৃথিবীত প্ৰচাৰ কৰাৰ পাছত এই দুষ্ট ৰীতি ব্যৱস্থাৰ শেষ হব।

প্ৰমাণৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া

১৫ এই ৰীতি-ব্যৱস্থা কেনেকৈ শেষ হব? বাইবেলে এক মহাক্লেশ সম্পৰ্কে ভৱিষ্যতবাণী কৰে যে এই জগতৰ ৰাজনৈতিক মূল, মিছা ধৰ্ম্মৰ বিশ্ব সম্ৰাট, “মহা বাবিলৰ” ওপৰত কৰা আক্ৰমণৰ দ্বাৰাই “মহাক্লেশ” আৰম্ভ হব। (মথি ২৪:২১; প্ৰকাশিত বাক্য ১৭:​৫, ১৬) যীচুৱে বৰ্তমান সময়ৰ বিষয়ে কৈছিল: “সূৰ্য্য অন্ধকাৰময় হব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হব।” (মথি ২৪:২৯) প্ৰতীকৰূপে আকাশৰ ঘটনাবোৰক বুজোৱা হৈছে। যিয়ে নহওঁক কিয়, ধৰ্ম্ম জগতৰ প্ৰখ্যাত ব্যক্তিসকলক অনাবৃত আৰু বহিষ্কাৰ কৰা হব। তাৰ পাছত চয়তান যাক ‘মাগোগদেশৰ গোগ’ বুলি কোৱা হয়, যিহোৱাৰ লোকসকলক চাৰিওফালৰ পৰা আক্ৰমণ কৰিবলৈ দূৰ্ণীতিপৰায়ণ মানুহক ব্যৱহাৰ কৰিব। কিন্তু চয়তান সফল হব নোৱাৰিব, কিয়নো ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিব। (যিহিষ্কেল ৩৮:​১, ২, ১৪-২৩) “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ” হৰমাগিদোনত, “মহাক্লেশ” ইয়াৰ শীৰ্ষবিন্দুত উপস্থিত হব। চয়তানৰ পাৰ্থিব সংগঠনৰ সকলো শেষ চিন পৰ্য্যন্ত নাশ কৰিব আৰু জীৱিত থকা মানৱজাতিৰ বাবে আশীৰ্ব্বাদবিলাকৰ পথ মুকলি কৰিব।​—⁠প্ৰকাশিত বাক্য ৭:​৯, ১৪; ১১:১৫; ১৬:​১৪, ১৬; ২১:​৩, ৪.

১৬ শেষ কালৰ বৰ্ণনা কৰা ভৱিষ্যতবাণীবিলাকৰ কিছুমান বৈশিষ্ট্যক তুলনা কৰিলে ইতিহাসৰ অন্য সময়ৰ প্ৰতিও পূৰ্ণ হোৱা যেন অনুমান হয়। কিন্তু যেতিয়া সংযোগ কৰা হয়, তেতিয়া ভবিষ্যবাণীয়ে প্ৰমাণবিলাক আমাৰ দিনৰ বিষয়ে সঠিকভাৱে বৰ্ণনা কৰে। উদাহৰণস্বৰূপে: এজন ব্যক্তিৰ হাতৰ আঙুলি ৰেখাবিলাকৰ চাপৰ নমুনাৰ গঠন অন্য কোনো ব্যক্তিৰ হব নোৱাৰে। ঠিক সেইদৰে, শেষ কালৰ তাৰ নিজস্ব চিন বা ঘটনাবিলাকৰ নমুনা আছে। ই এটা “হাতৰ আঙুলিৰ চাপ” যিটো অন্য কোনো সময়কালৰ হব নোৱাৰে। ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য যি এতিয়া শাসন কৰিছে আৰু সেই সৰ্ম্পকে বাইবেলৰ ইঙ্গিতবিলাক বিবেচনা কৰিবলৈ প্ৰমাণেই এক দৃঢ় ভিত্তি প্ৰস্তুত কৰে যে সঁচাকৈ এইসময় সেই শেষ কাল। তদুপৰি, এই কথা স্পষ্ট শাস্ত্ৰীয় প্ৰমাণ যে বৰ্তমান দুষ্ট ৰীতি ব্যৱস্থা অতি সোনকালে ধ্বংস হব।

১৭ এইসময় যে শেষ কাল সেই প্ৰমাণবিলাকৰ প্ৰতি আপুনি কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাব? এইটো বিবেচনা কৰক: যদি এক প্ৰচন্ড ধুমুহা আহিবলগীয়া হয়, তেনেহলে পলম নকৰি আমি সতৰ্কতা গ্ৰহণ কৰো। বাইবেলে এই বৰ্তমান ৰীতি ব্যৱস্থা সমন্ধে যি ভৱিষ্যতবাণী কৰিছে তাৰ প্ৰতি আমাক কাৰ্য্য কৰা উচিত। (মথি ১৬:​১-৩) আমি স্পষ্টৰূপে দেখা পাওঁ যে আমি এই জগতৰ ৰীতি ব্যৱস্থাৰ শেষ কালত জীয়াই আছো। ই আমাক ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিবলৈ যি কোনো প্ৰয়োজনীয় পৰিবৰ্ত্তন কৰিবলৈ আমি অনুপ্ৰেৰিত হোৱা উচিত। (২ পিতৰ ৩:​৩, ১০-১২) পবিত্ৰতাৰ বাবে নিজকে প্ৰতিনিধিৰূপে উল্লেখ কৰে, যীচুৱে জৰুৰী আহ্বাবান কৰিছে: “জীৱিকাৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। কিয়নো সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।”​—⁠লূক ২১:​৩৪-৩৬.

[Footnotes]

^ কিছুমান বাইবেলত “ৰীতি-ব্যৱস্থা” পৰিবৰ্তে “জগত” শব্দক ব্যৱহাৰ কৰিছে। ওলিয়াম ই. ৱাইনে এক্সপ্‌জিট্‌ৰি ডিক্সচেনেৰী অৱ নিউ টেস্টামেন্ট ওৰ্ৱাডচে (ইংৰাজী) কয় যে গ্ৰীক শব্দ এআঁন “এটা অনিৰ্দ্দিষ্ট সময়কাল বা ঘটনাৱলীৰ সৈতে জড়িত থকা সময়কাল উল্লেখ কৰে।” ইব্ৰী ১:২ পদত পাৰ্কহৰ্স্টৰ নতুন নিয়মৰ গ্ৰীক আৰু ইংৰাজী অভিধানৰ (পৃষ্ঠা ১৭) এআঁনচ্‌ (বহুবচন) ব্যৱহাৰৰ আলোচনা প্ৰসঙ্গত “এই ৰীতি-ব্যৱস্থা” উক্তিটো অন্তৰ্ভূক্ত কৰা হয়। সেইবাবে “ৰীতি-ব্যৱস্থা” এই অনুবাদটো মূল গ্ৰীক শাস্ত্ৰৰ সৈতে মিল আছে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

যীচুৰ শাসনৰ আৰম্ভণিত জগতৰ ঘটনাবিলাকৰ সমন্ধে বাইবেলে কি ভৱিষ্যতবাণী কৰিছিল?

শেষ কালৰ কিছুমান বৈশিষ্ট কি?

কিহে আপোনাক নিশ্চিত কৰে যে এয়া শেষ কাল?

[Study Questions]

১. যেতিয়া জগতৰ পৰিস্থিতিৰ বিষয়ে লক্ষ্য কৰি কিয় অনেকেই চিন্তিত হয়, কিন্তু জগতৰ ঘটনাবিলাকৰ এক নিৰ্ভৰযোগ্য বাখ্যা কʼত পোৱা যাব?

২. যীচুৰ শিষ্যসকলে তেওঁক কি প্ৰশ্ন সুধিছিল আৰু তেওঁ কেনেকৈ উত্তৰ দিছিল?

৩. যেতিয়া যীচুৰ শাসন আৰম্ভ হʼল তেতিয়া পৃথিবীৰ অৱস্থা আৰু কিয় শোচনীয় হʼল?

৪. শেষ কালৰ কিছু বৈশিষ্ট কি কি আৰু এইবিলাকে ইঙ্গিত কৰে কি? (বক্সত চাওঁক।)

৫, ৬. যুদ্ধ আৰু দুৰ্ভিক্ষৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছে?

৭. বৰ্তমান মহামাৰীৰ সম্পকীয় তথ্যবিলাক কি?

৮. মানুহ কেনেকৈ “ধন লুভীয়া” বুলি প্ৰমাণিত হৈছে?

৯. পিতৃ-মাতৃৰ অবাধ্যতা সম্পৰ্কে ভৱিষ্যতবাণী কি কয়?

১০, ১১. কি প্ৰমাণ আছে যে মানুহ নিৰ্দ্দয় আৰু স্বাভাৱিক স্নেহহীন হৈছে?

১২. কিয় কব পৰা যায় যে মানুহ মাত্ৰ ভক্তিৰ আকাৰধাৰী?

১৩. কি প্ৰমাণ আছে যে পৃথিবীখন নাশ কৰা হৈছে?

১৪. আপুনি কেনেকৈ প্ৰমাণ কৰিব পাৰে যে মথি ২৪:১৪ পদ আমাৰ দিনত পূৰ্ণ হৈছে?

১৫. বৰ্তমানৰ দুষ্ট ৰীতি ব্যৱস্থা কেনেকৈ শেষ হব?

১৬. আমি কেনেকৈ জানিব পাৰো যে শেষ কালৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ বৈশিষ্টবিলাক আমাৰ সময়ত ঘটিব লাগিছে?

১৭. এই সময় যে শেষ কাল, এই জ্ঞানে আমাক কি কৰিবলৈ প্ৰেৰণা দিয়া উচিত?

[Box on page 102]

শেষ কালৰ কিছুমান বৈশিষ্টবোৰ

• ভয়ঙ্কৰ যুদ্ধ।​—⁠মথি ২৪:​৭; প্ৰকাশিত বাক্য ৬:⁠৪.

• দুৰ্ভিক্ষ।​—⁠মথি ২৪:৭; প্ৰকাশিত বাক্য ৬:​৫, ৬, ৮.

• মহামাৰী।​—⁠লূক ২১:১১; প্ৰকাশিত ৬:⁠৮.

• অধৰ্ম্ম বৃদ্ধি।​—⁠মথি ২৪:⁠১২.

• পৃথিবী নাশকবিলাক।​—⁠প্ৰকাশিত বাক্য ১১:⁠১৮.

• ভূমিকম্প।​—⁠মথি ২৪:⁠৭.

• ভয়ঙ্কৰ সময় উপস্থিত।​—⁠২ তীমথিয় ৩:⁠১.

• ধন লুভীয়া।​—⁠২ তিমথিয় ৩:⁠২.

• পিতৃ-মাতৃক নমনা।​—⁠২ তীমথিয় ৩:⁠২.

• স্নেহহীন।​—⁠২ তীমথিয় ৩:⁠৩.

• ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়।​—⁠২ তীমথিয় ৩:⁠৪.

• ইন্দ্ৰিয় দমন নকৰা।​—⁠২ তীমথিয় ৩:⁠৩.

• সাধুক ঘিণাওঁতা।​—⁠২ তীমথিয় ৩:⁠৩.

• আগন্তুক বিপদলৈ মনোযোগ নিদিয়া।​—⁠মথি ২৪:⁠৩৯.

• বিদ্ৰূপকাৰীসকলে শেষ-কালৰ প্ৰমাণ অগ্ৰাহ্য কৰে।​—⁠২ পিতৰ ৩:​৩, ৪.

• বিশ্বব্যাপী ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ।​—⁠মথি ২৪:⁠১৪.

[Full-page picture on page 101]