Skip to content

Skip to table of contents

কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে

কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে

অধ্যায় ১৩

কিয় ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে

যিহোৱা “আনন্দময় ঈশ্বৰ,” আৰু আপুনি জীৱনত আনন্দ উপভোগ কৰাটো তেওঁ বিচাৰে। (১ তীমথিয় ১:​১১, NW) তেওঁৰ পথত চলি, আপুনি নিজে লাভবান হব পাৰে আৰু এনেকুৱা স্বস্তি লাভ কৰিব পাৰে যি চিৰ-প্ৰবাহিত নদীৰ দৰে গভীৰ আৰু স্থায়ী। ঈশ্বৰৰ পথত চলিলে “সাগৰৰ ঢৌৰ দৰে” এজন ক্ৰমাগত ধাৰ্ম্মিকতাৰ কাৰ্য্য সফল কৰি চলিবলৈ অনুপ্ৰেৰিত কৰে, ই আনি দিয়ে প্ৰকৃত সুখ।​—⁠যিচয়া ৪৮:​১৭, ১৮.

অনেকে আপত্তি কৰিব পাৰে, ‘মানুহে কেতিয়াবা যিটো সত্য তাক কৰা কাৰণে কষ্ট ভোগ কৰে।’ এইটো সঁচা আৰু যীচুৰ পাঁচনিবিলাকৰ সৈতে সেই একে হৈছিল। কিন্তু, যদিও তেওঁলোক উৎপীড়িত হৈছিল, তেওঁলোক আনন্দিত হৈছিল আৰু “যীচুৱেই যে খ্ৰীষ্ট বুলি প্ৰচাৰ” কৰিবলৈ অৱহেলা কৰা নাছিল। (পাঁচনিৰ কৰ্ম্ম ৫:​৪০-৪২) আমি ইয়াৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰো। এটা হৈছে যে আমাৰ ধৰ্ম-পৰায়ণ জীৱন-নিৰ্বাহ কৰাটো এইটো নিশ্চয়তা নিদিয়ে যে আমাৰ লগত সদায়ে ভাল ব্যৱহাৰ কৰিব। পাঁচনি পৌলে লিখিছিল, “বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২) ইয়াৰ কাৰণ হৈছে চয়তান আৰু তাৰ জগত, সিহঁতৰ বিৰুধিতা কৰে আৰু সেই লোকসকলৰ বিৰুদ্ধে আছে যিসকলে ধৰ্ম-পৰায়ণ জীৱন-যাপন কৰে। (যোহন ১৫:​১৮, ১৯; ১ পিতৰ ৫:৮) কিন্তু প্ৰকৃত সুখ বাহ্যিক বস্তুসমূহৰ ওপৰত নিৰ্ভৰ নকৰে। বৰঞ্চ, ই আহে এক দৃঢ় বিশ্বাসৰ পৰা যি আমি সঠিক কাৰ্য্য কৰো আৰু সেইকাৰণে আমাৰ ওপৰত ঈশ্বৰৰ অনুগ্ৰহ থাকে।​—⁠মথি ৫:​১০-১২; যাকোব ১:​২, ৩; ১ পিতৰ ৪:​১৩, ১৪.

বহুত মানুহ আছে যিসকলে ভাবে যে সাময়িকভাৱে ধাৰ্ম্মিকতাৰ কাম কৰি ঈশ্বৰৰ অনুগ্ৰহ পাব পাৰে, কিন্তু অন্য সময়ত তেওঁক পাহৰিব পাৰে। যিহোৱা ঈশ্বৰৰ সত্য উপাসনা এনে দৰে নহয়। ই এক ব্যক্তিৰ আচৰণত প্ৰভাৱিত কৰে তাৰ জীৱনৰ সকলো সময়ত দিনৰ পাছত দিন ধৰি বছৰৰ পাছত বছৰ ধৰি। সেইবাবে ইয়াক “পথ” বুলিও কোৱা হয়। (পাঁচনিৰ কৰ্ম্ম ১৯:৯; যিচয়া ৩০:২১) ই জীৱন ধাৰণৰ এক ধাৰ্ম্মিক পথ যাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যৰ সৈতে সামঞ্জস্য ৰাখি কথা কোৱা আৰু কাৰ্য্য কৰাটো বিচাৰে।

বাইবেলৰ নতুন বিদ্যাৰ্থীসকলে যেতিয়া দেখে যে যিহোৱাক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ জীৱনত কিছু পৰিবৰ্ত্তন কৰা আৱশ্যক, হয়তু তেওঁলোকে ভাবিব পাৰে, ‘সচাঁকৈ ধৰ্ম-পৰায়ণ জীৱন-যাপন প্ৰকৃত মূল্যৱান নে?’ আপুনি নিশ্চিত হব পাৰে যে এইটো আছে। কিয়? কিয়নো “ঈশ্বৰ প্ৰেম” আৰু সেইকাৰণে তেওঁৰ পথ আমাৰ লাভৰ বাবেহে দিয়া হৈছে। (১ যোহন ৪:৮) ঈশ্বৰ বুদ্ধিমান হয় আৰু তেওঁ জানে আমাৰ বাবে আটাইতকৈ কি ভাল। যিহেতু যিহোৱা সৰ্ব্বশক্তিমান ঈশ্বৰ, কোনো বেয়া অভ্যাস ত্যাগ কৰি তেওঁক সন্তুষ্ট কৰিলে আমাৰ ইচ্ছাক পূৰ্ণ কৰিবলৈ শক্তি দিবলৈ তেওঁ সক্ষম। (ফিলিপীয়া ৪:১৩) আহক ধৰ্ম-পৰায়ণ জীৱন যাপনৰ পথত জড়িত থকা কিছু মূলতত্ত্বক আমি বিবেচনা কৰো আৰু চাওঁ যে কেনেকৈ সেইবিলাক নিজৰ জীৱনত প্ৰয়োগ কৰাৰ দ্বাৰা আনন্দ পাব পাৰি।

সত্যবাদীৰ পৰিণাম আনন্দ

যিহোৱা “সত্য ঈশ্বৰ।” (গীতমালা ৩১:⁠৫) নিঃসন্দেহ, আপুনি তেওঁৰ উদাহৰণ অনুকৰণ কৰি এজন সত্যবাদী ব্যক্তিৰূপে পৰিচিত হবলৈ ইচ্ছা কৰে। সত্যবাদীয়ে আত্মা-সন্মান আৰু এক মঙ্গলভাৱ উপলব্ধি কৰায়। কিয়নো এই পাপময় জগতত অসাধুতা সাধাৰণ বিষয়, খ্ৰীষ্টীয়সকলে এইটো মনত ৰখা আৱশ্যক: “প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্যৰে আলাপ কৰা; . . . যি জনে চুৰ কৰে, সি আৰু চুৰ নকৰক, কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ . . . নিজ হাতেৰে সদ্‌ ব্যৱসায়ত পৰিশ্ৰম কৰক।” (ইফিচীয়া ৪:​২৫, ২৮, NW) খ্ৰীষ্টীয় কৰ্মচাৰীসকলে দিনে পূৰ্ণসময় কাম সত্যনিষ্ঠাৰে কৰে। তেওঁলোকৰ মালিকে অনুমতি নিদিলে তেওঁলোকে কোনো বস্তু নলয়। কৰ্মক্ষেত্ৰ, স্কুল বা ঘৰত যতে নহওঁক, এজন যিহোৱাৰ উপাসক ‘সকলো কথাতে সত্যবাদী হব লাগে।’ (ইব্ৰী ১৩:১৮) যি ব্যক্তিয়ে মিছা কথা কোৱা বা চুৰ কৰা অভ্যাস কৰে, ঈশ্বৰৰ অনুগ্ৰহ পাব নোৱাৰে।​—⁠দ্বিতীয় বিবৰণ ৫:১৯; প্ৰকাশিত বাক্য ২১:⁠৮.

সত্যবাদী হলে অনেক আশীৰ্ব্বাদ পাব পাৰি। চেলীনা এগৰাকী দৰিদ্ৰ আফ্ৰিকীয় বিধৱা মহিলা, যিগৰাকীয়ে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ ধাৰ্ম্মিক নীতিসমূহ ভাল পায়। এদিন, তাই এটা বেগ পাইছিল যʼত এটা বেঙ্কবুক আৰু প্ৰচুৰ পৰিমানৰ টকা আছিল। টেলিফোন ডাইৰেক্টৰী ব্যৱহাৰ কৰি তাই মালিকক বিচাৰি ওলিয়াবলৈ সমৰ্থ হল​—⁠এজন গুদামৰক্ষক, যাক লুট কৰা হৈছিল। যেতিয়া চেলীনায়ে, তাই অতি অসুস্থ থকাৰ স্বতেও তেওঁক লগ ধৰি বেগৰ সৈতে সমস্তখিনি ঘুৰাই দিছিল, তেতিয়া সেই ব্যক্তিজনে নিজকে বিশ্বাস কৰিবলৈ কঠিন হʼল। তেওঁ কৈছিল, “এনে সাধুতাৰ পুৰস্কাৰ পাবই লাগে” আৰু তাইক কিছু টকা দিছিল। তাতকৈ গুৰুত্বপূৰ্ণ, সেই ব্যক্তিজনে চেলীনাৰ ধৰ্ম্মক প্ৰশংসা কৰিছিল। হয়, সৎকৰ্ম বাইবেলৰ শিক্ষাক বিভূষিত কৰে, যিহোৱা ঈশ্বৰক মহিমান্বিত কৰে আৰু তেওঁৰ সৎ উপাসকললৈ আনন্দ আনে।​—⁠তীত ২:১০; ১ পিতৰ ২:⁠১২.

উদাৰতাই আনন্দ আনে

উদাৰতাত আনন্দ আছে, আনহাতে লুভীয়া ব্যক্তি “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ” নাপাব। (১ কৰিন্থীয়া ৬:১০) লোভৰ এক সাধাৰণ উদাহৰণ হৈছে জুৱা খেল, যাৰ প্ৰচেষ্টা হৈছে অন্যৰ ক্ষতিৰ মাজেদি অৰ্থ উৰ্পাজন চেষ্টা কৰা। যিহোৱা ঈশ্বৰে সেইসকলক স্বীকৃতি নিদিয়ে, যিসকলে “কুচ্ছিত লাভ বিচাৰে।” (১ তীমথিয় ৩:⁠৮) আনকি যʼত জুৱা খেলা আইনসন্মত আৰু কোনো ব্যক্তিয়ে আনন্দৰ বাবে জুৱা খেলে, তেওঁ আসক্ত হৈ পাৰিব পাৰে আৰু এই অভ্যাসৰ উৎসাহ দিয়ে যি অভ্যাসে বহুত জীৱন ধ্বংস কৰে। জুৱা খেল প্ৰায়ে জুৱাৰীসকলৰ পৰিয়াললৈ দৰিদ্ৰতা আনে, প্ৰয়োজনীয় খাদ্য, বস্ত্ৰৰ বাবে অতি সামান্য ধন সিহঁতৰ হাতত থাকে।​—⁠১ তীমথিয় ৬:⁠১০.

তেওঁলোকৰ প্ৰেমময় উদাৰতাৰ কাৰণে, খ্ৰীষ্টীয়সকলে অন্যসকলক, বিষেশকৈ দৰিদ্ৰ সঙ্গী বিশ্বাসীসকলক সাহায্য কৰি আনন্দিত হয়। (যাকোব ২:​১৫, ১৬) যীচু পৃথিবীলৈ অহাৰ পূৰ্বেই, মানৱৰ প্ৰতি ঈশ্বৰৰ উদাৰতা দেখিছিল। (পাঁচনিৰ কৰ্ম্ম ১৪:​১৬, ১৭) যীচুৱে নিজেই মানৱজাতিৰ বাবে নিজৰ সময়, তেওঁৰ প্ৰতিভা আৰু আনকি নিজৰ প্ৰাণো দিলে। সেয়েহে, তেওঁ এইটো কোৱাটো উপযুক্ত আছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) যীচুৱে সেই দৰিদ্ৰ বিধৱাগৰাকীক ভাল বুলিছিল, যিগৰাকীয়ে উদাৰমনে মন্দিৰৰ দান পাত্ৰত দুটা মুদ্ৰা দান কৰিছিল, কিয়নো তাই “তেওঁৰ সকলো জীৱিকা” দান কৰিছিল। (মাৰ্ক ১২:​৪১-৪৪) মন্ডলী আৰু ৰাজ্যৰ কাৰ্য্যত ভৌতিকৰূপে সমৰ্থন কৰি প্ৰাচীন ইস্ৰায়েলসকলে আৰু প্ৰথম-শব্তাদীৰ খ্ৰীষ্টীয়সকলে আনন্দপূৰ্ণ উদাৰতাৰ উদাহৰণ প্ৰস্তুত কৰিছিল। (১ বংশাৱলি ২৯:৯; ২ কৰিন্থীয়া ৯:​১১-১৪) এই উদ্দেশ্যবিলাকৰ বাবে সামগ্ৰী দিয়াৰ উপৰিও, আধুনিক-দিনৰ খ্ৰীষ্টীয়সকলে সুখী মনৰে ঈশ্বৰক প্ৰশংসা কৰে আৰু তেওঁলোকৰ জীৱন তেওঁৰ সেৱাকাৰ্য্যত ব্যৱহাৰ কৰে। (ৰোমীয়া ১২:১; ইব্ৰী ১৩:১৫) সত্য উপাসনা আৰু ৰাজ্যৰ শুভবাৰ্ত্তা গোটেই বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যত সহায় কৰিবলৈ তেওঁলোকৰ সময়, শক্তি, অৰ্থ আৰু অন্য সম্পদো ব্যৱহাৰৰ বাবে যিহোৱা ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ দিয়ে।​—⁠হিতোপদেশ ৩:​৯, ১০.

আনন্দ বৃদ্ধি কৰা অন্য বিষয়সমূহ

আনন্দিত হবলৈ, খ্ৰীষ্টীয়সকলে ‘তেওঁলোকক চিন্তাধাৰা ক্ষমতাকো পহৰা’ দিব লাগিব। (হিতোপদেশ ৫:​১, ২) ইয়াৰ বাবে প্ৰয়োজন হয় ঈশ্বৰৰ বাক্য আৰু বাইবেলেৰ সাহিত্য পঢ়া আৰু সেইবিলাকত ধ্যান কৰা। কিন্তু কিছু বিষয়ৰ পৰা আঁতৰি থাকিব লাগে। উদাহৰণস্বৰূপে, অত্যাধিক সুৰা পান কৰা এজন ব্যক্তিয়ে নিজৰ চিন্তাধাৰা নিয়ন্ত্ৰণ হেৰুৱাব পাৰে। এনে অৱস্থাত, বহুতো লোকে অনৈতিক কামত লিপ্ত হয়, হিংসাত্মক কাৰ্য্য কৰে আৰু মাৰাত্মক দুৰ্ঘটনা ঘটায়। আচৰিত হোৱাৰ কোনো কথা নহয়, বাইবেলে কৈছে যে মতলীয়া ব্যক্তি ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব! (১ কৰিন্থীয়া ৬:১০) মানসিকভাৱে “সবল” হবলৈ দৃঢ় সঙ্কল্প হওঁক, সত্য খ্ৰীষ্টীয়সকলে মতলীয়া হোৱাৰ পৰা আঁতৰি থাকে আৰু ই তেওঁলোকৰ মাজত আনন্দ বৃদ্ধি কৰিবলৈ সহায় কৰে।​—⁠তীত ২:​২-৬.

১০ এটা স্বাস্থ্যৱান শৰীৰে আনন্দ প্ৰদান কৰে। তথাপি, বহুতে ক্ষতিকাৰক দব্যৰ প্ৰতি আসক্ত হৈ পৰে। উদাহৰণৰূপে, ধঁপাত ব্যৱহাৰ বিষয়ে বিবেচনা কৰক। বিশ্ব স্বাস্থ্য সংস্থাই বিৱৰণ দিয়ে যে ধূমপানে “প্ৰত্যেক বছৰে ৩০ লাখ লোকৰ প্ৰাণ হানি হয়।” নিচাদ্ৰব্য ত্যাগৰ বাবে সামায়িক অস্থিৰতাবোধৰ লক্ষণৰ বাবে ধঁপাতৰ অভ্যাস এৰুৱাবলৈ কঠিন হৈ পৰে। আনহাতে, আগতে ধূমপান কৰা অনেক ব্যক্তিয়ে বিচাৰি পাইছে যে এতিয়া তেওঁলোকৰ স্বাস্থ্য আগতকৈও ভাল হৈছে আৰু পৰিয়ালৰ আৱশ্যকতাৰ বাবে তেওঁলোকৰ ওচৰত যথেষ্ঠ ধন থাকে। হয়, ধঁপাতৰ অভ্যাস বা অন্য হানিকাৰক নিচাযুক্ত বস্তুৰ অভ্যাসৰ পৰা জয়ী হলে এটা স্বাস্থ্যবান শৰীৰ, এটা পৰিষ্কাৰ বিবেক আৰু প্ৰকৃত আনন্দ প্ৰদান কৰে।​—⁠২ কৰিন্থীয়া ৭:⁠১.

বিবাহিত জীৱনত আনন্দ

১১ যিসকলে স্বামী আৰু স্ত্ৰীৰূপে একেলগে বাস কৰে, তেওঁলোকে নিশ্চিত হোৱা উচিত যে তেওঁলোকৰ বিবাহ আইনগত ৰেজিষ্টাৰ কৰা হৈছে। (মাৰ্ক ১২:১৭) তেওঁলোকে বিবাহবন্ধনক এটা গুৰুত্বপূৰ্ণ দায়িত্বৰূপে চোৱাৰো আৱশ্যক। এইটো সচাঁ যে ইচ্ছাকৃতভাৱে ভৰণ পোষণ নকৰা, চৰম নিৰ্য্যাতন বা আধ্যাত্মিকৰ প্ৰতি বিপন্নতা এনেবোৰ ক্ষেত্ৰত বেলেগ বেলেগ থকা হয়তু প্ৰয়োজন হব পাৰে। (১ তীমথিয় ৫:৮; গালাতীয়া ৫:​১৯-২১) কিন্তু ১ কৰিন্থীয়া ৭:​১০-১৭ পদত পাঁচনি পৌলে বিবাহিত সঙ্গীসকলক একেলগে থাকিবলৈ উৎসাহিত দিয়ে। নিঃসন্দেহ, প্ৰকৃত সুখৰ বাবে, তেওঁলোকে এজনে আনজনৰ প্ৰতি বিশ্বাসী হব লাগে। পৌলে লিখিছিল: “সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ শৰ্য্যা শুচি হওঁক; কিয়নো ব্যাভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ শোধ-বিচাৰ ঈশ্বৰে কৰিব।” (ইব্ৰী ১৩:⁠৪) “বিবাহ শৰ্য্যা” উক্তিটো এজনে আনজনৰ সৈতে আইনগত ৰূপে বিবাহিত পুৰুষ আৰু স্ত্ৰীৰ মাজত যৌন সম্পৰ্কক বুজায়। এজনী পত্নীৰ বাদে একাধিক স্ত্ৰীৰ লগত যৌন সম্পৰ্ক ৰখাটোক “সকলোৰেই মাজত আদৰণিয়” বুলি বৰ্ণনা কৰা নহয়। ইয়াৰ উপৰিও বাইবেলে বিবাহপূৰ্ব্ব হোৱা যৌন সম্পৰ্ক আৰু পুংমৈথুনী অপৰাধ বুলি কৈছে।​—⁠ৰোমীয়া ১:​২৬, ২৭; ১ কৰিন্থীয়া ৬:⁠১৮.

১২ ব্যভিচাৰে কিছু সময়ৰ বাবে শাৰীৰিক আনন্দ পাব পাৰে, কিন্তু ই প্ৰকৃত আনন্দদায়ক নহয়। ই ঈশ্বৰক অসন্তুষ্ট কৰে আৰু সেই ব্যক্তিজনৰ বিবেক কলঙ্কিত চিহ্নিত কৰিব পাৰে। (১ থিচলনীকীয়া ৪:​৩-৫) অবৈধ যৌন সম্বন্ধৰ দুখজনক ফল এইডছ আৰু নানা ধৰণৰ যৌন ৰোগ হব পাৰে। এখন চিকিৎসালয়ে ৰিপৰ্ট কৰিছে, “এইটো অনুমান কৰিব পৰা গৈছে যে প্ৰতি বছৰে গোটেই বিশ্বত ২৫ কোটিতকৈও বেছি মানুহ গনোৰিয়ায় ৰোগত আৰু প্ৰায় ৫ কোটি চিফিলিচ ৰোগত আক্ৰান্ত হয়।” ইয়াৰ উপৰিও অবাঞ্চনীয় গৰ্ভধাৰণ সমস্যাও ইয়াত সন্মিলিত আছে। ‘আন্তৰাষ্ট্ৰীয় পৰিকল্পবদ্ধ জনকত্ব সংঘয়ে’ বিবৰণ দিয়ে যে প্ৰত্যেক বছৰে গোটেই বিশ্বত ১ কোটি ৫০ লাখৰো বেছি ১৫ পৰা ১৯ বছৰৰ ছোৱালী গৰ্ভৱতী হয় আৰু তেওঁলোকৰ তিনিভাগৰ এভাগে গৰ্ভপাত কৰায়। এটা অনুসন্ধানে দেখাইছিল যে আফ্ৰিকীয় দেশত কিশোৰীৰ মৃত্যুৰ ৭২ শতাংশ গৰ্ভপাতজনিত জটিলতাৰ ফলত হয়। কিছুমান ব্যভিচাৰী হয়তু ৰোগ আৰু গৰ্ভধাৰণৰ পৰা ৰক্ষা পাব পাৰে কিন্তু মানসিক ক্ষতিৰ পৰা হাৰিব নোৱাৰে। বহুতে নিজৰ আত্মা-সন্মান হেৰুৱায় আৰু নিজকে ঘৃণা কৰিবলৈ ধৰে।

১৩ যদিও পৰস্ত্ৰীগমন ক্ষমা কৰিব পাৰে, নিৰ্দ্দোষী সঙ্গীৰ বাবে বিবাহ বিচ্ছেদ কৰাটো এটা যুক্তিপূৰ্ণ শাস্ত্ৰীয় বিধি। (মথি ৫:৩২; হোচেয়া ৩:​১-৫ পদৰ সৈতে তুলনা কৰক।) যেতিয়া এনেকুৱা অনৈতিকতাৰ ফলস্বৰূপে বিবাহ ভাগি পৰে, তেতিয়া নিৰ্দ্দোষী সঙ্গী আৰু সন্তানৰ গভীৰ মানসিক আঘাট দিব পাৰে। মানৱ পৰিয়ালৰ উপকাৰৰ বাবে, ঈশ্বৰৰ বাক্যই নিৰ্দেশ দিয়ে যে মন পালতন নকৰা পৰিয়াল আৰু ব্যভিচাৰীৰ ওপৰত বিচাৰ আহিব। ইয়াৰ উপৰিও, ই স্পষ্টৰূপে দেখুৱাইছে যে যিসকলে অনৈতিক যৌন অভ্যাস কৰে, তেওঁলোক “ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।”​—⁠গালাতীয়া ৫:​১৯, ২১.

“এই জগতৰ নহয়”

১৪ যিসকলে যিহোৱাক সন্তুষ্ট কৰিবলৈ আৰু ৰাজ্যৰ আশীৰ্ব্বাদসমূহ উপভোগ কৰিব বিচাৰে, তেওঁলোকে সকলো প্ৰকাৰৰ মূৰ্ত্তিপূজাৰ পৰা আঁতৰি থাকে। বাইবেলে দেখুৱাইছে যে প্ৰতিমা বনোৱা আৰু উপাসনা কৰাটো ভুল, যʼত অন্তৰ্ভূক্ত আছে খ্ৰীষ্টৰ বা যীচুৰ মাক, মৰিয়মৰ প্ৰতিমা। (যাত্ৰাপুস্তক ২০:​৪, ৫; ১ যোহন ৫:২১) সেইকাৰণে, সত্য খ্ৰীষ্টীয়সকলে প্ৰতিমা, ক্ৰুচ আৰু চিত্ৰক শ্ৰদ্ধা নকৰে। প্ৰতিমাৰ উপাসনা নকৰে। তেওঁলোকে অধিক কৌশলী প্ৰকাৰবিলাকো পৰিহাৰ কৰে, যেনে পতাকাৰ প্ৰতি ভক্তিজনক কাৰ্য্য আৰু সেই গানবিলাক যি জাতিবিলাকে মহিমাম্বিত কৰে। যেতিয়া এনেবোৰ কাৰ্য্যৰ প্ৰতি হেচাঁ আহিলে তেওঁলোকে চয়তানৰ প্ৰতি যীচুৰ কোৱা বাক্যক স্মৰণ কৰে: “তুমি তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।” (মথি ৪:​৮-১০, NW) যীচুৱে কৈছিল যে তেওঁৰ অনুগামীসকল “এই জগতৰ নহয়।” (যোহন ১৭:১৪) ইয়াৰ অৰ্থ হৈছে ৰাজনৈতিক বিষয়সমূহত নিৰপেক্ষ থকা আৰু শান্তিপূৰ্ণভাৱে যিচয়া ২:​৪ পদৰ সৈতে সামঞ্জস্যত কৰা, যʼত কোৱা হৈছে: “তেওঁ [যিহোৱা ঈশ্বৰ] জাতিবোৰৰ মাজত সোধ কৰিব আৰু অনেক জাতিৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব; তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰোদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।”

১৫ “এই জগতৰ নোহোৱা” ইয়াৰ অৰ্থ এইটোও যে “মহা বাবিল,” মিছা ধৰ্ম্মৰ বিশ্ব সম্ৰাজ্যৰ সৈতে সকলো সম্বন্ধ ছিঙি পেলোৱা। অশুদ্ধ উপাসনা প্ৰাচীন বাবিলৰ পৰা চাৰিওফালে বিয়পিল, ই গোটেই পৃথিবীজুৰি মানুহৰ ওপৰত অনিষ্টকৰ আত্মিক অধিপত্য লাভ কৰিছিল। মহা বাবিলত অন্তুভূক্ত সকলো ধৰ্ম্মৰ মতবাদ আৰু অভ্যাসবিলাক ঈশ্বৰৰ জ্ঞানৰ সৈতে মিল নহয়। (প্ৰকাশিত বাক্য ১৭:​১, ৫, ১৫) যিহোৱাৰ কোনো বিশ্বাসী উপাসকে বিভিন্ন ধৰ্ম্মৰ উপাসনাত অংশ লোৱা বা মহা বাবিলৰ কোনো অংশৰ সৈতে আধ্যাত্মিকত অংশীদাৰ হোৱাৰ দ্বাৰা বিভিন্ন ধৰ্ম্ম বিশ্বাসৰ কাৰ্য্যবোৰত লিপ্ত নহয়। (গণনা পুস্তক ২৫:​১-৯; ২ কৰিন্থীয়া ৬:১৪) ফলস্বৰূপে, অনেক বাইবেলৰ নতুন বিদাৰ্থীয়ে যি ধাৰ্ম্মিক সংগঠনৰ যʼত তেওঁলোকে অংশ আছিল, তালৈ এখন ত্যাগপত্ৰ পঠিয়ায়। এইটোৱে তেওঁলোকক সত্য ঈশ্বৰৰ সৈতে ঘনিষ্ট সৰ্ম্পকলৈ আনে, যিদৰে প্ৰতিজ্ঞা কৰিছে: “যিহোৱা ঈশ্বৰে কৈছে, তোমালোক সিহঁতৰ মাজৰপৰা ওলাই আহি পৃথক হোৱা আৰু কোনো অশুচিকে নু চুবা; তাতে মই তোমালোকক গ্ৰহণ কৰিম।” (২ কৰিন্থীয়া ৬:​১৭, [NW]; প্ৰকাশিত বাক্য ১৮:​৪, ৫) আমাৰ স্বৰ্গীয় পিতৃৰ দ্বাৰা এনে স্বীকৃতি পোৱাটো আপুনি ইচ্ছা নকৰেনে?

বাৰ্ষিক উৎসৱবিলাক বিবেচনা কৰা

১৬ এটা ধৰ্ম-পৰায়ণ জীৱনে আমাক জগতৰ উৎসৱ পালন কৰাৰ পৰা মুক্ত কৰে, যিবোৰক পালন কৰা প্ৰায়ে গধুৰ হয়। উদাহৰণস্বৰূপে, বাইবেলে যীচুৰ সঠিক জন্ম দিনৰ বিষয়ে প্ৰকাশ কৰা নাই। হয়তু কিছুমানে কব পাৰে, ‘মই ভাৱো ২৫ ডিচেম্বৰত যীচুৱে জন্ম গ্ৰহণ কৰিছিল!’ এইটো সম্ভৱ নহয় কিয়নো তেওঁ ৩৩ ১/২ বছৰ বয়সত সা.যু. ৩৩ চনৰ বসন্ত ঋতুত মৃত্যু হৈছিল। ইয়াৰ উপৰিও, তেওঁৰ জন্মৰ সময়ত, ভেৰাৰখীয়াসকলে “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:⁠৮) ইস্ৰায়েল দেশত, ডিচেম্বৰ মাহৰ শেষৰ ভাগত শীত পৰে, বৰষুণৰ বতৰ হয়, এই সময়ত ভেৰবোৰক ঠাণ্ডাৰ পৰা বচাবলৈ ৰাতিৰ ভাগত ভেৰাশালত ৰখা হয়। দৰাচলতে, ৰোমবাসীসকলে ২৫ ডিচেম্বৰ দিনতোক সূৰ্য্য দেৱতাৰ জন্মদিনৰূপে আছুতীয়াকৈ ৰাখিছিল। যীচু পৃথিবীত থকা অনেক শতাব্দীৰ পাছত, ধৰ্ম্মত্যাগী খ্ৰীষ্টানসকলে এই তাৰিখটোক যীচুৰ জন্ম উৎসৱ বুলি পালনৰ বাবে বাচি লৈছিল। সেইকাৰণে, সত্য খ্ৰীষ্টীয়সকলে বৰদিন (খ্ৰীষ্টমাচ্‌) অথবা মিছা ধৰ্ম্মীয় বিশ্বাসৰ ওপৰত ভিক্তি কৰা অন্য কোনো নিদ্ধাৰিত দিন উৎযাপন নকৰে। কিয়নো তেওঁলোকে একমাত্ৰ যিহোৱাক একান্ত ভক্তি দিয়ে, তেওঁলোকে এনেবোৰৰ পৰ্ব্বকো পালন নকৰে যি পাপী মানুহ বা জাতিবিলাকে উৎযাপন হিচাবে পৰিণত কৰে।

১৭ বাইবেলে বিশেষৰূপে দুটা মাত্ৰ জন্ম দিন পালনৰ বিষয়ে উল্লেখ কৰিছে, উভয়তে ঈশ্বৰক সেৱা নকৰা ব্যক্তি আছিল। (আদিপুস্তক ৪০:​২০-২২; মথি ১৪:​৬-১১) যিহেতু শাস্ত্ৰই সিদ্ধ মানৱ যীচু খ্ৰীষ্টৰ জন্ম তিথি উল্লেখ কৰা নাই, তেতিয়াহʼলে কিয় আমি অসিদ্ধ মানৱৰ জন্মদিনৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত? (উপদেশক ৭:১) নিঃসন্দেহ, ধৰ্ম-পৰায়ণ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি প্ৰেম দেখুৱালৈ বিশেষ কোনো দিনৰ বাবে অপেক্ষা নকৰে। এজনী ১৩ বছৰীয়া খ্ৰীষ্টীয় ছোৱালীয়ে এইদৰে কৈছিল: “মোৰ পৰিয়াল আৰু মই বহুত আনন্দ কৰো। . . . মই, মোৰ পিতৃ-মাতৃৰ সৈতে নিবিড় সৰ্ম্পক আছে আৰু যেতিয়া অন্য লৰা-ছোৱালীবোৰে মোক সোধে মই কিয় উৎসৱ পালন নকৰো, তেতিয়া মই কওঁ যে মোৰ বাবে প্ৰত্যেক দিনেই এটা উৎসৱৰ দিন।” এজন ১৭ বছৰীয়া খ্ৰীষ্টীয় যুৱকে কৈছিল: “আমাৰ ঘৰত, গোটেই বছৰতে উপহাৰ দিয়া হয়।” যেতিয়া উপহাৰবোৰ স্বাভাৱিকৰূপে দিয়া হয় তেতিয়া বহু আনন্দ পোৱা যায়।

১৮ যিসকলে ধৰ্ম-পৰায়ণ জীৱন-নিৰ্বাহ কৰে, তেওঁলোকে প্ৰত্যেক বছৰে এটা দিন, বিশেষৰূপে পালন কৰে। ই হৈছে প্ৰভুৰ সন্ধ্যা ভোজ, যাক প্ৰায়ে খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণ দিন বুলি কোৱা হয়। ইয়াৰ বিষয়ে, যীচুৱে তেওঁৰ অনুগামীসকলক আজ্ঞা দিছিল: “মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা।” (লূক ২২:​১৯, ২০; ১ কৰিন্থীয়া ১১:​২৩-২৫) যেতিয়া যীচুৱে সা.যু. ৩৩ চনত, নীচান মাহৰ ১৪ তাৰিখৰ ৰাতি এই ভোজ প্ৰৰ্ৱতন কৰিছিল, তেতিয়া তেওঁ খমিৰ নোহোৱা পিঠা আৰু ৰঙা দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিছিল, যিটো তেওঁৰ নিষ্পাপ মানৱ শৰীৰ আৰু তেওঁৰ সিদ্ধ তেজৰ চিত্ৰিত কৰিছিল। (মথি ২৬:​২৬-২৯) এই চিহ্ন ঈশ্বৰৰ পবিত্ৰ আত্মাৰে অভিষিক্ত হোৱা খ্ৰীষ্টীয়সকলে গ্ৰহণ কৰে। তেওঁলোকক নতুন চুক্তি আৰু ৰাজ্যৰ চুক্তিৰ বাবে লোৱা হৈছে আৰু তেওঁলোকৰ এক স্বৰ্গীয় জীৱনৰ আশা আছে। (লূক ১২:৩২; ২২:​২০, ২৮-৩০; ৰোমীয়া ৮:​১৬, ১৭; প্ৰকাশিত বাক্য ১৪:​১-৫) তথাপিও, প্ৰাচীন যিহুদী কেলেণ্ডাৰ ১৪ নীচান সেই গধুলি উপস্থিত হোৱা সকলো লোকে উপকৃত হয়। যিসকলৰ ওপৰত ঐশ্বৰীক অনুগ্ৰহ আছে তেওঁলোকে অনন্ত জীৱনৰ পাপ-প্ৰায়শ্চিত্ত কৰা মুক্তিস্বৰূপ বলিদানৰ যোগেদি ঈশ্বৰ যিহোৱা আৰু খ্ৰীষ্ট যীচুৰ দ্বাৰা প্ৰদৰ্শিত প্ৰেম স্মৰণ কৰাই দিয়া হয়।​—⁠মথি ২০:২৮; যোহন ৩:⁠১৬.

জীৱিকা আৰু মনোৰঞ্জন

১৯ নিজৰ আৱশ্যকীয় সংস্থাপন কৰিবলৈ সত্য খ্ৰীষ্টীয়সকলে কঠোৰ পৰিশ্ৰমসহ কাম কৰিবলৈ বাধ্য। ইয়াক সম্পন্ন কৰা পৰিয়ালৰ মূৰব্বীজনৰ তৃপ্তি বোধ হয়। (১ থিচলনীকীয়া ৪:​১১, ১২) অৱশ্যে, যদি এজন খ্ৰীষ্টীয় কৰ্মচাৰীৰ জীৱিকা বাইবেলৰ বিৰুদ্ধে হʼলে তেওঁ আনন্দৰ পৰা বঞ্চিত হয়। তথাপি, কেতিয়াবা কেতিয়াবা এজন খ্ৰীষ্টীয় ব্যক্তিৰ বাবে বাইবেলেৰ মানদণ্ড সৈতে সামঞ্জস্য থকা এনেধৰণৰ জীৱিকা পাবলৈ কঠিন হয় পৰে। উদাহৰণস্বৰূপে, কিছুমান মালিকে কৰ্মচাৰীসকলৰ পৰা বিচাৰে যাতে তেওঁলোকে গ্ৰাহকক ঠগে। অন্যহাতে, বহুত মালিকে এজন সৎ কৰ্মচাৰীৰ বিবেক ৰক্ষাৰ দাবীক মানি লয় যাতে এজন নিৰ্ভৰযোগ্য কৰ্মচাৰীক হেৰুৱাবলগীয়া নহয়। কিন্তু, যিয়েই পৰিস্থিতি নহওক কিয় আপুনি নিশ্চিত হব পাৰে যে ঈশ্বৰে এনেকুৱা জীৱিকা বিচাৰি পাবলৈ আপোনাক আশীৰ্ব্বাদ কৰিব যাৰ বাবে আপোনাৰ বিবেক শুদ্ধ থাকে।​—⁠২ কৰিন্থীয়া ৪:⁠২.

২০ যিহেতু ঈশ্বৰে বিচাৰে যে তেওঁৰ সেৱকসকল সুখৰে থাকক, আমাৰ প্ৰযোজন পৰিশ্ৰমী কামৰ সৈতে স্ফুৰ্ত্তিদায়ক মনোৰঞ্জন আৰু বিশ্ৰাম সময়ৰ মাজত ভাৰসাম্য ৰখা আৱশ্যক। (মাৰ্ক ৬:৩১; উপদেশক ৩:​১২, ১৩) চয়তানৰ জগতে ঈশ্বৰ অধাৰ্ম্মিক মনোৰঞ্জনৰ প্ৰশ্ৰয় দিয়ে। কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবলৈ, আমি পঢ়া কিতাপ, ৰেডিঅ অনুষ্ঠান, আমি শুনা সঙ্গীত আৰু সঙ্গীত-সমাৰোহ, চলচিত্ৰ, নাটক, দুৰদৰ্শনৰ অনুষ্ঠান আৰু যিবোৰ ভিডিঅ আমি চাওঁ, এইবোৰৰ বিষয়ে আমি বাচি লব লাগিব। অতীতত আমি যিবোৰ মনোৰঞ্জন বাছি লৈছিলো সেইবোৰ দ্বিতীয় বিবৰণ ১৮:​১০-১২; গীতমালা ১১:​৫ আৰু ইফিচীয়া ৫:​৩-৫ দৰে শাস্ত্ৰ পদবোৰত দিয়া সাৱধানবাণীৰ বিপৰীতে যদি আছে, তেতিয়া আমি যিহোৱাক সন্তুষ্ট কৰিম আৰু যদি আমি সাল-সলনি কৰো তেনেহলে আৰু বেছি সুখী হম।

জীৱন আৰু তেজৰ প্ৰতি সন্মান

২১ প্ৰকৃত আনন্দৰ বাবে আমাৰ প্ৰযোজন মানৱ জীৱনক পবিত্ৰৰূপে দেখা আনকি যেনেকৈ আৱশ্যক যিটো যিহোৱা ঈশ্বৰেও কৰে। তেওঁৰ বাক্যই আমাক হত্যা কৰিবলৈ নিষেধ কৰে। (মথি ১৯:​১৬-১৮) প্ৰকৃত পক্ষে, ইস্ৰায়েলৰ প্ৰতি ঈশ্বৰৰ বিধানে দেখুৱাইছে যে তেওঁ গভৰ্স্থ সন্তানক এটা মূল্যবান জীৱনৰ দৰে বিবেচনা কৰে​—⁠নষ্ট কৰা বস্তু নহয়। (যাত্ৰাপুস্তক ২১:​২২, ২৩) এই কাৰণে, আমি ধঁপাতৰ ব্যৱহাৰ, নিচাদ্ৰৱৰ সেৱন বা সুৰা পানৰ দ্বাৰা আমাৰ শৰীৰক অপব্যৱহাৰ কৰি বা অনাৱশ্যক বিপদ মাতি আমি সস্তীয়া বস্তুৰ দৰে জীৱনক ব্যৱহাৰ কৰিব নোৱাৰো। নাইবা কোনো মাৰাত্মক ব্যৱসায়ত লিপ্ত নহও বা আমি সুৰক্ষা ব্যৱস্থাক অগ্ৰাহ্য কৰিলে হয়তু ৰক্তপাতৰ অপৰাধ কৰিব।​—⁠দ্বিতীয় বিবৰণ ২২:⁠৮.

২২ যিহোৱা ঈশ্বৰে, নোহ আৰু তেওঁ পৰিয়ালক কৈছিল যে তেজ প্ৰাণ বা জীৱনৰ প্ৰতীক। সেইবাবে, ঈশ্বৰে তেওঁলোকক কোনো প্ৰকাৰৰ তেজ খাবলৈ নিষেধ কৰিছিল। (আদিপুস্তক ৯:​৩, ৪) যিহেতু আমি তেওঁলোকৰ বংশধৰ, সেইবাবে আমি সেই বিধানৰ অধীন হৈ আছো। যিহোৱা ঈশ্বৰে তেজ মাটিত ঢালি দিবলৈ আৰু মানুহৰ নিজৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ নকৰিবলৈ ইস্ৰায়েলসকলক কৈছিল। (দ্বিতীয় বিবৰণ ১২:​১৫, ১৬) তেজৰ ওপৰত ঈশ্বৰৰ নিয়ম পুনৰবৃত্তি কৰা হৈছিল আৰু প্ৰথম-শতাব্দীৰ খ্ৰীষ্টীয়সকলক আদেশ দিছিল: “তেজৰ পৰা . . . পৃথক থাকিবা।” (পাঁচনিৰ কৰ্ম্ম ১৫:​২৮, ২৯, NW) জীৱনৰ পবিত্ৰতাৰ প্ৰতি শ্ৰদ্ধাৰ সন্মান কৰাৰ বাবে, ধাৰ্ম্মিকলোকে ৰক্তসঞ্চালন গ্ৰহণ নকৰে, আনকি অন্য লোকে এনেধৰণৰ প্ৰক্ৰিয়া জীৱনৰক্ষক বুলিও দাবী কৰে কিন্তু গ্ৰহণ নকৰে। বহুতো বিকল্প চিকিৎসা পদ্ধতি কাৰ্য্যকাৰী হিচাবে গ্ৰহণ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰমাণ কৰি দেখুৱাই যে এই ব্যৱস্থা বহু ফলদায়ক আৰু কোনো ব্যক্তি তেজ গ্ৰহণৰ সঙ্কটৰ সন্মূখীন হব নালাগে। খ্ৰীষ্টীয়সকলে জানে যে এক মাত্ৰ যীচুৱে দিয়া তেজেহে প্ৰকৃত জীৱনৰক্ষক। এনে বিশ্বাসে ক্ষমা আৰু অনন্ত জীৱনৰ আশা আনে।​—⁠ইফিচীয়া ১:⁠৭.

২৩ স্পষ্টৰূপে, ধৰ্ম-পৰায়ণ জীৱনৰ কাৰণে প্ৰচেষ্টাৰ আৱশ্যক। ইয়াৰ পৰিণাম হয়তু পৰিয়ালৰ সদস্য বা পৰিচিতি ব্যক্তিৰ বিদ্ৰূপৰ পাত্ৰ হব পাৰে। (মথি ১০:​৩২-৩৯; ১ পিতৰ ৪:৪) কিন্তু এনেধৰণৰ এক জীৱন-নিৰ্বাহ কৰাৰ পুৰস্কাৰৰ মূল্য যি কোনো পৰিক্ষাতকৈও বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলাফল এটা শুদ্ধ বিবেক আৰু যিহোৱাৰ সঙ্গী উপাসকসকলৰ সৈতে স্ফুৰ্তিদায়ক বন্ধুত্ব প্ৰদান কৰে। (মথি ১৯:​২৭, ২৯) ইয়াৰ উপৰিও, কল্পনা কৰক ঈশ্বৰৰ ধাৰ্ম্মিক নতুন জগতত জীয়াই চিৰকালৰ জীৱন। (যিচয়া ৬৫:​১৭, ১৮) বাইবেলৰ উপদেশ মানি চলিলে আৰু এইভাৱে যিহোৱাৰ হৃদয়ত আনন্দিত কৰিলে কিমান যে আনন্দ পোৱা যায়! (হিতোপদেশ ২৭:১১) ইয়াত কোনো আচৰিত কথা নহয় যে ধৰ্ম-পৰায়ণ জীৱনে আনন্দ আনে!​—⁠গীতমালা ১২৮:​১, ২.

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

ধৰ্ম-পৰায়ণ জীৱনে কিয় আনন্দ আনে ইয়াৰ কিছুমান কাৰণ কি কি?

ধৰ্ম-পৰায়ণ জীৱনে কি পৰিবৰ্ত্তন প্ৰয়োজন হয়?

আপুনি কিয় ধৰ্ম-পৰায়ণ জীৱন-নিৰ্বাহ কৰাটো বিচাৰে?

[Study Questions]

১. আমি কিয় কব পাৰো যে যিহোৱাৰ পথে আনন্দ আনে?

২. খ্ৰীষ্টীয়সকলক বেয়া ব্যৱহাৰ কৰিলেও তেওঁলোকে কেনেকৈ সুখী হব পাৰে?

৩. কেনেকৈ যিহোৱাৰ উপাসনাই কোনো ব্যক্তিৰ জীৱনক প্ৰভাৱিত কৰে?

৪. ঈশ্বৰৰ পথ অনুসাৰে জীৱন পৰিবৰ্ত্তন কৰিলে কিয় লাভদায়ক হয়?

৫. বাইবেলে মিছা কোৱা আৰু চুৰি কৰাৰ বিষয়ে কি কৈছে?

৬. কেনেকৈ এজন ধৰ্ম-পৰায়ণ ব্যক্তিৰ সত্যনিষ্ঠায়ে যিহোৱা ঈশ্বৰলৈ মহিমা আনে?

৭. জুৱা খেলত কি ক্ষতি হয়?

৮. যীচুৱে কেনেকৈ উদাৰ মনৰ এটা সুন্দৰ উদাহৰণ ৰাখিলে আৰু আমি কেনেকৈ উদাৰ মনৰ হব পাৰো?

৯. অত্যাধিক সুৰা পান কৰিলে কি অনুচিত কাৰ্য্য হয়?

১০. (ক) খ্ৰীষ্টীয়সকলে কিয় ধঁপাত ব্যৱহাৰ নকৰে? (খ) নিচাযুক্ত বস্তুৰ অভ্যাস এৰিলে কি কি লাভ হয়?

১১. আইনগত আৰু স্থায়ী আদৰণীয় বিবাহ বাবে কি প্ৰয়োজন?

১২. ব্যভিচাৰৰ কিছু বেয়া পৰিণাম কি কি?

১৩. পৰস্ত্ৰীগমনৰ কাৰণে অতিৰিক্ত কি কি সমস্যা উৎপন্ন হয়, ব্যভিচাৰী আৰু পৰিস্ত্ৰীগামীবিলাকৰ বাবে ভৱিষ্যতে কি সাঁচি থোৱা হৈছে?

১৪. (ক) এজন ধৰ্ম-পৰায়ণ ব্যক্তিয়ে কেনেধৰণৰ মূৰ্ত্তিপূজাৰ পৰা আঁতৰি থাকে? (খ) যোহন ১৭:১৪ আৰু যিচয়া ২:⁠৪ পদত কি নিদেৰ্শন দিয়া হৈছে?

১৫. মহা বাবিল কি আৰু তাইৰ পৰা আঁতৰি আহিবলৈ বহুতো বাইবেলৰ নতুন বিদ্যাৰ্থীসকলে কি কৰে?

১৬. কিয় সত্য খ্ৰীষ্টীয়সকলে বৰদিন পালন নকৰে?

১৭. কিয় ধাৰ্ম্মিক ব্যক্তিয়ে জন্মদিন পালন নকৰে আৰু ইয়াৰ বাহিৰেও খ্ৰীষ্টীয় লৰা-ছোৱালীবোৰ সুখী কিয়?

১৮. কোনো বাৰ্ষিক উৎসৱ কি, যিটো যীচুৱে তেওঁ অনুগামীসকলক পালন কৰিবলৈ আজ্ঞা দিছিল আৰু ই আমাক কি সোঁৱৰায় দিয়ে?

১৯. জীৱিকা উপাৰ্জনৰ বাবে খ্ৰীষ্টীয়সকলে কি সমস্যাৰ সন্মূখীন হয়?

২০. মনোৰঞ্জন পছন্দৰ বিষয়ত আমি কিয় নিৰ্ব্বচনাত্মক হোৱা উচিত?

২১. জীৱনৰ প্ৰতি থকা সন্মানে গৰ্ভপাতৰ প্ৰতি, ইয়াৰ উপৰিও আমাৰ দৃষ্টিভঙ্গী আৰু আমাৰ আচৰণৰ প্ৰতি কেনেকৈ প্ৰভাৱিত কৰা উচিত?

২২. (ক) তেজ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি ধাৰ্ম্মিক দৃষ্টিভঙ্গী কি? (খ) একমাত্ৰ কাৰ তেজে প্ৰকৃত জীৱনৰক্ষকাৰী?

২৩. ধাৰ্ম্মিক পথত জীৱন-যাপন কৰা কিছুমান পুৰস্কাৰ কি?

[Picture on page 124, 125]

যিসকলে ধৰ্ম-পৰায়ণ জীৱন-নিৰ্বাহ কৰে বিশ্ৰামৰ সময়ৰ সৈতে আধ্যাত্মিক কাৰ্য্যকলাপৰ ভাৰসাম্যয়ে তেওঁলোকৰ আনন্দ বৃদ্ধিত সহায় কৰে